শ্ৰদ্ধাঞ্জলিঃ নতুন লেখকক উৎসাহ যোগোৱাত অদ্বিতীয় আছিল হোমেন বৰগোহাঞি ছাৰ :: দীপাংকৰ মল্ল বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiya xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলিঃ নতুন লেখকক উৎসাহ যোগোৱাত অদ্বিতীয় আছিল হোমেন বৰগোহাঞি ছাৰ ::  দীপাংকৰ মল্ল বৰুৱা

শ্ৰদ্ধাঞ্জলিঃ নতুন লেখকক উৎসাহ যোগোৱাত অদ্বিতীয় আছিল হোমেন বৰগোহাঞি ছাৰ :: দীপাংকৰ মল্ল বৰুৱা

Share This
নতুন লেখকক উৎসাহ যোগোৱাত অদ্বিতীয় আছিল হোমেন বৰগোহাঞি ছাৰ দীপাংকৰ মল্ল বৰুৱা, xukhdukh, HOMEN BORGOHAIN
নতুন লেখকক উৎসাহ যোগোৱাত অদ্বিতীয় আছিল হোমেন বৰগোহাঞি ছাৰ
দীপাংকৰ মল্ল বৰুৱা
২০১৪ চনৰ কথা। প্ৰবন্ধ এটা লিখি প্ৰথমবাৰৰ কাৰণে বাতৰি কাকতলৈ পঠিয়াই দিছিলোঁ। তাকো আমাৰ অসমলৈ। কেইদিনমানৰ পাছত উপ সম্পাদক জীনা ফুকনৰ ফোন আহিছিল। তেওঁ ক’লে, “ছাৰে আপোনাৰ লেখাটো পঢ়ি ভাল পাইছে। অহা শুক্ৰবাৰে লেখাটো প্ৰকাশ হ’ব”। কথাটো জানিব পাৰি মনত সাংঘাটিক উৎসাহ পালোঁ। সেই উৎসাহতে আৰু এটা প্ৰবন্ধ আমাৰ অসমলৈ লিখি পঠিয়ালোঁ। শুক্ৰবাৰে প্ৰথমটো লেখা প্ৰকাশ হোৱাৰ দুদিন পাছতে সোমবাৰে দ্বিতীয় লেখাটো প্ৰকাশ পালে।
নতুন লেখকক উৎসাহ যোগোৱাত অদ্বিতীয় আছিল হোমেন বৰগোহাঞি ছাৰ দীপাংকৰ মল্ল বৰুৱা, xukhdukh, HOMEN BORGOHAIN
মোৰ দৰে প্ৰথমবাৰলৈ বাতৰি কাকতলৈ লেখা পঠিওৱা নতুন লেখক এজনৰ কাৰণে সেয়া আছিল এক সুখময় অভিজ্ঞতা। ইমানেই ৎসাহ পালোঁ যে আন এটা প্ৰবন্ধ ততাতৈয়াকৈ লিখি আমাৰ অসমলৈ পঠিয়াই দিলোঁ। তৃতীয়টো প্ৰবন্ধ পঠিওৱাৰ দুদিনমান পাছত হঠাতে অচিনাকী নম্বৰ এটাৰ পৰা ফোন আহিল। “হেল্লো” বুলি কোৱাৰ লগে লগে সিফালৰ পৰা শুনিবলৈ পালোঁ সেই চিনাকী কণ্ঠ, “মই হোমেন বৰগোহাঞিয়ে কৈছোঁ”।

সেয়াই আছিল এটা সম্পৰ্কৰ আৰম্ভণি। মোৰ দৰে অখ্যাত ব্যক্তি এজনক কেৱল ৎসাহ দিবলৈকে ছাৰে ফোন কৰিলে। মই কি কৰোঁ, ক’ত থাকোঁ, কি পঢ়াশুনা কৰিছোঁ সকলো এফালৰ পৰা সুধিলে। ছাৰে বহুসময় মোৰ লগত কথা পাতিলে। সেই প্ৰথম চিনাকীতে ছাৰে কোৱা কথাকেইটা এতিয়াও কাণত বাজি থাকে। “সকলো মানুহে লিখিব নোৱাৰে। যিসকলৰ এই প্ৰতিভাটো আছে তেওঁলোকে যিমান পাৰে লিখিব লাগে”।

