সাম্প্ৰতিক প্ৰসংগঃ কি হব জ্বলন্ত মণিপুৰৰ সমাধান সূত্ৰ :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগঃ কি হব জ্বলন্ত মণিপুৰৰ সমাধান সূত্ৰ  :: শ্যামকানু মহন্ত

সাম্প্ৰতিক প্ৰসংগঃ কি হব জ্বলন্ত মণিপুৰৰ সমাধান সূত্ৰ :: শ্যামকানু মহন্ত

Share This

কি হব জ্বলন্ত মণিপুৰৰ সমাধান সূত্ৰ?

শ্যামকানু মহন্ত

ঐতিহাসিক কিছু সমাধানহীন প্ৰশ্নৰ সৈতে মণিপুৰৰ সাম্প্ৰতিক সমস্যা অতি জটিল। সমাধান সহজ নহয়। মণিপুৰৰ সমস্যা আজিৰ নহয়। জনগোষ্ঠীয় এই যুঁজখনৰ ইতিহাস বহু পুৰণি। মণিপুৰৰ মেইটে, নগা আৰু কুকি জমি সকলৰ মাজত দীৰ্ঘদিন বিবাদ। প্ৰায় ৬০ শতাংশ জনসংখ্যাৰে সমতলত মেইটেসকলৰ আধিপত্য। আৰু পাৰ্বত্য অঞ্চলত থকা কুকি তথা নগা লোকসকলৰ ক্ষোভৰ প্ৰধান কাৰন ৬০ খন বিধানসভা আসনৰ ৪০ খনেই মেইটেসকলৰ দখলত। প্ৰতিবাৰেই মুখ্যমন্ত্ৰীকে ধৰি বেছিভাগ গুৰুত্বপূৰ্ণ পদ মেইটেসকলেই লাভ কৰে। মণিপুৰ আৰক্ষীৰ অধিকাংশ লোকো মেইটেসকলৰে।

ঐতিহাসিকভাৱে মণিপুৰৰ ইতিহাস মেইটে আৰু নগাসকলৰ। বৃটিছে ডিভাইড এণ্ড ৰল নীতিৰে বাৰ্মাৰ পৰা অনা কুকিসকলক বাকী দুয়ো জনগোষ্ঠীয়ে সন্দেহৰ চকুৰে চায়। কুকিসকলে ঝুম খেতি কৰি বিভিন্ন মাটি দখলৰ প্ৰক্ৰিয়া কৰে বুলি এটা ধাৰণা আছে। ১৯৯৩ চনত নাগা আৰু কুকিসকলৰ মাজত সংঘৰ্ষত ২৩০ জনৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু ১,০০,০০০ লোক স্থানচ্যুত হৈছিল, তাৰে  বেছিভাগ লোকেই আছিল কুকি জনগোষ্ঠীৰ। পূৰ্বতে মেইটে নগাসকলৰো মাজত বহু সংঘৰ্ষ হৈছে। কিন্তু যোৱা দশকটোত মণিপুৰত বছৰত পৰিৱেশলৈ যথেষ্ঠ সুস্থিৰতা অহাৰ লগতে অঞ্চলটোত শান্তিৰ পৰিৱেশ আহিছিল। মই মণিপুৰৰ বিভিন্ন অঞ্চলবোৰলৈ কৰ্ম সংক্ৰান্তত যাওতে বহু ৰাতিলৈ ঘূৰিছো। মোৰ নিয়মিত ভাৱে আহ যাহ চলে আৰু তিনিওটা সম্প্ৰদায়ৰ লোকৰ সৈতে সু সম্পৰ্ক আছে। আমি দিল্লীত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলৰ সময়তো তিনিওটা সম্প্ৰদায়ৰ লোকে সমিলমিলেৰে যোগদান কৰে। আমাক সহায় কৰে। সমিলমিলেৰে থাকিলেহে ৰাজ্যখনৰ উন্নয়ন সম্ভৱ এই কথাষাৰৰ গুৰুত্ব বাঢ়িছিল। কিন্তু তলে তলে যে তিনিটা গোষ্ঠীৰ মাজত এক ধৰণৰ উত্তেজনা বিৰাজ কৰি আছিল সেই কথাৰ অনুমান কৰিব পাৰি। 


