মনৰ কথাঃ কুৰবানী, তেজ-মাংস আৰু গৰু :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ কুৰবানী, তেজ-মাংস আৰু গৰু :: আশ্বিক জামান

মনৰ কথাঃ কুৰবানী, তেজ-মাংস আৰু গৰু :: আশ্বিক জামান

Share This
কুৰবানী, তেজ-মাংস আৰু গৰু
আশ্বিক জামান
কুৰবানী, তেজ-মাংস আৰু গৰু আশ্বিক জামান
ঈদ আল-আজহাৰ সময়ত সমগ্ৰ মুছলমান বিশ্বতে কুৰবানী দিয়া হয়। কুৰবানী বাধ্যতামূলক নহয়। কেৱল সুস্থ, সামৰ্থবান (জাকাত অৰ্থাত বাধ্যতামূলক দান-দক্ষিণাৰ বাবে যিজন অহৰ্তা সম্পন্ন ) ব্যক্তিৰ বাবেহে প্ৰযোজ্য। কুৰবানী দিয়া জন্তুৰ পৰা পোৱা মাংসৰ এক তৃতীয়াংশ পৰিয়াল বৰ্গ আৰু আত্মীয়-স্বজনৰ সৈতে খোৱা হয়, আন এক তৃতীয়াংশ বন্ধু-বান্ধৱ, প্ৰতিবেশী, সম্পৰ্কীয় মানুহৰ মাজত বিতৰণ কৰা হয়, আৰু আন এক তৃতীয়াংশ গৰীৱ-দুখীয়াৰ মাজত বিতৰণ কৰাৰ নিয়ম। কিন্তু সাধাৰণতে সৰহ ভাগ মাংসয়েই গৰীৱ-দুখীয়া আৰু সমাজৰ আৰ্থিক ভাবে দুৰ্বল শ্ৰেণীৰ মানুহৰ মাজতে বিতৰণ কৰা হয়। কেৱলমাত্ৰ যিবোৰ ঘৰচীয়া জন্তুৰ মাংস "হালাল" অৰ্থাত ধৰ্ম মতে খাদ্যৰ বাবে উপযোগী কেৱল সেইবোৰ জন্তুকহে কুৰবানী দিয়া হয়। গতিকে ছাগলী, ভেড়া, উট, গৰু আৰু মহ হে কুৰবানীৰ বাবে যোগ্য। 
কুৰবানী, তেজ-মাংস আৰু গৰু আশ্বিক জামান
আৰৱত ভেড়া (দুম্বা) আৰু উটৰ সহজলভ্যতাৰ বাবে মূলত ভেড়া আৰু উট কুৰবানী দিয়া হৈছিল বা হয়। সেইদৰে উত্তৰ আৰু পশ্চিম ভাৰতত ছাগলীৰ সহজলভ্যতাৰ বাবে ছাগলী কুৰবানী দিয়া হয়। তাৰ পৰাই ভাৰতত এই ঈদৰ নাম বকৰী ঈদ হৈছে।  বকৰী মানে ছাগলী।| ভেড়া আৰু ছাগলী কমেও এবছৰ বয়সৰ হব লাগিব, গৰু-মহ কমেও দুই বছৰৰ আৰু উট কমেও পাঁচ বছৰৰ। যিহেতু কুৰবানীৰ মাংস সমাজত বিতৰণ কৰা হব সেয়ে কুৰবানীৰ জন্তু সুস্থ, সবল আৰু পৰিস্কাৰ হোৱাটো অতিকৈ জৰুৰী যাতে এই মাংসৰ দ্বাৰা কোনো বেমাৰ-বীজানু বিয়পি নপৰে। সেয়ে কুৰবানীৰ জন্তু বেমাৰী, আঘাতপ্ৰাপ্ত, পঙ্গু, হাড়-ভৰি আদি ভঙা হলে নহব, আনকি শিং ভঙা হলেও কুৰবানীৰ বাবে উপযোগী নহব। উট, গৰু, মহৰ ক্ষেত্ৰত সাতজন ব্যক্তিলৈকে মিলি এটা জন্তু কুৰবানী দিব পাৰে।