হোমেন বৰগোহাঞি ছাৰৰ দৰে অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তি এগৰাকীৰ পৰা এনে উত্সাহ পাই মোৰ কলমে গতি পালে। প্ৰায় প্ৰতি সপ্তাহতে এটাকৈ প্ৰবন্ধ আমাৰ অসমলৈ পঠিয়াবলৈ ল’লোঁ। তাকে দেখি ছাৰে আকৌ এদিন ফোন কৰি ক’লে যে একেখন কাকতলৈ ইমান লেখা পঠিয়ালে প্ৰকাশ কৰিবলৈ অসুবিধা হয়। ছাৰৰ পৰামৰ্শ মতে মই আন আন কাকতলৈও লেখা পঠিয়াবলৈ ল’লোঁ।

ছাৰক প্ৰথম বাৰৰ কাৰণে সোঁশৰীৰে লগ পাইছিলোঁ মাৰ্ঘেৰিটাৰ চিংফৌ ইকো কেম্পত। আমি সপৰিয়ালে তলৈ অৱসৰ বিনোদনৰ বাবে গৈছিলোঁ। ছাৰ তেওঁৰ বৰ পুত্ৰৰ পৰিয়ালৰ লগত তালৈ গৈছিল। সেইদিনা বৰ বেছি কথা বতৰা হোৱা নাছিল। সেই নিৰিবিলি পৰিৱেশত ছাৰে তেওঁৰ নাতি হঁতৰ লগত ওমলি থকা দেখি তেওঁৰ শিশুসুলভ মনটোৰ উমান পাইছিলোঁ। সেইদিনাই ছাৰৰ খাদ্যৰসিকতাৰো উমান পাইছিলোঁ।

ছাৰক দ্বিতীয়বাৰৰ বাবে লগ পাইছিলোঁ দুলীয়াজানত আমাৰ প্ৰতিবেশী, ছাৰৰ ভতিজা গৌৰাংগ বৰগোহাঞি দাদাৰ ঘৰত। ছাৰে দুলীয়াজানৰ ৰঙালী বিহুৰ অনুস্থানত মুখ্য অতিথি হৈ আহিছিল। সম্পূৰ্ণ ঘৰুৱা পৰিৱেশত সেইদিনা ছাৰৰ লগত বহুত কথা হৈছিল। ছাৰে সেইদিনাৰ পৰা মোক আপুনিৰ সলনি তুমি বুলি সম্বোধন কৰিবলৈ ক’লে। মোৰ লগত মোৰ শ্ৰীমতীও আছিল। ছাৰে তেওঁৰ লগতো বৰ আন্তৰিকতাৰে কথা পাতিলে। সেইদিনা ডিব্ৰুগড়ৰ ডাক্তৰ নিৰ্মল ছাহেৱালা আৰু ডাক্তৰ প্ৰণয় ফুকনৰ লগত ছাৰে পতা ৰসাল আৰু খুহুতিয়া কথা বতৰাৰ ভাগ আমিও পাইছিলোঁ। বাহিৰৰ পৰা বৰ গহীন মানুহজনৰ মাজতযে ইমাৰ ৰঙিয়াল মানুহ এজন লুকাই আছে, সেইদিনাহে অনুভৱ কৰিছিলোঁ।

