বিশ্লেষণঃ ৰাষ্ট্ৰসংঘৰ দুমুখীয়া চৰিত্ৰঃ ইজৰাইল আৰু অসমৰ 'মিঞা কবিতা' :: ময়ূৰ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ৰাষ্ট্ৰসংঘৰ দুমুখীয়া চৰিত্ৰঃ ইজৰাইল আৰু অসমৰ 'মিঞা কবিতা' :: ময়ূৰ বৰা

বিশ্লেষণঃ ৰাষ্ট্ৰসংঘৰ দুমুখীয়া চৰিত্ৰঃ ইজৰাইল আৰু অসমৰ 'মিঞা কবিতা' :: ময়ূৰ বৰা

Share This
ৰাষ্ট্ৰসংঘৰ দুমুখীয়া চৰিত্ৰঃ ইজৰাইল আৰু অসম, UN ISRAEL AND ASSAM, xukhdukh, অসীয়াৰসুখদুখ
ৰাষ্ট্ৰসংঘৰ দুমুখীয়া চৰিত্ৰঃ ইজৰাইল আৰু অসমৰ 'মিঞা কবিতা'
ময়ূৰ বৰা
যোৱা ১৮ মে’ৰ দিনা মোৰ ফেচবুক ৱালত এটা পষ্ট দিছিলোঁ। প'ষ্টটোৰ লক্ষ্য আছিল ৰাষ্ট্ৰসংঘৰ বিফলতা সন্দৰ্ভত ৰাইজক কিছু ধেমেলীয়াকৈ অৱগত কৰা। লিখিছিলোঁ— ‘পেলেষ্টাইন আৰু ইজৰাইলৰ বিৰামহীন সংঘাত দেখি ভাব হৈছে স্কুলত ৰাষ্ট্ৰসংঘৰ কথা এনেই গুৰুত্ব দি পঢ়িলোঁ। মোৰ প'ষ্টটোৰ বিষয়বস্তু প্রায় ৯৫ শতাংশ লোকে সমর্থন কৰিছিল। প’ষ্টটোৰ মূল বিষয়ৰ পৰা আঁতৰি গৈ ইজৰাইলে পেলেষ্টাইনত চলোৱা ধ্বংসযজ্ঞক সমর্থন কৰা দুই এক লোকো অৱশ্যে আছিল। তেওঁলোক বোধকৰোঁ উগ্র হিন্দুত্ববাদী ভাৱাদৰ্শৰ অনুৰাগী বা ভক্ত। হয়তো তেওঁলোক অৱগত নহয় যে খোদ কেন্দ্রীয় চৰকাৰে পেলেষ্টাইনী লোকসকলৰ দাবীৰ প্রতি মোটামুটিভাৱে সহমর্মিতা প্রকাশ কৰিছে। অৱশ্যে গভীৰ কূটনৈতিক কৌশল খটুৱাই কেন্দ্রীয় চৰকাৰে পূর্ব জেৰুজালেমৰ বিষয়টোৰ ওপৰত কোনো স্পষ্ট মন্তব্য দিয়া নাই।। 
ৰাষ্ট্ৰসংঘৰ দুমুখীয়া চৰিত্ৰঃ ইজৰাইল আৰু অসম, UN ISRAEL AND ASSAM, xukhdukh, অসীয়াৰসুখদুখ
যি নহওক, ৰমজান মাহৰ শেষৰ পৰা ইজৰাইলী প্রতিক্ষা বাহিনীয়ে আলআক্সা মছজিদ নিকটৱর্তী অঞ্চলকে মুখ্য কৰি পেলেষ্টাইনী লোকে বসবাস কৰি অহা একাধিক স্থানত ইহুদী লোকক সংস্থাপনৰ প্রয়াস চলাবলৈ আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্রৰ প্রত্যক্ষ সমর্থনত চূড়ান্তভাৱে দাম্ভিক আৰু অসহিঞ্চ হৈ পৰা ইজৰাইলী চৰকাৰে দীর্ঘকাল জুৰি ৱেষ্ট বেংকৰ বিভিন্ন অঞ্চলত বসবাস কৰা পেলেষ্টাইনী লোকসকলক বল প্রয়োগ কৰি হাৰাশাস্তি কৰি আহিছে। পেলেষ্টাইনী আৰু ইহুদীসকলৰ সংঘাতৰ মাজলৈ গভীৰভাৱে প্ৰৱেশ কৰিবলৈ হ'লে ইতিহাসৰ নিৰাৱেগ অধ্যয়ন আৰু বিশ্লেষণৰ প্রয়োজন সর্বাধিক। বাতৰি কাকতৰ প্ৰবন্ধৰ সীমিত পৰিসৰৰ ভিতৰত তেনে পর্যালোচনা সম্ভৱপৰ নহয়। সেয়েহে ইতিহাসৰ ভিতৰলৈ নগৈ সাম্প্রতিক সময়ৰ কেতবোৰ গুৰুত্বপূর্ণ ঘটনাৰ মাজলৈ আহিব বিচাৰিছোঁ। 