এইবোৰ হ’ল ritualistic part বা কুৰবানী সম্পৰ্কীয় আচাৰ-নিয়ম। ঐতিহাসিক ভাৱে প্ৰাক-ইছলামিক আৰৱত Animal Sacrifice সাধাৰণ ধৰ্মীয় আচৰণ আছিল। আৰৱৰ Pagan সকলে অসন্তুষ্ট, ক্ষোভিত দেৱতাৰ সন্তুষ্টিৰ বাবে জন্তুক হত্যা কৰি তেজৰ আহুতি দিছিল। জীৱনৰ সুৰক্ষাৰ বাবে, যুদ্ধত জয়লাভৰ বাবে তথা বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈও পশুবলী দিয়া হৈছিল - জীৱনৰ বিপৰীতে জীৱন আহূতি দিয়া। এজনৰ জীৱনৰ সলনি আন এজনৰ জীৱন আহুতি দিয়াৰ ধাৰণাৰ পৰাই নৰবলী দিয়াৰ প্ৰথা আৰম্ভ হৈছিল। এই Pagan Tradition ৰ পৰাই Judeo-Christian Tradition ত Blood Atonement ৰ ধাৰণাটো আহিছে।| তেজৰ বিনিময়ত পাপ খন্ডন। ইহুদী ধৰ্মত ইশ্বৰক সন্তুষ্ট কৰিবলৈ তথা পাপ খন্ডনৰ বাবে পশু বলী দিয়া বা জ্বলোৱা হয়। বাইবেলতো তেজৰ বিনিময়ত পাপ-খন্ডনৰ কথা উল্লেখ আছে। বাইবেলত বৰ্ণিত প্ৰফেট এব্ৰাহাম (ইব্ৰাহীম) আৰু তেওঁৰ পুতেক আইজেক ৰ ঘটনাৰ আত ধৰি কোৰাণত কুৰবানীৰ উল্লেখ হৈছে যদিও ইহুদী আৰু খৃষ্টান ট্ৰেডিশ্বনত কুৰবানীৰ যি উদ্দেশ্য তাৰ লগত ইছলামৰ কুৰবানীৰ কোনো মিল নাই।

ইছলামত Blood Atonement বা তেজেৰে পাপ-খন্ডনৰ অথবা ঈশ্বৰক সন্তুষ্ট কৰিবলৈ পশুবলি দিয়াৰ কোনো ধাৰণা নাই। ইছলামত কুৰবানী জন্তুৰ তেজ বা জন্তুৰ জীৱন আহূতি আল্লাহক সন্তুষ্ট কৰিবলৈ দিয়া নহয় অথবা "Vicarious atonment of sin" অৰ্থাত এজনৰ তেজেৰে আন এজনৰ পাপ-খন্ডন, বা এজনৰ জীৱনৰ বিনিময়ত আন এজনৰ জীৱনৰ ধাৰণা ইছলামত নাই। তাৰ সলনি ইছলামত কুৰবানী মূলত ব্যক্তিগত কুৰবানী (আত্মত্যাগ) আৰু ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি নিজকে সমাৰ্পন (Submission)ৰ ধাৰণাৰ ওপৰত আধাৰিত।

ইহুদী-খৃষ্টান পৰম্পৰাৰ বহুল প্ৰচলিত ঘটনা - এব্ৰাহামক ঈশ্বৰে তেওঁৰ বহু সাধনাৰ অন্তত লাভ কৰা পুত্ৰ সন্তানক বলী দিবলৈ আদেশ দিয়াৰ কাহিনী কোৰাণতো বৰ্ণনা কৰা হৈছে আৰু সেই সূত্ৰেই ইছলামত কুৰবানীৰ পৰম্পৰা আৰম্ভ হৈছে যদিও বাইবেলত বৰ্ণিত কাহিনী আৰু কোৰাণৰ কাহিনীৰ মাজত কিছুমান subtle পাৰ্থক্য আছে যিবোৰ অতি গুৰুত্বপূৰ্ণ। প্ৰথমতে বাইবেলত ঈশ্বৰে এব্ৰাহিমক নিজ পুত্ৰক ঈশ্বৰৰ নামত বলী দি জ্বলাই দিবলৈ ( Burnt Offering) আদেশ দিয়ে কিন্তু কোৰাণত ঈশ্বৰে আদেশ দিয়াৰ কথা উল্লেখ নাই, তাৰ সলনি ইব্ৰাহিমে সপোনত পুত্ৰক কুৰবানী দিয়া দেখে। বাইবেলত এব্ৰাহামৰ পুত্ৰ আইজেক ( মুছলমানৰ মতে ইশ্বমায়েল)ৰ সৈতে এই বিষয়ে কোনো আলোচনা কৰাৰ কথা উল্লেখ নাই বৰং আইজেকে যেতিয়া সোধে আমি বলী দিবলৈ গৈ আছো কিন্তু আমাৰ লগত কোনো ভেড়া নাই দেখোন, তেতিয়াও এব্ৰাহামে পুত্ৰক সঁচা কথাটো নকয় আৰু ঈশ্বৰে ভেড়া দিব বুলি কয়। তাৰ পাছত তেওঁ ঈশ্বৰৰ আদেশ অনুসৰি পুত্ৰ আইজেকক মাউন্ট অৱ মৰিয়াহৰ বেদীত বান্ধে।

