চিন্তনঃ কোনে ঘূৰাই দিব আমাক অক্সিজেন? ::ময়ূৰ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ কোনে ঘূৰাই দিব আমাক অক্সিজেন?  ::ময়ূৰ বৰা

চিন্তনঃ কোনে ঘূৰাই দিব আমাক অক্সিজেন? ::ময়ূৰ বৰা

Share This
কোনে ঘূৰাই দিব আমাক অক্সিজেন?
ময়ূৰ বৰা
আমাৰ চৌদিশ অক্সিজেনেৰে ভৰপূৰ। কিন্তু দেশৰ স্বাস্থ্য খণ্ডক অক্সিজেনৰ অভাৱে আজি বর্ণনাতীতভাৱে জোকাৰি গৈছে। চিৰদিনৰ বাবে থান-বান হৈ গৈছে জীৱন আৰু জীৱিকা। অলপ অক্সিজেনৰ বাবে সকলো হৈ পৰিছে উদ্বিগ্ন, চিন্তাক্লিষ্ট। অক্সিজেন মানেই যেন জীৱন আৰু ইয়াৰ অভাৱেই যেন মৃত্যুৰ হিমশীতল স্পর্শ। কথাটো হয়ো, আক্ষৰিকভাৱেও হয়, ৰূপকাত্মকভাৱেও হয়। অক্সিজেন হৈ পৰিছে। আমাৰ সমাজ ব্যৱস্থাক চাৰিওপিনৰ পৰা ঘেৰি ধৰা সমস্যাবোৰৰ পৰা ৰক্ষা পৰাৰ একমাত্র শক্তি। এই শক্তিৰ ওপৰত সকলোৰে বিশ্বাস। জনসাধাৰণৰ আস্থা আৰু বিশ্বাসেই হৈছে। অক্সিজেনৰো অন্তর্নিহিত শক্তি। 
অক্সিজেনক মেটাফৰ বা ৰূপক বুলি এইবাবেই ক'ব খুজিছোঁ কিয়নো ইয়াৰ অভাৱ জীৱনৰ বহু ক্ষেত্ৰতেই প্ৰকট হৈ উঠিছে। সর্বসাধাৰণ লোকৰ পৰা আৰম্ভ কৰি অসমৰ বহুতো বিয়াগোম নেতাৰ ভাষ্য আৰু বক্তব্যত ইয়াৰ অভাৱ দৃষ্টিকটুভাৱে পৰিলক্ষিত হৈছে। ব্যতিক্রম হৈ থকা ক্ষুদ্র একাংশ লোকৰ কথা মই আলোচনাৰ মাজলৈ আনিবলৈ বিচৰা নাই। গৰিষ্ঠসংখ্যকেই ভুগিছে ইয়াৰ অভাৱত। এই অভাৱে বৌদ্ধিক আৰু সাংস্কৃতিক জগতখনক স্থবিৰ কৰি তুলিছে। পৰিশীলিত ৰুচিবোধসম্পন্ন জাতি হিচাপে সুখ্যাতি থকা আমাৰ আজি বদনামো কম নহয়। তথাকথিত মূলসুঁতিৰ মানুহেতো আমাক সদায় জংঘলী বুলিয়েই আখ্যা দি আহিছে। বর্তমান সময়ত আমাৰ এচাম ৰাজনীতিবিদ বক্তব্যয়ো তেনে ভুল ধাৰণাক সাৰ-পানী যোগাইছে।

