নম্বৰ সৰ্বস্ব শিক্ষা পদ্ধতি আৰু ষ্টেণ্ড কৰাৰ প্ৰতিযোগিতা
মৃদু প্ৰসাদ নাথ
নম্বৰৰ তুলাচনীত যিয়েই বেছি নম্বৰ অথাৎ ভৰ্তি মাক্চিটৰ গৰাকী হয়,তেৱেই সাম্প্ৰতিক শিক্ষা পদ্ধতিত চোকা বা মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী হিচাপে বিবেচিত হয়। অৰ্থাত আমাৰ শিক্ষা ব্যৱস্থায়ো তেনে মান সম্পন্ন ছাত্ৰ-ছাত্ৰীৰ সৃষ্টি কৰাত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। ই সময়ৰ আহ্বান আৰু সেই আহ্বানক স্বীকাৰ কৰি আমি সকলোৱেই নিজৰ সন্তানক বা ছাত্ৰ-ছাত্ৰীক সাজু কৰি তুলিবলৈ অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছোঁ। যি কোনো প্ৰকাৰে গধূৰ নম্বৰৰ ফলাফলৰ তালিকা আমাৰ কাম্য আৰু সেই মতেই আমি এই শৈক্ষিক যুঁজত সকলোৱেই অৱতীৰ্ন হও। কি শিক্ষানুষ্ঠান, কি অভিভাৱক সকলোৱেই নিজৰ নিজৰ সন্তানক যিকোনো প্ৰকাৰে এই নম্বৰৰ প্ৰতিযোগিতাৰ দৌৰত নমাই শ্ৰেষ্ঠতাৰ মুকুট পিন্ধোৱাৰ কৰ্ষণ কৰা আমাৰ সকলোৰে অঘোষিত লক্ষ্য।
সাম্প্ৰতিক প্ৰতিযোগিতাৰ দৌৰত ব্যক্তিগত/চৰকাৰী শিক্ষানুষ্ঠানেই হওক সকলোৱেই কিছুপৰিমানে হলেও দুই এজনক অসম ভিত্তিত যি কোনো এটা স্থানত অৱস্থান কৰাব পাৰিলেই সকলো সাৰ্থক হোৱা বুলি গৌৰৱ কৰাৰ প্ৰৱনতা পৰিলক্ষিত হয়।এই ক্ষেত্ৰত ব্যক্তিগত শিক্ষানুষ্ঠান সমূহ বেছি প্ৰতিযোগী মনোবৃত্তিৰ হৈ পৰিব লগীয়া হয়।কিয়নো অনুষ্ঠান সমূহৰ ফলাফলৰ ওপৰতে 'ব্যৱসায়িক' সফলতা বিফলতাও নিৰ্ভৰ কৰে।প্ৰতিযোগিতাৰ দৌৰত কেতিয়াবা এখন শিক্ষানুষ্ঠানে আন এখন শিক্ষানুষ্ঠানক চলে বলে কৌশলে দমাই ৰাখিবলৈ অসুস্থ প্ৰতিযোগিতাতো নামি পৰাও দেখা যায়। ষ্টেণ্ড দুজন বা এজনেহে কৰে। তাকে লৈ সেই অনুষ্ঠানত নৱাগতৰ নাম ভৰ্তিৰ হেতাউপৰা লাগে। নাম ভৰ্তিৰ ক্ষেত্ৰতো ডিমাণ্ড বাঢ়ে। সামগ্ৰিক দিশ পৰ্যবেক্ষন নকৰা এচামে কেৱল দুই এজনৰ চিক্মিকনি দেখি তেনে অনুষ্ঠানত পঢ়িবলৈ ঘোঁৰা দৌৰ মাৰে। এবাৰো ভাবি নেচাই যে ব্যক্তিগত দুই এজনৰ ষ্টেণ্ড কৰা ফলাফলে সেই অনুষ্ঠানৰ সামগ্ৰিক ফলাফলত কিমান কি প্ৰভাৱ পেলাইছে তাৰ আঁৰৰ খবৰ।
