মনৰ কথাঃ আকৌ ১৯৫১ৰে নতুন NRC, হিতাধিকাৰীৰ মধুচন্দ্ৰিকা আৰু প্ৰসংগ ৰামদেৱ ইত্যাদি :: ডা° নভনীল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ আকৌ ১৯৫১ৰে নতুন NRC, হিতাধিকাৰীৰ মধুচন্দ্ৰিকা আৰু প্ৰসংগ ৰামদেৱ ইত্যাদি :: ডা° নভনীল বৰুৱা

মনৰ কথাঃ আকৌ ১৯৫১ৰে নতুন NRC, হিতাধিকাৰীৰ মধুচন্দ্ৰিকা আৰু প্ৰসংগ ৰামদেৱ ইত্যাদি :: ডা° নভনীল বৰুৱা

Share This
আকৌ ১৯৫১ৰে নতুন NRC, হিতাধিকাৰীৰ মধুচন্দ্ৰিকা আৰু প্ৰসংগ ৰামদেৱ ইত্যাদি, xukhdukh
আকৌ ১৯৫১ৰে নতুন NRC, হিতাধিকাৰীৰ মধুচন্দ্ৰিকা আৰু প্ৰসংগ ৰামদেৱ ইত্যাদি
ডা° নভনীল বৰুৱা
(১)
আজি কিছু দিন আগেয়ে ঘোষণা কৰা হ’ল যে অসম চৰকাৰে ১৯৫১ চনক ভিত্তি কৰি নতুন এনআৰচি কৰিব৷ আশা কৰা মতেই বিভিন্ন প্ৰতিক্ৰিয়া আহি গ’ল আৰু "নতুন মুখ্যমন্ত্ৰী" তেখেতৰ উদ্দেশ্যত সফল হ’ল৷ উদ্দেশ্যৰ কথা ক’ম বাৰু কিন্তু নতুন এন আৰ চিৰ ৰাজনীতিবিদে নোকোৱা বাস্তৱিক কথা আগতে কওঁ৷
আকৌ ১৯৫১ৰে নতুন NRC, হিতাধিকাৰীৰ মধুচন্দ্ৰিকা আৰু প্ৰসংগ ৰামদেৱ ইত্যাদি, xukhdukh
১) এন আৰ চি ৰাষ্ট্ৰীয় মহাপঞ্জীয়কৰ দায়িত্ব, অসম চৰকাৰে কৰো বুলিলেই কৰিব নোৱাৰে ৷ অসমত যি প্ৰথম এন আৰ চি আছিল, সেইয়া ৫১ চনৰ ভিত্তিত কৰা হৈছিল৷ বৰ্তমান যি এন আৰ চি কাৰ্য্যলয় আছে, সেইয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় মহাপঞ্জীয়কৰ তত্বাবধানত অসম চৰকাৰৰ সহায়ত গঠন কৰা হৈছে৷ সেইয়ে , অসম চৰকাৰৰ কৰ্তৃত্ব সীমিত৷ অসম চৰকাৰে কৰো বুলিলেই নতুন এন আৰ চি কৰিব নোৱাৰে ৷

২) ২০১৯ত যি এনআৰচি প্ৰকাশ হ’ল, সেইখন উচ্চতম ন্যায়ালয় তথা ৰাষ্ট্ৰীয় মহাপঞ্জীয়কৰ সম্পত্তি ৷ এইখন নাকচ কৰিবলৈ, উচ্চতম ন্যায়ালয়ৰ অনুমতি লাগিব৷ অসম চৰকাৰে কৰো বুলিলেই কৰিব নোৱাৰে ৷

৩) অসমত ভিত্তি বছৰ ১৯৭১ ভাৰতীয় সংবিধানৰ অন্তৰ্গত ৰাষ্ট্ৰীয় নাগৰিকত্ব অধিনিয়ম অনুযায়ী হয়৷ তাক ১৯৫১ কৰিবলৈ হ’লে সংবিধান সংশোধন কৰিব লাগিব৷

৪) জন্ম সূত্ৰে কোনে ভাৰতীয় নাগৰিক হ’ব, সেই কথা ও সংবিধানৰ মতে স্পষ্ট৷ তেনে লোকক নাগৰিকপঞ্জীৰ পৰা বাহিৰ কৰিব নোৱাৰিব৷ তাত ৫১ বা ৭১ নেখাটে !

