কথা-বাৰ্তাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাতকাৰ ::ৰয়েল পেগু - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কথা-বাৰ্তাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাতকাৰ   ::ৰয়েল পেগু

কথা-বাৰ্তাঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাতকাৰ ::ৰয়েল পেগু

Share This

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাতকাৰ 

ৰয়েল পেগু

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাতকাৰ ,  ৰয়েল পেগু, ASOMIYA, SANKAR SANGHA

খৃষ্টীয় পঞ্চদশ শতিকাৰ  মাজ ভাগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ হৈ নৱ-বৈষ্ণৱ আন্দোলনৰ সূচনা কৰি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি অসমীয়া জাতিসতৰ স্থায়ী ভেটি নিৰ্মাণ কৰিছিল। এই ভেটিতে থিয় হৈ আজি অসমীয়া জাতি নিজৰ গৌৰৱোজ্জ্বল ঐতিহ্য আৰু মৰ্যাদাৰ কথা জগতক ক'বলৈ আৰু উন্নত জাতিৰ সৈতে ফেৰ মাৰি আগুৱাই যাবলৈ সক্ষম হৈছে। মহাপুৰুষজনাৰ এক শৰণ নাম ধৰ্ম আৰু ধৰ্মীয়-সাংস্কৃতিক প্ৰচাৰ-প্ৰসাৰেৰে জগত সভালৈ নিবলৈ 1930 চনত নগাঁৱত 'শংকৰ সংঘ' অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হয় আৰু বৰ্তমান উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সংস্কৃতি অনুষ্ঠানতলৈ উত্তীৰ্ণ হৈ অব্যাহত আছে শংকৰী আদৰ্শ আৰু গুৰুজনাৰ মানৱতাবাদী ধৰ্ম প্ৰতিষ্ঠাৰ অবিৰত যাত্ৰা। 

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাতকাৰ ,  ৰয়েল পেগু, ASOMIYA, SANKAR SANGHA

উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনত ভৱেন্দ্ৰনাথ ডেকাই সংঘৰ নতুন পদাধিকাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। অধিৱেশনতলীতে নতুন পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সৈতে এক আছুতীয়া সাক্ষাতকাৰ 'অসমীয়াৰ সুখ-দুখ'তো প্ৰকাশৰ বাবে দিহা কৰা হৈছে।


মনৰ কথাঃ শংকৰ সংঘই 'সংবিধান'ৰ যুগসাপেক্ষ সংশোধন কৰক :: লক্ষ্যজ্যোতি নাথ


প্ৰশ্ন : 92 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই অধিৱেশনত আপুনি নতুন পদাধিকাৰ হিচাপে গুৰু দায়িত্ব ভাৰ গ্ৰহণ কৰিছে, এই শুভ ক্ষণত আপোনাক অভিনন্দন জনাইছোঁ। 

ভৱেন্দ্ৰনাথ ডেকা : ধন্যবাদ। 


প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ জগত গুৰু। কি কি মহান আদৰ্শই গুৰুজনাক জগত গুৰু হিচাপে প্ৰতিষ্ঠা কৰিছে?