অসমৰ বিধানসভা নির্বাচনৰ আগৰ কেইটামান মাহৰ কথা মনত পেলাওকচোন। প্রায় সকলােোৰ দলৰে নেতাৰ মুখত এনে ধৰণৰ ভাষ্য প্রকাশ পাইছিল, যিবোৰ কথাই প্রতিজন সংস্কৃত মানুহকে অস্বস্তিত পেলাইছিল। এনে ধৰণৰ সংকীর্ণ আৰু সাম্প্রদায়িক মন্তব্যতো অসমৰ অধিকাংশ সাধাৰণ মানুহেই নকৰে। এটা সময়লৈকেতো ৰুচিশীল মাত-কথাই আমাৰ সমাজখনৰ পৰিচয়-বহনকাৰী বৈশিষ্ট্য আছিল। আজি সেইসকলো যোগাত্মক বৈশিষ্ট্য ছেদেলি-ভেদেলি হৈ পৰাৰ উপক্ৰম হৈছে। ৰাজনীতিবিদসকলক অন্ধভাৱে অনুকৰণ কৰা লোকো সাম্প্রতিক সময়ত বৃদ্ধি পাইছে। এতেকে সাতে-সোতৰই মিলি আমাৰ সমাজতো সাম্প্রদায়িক চিন্তাৰ বিষবাষ্প সোমাই পৰিছে। বিশেষকৈ অসমৰ উঠি অহা প্ৰজন্মৰ বাবে এইটো ভয়ংকৰ কথা।

ভাবি চাওকচোন, সভ্যতাৰ সংকটৰ কথা কৈ কৈ সাম্প্রদায়িক মেৰুকৰণেৰে সমাজখন বিভাজিত কৰাৰ কথাটো কিমান সমীচীন? বহুতে হয়তো যুক্তি দর্শাব যে প্রেম আৰু যুদ্ধৰ দৰে নির্বাচনী ৰণৰ বেলিকা সকলো উপায়েই গ্রহণযোগ্য আৰু বৈধ। কিন্তু সেই গ্রহণযোগ্যতা আৰু বৈধতা’ই যুগ যুগলৈ সমাজখনক ক্ষতি কৰি থৈ যায়। মানুহৰ চিন্তা-চেতনাৰ মাজলৈ ধর্ম সম্পকীয় সংকীর্ণ আদৰ্শৰ আমদানি কৰি মানৱীয় চিন্তাক দূৰতে বিদূৰ কৰে। ভিন্ন ধর্মাৱলম্বী মানুহৰ মনৰ মাজত এখন দুস্তৰ প্ৰাচীৰ নিৰ্মাণ কৰি দুয়োপক্ষৰ ৰাজনীতিবিদ সকলে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ টনকিয়াল কৰে। ৰাজনীতিকৰ ভৱিষ্যৎ ৰঙীন হৈ উঠে যদিও সমাজৰ ৰংবোৰ বিৱৰ্ণ হৈ পৰে। সেই ৰংবোৰ প্রীতি আৰু ভাতৃত্ববোধৰ ৰং, তেনেবোৰ ৰঙক সমাজৰ অক্সিজেন বুলিও ক'ব পাৰি। লক্ষীধৰ শৰ্মাৰ অমৰ সৃষ্টি ‘চিৰাজ’ক যেতিয়া নটসূর্য ফণী শৰ্মা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাই বোলছবিৰ জৰিয়তে বহুজনৰ মাজলৈ লৈ গৈছিল, সেই যাত্ৰাত জিলিকি উঠিছিল অসমীয়া সমাজৰ সাতামপুৰীয়া ঐক্য-সম্প্রীতিৰ উপাদানবোৰ। সম্প্ৰীতিৰ উপাদানবোৰ পৰিপূৰ্ণ হৈ আছিল অক্সিজেনেৰে। এতিয়া ৰাজনীতিবিদৰ মুখেৰে ওলোৱা কার্বন-ডাই-অক্সাইডৰ বিষে সামাজিক অক্সিজেনক যেন ভয়ংকৰভাৱে আগুৰি ধৰিছে।