৫) ভিত্তি বৰ্ষ ৭১ বৈধ নে অবৈধ , তাৰ ওপৰত উচ্চতম ন্যায়ালয়ত অসম সন্মিলিত মহাসংঘৰ গোচৰ চলি আছে৷ এটা গোচৰাধীন বিষয়ত অসম চৰকাৰে এক পক্ষীয় সিধান্ত ল’ব নোৱাৰে ৷

এই খিনিতে এই কথাটো ও উল্লেখনীয় যে ভাজপাকে আদি কৰি ৫১’ৰ ৰাগ-আলাপ কৰা কোনেও অসম সন্মিলিত মহাসংঘক উচ্চতম ন্যায়ালয়ৰ কেচৰ ক্ষেত্ৰত কিন্তু আৰ্থিক সহায় আগবঢ়োৱা নাই !!

৬) ১৯৫১ৰ পৰা১৯৭১লৈ অসমত লোকপিয়ল তথ্য অনুযায়ী পূৰ্ব পাকিস্তানৰ পৰা ১২ লাখ হিন্দুৰ অনুপ্ৰবেশ হৈছিল আৰু নগণ্য সংখ্যক মুছলমানৰ অনুপ্ৰবেশ হৈছিল ৷ কথাষাৰ এই কাৰণেই বিস্বাস কৰো যে অসমত তেতিয়া PIP scheme আছিল, মুখ্যমন্ত্ৰী সকলৰ মিঞা বৰ প্ৰিয় নাছিল আৰু ভাৰত পাকিস্তান সীমা ভাৰতীয় সৈন্যৰ নজৰত আছিল বাবে শত্ৰু ৰাষ্ট্ৰৰ পৰা অনুপ্ৰবেশ সহজ নাছিল৷ স্মৰ্তব্য যে ৭১’ৰ আগত পৃথিৱীত কোনো বাংলাদেশী নাছিল, আছিল পূৱ-পাকিস্তানীহে!!

৭) ৭১ চনৰ আগতে অনুপ্ৰবেশ কৰা লোক সকলৰ বহুজনৰ ইতিমধ্যে মৃত্যু হ’ল বা বৃদ্ধ হ’ল ৷ তেনে মানুহৰ নাম কাটিলেও নিৰ্বাচনত বৰ বিশেষ প্ৰভাৱ নপৰে৷ আৰু তেনে লোকৰ সন্তান সকলে আইন মতে ভাৰতীয় নাগৰিকত্ব পালেই ! উল্লেখযোগ্য যে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী সেই একেই আইন অনুযায়ী ভাৰতীয় নাগৰিক ৷

৮) ভিত্তিবৰ্ষ ৭১ৰ পৰা ৫১ কৰিলে যি সকল হিন্দুৰ নাম এনআৰচিৰ পৰা কটা যাব, তেওঁলোকৰ কি হ’ব? কাৰণ, নাগৰিকত্ব সংশোধনি আইন ২০২০’ৰ অধিনিয়ম আজিও ঘোষণা নাই হোৱা আৰু বংগত নিৰ্বাচন হৰাৰ পাচত হোৱাৰ আশা ও ক্ষীণ! (শেহতীয়াকৈ দুখনমান ৰাজ্যৰ বাবে নটিফিকেচন জাৰি হৈছে)

৯) যি সকলে ইমান বিশ্বাসেৰে কয় যে এন আৰ চি ২০১৯ খনত ভুল আছে , তেওঁলোকে কি তথ্যৰ ভিত্তিত তেনে কথা কয়? যদি তথ্য আছিলেই , কি কাৰণত দুটা সুযোগ পাই ও আপত্তি দাখিল নকৰিলে ? কি ভিত্তিত ১০%, ২০% পুনৰ নিৰীক্ষন দাবী কৰা হয়?

১০) এই এনআৰ চি ২০১৯ বহু টকা ধন-জন খৰছ কৰি যুগুতোৱা হৈছিল৷ ধনেই হেনো প্ৰায় ১৬০০কোটিৰ ব্যয়!! যদি সেই খন ভুলেই , সেইখন প্ৰস্তুত কৰা সকলৰ কোনো জৱাবদিহি ন’হব নেকি? ভাজপা চৰকাৰে দিয়া অসম চৰকাৰৰ ৫৫ হেজাৰ কৰ্মচাৰীয়ে এই কাম কৰিছিল , তদানিন্তন মুখ্য মন্ত্ৰী সোনোৱালৰ কোনো vicarious liability নেথাকিব নেকি ? আকৌ ৰাইজৰ ধন খৰছ কৰাৰ আগতে আগৰ অপব্যায়ৰ দায়িত্ব কোনে ল’ব ?

এই কথা স্পষ্ট যে, না হিমন্ত বিশ্ব শৰ্মা না হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই কৰো বুলিলেই নতুন এনআৰচি কৰিব নোৱাৰে আৰু কিবা কৈ কৰিলেও অসমৰ জনগাঁঠনিত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে ৷ এই ঘোষণাৰ নিহিত উদ্দেশ্য বেলেগ আৰু কেইবাটাও লক্ষ্য সাধনৰ বাবেহে!! ইয়াৰ দ্বাৰা ৰাইজৰ দৃষ্টি মূল্যবৃদ্ধি , নতুন স্বাস্থ্য মন্ত্ৰীয়ে আগৰ কিছু ব্যৰ্থতা ফাদিল কৰা, হিতাধিকাৰীৰ মধুচন্দ্ৰিকাৰ অন্ত ইত্যাদি কথাৰ পৰা আঁতৰ কৰাটো ৷

লগতে এই কথাৰ পৰা ও ৰাইজৰ দৃষ্টি আঁতৰোৱা হৈছে যে যিমানেই সফলতাৰ ডংকা নবজাওক , দলৰ আসনৰ সংখ্যা নেবাঢ়িল ইমান টকা পয়ছা খৰছৰ স্বত্তেও ৷ (উজনিত ভোট বিভাজন নোহোৱা হ’লে যে কি বিপদ আছিল, সেইয়া দলে বুজি দলৰ অন্তৰ মহলত বুথ পৰ্যায়ত পৰ্য্যালোচনাৰ সমিতি গঠন কৰিছে৷ )। ভাবকচোন, ১০০+ টো এটা প্ৰহসন হৈ ৰ’ল, অথচ কোনেও এতিয়া সেই শব্দশাৰী মনত পেলাই চাবলৈকে নোখোজে।
মুছলমান ভোট অলপো নোপোৱাৰ বাবে , তেওঁলোককো সন্ত্ৰস্ত কৰিবলৈ এই নতুন এনআৰচিৰ কথা উলিওয়া হৈছে , যাতে ভয়ত ২০২৪ত আত্ম-সমৰ্পণ কৰে ৷

শেষত যি সকলে ১৯৫১ কৰিলে হঠাৎ অসমত মুছলমান বা মিঞা কমি যাব বুলি দিবাস্বপ্ন দেখি আছে , তেওঁলোকক কওঁ ,অসমত ১ কোটি বেছি মুছলমান আছে ৷ নাই কমেও ৭০- ৮০ লাখ মিঞা আছে ৷ ইমান ডাঙৰ সংখ্যাৰ জনসংখ্যা মাৰি পেলাব পাৰিব নি খেদি দিব পাৰিব ? ভাজপা আৰু ১০ বাৰ চৰকাৰ গঠন কৰিলেও একো কৰিব নোৱাৰে মাথো ভয় খুৱাই মুনাফা লুটিব পাৰিব৷

