খবৰঃ ডাঃ ভূপেন শইকীয়াৰ স্মৃতিচাৰণ আৰু স্মৃতিগ্রন্থ উন্মোচন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

খবৰঃ ডাঃ ভূপেন শইকীয়াৰ স্মৃতিচাৰণ আৰু স্মৃতিগ্রন্থ উন্মোচন

খবৰঃ ডাঃ ভূপেন শইকীয়াৰ স্মৃতিচাৰণ আৰু স্মৃতিগ্রন্থ উন্মোচন

Share This
ডাঃ ভূপেন শইকীয়াৰ স্মৃতিচাৰণ আৰু স্মৃতিগ্রন্থ উন্মোচন
যোৱা ১২ জুন, ২০২১ তাৰিখ শনিবাৰে কোভিডজনিত অসুস্থতাত ৬৭ বছৰ বয়সতে আঁতৰি যোৱা সকলোৰে শ্রদ্ধাৰ সৰবৰহী চিকিৎসক ভূপেন শইকীয়াদেৱৰ পৱিত্র স্মৃতিচাৰণেৰে এখনি অনলাইন সভা ২৭ জুন, দেওবাৰে অনুষ্ঠিত হৈ যায়৷ ভাৰতীয় সময়মতে গধূলি সাত বজাত অনুষ্ঠিত সভাখনত তেওঁৰ স্মৃতিত প্রকাশিত 'স্মৃতিৰ কৰণিত দুঃখীজনৰ ঈশ্বৰ ডাঃ ভূপেন শ‌ইকীয়া' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়৷ প্রয়াত শইকীয়াদেৱৰ সহধর্মিণী শ্রীযুতা ৰুমঝুম শইকীয়াই বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা সভাখনত লোক-সংস্কৃতিৰ সাধক, লেখক তথা শইকীয়াদেৱৰ চতুর্থ ভনীজোঁৱাই ৰমেন দাস আৰু ভগ্নী মঞ্জুলা দাসে এটি বৰগীত পৰিৱেশন কৰে৷ 
বিশ্বৰ বিভিন্ন দেশত থকা প্রয়াত শইকীয়াদেৱৰ অসংখ্য গুণমুগ্ধই অংশগ্রহণ কৰা সভাখনত শইকীয়াদেৱৰ ডিব্রুগডৰ বাল্যবন্ধু তথা অসম মেডিকেল কলেজ হস্পিতালৰ পেথ'লজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডাঃ ৰামকান্ত হাজৰিকাই স্মৃতিগ্রন্থখন উন্মোচন কৰে৷ উন্মোচনী ভাষণত ডাঃ হাজৰিকাই ভূপেন শইকীয়াৰ সৈতে কটোৱা অতীতৰ মধুৰ স্মৃতি আৰু তেওঁৰ কর্মময় জীৱনযাত্রাৰ এটি বিৱৰণ আগবঢায়। তাৰ পিছতে "স্মৃতিৰ কৰণিত দুঃখীজনৰ ঈশ্বৰ ডাঃ ভূপেন শইকীয়া" শীর্ষক মুঠ চাৰি শ পৃষ্ঠাজোৰা এই ই-বুকখনৰ সম্পাদক বিকাশজ্যোতি বৰুৱাই সভাত নিজৰ বক্তব্য দাঙি ধৰে৷ শইকীয়াদেৱৰ কনিষ্ঠ ভগ্নী তথা সুলেখিকা অনুপমা বৰগোহাঁয়ে অসমীয়া ভাষাত আৰু লণ্ডনত অধ্যয়নৰত শইকীয়াদেৱৰ ভাগিনী জুহিমন দাসে ইংৰাজী ভাষাত আঁত ধৰা স্মৃতিচাৰণ সভাখনত বিশিষ্ট চিকিৎসক মৃগাংক শেখৰ চলিহাই 'বকাসুৰৰ ক্রীতদাস আমি' নামৰ এটি মননশীল কবিতা এটি পাঠ কৰি লগতে শইকীয়াদেৱৰ বিষয়ে দু-আষাৰ কয়৷ 

