মনৰ কথাঃ হোমেন বৰগোহাঞি আৰু এখন বিতৰ্কিত গ্ৰন্থ "বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা" :: লোকনাথ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ হোমেন বৰগোহাঞি আৰু এখন বিতৰ্কিত গ্ৰন্থ "বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা"  :: লোকনাথ গোস্বামী

মনৰ কথাঃ হোমেন বৰগোহাঞি আৰু এখন বিতৰ্কিত গ্ৰন্থ "বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা" :: লোকনাথ গোস্বামী

Share This

হোমেন বৰগোহাঞি আৰু এখন বিতৰ্কিত গ্ৰন্থ "বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজৰিকা"

লোকনাথ গোস্বামী

প্ৰথিতযশা সাহিত্যিক, সাংবাদিক তথা কথাশিল্পী হোমেন বৰগোহাঞিৰ সৈতে আমাৰ ব্যক্তিগত চা-চিনাকি বহু পলমকৈ হয়৷ কিন্তু যেতিয়াৰে পৰা চা-চিনাকি আৰম্ভ হয়, তেতিয়াৰে পৰা আমাৰ মাজৰ সম্পৰ্ক যথেষ্ট ঘনিষ্ঠ হয়৷ তেখেতৰ সৈতে আমাৰ প্ৰথম চা-চিনাকি হোৱাৰ এক নিৰ্দ্দিষ্ট পটভূমি আছে৷ সেয়া ২০০৯ চনৰ নৱেম্বৰ মাহৰ কথা৷ তেখেতে আমাৰ অনুৰোধ মৰ্ম্মে আমাৰ এখন বিশেষ গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰিছিল৷ প্ৰথম চিনাকিৰ পটভূমি আছিল  সেয়াই৷ 