লেখা মেলাৰ যোগেদি ছাৰৰ লগত এটা আন্তৰিক সম্পৰ্ক স্থাপন হৈছিল। এদিন ছাৰে ফোন কৰি মোক ক’লে, “তোমাক মই এটা কাম দিম। বহুত ভাবি চিন্তি তুমিয়েই এই কামটো কৰিবলৈ উপযুক্ত বুলি মই ভাবিছোঁ”। স্বাভাৱিকতে মই কিছু উদ্বিগ্ন অনুভৱ কৰিলোঁ। ছাৰে পিছ মুহূৰ্ততে প্ৰায় আদেশৰ সুৰত ক’লে, “তুমি আমাৰ অসম কাকতৰ শুক্ৰবাৰৰ সম্পাদকীয়টো প্ৰতি সপ্তাহতে লিখিব লাগিব”। সেই সময়ত মই সাংবাদিকতাৰ জগতখনৰ বিষয়ে বিশেষ একো নাজানিছিলোঁ। সম্পাদকীয় লিখাৰ বিষয়েও কোনো ধাৰণা নাছিল। সেয়েহে এই গুৰু ভাৰ কান্ধ পাতি লবলৈ শংকিত হৈছিলোঁ। পিছে মোৰ দৰে অভাজনৰ ওপৰত ছাৰৰ এই বিশ্বাস দেখি না কৰিব নোৱাৰিলোঁ। এইদৰেই প্ৰায় তিনি বছৰ মই আমাৰ অসমত প্ৰতি সপ্তাহত এদিনকৈ সম্পাদকীয় লিখিছিলোঁ। মোৰ লেখক জীৱনৰ বাবে এয়া আছিল এক অভাবনীয় প্ৰাপ্তি। নিয়মীয়াকৈ সম্পাদকীয় লিখিবৰ কাৰণে মই যথেষ্ট পঢ়া শুনাও কৰিবলগীয়া হৈছিল। মোৰ লেখাবোৰ পঢ়ি ছাৰে মাজে মাজে মোলৈ ফোন কৰি নাতিদীৰ্ঘ কথা পাতিছিল। লেখাবোৰ ভাল কৰিবলৈ সৰু সৰু উপদেশ দিছিল। মোৰ দৰে অখ্যাত লেখকক এইদৰে প্ৰতিপাল কৰি সমৃদ্ধ কৰা দ্বিতীয় এজন ব্যক্তি হয়তো অসমীয়া সাহিত্য জগতত সহজতে নোলাব।

আমাৰ অসম কাকত এৰি নিয়মীয়া বাৰ্তালৈ যোৱাৰ পাছত আকৌ এবাৰ ছাৰে নিয়মীয়া বাৰ্তাৰ বাবে সম্পাদকীয় লিখিবলৈ মোৰ ওপৰত দায়িত্ব ন্যস্ত কৰিছিল। ছাৰৰ আদেশ এইবাৰো অমান্য কৰিব নোৱাৰিলোঁ। আমাৰ অসমত সম্পাদকীয় লিখাৰ পৰা অব্যাহতি লৈ ছাৰে কোৱা মতে প্ৰায় দুবছৰ মই নিয়মীয়া বাৰ্তাৰ বাবে সাপ্তাহিক সম্পাদকীয় লিখিছিলোঁ। ছাৰৰ মোৰ ওপৰত থকা এই বিশ্বাসৰ কাৰণেই মই নিয়াৰিকৈ কামটো কৰিব পাৰিছিলোঁ। ছাৰে মোক যিকোনো বিষয়ৰ ওপৰত লিখিবলৈ মোক অবাধ স্বাধীনতা দিছিল। সম্পাদকীয় লিখাৰ তাগিদাৰ কাৰণেই মই বিভিন্ন বিষয়ৰ জ্ঞান লাভ কৰিবলৈও সক্ষম হৈছিলোঁ।

মই যেতিয়া মোৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ আগবাঢ়িছিলোঁ, ছাৰে মোক যথেষ্ট উত্সাহিত কৰিছিল। গ্ৰন্থখন আছিল মোৰ প্ৰথম প্ৰবন্ধ সংকলন, “আজৰি পৰৰ গদ্য”। কওঁ নকওঁকৈ ছাৰক মোৰ কিতাপখনৰ আগ কথাটো লিখি দিবলৈ অনুৰোধ কৰিছিলোঁ। ছাৰে লগে লগে সন্মতি দিছিল। মই কথাটো কোৱাৰ পাছদিনাই ছাৰে ইমেইল যোগে তেওঁৰ লেখাটো পঠিয়াই দিছিল। কিতাপখন প্ৰকাশ হৈ ওলোৱাৰ পথত ছাৰৰ দিহা পৰামৰ্শখিনিৰ কাৰণে মই সদায় ছাৰৰ ওচৰত কৃতজ্ঞ হৈ থাকিম।