ভৱন্দ্ৰনাথ ডেকা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমত আবিৰ্ভাৱ হৈছিল এক যুগসন্ধিক্ষণত পঞ্চদশ শতিকাৰ মাজ ভাগত। তেতিয়া সমগ্ৰ পৃথিৱীতে চাৰিও পিনে ধৰ্মৰ নামত অনাচাৰ, ব্যভিচাৰী আছিলা। সমাজত বিশৃংখল আছিল। ৰাজনৈতিক ক্ষেত্ৰতো সংঘাত আছিল। ৰাজনৈতিক, সামাজিক, ভাষা-সংস্কৃতি, ধৰ্মীয় জগতখনত যিবিলাক বিশৃংখলা হৈছিল, বিশেষকৈ মানৱ সমাজত মানুহক মানুহ হিচাপে গণ্য কৰা নহৈছিল, ইতৰ প্ৰাণীৰ দৰে গণ্য কৰিছিল। গতিকে এই সমাজখন উদ্ধাৰ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱে আবিৰ্ভাৱ হৈ সংকল্প লৈছে এই মানুহখিনিৰ কেনেকৈ মানৱীয় মৰ্যাদা প্ৰদান কৰি উত্তৰণ ঘটাব পাৰে। এই সময়ত গোটেই পৃথিবীতে নৱ জাগৰণ সৃষ্টি হৈছিলে। পশ্চিমীয়া জগতত এই আন্দোলনৰ নেতৃত্ব লৈছিল সাহিত্যিক আৰু দাৰ্শনিকসকলে। ভাৰতবৰ্ষটো তেনে আন্দোলনৰ চলিছিল আৰু এই আন্দোলনৰ নেতৃত্ব দিছিল ধৰ্মীয় গুৰুসকলে। গতিকে মহাপুৰুষ শংকৰদেৱ ধৰ্ম জগতৰ লগতে সমাজৰ পৰা অনাচাৰ, ব্যভিচাৰী, বিশৃংখলা দূৰ কৰি ঈশ্বৰৰ কি, আধ্যাত্মিকতা কি মানুহৰ ঈশ্বৰৰ সৈতে সম্পৰ্ক কি, ধৰ্মৰ মূলতত্ব কি তাক অনক্ষৰ মানুহক শিকাই-বুজাই সমাজখনক উত্তৰণ ঘটাই, সমাজ জীৱন, ব্যক্তি জীৱনৰ উত্তৰণৰ ঘটাই সামাজিক ঐক্য-সম্প্ৰতি, সমন্বয় গঢ় দিছিল। শ্ৰীমন্ত শংকৰদেৱ অৱতাৰী পুৰুষ। গুৰুজনাই মহেন্দ্ৰ কণ্ডলি টোলত বাৰ বছৰত শিক্ষা আৰম্ভ কৰি 19 বছৰত সমাপ্ত কৰি মাত্ৰ সাত বছৰ শিক্ষা গ্ৰহণ কৰি সমস্ত বেদ, বেদান্ত শাস্ত্ৰ গ্ৰন্থ, উপনিষদ,  পুৰাণ আদি অধ্যয়ন কৰি তাৰ সাৰ তত্ববোৰ উদ্ধক কৰি মানৱ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। যি ধৰ্মী সত্য, শান্তি আৰু প্ৰেম ওপৰত প্ৰতিষ্ঠিত। মানৱীয় প্ৰমূল্যবোধবোৰ উত্তৰণৰ ঘটাই মানৱ জাতিটো কেৱল আকৃতিত মানুহ হ'লেই নহ'ব, সমস্ত প্ৰকৃতিও মানুহ হ'ব লাগিব। মহাপুৰুষজনাই মানৱীয় প্ৰমূল্যবোধৰ উত্তৰণ ঘটাই ধৰ্মৰ বাবে মানুহ নহয়, মানুহৰ বাবে ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। সমস্ত সৃষ্টিকৰ্তা এজনেই। যাক বহ্ম বা বুলি কোৱা হয়। সেয়ে শ্ৰীমন্ত শংকৰদেৱ জগত গুৰু।

প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ সংঘই গুৰুজনাৰ আদৰ্শক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কি কি উল্লেখযোগ্য ভূমিকা পালন কৰিছে?

ভৱেন্দ্ৰনাথ ডেকা  : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যি ধৰ্মীয় তত্ব, সংস্কৃতিক তত্ব আৰু সামাজিক তত্ব দিলে। ধৰ্মৰ নামত এক ঈশ্বৰবাদ আৰু ভক্তি ধৰ্মৰেহে মানুহে জগত আৰু নিজৰ জীৱনৰ উদ্ধাৰ কৰিব পাৰে। গুৰুজনাই মানৱতাবাদী ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। সেয়ে এই ধৰ্ম সকলোৱে মানি লৈছে। শ্ৰেণীহীন, বৰ্ণ বৈষম্যহীন সমাজ গঢ়ি, অস্পৃশ্য দূৰ কৰি এক জাতি প্ৰতিষ্ঠাৰে মানৱতাবাদ ধৰ্ম সুপ্ৰতিষ্ঠা কৰিছিল। সেয়ে শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয় আদৰ্শ, আধ্যাত্মিক তত্ব, সামাজিক-সাংস্কৃতিক আদৰ্শ প্ৰতিষ্ঠা কৰি এক জাতি আৰু মানৱতাবাদী ধৰ্ম প্ৰতিষ্ঠাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই আগুৱাই গৈ আছে। 