আমাৰ সেই বিশেষ গ্ৰন্থখন আছিল - “বন্দিত ভূপেনদা নিন্দিত ভূপেন হাজাৰিকা’৷ আঁক-বাক প্ৰকাশনৰ হৈ গ্ৰন্থখন প্ৰকাশ কৰিছিল সৌমিত্ৰ যোগীয়ে৷ ভূপেন হাজৰিকাৰ জীৱন কালতে তেওঁৰ জীৱনৰ আধাৰত সংকলন কৰা এইখন আছিল আমাৰ তৃতীয়খন গ্ৰন্থ৷ গ্ৰন্থখন ছপাশালৰ পৰা ওলালেই এগৰাকী বিশিষ্ট ব্যক্তিৰ হতুৱাই ৰাজহুৱা ভাৱে উন্মোচন কৰাৰ পৰিকল্পনা আমাৰ আৰম্ভণিৰ পৰাই আছিল৷ কিন্তু গ্ৰন্থখনি প্ৰকাশহৈ নোলোৱালৈকে কোনো বিশেষ ব্যক্তিৰ কথা ভৱা হোৱা নাছিল৷ গ্ৰন্থখন ওলোৱাৰ পিছতেই প্ৰকাশকে কথাটো উনুকিয়াই দিয়াত ঘপক্‌কৈ হোমেন বৰগোহাঞিৰ নামটো মনলৈ আহিল৷ প্ৰকাশক সৌমিত্ৰই বৰগোহাঞিৰ সৈতে আমাৰ ব্যক্তিগত চা-চিনাকি আছেনে নাই সোধাত,আমি একে আষাৰেই নাই বুলি ক’লো৷ “চিনাকি নাই যদি তেখেত মান্তি হব জানো ?’--সৌমিত্ৰৰ প্ৰশ্ন৷ আমি ক’লো -“চেষ্টা এটা কৰি চোৱাত আপত্তি ক’ত ?’ সৌমিত্ৰই তেখতৰ ফোন নম্বৰটো সংগ্ৰহ কৰি আমাক দিলে৷ আমি এক প্ৰকাৰ মৰসাহ কৰি হোমেন বৰগোহাঞিলৈ ফোনটো লগালো৷ তেখেতে আমাৰ ফোনটো ধৰাৰ লগে লগে এক মুহূৰ্ত্তও পলম নকৰি আমি প্ৰায় একে উশাহতে তেখেতক আমাৰ পৰিচয়টো দিলো৷ আমাৰ পৰিচয়টো দিয়াৰ অন্তত তেখেতেই আৰম্ভ কৰিলে--“মিঃ গোস্বামী, মই আপোনাক ফোন কাৰিম কৰিম বুলি ভৱিয়েই আছিলো৷ আপুনি মোৰ “মুখামুখি’ অনুষ্ঠানত এদিন অতিথি হব লাগে ৷ মই জানো, আপুনি বৰ্তমান ৰাজ্যখনৰে এগৰাকী আগশাৰীৰ সংগীত-শিল্পী৷ আপুনি অসমৰ লোকসংগীতৰো এগৰাকী গৱেষক৷ এই ক্ষেত্ৰখনত আপুনি ইতিমধ্যে বহুখিনি কামো কাৰিছে৷ মই মোৰ মুখামুখি অনুষ্ঠানত এনেবোৰ কথাই আপোনাৰ সৈতে পাতিম বুলি ভাৱিছো৷ মই সময়ত আপোনাক জনাম৷ এতিয়া আপোনাৰ কথা কওক’’৷ হোমেন বৰগোহাঞিৰ পৰা প্ৰথমটো ফোনতে ইমান আশাব্যঞ্জক সঁহাৰি পাম বুলি কল্পনাই কৰিব পৰা নাছিলো৷ মনটো আনন্দেৰে ভৰি পৰিল৷ আমি তেতিয়াই আমাৰ নৱতম গ্ৰন্থখন উন্মোচনৰ প্ৰস্তাবটো আগ বঢ়ালো৷ তেখেতে লগে লগেই সন্মতি প্ৰাদান কৰিলে আৰু পাৰিলে গ্ৰন্থখনৰ কপি এটা তেখেতক আগতীয়াকৈ দিবলৈ ক’লে৷ তেখেতৰ কথামতে পিছদিনা সৌমিত্ৰৰ বাইকত উঠি কিতাপৰ কপি এটা হাতত লৈ আমি “আমাৰ অসম’ ৰ কাৰ্যালয় ওলালোগৈ৷ অনুমতি সাপেক্ষে তেখেতক তেখেতৰ ৰুমত সোমালো৷ আমাক দেখিয়েই চিনিপালে আৰু অন্য কোনো কথাৰ অৱতাৰণা নকৰি কিতাপৰ কপিটো বিচাৰিলে৷ আমি লগে লগে কিতাপৰ কপিটো তেখেতলৈ আগ বঢ়াই দিলো ৷ কিতাপৰ কপিটো হাতত লৈ বেটুপাতৰ পৰা আৰম্ভ কৰি শেষলৈকে চকু ফুৰালে৷ সূচীপত্ৰখন পুনৰ চালে৷ তাৰ পিছত হ’ব বুলি কৈ আমাক বিদায় দিলে৷ বিদায় দিবৰ সময়ত মাথো ক’লে--“মোক আপোনালোকে প্ৰেছ ক্লাৱলৈ যোৱাৰ ব্যৱস্থাটো কৰিব লাগিব৷’ আমিও হ’ব বুলি কৈ আনন্দমনে তেখেতৰ পৰা সিদিনালৈ বিদায় ল’লো৷

