প্ৰৱন্ধঃ হোমেন বৰগোহাঞিৰ সত্বাক 'বীৰপূজা'ৰে আক্ৰান্ত নকৰিব ! :: পঙ্কজ প্ৰতিম বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ হোমেন বৰগোহাঞিৰ সত্বাক 'বীৰপূজা'ৰে আক্ৰান্ত নকৰিব !  :: পঙ্কজ প্ৰতিম বৰদলৈ

প্ৰৱন্ধঃ হোমেন বৰগোহাঞিৰ সত্বাক 'বীৰপূজা'ৰে আক্ৰান্ত নকৰিব ! :: পঙ্কজ প্ৰতিম বৰদলৈ

Share This

,PANKAJ-PRATIM-BORDOLI,ARTICLE,পংকজ প্ৰতিম বৰদলৈ,প্ৰৱন্ধ,হোমেন বৰগোহাঞিৰ সত্বাক 'বীৰপূজা'ৰে আক্ৰান্ত নকৰিব !

হোমেন বৰগোহাঞিৰ সত্বাক 'বীৰপূজা'ৰে আক্ৰান্ত নকৰিব !

পঙ্কজ প্ৰতিম বৰদলৈ

সমকালীন সময়ৰ লগতে আধুনিক যুগৰ আৰম্ভণিৰ পৰা জীৱিত মানৱৰ বীৰপূজাৰ এক নিৰৱচিন্ন প্ৰয়াস  চলি আহিছে ৷বিভিন্ন ক্ষেত্ৰত যেনে কলা, সাহিত্য, ৰাজনীতি, চিনেমা আদিত স্ব-প্ৰতিভাৰে উজ্জ্বলি উঠা এচাম লেখক বিভিন্ন গুণমুগ্ধই বিভিন্ন সামাজিক ৰাজনৈতিক তথা বহুসময়ত গভীৰ শ্ৰদ্ধাৰ বশৱৰ্ত্তীহৈ যি প্ৰয়োজনীয়াধিক সন্মান প্ৰদান কৰে সিয়েই কালক্ৰমত বীৰ পূজালৈ পৰ্যবসিত হয়গৈ৷ ৰাজনৈতিক নেতা বা একছ্ত্ৰী শাসক সকলৰ বাবে ই এক প্ৰয়োজনীয় গণসংযোগৰ আহিলা যদিও অন্যান্য সৃজনশীল ক্ষেত্ৰ যেনে সাহিত্য, চিনেমা, সংগীত আদিৰ ক্ষেত্ৰত গণমুগ্ধৰ এক অতিমাত্ৰা স্বতঃস্ফূৰ্ত শ্ৰদ্ধা মাত্ৰ ৷

,PANKAJ-PRATIM-BORDOLI,ARTICLE,পংকজ প্ৰতিম বৰদলৈ,প্ৰৱন্ধ,হোমেন বৰগোহাঞিৰ সত্বাক 'বীৰপূজা'ৰে আক্ৰান্ত নকৰিব !

উনৈশ শতিকাৰ বৃটিছ দাৰ্শনিক, ইতিহাসবিদ তথা প্ৰসিদ্ধ শিক্ষাবিদ আৰু ব্যংগ লেখক থমাছ ৰ্কালাইল আছিল আধুনিক যুগৰ প্ৰথমজন চিন্তাবিদ, যি বীৰপূজা অথাৎ ইংৰাজীত যিটো Hero worship বুলি আখ্যা দিয়া হয়, তাৰ এটা তাত্বিক আৰু দাৰ্শনিক ধাৰণা আগবঢ়াইছিল।

