প্ৰৱন্ধঃ হীৰুদাৰ গান, গানৰ হীৰুদা (জন্মদিনৰ শ্রদ্ধার্ঘ্য) :: বশিষ্ঠদেৱ ফুকন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ হীৰুদাৰ গান, গানৰ হীৰুদা (জন্মদিনৰ শ্রদ্ধার্ঘ্য) :: বশিষ্ঠদেৱ ফুকন

প্ৰৱন্ধঃ হীৰুদাৰ গান, গানৰ হীৰুদা (জন্মদিনৰ শ্রদ্ধার্ঘ্য) :: বশিষ্ঠদেৱ ফুকন

Share This
হীৰুদা, হীৰেন ভট্টাচাৰ্য কবিতা গান, HIRUDA, HIREN BHATTACHARYA, POEMS, KABITA , SONGS

হীৰুদাৰ গান, গানৰ হীৰুদা 
(জন্মদিনৰ শ্রদ্ধার্ঘ্য)
বশিষ্ঠদেৱ ফুকন
‘গানে / শাওনৰ আকাশৰ দৰে কান্দে
গানে ৰূপহী বিজুলী চমকেৰে হানে...' (গানে কি আনে).
নিজৰ গানৰ মাজেৰে গানৰ কথা এনেকৈয়ে কৈছিল আধুনিক অসমীয়া কবিতাৰ শক্তিশালী তথা আটাইতকৈ জনপ্রিয় কবি হীৰেন ভট্টাচার্যই। ১৯৩২ চনৰ ২৮জুলাইত জন্ম লাভ কৰি, প্রায় ছটা দশক ধৰি নিৰৱচ্ছিন্নভাৱে কাব্যচর্চা কৰি আধুনিক অসমীয়া কবিতাক এক নতুন মাত্রা প্রদান কৰি যোৱা কবিজনে কবিতাৰ সমান্তৰালভাৱে ছেগা-চোৰোকাকৈ লিখি গৈছিল দুই-এটা গীতো। যদিওবা কবিতাৰ তুলনাত তেওঁৰ গীতৰ সংখ্যা তেনেই নগণ্য, আচলতে গীতৰ মাজেৰেহে তেওঁ আহিছিল কবিতাৰ বৰ্ণিল জগতখনলৈ- যিটো কথা তেওঁ নিজেই কৈ গৈছে-'১৯৫০ৰ দশকৰ মাজভাগৰ পৰাই মই গান ৰচনাত হাত দিছো'। গান মােৰ কবিতাৰ মাটি-আখৰা। গানৰ মাজেৰে মই কবিতালৈ আহিছে। যদিওবা হীৰুদাই লিখা গীতৰ সংখ্যা কম বা যিকেইটা গীত তেওঁ লিখি গৈছে, এজন সফল গীতিকাৰ হিচাপে তেওঁক প্রতিষ্ঠা কৰাত সেইকেইটা গীতেই যথেষ্ট। কিন্তু এটা কথা সঁচা যে তেওঁৰ কবিতাক লৈ চর্চা যিমান হ’ল বা হৈ আছে, তাৰ তুলনাত তেওঁৰ গীতক লৈ আলোচনা খুব কমেইহে হৈছে।
হীৰুদা, হীৰেন ভট্টাচাৰ্য কবিতা গান, HIRUDA, HIREN BHATTACHARYA, POEMS, KABITA , SONGS

১১২টামান গীতক লৈয়ে হীৰুদাৰ গীতৰ জগতখন। আৰু এইসমূহ গীত তেওঁ সংকলিত কৰিছে ৰূপালী নদী, সোণালী সাঁকো (স্বনামধন্য গীতিকাৰ জয়ন্ত বৰুৱাৰ সৈতে যৌথভাৱে), “তোমাৰ গান’, ‘তোমাৰ বাঁহী', কেইটামান গীতকে ধৰি সৰু সৰু পাঁচখন সংকলনত। অৱশ্যে, শিল্পী পুলক বেনার্জীকে ধৰি অনেকেই তেওঁৰ বহুকেইটা জনপ্রিয় কবিতাক সুৰ দি গীতৰ ৰূপ দিছে। ১১২টা গীতৰ সকলaখিনিয়েই শিল্পীৰ কণ্ঠত প্রাণ পাই উঠা নাই যদিও তাৰ ভিতৰত ভালেকেইটা গীত শ্রোতা বা সংগীতপ্রেমীৰ মাজত খুবেই জনপ্রিয়, সমাদৃত। 