উল্লেখ্য যে কেৱল মাত্ৰ আনৰ সফলতাৰ দৌৰ দেখি বহু অভিভাৱকে নিজৰ সন্তানকো হকে বিহকে দৌৰাব বিচৰা প্ৰৱনতাই বহুতো সম্ভাৱনা থকা ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অনাহুত ধুমুহাও অনা পৰিলক্ষিত হয়।নিজে যেতিয়া সেই দূৰৈৰ পাহাৰলৈ দৌৰি উজুটি খায়,তেতিয়া সপোন ভাঙে। মৰুভূমিত মৰিচিকা খেদি ভাগৰে। সমস্ত দোষ অনুষ্ঠানৰ ওপৰত শিক্ষকৰ ওপৰত জাপি দি বহুতে আত্ম সন্তুোষ্টি লভে। কেতিয়াবা সন্তানকো ইয়াৰ বাবে দায়ী কৰি মানসিক-চাপত ৰাখে। লোকচান কিন্তু কাৰ হয় এবাৰো নেভাবে। আচলতে আনক দেখি দৌৰিলেই নহয়। সেই দৌৰৰ সামৰ্থ্য নিজৰ আছেনে নাই তাক সদায় নিজকে সোধা উচিত। দহটা স্থানৰ এটা স্থান লাভ নকৰিলেই সেই অনুষ্ঠান বেয়া,শিক্ষক বেয়া, তেনে বজৰুৱা মানসিকতা সম্পন্ন কিছু অভিভাৱকৰ বাবেই বহু সন্তানে জীৱন হেৰুৱাই, হতাশাতো ভোগে। স্থান নাপালেই যে মেধা নোহোৱা হৈ নাযায়, সেই কথা ধেৰুৱা ঠাৰিয়ে নুবুজে। বহু স্থান পোৱায়ো সৰ্বভাৰতীয় প্ৰতিযোগিতা মূলক পৰীক্ষাত ভাল ফলাফল নেদেখুৱাৰ বিপৰীতে তাতকৈ কম নম্বৰ পোৱায়ো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ পৰে।
নম্বৰেই জীৱন নহয়। শীৰ্ষ দহটা স্থানৰ পিছত দৌৰা বহু অভিভাৱক ছাত্ৰই কেতিয়াৱা মূল্যবান নিজৰ সন্তানক হেৰুৱাৰ বাতৰি আমি কাকতত প্ৰায়েই পঢ়িবলৈ পাও। পৰীক্ষাত শীৰ্ষত স্থান নোপোৱায়ো পিছত জীৱনৰ প্ৰতিটো ক্ষেত্ৰত যে শীৰ্ষত থকাৰ যোগ্যতা, দক্ষতা থাকিব পাৰে সেই কথা অনুধাবন কৰিবলৈ কাৰো ধৈৰ্যই নাথাকে।সামগ্ৰিভাবে ভাল ফলাফল কৰা কেৱল শীৰ্ষতহে স্থান লাভ কৰি মুধা ফুটা ৰিজাল্টৰ অধিকাৰী নোহোৱা বহু সৎ ত্যাগী, কষ্ট কৰা শিক্ষানুষ্ঠানৰ মুৰব্বী/শিক্ষকক বহু অভিভাৱকে ইয়াৰ বাবে সমালোচনা কৰাও দেখা যায়। ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ জ্ঞানৰ নিখুঁট ভাণ্ডাৰৰ গৰাকী হোৱাৰ লগতে বুদ্ধিমত্তাৰো অতীৱ প্ৰয়োজন যেন বোধ হয়। এই সকলো বোৰৰ উপৰিও অপ্ৰিয় সত্য এয়ে যে 'ভাগ্য'য়ো এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে বুলিব পাৰি। শিক্ষকে বহী খনি মূল্যায়ণ কৰা পদ্ধতিৰ ওপৰতো নম্বৰ পোৱা নোপোৱা নিৰ্ভৰ কৰে।কিছুমান পৰীক্ষকে ওপৰে ওপৰে বহী চাই নম্বৰ দিয়ে।নিজেই নাজানে উত্তৰটিৰ মান মৰ্যাদাৰ কথা।মাত্ৰ চাব লাগে চায়।বহী চোৱাৰ লগতো টকা ঘটাৰ প্ৰশ্ন জড়িত হৈ থাকে।ব্যৱসায়িক মনোবৃওিৰে বহী চোৱা বহু শিক্ষকে ভালদৰে বহী নিৰীক্ষন নকৰে।ফলত সম্ভাৱনাপূৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পাবলগীয়া নম্বৰো নেপাই আত্ম-বিশ্বাস হেৰুৱাই মানসিক সংঘাতত পতিত হয়। বাস্তৱত বহুত এনে শিক্ষক লগ পাইছো যি পৰীক্ষাৰ বহী চাই ২৫০০০/৩০০০০/=হেজাৰ পোৱা বুলি যশ খ্যাতি কৰি ফুৰে। উদ্দেশ্য ধৰা পৰে তেতিয়াই যেতিয়া বহী বেছিকৈ চোৱাৰ প্ৰতিযোগিতাত একাংশ নামি পৰে।
শেহতীয়াকৈ সংবাদ মাধ্যমৰ অনুস্থান, পূৰ্বৰ উচ্চ পদৱীধাৰীৰ বক্তব্য আৰু তাৰ পাছৰ অনুসন্ধানত বহু কথাই পোহৰলৈ আহিছে। বহু শিক্ষকে শিক্ষানুষ্ঠানৰ মূৰব্বীৰ লগত সু সম্পৰ্ক থকাৰ সুবাদতে চৰকাৰী সকলো নীতি নিয়ম ভৰিৰে মোহাৰি গোপনে নিজৰ ঘৰতে বহী নিৰীক্ষনৰ সুবিধা আদায় কৰে। ফলশ্ৰুতিত একচত্ৰী সম্ৰাটৰ দৰে নম্বৰ নিজ মইমতালিত দিবলৈ বহুজন অযোগ্য শিক্ষকে সুবিধা লাভ কৰে। বহুতো শিক্ষকৰ অধ্যয়নৰ গভীৰতাও নাই বুলিব পাৰি।ফলত পৰীক্ষাৰ উত্তৰ বহী মূল্যায়নত ক্ৰটি থাকি যায়। যাৰ বাবে প্ৰৱল আত্মবিশ্বাসী অধ্যয়ন প্ৰিয় আশাসুধীয়া ছাত্ৰ-ছাত্ৰীয়েও আশা কৰা মতে ফল নেপাই হতাশাত ভোগে। বহুতো নেপাব লগীয়াই ৯৮/৯৯শতাংশ নম্বৰ লাভ কৰে আৰু পাবলগীয়া যোগ্য, দক্ষ, আত্মবিশ্বাসী ছাত্ৰ-ছাত্ৰীয়ে ৭০/৮০শতাংশতে ৰৈ যাব লগীয়া হয়।স্থানৰ আশাত ৰোৱা ছাত্ৰ-ছাত্ৰীয়ে সকলো শুদ্ধকৈ কৰি আহিও কোনো বিষয়ত নভবা নম্বৰ লাভ কৰি আপানঘাতী হোৱাৰ অনেক উদাহৰণে সমাজ ভৰি পৰিছে। ইয়াৰ বাবে দায়ী হল গুৰুত্বহীনভাৱে পৰীক্ষাৰ বহী চাই নম্বৰ দিয়া শিক্ষক সকল। যাৰ ভুলৰ বাবে নিৰ্দোষী সম্ভাৱনাৰ সমষ্টিয়ে জীৱনৰ মোহ হেৰুৱাই চৰম সিদ্ধান্তত উপনীত হোৱাৰ ঘটনাৰ সাক্ষী হব লগা হয় এইখন সমাজেই!
অলপতে বৈদ্যুতিন মাধ্যমৰ এটি সাক্ষাৎকাৰত শিক্ষা সংসদৰ সদ্য অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই দেৱৰ অকপট স্বীকাৰোক্তিয়ে প্ৰমাণ কৰিলে যে আমাৰ শিক্ষা পদ্ধতি ক'ৰ পৰা কলৈ গতি কৰিছে। ছাত্ৰ-ছাত্ৰীৰ মেধাৰ নামত কেনেকৈ কিছুমান কনিষ্ঠ মহাবিদ্যালয়ে ছাএ-ছাএীক অনাহুত বিপদৰ গহ্বৰলৈ লৈ যায় সি সঁচাকৈ চিন্তনীয়।সংসদৰ কিছু লোকক টকা দি কেনেকৈ নিজা শিক্ষানুষ্ঠানৰ ছাএ-ছাএীক ষ্টেণ্ড কৰাই আনি সমাজত নিজৰ খ্যাতি বিয়পাবলৈ অহৰহ চেষ্টা কৰে সেই কথা জানিবলৈ পাই অসমৰ সকলো লোকৰে আজি চকু কপালত উঠিছে।
