বিশ্লেষণঃ হাতীৰ মৃত্যু, চুৰি কৰা মাটি আৰু ৰাজহুৱা উদ্দেশ্যৰ প্ৰসংগ :: বসুন্ধৰা জয়ৰথ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ হাতীৰ মৃত্যু, চুৰি কৰা মাটি আৰু ৰাজহুৱা উদ্দেশ্যৰ প্ৰসংগ  :: বসুন্ধৰা জয়ৰথ

বিশ্লেষণঃ হাতীৰ মৃত্যু, চুৰি কৰা মাটি আৰু ৰাজহুৱা উদ্দেশ্যৰ প্ৰসংগ :: বসুন্ধৰা জয়ৰথ

Share This
হাতীৰ মৃত্যু, চুৰি কৰা মাটি আৰু ৰাজহুৱা উদ্দেশ্যৰ প্ৰসংগ
বসুন্ধৰা জয়ৰথ
বিগত ২০২০ চনৰ আৰম্ভণিৰে পৰা নগাঁও জিলাৰ মিকিৰ বামুণী গ্ৰাণ্ট ভূমি আৰু পৰিস্থিতিতন্ত্ৰৰ ব্যাপক সংঘাতৰ কেন্দ্ৰ হৈ পৰিছে। ইয়াৰ কাৰণ হৈছে এঝিউৰ পাৱাৰ ফৰ্টী প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত কোম্পানীটোৰ দ্বাৰা এক সৌৰ শক্তি প্ৰকল্প স্থাপন কৰাৰ বাবে মিকিৰ বামুণীৰ কাৰ্বি আৰু আদিবাসী কৃষকসকলৰ কৃষিভূমিৰ অধিগ্ৰহণ। এই খিলঞ্জীয়া কাৰ্বি আৰু আদিবাসী কৃষকসকলে অন্ততঃ যোৱা চাৰিটা প্ৰজন্ম ধৰি মিকিৰ বামুণীত বংশানুক্ৰমে খেতি কৰি আহিছে। এঝিউৰ পাৱাৰৰ প্ৰস্তাৱিত সৌৰ প্ৰকল্পটোৰ কথা তেওঁলোকক স্থানীয় দালালৰ যোগেদি জানোৱা হৈছিল আৰু কোৱা হৈছিল যে কোম্পানী এটাই তেওঁলোকৰ মাটিখিনি বিচাৰিছে আৰু তেওঁলোকে পইছা লৈ মাটিখিনি এৰি দিব লাগে। মিকিৰ বামুণী গ্ৰাণ্ট আৰম্ভণিতে যাক দিয়া হৈছিল তেওঁৰ উত্তৰাধিকাৰীৰ পৰা এঝিউৰ পাৱাৰে ২৭৬ বিঘা মাটি সৌৰ প্ৰকল্পটো স্থাপন কৰিবলৈ ক্ৰয় কৰে। কিন্তু এই লেন-দেনৰ বৈধতাৰ সন্দৰ্ভত আদালতত প্ৰত্যাহ্বান জনোৱা হয় আৰু বৰ্তমান এই মাটিখিনিৰ মালিকীস্বত্বৰ দাবী এক দেৱানী মামলা হিচাপে বিচাৰাধীন হৈ আছে।

অসমৰ খিলঞ্জীয়া কৃষকৰ অস্তিত্বকে আওকান কৰা এঝিউৰ পাৱাৰ আৰু আচল স্বত্বাধিকাৰীৰ মাজত হোৱা এই ভূমিৰ বেচা-কিনা দৰাচলতে বেআইনী। কিয়নো ১৯৫৬ চনৰ Assam Fixation of Ceilings on Land Holdings Act অনুসৰি এটা পৰিয়াললৈ ৫০ বিঘাতকৈ অধিক ভূমি হস্তান্তৰ কৰাটো আইনবিৰুদ্ধ আৰু ১৯৭১ চনৰ Assam (Temporarily Settled Areas) Tenancy Act-ৰ অধীনত নিজে খেতি কৰা অহা ভূমিৰ ওপৰত উত্তৰাধিকাৰসূত্ৰে ভোগদখলদাৰী বা স্থলাভিসিক্ত ৰায়তীৰ দখলীস্বত্ব আছে। সাধাৰণতে ৰায়তী খতিয়ান বা নামজাৰী কাগজ থকা কৃষকক ভোগদখলদাৰী ৰায়তী বুলি গণ্য কৰা হয়। কিন্তু মিকিৰ বামুণীৰ এই কৃষকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ অধিকাৰৰ বিষয়টো নিষ্পত্তি কৰাৰ পৰিৱৰ্তে আচল স্বত্বাধিকাৰীৰ ৮ জন উত্তৰাধিকাৰীৰ নামত এই ২৭৬ বিঘা মাটি মিয়াদী খেৰাজি পট্টাৰ মাটিলৈ সলাই পেলোৱা হয় যি আইনসংগত নহয়। তদুপৰি এঝিউৰ পাৱাৰলৈ এই মাটিখিনিৰ হস্তান্তৰ, ঔদ্যোগিক ভূমি হিচাপে মাটিখিনিৰ পুনঃ শ্ৰেণীকৰণ আৰু সৌৰ প্ৰকল্পটোৰ কাৰণে মাটিখিনি খালী কৰোৱা – এই সকলোবোৰ কাম চৰকাৰী কৰ্তৃপক্ষই দাখিল কৰা বিভিন্ন ভুল প্ৰতিবেদন আৰু মিছা দাবীৰ আধাৰত সমাধা কৰা হয়। এইবোৰ হৈছে উক্ত ভূমিত যোৱা ১০ বছৰে কোনো কৃষিকাৰ্য হোৱা নাই বুলি কলিয়াবৰৰ মহকুমা কৃষি বিষয়াই দাখিল কৰা ভুল প্ৰতিবেদন, চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত মিকিৰ বামুণী গ্ৰাণ্টৰ ভোগদখলকাৰী ৰায়তীৰ কোনো কাগজ-পাতি বা ৰেকৰ্ড নাই বুলি চক্ৰ বিষয়াই দাখিল কৰা ভুল প্ৰতিবেদন, এই প্ৰকল্পটো elephant corridor অৰ্থাৎ হাতী অহা-যোৱা কৰা বাটত নপৰে বুলি নগাঁও খণ্ড বন বিষয়াই প্ৰদান কৰা ভুল আপত্তিহীনতাৰ প্ৰমাণপত্ৰ, আৰু এই ভূমিত কোনো খেতি কৰা হোৱা নাই আৰু তেনে কোনো তথ্য বা ৰেকৰ্ড তেওঁৰ কাৰ্যালয়ত নাই আৰু কৃষকসকলৰ হাতত থকা নথি-পত্ৰবোৰ কেৱল “খচৰা” বুলিহে নগাঁওৰ জিলা উপায়ুক্তই কৰা মিছা দাবী।

এই কথা উল্লেখনীয় যে প্ৰকল্পটোৰ স্থানৰ পৰা এক কিলোমিটাৰতকৈও কম দূৰতে লাগি থকা বামুণী পাহাৰত অলপতে ১৮টা হাতী সন্দেহজনকভাৱে মৃত্যু হোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত খণ্ড বন বিষয়াই প্ৰদান কৰা আপত্তিহীনতাৰ প্ৰমাণপত্ৰখনৰ ওপৰত ইতিমধ্যে সংবাদ মাধ্যমত প্ৰশ্ন উত্থাপিত হৈছে। হাতীকেইটাৰ মৃত্যুৰ হৃদয়-বিদাৰক ঘটনাই এই কথা সাব্যস্ত কৰে যে অঞ্চলটো হৈছে হাতীৰ বাসভূমি আৰু অহা-যোৱা কৰা বাটৰ অন্তৰ্গত। যদিও অঞ্চলটো হাতী অহা-যোৱা কৰা বাট হিচাপে চৰকাৰী অধিসূচনাৰ জৰিয়তে স্বীকৃত নহয়, চৰকাৰী কৰ্তৃপক্ষ আৰু পৰিবেশ সম্পৰ্কীয় প্ৰসিদ্ধ সংগঠনসমূহে হাতীৰ ওপৰত প্ৰকাশ কৰা বহুতো প্ৰতিবেদনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি মালভূমিলৈ, নগাঁৱকে ধৰি ব্ৰক্ষ্মপুত্ৰৰ মধ্য সমতলীয় অঞ্চলবিশেষ আৰু দিয়ুন নদীৰ অৱবাহিকা অঞ্চলৰ পৰা মেঘালয় মালভূমিৰ নিম্ন অঞ্চল পৰ্যন্ত ব্যাপী থকা ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণ পাৰৰ মধ্য পৰিসৰ (central range) হিচাপে চিনাক্ত এক সক্ৰিয় হাতী অহা-যোৱা কৰা বাটৰ অংশ হিচাপে এই অঞ্চলটোৰ উল্লেখ আছে।

কিন্তু এই সকলোবোৰ উপেক্ষা কৰি এঝিউৰ পাৱাৰে মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি অধিগ্ৰহণ আইনসংগত বুলি দাবী কৰি আহিছে। এই কৃষিভূমিখিনি অধিগ্ৰহণৰ সন্দৰ্ভত উপৰোক্ত মিছা প্ৰতিবেদনবোৰৰ ভিত্তিতে ন্যায়ালয়েও এঝিউৰ পাৱাৰৰ সপক্ষে ৰায় দিয়ে। মিকিৰ বামুণী গ্ৰাণ্টৰ উচ্ছেদকাৰ্য বন্ধ কৰিবলৈ নগাঁও জিলা ন্যায়ালয়ে চলিত বৰ্ষৰ ৪ মাৰ্চ তাৰিখে এক স্থগিতাদেশ জাৰি কৰা সত্ত্বেও অত্যন্ত আপত্তিজনকভাৱে মাটিখিনি খালী কৰোৱা হয়। উচ্ছেদৰ কাৰণে ২৩ মাৰ্চ ২০২১ তাৰিখে জাৰি কৰা আদেশত ভাৰত চৰকাৰৰ বিৰুদ্ধে Balco Employee Union-ৰ এক গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ ভিত্তিত কোৱা হয় যে ৰাজহুৱা প্ৰকল্প আৰু যোজনা বা অৰ্থনৈতিক নীতি বা আঁচনিৰ ক্ষেত্ৰত নিষেধাজ্ঞা বা স্থগিতাদেশৰ জৰিয়তে কোনো এক-তৰফা সকাহ (ex parte relief) প্ৰদান কৰা উচিত নহয়। কোম্পানীটোৰ সৌৰ শক্তি প্ৰকল্প সমগ্ৰ অসম ৰাজ্যতে শক্তি উৎপাদন আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি এঝিউৰ পাৱাৰে নিজে জাৰি কৰা এক ঘোষণাপত্ৰত উপৰোক্ত ৰায়ৰ প্ৰসংগ উল্লেখ কৰে। উল্লেখযোগ্য যে নীতি অনুসৰি কোনো প্ৰকল্প ৰাজহুৱা স্বাৰ্থজড়িত বা কল্যাণকামী প্ৰকল্প বুলি নিৰ্ণয় কৰাৰ অধিকাৰ কোনো কোম্পানী তথা দেৱানী আদালতৰ নাই। এই অধিকাৰ কেৱল ৰাষ্ট্ৰৰ হাতত আছে আৰু ২০১৩ চনৰ Right to Fair Compensation and Transparency in Land Acquisition and Rehabilitation and Resettlement Act-ৰ দ্বিতীয় অধ্যায়ত ইয়াৰ কাৰ্যবিধিৰ বিষয়ে সবিশেষ উল্লেখ কৰা হৈছে। এঝিউৰ পাৱাৰৰ সৌৰ প্ৰকল্পটো প্ৰকৃতাৰ্থত এক ৰাজহুৱা স্বাৰ্থজড়িত প্ৰকল্প হোৱা হ’লে ভূমি অধিগ্ৰহণ এই আইনখনৰ আওতালৈ আহিলহেঁতেন। দৰাচলতে মিকিৰ বামুণীৰ সৌৰ প্ৰকল্প হৈছে খৰতকীয়া হাৰত বৃদ্ধি পোৱা মুনাফাখোৰ কোম্পানী এঝিউৰ পাৱাৰৰ ব্যক্তিগত ব্যৱসায়িক উদ্যোগ। এঝিউৰ পাৱাৰৰ প্ৰকল্পবোৰ কোনো “উন্নয়নমূলক পদক্ষেপ” বা “কল্যাণকামী প্ৰকল্প” নহয় আৰু তেওঁলোকৰ কাৰ্যনীতি ৰাইজৰ হকে কাম কৰাও নহয়। বৰং তেওঁলোকৰ কাৰ্যনীতি হৈছে এক সফল ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠাহে। নিজৰ কাৰ্যসিদ্ধিৰ বাবে কোম্পানীটোৱে উচ্চতম ন্যায়ালয়ৰ উল্লিখিত ৰায়টো ব্যৱহাৰ কৰা কাৰ্য হৈছে এই বিতৰ্কিত ভূমিখিনি অধিগ্ৰহণৰ কাৰণে অৱলম্বন কৰা অসৎ পন্থা আৰু কূটকৌশলৰ এক দৃষ্টান্ত।
Delhi Solidarity Group ৰ ৰিপৰ্ট
এঝিউৰ পাৱাৰক মিকিৰ বামুণী গ্ৰাণ্টৰ ভূমি অনুদান কৰাৰ সন্দৰ্ভত চৰকাৰী কৰ্তৃপক্ষই দাখিল কৰা মিছা আৰু ভুল প্ৰতিবেদনবোৰে ইয়াৰ আঁৰত ৰাজ্য প্ৰশাসন, এই ভূমিৰ আচল স্বত্বাধিকাৰীৰ উত্তৰাধিকাৰী আৰু এঝিউৰ পাৱাৰৰ সন্দেহজনক ভূমিকাৰ দিশটোলৈ আঙুলিয়ায়। মিকিৰ বামুণী গ্ৰাণ্টৰ অধিবাসীসকলৰ সৈতে কথা নপতাকৈ যুগুত কৰা এই মিছা প্ৰতিবেদনবোৰে ইয়াত বংশানুক্ৰমে খেতি কৰি অহা আদিবাসী আৰু জনজাতি কৃষকসকলৰ কণ্ঠ ৰোধ কৰিবলৈ সকলোৱে মিলি কৰা দাম্ভিক চেষ্টাকে সূচায়। লগতে মিকিৰ বামুণীৰ কিছুসংখ্যক আদিবাসী আৰু জনজাতি লোকে এঝিউৰ পাৱাৰৰ ধনবলৰ প্ৰভাৱত পৰি কোম্পানীটোৰ পক্ষ লোৱাটোকো সেইসকল লোকৰ আৰ্থ-সামাজিক দুৰ্বলতা তথা অনিশ্চিত জীৱনৰ পটভূমিতহে বিবেচনা কৰিব লাগিব। আনহাতে, এঝিউৰ পাৱাৰৰ সৌৰ প্ৰকল্পৰ কাম অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত বুলি অসমবাসী ৰাইজক পতিয়ন