পঢ়ুৱৈ ৰাইজে নিশ্চিতভাৱে মন কৰিছে যে গাজা স্ত্রীপত ইজৰাইলে চলােৱা আক্ৰমণত নিৰীহ লোকৰ মৃত্যু আৰু Associated Press বা Al Jazeera ৰ দৰে আন্তঃৰাষ্টীয় খ্যাতিসম্পন্ন সংবাদগোষ্ঠীৰ কার্যালয় ধ্বংস কৰাৰ দৰে অমানৱীয় কার্য দেখিও আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰসংঘ প্রায় নিশ্চুপ হৈ আছে। কেতিয়াবা মৃদুভাৱে হিংসা পৰিহাৰ কৰি শান্তি স্থাপনৰ পোষকতা কৰিছে যদিও তেওঁলােকৰ তেনে ভাষ্যত কোনো আন্তৰিকতা নাই। নিদিলে নহয় বাবে সম্পূর্ণ যান্ত্রিকভাৱে ৰাষ্ট্ৰসংঘই নিজৰ বিবৃতিবোৰ দি আছে। সেই বিবৃতিবোৰৰ অন্তঃসাৰশূণ্যতাই আন্তঃৰাষ্ট্ৰীয় সংস্থা হিচাপে ৰাষ্ট্ৰসংঘৰ বিফলতাকে উদঙাই দিছে। 

বিশ্বৰ বিভিন্ন দেশৰ মাজত সংঘটিত যুদ্ধ বা আন হিংসাত্মক ঘটনা-পৰিঘটনা প্রতিহত কৰিব নোৱাৰাটো ৰাষ্ট্ৰসংঘৰ ওপৰত আস্থা ৰখা প্রতিজন ব্যক্তিৰ বাবেই বেদনাদায়ক । কিন্তু ৰাষ্ট্ৰসংঘৰ ইমান দুর্বল স্থিতিৰ লগতে বহু ক্ষেত্ৰত প্রদর্শন কৰা পক্ষপাতদুষ্ট স্থিতি আৰু বেছি বেদনাদায়ক। ম্যানমাৰৰ ক্ষেত্ৰতো দুবছৰমানৰ আগতে আমি ৰাষ্ট্ৰসংঘৰ তেনে পক্ষপাতদুষ্ট স্থিতি দেখি তবধ মানিছিলোঁ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখন প্রকাশ হোৱাৰ পিছত ৰাষ্ট্ৰসংঘৰ শীর্ষ বিষয়াই তালিকাভুক্ত নোহোৱা ১৯ লাখ মানুহৰ সংখ্যাটো লৈ যথেষ্ট একপক্ষীয়ভাৱে প্ৰচাৰ কৰিছিল। তেওঁলোকৰ বিষয়ে কোৱা কথাখিনি মই ইমান বিৰোধিতা নকৰিলোহেঁতেন, যদিহে তেওঁলোকে খিলঞ্জীয়া অসমীয়া মানুহে যােৱা প্রায় এশ বছৰ ধৰি নিজৰ গৃহভূমিতে বিদেশী অনুপ্রৱেশকাৰীৰ ক্রমবর্ধমান সংখ্যা আৰু দপদপনিৰ বাবে শংকিত হোৱাৰ কথাটোও উল্লেখ কৰিলেহেঁতেন। কিন্তু ৰাষ্ট্ৰসংঘৰ কোনো প্রতিনিধিৰ মুখত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ন্যায্য দাবী বা আৱেগ-আকুলতাৰ কথা আমি নুশুনিলোঁ। ছবছৰীয়া এটা ঐতিহাসিক আন্দোলনৰ পিছৰ ফলশ্ৰুতিৰূপে দেশৰ উচ্চতম ন্যায়ালয়ৰ মূল পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন প্রকাশ হৈছিল, সেইবোৰ তথ্যও ৰাষ্ট্ৰসংঘৰ কোনো প্রতিনিধিয়ে ঘূণাক্ষৰেও উচ্চাৰণ নকৰিলে। বৰং ৰাষ্ট্ৰসংঘৰ বিষয়াৰ ভাষ্যত ভেজা দি দেশৰ একাংশ প্রগতিশীল বুদ্ধিজীৱীয়ে অসমীয়া মানুহক নিষ্ঠুৰ আখ্যাও দিলে। ৰাষ্ট্ৰসংঘই সম্পূর্ণ একপক্ষীয়ভাৱে জনপ্রিয় কৰি তোলা বাকধাৰাটোৰ কাৰণে অসমীয়া মানুহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু  মিছা বদনাম মূৰ পাতি ল'ব লগা হ'ল।