আনকি সমষ্টি পুনৰ্নিৰ্ধাৰণেৰেও খুব সাংঘাটিক পৰিবৰ্তন কৰিব নোৱাৰে ৷

সেইয়ে একেলগে মিলিজুলি সংবিধানৰ আইনৰ শাসনত সহৱস্থানেৰে থকাৰ বাহিৰে কোনো ৰাস্তা নাই ! জন্ম নিয়ন্ত্ৰণ, বাল্য বিবাহ ৰোধ , শিক্ষাৰ সম্প্ৰসাৰণেৰে মোল্লা মাতব্বৰৰ ঋণাত্মক প্ৰভাৱ নিয়ন্ত্ৰণ, আমাৰ ভাষা সংস্কৃতিৰে বৃহত্তৰ অসমীয়া সমাজত বিলীন কৰাৰ প্ৰক্ৰিয়াৰ বাদে মই অন্য বাস্তৱিক ৰাস্তা দেখা নাই ৷ কোনোবাই অন্য কিবা উপায় জনালে উপকৃত হ’ম ৷
এই কথা আমি স্বীকাৰ কৰি লবই লাগিব যে, হিন্দু মুছলমানৰ খেলাৰে আমি বহু পিছুৱাই গৈছো ৷ কাৰোবাৰ অপ্ৰিয় হলেও এই সত্যক স্বীকাৰ কৰি আগুৱাৰ বাহিৰে অন্য পথ নাই ৷ সকলো পক্ষ আগুৱাই আহিব লাগিব, অকল এটা পক্ষই হাত আগ বঢ়ালে ন’হব৷
(২)
চিকিৎসকৰ প্ৰতি -অথ: ৰামদেৱ
এই যে বাবা ৰামদেৱ নামৰ ব্যৱসায়ী গৰাকীয়ে যে প্ৰতিষ্ঠিত এলোপেথিক তথা আন চিকিৎসা বিজ্ঞান সম্পৰ্কত কিবা কিবি প্ৰলাপ বৰিষণ কৰিছে, সেই বিষয়ত মই ভাবো যে, চিকিৎসক বা চিকিৎসকৰ সন্থা সমূহ ইমান উত্তেজিত হোৱাৰ কোনো কাৰণ নাই। ৰামদেৱ বা সেই জাতৰ ভণ্ড কিছুমানৰ চাউল কঠা অকল আমাক বা আমাৰ পদ্ধতিক গালি পাৰিয়েই চলি আছে। পাৰিবলৈ দিয়ক, সেয়া তেওঁলোকৰ ব্যৱসায়ীক পলিচি। প্ৰতিষ্ঠিত চিকিৎসা বিজ্ঞানৰ ওপৰত প্ৰশ্নবোধক নলগালে বিকল্প চিকিৎসা পদ্ধতিৰ নামত তেওঁৰ প্ৰডাক্ত গো-গ্ৰাসে কোনে গিলিব, সেই কথা সহজেও অনুমেয়!!

ৰামদেৱ আৰু তেওঁৰ নেপালী মেনেজাৰ (বালাকৃষ্ণ)ৰ নিজৰ অসুখ হওতে, এলোপেথিক চিকিৎসাৰ বাবে আমাৰেও কাষ চপা নাছিল জানো? ভাবি চাওকচোন, আৰু আমাৰ এই আচাৰ্য্যটোক যিবোৰ টিভি চেনেলে দেখুৱায়, পতঞ্জলিৰ চিকিৎসা সেই চেনেলৰ মালিক বা কৰ্মচাৰীয়ে লয় জানো? 

এলোপেথিক চিকিৎসা এক বিশ্বজুৰি প্ৰতিষ্ঠিত আৰু প্ৰমাণিত পদ্ধতি। আমাৰ ৰোগীৰ অভাৱ না , আমাৰ দৰে দেশত, ভাল, গুণী, অভিজ্ঞ চিকিৎসকৰ সঁচাকৈয়ে বৰ নাটনি। সেই কথা ৰাইজে বুজি উঠক, বিন্দাচ থাকক আৰু ভুকাই ভুকিবলৈ দিয়ক। অ’ আপুনি আকৌ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি ইত্যাদিৰ কথা ভাবিছে নেকি? নেভাবিব, সেইবোৰ ভাবিবলৈ দৰমহা খোৱা জনপ্ৰতিনিধি আৰু ‘সেৱক’ আছে। ডাক্তৰ মানে আপোনাৰ মোৰ কাম চিকিৎসা দিয়া হে! আমি সেইটোৰ বাবদ প্ৰফেচনেল ফীজ হিচাবেহে পইচা পাওঁ।
 
এনে ধৰণৰ আমাৰ চিকিৎসা পদ্ধতিৰ ওপৰত ওস্তাদী আগতেও মাৰিছে, ভৱিষ্যতলৈ ও মাৰিব । কোনোবা এজন অভিযন্তাই দিস্তাই দিস্তাই কাগজত কৰ্কট চিকিৎসাৰ কিমান ভুল লিখা নাছিল জানো? কিবা পৰিবৰ্তন হ’ল জানো ? 

আৰু ‘Boycott Patanjali? Seriously?? আপোনালোকে পতঞ্জলিৰ বস্তু ব্যৱহাৰ কৰে নেকি ? তেনে হলে শুনক, সেই কোম্পানীৰ বিস্কুট বনাবলৈ অসমীয়াৰ কোম্পানী ৰিপোজে প্ৰত্যাখ্যান কৰিও খিয়াতি ৰাখিহে থৈছে৷
লেখকৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ 
ক্লিক কৰক তলৰ লিংকঃ

No comments:

Post a Comment