তাৰ ভিতৰত লোকনাথ গোস্বামীৰ কণ্ঠত ‘আমোল মোল শেৱালিৰ গোন্ধ’, ‘অ' মোৰ মিঠা মৌ (গীতটো ৰেণু শর্মা গোস্বামীয়েও গাইছে), ৰুবী সিংহৰ কণ্ঠত 'বন্ধু মেলি দে তোৰ দুখৰ দুখনি হাত’, খগেন মহন্তৰ কণ্ঠত ‘তাই কেতিয়াবা মন গলে', ড° বীৰেন্দ্রনাথ দত্তৰ কণ্ঠত ‘সৌ শিৰিষ ডালত বহি, কুল বৰুৱাৰ কণ্ঠত ফুল নুফুলিলেই বা', দুৰ্গাময়ী বৰাৰ কণ্ঠত ‘মোৰ পাহৰা গানৰ’, পুলক বেনাৰ্জীৰ কণ্ঠত ‘আহিন তই আহিলি’, জুবিন গাৰ্গৰ কণ্ঠত ‘গানে কি আনে’, ‘হেৰো বাঁহী, তোক বৰ ভাল পাওঁ দেহি', চাৰু গোহাঁইৰ কণ্ঠত ৰাতি বাঁহী বাই', অনিন্দিতা পালৰ কণ্ঠত বকুল ফুলৰ দৰে’, শ্রেয়া ঘোষালৰ কণ্ঠত ‘মোৰ বুকুত এজোপা গোলাপ (এইটো কবিতা আছিল) আদি গীত শ্ৰোতাৰ অতিকে প্রিয়। এইসকল শিল্পীৰ উপৰি হীৰুদাৰ গীতত কণ্ঠ নিগৰাইছে ৰমেন বৰুৱা, বিজন দত্ত, অতুল মেধি, বিউটী শর্মা বৰুৱা, দিলীপ চৌধুৰী, নমিতা ভট্টাচার্য, মণীষা হাজৰিকা, অপূর্ব কুমাৰ দাস, কণিকা ভট্টাচার্য, দিতিমণি ভট্টাচার্যকে ধৰি অনেক ন-পুৰণি শিল্পীয়ে।

‘গান মোৰ আটোমটোকাৰি ধান/ মোৰ আন সুৰ নাই /নিচেই এধানি সুৰ/ তেনেই অকণমান।' আচলতে হীৰুদাৰ কবিতাসমূহৰ দৰে গীতসমূতো দেখা যায় মোহনীয় শব্দ-চয়ন, ছন্দোময় প্রকাশভংগী, অতুলনীয় চিত্রকল্প-প্রতীকৰ সাৱলীল প্রয়োগ। সেইবাবেই হয়তো তেওঁৰ গীতবোৰতো তেওঁৰ কবিসত্তাই সুৰ হৈ আত্মপ্রকাশ কৰে। শিল্পী কুল বৰুৱাৰ ভাষাত হীৰুদাৰ গীতৰ ৰচনাশৈলী সম্পূর্ণ পৃথক। তেওঁৰ গীতবোৰ অজানিতে সুৰ হৈ আহিছিল। গীতবোৰৰ ৰচনাত ছন্দ থকা বা নথকা কোনোটোৱেই উপলব্ধি হোৱা নাছিল। স্বতঃস্ফুতভাৱে সুৰে আগুৱাই লৈ গৈছিল আৰু সেয়াই আছিল হীৰুদাৰ গীতৰ প্রধান বৈশিষ্ট্য। বিশেষকৈ প্রেম ভালপোৱা, মাটি, মানুহ, প্রকৃতি, স্বদেশৰ সৈতে সংপৃক্ত হৈ আছে হীৰুদাৰ গীতবোৰ। আকাশ, ফুল, তৰা, নিয়ৰ, দুৱৰি, বাহী, বীণ, জোন, বৰষুণ, চৰাই, বিভিন্ন ঋতুৰ সঘন প্রয়োগ দেখা যায় তেওঁৰ গীতত।  