এই দ্ৰুত উন্নয়ণৰ যুগত প্ৰশ্নোত্তৰৰ বহীবোৰ ক'ৰ পৰা কলৈ আহিছে বা কোন অনুষ্ঠানৰ হয়,তাকো গম পোৱাৰ সুচলতা বাঢ়িছে যেন ধাৰণা হৈছে। যাৰ বাবে বহু কু-প্ৰবৃত্তিৰ মানুহে ধন ঘটাৰ আচিলাৰে গোপন বুজাবুজি কৰাৰ ঘটনাৰ দুৰাকাংখ্যা নোহোৱাও নহয় বুলিব পাৰি।নিজকে নিজে মূল্যায়ন কৰিব পৰা প্ৰৱল আত্মবিশ্বাসী ছাত্ৰ-ছাত্ৰীয়ে সেয়েহে কেতিয়াবা নোহোৱা নোপোজা ফলাফল পাই মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ বাবে পৰীক্ষককেই দায়ী কৰাৰ থল ৰৈ যায়। লক্ষ্যনীয় যে নম্বৰৰ পিছত দৌৰা অভিভাৱক কিছুমানেও নিজৰ সন্তানক যি বোৰ শিক্ষানুষ্ঠানত ষ্টেণ্ড কৰিছে তালৈহে দৌৰাই মৰা দেখা যায়।ন ম্বৰৰ পিছত দৌৰাই সন্তানক নম্বৰমুখী আৰু যান্ত্ৰিক কৰি তোলে।বাহ্যিক জ্ঞানত গুৰুত্ব নিদিয়া বহু ছাত্ৰ-ছাত্ৰীয়ে কেৱল পাঠ্য পুথিৰ জ্ঞানেৰে নম্বৰ লাভ কৰি পিছৰ পৰ্যায়ত মুখ ঠেকেচা খোৱা আমি দেখিবলৈ পাও। ফলাফলৰ কেই দিনত সেই সকলৰ কিছুমানে সম্বৰ্ধনাৰ বাবে ৰবলৈ সময় নোপোৱা হয়। লাহে লাহে সেই সকলৰ নাম ধাম কালৰ সোঁতত হেৰাই যায়। নম্বৰবোৰ কাগজৰ পাত শুৱনি কৰি সজাই থবলৈ নহয়। তাক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ জ্ঞান নেথাকিলে সেই ভৰ্তি মাৰ্কচিট কেৱল সজাই থবলৈ গোটোৱাৰ বাহিৰে ই একো খ্যাতি নানে। সেয়েহে য'ত বা যি শিক্ষানুষ্ঠানত নম্বৰৰ সমপৰ্যায়ত অন্যান্য দিশৰ সামগ্ৰিক গুৰুত্বৰে ছাত্ৰ-ছাত্ৰীক আগুৱাই নিয়াত গুৰুত্ব দিয়ে তালৈ সচেতন অভিভাৱক সকলে সদায় মনযোগ দিয়া উচিত। ষ্টেণ্ডৰ হিচাপ ৰখাতকৈ কোনে কোন অনুষ্ঠানৰ পৰা সৰ্ব ভাৰতীয় পৰ্যায়ত Medical/Enggত বা আন বিভাগত সন্মানীয় স্থান লাভ কৰিছে তাৰ নিৰীক্ষন কৰা অতীৱ প্ৰয়োজনীয়।
উল্লেখ্য যে পৰীক্ষাৰ দায়িত্বত থকা বিভাগটোৱেও কিছুমান নকৰিব লগীয়া কাম কৰি নিজৰ স্বৰূপ উদঙাই দেখুৱা পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰীয়ে আটাইবোৰ পৰীক্ষাত উপস্থিত থকাৰ পিছতো এটা বিষয়ত অনুপস্থিত দেখুৱাৰ আঁৰত কাৰ ভুল জড়িত হৈ আছে সেই কথা অতি চিন্তনীয়। নে বহু ছাত্ৰ-ছাত্ৰী আছে যি সকলে চাৰিটা বিষয়ত ৯৯%কৈ পাইছে,ইংৰাজীতো ৯৯%পাবলগীয়া আছিল।সেই পৰীক্ষাত উপস্থিতো আছিল কিন্তু নম্বৰেই নাহিল সেই বিষয়ত। স্থানৰ আশাত অপেক্ষা কৰা সেই জনৰ মৰ্মবেদনা আনে বুজিবনে? এজন দুজনৰ হলেও মানি লব পাৰি। কিন্তু যদি ১০/১২জনৰ এনে হয় তেতিয়া পৰীক্ষাৰ নামত এই বোৰ যে ল'ৰা ধেমালি হৈ আছে তাক সকলোৱে বুজিবলৈ একো বাকী নৰয়গৈ নিশ্চয়। আৰু এই কথাবোৰৰ বাবে কোনো দোষী সাব্যস্ত নোহোৱাৰ ব্যৱস্থাটো সঁচাকৈয়ে আচৰিতো নহয়নে?