বহুতে এইক্ষেত্ৰত ক'ব অসমৰ দীর্ঘদিনীয়া বিদেশী সমস্যাৰ কথা। কিন্তু বিদেশী সমস্যাটোক কোনো সচেতন অসমীয়াই হিন্দু-মুছলমানৰ সমস্যা বুলি ভবাও নাছিল বা কোৱাও নাছিল। দেশ স্বাধীন হোৱাৰ আগৰ পৰাই বৰ্তমানৰ বাংলাদেশ আৰু তাহানিৰ পূৰ্ববংগৰ পৰা হোৱা অবাধ প্রব্রজন আৰু স্বাধীনতাৰ পাছৰ অনুপ্রৱেশে অসম আৰু ত্ৰিপুৰাৰ জনগাঁথনি ওলট-পালট কৰি দিলে। স্বাধীনতাৰ পাছত কংগ্ৰেছ দলে অনুপ্ৰৱেশকাৰীক ছলে-বলে-কৌশলে বৈধ কৰি নিজৰ ভোটবেংকৰ অংকত মূলতঃ মনোনিৱেশ কৰিলে। ১৯৪৬ চনৰ নিৰ্বাচনত লোকপ্রিয় গোপীনাথ বৰদলৈয়ে যে খিলঞ্জীয়াৰ গৃহভূমিৰ শ্ল’গান দি অসমৰ শাসনভাৰ লৈছিল, সেইকথাও কংগ্ৰেছ দলে পাছৰ কালত পাহৰি গ'ল। পাহৰি গ’ল বৰদলৈ আৰু লৌহমানৱ বিষ্ণুৰাম মেধিৰ স্বদেশ আৰু স্বজাতিৰ প্ৰতি থকা নির্ভাজ আনুগত্যৰ কথা। চলাই গল কেৱল অবৈধ বিদেশীৰ দ্বাৰা শ্বিলং আৰু দিছপুৰ দখলৰ অভিযান। খিলঞ্জীয়া অসমীয়া মানুহৰ চিন্তাৰ পৰিপক্কতা আৰু ধৈৰ্যৰ প্রশংসা কৰিবই লাগিব, কিয়নো ইমানৰ পাছতো তেওঁলােকে সমস্যাটো হিন্দু-মুছলমানৰ দ্বন্দ্ব বা সংঘাত বুলি নাভাবিলে। 

আনহাতে, প্ৰব্ৰজন আৰু অনুপ্রৱেশ কৰি অহা বহু বংগমূলীয় মুছলমান লোকে অসম আৰু অসমীয়া ভাষাক আপোন কৰি ললে। স্বাধীনতাৰ কেইবা দশকৰো আগৰ পৰাই নামনি আৰু মধ্য অসমৰ বিভিন্ন অঞ্চলত বহু বংগমূলীয় লোকে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰাত গুৰুত্ব দিলে। হাড়ে-হিমজুৱে তেওঁলোক অসমীয়া হৈ পৰিল বুলি ক'লেও অতিৰঞ্জিত কৰা নহয়। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভূপেন হাজৰিকাকে আদি কৰি বহু বৰেণ্য ব্যক্তিয়ে বংগমূলীয় মুছলমানসকলৰ অৱদানৰ কথা অকৃপণে স্বীকৃতি দি থৈছে। কিন্তু নিৰৱচ্ছিন্নভাৱে চলি থকা অনুপ্রৱেশে খিলঞ্জীয়া মানুহক শংকিত আৰু ক্ষোভিত কৰি তুলিলে। ইয়াৰ ফলতেই ১৯৭৯ চনত আৰম্ভ হ’ল ঐতিহাসিক অসম আন্দোলন। ৮৫৫জন শ্বহীদৰ সর্বোচ্চ ত্যাগৰ উপৰি লাখ লাখ খিলঞ্জীয়া লােকৰ সমর্থনৰ মাজতেইছবছৰীয়া আন্দোলনৰ পৰিসমাপ্তি ঘটিল অসম চুক্তিৰ জৰিয়তে। 

