এ ব্ৰেণ্ড-নিউ লাইফঃ জীৱনৰ ন-অন্বেষণ
ড° অজয় লাল দত্ত
হঠাত চলি থকা সাধাৰণ যেন লগা জীৱন এটাই যেতিয়া গতি সলায়, যাৰ কোনো শুধৰণি অথবা উভতনিৰ আশা নাথাকে, তেতিয়া আৰু সৰাপাতৰ দৰে নিসংগ হৈ বতাহৰ কোলাত আশ্ৰয় লোৱাৰ বাহিৰে যেন কোনো উপায় নাথাকে। শিশু এগৰাকীৰ মনোজগতখনৰ আনুভূতিক ধুমুহাময় যাত্ৰাৰ অন্তৰ্মুখী ৰূপত সাৱলীল ভাৱে তুলি ধৰাত শিশুশিল্পী কিম চায়ে-ৰণক সফল কৰিছে, আত্ম-জীৱনীক ৰূপালী পৰ্দালৈ অনা ফৰাচী-কোৰিয়ান নিৰ্দেশিকা অউনি লেকমটে (Ounie Lecomte)। কোনো আড়ম্বৰহীন সংলাপ নোহোৱাকৈ এটি শীতকালৰ দৃশ্যপটেৰে আৰম্ভ কৰা এই চিনেমাখনত আছে এক কাল আৰু ভৌগোলিক পৰিসীমাৰ দেউনা পাৰ কৰা দুখবহ ভাৱনা বহন কৰা এক সাৰ্বজনীন আবেদন।

চিউলৰ ১৯৭৫ চনৰ পটভূমিৰে, চিনেমাখনৰ দৃশ্যপটৰ আৰম্ভণি এটি কনমানিৰ সৈতে দেউতাকৰ অভিন্ন সম্পৰ্কৰ বহু খণ্ড চিত্ৰৰে। চাইকেলৰ কেৰিয়াৰত বহি ফুৰি চাকি ভাগৰি পৰা কনমানি জিন-হিয়ে নিচিন্তমনেৰে দেউতাকৰ চোলাত ধৰি টোপনি যোৱাৰ মাজত ব্যক্ত হৈছে এক গভীৰ নিৰাপত্তাৰ প্ৰত্যয়তা। কিন্তু ক্ষণিকৰ অনুভূতি বা দেখা দৃশ্যই বাস্তৱিক নহয়, জীৱনৰ প্ৰতিটো মূৰতে থাকিব পাৰে জীৱন সলোৱা আলি-কেঁকুৰি। হয়, সেই দেউতাকেই ফুৰাবলৈ নিয়াৰ ফুচুলনিৰে বজাৰত নতুন কাপোৰ কিনি দি, এদিন পাছতে তাইক লৈ গৈছে হাতত এটা কেক লৈ এখন ঘৰলৈ। সেইখন ঘৰ পিছে ৰাজহুৱা। তাতেই আশ্ৰয় লৈ থাকে নিথৰুৱা শিশুবোৰ, কোনোবা পিতৃহীনা, কোনোবা মাতৃহীনা অথবা কোনোবা তাইৰ দৰেই কনমানি বিৱৰ্জিতা! কোৰিয়ান ভাষাত নিৰ্মিত চিনেমাখনৰ এই পটভূমিয়ে দাঙি ধৰাৰ প্ৰয়াস কৰে, এগৰাকী শিশুৰ নিজা ঘৰ হেৰুওৱাৰ মনোবেদনা, সঁচা অৰ্থত মৰ্মবেদনা। মাকৰ মৃত্যুৰ পাছত ন-পত্নীৰ সৈতে সংসাৰৰ গঢ়াৰ বাবেই তাই হৈ পৰিছে পৰিয়াল থাকিও অনাথ। তাই ঠিকেই মনত ৰাখিছে আপোন ঘৰৰ ঠিকনা, আপোন ঘৰৰ টেলিফোন নম্বৰ। কিন্তু আপোন মানুহবোৰেই যেতিয়া ঘৰ সলাই অন্তৰ্ধান হয়, তাইৰ মন যাযাবৰী হোৱাৰ বাহিৰে গত্যন্তৰেই বা কি?