সিদিনাই গধূলি সাত মান বজাত “আমাৰ অসম ৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে আমালৈ ফোন কাৰিলে৷ হঠাৎ ৰাজগুৰুৰ ফোন পাই আমি কিছু আচৰিতেই হৈছিলো৷ ৰাজগুৰুয়েক’লে-- দাদা, এটা বৰ “ইণ্টাৰেষ্টিং’ কথা ৷ আপোনালোক বৰগোহাঞি ছাৰৰ ওচৰৰ পৰা যোৱাৰ পিছত ছাৰে আমাক ৰুমলৈ মাতি পঠালে৷ আমিও সচৰাচৰ অইন দিনা যোৱাৰ দৰে গ’লো৷ তেখেতে আমাক বহিবলৈ দি ক’লে--লোকনাথ গোস্বামীয়ে তেখেতৰ নকৈ প্ৰকাশ হোৱা কিতাপ এখন আমাক উন্মোচন কৰিবৰ কাৰণে অলপ আগতে দি থৈ গ’ল৷ তাৰ পিছত আমাক কিতাপখন ওপৰে ওপৰে চাবলৈ ক’লে৷ তেখেতৰ কথামতে কিতাপখন ওপৰা-ওপৰিকৈ চোৱাৰ অন্তত ক’লে, কিতাপ খনত শ্ৰীগোস্বামীয়ে জৰুৰী কালীন সময়ৰ এটা অধ্যায় সংযোগ কৰিছে, য’ত জৰুৰী কালীন সময়ছোৱাত সেই সময়ৰ অসমৰ আগশাৰীৰ বুদ্ধিজীৱী সকলৰ ভূমিকা সম্পৰ্কে সমালোচনা এটা আগ বঢ়াইছে, য’ত তেখেতে মোকো ৰেহাই দিয়া নাই৷ কিন্তু মই যাম, তেখেতক কিতাপখন উন্মোচন কৰিম বুলি কথা দিছোঁ৷ আচলতে ৰাজগুৰু কি জানে, আমি আমাৰ জীৱন কালত নিজে নিজৰ মূল্যায়ন কৰিব নোৱাৰো৷ সময় এটা বৰ ডাঙৰ ফেক্টৰ, সময়েহে আচলতে আমাৰ জীৱনৰ সঠিক মূল্যায়ন কৰিব পাৰে, “আল্টিমে’ট জাজমেণ্ট’ দিব পাৰে৷ আপুনি কি কয়? ’ ৰাজগুৰুৱে একান্তমনে বৰগোহাঞিৰ কথাখিনি শুনিলে আৰু শেষৰ প্ৰশ্নটোৰ সৈতে সহমত প্ৰকাশ কৰি নিজৰ ৰুমলৈ আহিল আৰু আহিয়েই লগে লগে আমাৰ আগত বৰগোহাঞিৰ সেই গোটেই কথাখিনি হুবহু দোহাৰিলেহি৷


গ্ৰন্থখন উন্মোচনৰ দিনা তেখেতে বিচৰা ধৰণেই আমি সপত্নীক আমাৰ মাৰুতি কাৰখন লৈ হেঙেৰাবাৰী হাউচিং কলনি পালোগৈ ৷ আমি গৈ পোৱাৰ খবৰটো দিয়াৰ লগে লগে বৰগোহাঞিদেৱ ৰুমৰ পৰা ওলাই আহিল৷ পত্নীক পিচৰ আসনত বহিবলৈ দি তেখেতক আগৰ আসনত বহুৱাই প্ৰেছক্লাব অভিমুখে গাড়ী চলাই দিলো৷ গাড়ীত বহিয়েই তেখেতে কথা আৰম্ভ কৰিলে---“বুজিছে গোস্বামী, আজি ৰাতি পুৱাৰ পৰা মোলৈ বহু ফোন আহি আছে৷ তেখেত সকলৰ এটাই মাঁথো প্ৰশ্ন--“আপুনি গোস্বামীৰ গ্ৰন্থ উন্মোচনী সভালৈ যাবনে? আপুনি নোযোৱাই ভাল আছিল নেকি ? গোস্বামীয়ে কিন্তু এইটো ভাল কাম নকৰিলে৷ ভূপেনদা জীয়াই থকা অৱস্থাত অন্ততঃ এইটো কাম কৰিব নেলাগিছিল৷’ মই তেখেতসকলক যিমান পাৰো বুজাবলৈ চেষ্টা কৰিলো যে আপোনালোকে যি ধৰণে ভাৱিছে, কথাটো তেনেকুৱা মুঠেই নহয়৷ প্ৰথমতে ময়ো তেনেকৈয়ে ভাৱিছিলোঁ৷ কিন্তু গ্ৰন্থখন বিতংভৱে পঢ়াৰ পিচত দেখিলো, গোস্বামীয়ে বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি যথোচিত সন্মান ৰাখি, যথাসম্ভৱ নিৰপেক্ষ দৃষ্টিভংগীৰে সকলো দিশ সামৰি তেখেতৰ জীৱন কালতে এক মূল্যায়ন কৰাৰ প্ৰয়াস কৰিছে, যিটো কাম বহুতে কৰিবলৈ সাহস কৰিব নোৱাৰে৷ আপোনালোকে গ্ৰন্থখন পঢ়াৰ পিছত অনুভৱ কৰিব পাৰিব৷ ’’