ঠিক একেটা কথা আমি ‘মিঞা কবিতা' বিতৰ্কৰ সময়তাে দেখিছিলোঁ। কোনো এটা জাতি বা জনগােষ্ঠীয়ে যদি নিজৰ ভাষা বা দোৱানত সাহিত্য চর্চা কৰে, তেতিয়াহ’লে তাত আপত্তি কৰাটো যুক্তিসংগত নহয়। সেয়েহে বংগমূলীয় মুছলমানসকলৰ মাজৰ একাংশ উদীয়মান যুৱক-যুৱতীয়ে নিজৰ দোৱানত কবিতা লিখোতে মই বিশেষ আপত্তি কৰা নাছিলো। কিন্তু সৃষ্টিশীল কৰ্মৰ মাজত উদ্দেশ্য প্রণোদিতভাৱে ৰাজনৈতিক শ্ল'গানধর্মী কথা সুমুৱাই খিলঞ্জীয়া অসমীয়া মানুহক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্বৰ চিন্তাচেতনাৰ ধাৰক বুলি দেখুৱাব খোজা কথাটো তীব্রভাৱে আপত্তি কৰিছিলোঁ। পঢ়ুৱৈ ৰাইজে নিশ্চয় পাহৰি যোৱা নাই যে ‘মিঞা কবিতা বিতর্ক'ৰ জৰিয়তে খিলঞ্জীয়া লোকক বদনাম কৰাৰ প্ৰয়াসটো ৰাষ্ট্ৰসংঘই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাহিৰত ৰৈ যোৱা ১৯ লাখ লোকৰ অৱস্থাৰ কথা কোৱাৰ প্রায় অগা-পিছাকৈ হৈছিল। সেয়েহে কেতিয়াবা ভাব হয় যে ৰাষ্ট্ৰসংঘৰ প্রতিনিধিৰ উদ্দেশ্যপ্রণোদিত মিছা বক্তব্যৰ গাত ভেজা দি খিলঞ্জীয়া অসমীয়াক কৰা বদনামৰ কথাটোৰ লগত ‘মিঞা কবিতা বিতর্ক সংযােগটো কাকতলীয় নহয়। 

ভাৰতৰ তথাকথিত ‘প্রগতিশীল’ চামটোৰ একাংশৰ মতে আকৌ খিলঞ্জীয়া অসমীয়া মানুহে নিৰৱচ্ছিন্নভাৱে বংগমূলীয় মুছলমান লোকসকলক শোষণ, নিষ্পেষণ আৰু বঞ্চনাৰ লক্ষ্য কৰি লৈছে। বিক্ষিপ্তভাৱে এটা দুটা ঘটনা সংঘটিত হৈছে যদিও সামগ্রিকভাৱে খিলঞ্জীয়া লোকসকললৈ সকলো বদনাম ঠেলাটো অত্যন্ত দুর্ভাগ্যজনক। এই মিছা বাকধাৰাটো তুলসুতীয়াকৈ দীর্ঘদিন ধৰি চলি আহিছিল যদিও ৰাষ্ট্ৰসংঘৰ ভাষ্যৰ পিছত ই বহু অনা-অসমীয়া আৰু অভাৰতীয় মানুহৰ মনত বদ্ধমূল হৈ উঠিল। গতিকে, আমাৰ এই বদনামৰ বাবে ৰাষ্ট্ৰসংঘই মূলতঃ জগৰীয়া বুলি নির্দ্বিধাই ক’ব পাৰি।

এফালৰ পৰা চাবলৈ গ'লে ৰাষ্ট্ৰসংঘৰ একপক্ষীয় চিন্তা-চেতনা পেলেষ্টাইন-ইজৰাইলৰ সংঘাতে জল-জল পট-পটকৈ উদঙাই দি আমাৰ বাবে ভালহে কৰিলে। চীন, নৰৱে আৰু টুনিচিয়াৰ দৰে দেশে বাৰম্বাৰ কোৱা সত্বেও তেওঁলোকে নিৰাপত্তা পৰিষদৰ সভা পাতি অন্ততঃ স্থিতাবস্থা বাহাল ৰাখিবলৈকো ইজৰাইলক আহ্বান জনোৱা নাই। বৰং আওপকীয়াকৈ হ'লেও হামাছৰ ৰকেট নিক্ষেপৰ বিৰুদ্ধে ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰটোৰ বিষয়ে বেছি সৰৱ হৈ আছে। হামাছৰ সন্ত্রাসবাদী কার্যকলাপ কোনো ক্ষেত্ৰতেই সমর্থনযোগ্য নহয়। কিন্তু ইয়াৰ আৰম্ভণি ঘটাইছে ইজৰাইল আৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীয়ে। ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটানাহুয়ে গাজাষ্ট্রীপত ধ্বংসযজ্ঞ চলাই নিজৰ ৰাজনৈতিক স্থিতিও সবল কৰিব বিচাৰিছে। পৃথিৱীৰ সকলো ৰাজনৈতিক বিশ্লেষকৰ চকুত ধৰা পৰা সত্যটো ৰাষ্ট্ৰসংঘৰ চকুত ধৰা নপৰাটো কিমান লজ্জাজনক সেয়া শালীন ভাষাৰে প্ৰকাশ কৰাটো যথেষ্ট দিগদাৰ। 