হীৰুদাৰ কবিতাসমূহত শক্তিশালী ৰূপত প্রৌজ্জ্বল হৈ উঠা স্বদেশপ্রীতি মূর্তমান হৈ উঠিছে বহুকেইটা গীতত। ‘আশ্রয়’ নামৰ কবিতাটোত 'মোৰ দেশ/ মোৰ স্বদেশ/  মোৰ প্রথম প্রেমৰ উন্মেষ' বুলি কোৱা হীৰুদাই মোৰ জীৱনৰে' নামৰ গীতটোত কৈছে- “মোৰ তপত চকুলােৰে / মোৰ দেহৰ জুইৰে /  সজাই তুলিব খোজোঁ/ যাউতিযুগীয়া এই দেশ / মোৰ প্রথম প্রেমৰ উন্মেষ।' (পুলক বেনাৰ্জী) আন এটা গীতত আকৌ তেওঁ কৈছে— ‘আই তোৰ মাত শুনি আহিছোঁ ওলাই / মোৰ দেহাত জ্বলা জুই / নিদিবি নিদিবি চকুলোৰ নুমাই'। মাতৃভূমিৰ হকে খুঁজিবলৈ তেওঁৰ তেজোদীপ্ত যৌৱনৰ ৰণুৱা ঘোঁৰাক কৈছে- ‘অ' মোৰ ৰণৰ তেজী ঘোঁৰা/ অ' মোৰ মনৰ বেগী ঘোঁৰা/ চেঁকুৰি যা তই চেঁকুৰি যা/ পোনাই ল তোৰ দীঘল বাট/ পাৰ হৈ যা ৰাতিৰ এন্ধাৰ শিল-বৰষুণ-ধুমুহা।' (জুবিন গাৰ্গ)

অসম উপত্যকা সাহিত্য বঁটা গ্ৰহণ কৰি দিয়া ভাষণত হীৰুদাই কৈছিল— 'সকলো সৃষ্টিৰেই উংস হৈছে লোক-জীৱন। লোক জীৱনৰ অভিজ্ঞতাই কবিতাক প্রাণবন্ত কৰে। কেৱল কবিতাতেই নহয়, তেওঁৰ গীতবোৰতে লোকজীৱনটো তুলি ধৰিছে স্পষ্ট ৰূপত। বনঘোষা, বিহুগীত, ওমলা গীতৰ সুৰৰ স্পন্দন শুনা যায় তেওঁৰ গীতবোৰত- 'দেহা বৃন্দাবনত কিনো জুই লগালি/ বাই বিনন্দীয়া বাঁহী/ মনৰে ফুলনিত দোদোল খাই ফুলিলি/ আমোলন ফুলৰে পাহি'। আন এটা গীতত কৈছে ‘ঢোলৰ মাত ইফালে/ ঢোলৰ মাত সিফালে/ মাজতে ৰংপুৰ নগৰ/ ঢােলৰ মাত শুনি নাচে নাজিতৰা/ থেকেচি ভাঙি থৈ হাতৰে শুৱলা যঁতৰ। লোক কথাৰ গাত ভেজা দি আন এটা গীতত তেওঁ আকৌ লিখিছে- “মনৰে মাজুলীত জকমক কৰে/ তেজীমলা মোৰ ফুল হৈ ফুলে/ হাতে নেমেলিৰি ফুলে/ নিছিঙিবি বিন্ধিব ক'ৰবাত অঘৈয়া ছলে।

হীৰুদাৰ বহুসংখ্যক গীতত বিশেষভাৱে ঠাই পাইছে লোক-বাদ্য বাঁহীয়ে। জুবিন গাৰ্গৰ কণ্ঠত অতি জনপ্রিয় হােৱা গীতটোত তেওঁ কৈছে- “হেৰ বাঁহী/ তোক বৰ ভাল পাওঁ দেহি/ তোৰ সুৰৰ আঁচল ধৰি বহু দূৰ যাওঁ গুচি/ কোনো পূর্ণিমা ৰাতি'। চাৰু গোহাঁইৰ কণ্ঠৰ আন এটা জনপ্রিয় গীতত তেওঁ লিখিছে ‘ৰাতি বাঁহী বাই/ কোনে মোক কন্দুৱায়/ কেতেকীৰ পাহি ভাঙি/ কোমল সুৱাস সানি/ মন চুই যায়'। আন এটা গীতত আকৌ লিখিছে ‘বাটৰুৱা হেৰ’ নবজাবি বাঁহী/ তোৰ বাঁহীত জানো ফুলে / সেই ফুলৰ পাহি/ যি ফুলত লুকাই আছে/ সোণোৱালী হাঁহি।

বাঁহীটোৰ দৰে বীণখনৰ কথাও উল্লেখ আছে হীৰুদাৰ কেইবাটাও গীতত ‘অ' জীৱন/ বুলাই দে তোৰ বিজুলী আঙুলি/ বাজি উঠক মোৰ সুফলা মাটিৰ বীণখনি।' খুব অর্থবহ এই জীবনমুখী গীতটোৰ লগতে আপোন গানত বিভোৰ গীতিকাৰ হীৰুদাই কৈছে- ‘আকাশৰ কোন নিজানেৰে বৈ আছে/ মোৰ সুৰৰ নিজৰা আপোন গানতে বিভোৰ/ অ’ মোৰ সাজৰ চিকুণ তৰা/ মোৰ বীণাত বুলালি তাৰ/ৰূপোৱালী আঙুলি নিজতে পাহৰা।' আন এটা গীতত আকৌ লিখিছে- 'ফুলে পেলালে কলি/ মোৰ নোপোৱা সুৰটি/ ব'ৰাগী বীণত কোনে বজাই গ'লি।'