আমি আগবাঢ়ি গৈ থাকিলো আৰু বৰগোহাঞি দেৱেও কথা কৈ গৈ থাকিল৷ তেখেতে আকৌ ক’লে--“আপুনি জানেনে গোস্বামী, মই ভূপেন হাজৰিকাৰ বৰ্ণাঢ্য, বিচিত্ৰ জীৱনৰ আধাৰত তেখেতৰ এখন জীৱনী লেখাৰ পূৰ্ণ প্ৰস্তুতি চলাইছিলো৷ কিন্তু সেয়া সম্ভৱ নহ'ল মোৰ বাবে৷ আৰম্ভণিতেই উজুটি খালো৷’ “ আমাৰ অসম’ কাকতত সেই বিষয়ে আপুনি বিষদভাৱে লেখা আমাৰ মনত আছে--’ বুলি আমি ক’লো৷


কথাৰ মাজতে তেখতে আমাক সুধিলে--- “আপুনি তেজপুৰৰ মানুহ বুলি মই জানো৷ তেজপুৰ মোৰ খুবেই আপোন ঠাই৷ আপোনাৰ তেজপুৰৰ কোন জেগাত ঘৰ ?’ আমি তেজপুৰৰ সমীপৱৰ্ত্তী এখন গাঁৱত বুলি কোৱাৰ লগে লগেই এক মুহূৰ্ত্তও পলম নকৰি তেখেতে ক’লে, -“আপুনি তেনেহলে বহুত ভাগ্যৱান৷ মোৰো গাঁৱতেই জন্ম৷ লক্ষীমপুৰৰ বানে গৰকা অতি পিছপৰা এটা অঞ্চল ঢকুৱাখনাৰ এখন ভিতৰুৱা গাঁৱত মোৰ জন্ম৷ আচলতে মই যিটো বুজিছো,অসমীয়া সমাজ-জীৱনৰ সাহটো গাঁৱতহে আছে৷ গাৱঁৰ জীপাল মাটি, সৰল মানুহৰ অকৃত্ৰিম মৰমে মোৰ জীৱনক এক অনন্য মাত্ৰা দিছে৷ আপুনিও নিশ্চয় মোৰ স’তে একমত হ’ব৷’


এইদৰে কথা পাতি পাতি কেতিয়া আহি প্ৰেছ ক্লাৱ পালোহি ততকে ধৰিব নোৱাৰিলো৷ প্ৰেছ ক্লাৱ প্ৰাংগণত সোমাই দেখিলো যথেষ্ট মানুহৰ সমাবেশ হৈছে৷ ধাৰণা হ’ল গ্ৰন্থখনে মানুহৰ মাজত ইতিমধ্যেই এক কৌতুহল, খু-দুৱনিৰ সৃষ্টি কৰিছে৷ কিতাপখনৰ কপি এটা উন্মোচনী সভাৰ পৰাই সংগ্ৰহ কৰাৰ হয়তো হেঁপাহ বহুতৰে৷ এটা সময়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত গ্ৰন্থখখন আনুষ্ঠানিকভৱে উন্মোচন কৰি হোমেন বৰগোহাঞিদেৱে এটি সাৰগৰ্ভ ভাষণ প্ৰদান কৰিছিল৷ সেই গুৰুত্বপূৰ্ণ ভাষণৰ সাৰমৰ্ম পিছদিনা প্ৰায় বিলাক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত বৰ বৰ হৰফেৰে প্ৰকাশ পাইছিল৷


সেই ভাষণৰে কিয়দাংশ ইয়াত সন্নিৱিষ্ট কৰা হ’ল---“-ড°ভূপেন হাজৰিকা হৈছে বিশ্বৰ মহৎ প্ৰতিভা৷ আধুনিক অসমৰ তেওঁ মহৎ তথা আটাইতকৈ জনপ্ৰিয় শিল্পী৷ আনহাতে তেওঁক বৰ্তমান যুগৰ আটাইতকৈ বিতৰ্কিত ব্যক্তি বুলি ক’লেও অত্যুক্তি কৰা নহব৷ তেওঁৰ প্ৰতি মানুহৰ আছে সীমাহীন কৌতূহল৷’ প্ৰসংগক্ৰমে তেখেতে আৰু কলে---“ভূপেন হাজাৰিকৰ জীৱনী এতিয়াও লিখা হোৱা নাই৷ ড° ভূপেন হাজৰিকাৰ অনুৰোধত তেওঁৰ জীৱনী এখন লিখাৰ আগ্ৰহ প্ৰকাশ কৰাৰ পাছতো শিল্পী গৰাকীৰ পৰা ইতিবাচক সহযোগিতা লাভ নকৰাত সেয়া হৈ নুঠিল৷ জীৱনীখন লিখিব পৰা হলে সেয়া এক নতুন ধাৰাৰ পৰীক্ষামূলক জীৱনী হলহেতেন৷ কিন্তু সেই পৰিকল্পনা বাস্তবায়িত নোহাৱাত ৰাজ্যৰ পঢ়ুৱৈ সমাজে এখন ব্যতিক্ৰমি জীৱনী গ্ৰন্থৰ পৰা বঞ্চিত হ’ল৷ মহান শিল্পী হাজৰিকাৰ মহত্বক স্বীকাৰ কৰিও এগৰাকী মানুহ হিচাবে দেখুৱাব পৰা জীৱনী এখনৰ প্ৰয়োজন আছিল৷ নানান বিতৰ্কৰ আওতাত সোমাই পৰিলেও নাইবা তীক্ষ্নভাৱে সমালোচিত হ’লেও সংস্কৃতিৰ জগত খনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভুপেন হাজৰিকা চিৰদিন নমস্য ব্যক্তি হৈ থাকিব৷ ’ এই প্ৰসংগতে তেওঁ আৰু এষাৰ তাৎপৰ্যপূৰ্ণ কথা কৈছিল---- “বিশ্বৰ অন্যতম সংগীতজ্ঞ পল ৰ’বচন বিশ্ববন্দিত হবপৰা নাই, ছেক্সপিয়াৰৰ দৰে নাট্যকাৰো বিশ্ববন্দিত হোৱা নাই৷ তেনেক্ষেত্ৰত ড° ভুপেন হাজৰিকা বিশ্ববন্দিত হ’ল কেনেকৈ? এয়া অসমীয়া মানুহৰ আত্মসন্তুষ্টিৰ বাহিৰে আৰু একো নহয়৷ লোকনাথ গোস্বামীৰ কিতাপখনত ভূপেন হাজৰিকাৰ বিতৰ্কিত জীৱনৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বিভিন্নকালৰ কথাও আছে৷ এই কথা ঠিক যে এজন মানুহৰ শ্ৰদ্ধেয় দিশ বোৰৰ লগতে তেওঁৰ দোষখিনিও আলোচিত হলেই সমাজলৈ আগবঢ়োৱা তেওঁৰ বৰঙণি, তেওঁৰ মহত্বখিনি অস্বীকাৰ কৰা নুবুজায়৷ গোস্বামীয়ে ভূপেন হাজৰিকাক শ্ৰদ্ধা সহকাৰে প্ৰাপ্যখিনি দিয়াৰ লগতে তেওঁৰ বিচ্যুতিখিনিকো নিৰ্মোহ ভাৱে উল্লেখ কৰিছে৷ যিবোৰ কাম ভূপেন হাজৰিকাই কৰিব নালাগিছিল তেও তাকো মুকলিকৈ লিখিছে৷ একে সময়তে লেখক গোস্বামীয়ে অসমীয়া সমাজখনৰো বিশ্লেষণ কৰিছে৷"


পিছদিনা বাতৰি কাকত বিলাকৰ বেচি ভাগতে গ্ৰন্থখনিৰ আনুষ্ঠানিক উন্মোচনৰ খবৰৰ লগতে হোমেন বৰগোহাঞিৰ গুৰুত্বপুৰ্ণ বক্তব্য কাকতৰ প্ৰথম পৃষ্ঠাত বৰ বৰ হৰফেৰে প্ৰকাশ পাইছিল৷ তেখেতৰ যুক্তিপূৰ্ণ মূল্যায়নে গ্ৰন্থখনিৰ প্ৰতি পঢ়ুৱৈ সমাজত ইতিমধ্যে সৃষ্টি হোৱা নানা সন্দেহ, বিভ্ৰান্তি আদি বিৰূপ ভাৱৰ যথেষ্ঠ পৰিমানে অৱসান ঘটালে৷ পিছত দেখিলো পঢ়ুৱৈ সমাজে গ্ৰন্থখনি ভালেই আদৰি লৈলে৷ সেই দিনটোৰ পিছৰ পৰাই হোমেন বৰগোহাঞিৰ সৈতে আমাৰ আপোনত্ব বহুগুণে বৃদ্ধি পালে৷ যিটো কাৰণে আমাৰ দ্বিতীয় খন গৱেষণামূলক গ্ৰন্থ “অসমীয়া আধুনিক সংগীতৰ ইতিহাস’’ খনো তেখেতৰ দ্বৰাই উন্মোচন কৰোৱা হ’ল আৰু তেখেতেও অতি আগ্ৰহেৰে আমাৰ অনুৰোধ ৰক্ষা কৰি আমাক পুনৰবাৰ কৃতাৰ্থ কৰিছিল৷ কেৱল সেয়ে নহয়, বৈদ্যুতিন মাধ্যমৰ দ্বাৰা সম্প্ৰচাৰিত তেখেতৰ দুটা জনপ্ৰিয় অনুষ্ঠান “মুখামুখি’’ আৰু “কথা- বাৰ্তা’’লৈকো আমাক আমন্ত্ৰণ জনাইছিল৷


হোমেন বৰগোহাঞি, এই মানুহজনক ওচৰৰ পৰা লগ পোৱাৰ আগলৈকে আমি তেখেতক এজন বৰ আত্মকেন্দ্ৰিক আৰু অহংকাৰী মানুহ বুলি মনতে ভাৱি আছিলো৷ কিন্তু ওচৰৰ পৰা পোৱাৰ পিছত সেই ধাৰণা আমাৰ ভুল আছিল বুলি পতিয়ন যাবলৈ বাধ্য হ’লো৷ সচাকৈয়ে, হোমেন বৰগোহাঞি অনন্য, অসাধাৰণ ব্যক্তিত্বৰ মানুহ।

No comments:

Post a Comment