আইজেকৰ প্ৰতিক্ৰিয়া বাইবেলত বৰ্ণিত নাই যদিও খৃষ্টান পন্ডিত সকলৰ মতে এই কথাত আইজেক ভীষণ ভীত আৰু উত্তেজিত হৈ পৰে। তাৰ বিপৰীতে কোৰাণত ইব্ৰাহীমে তেওঁৰ পুত্ৰ ইছমাইলৰ সৈতে তেওঁৰ সপোনৰ কথা আলোচনা কৰে আৰু এই বিষয়ে ইছমাইলৰ মতামত কি বুলি সোধে। তেতিয়া ইছমাইলে পিতৃক জনায় যে এয়া যদি ঈশ্বৰৰ ইচ্ছা তেন্তে তেওঁ নিজকে বলী দিবলৈ ৰাজী। তাৰ পাছত যেতিয়া দুয়ো বলীৰ বাবে প্ৰস্তুত হয় তেতিয়া ঈশ্বৰে তেওঁলোকক বাধা দিয়ে। ইয়াতে কুৰবানীৰ উদ্দেশ্য বাইবেল আৰু কোৰাণত সম্পূৰ্ণ পৃথক হৈ যায়।

বাইবেলত ঈশ্বৰে এব্ৰাহমক থামিবলৈ কয় কাৰণ তেওঁ যে ঈশ্বৰক "ভয় কৰে" সেই কথা প্ৰমাণিত হৈছে গতিকে আৰু পুত্ৰবলী দিয়াৰ প্ৰয়োজন নাই। কোৰাণত তাৰ সলনি ঈশ্বৰ এই কথাত সন্তুষ্ট হয় যে ইব্ৰাহীম আৰু পুত্ৰ ইছমাইল দুয়োই নিজৰ আৰু এই পাৰ্থিৱ জগতৰ প্ৰতি থকা মোহৰ পৰা নিজকে বিচ্ছিন্ন কৰি ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি অনুগত্য স্বীকাৰ কৰিবলৈ সক্ষম হৈছে ( submission) আৰু তাৰ দ্বাৰা তেওঁলোক মানৱ জীৱনৰ পৰম সত্যক নিজৰ মনত স্থাপন কৰিবলৈ সক্ষম হৈছে। ইয়াতে উল্লেখ কৰিব পাৰি যে, এই পৃথিৱীত আৰু আমাৰ জীৱনত যিয়েই হয়, যিয়ে ঘটে সেই সকলো ঈশ্বৰৰ ইচ্ছা অনুসৰি হয় - তেওঁয়েই এই বিশ্ব-ব্ৰহ্মান্ড আৰু আমাৰ জীৱনৰ প্ৰভু গতিকে ঈশ্বৰৰ ইচ্ছাক স্বীকাৰ কৰি লোৱা বা ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি নিজকে সমাৰ্পন কৰাই ইছলামত ধৰ্ম-বিশ্বাসৰ মূল। ইছলাম শব্দৰ এটি অন্যতম অৰ্থয়েই হ’ল ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি অনুগত্য স্বীকাৰ (Submission to God's will)।


