কথা-বাৰ্তাঃ 'জাতিক জগাবলৈ প্ৰয়োজন হ'লে ঘৰে ঘৰে গৈ কাৰ্টুন আঁকিম' -কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কথা-বাৰ্তাঃ 'জাতিক জগাবলৈ প্ৰয়োজন হ'লে ঘৰে ঘৰে গৈ কাৰ্টুন আঁকিম' -কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী

কথা-বাৰ্তাঃ 'জাতিক জগাবলৈ প্ৰয়োজন হ'লে ঘৰে ঘৰে গৈ কাৰ্টুন আঁকিম' -কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী

Share This
জাতিক জগাবলৈ প্ৰয়োজন হ'লে ঘৰে ঘৰে গৈ কাৰ্টুন আঁকিম
অসমৰ জনপ্ৰিয় ৰাজনৈতিক কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণঃ সঞ্জয় ৰবিদাস
১/ কাৰ্টুনৰ প্ৰতি কেনেকৈ আকৰ্ষিত হ'ল? কাৰ্টুনৰ বাবে আনুষ্ঠানিক শিক্ষা লৈছিল নেকি? কাৰ পৰা অনুপ্ৰেৰণা পাইছিল?

নি.ৰা.: বাওঁ ৰাজনীতিৰে চৰ্চিত সৰভোগত মোৰ জন্ম। জন্মস্থানৰ ৰাজনৈতিক-সামাজিক আৱহাৱাই আমাৰ মানসিক উত্তৰণক প্ৰভাৱিত কৰিছিল। সাধাৰণ জনৰ দূৰ্দশাৰ সৈতে আমাৰ নিকট সম্পৰ্ক আছিল। দৈনিক বা সাপ্তাহিক হাটত এজন সাধাৰণ খুচুৰা বেপাৰী হিচাপে বাৰীৰ সৰু-সুৰা দুই-এপদ সামগ্ৰী বিক্ৰী কৰিবলৈ গৈ শৈশৱৰ এছোৱা সময় অতি সাধাৰণ মানুহক আৰু ওচৰৰ পৰা বুজাৰ সুযোগ পোৱাৰ লগতে, সেইদৰে সাধাৰণ জনক নিজৰ ৰুচি অনুসৰি শোষণ কৰা কেইবাশ্ৰেণীৰ মানুহকো জনাৰ সুযোগ পাইছিলোঁ। তেতিয়া বয়স মোৰ তেনেই কম যদিও মানুহৰ দুখবোধক উপলব্ধি কৰিব পাৰিছিলোঁ।
ঠিক সেইখিনি সময়তে, ছৱি আকিবলৈ শিকিছিলো ঘৰৰ হেঁচাত পৰি। ছবি অঁকা শিকি থকাৰ সময়ছোৱাত তৎকালীন বাতৰি কাগজত প্ৰকাশিত দেশৰ কেবাজনো প্ৰসিদ্ধ কাৰ্টনিষ্টৰ কাৰ্টুনসমূহে মোক এখন নতুন পৃথিৱীৰ সন্ধান দিলে। মন আৰু মগজুৱে ইমানদিনে কঢ়িয়াই লৈ ফুৰা এক বিষে বাৰুকৈ ক্ৰিয়া কৰিবলৈ ল’লে। উমান পালোঁ, সেই বিষটো আছিল সাধাৰণজনৰ যন্ত্ৰণাৰ একো একোটা স্তুপ, যিবোৰ মই কাকো ক’ব পৰা নাছিলোঁ। অথচ, এই কথাবোৰ ক’ৰবাত কাৰোবাৰ আগত কোৱাটো নিতান্তই উচিত আছিল। দেখিছিলোঁ, বাতৰি কাগজত প্ৰকাশ পোৱা কাৰ্টুন বা ব্যংগচিত্ৰই মোৰ আৰু সাধাৰণজনৰ মনৰ ক্ষোভখিনিকে প্ৰকাশ কৰিছে। এই কথাই মোক সাহস আৰু প্ৰেৰণা দিলে। মই নিশ্চিত হলোঁ যে কাৰ্টুনৰ দৰে অতি শক্তিশালী মাধ্যমটোৱেই মোৰ বাবে জীৱনৰ মূল আধাৰ হ’ব পাৰে। আৰু তেনেকৈয়ে ‘কাৰ্টুন’ মোৰ জীৱনলৈ আহিল। সেই তেতিয়াৰে পৰা আজিলৈকে সাধাৰণ জনৰ ক্ষোভ, দুখ, বিদ্ৰোহ, বঞ্চনাৰ কাহিনীয়েই মোক চিৰদিন কাৰ্টুন আঁকিবৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।