প্রয়াত শইকীয়াৰ হাইস্কুলীয়া জীৱনৰ সহপাঠী বর্তমান আমেৰিকা যুক্তৰাষ্ট্রৰ আৰাকানছাছ নিৱাসী ড০ সুৰেন্দ্র পাৱাৰ সিঙে হিন্দী ভাষাৰে সাৱলীলভাৱে তেওঁলোকৰ ছাত্র জীৱনৰ বহু কথা উল্লেখ কৰি কয় যে কায়িকভাৱে ভূপেন আঁতৰি গ'লেও আমাৰ সত্তাত এই ব্যতিক্রমী মানুহজনক আমি জীয়াই ৰাখিব লাগিব৷ তাৰ পিছতে সভাত শইকীয়াদেৱৰ গুণমুগ্ধ কাটাৰ নিৱাসী মল্লিকা কলিতাই শইকীয়াদেৱৰ কাব্যগ্রন্থ 'মনৰ প্রতিবিম্ব'ৰ পৰা 'তৃপ্তিৰ পিয়লা' নামৰ এটি কবিতা আবৃত্তি কৰে৷ ডাঃ ভূপেন শইকীয়াই চিকিৎসক ৰূপে কর্মজীৱন আৰম্ভ কৰি মেঘালয়ৰ নংপোত খাচী লোকসকলৰ মাজত ভালেমান সমাজসেৱামূলক কর্ম আঁচনি হাতত লৈছিল৷ পৃথিৱীৰ কেইবাটাও ভাষা সলসলীয়াকৈ ক'ব পৰা ডাঃ শইকীয়াই তেতিয়াই খাচী ভাষাটো সুন্দৰকৈ আয়ত্ত কৰিছিল৷ সেই গোটেই কথাখিনি সামৰি যুগুতোৱা এখনি তথ্যচিত্রও সভাত পৰিৱেশন কৰা হয়৷ তথ্যচিত্রখনি প্রস্তুত কৰে ডাঃ শইকীয়াৰ কনিষ্ঠ কন্যা অভিলাষা শইকীয়াই৷ ছচিয়েল মিডিয়াৰ জনপ্রিয় গোট "অসমীয়াত কথা-বতৰা" (অকব)ৰ অন্যতম প্রতিষ্ঠাতা তথা তেজপুৰ বিশ্ববিদ্যালয়ত কর্মৰত ড০ পংকজ বৰাই সভাত ভাষণ প্রদান কৰে৷ ডাঃ শইকীয়াই সামাজিক গণমাধ্যমৰ জৰিয়তে সক্রিয়তাৰে সর্বসাধাৰণ মানুহৰ বাবে আগবঢ়োৱা অৱদানৰ বিষয়ে বহলাই কয়৷ শইকীয়াদেৱৰ ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ পর্যালোচনা কৰাৰ উপৰি যোৱা তেওঁ ১৩ মে', ২০২১ তাৰিখে ছচিয়েল মিডিয়াৰ ফেচবুকত উপস্থাপন কৰা সর্বশেষ পোষ্টটো ড০ বৰাই পাঠ কৰি দিয়ে৷ শইকীয়াদেৱৰ আন এজন গুণমুগ্ধ তথা সুলেখক হেমচন্দ্র দত্তই আমাৰ চৌপাশে নীৰৱে কাম কৰি থকা জ্ঞানী (বুদ্ধ) লোকসকলক আমি সততে চিনি নোপোৱাৰ প্রসংগ উল্লেখ কৰি প্রয়াত শইকীয়াক তেনে এজন বুদ্ধ বুলি অভিহিত কৰে৷ ব্যক্তিগতভাৱে লগ নোপোৱাকৈয়ে অতি ঘনিষ্ঠ হৈ পৰা শইকীয়াদেৱৰ পৰা লাভ কৰা অভিজ্ঞতাও ভাষণত উল্লেখ কৰে৷ 