ছাৰক আকৌ এবাৰ ভালদৰে লগ পাইছিলোঁ যেতিয়া ছাৰে কৰুণাধাৰাৰ বাবে অইল ইণ্ডিয়া বিষয়া সন্থাই আগবঢ়োৱা পূঁজি সংগ্ৰহৰ কাৰণে দুলীয়াজানলৈ গৈছিল। ছাৰ গেষ্ট হাউছত থকাৰ খবৰ পাই মই পৰিবাৰ প্ৰণীতাৰ সৈতে ছাৰক দেখা কৰিবলৈ গৈছিলোঁ। সেইদিনা ছাৰে আমাক অকলশৰে পাই বহুত কথা পাতিছিল। আমি আচৰিত হৈছিলোঁ বহুদিন আগতে লগ পোৱা স্বত্বেও ছাৰে প্ৰণীতাৰ নাম, তাই কি কৰে, ক’ত ঘৰ, ক’ত পঢ়িছিল সকলো কথা মনত ৰাখিছিল। ছাৰৰ স্মৃতিশক্তি দেখি তবধ মানিছিলোঁ। সেইদিনা ছাৰক কথা প্ৰসংগত কৈছিলোঁ, “মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীত মোৰ লগৰ ভাল ৰিজাল্ট কৰা বেছিভাগ ল’ৰা ছোৱালীয়ে এতিয়া বিদেশত থাকে। মইহে অসমত থাকি গ’লোঁ”। ছাৰে হাঁহি মাৰি কৈছিল, “সেই বিদেশত থকা ল’ৰা ছোৱালীতকৈ তুমি বেছি ভাগ্যবান। কাৰণ তুমি তোমাৰ ভাষাটোত সাহিত্য চৰ্চা কৰি অলপ হ’লেও বৰঙণি দিব পাৰিছা”।

সেইবাৰেই ছাৰে মোক অসমৰ তৈলখণ্ডক বিষয় হিচাপে লৈ এখন উপন্যাস লিখাৰ পৰামৰ্শ দিছিল। ছাৰৰ সেই বহুমূলীয়া পৰামৰ্শৰ ভিত্তিতেই মই তৈলখণ্ডৰ ইতিহাস বিষয় হিচাপে লৈ এখন উপন্যাস লিখি উলিয়াবলৈ সক্ষম হৈছিলোঁ। উপন্যাস লিখি থাকোঁতেও মই বহুবাৰ ছাৰৰ লগত ফোনযোগে কথা পাতি দিহা পৰামৰ্শ লৈছিলোঁ। উপন্যাসখন যেতিয়া প্ৰান্তিক আলোচনীয়ে প্ৰকাশ কৰিব খুজিলে সেইসময়ত ‘বনলতা’য়ো কিতাপখন প্ৰকাশ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। ছাৰে মোক প্ৰান্তিকত প্ৰকাশ কৰিবলৈ পৰামৰ্শ দিছিল। ছাৰে কৈছিলযে প্ৰান্তিকৰ জৰিয়তে মই অসমৰ বৌদ্ধিক জগতৰ লগত পৰিচিত হোৱাৰ সুযোগ পাম। পাছলৈ প্ৰান্তিকত উপন্যাসখন প্ৰকাশ হোৱাৰ পাছত ছাৰে একোটা খণ্ড পঢ়ি মোলৈ মোবাইল বাৰ্তাৰ জৰিয়তে পঢ়ি কেনে পাইছে জনাইছিল। উপন্যাসখন কিতাপ আকাