বিশ্লেষণঃ নতুন চৰকাৰৰ 'গতিবিধি' আৰু অসমৰ ভৱিষ্যৎ :: অজন্ত কুমাৰ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ নতুন চৰকাৰৰ 'গতিবিধি' আৰু অসমৰ ভৱিষ্যৎ  :: অজন্ত কুমাৰ বৰা

বিশ্লেষণঃ নতুন চৰকাৰৰ 'গতিবিধি' আৰু অসমৰ ভৱিষ্যৎ :: অজন্ত কুমাৰ বৰা

Share This
AJANTA, অজন্ত-কুমাৰ-বৰা,ANALYSIS,বিশ্লেষণ,ARTICLE,ANALYSIS, নতুন চৰকাৰৰ 'গতিবিধি' আৰু অসমৰ ভৱিষ্যৎ
নতুন চৰকাৰৰ 'গতিবিধি' আৰু অসমৰ ভৱিষ্যৎ 
অজন্ত কুমাৰ বৰা
অসমত নতুন নেতৃত্বৰ বিজেপি চৰকাৰে এমহীয়া কাৰ্যকাল পূৰা কৰিলে। এই ক্ষণত, ৰাজনৈতিকভাৱে কম বেছি পৰিমাণে সচেতন প্ৰত্যেকজন ব্যক্তিৰ মনত আজিৰ তাৰিখত এটা প্ৰশ্নই সঘন ভূমুকি মাৰিছে । প্ৰশ্নটো হৈছে সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ কোন দিশে ? এই সন্দৰ্ভত সৰ্বানন্দ সোণোৱাল বা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যন্ত মুখ ফুটাই একো কোৱা পৰিলক্ষিত হোৱা নাই । কেৱল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে অলপতে এইবুলি মন্তব্য আগবঢ়াইছে যে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক যথা স্থানত সংস্থাপিত কৰা হ'ব ।
AJANTA, অজন্ত-কুমাৰ-বৰা,ANALYSIS,বিশ্লেষণ,ARTICLE,ANALYSIS, নতুন চৰকাৰৰ 'গতিবিধি' আৰু অসমৰ ভৱিষ্যৎ
উল্লেখ্য যে ২০১৬ ৰ অসম বিধান সভাৰ নিৰ্বাচনত 'জাতীয় নায়ক' সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ একমাত্ৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে । সেই সময়ত সোণোৱালেই আছিল সকলোৰে গ্ৰহণযোগ্য, সৰ্ব সন্মত আৰু একমাত্ৰ শক্তিশালী প্ৰাৰ্থী । কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্তি পাবৰ বাবেই অসমৰ ৰাইজে সেই নিৰ্বাচনত বিজেপি তথা মিত্ৰজোঁটৰ সপেক্ষে ৰায়দান দিছিল । তদুপৰি সোণোৱালৰ প্ৰতি গভীৰ আস্থা ৰাখি অসমৰ নৱ প্ৰজন্মই হিয়া উজাৰি বিজেপিক ভোট দিছিল আৰু আশা কৰা ধৰণেই কংগ্ৰেছক ওফৰাই মিত্ৰজোঁটৰ হাততে তুলি দিছিল শাসনৰ বাঘজৰী।