সম্ভৱ আহিন আছিল হীৰুদাৰ প্রিয় মাহ। সেয়ে তেওঁৰ কেইবাটাও গীতত অনন্য ৰূপত ধৰাদিছেহি আহিনে। আৰু আহিনৰ আঁচলত ধৰি উঠি আহিছে শেৱালি, নিয়ৰ, দুবৰি অথবা কুঁৱলীৰ ছবিবোৰ। শিল্পী লোকনাথ গোস্বামীয়ে গোৱা অতি জনপ্রিয় গীত- 'আমোলমোল শেৱালিৰ গোন্ধ' গীতটোত হীৰুদাই কৈছে- পুৱতি নিয়ৰে ফুলালে শেৱালি/ দুবৰিৰ দলিচাত থলেহি দাপোণখন/ আহিন আহি বজালেহি বাঁহী/ভৰিল শেৱালি বন।'  প্রকৃতি আৰু প্ৰেমৰ অপূৰ্ব সংযোগে অন্য মাত্রা প্রদান কৰা এই গীতটোৰ উপৰি আন এটা গীতত তেওঁ লিখিছে-‘শেৱালিয়েইবা কোন/ পাহৰিলোঁ দেখোন জীপাল দুবৰি বনত লুকাল/ নিয়ৰ সনা কাৰ বা চকুলো টোপাল। 

শেৱালিৰ দৰে বকুলেও ভুমুকি মাৰিছে হীৰুদাৰ গীতত। প্রতিভাৱান কণ্ঠশিল্পী অনিন্দিতা পালৰ কণ্ঠত জনপ্রিয় গীতটোত তেওঁ কৈছে— 'বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে/ এন্ধাৰে এন্ধাৰে / নীলিমাৰ আঁচলেৰে/ টোপাটোপে চকুপানী সৰে'। কবিতাত কপাহগুটীয়া বুলি কোৱা বৰষুণজাক তেওঁৰ গীতত ধৰা দিছে এনেদৰে- ‘এদিন বৰষুণৰ টোপালবোৰ এনেকৈ পৰিছিল/ যেন সাইলাখ বকুল ফুল / তোমাৰ হাতৰ বকুল ফুল'। আন এটা গীতত কৈছে ‘কোঁচ ভৰি ললোঁ বকুলৰ ছাঁ, বুকু ভৰি ল'লো বকুলৰ বা/ গান শুনাবলৈ এদিন নিৰলে তুমি জানো আহিবা ?'

আহিনৰ দৰে ফাগুনৰ ছবিও গীতত আঁকিছে হীৰুদাই। শিল্পী কুল বৰুৱাই গোৱা 'ফুল নুফুলিলেইবা' নামৰ গীতটোত তেওঁ লিখিছে-‘ফাগুনে মায়াৱী হাতে/বতাহতো সানি দিলে /সাঁচতীয়া স্মৃতিৰ সুৱাস/ তোমাৰ অহাৰ বাটে বাটে।' আন এটা গীতত কৈছে- “ফাগুনৰ এই গধূলি/ ধূলিৰে ঢকা আকাশখনত/ কোন ৰূপহীয়ে মেলি দিলে/ ডাৱৰ সেমেকা চুলি।' আনফালে আঘোণৰ উমাল ৰ'দজাকো ঠাই পাইছে তেওঁৰ গীতৰ মাজত-'মোৰ সোণৰ সোলেং অ' আঘোণৰ ৰ'দ/তই চোতাল চুয়েই/নেযাবি আঁতৰি মোৰ দুখৰ কোলাত থাক উমলি/ আৰু অকণ পৰ।' ঠাই পাইছে বিৰহী শাওণৰ ক’লীয়া ডাৱৰেও ‘শাল-শিমলুৰ সিপাৰে/ হেন্দোলি উঠিছে বিৰহী শাওণৰ ক'লীয়া ডাৱৰ/ বাউলি বতাহত বলিছে/ চকু চলচল কোন ৰূপহীৰ আঁচল।'