মণিপুৰত বিনিয়োগ, পৰ্যটন সকলো ক্ষেত্ৰতে বহু যোগাত্মক কামকাজ আৰম্ভ হৈছিল। ইম্ফল ৱাৰ মেমৰিয়েল, চাংঘাই ফেষ্টিভেল চবালৈ জাপান, ইউৰোপ ইত্যাদিৰ পৰা বহু পৰ্যটকৰ আগমন হৈছিল। ভাৰত চৰকাৰৰ পুৱলৈ চোৱা নীতিৰ অন্তৰ্গত দক্ষিণ পূব এছিয়াৰ সৈতে সংলগ্ন পথছোৱা মণিপুৰৰ পৰা আৰম্ভ হয়। ১৩৬০ কিঃমি দৈৰ্ঘ্যৰ মণিপুৰৰ ম'ৰেৰ পৰা থাইলেণ্ডৰ ম'ছেটলৈ ট্ৰাইলেটাৰেল হাইৱে ম্যানমাৰ, লাউছ, ভিয়েটনামকো চুই যায়। প্ৰকল্পটোৱে দক্ষিণ পূব এছিয়াত উত্তপ পূবক বাবে এক বৃহৎ বজাৰ সৃষ্টি কৰিব। সেই প্ৰকল্পটোৰ শেষৰ পৰ্য্যায়ৰ কাম চলি আছে আৰু ভাৰত চৰকাৰে যথেষ্ঠ গুৰুত্ব প্ৰদান কৰিছে। চীনৰ অভিলাষী ৱান বেল্ট ৱান ৰ'ড প্ৰকল্প(অবৰ) কৰিছিল তেতিয়া চীনক প্ৰত্যাহ্বান জনাবলৈ ভাৰত চৰকাৰে এক্ট ইষ্ট পলিচীৰ অন্তৰ্গত দক্ষিণ পূব এছিয়াৰে সম্পৰ্কৰ বাবে এই ৰাস্তাটো নিৰ্মাণত গুৰুত্ব দিছিল। মই অলপতে যাওতে দেখিছিলো যে মণিপুৰৰ মাজেৰে যোৱা এই পথছোৱাক লৈ সমগ্ৰ উত্তৰ পূব ভাৰতত এক ব্যাপক উৎসাহৰ সৃষ্টি হৈছে। ব্যৱসায়িক পৰিৱেশৰ সৃষ্টি হৈছে। আমি অলপতে বেংককত কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত থাইলেণ্ড চৰকাৰৰ উপ প্ৰধানমন্ত্ৰী, উচ্ছ পদস্থ বিষয়া আহিছিল আৰু সকলোৱে এই পথটোৱে এক যুগান্তকাৰী অৰ্থনৈতিক পৰিৱৰ্তন কৰিব বুলি আশা কৰিছে। 