স্কটলেণ্ডৰ ওচৰৰ গালৱে অঞ্চলত ১৭৯৫ চনৰ ডিচেম্বৰ মাহৰ চাৰি তাৰিখে থমাছ কাৰ্লাইলৰ জন্ম হয় ৷ঐতিহাসিক ফ্ৰান্স বিপ্লৱৰ দ্বাৰা অনুপ্ৰাণিত হোৱা সময়ৰ প্ৰতিনিধি হিচাপে কাৰ্লাইল আছিল ভিক্টৰীয়ান ইংলেণ্ডৰ এক আগশাৰীৰ সাহিত্যিক প্ৰতিভা ৷১৮৪০ চনত থমাছ কাৰ্লাইলে এলানি বক্তৃতা আগবঢ়ায় আৰু তাৰপাছৰ বছৰতে এখন গ্ৰন্থ আকাৰে এই ছটা বক্তৃতাক প্ৰকাশ কৰা হয় ৷সেই বিখ্যাত গ্ৰন্থখনৰ নাম আছিল' On Heroes, Hero-worship & The Heroic in History'. থমাছ কাৰ্লাইলে বিশ্বাস কৰিছিলযে ইতিহাস হৈছে মহা মানৱৰ কৰ্মৰাজিৰ এক দাস্তান মাত্ৰ ৷তেওঁ কৈছিল যে 'history is nothing but the biography of the great men' ৷বৰ্তমান সময়ত সৰ্বজন ব্যৱহৃত এই 'hero worship শব্দটোও আচলতে কাৰ্লাইলৰ দ্বাৰাই সৃষ্ট ।কাৰ্লাইলে ছয় প্ৰকাৰৰ’ বীৰ’ বা 'hero' ৰ কথা কৈছিল divinity(ইশ্বৰত্ব), prophet(সৰ্বদ্ৰষ্টা) , poet(কবি), Priest(পূজাৰী), man of letters(পণ্ডিত ,সাহিত্যক), King (ৰজা)। গতিকে থমাছ কাৰ্লাইলৰ শ্ৰেণী বিভাগৰ পৰা দেখা যায় যে,পণ্ডিত আৰু সাহিত্যিকসকল আৰু ৰজাৰ কৰ্মৰাজী 'গ্ৰেটমেন'ৰ সংজ্ঞাৰ ভিতৰত পৰে। এই ধাৰণাটো ১৯ শতিকাৰ ইতিহাস চৰ্চাৰ এক লব্ধ প্ৰতিষ্ঠ ধাৰণা হিচাপে পৰিগণিত হয়। কাৰ্লাইলে যুক্তি দৰ্শাইছিল যে, ইতিহাস বিভিন্ন ক্ষেত্ৰৰ মহামানৱৰ কৰ্মৰে প্ৰভাৱিত হয়। ব্যক্তিবিশেষৰ ব্যক্তিগত প্ৰতিভা,বুদ্ধমতা,জ্ঞান,সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু কৰ্মৰে ইতিহাস ৰছনা হয়। কাৰ্লাইলে মহম্মদ, ডান্টে, ছেইক্সপীয়েৰ, লুথাৰ,ৰু ছো, নেপ'লিয়ন আদিৰ উদাহৰণ আগবঢ়াইছে। কাৰ্লাইলে যুক্তি দৰ্শাই কৈছিল যে,বীৰসকলৰ জীৱন অধ্যয়নে ইতিহাসৰ প্ৰকৃত সত্যৰ সন্ধান সম্ভৱপৰ আৰু বিশ্বাসযোগ্য কৰি তুলিব পাৰে এই ধাৰণাই ইমান গুৰুত্ব লাভ কৰিছিল যে ১৯১১ চনত প্ৰকাশিত 'এনছাইক্লপেডিয়া অৱ ব্ৰিটানিকা'ৰ একাদশ সংস্কৰণত ইতিহাসৰ পুৰোধা ব্যক্তিসকলৰ জীৱন আৰু কৰ্মৰ দীঘলীয়া ৰছনা অন্তৰ্ভুক্ত কৰা হৈছিল। বহু বিখ্যাত দাৰ্শনিকেও এই যুক্তিক গ্ৰহণ কৰিছিল আৰু তাৰ ভিতৰত অন্যতম আছিল -হেগেল,নীৎসে ,স্পেংলাৰ ইত্যাদি ।

যদিও এই তাত্ত্বিক ধাৰণাৰ এক সময়োপযোগী আৰু নিৰ্মোহ বিৰোধ ১৮৬০ চনতে ইংৰাজ দাৰ্শনিক হাৰ্বাট স্ছেনছাৰে কৰিছিল ,তৎ সত্বেও কাৰ্লাইলৰ এই "মহামানৱ কেন্দ্ৰিক ইতিহাস অধ্যয়ন’ৰ ধাৰণা দ্বিতীয় বিশ্বযুদ্ধৰ অন্তৰ পাছৰ পৰাহে নিস্ক্ৰিয় হৈ পৰে ৷হাৰ্বাট স্পেনচাৰে কাৰ্লাইলৰ যুক্তি খণ্ডন কৰি কৈছিলযে সকলো" গ্ৰেট মেন" সেই সময়ৰ সমকালীন সমাজৰো প্ৰতিভূ আৰু তেওঁলোকৰ কৰ্মৰাজি মূলতঃ সেই সময়ৰ সমাজৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি কেন্দ্ৰিক আছিল আৰু ইয়েই তেওঁলোকৰ কৰ্মৰ দিশ নিৰ্দেশ কৰিছিল। হাৰ্বাট স্পেনছাৰে কোৱা বাক্যশাৰীৰ কিয়দাংশ বুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলো | স্পেনছাৰে কৈছিল "you must admit that the genesis of a great man depends on the long series of complex influences which has produced the race in which he appears and the social state into which that race has slowly grown..,..Before be can remake society, the society must make him.