প্ৰকৃতিৰ দৰে প্রেমেও হীৰুদাৰ কবিতাৰ সহজাত বিষয়। ‘প্রেম নিশ্চয় এনেকুৱাই/ আৱৰণ খুলি হৃদয় জুৰাই’ বুলি কোৱা হীৰুদাৰ গীতসমূহতো মূর্ত হৈ উঠিছে দুর্দান্ত প্ৰেমৰ ছবি ‘তুমি দুচকুত কাজল ল'লে/ ডাৱৰে ডাৱৰে বিজুলী খেলে/ আঙুলিত তুমি জেতুকা বুলালে/ ঘৰমুৱা নাৱে হেঙুলীয়া পাল তোলে'। আন এটা গীতত কৈছে-‘তুমি আহিবা বুলি/ জোনাকৰ ফুলথুপি/ তোমাৰ অহাৰ বাটেৰে/ আছেহি অকলে ফুলি।'

প্রেম থাকিলে, যন্ত্রণা থাকিবই। হীৰুদাৰ গীততো আছে অপ্রাপ্তিৰ যন্ত্রণা, হেৰুওৱাৰ যন্ত্রণা- দূৰৰ তৰা দেখি/ তােমাৰ গানকে গুণগুণাওঁ/ কিজানি তােমাক বুকুৰ মাজতে পাওঁ।' বুকুৰ হুমুনিয়াহ উজাই আহে গীতৰ মাজেৰে “মোৰ এটি হুমুনিয়াহ/ বতাহতে আছে লুকায়/ ওৰে ৰাতি সাৰে থাকি/ চকুলোৰে আকাশ তিয়ায়।' নিজৰ লগতে বন্ধুৰ দুখৰ সমভাগী হ'ব খোজা গীতিকাৰ আছিল হীৰুদা। সেইবাবেই তেওঁ লিখিব পাৰিছিল—‘বন্ধু, মেলি দে তোৰ দুখৰ দুখনি হাত/ এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত।'

আচলতে কি নাই হীৰুদাৰ গীতত। প্রেম, ভালপোৱা, মাটি, মানুহ, প্রকৃতি, জোন, বেলি, তৰা, চৰাই সকলোবোৰেই আছে তেওঁৰ গীতৰ বিষয়বস্তু হৈ। মোহনীয় শব্দচয়ন আৰু অপূর্ব প্রকাশভংগীৰে তেওঁ সৰু বিষয় এটাকো তুলি ধৰিছিল অনন্য ৰূপত। উদাহৰণস্বৰূপে লোকনাথ গোস্বামীয়ে কণ্ঠদান কৰা ‘অ মোৰ মিঠা মৌ' (গীতটো ৰেণু শর্মা গোস্বামীয়েও গাইছে) গীতটোৰ কথা কব পাৰি। গীতৰ কথাখিনিৰ লগে লগে ছন্দোময় হৈ উঠিছে সুৰটোও ‘অ’ মোৰ মিঠা মৌ/ উৰণীয়া কপৌ/ দিকচৌ বাট দেও দি আহিলিনে নৌ/ তোৰ পাখিত দিপলিপ দিখৌ যেন/ জিৰি জিৰি বতাহৰ ঢৌ/ এবুকু পথাৰ মোৰ থৌকি-বাথৌ।

‘তোমাৰ গান' নামৰ গীতৰ সংকলনটোত হীৰুদাই লিখিছিল— সুৰ গানৰ প্রথম আয়োজন।' গানৰ লগত কবিতাৰ সম্বন্ধ সুৰৰ জৰিয়তেহে। মোৰ গানো নাই, সুৰো নাই।' সেইবাবেই হয়তো তেওঁ লিখিছিল— 'অপূর্ণ মোৰ জীৱনৰ গান/সুৰেৰে নহ’ল গোৱা/ হে মোৰ প্ৰাণৰ দেৱতা/ কিহেৰে সজাওঁ কোৱা?' 

এইজনেই আছিল হীৰুদা। গীতিকাৰ হীৰুদা, গানৰ হীৰুদা। হয়তো তেওঁৰ কবিতাৰ অভাৱনীয় জনপ্রিয়তাই গীতিকাৰ হীৰুদাজনক কোনাবাখিনিত নিষ্প্রভ কৰি গ'ল। কিন্তু অপ্রিয় হ'লেও সত্য যে কবি হীৰুদাজন নথকা হ'লেও অসমীয়া সংগীত জগতত সদম্ভে মূৰ তুলি থাকিলহেঁতেন গানৰ হীৰুদাজন। 
লেখক এনকে টিভিত সাংবাদিক ৰূপে কৰ্মৰত। লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। ফোনঃ ৮০১১৫-৪৯০৩১

No comments:

Post a Comment