ন বছৰীয়া জিন-হি ৰ চকুৱে পুৰণি ঘৰৰ মায়া এৰি কেতিয়াও নতুন পৃথিৱীক আদৰি লবলৈ সৈমান নহয়, জিন-হি হৈ পৰে বিদ্ৰোহী। কেথলিক আশ্ৰয়গৃহৰ নতুন সংগী সকলৰ সৈতে বন্ধু নহও বুলি খোলাত সোমাই থাকিব খুজিলেও, আয়া সকলৰ মৰম-শাসন তথা আন সম-বয়সীৰ বন্ধুত্বৰ হাত-বাউলিক সঁহাৰি দিয়াৰ বাহিৰে জানো কিবা উপায় থাকে। এঘাৰ বছৰীয়া ন-বান্ধৱী চ-খীয়ে খুলি দিয়ে জিন-হিৰ বাবে নতুন পৃথিৱীৰ দুৱাৰডলি। খোলাৰ পৰা মূৰ দাঙি তাই আৱিস্কাৰ কৰে, চৌপাশৰ নতুন পৃথিৱীখন। নাৰী জীৱনৰ গোপনীয়তাৰ প্ৰথম পাঠ, এটি পাখি ভঙা চৰাইক আলপৈচান ধৰাৰ জৰিয়তে গঢ়ি উঠা নিজা এখন সৰু পৃথিৱীৰ বাসিন্দা হৈ পৰে জিন-হি। তাই দেখিবলৈ ধৰে, সকলোবোৰই যেন আহত পখী, নিজৰ ডেউকাৰে উৰিব নোৱাৰা পৰ্যন্ত আকাশ জিনাৰ কথা মিছা। তাই দেখিবলৈ পায়, কিদৰে খ্ৰীষ্টিয়ান আশ্ৰয় গৃহৰ শিশুবোৰক নতুন উন্নতৰ জীৱন দিয়াৰ বাবে বিদেশৰ বহু দম্পত্তিয়ে তুলি লবলৈ আহে। সেই সকলৰ চকুত যোগ্য হৈ পাখি লগাবলৈকো যেন শিশুবোৰৰ মাজতে অলিখিত প্ৰতিযোগিতা। নিজৰ পুৰণি ঘৰলৈ ঘূৰি যোৱাৰ মায়া এৰিব নোৱাৰা জিন-হিয়ে দেউতাকে এদিন আকৌ নিবহি বুলি আশা কৰি ৰৈ ৰৈ, এদিন বুজি উঠে, উভতনি মাথো এক মিছা আশ্বাস, অথচ উৰিবলৈ আছে এখন বিশাল আকাশ।
পাখি ভঙা পখীটোৰো এদিন মৃত্যু হয়, মনে মনে জিন-হি আৰু বান্ধৱী চ-খীয়ে পখীটি সমাধিস্থ কৰে, তাই যেন প্ৰতীকী ৰূপত বুজি উঠে উৰিব নোৱাৰা পখীৰ ভৱিষ্যত কি? পলিঅ’ত এখন ভৰি অকামিলা হোৱা য়ে-চিনৰ বস্তু দিবলৈ অহা কিশোৰৰ প্ৰতি কৈশোৰৰ ভালপোৱাৰ গজালিত ফুটি উঠে অন্য এক সপোন! কাৰোবাৰ ঘৰত তুলি লোৱাৰ নামত বান্দী হবলৈ নাৰাজ য়ে-চীনৰ মন কিশোৰৰ সৈতে নিজা ঘৰ-সংসাৰৰহে। কিন্তু সকলো সপোনৰটো ডেউকা নগজে! য়ে-চীনো প্ৰেমাহত হৈ আত্ম-হননৰ দৰে পকনীয়াৰ দিকে গৈও বাচি আহি একেই জগতৰ বাসিন্দা। সকলোবোৰ দেখি, জিন-হিয়ে ক্ৰমাত বান্ধৱী হোৱা চ-খীৰ ভৰসাত নাযাও নকৰো বুলিও এদিন ইংৰাজী শিকি দুয়ো একেলগে ইউৰোপমুখী হোৱাৰ কথা ভাবে। কিন্তু চ-খীয়েও অকলেই আগতীয়াকৈ ‘নতুন পিতৃ-মাতৃ’ লভি এৰি যোৱাত জিন-হি ৰ মনলৈ আহে কলীয়া ডাৱৰত হেৰাই যোৱাৰ চিন্তাহে। পখীজনীক সমাধিস্থ কৰাৰ দৰে নিজকে পুতি পেলাই সকলো শেষ কৰিব খোজে জিন-হি য়ে। কিন্তু কৰো বুলিলেই জানো সকলো সম্ভৱ... নহয়, এদিন তাইকো পচন্দ কৰি পেলায় ফৰাচী দম্পতি এহালে। অনাথালয়ৰ সকলো শিশুৱে পৰম্পৰা ৰক্ষা কৰি উজ্জ্বল ভৱিষ্যতৰ মাজত পুৰণিক পাহৰণিৰ গৰ্ভলৈ প্ৰক্ষেপ কৰি নৱ-জীৱনক আদৰি লবলৈ কৰা সমজুৱা প্ৰাৰ্থনাৰ মাজেদি, একেদৰেই বিদায় লয় জিন-হিয়েও। নতুন পৃথিৱীৰ সন্ধানত এহাল অভিভাৱক দম্পত্তিৰ সৈতে অকলে বিমানত উঠি ডেউকা গুজি উৰিবলৈ ধৰে জিন-হিয়ে.... তেওঁ তথাপিও নাজানে, শুকুলা ডাৱৰৰ সিপাৰে কি আছে, কি আছে সেই নতুন জীৱনত....সুখ-নে-দুখ, কৰিব নোৱাৰে হিচাব, কাৰণ জিন-হি যে তেতিয়াও পাটিগণিত নিশিকা কোমল শিশু, কেৱল শিশু!!
চিনেমাখনৰ ট্ৰেইলাৰ
ৰূপালী পৰ্দাত জিলিকাৰ দৰেই এখন কোৰিয়ান অনাথালয়ৰ পৰা ফঁৰাচী পৰিয়ালত পালিত হৈ জীৱন গঢ়া ফৰাচী-কোৰিয়ান চিনেমা নিৰ্দেশক অউনী লেকমটে ( Ounie Lecomte ) ৰ জীৱনৰ আত্ম-জীৱনীমূলক জীপাল অভিজ্ঞতাক লৈয়ে এই ফৰাচী-কোৰিয়ান যুটীয়া প্ৰযোজনাৰ চিনেমাখন নিৰ্মিত হয়। কোৰিয়াৰ বিশিষ্ট পৰিচালক লি চাঙ-ডঙে, যাৰ সৃষ্টি অৱেচিচ, চিক্ৰেট চানচাইন, বাৰ্নিঙৰ জৰিয়তে কোৰিয়ান চিনেমাই বিশ্ব-চিনেমাত সফলতাৰ ধ্বজ উৰুৱায়, সেই বিশিষ্ট পৰিচালকজনেই ‘এ ব্ৰেণ্ড নিউ লাইফ’ৰ কাহিনীৰ সৰলতাত মুগ্ধ হৈ প্ৰযোজনাৰ বাবে আগবাঢ়ি আহে। লেখক-পৰিচায়ল অউনী লেকমতৰ শৈশৱৰ অভিজ্ঞতাৰ সুক্ষ্ম আনুভূতিক প্ৰতিফলনৰ ভিত্তিত ৰচিত চিত্ৰনাট্যৰ চিনেমাখনে ২০০৯ চনত কানচ ফিল্ম ফেষ্টিভেলত মুক্তি লাভ কৰি। সেই বৰ্ষৰ টকিঅ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টভেলত চিনেমাখনে বেষ্ট এচিয়ান-মিড ইষ্টাৰ্ণ ফিল্মৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। আমষ্টাৰডামৰ চিনেকিড ফেষ্টিভেলত জুৰীৰ বিশেষ বঁটাৰে সন্মানিত হয় চিনেমাখনে। বিশ্বৰ অগ্ৰণী চিনেমা সমালোচক পৰ্টেল IMDB ত ৭.৫/১০ ৰেটিং আৰু Rotten Tomatoes ত ৮৮% ৰ পচন্দৰ অনুমোদনৰ বিপৰীতে গুগোল ব্যৱহাৰকাৰীৰ ৯৩% ৰ লাইক পাবলৈ সক্ষম হৈছিল চিনেমাখনে।
চিনেমাখনৰ আবেদনত থকা সাৰ্বজনীনতাক এই কৰোনাকালীন পটভূমিত হোৱা পৰিস্থিতিত খাপ খুৱাই চালে অধিক কাষৰ পৰা অনুভৱ কৰিব পাৰি। এই মহামাৰীত হঠাতে পিতৃ-মাতৃহীনা হৈ নিথৰুৱা হোৱা শিশু সকলৰ মনোজগতৰ ধুমহাজাকক বুজি উঠিবলৈ এই চিনেমাই দৰ্শকক বাধ্য কৰাব। এখন ভৰুন সংসাৰত সময়ে লগোৱা আউলত শিশু সকলৰ মন-মনন কিদৰে বিধ্বস্ত হৈ পৰে, তাৰ এক সৰল ছায়া-ছবি এই ‘এ ব্ৰেণ্ড নিউ লাইফ’! মাতৃ বিয়োগৰ পাছত হঠাত নতুন মাহীমাক অনাৰ কথা ভবাৰ আগতে শিশুৰ মনৰ জগতত সৃষ্ট নিৰৱ জোৱাৰ ভাটাৰখিনিক ‘হাজাৰবাৰ’ বিবেচনা কৰিহে সিদ্ধান্ত লোৱাৰ কথা সোঁৱৰাই দিব পৰা শক্তিশালী চিনেমা এই ‘এ ব্ৰেণ্ড নিউ লাইফ’! শিশু মনোজগতৰ কেঁচা ছবি এই ‘এ ব্ৰেণ্ড নিউ লাইফ’। কানত এতিয়াও বাজি ৰয়, পিতৃক শুনোৱা জিন-হি ৰ সেই গান....
"You will never know,
How much I loved you,
You will regret on one day,
When time has passed.... "
ব্যক্তিগত ভাৱে, এই চিনেমাখন চাই আমাৰ গৃহজিলাত মহাদেউৰ স্বেচ্ছাসেৱী সংগঠনৰ তত্ত্বাৱধানত চলি থকা ‘এনাজৰী’ নামৰ শিশুগৃহটিৰ শৈশৱ কৈশোৰৰ সীমনাত থকা এজাক সম্ভাৱনাৰ মনৰ ভাৱনাৰ জগতখনলৈহে যেন ৰূপালী পৰ্দাৰ যোগেদি ভুমুকি মাৰি চোৱাৰ সুযোগ পালো। মনলৈ আহিল, কেই বছৰমান পূৰ্বে অসমৰ টিভি চেনেল 'নিউজ লাইভ' যোগে নেপালৰ পৰা এডপচনৰ যোগেদি আমেৰিকান হৈ বৰ্তমান প্ৰফেচাৰ হবলৈ সক্ষম হোৱা এগৰাকী ব্যক্তিয়ে আচল মাতৃক বিচাৰি উলিওৱাৰ কাহিনীটোও। এই দ্ৰুত জীৱন যাত্ৰাত এখন্তেক থমকি ৰৈ, আলি-কেকুঁৰিত থমকি ৰোৱা আন কিছুৰ মনৰ খবৰ লবলৈ ৰূপালী পৰ্দাৰ মাধ্যমেৰে সুযোগ দিয়াৰ বাবে চিনেমাখনৰ প্ৰযোজক, পৰিচালক তথা কলা-কুশলীলৈ জনালো এগৰাকী দৰ্শকৰ আন্তৰিক কৃতজ্ঞতাও।
বিশ্ব চিনেমাত জীৱন বীক্ষা #৩
আন আন ৰূপালী পৰ্দা শিতানৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
https://www.xukhdukh.com/search/label/RUPALI-PARDA
No comments:
Post a Comment