শ্ৰদ্ধাৰ্ঘঃ অব্যৰ্থ অমৃতপ্ৰপাতঃ সুদক্ষিণা শৰ্মালৈ শ্ৰদ্ধাঞ্জলি :: প্ৰাণজিত বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাৰ্ঘঃ অব্যৰ্থ অমৃতপ্ৰপাতঃ সুদক্ষিণা শৰ্মালৈ শ্ৰদ্ধাঞ্জলি :: প্ৰাণজিত বৰা

শ্ৰদ্ধাৰ্ঘঃ অব্যৰ্থ অমৃতপ্ৰপাতঃ সুদক্ষিণা শৰ্মালৈ শ্ৰদ্ধাঞ্জলি :: প্ৰাণজিত বৰা

Share This
অব্যৰ্থ অমৃতপ্ৰপাতঃ সুদক্ষিণা শৰ্মালৈ শ্ৰদ্ধাঞ্জলি
প্ৰাণজিত বৰা

"মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য"
-হীৰেন ভট্টাচাৰ্য
আজিৰ পৰা আঠ-ন বছৰৰ আগৰ কথা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰই অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় চেমিনাৰ এখনলৈ কেন্দ্ৰৰ ফালৰ পৰা শ্ৰদ্ধাৰ সুদক্ষিণা বাইদেউক বিশ্ববিদ্যালয়লৈ আমন্ত্ৰণ কৰিছিলোঁ‌। এই ক্ষেত্ৰত আমাক বাইদেউৰ লগত প্ৰথম মৌখিক যোগাযোগ কৰি দিয়াৰে পৰা বাইদেউক ডিব্ৰুগড়লৈ লৈ যোৱালৈকে সমস্ত দায়িত্ব বহন কৰিছিল বাইদেউৰ সুযোগ্য জোঁ‌ৱায়েক, মোৰ পৰম সুহৃদ পৰমাদাই (ড° পৰমানন্দ মজুমদাৰ)। 
বাইদেউৰ বয়সে তেতিয়ালৈ আশীৰ দেওনা গৰকিছে। বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ "ৰংঘৰ"ত উপস্থিত প্ৰতিগৰাকী ব্যক্তিকে বিস্ময়াভিভূত কৰি সেই সন্ধিয়া তেওঁ গীতৰ শৰাই আৰম্ভ কৰিলে পিতৃ নীলকান্ত হাজৰিকাই ৰচনা কৰা আৰু ভূপেন হাজৰিকাই সুৰ কৰা "অ' মইনা কেতিয়া আহিলি তই" গীতটিৰে আৰু শেষ কৰিলে "মণিৰাম দেৱান" কথাছবিত গোৱা "সংগ্ৰাম লগ্নে আজি"ৰে। ... মাজতে তেওঁ যেতিয়া গালে ভূপেন হাজৰিকাৰ সেই বিখ্যাত গীত "এন্ধাৰ কাতিৰ নিশাতে", শিয়ৰি উঠিল আমাৰ গা-মন সকলো। কাঁ‌হ পৰি জীণ যোৱা পৰিবেশত কিমান সময় যে সেইদিনা প্ৰাণ খুলি পৰাণ নিগৰাই তেওঁ‌ গালে এটাৰ পিছত এটাকৈ কালজয়ী গীত ! মাজতে তেওঁ সুঁ‌ৱৰি গ'ল তেওঁৰ প্ৰয়াত স্বামী দিলীপ শৰ্মা আৰু জ্যেষ্ঠ পুত্ৰ ঋতুপৰ্ণ শৰ্মাৰ কথাও। মোৰ স্পষ্ট মনত আছে অনুষ্ঠানৰ সামৰণি পৰত গোটেই প্ৰেক্ষাগৃহৰ দৰ্শকে থিয় হৈ বাইদেউক অভিবাদন জনোৱাৰ দৃশ্যটো।

সিদিনা পুৱা খবৰটো পাবৰে পৰা সেই কণ্ঠয়েই বাৰে বাৰে বুকুৰ কোনোবাডোখৰত ৰজনজনাই আছে। তেজাল, দৃপ্ত, নিভাঁজ, নিখুঁত সেই কণ্ঠ!! ভাৰতীয় গণনাট্য সংঘৰ সোণালী সময়ছোৱাৰ শেষ কণ্ঠ !! ... মনত পৰি আছে বাইদেউৰ সৰল মুখখন আৰু হাঁ‌হিটোলৈ।

আন এবাৰ ফোনতে তেওঁৰ জোঁ‌ৱাই পৰমাদাক কৈছিলোঁ বাইদেউক জোনালীক ফোনত লগ কৰাই দিবলৈ। সেইমতেই ফোনত পতা কথামতে, বাইদেউৰ ঘৰলৈ গৈ এওঁ নিজৰ কলেজৰ ড° ভূপেন হাজৰিকাকেন্দ্ৰিক ৰাষ্ট্ৰীয় চেমিনাৰ এখনলৈ বাইদেউক উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ কৰি আহিল। একে আষাৰতে বাইদেৱে সন্মতি দিলে আৰু পুত্ৰ ঋষিদাক লগত লৈ চেঙাৰ মধ্য কামৰূপ কলেজলৈ গৈ নিজৰ কণ্ঠ-গীত-মাত-কথাৰে সকলোকে আপ্লুত কৰি থৈ আহিল। সেইদিনা ঋষিদাই হাৰমনিয়াম বজাইছিল, তবলা সংগত কৰিছিল এওঁলোকৰ কলেজৰে ছাত্ৰ এজনে।

কোভিডৰ সময়ত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰ্শন অধ্যয়ন কেন্দ্ৰৰ পৰা অনুষ্ঠিত কৰা অনুষ্ঠান এটিতো বাইদেৱে নিজৰ কথা আৰু গীত ৰেকৰ্ডিং কৰি মোলৈ পঠিয়াই দিছিল । সেই ৰেকৰ্ডিং যে সাঁ‌চতীয়া ধন হৈ ৰ'ব মোৰ বাবে!!

পাছত সৌ সিদিনা মাথোঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ২০২১ বৰ্ষৰ নাৰী দিৱসতো বাইদেউ আহি আমাক কৃতাৰ্থ কৰিছিলহি। লাখুটিডালত ভৰ দি সেইদিনাও বাইদেৱে গাইছিল, "সংগ্ৰাম লগ্নে আজি ..." গীতেৰে মুকুতিৰ সংগ্ৰাম কৰা সেনানী আছিল তেওঁ‌। আমাৰ মন আৰু চেতনাত চিৰদিনলৈ তেওঁৰ গীতৰ খলকনি হৈ ৰব অব্যৰ্থ অমৃতপ্ৰপাত।

তেওঁ কায়িকভাৱে আৰু নাই? ক'ত, তেওঁ দেখোন নিজৰ দেহটোও দান কৰি গৈছে শেষ মুহূৰ্তত!! ভাৰতীয় গণনাট্য সংঘৰ সমস্ত প্ৰগতিশীল ভাৱনাৰ শেষ প্ৰতিনিধি আছিল তেওঁ? তেখেতলৈ জনালো সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি।

No comments:

Post a Comment