কাৰ্টুনৰ কোনো আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰা নাই। অৱশ্যে ছৱি অঁকাৰ প্ৰাৰম্ভিক কিছু শিক্ষা গ্ৰহণ কৰিছিলো তেনেই সৰুতে। মই ড্ৰয়িঙৰ শিক্ষা গ্ৰহণৰ পাছত ছবিৰ অন্য মাধ্যমলৈ নগৈ কাৰ্টুন চৰ্চা আৰম্ভ কৰিলোঁ। জ্যেষ্ঠ কাৰ্টুনিষ্টসকলৰ কাৰ্টুনবোৰ প্ৰচুৰ অধ্যয়ন কৰিছিলোঁ আৰু স্ব-শৈলী আৰু স্ব-চিন্তাৰে আঁকিবলৈ প্ৰয়াস কৰিছিলোঁ। মোৰ কাৰ্টুনবোৰ নিজা ৱেব-পৰ্টেলত সংকলিত কৰি যাবলৈ প্ৰয়াস কৰিছো, তাৰ লিংক হৈছে- https://cartoonistnituparna.org/

২/ কাৰ্টুনৰ বাবে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা আছেনে? এজন কাৰ্টুনিষ্টৰ বাবে প্ৰয়োজনীয় গুণখিনি কি কি?

নি.ৰা.: প্ৰকৃততে কাৰ্টুন শিকোৱা নাযায় বা শিকিবও নোৱাৰি। মূলতঃ ড্ৰয়িঙৰ শিক্ষা এইক্ষেত্ৰত অতীৱ প্ৰয়োজনীয়।

কাৰ্টুন আঁকিবলৈ সমাজ, ৰাজনীতিৰ প্ৰতিটো দিশৰ পুংখানুপুংখ অধ্যয়ন, ব্যৱহাৰিক জ্ঞান, প্ৰচুৰ পৰিশ্ৰম, অংকন দক্ষতা, বিষয়বস্তু উপস্থাপনৰ বুদ্ধিদীপ্ততা, সাধাৰণ জনৰ সতে সম্পৰ্ক স্থাপন তথা তেওঁলোকৰ মনোজগতক অনুধাৱন কৰাৰ দক্ষতা – এইখিনি গুণ এজন কাৰ্টুনিষ্টৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি ভাবোঁ।

৩/ সমালোচনাৰ অন্য ধাৰাবোৰ বাদ দি কাৰ্টুনক কিয় আকোৱালি ল'লে? আপুনি বেছিকৈ ৰাজনৈতিক কাৰ্টুন আঁকে । কিয়?

নি.ৰা.: কাৰ্টুনৰ মাধ্যমেদি কম কথাত ইংগিতধৰ্মীতাৰে আৰু সাধাৰণজনে বুজিব পৰাকৈ একোটা বিষয় বা ঘটনা প্ৰকাশ কৰাৰ পন্থাটো অতি কষ্টকৰ। কিন্তু ইয়াৰ যোগেদি সাধাৰণ মানুহৰ কাষলৈ একোটা বাৰ্তা সহজেই লৈ যাব পাৰি আৰু এই বাৰ্তাত সাধাৰণজনৰ কথাই যিহেতু প্ৰাধান্য পায় সেয়ে মই এই মাধ্যম বাছি ল’লো।