১৯৪৮ চনৰ জন্মলগ্নৰে পৰা ইজৰাইলে আমেৰিকাৰ সমৰ্থনত সময়ে সময়ে আৰৱসকলৰ মানৱ অধিকাৰ খর্ব কৰি আহিছে। এইক্ষেত্ৰত হিংসাত্মক কর্মত লিপ্ত হোৱা বিভিন্ন আৰৱ দেশৰ শাসকগোষ্ঠী তথা সন্ত্রাসবাদী সংগঠনসমূহো গৰিহণাৰ পাত্র। কিন্তু বেছিভাগ ক্ষেত্রতে দেখা যায় যে প্রথম গণ্ডগোলটো ইজৰাইলেই লগায়। নিজৰ শক্তিশালী সামৰিক স্থিতিৰ লগতে মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমর্থনত ইজৰাইলে উভতগোৰে নাচিলেও ৰাষ্ট্ৰসংঘ যেন নীৰৱ দর্শক হৈ পৰে।

ৰাষ্ট্ৰসংঘৰ বাজেটৰ বুজন এক অংশ আহে আমেৰিকাৰ পৰা। তাতে আমেৰিকা নিৰাপত্তা পৰিষদৰো স্থায়ী সদস্য ৰাষ্ট্র। যি কোনো সিদ্ধান্তৰ বিৰুদ্ধে ভেটো প্রয়োগ কৰি স্থায়ীভাৱে বন্ধ কৰি দিব পাৰে। সেয়েহে ৰাষ্ট্ৰসংঘই কোনো পৰিস্থিতিতে আমেৰিকাক অসন্তুষ্ট কৰিব নোখোজে। তদুপৰি মধ্য-প্রাচ্যৰ ৰাজনৈতিক পাকচক্ৰত আমেৰিকাই লোৱা পদক্ষেপবোৰৰ আঁৰত খাৰুৱা তেলৰ বজাৰৰ লগতে আমেৰিকাৰ শক্তিশালী অস্ত্র লবীটোৰ প্ৰভাৱো আছে। এটা পর্যায়ৰ যুদ্ধ বিগ্রহ চলি নাথাকিলে আমেৰিকাৰ বহু অস্ত্রনির্মাণ কৰা কোম্পানী দেউলীয়া হ'বলৈ বাধ্য। এতেকে সাতে সোতৰই মিলি আমেৰিকাক সম্পূর্ণভাৱে নিৰ্ভৰ কৰা ৰাষ্ট্ৰসংঘৰ পৰা নিৰপেক্ষ সিদ্ধান্ত পোৱাৰ সম্ভাৱনা তেনেই খীণ । 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্রকাশ হােৱাৰ সময়ত আমি ৰাষ্ট্ৰসংঘৰ ভূমিকা সমালোচনা কৰোঁতে কিছু মানুহে মানিবলৈ টান পাইছিল। এতিয়া ইজৰাইলে গাজা ষ্ট্ৰীপত উপযুপৰি ক্ষেপণাস্ত্র নিক্ষেপ কৰি নিৰীহ মানুহক হত্যা কৰা কার্যত দেখিও নেদেখাৰ ভাও ধৰা ৰাষ্ট্ৰসংঘ যে কেইখনমান শক্তিশালী ৰাষ্ট্রৰ স্বাৰ্থৰ বাহিৰলৈ গৈ সিদ্ধান্ত ল'ব পৰা সংস্থা নহয়, সেই কথা 'এই পৰিস্থিতি'ত কিন্তু, সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিল।
লেখাটি অসম আদিত্য কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোন নং ৯৪৩৫০৫২২৮২, তেখেতৰ অসমীয়াৰ সুখ-দুখত প্ৰকাশ পোৱা আনবোৰ লেখা পঢ়িবৰ বাবে তলৰ সূত্ৰ ক্লিক কৰকঃ
https://www.xukhdukh.com/search/label/MAYUR-BORA

No comments:

Post a Comment