চিন্তনঃ শ্ৰীমন্ত শংকৰ গুৰুৰ আদৰ্শ আৰু বৰ্তমান সমাজ :: অনিৰুদ্ধ ভকত


প্ৰশ্ন : অসমীয়া সমাজ বহুধাবিভক্ত। একতাই জাতি গঠনৰ পৰমবল। বহুধাবিভক্ত অসমীয়া সমাজক একাৰ ডোলেৰে বন্ধিবলৈ সংঘই কেনে পদক্ষেপ লৈছে?

ভবেন্দ্ৰনাথ শইকীয়া : শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষজনাৰ আদৰ্শত সকলোকে সামৰি লৈছে। নামঘৰৰ ভিতৰত সকলো জাতি-জনগোষ্ঠীক সামৰি লৈছো। 34 টা জাতি-জনগোষ্ঠী সামৰি লৈছে। কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, ভোট, কৈৱৰ্ত, কোঁচ, বণিয়া, ম্লেচ, আহোম আনকি যৱনকো এক মঞ্চ সামৰি লৈছে। এনে সমন্বয়ৰ বাৰ্তা বিশ্বতে বিৰল। গুৰুজনাৰ আধ্যাত্মিক দৰ্শন, সামাজিক দৰ্শন, সাংস্কৃতিক দৰ্শন, মানৱতাবাদী দৰ্শনৰে এক জাতি প্ৰতিষ্ঠাই লক্ষ্য।

 সংঘৰ পদাধিকাৰীয়েই চকলং পাতিছিল!

প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰমূল্যবোধৰ শিক্ষা প্ৰতিষ্ঠা কৰাত কিমান সফল হৈছে?

ভৱেন্দ্ৰনাথ ডেকা :  কেৱল বিষয় জ্ঞান, বৌদ্ধিক বিকাশে মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰে। বৌদ্ধিক বিকাশৰ লগতে কৌশলগত বিকাশ, আধ্যাত্মিক উত্তৰণ গঠাব লাগিব।  মানসিক বিকাশ হ'ব লাগিব। সমাজৰ চৈতন্য বিকাশ হ'ব লাগিব। আধ্যাত্মিক আৰু নৈতিক বিকাশ হ'ব লাগিব। কোনোবা ব্যক্তি বিশেষ পাৰদৰ্শী হ'ব পাৰে, কিন্তু মনুষ্যত্বৰ বিকাশ নহ'লে প্ৰকৃত মানুহ নহ'ব। সেয়ে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে আধ্যাত্মিক, নৈতিক তথা মনুষ্যত্বৰ প্ৰমূল্যবোধৰ শিক্ষা প্ৰতিষ্ঠা বাবে আগুৱাই আহিছে।

প্ৰশ্ন  : শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্রেডিট কো-অপাৰেটিড চ'চাইটি লক্ষ্য কি ? 

ভৱেন্দ্ৰনাথ ডেকা : সকলোকে স্বাৱলম্বী কৰা। পৰমুখাপেষী হৈ থাকিবলৈ নহ'ব। অৰ্থৰ ক্ষেত্ৰতো স্বাৱলম্বী হ'ব লাগিব। স্ব-নিয়োজন, বিভিন্ন উদ্যোগ প্ৰতিষ্ঠা কৰি নৱ প্ৰজন্মক নিয়োজিত কৰিব লাগিব। নিজৰ বিত্তীয় প্ৰতিষ্ঠানৰ যোগেদি নিয়োগ আৰু স্বনিয়োজনৰ সুবিধা প্ৰদান কৰা। থলুৱা উদ্যোগক আগবঢ়াই নিয়া। 


প্ৰশ্ন : পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰ অৱক্ষয় মানৱ জাতিৰ ভৱিষ্যতলৈ চিন্তিত হৈ পৰিছে। পৃথিৱীক ভৱিষ্যত প্ৰজন্মৰ বাবে বাসোপযোগী কৰি ৰখাত মানৱ সমাজলৈ আপুনি কি আহ্বান জনাব? 