সৈনিক শিল্পী বিষ্ণু ৰাভাই কৈছিল – মানুহৰ জন্মটোৱেই এক ৰাজনৈতিক ঘটনা। আৰু আমি প্ৰতিপল ৰাজনীতিৰ সৈতেই পৰোক্ষ বা প্ৰত্যক্ষভাৱে সম্পৃক্ত। মূলতঃ কাৰ্টুন বিষয়টোৱেই হৈছে ৰাজনৈতিক। মানুহে যেতিয়া সংঘবদ্ধভাৱে সমাজ পাতি জীয়াই থাকিবলৈ ল’লে আৰু তাত সমাজ পৰিচালনাৰ বিষয়টো অহাৰ সূত্ৰে ৰাজনীতিৰ প্ৰাথমিক স্তৰটোৱেও গজালি মেলিলে, তেতিয়াই সমাজ পৰিচালনা কৰাসকলৰ ত্ৰুটি-বিচ্যুতিবোৰ ছবিৰ মাধ্যমেৰে ব্যংগ কৰি সমালোচনা কৰাৰ প্ৰক্ৰিয়াটো সেই প্ৰাচীন কালতে আৰম্ভ হৈছিল। তদুপৰি, আমি যিহেতু ৰাজনৈতিকভাৱে পৰিচালিত ব্যৱস্থা এটাৰ মাজত বাস কৰোঁ, সেয়ে আমাৰ মৌলিক বিষয়বোৰো ইয়াৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংযুক্ত। এই আপাহতে কাৰ্টুনৰ বিষয়সমূহ ৰাজনৈতিক আওঁতাত থাকে। ময়ো তাৰ ব্যতিক্ৰম নহওঁ। অন্যদিশে কোনো দল, ব্যক্তি বা দৰ্শন মোৰ বাবে মূল কথা নহয়, ঘাই কথাটো হ’ল তেওঁলোকৰ নীতি বা কৰ্মসূচীয়ে সাধাৰণ মানুহক কিদৰে উপকৃত কৰিছে বা ইয়ে মানুহক বিভ্ৰান্ত বা ক্ষতি কৰিছে নেকি সেই বিষয় আগত ৰাখি সাধাৰণ মানুহৰ মাজত হোৱা প্ৰতিক্ৰিয়াৰ আধাৰতহে মই কাৰ্টুনসমূহ আঁকিবলৈ যত্ন কৰোঁ। ইয়াত সাধাৰণ মানুহৰ প্ৰতিক্ৰিয়াইহে আধিক প্ৰাধান্য পায়। ব্যক্তিগতভাৱে, মই কোনো দলীয় দৰ্শন বা আদৰ্শ বিশ্বাস নকৰোঁ। মোৰ বাবে পৰাধীন সাধাৰণজনৰ মনোবেদনা, আদৰ্শ আৰু দৰ্শনহে মুল কথা।

৪/ৰাজনৈতিক কাৰ্টুন অঁকাৰ বাবে কেতিয়াবা কাৰোবাৰ পৰা ভাবুকি পাইছে নেকি?

নি.ৰা.: স্পৰ্শকাতৰ কেতবোৰ বিষয় লৈ অঁকা কাৰ্টুন সংক্ৰান্তত বিভিন্ন পক্ষৰ পৰা ভাবুকি লাভ কৰাৰ ওপৰি কটু কথা আৰু অশ্ৰাৱ্য গালি-গালাজ শুনাটো আমাৰ নিত্য-নৈমিত্তিক ঘটনা। তদুপৰি, স্থানভেদে প্ৰতিকূল পৰিৱেশৰো সৃষ্টি নোহোৱা নহয়, তাক পিছে বয়কট কৰোঁ। পিছে এয়া যে এজন কাৰ্টুনিষ্টৰ বাবে পুৰস্কাৰ, সেই কথা সংশ্লিষ্ট পক্ষক জানিবলৈ নিদিওঁ, সেয়ে এনে ভাবুকিৰ বিৰুদ্ধে আমি বিনয়েৰেই নীৰৱ-নিটাল।