যোৱা জুনৰ আৰম্ভণিৰ পৰা সংঘটিত সংঘৰ্ষই সমগ্ৰ পৰিৱেশেই সলনি কৰি পেলালে। এই ঘটনাৰ সূত্ৰপাত হিচাপে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মেটেইসকলক অনুসূচিত জাতিক লৈ দিয়া সিদ্ধান্ত বুলি বাখ্যা কৰা হৈছে। কিন্তু তাৰ আগৰ পৰাই বিদ্ৰোহৰ জুই জ্বলি আছিল। কুকি অধ্যুষিত অঞ্চলত পপী খেতি উৎখাতৰ বাবে মুখ্যমন্ত্ৰী বীৰেন সিঙে আৰম্ভ কৰা উচ্ছেদ অভিযানক লৈ কুকিসকলৰ মাজত এক উন্মাদনাৰ সৃষ্টি হৈছিল। প্ৰায় ৯৯৬ খন নতুন গাঁও কুকি অঞ্চলত গঢ়ি উঠা তথা খেতিৰ বাবে সমতল ভূমিলৈ কুকিসকলৰ আগমন প্ৰচেষ্টাক লৈ মেটেইসকল ক্ৰোধিত হৈ আছিল। মণিপুৰত ড্ৰাগছৰ পয়োভৰৰ বাবে  কুকিসকলক দায়ী কৰা হৈছিল।ম্যানমাৰত সংঘটিত অত্যাচাৰৰ বাবে বহুখিনি কুকি মণিপুৰলৈ অহাৰ বাবে সন্দেহ আৰু বাঢ়িল। নাগালেণ্ড বা মিজোৰামতো তেওঁলোকৰ বসতি। কুকি সকলৰ সাংখ্যিক আগ্ৰাসন বৃদ্ধি পোৱাৰ লগে লগে মেইটেসকল ক্ষুদ্ধ হৈ পৰিল। ২০০০ বছৰ পুৰণি মেইটেসকলৰ ইতিহাস আৰু বৰ্ণাঢ্য বৈঞ্চৱ সংস্কৃতি। তেওঁলোকৰ নৃত্য, সংগীত সমগ্ৰ বিশ্বতে সমাদৃত। আমি বেংককত কৰোতে বা দিল্লীত কৰোতে মেইটেসকলৰ দ্বাৰা প্ৰদৰ্শিত নৃত্য, সমৰ কলা, সংগীতত সকলো মুগ্ধ হয়। খেলা ধূলাত তেওঁলোক অতি আগবঢ়া। এটা অতি শক্তিশালী জাতি। বৰ্ধিত জনসংখ্যাৰ বাবে মেটেইসকলে  সমতল ভূমিৰ লগতে পাহাৰ অঞ্চলটো মাটি লোৱা প্ৰচেষ্টা আৰম্ভ কৰিলে। লগে লগে পাহাৰীয়া ৰাইজ শংকিত হল। 


আৰু তাৰ লগে লগে নগা বা কুকিসকল অনুসূচিত জনজাতি হোৱাৰ বাপে চাকৰি বাকৰিত  তেওঁলোকৰ সুবিধা হয়। মেইটেসকল সাধাৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে তেওঁলোকৰ চৰকাৰী চাকৰিৰ অসুবিধা হয়। মেইটেসকলৰ নিজস্ব ভাষা সংস্কৃতি শৈলীৰে চহকী সেয়ে অনুসূচিত জনজাতিৰ মৰ্যাদা পাবলৈ দীৰ্ঘদিন ধৰি চেষ্টা কৰি আছে। এই বিষয় লৈ কুকি আৰু নগাসকলৰ মাজতো শংকা,  মেইটেসকলে জনজাতিৰ মৰ্যাদা পালে প্ৰতিযোগিতাত  কুকি আৰু নগাসকলৰ সমস্যা হব।


অসমত যি দৰে পূৰ্ব বংগীয় মুছলমানসকল আহি খিলঞ্জীয়াৰ ৰাজনৈতিক সুৰক্ষা বিনষ্ট কৰিব বুলি শংকাৰ উদ্ভৱ হৈছে একেদৰে মেইটেসকলৰ বাবে কুকি জনগোষ্ঠীক আগ্ৰাসী  প্ৰৱজিত বুলি তলে তলে ক্ষোভৰ দাবালন জ্বলি আছিল। কিন্তু এই ক্ষোভ বা হিংসাই যে এনে জিঘাংসু ৰূপ ল'ব সেয়া কোনেও ভবা নাছিল। শেহতীয়াকৈ ৰাজপথত দুগৰাকী মহিলাক উলংগ কৰি খোজ কঢ়াই নিয়া ঘটনাটোৱে সমগ্ৰ বিশ্বক স্তম্ভিত কৰিছে। শিশুৰ ছিন্ন মুণ্ডৰ বাতৰি বা বহু মহিলাক ধৰ্ষণ অত্যাচাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। এনেধৰণৰ জঘণ্য অপৰাধত দুয়ো পক্ষৰ লোকেই জড়িত আছে। মেইটেসকল এক ভয়ানক জাতি এনে এটা ধাৰণা বিয়পোৱাৰ প্ৰয়াস কৰা হৈছে।