ইতিমধ্যে, পাঠকে উপৰোক্ত আলোচনাৰ পটভূমি বুজি উঠিব পাৰিছে আৰু অনুমান কৰিব পাৰিছেযে বৰ্তমান সময়ত সততে আলোচিতহৈ থকা এই "ব্যক্তিপূজা" বা "বীৰপূজাৰ" ধাৰণাৰ এক ইতিহাস আৰু তাত্ত্বিক দিশ আছে ৷

গতিকে প্ৰশ্ন উঠিব যে,বৰ্তমান সময়ত এই 'বীৰপূজা' বা ব্যক্তিপূজা’ৰ যি এক অস্বাভাৱিক প্ৰকৃতি তথা ইয়াৰ গুৰত্ব আৰু পৰিণতি কি?এই ব্যক্তিপূজা নিশ্চয়কৈ ৰাজনৈতিক ক্ষেত্ৰখনত সৰ্বাধিক প্ৰয়োগ হৈছে আৰু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰিসৰত এনে ব্যক্তিবিশেষৰ ব্যাপক অনুগামীও সৃষ্টি হৈছে ।ইয়াৰ পাছত ক্ৰীড়া ,চলচিত্ৰ, সাহিত্য আদি ক্ষেত্ৰবোৰ অন্যতম ।

অত্যাধুনিক ব্যক্তিপূজাৰ এক বিশেষ দিশ হৈছেযে একেসময়তে এচাম মানুহৰ অতি প্ৰিয়পাত্ৰ হোৱাৰ লগতে একে সময়তে এই আধুনিক বীৰ সকল আন এচামৰ অত্যাধিক ঘৃণাৰো সন্মুখীন হৈছে৷ যিটো থমাছ কাৰ্লাইলৰ পৰম্পৰাগত ধাৰণাৰ পৰা পৃথক। অন্যহাতে আজিৰ দ্ৰুত প্ৰযুক্তিৰ যুগত এনে বিখ্যাত ব্যক্তিসকলৰ প্ৰশংসাৰ বাবে অনুগামী সকল যিমান সচেষ্ট হৈ থাকে,একে সময়তে তেওঁলোকক নিজৰ সন্মানৰ পৰা বিচুৎত কৰিবৰ বাবেও সেই একেই অনুগামীক বিন্দুমাত্ৰ সময়ৰো প্ৰয়োজন নহয় ।উদাহৰণস্বৰূপে গলফৰ ৰজা টাইগাৰ উড্ছৰ উত্থান যেনে চমৎকৃত আছিল পতনও আছিল সিমানেই দ্ৰুত ।

মাৰ্ক্সৰ মতে সমাজৰ প্ৰগতিত ব্যক্তিৰ কোনো গুৰুত্ব নাই ৷এই মতবাদ যৰ্থাথতেই থমাছ কাৰ্লাইলৰ মতবাদৰ সম্পূৰ্ণ বিপৰীত মতবাদ। দ্বিতীয় মহাসমৰৰ সময়ত দাৰ্শনিক আৰু লেখক Sidney Hook এ’The Hero in History' নামেৰে এখন কিতাপ প্ৰকাশ কৰিছিল৷ Hook এ এই উগ্ৰ মাৰ্ক্সীয় মতবাদটোৰ বিৰোধিতা কৰি ঘটনাৰ নিৰ্মাণতযে ব্যক্তিবিশেষৰ অৱদান থাকে সেয়া বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰিছিল ।তেওঁ মাৰ্ক্সৰ মতবাদৰ ব্যংগাত্মকভাৱে আগবঢ়োৱা মূল উদাহৰণটো আছিল V.I. Leninৰ ৷ তেওঁ কৈছিল যে লেনিনৰ ব্যক্তিগত সিদ্ধান্তলোৱাৰ যি দক্ষতা আছিল তাৰ অবিহনে ৰাছিয়াত 'অক্টোবৰ বিপ্লৱ' হোৱাটো সম্ভৱ নাছিল ।

