জীৱনত প্ৰেৰণাৰ পাঠ বনাম চ'ছিয়েল মেডিয়াৰ ভ্ৰান্ত সমতা
শচীন গগৈ
Whether you think you can or think you can't, you're right.
-Henry Ford
আমি প্ৰত্যেকেই জীৱনৰ প্ৰতিটো খোজতেই লাভ কৰা অভিজ্ঞতাৰ পৰা কিছু নতুন পাঠ লব পাৰো। এই প্ৰক্ৰিয়াটোত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয় আমাৰ চিন্তা আৰু দৃষ্টিভংগীয়ে। যি কোনো ঘটনা-পৰিঘটনাৰে যেনেকৈ দুটা ভাল-বেয়া দিশ থাকে, তেনেকৈ আমাৰ দৃষ্টিভংগীতো ইতিবাচক অথবা নেতিবাচকতা থাকে। মোৰ জীৱনৰ দুটি মান এনে 'মনত থকা' ক্ষণ আৰু অনুভৱৰ কথাই আজি লিখিবলৈ লৈছো।
(১) ত্ৰিশবছৰ পুৰণি কথা - পুৱা প্ৰাথমিক বিদ্যালয় গৈ পাইছোহে, এখন মাৰুতি-৮০০ গাড়ী আহি বিদ্যালয়ৰ সন্মুখত ৰৈ গ'ল। সেই সময়ত কাতচিৎহে এখন মাৰুতি গাড়ী ৰাস্তাত দেখা পোৱা যায়। চুট-টাই পৰিহিত এজন ভদ্ৰলোক গাড়ীৰ পৰা নামি আহিল, সম্ভৱত ইঞ্জিনৰ কিবা পৰীক্ষা কৰাৰ বাবে। আমি লৰা-ছোৱালী এজাক ইতিমধ্যে গাড়ীৰ কাষত জুম বান্ধিছিলো। মই তেতিয়ালৈকে তেনেধৰণৰ সাজ-পোছাক পৰিহিত ব্যক্তি কেৱল বাতৰি কাকত-আলোচনীতহে দেখা পাইছিলো। নাজানো কিয় - সেইদিনা মই তেখেতৰ দৰে হব বিচাৰিছিলো।
(২) ২০০৩ চন মানৰ কথা - তেজপুৰ বিশ্ববিদ্যালয়ৰ কোনোবা এটা প্ৰেক্ষাগৃহত আমিবোৰ বহি আছো। লগত বহিৰাজ্যৰ পৰা অহা আমাৰ ডেকা অধ্যাপক এজন। অধ্যাপকে আমাক শ্ৰেণীকোঠাৰ বাহিৰত বন্ধুৰ দৰে ব্যৱহাৰ কৰে। চলি থকা সভাৰ মাজতো তেখেতৰ খুহুতীয়া কথা চলিয়ে আছে। তেখেতৰ আচৰণ দেখি লাগিছিল সভাত বক্তৃতা ৰখা কাৰোৰে কথা শুনাত তেখেতৰ বিশেষ আগ্ৰহ নাছিল। তেনেকুৱাতে বক্তৃতা দিবলৈ সাজু হ'ল ডক্টৰ অমৰজ্যোতি চৌধূৰী। এইবাৰ ডেকা অধ্যাপক গহীনভাৱে চিধা হৈ বহিল। আমাক কলে, "অব বিলকুল চুপ। নিদ টু লিচেন টু হিম।" আমাৰ অধ্যাপক মন্ত্ৰমুগ্ধ হোৱাৰ দৰে চৌধূৰী চাৰৰ বক্তৃতা শুনি গ'ল। সিদিনা নিজ চকুৰে দেখি উপলব্ধি কৰিলো - ডক্টৰ চৌধূৰীৰ দৰে মানুহে নিজৰ গৰিমাৰে সবাতোকৈ নিস্পৃহজনৰো সন্মান আদায় কৰিব পাৰে।
(৩) ২০০৭ চন মানৰ কথা - চাইপ্রাচ দেশৰ নিকোচিয়া চহৰ। মই কৰ্মৰত আমেৰিকা চৰকাৰৰ বিভাগটোৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত বিশ্বৰ বিভিন্ন চহৰৰ পৰা ১৫ জন মান আহি মিলিত হৈছে। বাকি সকলো চল্লিছোৰ্ধৰ, মই ত্ৰিশৰ তলৰ। প্ৰথমে অলপ পেটতে হাত-ভৰি লুকুৱা অনুভৱ। বৈঠকখনৰ পৰিচালক ডেভিদ, ছয় ফুট মান উচ্চতাৰ দেখনীয়াৰ ব্যক্তি। চৰকাৰী বিষয়া নোহোৱা হলে ছাগে হলিউদৰ নায়ক হব পাৰিলেহেতেন। ডেভিদ আৰম্ভণিতে আগুৱাই আহি উষ্ম সম্ভাষণেৰে চিনাকি হ'ল। ইয়াৰ পিছত বৈঠকৰ দিনকেইটা যেন চকুৰ পচাৰতে পাৰ হৈ গ'ল। ডেভিদৰ বৈঠক পৰিচালনা কৰাৰ কৌশল, বিষয়-বস্তুৰ জ্ঞান, নেতৃত্ত্ব, নিয়মানুবর্তিতা আৰু বাক্পটুতাৰ পৰা এটা কথা উপলব্ধি কৰিলো - জীৱনত আৰু ধেৰ শিকিবলে আছে। সৌভাগ্যবশত: ডেভিদ পিছলৈ দিল্লীলৈ বদলি হৈ অহাত দুবছৰমানৰ বাবে তেখেতৰ তত্ত্বাৱধানত কাম কৰাৰ সুযোগ পাওঁ।
(৪) ২০১৯ চনৰ কথা - জাপানৰ অকিনাৱা-স্থিত আমেৰিকাৰ বায়ু সেনা বাহিনীৰ শিবিৰৰ ভিতৰত এখন ৰেষ্টুৰেণ্টত বহি আছো। লগত এজন অগ্ৰজ বায়ু সেনাৰ বিষয়া - চীন-উত্তৰ কোৰিয়াৰ বিৰুদ্ধে সদা-সষ্টম এক সেনা চাউনীৰ গুৰুত্বৰ্পূণ বিষয়া। মই ইতিমধ্যে সিদ্ধান্ত লৈছিলো চাকৰি সলনি কৰাৰ।বায়ু সেনা বিষয়াই প্ৰশ্ন কৰিলে- এইখিনি সময়তে কিবা এটা পঢ়ি নোলোৱা কিয়? নিজৰ পদৰ বিষয়-বস্তুৰ ওপৰত থকা দখলতে সন্তুষ্ট হোৱা মানুহ তেখেত নহয়। শেষতীয়াকৈ আমেৰিকাৰে এখন নামী বিশ্ববিদালয়ৰ পৰা বিগ-ডাটাৰ ওপৰত এক অনুষ্ঠানিক পাঠ্যক্ৰম আৰম্ভ কৰিছে। মই সন্মতিৰে মূৰ দোঁৱালো - তেখেতৰ পৰামৰ্শ আৰু জ্ঞানপিপাসু ব্যক্তিত্ত্ব দুইটাকে।
আচলতে এই কথাখিনিৰ অৱতাৰণা কৰিলো সামাজিক গণ-মাধ্যমত দেখি থকা কটন-অকটনৰ বিৰ্তকক লৈ। কটনিয়ানৰ গৌৰৱক কিছুৱে সামন্তীয় বিভেদ আৰু অসমতাৰ পৰিচায়ক হিচাপে অভিহিত কৰিছে। সেই মতামতখিনিক সন্মান জনাইও মই তাৰ ওলোটা দিশটোহে আলোচনা কৰিব খুজিছো - সামাজিক মাধ্যমে সৃষ্টি কৰা সমতাৰ ভ্ৰান্ত ধাৰণাৰ দিশটোহে।
কাৰোবাৰ সফলতা বা গৌৰৱক আমি (সকলোৱে নহয়) যেন ধনাত্মকভাৱে লবলৈ পাহৰি গৈছো। কাৰোবাৰ প্ৰাপ্তিৰে আমিও উদ্বুদ্ধ হোৱাৰ পৰিৱৰ্তে আমি বিচাৰো এক অপ্রাকৃতিক সমানতা বৰ্তি থাকক, যাতে আন কোনো উৎকর্ষতা বা বৈষয়িক প্ৰাপ্তিৰ দৌৰত আগুৱাই নাযাওক। সেইয়ে হয়তো জীৱনযোৰা সাধনাৰে মহীয়ান লেখক এজনক, শিল্পী এজনক, গৱেষক, চিন্তাবিদ এজনক দিশাহীন কোনোবা এজনেও সামাজিক মাধ্যমত "ফালি" দি এক ভ্ৰান্ত সমতাৰ সোৱাদ লব বিচাৰে।
এইখিনিতে স্পষ্ট কৰা প্ৰয়োজনীয় - দায়িত্ত্বশীল সমালোচনাৰ উর্দ্ধত কোনো নহয়। কব বিচাৰিছো আনৰ উৎকর্ষতাক অসন্মান কৰি নিজক যোগ্য প্ৰতিপন্ন কৰাৰ প্ৰবৃত্তিৰ বিষয়েহে। নতুন চামে তেনে প্ৰবৃত্তিৰ পৰা মুক্ত হৈ মনৰ পৰিধি বহল কৰি দিলে অধিক উপকৃত হব।
লেখক এগৰাকী বিশিষ্ট সাংবাদিক, 'মনৰ কথা' একান্ত ব্যক্তিগত পোষ্টৰ পৰা সংগৃহিত , পেশাগত অৱস্থিতিৰ সৈতে সম্পৰ্কিত নহয়।
No comments:
Post a Comment