পৰাগ কুমাৰ দাসঃ নিৰ্ভীকতা বনাম ন্যায়ৰ প্ৰশ্ন
কিশোৰ কুমাৰ কলিতা
পৰাগ কুমাৰ দাসৰ লগত আমাৰ ব্যক্তিগত যোগাযোগ নাছিল৷ তেখেতৰ দ্বাৰা সম্পাদিত কাকত আৰু আলোচনীত দুই এখন চিঠি, প্ৰবন্ধ আদি জমা দিয়াৰ অজুহাতত দুবাৰ মান তেখেতৰ সান্নিধ্য লাভ কৰিছিলো যদিও সেই সান্নিধ্য আছিল তেনেই খন্তেকীয়া৷ কিন্তু এগৰাকী অনুৰাগী হিচাপে আমাৰ সম্পৰ্ক আছিল দীৰ্ঘদিনীয়া৷ কলেজীয়া দিনৰপৰা আমি যেতিয়া কাকত-পত্ৰৰ ছপা আখৰৰ প্ৰতি দুৰ্বাৰ আকৰ্ষণ অনুভৱ কৰিছিলো তেতিয়া সেই আকৰ্ষণৰ অন্যতম মধ্যমণি আছিল পৰাগ কুমাৰ দাস৷ তেখেতৰ নিৰ্ভীক আপোচহীন লেখাই আমাৰ দৰে সাধাৰণ পাঠকক দিছিল গভীৰ অনুপ্ৰেৰণা৷
যিদিনাখন পৰাগ কুমাৰ দাসক গুৱাহাটীৰ মাজমজিয়াত হত্যা কৰা হৈছিল সেই সময়ত আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ৷ ম’বাইলবিহীন সেই সময়ছোৱাত সেই বাতৰিটো বিয়পি গৈ তেজপুৰ পাবলৈ বেছিপৰ লগা নাছিল৷ খবৰটো পাই শিহৰিত হৈ উঠিছিলো৷ এক ভয় ভাবে ভিতৰৰপৰা মনটো আক্ৰান্ত কৰি আনিছিল৷ বহু বছৰলৈ হাজাৰ-বিজাৰ অনুৰাগীৰ নিচিনাকৈ আমিও মনে-প্ৰাণে কামনা কৰিছিলো অসমৰ সংবাদ ইতিহাসৰ সেই নিষ্ঠুৰ হত্যাকাণ্ডৰ হত্যাকাৰীয়ে এদিন হ’লেও শাস্তি পাব৷ পৰাগ কুমাৰ দাসৰ নিঠৰুৱা পৰিয়ালটোৰ লগতে অসমবাসীৰ মনৰ মাজত জ্বলি থকা ক্ষোভৰ জুইকুৰা অলপ হ’লেও প্ৰশমিত হ’ব৷ নাই নহ’ল৷ বিচাৰৰ কাঠগৰাত কোনো লোককে পৰাগ কুমাৰ দাসৰ হত্যাকাৰী হিচাপে প্ৰমাণ কৰিব পৰা নগ’ল৷ এজন নিৰ্ভীক, নিৰপেক্ষ অসমীয়া সাংবাদিকে ডেকা বয়সতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত প্ৰাণ হেৰুৱালে, অথচ কোনে তেওঁক হত্যা কৰিলে সি সাক্ষ্যৰ অভাৱত প্ৰমাণ নহ’ল৷ অলেখ বিচাৰবিহীন হত্যাকাণ্ডৰ এটা হৈ ৰ’ল পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ড৷
১৯৯৬ চনৰ ডিচেম্বৰ মাহত এবাৰ গুৱাহাটীলৈ যাওতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বান্ধৱী এগৰাকীক লগ পাইছিলো৷ সেই সময়ত দুখনমান কাকতত আমাৰ লেখা মাজে সময়ে প্ৰকাশ পায়৷ বান্ধৱী গৰাকীয়ে কৈছিল - ‘‘চাবা, লেখা-মেলাত সাৱধান হ’বা৷ নহ’লে কেতিয়া পৰাগ দাসৰ লেখিয়াকৈ গুলি খাই মৰিব লগা হয় তাৰ ঠিক নাই৷’’ বান্ধৱীজনীৰ কথাষাৰে মনত এক ধৰণৰ ভীতিগ্ৰস্ততাৰ সৃষ্টি কৰিছিল যদিও লেখক-সাংবাদিকক নিৰ্বিচাৰে হত্যা কৰা, জেলত ভৰাই থোৱাৰ এক কলুষিত পৰিবেশ সেই সময়ত ব্যাপকৰূপত সৃষ্টি হোৱা নাছিল বাবে মনৰ মাজৰ ভীতিক নিয়ন্ত্ৰণত ৰাখিব পাৰিছিলো৷ মনক সাbLনা দিছিলো যে দেশৰ গণতান্ত্ৰিক পৰিবেশটোত মত প্ৰকাশৰ স্বাধীনতা বৰ্তি আছে বাবে যেতিয়ালৈ পাৰো তেতিয়ালৈ লিখিম৷ পৰাগ কুমাৰ দাসৰ নিচিনা বলিষ্ঠ, নিৰ্ভীক লিখনি নহ’লেও যতদূৰ সম্ভৱ নিজৰ সামৰ্থ্য অনুসৰি লিখি যাম৷
পৰিতাপৰ কথা যে আজিৰ ভাৰতবৰ্ষত আটাইতকৈ সন্ত্ৰস্ত আৰু ভয়াৰ্ত জীৱন অতিবাহিত কৰিব লগা হৈছে লেখক- সাংবাদিকসকলে৷ চৰকাৰক সমালোচনা কৰি কিবা এটা ক’লেই বা কিবা এটা লিখিলেই কেতিয়া জেললৈ যাব লাগে অথবা আইনী মেৰপাকত সোমাই পৰিব লাগে তেনে অনিশ্চিয়তাৰ মাজতে দিন অতিবাহিত কৰিব লগা হৈছে দেশখনৰ লেখক-সাংবাদিক সকলে৷ কমিটি টু প্ৰটেক্ট [Committee to Protect Journalists] শীৰ্ষক সংস্থাটোয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুযায়ী ২০২২ বৰ্ষটো সাংবাদিসকলৰ বাবে আছিল এক ভয়ানক বছৰ৷ এই বৰ্ষত সৰ্বমুঠ ৬৭ গৰাকী সাংবাদিক-প্ৰচাৰ মাধ্যমৰ কৰ্মীক ভাৰতবৰ্ষত হত্যা কৰা হৈছিল বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছিল৷ ২০১৮ চনৰ পাছত এই সংখ্যা আছিল সৰ্বোচ্ছ আৰু ২০২১ ৰ তুলনাত প্ৰায় ৫০ শতাংশ বেছি৷ হত্যা কৰা সাংবাদিক-সংবাদকৰ্মীৰ ভিতৰত ৪১ গৰাকীকে তেওঁলোকৰ বৃত্তিৰ সৈতে জড়িত বিষয়ত হত্যা কৰা হৈছিল বুলি প্ৰতিবেদনখনত কোৱা হৈছিল৷ ২০২২ বৰ্ষৰ শেহৰ ফালে নিউজলণ্ড্ৰী [Newslaundry] নামৰ সংবাদ সংস্থাটোৱে সাংবাদিকসকলকক পাৰ হৈ যোৱা বছৰটো আৰু ২০২৩ চনৰ বাবে তেওঁলোকৰ আশাৰ বিষয়ে সোধতে এজন সাংবাদিকে কৈছিল - ‘‘এজন সাংবাদিকৰ কৰ্তব্য হ’ল সদায় ব্যৱধানবোৰৰ বিষয়ে প্ৰশ্ন কৰা আৰু সেইবোৰ উদঙাই দিয়া৷ এতিয়া সাংবাদিসকলৰ বাবে এক ভয়ৰ পৰিবেশ বিৰাজমান৷’’ সচাঁকৈ আজি দেশখনত সৰ্বত্ৰ সাংবাদিক-লেখকসকলে প্ৰশ্ন কৰিব নোৱৰা এক ভয়ৰ মাজতে নিজৰ দায়িত্ব পালন কৰিব লগা হৈছে৷
[লেখকৰ ই-mail : kishorassam@gmail.com]
No comments:
Post a Comment