২০১৭ চনৰ স্বাধীনতা দিৱসৰ দিনা অংকন কৰা এটা কাৰ্টুনৰ বাবে এজন ব্যক্তিয়ে মোক হত্যা কৰি পেলোৱা উচিত বুলি ৰাজহুৱাকৈ ভাবুকি দিছিল। কেৱল সেয়াই নহয়, সময়ে সময়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মোৰ অনেক কাৰ্টুনৰ বাবে মই নানা ধৰণৰ হুমকিও পাই আহিছো। কথা হ’ল - কাৰ্টুন কোনো ব্যক্তিগত আক্ৰোশত অঁকা নহয়। এনেকুৱাও হয়, মই ভালপোৱা ব্যক্তিজনৰো কাৰ্টুন আঁকিবলগীয়া হৈছে তেওঁৰ সামাজিক কেতবোৰ কৰ্মই সৃষ্টি কৰা প্ৰতিক্ৰিয়াক লৈহে। ইয়াত সামাজিক কথাটোহে মূল, ব্যক্তি নহয়। গতিকে, এনে কৰোঁতে ৰাজনৈতিক বা অন্য ক্ষেত্ৰৰ ব্যক্তিবিশেষৰ অনুগতসকলে ব্যক্তিজনৰ প্ৰতি অন্ধ সমৰ্থন কৰি যোৱা বাবে বহুসময়ত নিজৰ মৰ্যাদাকে লঘু কৰি মোক ব্যক্তিগতভাৱে বা সমজুৱাকৈ আক্ৰমণ অথবা নিন্দা কৰি আহিছে। খেনোৱে হিতাহিত জ্ঞান হেৰুৱাই অতি অশ্লীল বাক্যও নিক্ষেপ কৰি আহিছে। এনে কৰোঁতে, তেওঁলোকে মোৰ মা-দেউতা বা পৰিয়ালকো এৰা নাই। সম্ভৱতঃ তেওঁলোকৰ বাবে মই বা মোৰ পৰিয়ালটো প্ৰাতঃস্মৰণীয়! এনেবোৰ কথাই মোক আহত নকৰে। বৰং ই মোৰ বাবে পুৰস্কাৰহে। প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবলৈ শাসক আৰু শোষকৰ স্তাৱকৰ দলে মোৰ বিৰুদ্ধে মাত মাতে। দেশ আৰু জাতিৰ স্বাৰ্থলৈ পিঠি দি, ৰাইজৰ মুখৰ বচনকো আওকাণ কৰি মেৰুদণ্ডহীনতাৰ পৰিচয় দিয়া, চৰম মিথ্যাচাৰী শাসকৰ আদৰ্শহীন উলংগ ৰূপটো দেখিও আওকাণ কৰাটো আজিৰ তাৰিখত চৰম লজ্জাজনক কথা বুলি মই বিবেচনা কৰোঁ। আৰু সেই উলংগ ৰূপটোকেই ব্যংগচিত্ৰৰে প্ৰকাশ কৰো। এই লৈ, ছদ্মবেশী, অভিজাত, ড্ৰয়িঙ ৰূমৰ ভদ্ৰতা অৱলম্বন কৰাৰ নিৰাপদ পন্থাত বিশ্বাসী মানুহ মই নহওঁ। সাধাৰণ ৰাইজৰ মনৰ কথা শুনিয়েই কাম কৰিছোঁ আৰু কৰি যাম। কিন্তু এনে স্পষ্টবাদিতাক সহ্য কৰিব নোৱাৰা, ৰাজনৈতিক স্বাৰ্থপ্ৰণোদিত এচাম লোকে মোৰ এই ব্যংগচিত্ৰকেইখনক 'স্পৰ্শকাতৰ' বুলি অভিযোগ কৰে। স্পষ্ট, পোনপটীয়া আৰু কটু সত্য আধাৰিত প্ৰতিবাদক পাকে-প্ৰকাৰে মষিমূৰ কৰিবলৈ এনেকুৱা অনেক চেষ্টা এইসকল সুবিধাবাদীয়ে, জাতিদ্ৰোহীয়ে কৰি যাব। পিছে, জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ দৰে কওঁ – ‘সুবিধাবাদীৰ দল, তোৰ মিছা হ’ব কৌশল।’ সামাজিক মাধ্যম বা অন্য যিকোনো প্ৰচাৰ মাধ্যমত মোৰ কাৰ্টুন প্ৰকাশত বাধা আৰোপ কৰিলেও মই গাঁৱে গাঁৱে মানুহৰ ঘৰে ঘৰে গৈ কাৰ্টুন আঁকিম। কাৰণ, মই সাধাৰণ জনৰ এজন।

৫/ৰাজনীতিৰ লগত জড়িত এটা প্ৰশ্ন । অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ সন্দৰ্ভত আপোনাৰ মতামত?