ভৱেন্দ্ৰনাথ ডেকা : পৃথিৱী, ধৰিত্ৰীক ৰক্ষা কৰিব লাগিব। আমি তিনিটা মাতৃক ৰক্ষা আৰু সন্মান  কৰিব লাগিব। জন্মদাত্ৰী মাতৃ, মাতৃভাষা, জনমভূমি। পৃথিৱীখন মানৱ জাতিৰ মাতৃভূমি। সেয়ে ধৰিত্ৰীক ৰক্ষা কৰিব লাগিব। পৰিবেশ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলোঁ মানৱ জাতি বাচি নাথাকিব। সেয়ে তাহানিতে মহাপুৰুষজনাই কৈছিল- 'এক বৃক্ষ দহ পুত্ৰ সমান'। গুৰুজনাই আধ্যাত্মিকতাৰেও পৰিবেশ ৰক্ষাৰ বাবে মানুহক চৈতন্য দিছিল।


প্ৰশ্ন : জাতি-জনগোষ্ঠীৰ সংস্কৃতি শংকৰী সংস্কৃতিত প্ৰভাৱ পৰিছেনে? 

ভৱেন্দ্ৰনাথ ডেকা  : গুৰুজনা অসমীয়া সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। সকলো জাতি-জনগোষ্ঠীৰ পৰা সুৰ-তাল লৈছে। শ্ৰীমন্ত শংকৰদেৱে 17 ভকত লৈ ভাৰত ভ্ৰমণ লৈ গৈছিল। তাৰ মাজত মিচিং পৰমানন্দ আতাও অন্যতম বিশ্বস্ত আছিল। ইপিনে এচাম মানুহে দেশ গ'ল গ'ল, জাতি গ'ল গ"ল, যুৱ প্ৰজন্ম গ'ল বুলি চিঞৰে। কিন্তু শংকৰদেৱ সংঘই যুৱ প্ৰজন্মক সৎ পথলৈ আনি শ্ৰেষ্ঠ সম্পদ হিচাপে গঢ়িবলৈ যুৱ প্ৰজন্মক শাৰীক, মানসিক, বৌদ্ধিকভাৱে আধ্যাত্মিক বিকাশক প্ৰাধান্য দিছে।

প্ৰশ্ন : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে আপোনাৰ পৰিকল্পনা কি? 

ভৱেন্দ্ৰনাথ ডেকা : শ্ৰীমন্ত শংকৰদেৱ সংঘ এক গণতান্ত্ৰিক গতিশীল অনুষ্ঠান। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শতবৰ্ষৰ দুৰমুখত আছে। সকলো জাতি-জনগোষ্ঠীলৈ এক জাতি গঠন কৰাই মূল লক্ষ্য।। বৃহৎ অসমীয়া সমাজ গঠনৰ বাবে সকলোৰে বিশ্বাস আৰু আস্থা লৈ, সকলোকে লগত লৈ  আগবাঢ়িম। তদুপৰি শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়খন বিশ্বৰ ভিতৰতে জাকতজিলিকা কৰা আৰু শ্রীমন্ত শঙ্কৰদেৱ সংঘৰ থ্ৰিফট এণ্ড ক্রেডিট কো-অপাৰেটিড ছ'চাইটিক বেংক হিচাপে প্ৰতিষ্ঠা কৰা আদি। 

জ্য়েষ্ঠ সাংবাদিক ৰয়েল পেগুদেৱে কৰা সাক্ষাতকাৰটি 'অসমীয়া প্ৰতিদিন Asomiya Pratidin' কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment