আনপ্লাগডঃ ধনী হোৱাৰ সাধনা আৰু ব্যক্তিগত বিত্তীয় অনুশাসন :: আশ্বিক জামান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আনপ্লাগডঃ ধনী হোৱাৰ সাধনা আৰু ব্যক্তিগত বিত্তীয় অনুশাসন :: আশ্বিক জামান

আনপ্লাগডঃ ধনী হোৱাৰ সাধনা আৰু ব্যক্তিগত বিত্তীয় অনুশাসন :: আশ্বিক জামান

Share This
ধনী হোৱাৰ সাধনা আৰু ব্যক্তিগত বিত্তীয় অনুশাসন  আশ্বিক জামান, HOW TO GROW RICH, xukhdukh

 ধনী হোৱাৰ সাধনা আৰু ব্যক্তিগত বিত্তীয় অনুশাসন 

আশ্বিক জামান

(১)

অসমীয়া ভাষাত এষাৰ কথা আছে- 'পিটা ঢোল খিকিন্দায়, যি এদিন যায়'! ইয়াৰ অৰ্থ হৈছে যে, আজি যি আৰ্জিছে, যি পাইছে সকলো স্ফুৰ্তি কৰি বৰ্তমানতেই খৰছ কৰি পেলোৱাৰ মানসিকতা। হাতত পোৱাখিনিকলৈয়ে যি এদিন যায়, আনন্দৰে কটোৱাৰ মানসিকতাত পাহৰি যায় 'ভৱিষ্যত'ৰ কথা ভাবি কৰিব লগা সঞ্চয়ৰ সাধাৰণ 'তাড়ণা'কনৰ কথাও....
ধনী হোৱাৰ সাধনা আৰু ব্যক্তিগত বিত্তীয় অনুশাসন  আশ্বিক জামান, HOW TO GROW RICH, xukhdukh
হয়, আমাৰ সৰহ ভাগ মানুহৰে চেভিং আৰু ইনভেষ্টমেন্টৰ কোনো অভ্যাস নাই। সাধাৰণ চাকৰি কৰি, সৰু ব্যৱসায় কৰিও আপুনি ধনী হব পাৰিব যদিহে আপুনি বিত্তীয় অনুশাসন অৰ্থাৎ কিছু ফাইনেঞ্চিয়েল ডিচিপ্লিন পালন কৰে। বিত্তীয় অনুশাসনৰ এটা জনপ্ৰিয় ফৰ্মূলা হ'ল ৫০-৩০-২০ । এই ফৰ্মূলাটো জীৱনত পালন কৰিব পাৰিলে ১০-১৫ বছৰৰ ভিতৰত আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ অভাৱনীয় পৰিবৰ্তন হব। ফৰ্মূলাটো হ'ল আপুনি যিমান ইনকাম কৰে তাৰ ৫০ শতাংশ সংসাৰৰ প্ৰয়োজন যেনে খোৱা, পিন্ধা, শিক্ষা, বিল দিয়া ইত্যাদিত খৰচ কৰক। ইনকামৰ ৩০ শতাংশ চেভিংচ কৰক। এই চেভিংচৰ পৰাই কেতিয়াবা মটৰ চাইকেল কিনিলে, কেতিয়াবা গাড়ীৰ ডাউন পেমেন্ট দিলে, সপৰিয়ালে ফুৰিব গ'ল। বাকী ২০ শতাংশ নিয়মিত ইনভেষ্ট কৰক। মিচুৱেল ফান্ড, পিপিএফ, এনপিএফ, চৰকাৰী বন্ড, ইকুইটি আদি অসংখ্য অপশ্বনচ আছে ইনভেষ্ট কৰাৰ। আপোনাৰ সুবিধা আৰু ৰিক্স ফেক্টৰ চালি জাৰি ইনভেষ্ট কৰক। আপুনি যদি মাহত ৫ হেজাৰ টকাও চিষ্টেম্যাটিকেলি ইনভেষ্ট কৰে তেন্তে ১৫-২০ বছৰৰ ভিতৰত আপুনি কোটি টকালৈকে অৰ্জন কৰিবলৈ সক্ষম হব পাৰে। মাহত ৫০০ টকা ইনভেষ্ট কৰিলেও কিছু বছৰ পাছত আপোনাৰ হাতত এক বৃহৎ পুঁজি জমা হব। যিসকলে নতুনকৈ চাকৰি বা ব্যৱসায় আৰম্ভ কৰিছে তেওঁলোকে এই বিষয়ে আজিয়ে চিন্তা কৰক কাৰণ যিমান কম বয়সত আৰম্ভ কৰিব সিমান বেছি ধনী হবলৈ সক্ষম হব।

আৰু এষাৰ কথা আমি জীৱনত মনত ৰাখিব লাগিব, আপুনি কিমান আৰ্জন কৰিছে, সিয়ে আপোনাৰ জীৱনৰ মান নিৰ্ণয় নকৰে। আপুনি যিমানকনেই আৰ্জন নকৰক লাগিলে, সেই ধন কি ধৰণেৰে ব্যৱহাৰ কৰিছে, তাৰ ওপৰতহে আপোনাৰ বৰ্তমান আৰু ভৱিষ্যতৰ মানদণ্ড নিৰ্ভৰ কৰে। সেয়ে বন্ধু সকলক, তলৰ পৰামৰ্শখিনি পঢ়াৰ আগতে এই কথাখিনি মনৰ মাজত স্পষ্ট হৈ লবলৈ আহ্বান জনালো।

(২)
আপুনি সৰু-বৰ ব্যৱসায় কৰে, বা ডাঙৰ চাকৰি কৰে, তথাপি যিমান ইনকাম কৰে তাৰে চেভিংচ একেবাৰে নহয়? ভৱিষ্যতৰ কথা ভাবিলেই ভয় লাগে ? তেন্তে এই লেখাটি আপোনাৰ বাবেই। ধৰা হ'ল আপোনাৰ বয়স ৩৫ হৈ গৈছে, মাহিলী ইনকাম কম, মাহৰ শেষত বেছি চেভ কৰিব নোৱাৰে। চিন্তা নকৰিব যদি তলত দিয়া পৰামৰ্শ কেইটা পালন কৰিব পাৰে তেন্তে আগন্তুক ১০-১৫ বছৰত আপোনাৰ হাতত এক বৃহৎ পুঁজি জমা হব। পৰামৰ্শ কেইটা শুনাৰ আগত এই দুটা কাম কৰি লওক।

কোনো বেংকত আপোনাৰ নিশ্চয় চেভিংচ একাউন্ট আছে, সেই বেংকত গৈ খবৰ লওক যে আপোনাৰ একাউন্টটো প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ সৈতে সংযোগ কৰা হৈছে নে নাই? সংযোগ কৰিবলৈ আপোনাৰ সন্মতিৰ প্ৰয়োজন হয়, কনফাৰ্ম কৰক আপুনি সন্মতি দিছে নে নাই। প্ৰথমটো বীমা যোজনাৰ বাবদ আপোনাৰ একাউন্টৰ পৰা বছৰত মাত্ৰ ৩৩০ টকা প্ৰিমিয়াম কাটিব কিন্তু তাৰ বিনিময়ত আপোনাৰ যদি কিবা কাৰণত মৃত্যু হয় আপোনাৰ পৰিয়ালে লাভ কৰিব ২ লাখ টকা। কৰোণাই প্ৰমান কৰিছে কিদৰে হঠাৎ মানুহৰ মৃত্যু হব পাৰে। গতিকে যদি আপুনি কোনো জীৱন বীমা কৰোৱা নাই তেন্তে ইয়াতকৈ কম সহজলভ্য জীৱন বীমা আৰু নেপাব।

দ্বিতীয়টো বীমা যোজনাৰ বাবদ আপোনাৰ একাউন্টৰ পৰা বছৰে মাত্ৰ ১২টকা কাটিব আৰু তাৰ বিনিময়ত আপুনি যদি দুৰ্ঘটনাগ্ৰস্থ হৈ সম্পূৰ্ণ ৰূপে বা আংশিক ভাবে পঙ্গু হৈ যায় তেন্তে ক্ৰমে ২ লাখ আৰু এক লাখ টকা লাভ কৰিব। দুৰ্ঘটনাত আপোনাৰ মৃত্যু হলে পৰিয়ালে লাভ কৰিব ২ লাখ টকা। যদি আপুনি কোনো স্বাস্থ্য বীমা কৰা নাই তেন্তে ইয়াতকৈ সহজলভ্য দুৰ্ঘটনা বীমা আৰু নাই।

এতিয়া অহা যাওক বিত্তীয় পৰামৰ্শ সমূহলৈ।

পৰামৰ্শ এক
আজিৰে পৰা দৈনিক ১০০ টকা এটা সঞ্চয় কৰক। তাৰ বাবে বাকচ (পিগি বেংক) আদি ব্যৱহাৰ কৰিব পাৰে। মুঠতে মাহৰ শেষত আপোনাৰ হাতত যাতে ৩০০০ টকা গোট খায় ইনভেষ্ট কৰিবলৈ সেই কথা আপুনি নিশ্চিত কৰিব লাগিব। প্ৰথম পৰামৰ্শটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ মাহৰ শেষত যদি আপোনাৰ হাতত ইনভেষ্ট কৰিবলৈ টকা নেথাকে তেন্তে বাকী পৰামৰ্শ কেইটা কোনো কামত নাহিব। আপোনাৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতিও সম্ভৱ নহব।