অসম চুক্তিখন এৰা-ধৰাৰ চুক্তি। সমগ্র বিশ্বতে দেখিবলৈ পোৱা যায় যে চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত উভয় পক্ষই কিছু এৰা-ধৰা কৰিব লগীয়া হয়। ইয়াত অস্বাভাৱিকতা একো নাই। অসম চুক্তিৰ জৰিয়তে গৰিষ্ঠ সংখ্যক অসমীয়া মানুহে বর্ণনাতীত বাস্তৱমুখিতা আৰু বদান্যতাৰ পৰিচয় দি ১৯৭১ চনৰ ২৫মার্চৰ দিনটো বিদেশী বিতাৰণৰ কাট অফ দিন হিচাপে মানি ল'লে। সমগ্র ভাৰতৰ বাবে বিদেশীৰ ক্ষেত্ৰত ১৯৫১ চন আৰু কেৱল অসমৰ বাবে ১৯৭১ চন। অসমে বিশটা বছৰৰ বিদেশীৰ অতিৰিক্ত বোজা ল’বলৈ লোৱা সিদ্ধান্তটোৰ লগত পূর্ব পাকিস্তানৰ পৰা ১৯৭১ চনত স্বাধীন ৰাষ্ট্ৰ হিচাপে বাংলাদেশে আত্মপ্রকাশ কৰাৰ ঐতিহাসিক ঘটনাটো গভীৰভাৱে সংপৃক্ত। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ উমঘাম নোপোৱা বহু লোকে আন্দোলনকাৰী পক্ষই ১৯৫১ৰ পৰিৱর্তে ১৯৭১ চনত বিদেশী বিতাড়নৰ ভিত্তিবর্ষ হিচাপে মানি লোৱা বাবে অযুক্তিকৰভাৱে সমালোচনা কৰে। মই কিন্তু উক্ত সিদ্ধান্তটোক বাস্তৱমুখিতা আৰু বদান্যতাৰ সমাহাৰ বুলি কৈছো। পৰিতাপৰ কথা, অসম চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বহিষ্কৰণ আজিও হৈ উঠা নাই। উচচতম ন্যায়ালয়ৰ তদাৰকীত সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গুৰুত্বপূৰ্ণ কামটোৰ মাজতো বহু মেৰুকৰণৰ ৰাজনীতি হ’ল। ১৬০০ কোটি টকা খৰচৰ লগতে প্রায় ৫৫০০০ লোকৰ শ্রম অথলে যোৱাৰ কথা বাৰু নক’লোৱেই। ভূতৰ ওপৰত দানহ পৰাৰ দৰে বিজেপি দলে ২০১৪ চনৰ ৩১ ডিচেম্বৰ তাৰিখলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহিবলৈ বিচৰা অমুছলমান (মূলতঃ হিন্দুলোকক) লোকক ভাৰতত সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিলে। নিমিষতে দুটা গুৰুত্বপূৰ্ণ কথা নির্মূল হৈ পৰিল। প্রথম, অসম চুক্তিৰ জৰিয়তে ভাৰতৰাষ্ট্ৰই অসমৰ দৰে প্রান্তীয় ৰাজ্যখনক দিয়া বিদেশী বহিষ্কৰণৰ ভিত্তিবর্ষ বতাহত উৰি গ'ল। দ্বিতীয়তে ১৯৭১ চনৰ পাছত অহা অবৈধ লোকসকলক ধর্মৰ ভিত্তিত বিভক্ত কৰি এভাগক বৰপীৰা পাৰি দিয়াৰ ব্যৱস্থা কৰা হ'ল। 