শইকীয়াদেৱৰ তেনে এগৰাকী কেতিয়াও লগ নোপোৱা দিল্লী নিৱাসী অনুৰাগী, বৌদ্ধ দৰ্শনৰ অনুশীলনকাৰী, আমেৰিকান এম্বেছীৰ গ্রন্থাগাৰিক পুলকিতা সুদে শইকীয়াদেৱৰ পৱিত্র আত্মাৰ শান্তিৰ কামনাৰে ইংৰাজীতে দু-আষাৰ কয়৷ ইয়াৰ পিছতে সভাত "অসম সমাজ, কাটাৰ"ৰ বর্তমানৰ সভাপতি দেৱজিৎ শর্মাই ভাষণ প্রদান কৰে৷ পূজা, বিহু, ঈদ আদি উদযাপনকে ধৰি ডাঃ শইকীয়াই উক্ত সমাজৰ প্রতিষ্ঠাপক সভাপতি হিচাপে বিভিন্ন ক্ষেত্রত আগবঢোৱা অৱদানৰ সবিশেষ বর্ণনা কৰি শ্রীশর্মাই ব্যক্তিগত আৰু সামাজিক উভয় ক্ষেত্রতে পোৱা সহায়ৰ কথা অৱগত কৰে৷ ইয়াৰ পিছতে ডাঃ শইকীয়াৰ চতুর্থ ভনীজোঁৱাই ৰমেন দাসে সভাত তেওঁৰ লিখিত ভাষণ পাঠ কৰি অসমীয়া জাতীয় জীৱনলৈ ডাঃ শইকীয়াৰ মহৎ অৰিহণাৰ কথা ব্যক্ত কৰে আৰু শইকীয়াৰ লেখাসমূহ বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত কৰাৰ পোষকতা কৰে৷ ভূপেন শইকীয়াৰ তাৱৈৱেকৰ পুত্র তথা শিৱসাগৰৰ উত্তৰণ যাদুঘৰৰ প্রতিষ্ঠাতা দুর্লভ বড়াই তেওঁৰ নাতিদীর্ঘ ভাষণত প্রয়াত শইকীয়াৰ আদর্শবাদী চিন্তা-চেতনা আৰু পৃথিৱীক কিবা এটা দি থৈ যোৱাৰ তাড়না সন্দর্ভত উল্লেখ কৰে৷ শইকীয়াদেৱৰ নিচেই অন্তৰংগ সমাজসেৱিকা মাধুৰী বড়াই ভাষণ প্রদান কৰি শইকীয়াৰ 'বসুধৈৱ কুটুম্বকম' মনোভাব আৰু দুখীয়া-নিছলাকে ধৰি সমাজৰ সকলো মানুহৰ প্রতি থকা দৰদ, বানসাহায্য গোট আদিত জড়িত থকাৰ প্রসংগ আৰু তেওঁৰ কিতাপসমূহ পঢ়ি হোৱা উপলব্ধি ব্যক্ত কৰে৷ 

তেওঁৰ পিছতে সমাজকর্মী তথা লেখক ব্রজেন মহন্তই ডাঃ শইকীয়াৰ স্মৃতিচাৰণ কৰি তেওঁক ভ্রমণবিলাসী, জ্ঞানপিপাসু, সমাজদায়বদ্ধ বিজ্ঞানমনস্ক লোক আৰু অসাধাৰণ কর্মবীৰ বুলি অভিহিত কৰে৷ ইয়াৰ পিছতে সভাত প্রয়াত শইকীয়াদেৱৰ অনুৰাগী তথা নুমলীগড় নিৱাসী জনপ্রিয় কবি নিখিলেশ শর্মা, গুৱাহাটী নিৱাসী শইকীয়াদেৱৰ আত্মীয় য়াছমিন বুুাগোহাঁই আৰু সর্থেবাৰীনিৱাসী পৰম সুহৃদ ধনঞ্জয় ডেকাই নিজৰ অভিজ্ঞতাৰ বর্ণনাৰে চমু ভাষণ প্রদান কৰে৷ সদৌ শেষত পৰিয়ালৰ ফালৰ পৰা শইকীয়াদেৱৰ সহধর্মিণী শ্রীযুতা ৰুমঝুম শইকীয়া, পুত্র অর্ণৱ শইকীয়া, বোৱাৰী অনুপমা শর্মা আৰু দুই জীয়ৰী সপ্তমী শইকীয়া আৰু অভিলাষা শইকীয়াই সকলোকে শলাগৰ শৰাই আগবঢ়ায়৷ সকলোৰে হিয়াৰ আপোন হৈ সকলোকে পার্যমানে সহায় কৰি যোৱা মানুহজনৰ প্রতি সমাজৰ সকলো লোকে দেখুওৱা সন্মানত অভিভূত হৈ শ্রীযুতা শইকীয়াই চমুকৈ মাথোঁ কয়― প্রয়াত শইকীয়াৰ সজ গুণৰাজিৰ চর্চাৰে যেন আমি সকলোৱে তেখেতক সদায় জীয়াই ৰাখিব পাৰোঁ, এয়ে মোৰ আশা৷

বিকাশজ্যোতি বৰুৱা দেৱৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থখনৰ পিডিএফ ''xukhdukh.com ৰ অনলাইন পুথিভঁৰাল'ত সংৰক্ষণ কৰা হৈছে। গ্ৰন্থখনিৰ ফটোত ক্লিক কৰিলেই গ্ৰন্থখনৰ পিডিএফ পাব পাৰিব।

No comments:

Post a Comment