২০২১ ত কথাবোৰ পূৰ্বৰ দৰে নাথাকিল । '২১ৰ নিৰ্বাচনত বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে কাৰো নাম প্ৰক্ষেপ নকৰিলে । কাৰণ যিয়েই নহওক ২ মে'ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সাত দিন উকলি যোৱাৰ পিছতো ঘোষণা কৰা নাছিল মুখ্য মন্ত্ৰীৰ নাম। বিজেপিৰ ভিতৰত মুখ্যমন্ত্ৰীকেন্দ্ৰিক কিবা এটা যে ঘটিছে সেই কথা ৰাইজে বুজি পালে । আচৰিত কথা এয়ে যে বিজেপিৰ প্ৰায় সংখ্যক, কংগ্ৰেছৰ একাংশ আৰু অগপৰ নৱনিৰ্বাচিত বিধায়কসকলে সাংবাদিকে নোসোধাৰ আগতেই মই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছো,  হিমন্ত বিশ্বক শৰ্মাক মুখ্য মন্ত্ৰীৰ দায়িত্ব দিলে আমি ভাল পাম, সহযোগ কৰিম এই ধৰণৰ মন্তব্য আগবঢ়াবলৈ ধৰিলে। এই কথাবোৰেই মুখ্য মন্ত্ৰী সলনি হোৱাৰ কিছু ইংগিত বহন কৰিছিল যদিও অসমৰ ৰাইজে মুখ্য মন্ত্ৰী সলনি হ'বই বুলি সঠিককৈ কব পৰা নাছিল। এই কথাবোৰৰ আলোচনা বিলোচনা চলি থাকোতেই জৰুৰীভাবে সোণোৱাল আৰু ড০ শৰ্মাক দিল্লীলৈ তলব কৰিলে । দিল্লীটো মুখ্য মন্ত্ৰীকেন্দ্ৰিক বিষয়টো সমাধান নকৰি অতি চতুৰতাৰে বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে ৰাজ্যৰ বিধায়িনী দলৰ বৈঠকলৈ বল ঠেলিলে ।‌ কেন্দ্ৰীয় সমিতিৰ এই কৌশলৰ পিছতেই মুখ্য মন্ত্ৰী কোন হ'ব সেই কথাও পানীৰ দৰে স্পষ্ট আৰু ফটফটীয়া হৈ পৰিল আৰু ৯ মে'ত হিমন্ত বিশ্ব শৰ্মাই মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে ।

নিজৰ পচন্দৰ বেছিভাগ মানুহকে টিকট দি জয়ী কৰাৰ অনাৰ লগতে ৰাজ্যজুৰি বিয়পি পৰা 'কা" আন্দোলনক কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰি বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দি যোগ্য নেতা হিচাপেই কেন্দ্ৰীয় সমিতিৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ড০ হিমন্ত বিশ্ব শৰ্মাই । কা আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰাৰ কিছুদিনৰ পিছতহে মুখ্য মন্ত্ৰী সোণোৱালে ৰাজহুৱাভাৱে আত্ম প্ৰকাশ কৰিছিল । সেই কথাটো অমিত শ্বাহৰ চকুত নপৰাকৈ থকা নাছিল । অসমৰ সমষ্টিয়ে সমষ্টিয়ে তীব্ৰ নিৰ্বাচনী প্ৰচাৰ কৰি " আহিছে আহিছে হিমন্ত আহিছে " গীতৰ তালে তালে নিজৰো প্ৰচাৰ অব্যাহত ৰখা এইগৰাকী সুচতুৰ নেতাৰ কৌশলী ৰাজনীতি বুজাই হয়তো ঠিকেই বুজিছিল । অসমৰ প্ৰতিটো স্পৰ্শকাতৰ বিষয়ত মুখ্য মন্ত্ৰীতকৈ আগেয়ে মন্তব্য দিয়া হিমন্ত বিশ্বক শৰ্মাক বিধায়িনী বৈঠকে যোগ্য বা দক্ষ হিচাপেই উপযুক্ত মৰ্যাদা দিয়াত ক'ব লগা একো নাই যদিও সোণোৱালক অপদাৰ্থ বা অযোগ্য হিচাপে স্বীকৃতি দিয়া হ'ল নেকি এইটোহে এতিয়া সবাতোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বা বিষয় হিচাপে চিহ্নিত হৈছে ।

নিজৰ ৰাজ্য, প্ৰজা বা নিজকে ৰক্ষা কৰিবৰ বাবে বহু ৰজাই ৰাজধানীৰ চৌপাশে গড় বান্ধিছিল। নক'লেও হ'ব সৰ্বানন্দ সোণোৱাল এই ক্ষেত্ৰত পূৰামাত্ৰাই ব্যৰ্থ হ'ল। বহু আগৰে পৰা কেন্দ্ৰীয় সমিতিৰ প্ৰবীণ নেতাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকাৰ পিছতো নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সুৰক্ষাৰ বাবে বৰ বেছি চিন্তা নকৰিলে সোণোৱালে। বোধহয় ভাবিছিল অসমত বিজেপিক শিপাবলৈ সুবিধা দিয়াৰ বাবে তেওঁকেই কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিব। কিন্তু অমিত শ্বাহৰ অংক আছিল বেলেগ ধৰণৰ। ভৱিষ্যতৰ প্ৰধান মন্ত্ৰী পদৰ বাবে নিজকে প্ৰক্ষেপ কৰিব লগা শ্বাহে উত্তৰ-পূবৰ লোকসভাৰ আসন কেইখনৰ কথা মনত ৰাখিয়েই হিমন্ত বিশ্বক শৰ্মাক অসন্তোষ্ট কৰাৰ সাহস যেন কৰিব নোৱাৰিলে । প্ৰায় ক্ষেত্ৰতে হিমন্ত- নিৰ্ভৰ হোৱাৰ বাবেই সোণোৱালে এইবাৰ মুখ্যমন্ত্ৰী আসনখন নিজৰ বাবে সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলে বুলিও ভবাৰ থল আছে । এক সমৰ্থিত তথ্য অনুসৰি বিজেপিৰ বিধায়কসকলে সোণোৱালক লগ কৰিবলৈ গ'লেও বহু সময় অপেক্ষা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল । এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা আছিল সম্পূৰ্ণ বিপৰীত।