খিলঞ্জীয়া মানুহ যে ধর্মভেদে যিকোনো অবৈধ লোকৰ দ্বাৰাই সমানে ক্ষতিগ্রস্ত হোৱাৰ আশংকা আছে, সেই কথা কৌশলেৰে লুকুৱাই ধর্মভিত্তিক বিভাজনেৰে এক নতুন বাকধাৰা নির্বাচনী বৈতৰণী পাৰ হোৱাৰ ক্ষুদ্র স্বাৰ্থত নির্মাণ কৰা হ'ল। সেইটো বাকধাৰাৰে ক্ষয়ংকৰী ৰূপ আছিল সভ্যতাৰ সংকটৰ কথাটো। বদৰুদ্দিন আজমলৰ বেশভূষা আৰু ব্যক্তিত্বৰ কিয়দংশ প্রদর্শন কৰি সভ্যতাৰ যুঁজৰ কথাটোক সাধাৰণ মানুহৰ মনত সুমুৱাই দিয়া হ'ল। সর্বসাধাৰণ মানুহৰ মাজৰ একাংশ ধর্মভিত্তিক অসত্য আৰু অর্ধসত্যবোৰৰ দ্বাৰা বাৰুকৈয়ে প্রভাৱান্বিত হ’ল। ইয়াৰ ফলত দুয়োটা সাম্প্রদায়িক দলেই নির্বাচনত সফলতা অর্জন কৰিলে। খিলঞ্জীয়াৰ স্বাৰ্থত ঘঁৰিয়ালৰ চকুপানী টুকি কংগ্ৰেছ দলে ব্রহ্মপুত্র উপত্যকাত পাঁচটা গেৰাণ্টি আৰু বৰাক উপত্যকাত চাৰিটা গেৰাণ্টিৰ কথা কৈ নিজৰ অসম প্রেম’ৰ পৰিচয় দিলে। এতিয়া অৱশ্যে নির্বাচনী ৰাজনীতিৰ সমাপ্তি ঘটিছে। জনতাৰ জনাদেশ লৈ নতুন চৰকাৰে শপত গ্রহণো কৰিছে। প্রশ্ন উঠিব— অসমীয়া সামাজিক জীৱনলৈ পূর্বৰ অক্সিজেনৰ জীৱনদায়িনী শক্তি ঘূৰি আহিবনে? 

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অসমীয়া-বাঙালীসকলৰ মাজৰ সম্বন্ধ যথেষ্ট সুস্থিৰ হৈছিল। অনুপ্রৱেশকাৰীৰ সমস্যাটোৱে ৰাজ্যখনক ব্যতিব্যস্ত কৰি ৰাখিছিল যদিও হিন্দুমুছলমানৰ মাজৰ সম্প্রীতিও মোটামুটিভাৱে অক্ষত অৱস্থাত আছিল। যোৱা কেইবছৰমানত সামাজিক প্রশ্নবোৰৰ মাজলৈ হিন্দু-মুছলমানৰ কথাবোৰ বেছিকৈ আহিবলৈ লৈছে। নির্বাচনৰ আগমুহূর্তত সভ্যতাৰ সংকটত ভৰ দি এনে দ্বন্দ্ব। তুংগত উঠিলগৈ। কমি গ'ল অক্সিজেনৰ পৰিমাণ চৌদিশে। বিভেদকামী চিন্তাই কার্বন-ডাই অক্সাইডৰ ৰূপ লৈ সকলোতে বিয়পি পৰিছে। ড° হিমন্ত বিশ্ব শৰ্মাই হয়তো স্বাস্থ্য খণ্ডৰ অক্সিজেন যোগান ধৰাত ঐকান্তিক প্রচেষ্টা চলাব। কিন্তু সমাজৰ অক্সিজেন ঘূৰাই দিয়াৰ ক্ষেত্ৰত তেওঁ কি ভূমিকা লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব ভৱিষ্যৎ অসমৰ সমাজৰ ৰেহৰূপ। লক্ষীধৰ শৰ্মাৰ ‘চিৰাজ’ গল্পটোৱে এইক্ষেত্ৰত চৰকাৰখনক এটা সুস্থ আৰু সবল বার্তা দিব পাৰে বুলি মই ভাবো।
লেখাটি ছপা-মাধ্যমতো পূৰ্বে প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯৪৩৫০-৫২২৮২, লেখকৰ আন আন প্ৰকাশিত লেখা ইউনিকোডত অসমীয়াৰ সুখ-দুখৰ পাতত পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকঃ https://www.xukhdukh.com/search/label/MAYUR-BORA

No comments:

Post a Comment