একেদৰেই, পুৱা ৯বজাত ফলাফল ঘোষণাৰ পিছত বহুতেই কেইবাদিনৰ আগতেই পৰীক্ষাৰ ফলাফল পোৱাটোৰ পৰা গম পোৱা যায় যে অসমৰ শৈক্ষিক পদ্ধতি কিমান নিকা, স্বচ্ছ আৰু গোপনীয়তাৰে আছন্ন। একে দৰে স্থান লাভ কৰাৰ ক্ষেএতো ৰাইজৰ মুখত সোপা দিব নোৱৰা অৱস্থাৰ সৃষ্টি হোৱা দেখা যায় ।যদি ফলা ফল আগদিনাই কিছুমান অনুষ্ঠানে গম পাব পাৰে, তেন্তে ষ্টেণ্ড কৰাৰ গোপনীয় কক্ষত সেই সকলে বুজাবুজি কৰিব নোৱৰাৰ যে প্ৰশ্নই থাকিব নোৱাৰে সি সূৰ্যৰ মুখত সোপা দি ঢাকি ৰাখিব নোৱৰাৰ দৰে সৰ্বজন বিদিত।এনেকৈ হলে পৰীক্ষাৰ প্ৰশ্ন কাকতো যে কিছুমানে আগতেই লাভ নকৰিব সেই কথা নুই কৰিব নোৱাৰি নিশ্চয়!প্ৰতিবছৰেই পৰীক্ষাৰ প্ৰশ্ন কাতত ফাদিল হয় যেন অনুমান হয়।কেতিয়াবা কথা বোৰ ৰাজহুৱা হয় আৰু কেতিয়াৱা গোপনেই থাকে বুলি ভবাৰ ভুল নাথাকে। এই পদ্ধতিৰ অবসান কেতিয়া হ'ব সি সঁচাই চিন্তনীয়!ৰাজ্যৰ নতুন শিক্ষামন্ত্ৰীয়ে উচিত তদন্তৰ ব্যৱস্থা কৰি বিষয়বোৰৰ ওপৰত নতুন ও উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইয়াৰে আহ্বান জনালো।
এটা কথা আমি সকলোৱেই বুজি পাও যে, পৰীক্ষাত নম্বৰ পোৱা আৰু মেধাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে। সৰহ নম্বৰ লাভ কৰা বহুতেই কেতিয়াবা ভাটৌৰ দৰে মুখস্ত মাৰি পৰীক্ষাৰ প্ৰস্তুতি চলোৱা দেখা যায়। বহুতে সফলো হয়। কিন্তু জ্ঞান অৰ্জন সহজ কথা নহয়।এনে শিক্ষানুষ্ঠানো আছে যি বোৰে ছাত্ৰ-ছাত্ৰীক যোগ্য নম্বৰৰ অধিকাৰী কৰাৰ সমতূল্যভাৱে প্ৰকৃত মানুহ হোৱাৰো যোগ্য শিক্ষাৰে শিক্ষিত কৰি তোলে।কেৱল স্থান প্ৰাপ্ত বিদ্যালয়কহে গুৰুত্ব দিয়াৰ প্ৰৱনতাই সমাজত সুস্থ শৈক্ষিক বাতাবৰণত বিঘিনি ঘটায়।সেয়েহে এদিনৰ ভাওনাৰ দৰে এই চমক আৰু চিক্মিক্নি সদৃশ পৰীক্ষা পদ্ধতি সলনি কৰি CBSCৰ দৰে গ্ৰেড্ পদ্ধতিৰ ব্যৱস্থা কৰিলে শিক্ষানুষ্ঠান সমূহত যি অসুস্থ শৈক্ষিক প্ৰতিযোগিতা তথা বাতাবৰণ তাৰ অৱসান ঘটিব বুলি আমাৰ বোধ হয়।
আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেও বা নহলেও, মাৰ্কশ্বিটত নম্বৰৰ টোপোলা ডাঙৰ হলে বা নহলেও কিন্তু বাস্তৱিক জীৱনত সমাজ জীৱনৰ প্ৰতি কি অৰিহণা ছাত্ৰ-ছাত্ৰী সকলে আগবঢ়ায়, তাৰ ভিত্তিতহে সামগ্ৰিক ভাৱে মানুহ এজনৰ সামাজিক মূল্যাংকন যে হয়, সেই কথাও অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীৰ মনলৈ ভৰাই দিলেহে প্ৰকৃততে 'নম্বৰ সৰ্বস্ব' শিক্ষাৰ প্ৰতি থকা ধাৰণাৰো কিছু সলনি হব বুলি আশা কৰিব পাৰি।
লেখকৰ আন প্ৰকাশিত লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকঃ
https://www.xukhdukh.com/search/label/MRIDUPRASADNATH
No comments:
Post a Comment