নি.ৰা.: অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন সন্দৰ্ভত একেআষাৰতে কওঁতে ই- স্বাৰ্থপৰ, স্বৈৰাচাৰী, আদৰ্শ-দৰ্শন আৰু বিবেকশূণ্য, সাম্প্ৰদায়িক, বিভেদমুখী, বিশ্বাসঘাতকতা, অদূৰদৰ্শীতা ইত্যাদি অনেক কাৰকেৰে পূৰ্ণ। বাকী এই লৈ ক’বলগীয়াখিনি কাৰ্টুনেৰে কৈ আহিছোৱেই।

৬/ আপোনাৰ দৃষ্টিত কাৰ্টুন? কাৰ্টুনৰ সংজ্ঞা আপুনি কেনেকৈ দিব?

নি.ৰা.: মই ব্যক্তিগতভাৱে কোনো সংজ্ঞাত বিশ্বাস নাৰাখো। সংজ্ঞা, তত্ব বা ব্যাকৰণতকৈ মোৰ বাবে বস্তুনিষ্ঠ আৰু ব্যৱহাৰিক কথাবোৰহে অতিপাত গুৰুত্বপূৰ্ণ। মুঠ কথাত, মোৰ বাবে কাৰ্টুন প্ৰতিবাদৰ ভাষা। কাৰ্টুন কৌতুক নহয়। কাৰ্টুনে কয় মানুহৰ মনৰ ক্ষোভ আৰু দ্ৰোহৰ কথা। ইয়াত নাথাকে ফুচুৰি। ইয়াত থাকে প্ৰচণ্ড দুখবোধ।

৭/ আপোনাৰ প্ৰিয় কাৰ্টুনিষ্ট?

নি.ৰা.: প্ৰকৃত অৰ্থত কাৰ্টুন অঁকা প্ৰতিজন কাৰ্টুনিষ্টেই মোৰ প্ৰিয়। প্ৰাতঃস্মৰনীয় আৰ কে লক্ষ্মণ প্ৰিয়ই নহয়, তেওঁ আমাৰ পথ প্ৰদৰ্শকো। তেওঁ সুদীৰ্ঘ সৃষ্টিশীল পৰিক্ৰমাত ভাৰতীয় সমাজ-ৰাজনীতিক আলোড়িত কৰি থৈ গ’ল। এই আলোড়ন বিশ্ববন্দিত। তেওঁৰ প্ৰতিখন কাৰ্টুনেই তৎকালীন ভাৰতৰ ইতিহাসক লিপিবদ্ধ কৰিছে, যি সদায় প্ৰাসংগিক। সাধাৰণজনৰ পৰা ওখখাপৰ ব্যক্তিলৈ, সৱাৰে মন আৰু বিবেকক জোকাৰি যোৱা লক্ষ্মণৰ কাৰ্টুনে প্ৰতিটো বিষয় লৈয়ে কাৰ্টুন আঁকিছে। যাৰ বাবে সৰু সৰু অঞ্চলৰ সাধাৰণ লোকে তেওঁলোকৰ সমস্যাসমূহ কাৰ্টুনৰ মাধ্যমেৰে প্ৰকাশ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাবলৈ লক্ষ্মণক সাক্ষাৎ কৰাৰ দৰে অভিনৱ ঘটনাও ঘটিছিল। এজন কাৰ্টুনিষ্টৰ বাবে এনে ঘটনা চিৰস্মৰণীয়। লক্ষ্মণ সমাজৰ প্ৰতি প্ৰকৃতাৰ্থত দায়বদ্ধ আছিল বাবে আৰু সততা সহ নিষ্ঠাৰে নিজৰ কাম কৰিছিল বাবেই এয়া সম্ভৱ হৈছিল। তেওঁৰ স্থান গুৰু-আসনত আৰু এই মূহূৰ্তত আমাৰ প্ৰিয় কাৰ্টুনিষ্ট কেশৱ আৰু সুৰেন্দ্ৰ। দুয়োজন প্ৰসিদ্ধ কার্টুনিষ্টৰ বিষয়বস্তু আৰু উপস্থাপন শৈলীয়ে আমাক নতুন চিন্তাৰ খোৰাক যোগায়। কাৰ্টুনৰ প্ৰকৃত চেতনাক তেওঁলোকে অতি সাৱলীল ভাৱে প্ৰকাশ কৰা গুণটোৱে আমাক নিষ্ঠা আৰু সততাৰে কাৰ্টুন চৰ্চাৰ প্ৰতি সদায় আগ্ৰহী আৰু দায়বদ্ধ কৰি ৰাখে।

৮/ কেৰিয়াৰ হিচাপে কাৰ্টুনৰ ভৱিষ্যৎ ?

নি.ৰা.: কাৰ্টুনক পেছা হিচাপে লোৱাৰ অৱকাশ যথেষ্টই আছে, মাথোঁ প্ৰয়োজন কাৰ্টুনিষ্টজনৰ দক্ষতা আৰু প্ৰতিভা। এই গুণে মানসিক আৰু আৰ্থিক পৰিৱেশটো অনুকূল কৰি তোলাৰ সম্ভাৱনা প্ৰৱল।

৯/কাৰ্টুনৰ প্ৰতি আগ্ৰহী নৱপ্ৰজন্মৰ প্ৰতি আপোনাৰ উপদেশ?

নি.ৰা.: উপদেশ দিব পৰাকৈ মোৰ যথাৰ্থ যোগ্যতা নাই। মাথোঁ অভিজ্ঞতাৰ ভিত্তিত আৰু এজন কাৰ্টুনৰ ছাত্ৰ হিচাপে এটা কথাই ক’ব পাৰোঁ যে, যিকোনো শিল্পতেই শিল্পচৰ্চাকাৰীজন যদি মানুহ আৰু সমাজমুখী নহয়, তেন্তে সেই শিল্পই মানুহক আলোড়িত কৰিব নোৱাৰে। সেয়ে, আমি মানুহ আৰু সমাজৰ প্ৰতি একান্তই দায়বদ্ধ হৈ প্ৰতিনিয়ত কাম কৰি যোৱা উচিত।

১০/ কাৰ্টুনৰ প্ৰদৰ্শনীসমূহৰ পৰা আপোনাৰ অভিজ্ঞতা কেনে?

নি.ৰা.: অসমৰ ভিন্ন প্ৰান্তত আয়োজিত কাৰ্টুন প্ৰদৰ্শনীসমূহত সৰ্বসাধাৰণৰ উপস্থিতি মোৰ বাবে এক বিৰল প্ৰাপ্তি। এই প্ৰদৰ্শনীসমূহৰ যোগেদি মানুহৰ মনৰ ক্ষোভবোৰ পোনপটীয়াকৈ অৱগত হোৱাৰ অৱকাশ পাওঁ। তেওঁলোকৰ পৰা আৰু বহু নতুন কথা শিকিবলৈ পাওঁ। প্ৰত্যক্ষভাৱে হোৱা কথা-বাৰ্তাৰ যোগেদি কাৰ্টুনৰ মূল উদ্দেশ্যও সাধাৰণজনৰ মাজলৈ লৈ যোৱাত প্ৰদৰ্শনীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। কলাবীথিকাৰ লগতে পদপথতো অনুষ্ঠিত এনে বহু প্ৰদৰ্শনীৰ যোগেদি সাধাৰণ মানুহে কাৰ্টুনসমূহত যেতিয়া নিজক দেখিবলৈ পায় আৰু সেই কথা যেতিয়া মোক অৱগত কৰি চিৰদিনে কাৰ্টুনকেই আঁকি যাবলৈ প্ৰোৎসাহিত কৰে, সেয়া মোৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ।

১১/কাৰ্টুনক লৈ নতুন পৰিকল্পনা?

নি.ৰা.: মোৰ কোনো পৰিকল্পনাই নাথাকে। পৰিকল্পনা কৰিবলৈও যিটো কল্পনা অথবা পৰিকল্পনাৰ দৰকাৰ, সেই লৈ মই ইমানেই উদাস যে, কাৰ্টুন অঁকা কামটোকেই একাণপতীয়াকৈ কৰি যাব লাগে বুলি কাম কৰি থকাৰ নেৰানেপেৰা সময়বোৰত এই কথা মনলৈয়ে নাহে।

সাক্ষাগ্ৰহণকাৰীৰ ঠিকনাঃ বৰহোলা, যোৰহাট, ফোন: ৬৯০১১৫৪৫৮৩
অসমীয়াৰ সুখ-দুখৰ 'কথা-বাৰ্তা' শিতানৰ আন লেখাবোৰ পঢ়িবৰ বাবে ক্লিক কৰকঃ

No comments:

Post a Comment