বৰ্তমান সময়ৰ উদাৰ গণতান্ত্ৰিক সম-অধিকাৰ কেন্দ্ৰিক সমাজত থমাছ কাৰ্লাইলৰ "গ্ৰেট মেন’ ধাৰণাৰ তাত্ত্বিক আৰু প্ৰায়োগিক গ্ৰহণযোগ্যতা কম যদিও দক্ষতা আৰু সফলতাৰ প্ৰতি একধৰণৰ সমৰ্পণ আমাৰ সকলোৰে মাজত বিৰাজমান ৷

সমকালীন সময়ৰ বিশ্বত ইতিবাচক দৃষ্টিভংগীৰে চালে সামাজিক, ৰাজনৈতিক ক্ষেত্ৰখনত বাৰাক ওবামা তেনে এক নাম ৷ স্ব প্ৰতিভাৰে তথা নিজস্ব দক্ষতাৰে বাৰাক ওবামাৰ এক সুকীয়া চিনাকী গঢ়লৈ উঠিছে ৷একেসময়তে এই মতবাদৰ এক বিৰোধিতাক থাকিব পাৰে৷ কিন্তু বাৰাক ওবামাৰ এক সহজ গ্ৰহণযোগ্যতা আৰু সাৰ্বজনীনতা লখ্যাধিক হ’ব পাৰে ৷ আনহাতে ভাৰতীয় প্ৰেক্ষাপটত গান্ধীৰ পাছত তেনে এক ইতিবাচক সত্বাৰ নাম হ’ব পাৰে ডঃ এ .পি .জে আব্দুল কালাম ৷ প্ৰজ্ঞাৰে প্ৰোজ্বল আৰু ইতিবাচক চিন্তাৰে উদ্বুদ্ধ কৰিব পৰা গুণৰ বাবে, ড০ কালামৰ বাবে এক স্বতঃস্ফূৰ্ত শ্ৰদ্ধা প্ৰায় সকলোৰে মনত বিৰাজমান ৷ কিন্তু এনে ইতিবাচক ব্যক্তিৰ তালিকাতালিকাখন নিচেই চুটি৷ তাৰ বিপৰীতে হিটলাৰ, মুচৌলিনী, ষ্টেলিন, মাও জে ডং, ফিডেল কেষ্ট্ৰ' আদি কঠোৰ আৰু ব্যাপক গণভিত্তি থকা নেতাৰ তালিকাখন দীঘলীয়া। এইসকল নেতাৰ সামাজিক ৰাজনৈতিক প্ৰভাৱ ব্যক্তিপূজনৰে সমাৰ্থক।

ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত যদি পোহৰ পেলাওঁ তেন্তে প্ৰাক্ স্বাধীনতাৰ কালছোৱাত আৰু বৰ্তমান সময়লৈকে গান্ধীজীৰ যি এক ব্যক্তিপূজা বৰ্তমানেওহৈ আছে সেয়া নিঃসন্দেহে ঈৰ্ষণীয় ।পৰবৰ্তী সময়ছোৱাত নেহেৰু আৰু চৰ্দাৰ বল্লভ ভাই পেটেলৰ যি এক ব্যক্তি পূজা হৈছিল বা বৰ্তমানত হৈ আছে আৰু তাৰ অপকাৰিতাৰ বিষয়ে ভাৰতৰ সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰে সেই তাহানিতেই সতৰ্ক কৰি গৈছিল৷ ডঃ আম্বেদকাৰে নিশ্চিত ভাৱেই নেহেৰু আৰু পেটেলৰ নিচিনা ৰাজনৈতিক নেতাৰ ৰাজহুৱা ইমেজৰ প্ৰতি লক্ষ্য কৰিয়েই সচেতনভাৱে এষাৰ অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল "..,.there is nothing wrong in being grateful to great men who have rendered life long services to the country.But there are limits to greatfulness'।