নিয়াবলৈ কোম্পানীটোৱে অসমীয়া বাতৰি কাকতত পইছা দি প্ৰকাশ কৰা বিজ্ঞাপনৰ জৰিয়তে স্ব-ঘোষিত কল্যাণকামী আৰু উন্নয়নমূলক প্ৰকল্পৰ খতিয়ান দাঙি ধৰাৰ কূটকৌশল অৱলম্বন কৰিছে। কিন্তু প্ৰাইভেট লিমিটেড কোম্পানী হিচাপে এই কথা স্পষ্ট যে মুনাফা ঘটাই হৈছে কোম্পানীটোৰ মূল উদ্দেশ্য।
এঝিউৰ পাৱাৰ, ৰাজ্যিক কৰ্তৃপক্ষ আৰু এই ভূমিখিনিৰ আচল স্বত্বাধিকাৰীৰ উত্তৰাধিকাৰীসকলে মিলি খাটি খোৱা কৃষকৰ মাটি আৰু হাতীৰ স্বাভাৱিক বাসভূমি বেদখল কৰিবলৈ আইন ভংগ কৰাৰ প্ৰত্যেকটো দৃষ্টান্তই ফৌজদাৰী গোচৰৰ অধীনত এক এক অপৰাধ। এঝিউৰ পাৱাৰৰ সৌৰ শক্তি প্ৰকল্প না “সেউজ” না ইয়াৰ আঁৰত ৰাজহুৱা স্বাৰ্থ জড়িত হৈ আছে। দৰাচলতে ই সম্পূৰ্ণ ওলোটাহে। এইটো চিন্তনীয় যে “উন্নয়ন,” “নৱীকৰণীয় শক্তি,” বা “স্বচ্ছ শক্তি” এইবোৰৰ গইনা লৈ অসমৰ খিলঞ্জীয়া খাটি খোৱা কৃষকৰ মাটি কাঢ়ি লৈ মুনাফাখোৰ ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰাৰ উদাহৰণ দিনক দিনে বৃদ্ধি পাইছে, লাগিলে সেয়া বৃহৎ নদী বান্ধ, ৰাষ্ট্ৰীয় উদ্যান বা সৌৰ প্ৰকল্পৰ নামতেই হওক। আনহাতে এনেবোৰ প্ৰজেক্টৰ কাৰণে ভূমি অধিগ্ৰহণ আৰু উচ্ছেদৰ ফলত জীৱিকা হেৰুওৱা লোকৰ সংখ্যাৰ বিপৰীতে ইয়াৰ জৰিয়তে সংস্থাপন সৃষ্টি কৰাৰ উদাহৰণ হৈছে তেনেই নগণ্য। গতিকে বিকাশ বা উন্নয়নৰ এই মিথ্ বা অতিকথা পুলিয়ে-পোখাই উৎখাত কৰিব লাগে আৰু ব্যক্তিগত লাভ-উপাৰ্জনকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ এনে বেআইনী কাৰ্যকলাপৰ বিৰুদ্ধে তথা খাটি খোৱা কৃষকৰ অধিকাৰৰ হকে সদৌ অসমবাসী ৰাইজে একেস্বৰে মাত মাতি থিয় দিব লাগে।
(লেখিকা আই আই টি গুৱাহাটীৰ সহকাৰী অধ্যাপক। লেখাটো অসমীয়ালৈ অনুবাদ কৰিছে বিশ্বজিৎ বৰাই। অসমীয়া প্ৰতিদিন কাকতত পূৰ্বে প্ৰকাশিত লেখাটি লেখিকাৰ অনুমতি ক্ৰমে অসমীয়াৰ সুখ-দুখৰ পাততো প্ৰকাশ কৰা হৈছে।)
একে বিষয়ৰ ওপৰত সুখ-দুখৰ আন এক লেখা পঢ়িবলৈ ক্লিক কৰকঃ
https://www.xukhdukh.com/2021/06/DEATH-OR-KILLED.html

No comments:

Post a Comment