মুখ্যমন্ত্ৰী বীৰেন সিঙৰ ৰাজধৰ্ম পালনত বৃহৎ বিফলতা কৰিছে বুলি অভিযোগ আহিছে।চৰকাৰে কেৱল মেইটে সকলক সুৰক্ষা প্ৰদান কৰিছে, কুকিসকলক মৰিবলৈ এৰি দিয়া হৈছে বুলি অভিযোগ আহিছে। আৰক্ষীৰ বিষয়ে ভীষণ অভিযোগ, আইন শৃংখলাৰ দায়িত্বত থকা আৰক্ষীৰ অধিকাংশই মেইটে, মহিলাক অত্যাচাৰ কৰিবলৈ উন্মত্ত দলক গটাই দিয়াৰ লজ্জাজনক অভিযোগ হৈছে, পুলিছৰ বিপক্ষে। ভাৰতীয় সেনা বাহিনী নথকা হ'লে সংঘাত আৰু তীব্ৰ হ'লহেঁতেন। এই সমগ্ৰ ঘটনাটো চোৰাংচোৱাৰ পৰা ভাল তথ্য লব নোৱাৰাটো, নিয়ণ্ত্ৰণ কৰিব নোৱাৰাটো ৰাজ্য চৰকাৰৰ বৃহৎ বিফলতা। কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰীৰ নিৰৱতাক লৈ ব্যাপক সমালোচনা হৈছে। বিৰোধীয়ে সদৱ অচল কৰি দিছে।হয়তো কেন্দ্ৰ বিবুধিত পৰিছে। কুকীসকলক স্বায়ত্ব শাসন দিলে বা কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰিলে নগাসকলৰ কি হ'ব? নগাসকলৰ লগত নগা শান্তি চুক্তিৰ আলোচনা চলি আছে। কুকিসকলক কেন্দ্ৰীয় শাসিত অঞ্চল দিলে ভাৰতৰ বিভিন্ন অঞ্চলত এই দাবী উত্থাপিত হ'ব। মেইটেসকলক অনুসূচিত জাতিৰ মৰ্যাদা দিলে বিৰাট বিক্ষোভ হব। মোৰ দৃষ্টিত কেন্দ্ৰীয় চৰকাৰে বিষয়টো দুয়োপক্ষ ভাগৰুৱা হৈ নিজে নিজে শান্ত হোৱাতো বিচাৰিছে। সমগ্ৰ প্ৰক্ৰিয়াটো এক অতি জটিল সমীকৰণ। নিৰ্বাচনত মেইটে, কুকী সকলোৱেই বিজেপিক ভোট দিছে আৰু সেয়ে ৰাজনৈতিকভাৱে পৰিস্থিতি জটিল। কিন্তু আগতেই কেন্দ্ৰীয় শাসন বা শক্তিশালী ব্যৱস্থা লোৱা হ'লে হয়তো ইমান দুৰ্দশা নহ'লহেঁতেন ! হত্যা, ধৰ্ষণ, নগ্ন পেৰেডৰ ভয়াবহ কথাবোৰ সমগ্ৰ বিশ্বতে আলোচনা হৈছে। সভ্যতা ভূ লুণ্ঠিত হৈছে। 


ইয়াত ৰাজনীতিৰ আঁৰতো বহু ৰাজনীতি সোমাইছে। আমেৰিকায়ো মণিপুৰ সমস্যা সমাধানত আগ্ৰহ দেখুৱাইছে। ইউৰোপৰ সংসদত এই বিষয়ে আলোচনা হৈছে। কুকীসকলৰ সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু মেইটেৰ অধিকাংশই হিন্দু। ইয়াক বহুতে হিন্দু আৰু খ্ৰীষ্টানৰ যুঁজ বুলি প্ৰকাশ কৰিছে আৰু যিটো একেবাৰেই ভুল। আন্তঃৰাষ্ট্ৰীয় চক্ৰ ইয়াত জড়িত হোৱাৰ সন্দেহো কৰা হৈছে।মণিপুৰৰ জৰিয়তে দক্ষিণ পূব এছিয়াত ভাৰতৰ বাবে বজাৰ সৃষ্টি হ'ব। বজাৰৰ সমস্যাৰ বাবে আমাৰ ইয়াত উদ্যোগ বাণিজ্যৰ প্ৰসাৰতা কম। দক্ষিণ পূব এছিয়াৰ বজাৰ খন খোল খালে উত্তৰ পূবলৈ বৃহৎ পৰিৱৰ্তন আহিব আৰু মণিপুৰৰ মাজেৰে সেই বজাৰখন যাব। সেই বজাৰখন খোল খালে চীনৰ কিবা লোকচান হ'ব নেকি আৰু সেইবাবে চীনে এই সংঘৰ্ষত উচটনি দিছে নেকি? 


ইয়াত ড্ৰাগছৰ বিষয়টোও অতি সক্ৰিয়। এটা বৃহৎ নেটৱৰ্ক আছে য'ত ম্যানমাৰ মণিপুৰ হৈ ভাৰতলৈ ড্ৰাগছ আহে। ড্ৰাগছৰ ব্যৱসায়ী বৃহৎ চক্ৰই কাম কৰিছে নেকি? এনে বহু কথা, ষড়যন্ত্ৰৰ চৰ্চা হৈছে। এই সংঘৰ্ষত লোকচান হৈছে সমগ্ৰ উত্তৰ পূবৰ। মোক কেইবাজনো ট্যুৰ অপাৰেটৰে জনাইছে যে মণিপুৰ, নাগালেণ্ড, অসম, অৰুণাচললৈ আহিবলগীয়া বহু পৰ্যটকে ভ্ৰমণ বাতিল কৰিছে।মণিপুৰত এতিয়া হাতে হাতে বন্দুক এই জুই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সমগ্ৰ উত্তৰ পূবলৈ কি বিপদ নামি আহিব সেয়া অকল্পনীয়। সন্ত্ৰাসবাদী গোটসমূহেও সাৰ পানী পাব। উত্তৰ পূবলৈ শান্তিৰ পৰিৱেশ আহিছিল। বাট পথ সুচল হৈছিল। উৰাজাহাজৰ যোগাযোগ সুচল হৈছিল। নতুন যুগৰ সূচনা হৈছিল কিন্তু এই ঘটনাটোৱে গোটেই প্ৰক্ৰিয়াটোতেই খেলিমেলিৰ সৃষ্টি কৰিলে। ইয়াৰ সমাধান সূত্ৰ ইমান সহজ নহয়। কিন্তু কেন্দ্ৰই মেটেই, কুকি, নগা, তিনিওটা পক্ষৰ সৈতে বহি সমাধানৰ সন্ধান কৰিব লাগিব। ৰাইজেও বুজিব লাগিব যে এই ঘটনাৰ ফলত মণিপুৰ কেইবা দশক পাছ পৰি গ'ল। একেলগে সহাৱস্থানৰ সমাধান মানুহৰ হাতত থাকে। গোষ্ঠীকেইটাৰ নেতৃস্থানীয় ব্যক্তিসকল আলোচনাত বঢ়ক, উমৈহতীয়া স্বাৰ্থক লৈ এক এজেণ্ডা হওঁক, একেলগে থকাৰ একা সমাধান সূত্ৰৰ আলোচনা হওঁক। কিন্তু তাৰ আগকে চৰকাৰে কঠোৰ হাতেৰে পৰিস্থিতি নিয়ণ্ত্ৰণ কৰক। আগ্নেয়াস্ত্ৰ জব্দ কৰক। অপৰাধীক কঠোৰ শাস্তি দিলেহে ৰাইজৰ বিশ্বাস আহিব। 


কেন্দ্ৰই নেতৃত্ব লৈ সমাধান কৰক। সমাগত নিৰ্বাচনৰ আগত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বাবে এক বৃহৎ চেলেন্জ। এই সমস্যাটো কেৱল মণিপুৰৰে নহয়, সমগ্ৰ উত্তৰ পূবৰে এক বৃহৎ সমস্যা। উত্তৰ পূবত জাতিগত গোষ্ঠীগত সমীকৰণ অতি জটিল। ৰাইজৰ হাততে সমস্যাৰ সমাধান আছে। কেন্দ্ৰ চৰকাৰে ৰাইজৰ সৈতে কথা পাতি সমাধান সূত্ৰ উলিয়াওক। উভয়ৰ প্ৰতি সহানুভূতি আৰু ৰাজনৈতিক পৰিপক্কতাৰে সমস্যাটো ৰাইজে ল'ব লাগিব। মণিপুৰ শান্ত হওঁক, আকৌ প্ৰগতিৰ পথত আগুৱাওক। 

লেখকৰ আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ 

https://www.xukhdukh.com/search/label/SHYAMKANU-MAHANTA

No comments:

Post a Comment