বৰ্তমান সময়ৰ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ সৰ্বব্যাপি ব্যক্তিপূজনৰ যি প্ৰচণ্ড উদাহৰণ হৈছে সেয়া হৈছে ইন্দিৰা গান্ধী। ৰাজনৈতিক বিচক্ষণতা আৰু দক্ষতাৰ বাবে,লগতে পাকিস্তানৰ লগত ১৯৭১ চনত হোৱা বৃহৎ জয়ৰ বাবে ইন্দিৰা গান্ধী এক 'কাল্ট পাৰ্চনেলিটি'’লৈ ৰূপান্তৰিত হৈছিল আৰু অৱধাৰিত ভাৱেই ডঃ আম্বেদকাৰে প্ৰকাশ কৰা শংকাৰ "সফল" ৰূপ দিছিল৷ ডঃ আম্বেদকাৰে কৈছিল " Bhakti in religion may be a road to the salvation of the soul .But in politics Bhakti or hero-worship is a sure road to degradation and to eventual dictatorship.' ১৯৭৭ চনত সমগ্ৰ দেশতে জৰুৰী অৱস্থা ঘোষণা কৰি ইন্দিৰা গান্ধীয়ে আম্বেদকাৰৰ শংকাক 'বৈধতা' প্ৰদান কৰিছিল। পৰৱৰ্তী কালত আঞ্চলিক আৰু ক্ষেত্ৰীয় পৰ্যায়তো বাল থাকৰে, এম.জি. ৰামচন্দ্ৰণ, এন.টি. ৰামাৰাও, আৰু পাছৰ পৰ্যায়ত জয়াললিতা, কৰুণানিধি, কাশীৰাম, মায়াৱতী আদি নেতাৰ ব্যাপক ব্যক্তিপূজন হৈছে। আনহাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজীৱ গান্ধী, ছোনিয়া গান্ধী, অটল বিহাৰী বাজপেয়ী,এল.কে. আদৱানী আদি নেতাৰ ব্যক্তি পূজা অভাৱনীয় আৰু অকল্পনীয়।

শেহতীয়াকৈ দেশীয় প্ৰেক্ষাপটত অধিক পৰিব্যাপ্ত আৰু চৰ্চিত নামটোৱেই হৈছে নৰেন্দ্ৰ মোদী। ইন্দিৰা গান্ধীৰ পাছত ভাৰতৰ ৰাজনীতিত 'cult of personality'ৰ ধাৰণাক সাকাৰ কৰিব পৰা ব্যক্তিজনেই হ'ল নৰেন্দ্ৰ মোদী । তথ্যপ্ৰযুক্তি আৰু সম্ভৱপৰ সকলো সুযোগৰ সদব্যৱহাৰ কৰি তেনে এক ধাৰণাৰ সৃষ্টি কৰা হৈছে যদিও লক্ষ্যণীয় ভাৱে নৰেন্দ্ৰ মোদীৰ তেনে কোনো উল্লেখযোগ্য সফলতা (যি ব্যাপক,সফল আৰু গ্ৰহণযোগ্য) নাই। বৰং কেতবোৰ সামাজিক,অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক অসন্তুষ্টিৰ হে সৃষ্টি কৰিছে। ব্যক্তিৰ জীৱিত কালৰ এই অত্যাধিক চাটুকাৰিতাৰ ফল ইতিমধ্যে ইন্দিৰা গান্ধী ৰ সময়তে পোৱা গৈছিল যদিও এই মানসিকতাৰ বৰ বিশেষ সলনি হোৱা দেখা নাই।

যোৱা সময়ছোৱাত ই ভয়লগাকৈ বৃদ্ধিহে পাইছে। শেহতীয়াকৈ কভিড মহামাৰীৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱে জনসাধাৰণক দুটা সুকীয়া অভি়জ্ঞতাৰ সন্মুখীন কৰাইছে। প্ৰথম ঢৌৰ সময়ত ব্যক্তি পূজনেৰে উদ্ভাসিত নৰেন্দ্ৰ মোদীৰ প্ৰতিটো বক্তৃতা, আহব্বান আৰু বিধান সংখ্যাগৰিষ্ঠ জনসাধাৰণে টেলিভিশ্যনৰ পৰ্দাত চাইছিল, অনুসৰণ কৰিছিল। চাকি বন্তি জ্বলোৱাৰ পৰা থালি বাটি বজাই পি এম কেয়াৰ ফাণ্ডলৈ বৰঙনি দিয়ালৈকে। কিন্তু দ্বিতীয় ঢৌৰ সৰ্বগ্ৰাসী প্ৰভাৱে মোদীৰ বহুজন সমাদৃত আৰু গ্ৰহণযোগ্য ব্যক্তিত্বত আঘাত কৰিলে আৰু পূৰ্বে উল্লেখ কৰি অহাৰ দৰে সেই একেসকল অনুগামীৰ বাবে তেওঁক সেই পূজনীয় সন্মানৰ পৰা বঞ্চিত কৰিবলৈ বেছি সময় নালাগিব।

ৰাজনৈতিক ক্ষেত্ৰৰ এনে অসহিষ্ণুতা আৰু হ্ৰস্বম্যাদীতাৰ বিপৰীতে সাহিত্যৰ ক্ষেত্ৰখন যথেষ্ট সৱল আৰু সুস্থিৰ । লেখক সকলৰ লেখাৰ নতুন নতুন ব্যাখ্যা বা চৰ্চা হ'ব পাৰে কিন্তু লেখক বা সাহিত্যিকৰ ব্যক্তিগত দুৰ্নাম বা অপকৰ্মৰ বাদে তেওঁলোকৰ পূজনীয় গুণৰ বিশেষ হীনডেঢ়ি নঘটে।কিন্তু অভাৱনীয় আৰু অকল্পনীয় ব্যক্তিপূজন জীৱিত বা মৃত্যুৰ পাছতো এজন লেখকৰ বাবে সমানেই ক্ষতিকাৰক। যেনেকৈ এজন ৰাজনৈতিক নেতাৰ বাবে 'Gone with the Wind' এ আনি দিয়া অকল্পনীয় খ্যাতি আৰু ব্যক্তিপূজাই মাৰ্গাৰেট মিটশ্যেলৰ বাবে কেনে অসহনীয় আছিল সেয়া সৰ্বজনবিদিত। ই তেওঁৰ পৰৱৰ্তী সাহিত্যিক জীৱনত বিৰূপ প্ৰভাৱ পেলাইছিল, যাৰ বাবে তেওঁ ঐন কোনো উল্লেখযোগ্য ৰছনা কৰিবলৈ অসমৰ্থ হৈছিল। জীৱদ্দশাৰ এই পৰিনতিৰ উদাহৰণে এটা কথা নিশ্চিত কৰে যে, এনে লেখক সাহিত্যিকৰ মৃত্যুৰ পাছত, প্ৰকৃত অনুগামী সকলৰ দায়িত্ব বৃদ্ধিহে পায়।কিন্তু বেছিভাগ ক্ষেত্ৰতে মৃত্যুৰ পাছতো একঘেয়ামী ব্যক্তিপূজনেহে ঠাই পায় আৰু সমাজ আৰু সাহিত্যিকজনৰ কৰ্মৰাজিৰ ব্যাপক ক্ষতি কৰে।

অলপতে অসমৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু ঘটিল। পৰিপূৰ্ণ বয়সত হোৱা এই মৃত্যু অকাল নিশ্চয় নহয়।কেইবাটাও প্ৰজন্মক আছন্ন কৰি ৰখা তথা শক্তিশালী,সমৃদ্ধ আৰু অগতানুগতিক লেখনশৈলীৰে তেখেত এচাম একান্ত অনুৰাগী পাঠক সৃষ্টি কৰাত সফল হৈছে। প্ৰতিভাৰ লালন পালন কৰি পোহৰলৈ অনাত বিশেষ গুৰুত্ব দিয়া বৰগোহাঞি দেৱে বৰ্তমান সময়ৰ বহুকেইজন লব্ধ প্ৰতিষ্ঠিত লেখকৰ আৱিস্কাৰক। নিঃসন্দেহে জীৱিত কালতেই তেখেত অসমীয়া সাহিত্য আৰু সমাজ জীৱনৰ বাবে এক ' কাল্ট পাৰ্ছনেলিটি'ত পৰিণত হৈছিল। গতিকে জীয়াই থাকোতেই তেখেতৰ 'ব্যক্তি পূজন'ও নিশ্চয়কৈ আৰম্ভ হৈছিল। যদিও ব্যক্তিগতভাৱে তেখেতে ইয়াৰ সজোৰ বিৰোধিতা কৰিছিল আৰু কিছু সময়ত নিৰুৎসাহ সমৰ্থন দিছিল।

বৰগোহাঞি দেৱৰ মৃত্যুৰ পাছত খবৰ কাগজ, সামাজিক মাধ্যম আদিত তেখেতক স্মৰণ কৰি বহু লেখা প্ৰকাশ পাইছে। নিৰানব্বৈ শতাংশ এনে লেখাই হৈছে তেখেতৰ লগত প্ৰবন্ধ লেখকৰ ব্যক্তিগত সম্পৰ্কৰ ঘনিষ্ঠতা আৰু বৰগোহাঞিদেৱৰ প্ৰয়োজনাধিক প্ৰশস্তি। অসমৰ প্ৰায়বোৰ কাকতৰ পৃষ্ঠা প্ৰতিদিনে তেখেতৰ মৃত্যুৰ দহদিন পাছলৈকে এনে প্ৰশস্তিমূলক লেখাৰে ভৰি পৰিছিল। কাকতত ঠাই নোপোৱাসকলে সামাজিক মাধ্যমতে সেই হেপাঁহ পূৰণ কৰিছিল। যেন তেওঁলোক হেমেন বৰগোহাঞিৰ কোন কিমান নিকট আছিল তাক প্ৰতিষ্ঠাৰ এক অঘোষিত প্ৰতিযোগিতা।সততে তেখেতক সমালোচনা কৰা এচামেও কলম তুলি শ্লেষ-মিহলি প্ৰশংসা কৰিলে‌। তেখেতৰ লেখাৰ লগত একাত্মবোধ কৰা অগণন পাঠক বা নিকট সহযোগী সকলৰ এই আৱেগ মিশ্ৰিত লেখা সমূহ স্বতঃস্ফুৰ্ত বুলি যুক্তি আগবঢ়ালেও ইয়াৰ মাত্ৰাধিক্য কিন্তু দৃষ্টিকটুভাৱে চিন্তনীয়। লেখক হিচাপে তেখেতৰ অনবদ্য অৱদানক স্বীকাৰ কৰিও ক'ব লাগিব যে ই অত্যাধিক 'ব্যক্তিপূজা'ৰ সমাৰ্থক মাত্ৰ । সম্পাদক আৰু নতুন লেখকৰ স্ৰষ্টা হিচাপে প্ৰয়াত বৰগোহাঞিদেৱে এনে কামৰ সমৰ্থন কৰিলেহেতেঁন নে নাই তাত সন্দেহ আছে। বৰগোহাঞি সম্পৰ্কীয় সেই একঘেয়ামী,তোষামোদীয়,ভক্তিত গদ্গদ্ লেখাবোৰে হয়তো বহুকেইজন লেখকৰ জ্ঞানগৰ্ভ লেখা বা কোনো নতুন প্ৰতিভাশালী লেখকৰ চিন্তা উদ্ৰেককাৰী লেখা পঢ়াৰ সুযোগ আৰু সময়ৰ লগতে বাতৰি কাকতৰ মূল্যৱান পৃষ্ঠাৰ অপচয় ঘটালে। সংবাদপত্ৰৰ লগত জড়িত এজন বন্ধুৱে জনালে যে বৰ্তমানেও তেওঁলোকে এনে লেখা পাই আছে। এনে লেখাসমূহৰ দীঘলীয়া প্ৰকাশে সম্পাদকীয় আড়ষ্টতাহে প্ৰকাশ কৰিব। এইধৰণৰ চৰ্বিত-চৰ্বন লেখাবোৰৰ কোনো বস্তুনিষ্ঠ বিশ্লেষণ আগবঢ়োৱা সম্ভৱ নহয় যদিও,এই লেখকে চকু-ফুৰোৱা প্ৰায় অৰ্ধশতাধিক লেখাত তেখেতৰ সাহিত্য তথা ৰছনাৰাজিৰ মূল্যায়ণ অথবা তেখেতৰ কৰ্মৰাজিক প্ৰায়োগিক আৰু সঠিক সংৰক্ষণ, প্ৰসাৰ আৰু প্ৰচাৰ,অনুবাদ বা আন বিদ্যায়তনিক দিশবোৰ আলোচনা কৰা দেখা নগ'ল।

হোমেন বৰগোহাঞি দেৱৰ যি প্ৰতিভা আৰু দক্ষতা আছিল,সেয়া সমসাময়িক বহুতৰে হয়টো নাই,ই স্বাভাৱিক। কিন্তু একেসময়তে হোমেন বৰগোহাঞি ৰ সেই প্ৰতিভাৰ অন্তৰালৰ কচৰৎ,নিৰলস সাধনা, প্ৰজ্ঞা, তথা নিৰৱছিন্ন প্ৰচেষ্টাক হৃদয়ংগম কৰি সেই চেষ্টা আৰু উদ্যমেৰে প্ৰভাৱিত হৈ তেখেতৰ সাহিত্যৰ প্ৰোজ্বল ধাৰাটোক অনাগত প্ৰজন্মৰ বাবে আগবঢ়াইনি প্ৰচাৰ আৰু প্ৰসাৰ কৰাটোহে সময়ৰ আহব্বান।

থমাছ কাৰ্লাইলে কৈছিল যে লেখক সকল ৰজাতকৈও শক্তিশালী কাৰণ তেওঁলোকৰ লেখনিবোৰৰ জৰিয়তে তেওঁলোকে নিজৰ কৱৰৰ পৰাও প্ৰজন্মৰ পাছত প্ৰজন্মক 'শাসন' কৰিব পাৰে। কেৱল অত্যধিক পূজনীয় মানসিকতাৰ বাবেই ছেইক্সপীয়েৰৰ কৰ্মৰাজি কেইবাটাও শতিকা এক ঘেয়ামী বৃত্তৰ মাজতে আৱদ্ধ হৈ থাকি,সেই মহান সৃষ্টিৰাজিৰ নিৰ্মোহ বিশ্লেষণত বাধাৰ সৃষ্টি কৰিছিল। গতিকে লেখকৰ কৰ্মৰাজিৰ সময়োচিত নিৰ্মোহ আলোচনা অতীৱ প্ৰয়োজনীয়। অসমীয়া জাতি আৰু ভাষা থকালৈকে হোমেন বৰগোহাঞিৰ সাহিত্যৰ চৰ্চা থাকিব। নতুন নতুন পৰ্যালোচনা হ'ব। গতিকে, বৰ্তমান প্ৰজন্মৰ বাবে ই এক গুৰুদায়িত্ব যে, ভৱিষ্যত প্ৰজন্মই যাতে হোমেন বৰগোহাঞি ৰ ব্যক্তি পূজাতকৈ তেখেতৰ কৰ্ম আৰু সৃষ্টিৰাজিৰ হে প্ৰকৃত মূল্যায়ন কৰিব পাৰে।

'Cult of personality'ৰ ধাৰনাটো সম্ভৱত, প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ অবিসম্বাদী নেতা যোচেফ ষ্টেলিনৰ বাবে প্ৰয়োগ কৰা হৈছিল। ষ্টেলিনৰ এনেধৰণৰ অত্যধিক ব্যক্তিপূজনৰ কু-প্ৰভাৱ ৰাছিয়া আৰু কমিউনিষ্ট পাৰ্টিৰ ওপৰত কিদৰে পৰিছিল সেয়া পাছৰ কালত ষ্টেলিনৰ উত্তৰসুৰী ক্ৰুছেভে এক বক্তৃতাত উল্লেখ কৰিছিল। যদিও ই এক সামাজিক ৰাজনৈতিক পটভূমি কেন্দ্ৰিক মন্তব্য আছিল, সৃষ্টিশীল ক্ষেত্ৰখনো ইয়াৰ ব্যতিক্ৰম নহয়। হোমেন বৰগোহাঞিৰো অতি প্ৰশস্তিমূলক, তোষামোদকাৰী, আৱেগিক ব্যক্তি পূজাৰ পৰিৱৰ্তে তেখেতৰ কৰ্মৰাজিৰ সঠিক, নিৰ্মোহ, বাস্তৱমুখী, প্ৰায়োগিক আৰু বস্তনিষ্ঠ চৰ্চা আৰু আলোচনা হ'ব লাগে তথা ইয়াৰ সংৰক্ষণ,প্ৰচাৰ আৰু প্ৰসাৰ আৰু অনুবাদৰ বাবে সংঘবদ্ধভাৱে চেষ্টা চলাব লাগে। আমি ভাবো, সেয়াই তেখেতৰ বাবে হব সৰ্বোত্তম শ্ৰদ্ধাঞ্জলি।

লেখক, পেশাগত ভাৱে উপ সঞ্চালক,ৰাষ্ট্ৰপতি সচিবালয়,ৰাষ্ট্ৰপতি ভৱন,নতুন দিল্লীত কৰ্মৰত।ফোন নং- ৮৮০০৯৪৮৮০৮, লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/PANKAJ-PRATIM-BORDOLI

No comments:

Post a Comment