গতিকে, ঈদ আল-আজহাৰ দিনা জন্তুক কুৰবানী যে দিয়া হয় সেই জীৱ হত্যাটো আচলতে কুৰবানী নহয়। কুৰবানীৰ সৈতে জন্তুটোৰ হত্যা বা তেজৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। এই বিষয়ে কোৰাণত স্পষ্ট কৰি দিয়া হৈছে - " তোমালোকে কুৰবানী দিয়া জন্তুৰ মাংস বা তেজে আল্লাহক সন্তুষ্ট নকৰে, কেৱল তোমালোকৰ ধৰ্মপৰায়ণতা/ন্যায়নিষ্ঠতাত হে আল্লাহ সন্তুষ্ট হয়"। তেন্তে প্ৰতি বছৰ ঈদ আল-আজহাত আমি কোৰবানী কি দিওঁ ? ঈদত আমি কুৰবানী Blood Atonement বা তেজেৰে পাপ ধুবলৈ বা জন্তুৰ জীৱনৰ সলনি ঈশ্বৰৰ পৰা অনুগ্ৰহ প্ৰাপ্তিৰ বাবে নিদিওঁ , প্ৰতি বছৰ আমি কুৰবানী দিওঁ আল্লাহৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ যে তেওঁ আমাক ধন-সম্পত্তি, খাদ্য-সামগ্ৰি প্ৰদান কৰিছে আৰু আল্লাহে প্ৰদান কৰা আমাৰ ধন-সম্পত্তি, খাদ্য-সামগ্ৰিৰ কিছু অংশ আল্লাহৰ প্ৰতি কৃতজ্ঞতা স্বৰূপে আমি ঈদৰ দিনা দুখীয়া- খাব নপোৱা সকলৰ বাবে ত্যাগ কৰো, সেই খাদ্য সামগ্ৰি দুখীয়া মানুহৰ মাজত বিতৰণ কৰো।

যাৰ বাবে ইয়াক কুৰবানী অৰ্থাত ত্যাগ বুলি কোৱা হয়। ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ঈদৰ দিনা কুৰবানী দিয়া জন্তুক হত্যা কৰিবলৈ কোনো বিশেষ বা বেলেগ বিধি-বিধান বা আচাৰ-আচৰণ নাই। আন দিনৰ দৰেই আল্লাহৰ নামত জন্তুটোক ’হালাল’ কৰা হয়। তাৰ কাৰণ হ’ল ইছলামত জীৱন পবিত্ৰ আৰু একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো জীৱন কাঢ়ি লোৱাৰ অধিকাৰ নাই। গতিকে খাদ্য-উপযোগী জন্তুক মুছলমানে হত্যা কৰিব পাৰে কেৱল আৰু কেৱল মাত্ৰ খাদ্যৰ বাবে তাকো আল্লাহৰ নামতহে | যাৰ বাবে Trophy Hunting, Game Hunting বা বিনোদনৰ বাবে চিকাৰ কৰা ইছলামত সম্পূৰ্ণভাৱে নিষিদ্ধ। কাৰণ সেয়া খাদ্যৰ প্ৰয়োজনীয়তাত হত্যা কৰা নহয়, হত্যা কৰা হয় বিনোদনৰ বাবে। সেইদৰে দুৰ্ঘটনাত মৃত, অপঘাতত মৃত আদি জন্তুৰ মাংস ভক্ষণ কৰাও ইছলামত নিষিদ্ধ কাৰণ সেই জন্তুক আল্লাহৰ নামত খাদ্যৰ বাবে হত্যা কৰা হোৱা নাই |

একাংশ অজ্ঞ মুছলমানে কুৰবানীৰ নামত কৰা mindless animal slaughter ৰ বাবে কুৰবানীৰ বাবে বহু ভ্ৰান্ত ধাৰণা সমাজত প্ৰচলিত হৈ আছে। কোনে কিমান দামী জন্তু কুৰবানী দিব পাৰে তাৰ এক অলিখিত প্ৰতিযোগিতা আৰম্ভ হৈছে। সেইদৰে ৰাজস্থানৰ পৰা উট আনি কুৰবানী দিয়াৰ দৰে মূৰ্খামীও মানুহে কৰে কাৰণ তেওঁলোক কুৰবানীৰ বিষয়ে ভ্ৰান্ত ধাৰণাৰ বশীবৰ্তী। নকলেও হব যে Islam is the most misunderstood religion আৰু তাৰ বাবে দায়ী মুছলমান সকল নিজেই।
লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/ASHIQ-ZAMAN

No comments:

Post a Comment