প্ৰথমবাৰ সোণোৱালৰ কান্ধত বন্দুক থৈয়ে অসমত খোপনি পুতিবলৈ সক্ষম হোৱা বিজেপিৰ আচলতে আচল এজণ্ডা কি এই কথাবোৰ লাহে লাহে স্পষ্ট হ'ব ।‌ পৰৱৰ্তী সময়ত ৰাজ্যিক বিজেপিত দুটা ফৈদৰ সৃষ্টি হ'ব নেকি ? সোণোৱালে উপযুক্ত মৰ্যাদা পাবনে ? কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰিত্ব পালেও উপযুক্ত বিভাগ পাবনে ? অহা পাঁচ বছৰত নতুন মুখ্য মন্ত্ৰী গৰাকীয়ে কি দৰে অসমক শাসন কৰিব ? এই ধৰণৰ কিছু প্ৰশ্নই সকলোৰে মনত দোলা দি আছে যদিও উত্তৰ কাৰো হাততে নাই । এই ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব কেৱল সময়ে । সময়লৈ বাট চোৱাৰ বাদে আমাৰ হাতত এতিয়া অন্য কোনো উপায় নাই ।

ইফালে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰ এমাহ অতিক্ৰম কৰিছে । এমহীয়া বৰ্ষপুৰ্তিত চৰকাৰখনলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছো । নতুন চৰকাৰ এখনৰ এমহীয়া গতি বিধি পৰ্যবেক্ষণ কৰি পাঁচ বছৰীয়া কাৰ্যকালত কি কৰিব সেই বিষয়ে আজিয়েই নিশ্চিতকৈ একো ক'ব নোৱাৰি । তথাপি আশাকৰো নতুন চৰকাৰখনে খিলঞ্জীয়া নাগৰিকৰ আশা আকাংক্ষাক গুৰুত্ব দি কাম কৰিব । খিলঞ্জীয়া মানুহৰ হানি বিঘিনি হোৱা একো কামেই নকৰিব । ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান, আলফাই অপহৰণ কৰা ৰিতুল শ‌ইকীয়াৰ মুক্তি ,গৰু আৰু কয়লা চিণ্ডিকেট বন্ধ, ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ আদি স্পৰ্শকাতৰ বিষয়ত বিচক্ষণতাৰ পৰিচয় দিয়া ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰখনক আমি এমহীয়া কাৰ্যকালত এতিয়ালৈ  সফল বুলিয়েই ক'ম ।

মিত্ৰজোঁটৰ চৰকাৰখনে দায়িত্ব লোৱাৰ পিছতে 'অপৰাধ আৰু অপৰাধীমুক্ত অসম' নিৰ্মাণৰ অংশ হিচাপে অসম আৰক্ষীয়ে তৎপৰতাৰে ড্ৰাগছ বিৰোধী অভিযানৰ লগতে গো চিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে । চৰকাৰখনৰ এই কাৰ্যই অসমবাসীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে। কিন্তু এইখিনেত আমাৰ মনত এক প্ৰশ্নও উদয় হয় যে সেই একেই বিভাগৰ আৰক্ষী বিভাগে সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ দিনত কিয় মৌন হৈ আছিল । এটা কথা আমি সকলোৱেই স্বীকাৰ কৰিব লাগিব যে

ড্ৰাগছৰ অবাধ প্ৰচলনে আমাৰ নৱ প্ৰজন্মৰ ভৱিষ্যৎ ক্ৰমশ : পংগু কৰি পেলাইছে। আমি আশা কৰো ড্ৰাগছ বিৰোধী অভিযান কঠোৰতকৈয়ো কঠোৰ হওক। লগতে অনান্য অপৰাধমূলক কাম কাজৰ ক্ষেত্ৰতো চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰক।

এই এমাহত আমি দেখিলো, মহামাৰীৰ লক-ডাউনৰ মাজতো কিন্তু  সন্দেহযুক্ত নাগৰিকে পূৰ্বৰে পৰা বে-দখল কৰা হাজাৰ হাজাৰ বিঘা মাটি উচ্ছেদ কৰাত ক্ষেত্ৰ নতুন চৰকাৰখনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।‌ ইয়াৰ বাবে আমি চৰকাৰক প্ৰশংসা কৰিছো। মিত্ৰ জোঁটৰ চৰকাৰৰ সন্মুখত এইটো এটা বৃহৎ প্ৰত্যাহ্বান বুলিয়েই ভাবো । এই উচ্ছেদ অভিযানত খিলঞ্জীয়া মানুহৰ যাতে কোনো অসুবিধা নহয় এই কথাৰ প্ৰতিও চৰকাৰখনে শেন দৃষ্টি ৰাখিব লাগিব । মহামাৰীৰ দিনত উচ্ছেদ কৰিলে মানুহ কলৈ যাব, তাৰ প্ৰতিও মানৱীয় দৃষ্টি ৰাখিব লাগিব।

নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিবৰ বাবে নতুন চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰক । অসমৰ জাতীয় সম্পদ স্বৰূপ দুয়োটা কাগজ কল জীয়াই তোলাতো চৰকাৰখনে জাতীয় দায়িত্ব বুলি গণ্য কৰক । নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল দুটা ২০১৫ আৰু ২০১৭ চনৰ পৰাই বন্ধ হৈ আছে । এই উদ্যোগ দুটাৰ সৈতে অজস্ৰ জনৰ জীৱন-জীৱিকা জড়িত হৈ আছে ৷ সেয়ে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰক। তদুপৰি বাঘজানৰ ক্ষতিগ্ৰস্থসকলক উচিত ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে।

সামাজিক মাধ্যমত বিভিন্ন বিষয়ত মন্তব্য দিয়া দুই চাৰিজন ব্যক্তিক আৰক্ষীয়ে সোধপোচ কৰিছে । মিত্ৰ জোঁটৰ চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই এই ক্ষেত্ৰত আৰক্ষী বিভাগ বেচ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । বহুতেই অভিযোগ কৰিছে চৰকাৰ বিৰোধী মন্তব্য কৰাৰ বাবেই চৰকাৰৰ নিৰ্দেশত আৰক্ষীৰ এই তৎপৰতা । কিন্তু এজন সাধাৰণ নাগৰিক হিচাপে আমি আশা কৰিম যে চৰকাৰখনে জনসাধাৰণৰ বাক্ স্বাধীনতাক সন্মান প্ৰদৰ্শন কৰিব । চৰকাৰখনক কৰা সমালোচনাক নতুন চৰকাৰখনে সহনশীল মনোভাৱেৰে গ্ৰহণ কৰক। সমালোচনা সহ্য কৰিব নোৱাৰা চৰকাৰ এখনে ৰাইজৰ চৰকাৰ হিচাপে কেতিয়াও স্বীকৃতি নাপায়।

নতুন চৰকাৰখনে ন ন আঁচনিৰ প্ৰয়োভৰ ঘটাই হিতাধিকাৰী সৃষ্টি কৰাতকৈ কৰ্ম মুখিতাৰ আঁচনি গ্ৰহণ কৰক। জিলাই জিলাই 'কন্যকা' সদৃশ পাম গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰক। এনে আঁচনি ৰূপায়ণ কৰিব পাৰিলেহে নতুন চৰকাৰখনক আমি জনগণৰ কল্যাণ সাধন কৰা চৰকাৰ বুলি অভিহিত কৰিব পাৰিম।
লেখক যোৰহাট নিবাসী এগৰাকী কবি তথা সংবাদ-কৰ্মী, ফোন ৭৬৩৬৮২২৯৮৫

No comments:

Post a Comment