পৰামৰ্শ দুই
যদি আপোনাৰ কোনো কণ্যা সন্তান আছে তেন্তে নিজকে ভাগ্যবান বুলি ভাবক।কাৰণ আপোনাৰ কণ্যা সন্তানৰ বয়স যদি ১০ বছৰৰ তলত তেন্তে আপুনি সুকণ্যা সমৃদ্ধি যোজনাৰ সুবিধা গ্ৰহন কৰিব পাৰিব। মই পৰামৰ্শ দিম যে আপুনি মাহেকত ইনভেষ্ট কৰিবলৈ যোগাৰ কৰা ৩ হেজাৰ টকাৰ ২ হেজাৰেই এই যোজনাত ইনভেষ্ট কৰক। যদি আপুনি এই মাহৰে পৰা প্ৰতিমাহে দুহেজাৰ টকা আপোনাৰ কণ্যা সন্তানৰ নামত উপৰোক্ত যোজনাত আগন্তুক ১৫ বছৰ ইনভেষ্ট কৰি যায় তেন্তে আপোনাৰ কণ্যা সন্তানৰ বয়স যেতিয়া ২১ বছৰ হব আপুনি লাভ কৰিব সৰ্বমুঠ প্ৰয়া ১০ লাখ ১৮ হেজাৰ টকা। যিহেতু চৰকাৰী যোজনা, গতিকে আপোনাৰ ইনভেষ্টমেন্টৰ কোনো ৰিস্ক নাই বুলিব পাৰি।

তৃতীয় পৰামৰ্শ
কণ্যা সুৰক্ষা যোজনাত মাহেকত দুহেজাৰ টকা জমা কৰোৱাৰ পাছতো আপোনাৰ হাতত থাকি যাব এহেজাৰ টকা। এই এহেজাৰ টকা আপুনি প্ৰতিমাহ Public Provident Fund (PPF) ত ইনভেষ্ট কৰিব পাৰে। PPF ৰিস্ক-ফ্ৰী আৰু চৰকাৰৰ গেৰান্টী যুক্ত, গতিকে আন ইনভেষ্টমেন্টৰ সৈতে জড়িত থকা ৰিক্স প্ৰায় নাই বুলিব পাৰি, নিবেশ কৰি আপুনি নিশ্চিত থাকিব পাৰিব। ১২ বছৰ আপুনি এইদৰে প্ৰতিমাহ এহেজাৰ টকাকৈ ইনভেষ্ট কৰিলে, ১৫ বছৰৰ মূৰত আপুনি সৰ্বমুঠ প্ৰায় ৩.২৫ লাখ টকা লাভ কৰিবলৈ সক্ষম হব।

কিন্তু আপুনি যদি অলপ ৰিক্স লবলৈ প্ৰস্তুত তেন্তে Systematic Investment Plan (SIP) পদ্ধতিত কোনো লাৰ্জ কেপ মিচ্যুৱেল ফান্ডত ইনভেষ্ট কৰিব পাৰে। বৰ্তমানৰ ৰিটাৰ্ণৰ হাৰত আশা কৰিব পাৰি যে ১৫ বছৰৰ মূৰত আপুনি ৬ লাখৰ পৰা ৯ লাখ টকালৈকে পাবলৈ সক্ষম হব। কিন্তু মনত ৰাখিব এই নিবেশ সম্পূৰ্ণ বজাৰৰ দ্বাৰা নিয়ন্ত্ৰিত, গতিকে বজাৰৰ সৈতে জড়িত ৰিক্স থাকিব।

চতুৰ্থ পৰামৰ্শ
যদি আপোনাৰ কণ্যা সন্তান নাই অথবা আপোনাৰ কণ্যা সন্তানৰ বয়স ১০ বছৰতকৈ অধিক, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ মাহিলী জমা কৰা ৩০০০ টকাৰ পৰা ২০০০ টকা PPF ত নিবেশ কৰক আৰু বাকী ১০০০ টকা ওপৰত কোৱা ধৰণে SIP ত নিবেশ কৰক। ১৫ বছৰৰ পাছত ইনশ্বাআল্লাহ আপোনাৰ হাতত কমেও ১২ লাখ টকাৰ পৰা ১৯ লাখ টকালৈকে জমা হব বুলি আশা কৰিব পাৰি।

গতিকে বন্ধুসকল, আপুনি যদি দৈনিক মাত্ৰ ১০০ টকা এটাও সঞ্চয় কৰিবলৈ সক্ষম হয় আৰু সেই সঞ্চয়ক চিন্তা-চৰ্চা কৰি ইনভেষ্ট কৰে তেন্তে মাত্ৰ ১০০ টকাৰ দৈনিক সঞ্চয়ৰ পৰাই আপুনি এক বৃহৎ পুঁজি গঠন কৰিবলৈ সক্ষম হব।

জীৱনৰ অৰ্থনীতি শিতানৰ আন আন লেখা পঢ়িবৰ বাবে ক্লিক কৰক তলৰ সূত্ৰঃ
লেখকৰ আন আন প্ৰকাশিত লেখা 'আনপ্লাগড' পঢ়িবৰ বাবে ক্লিক কৰক তলৰ সূত্ৰঃ

No comments:

Post a Comment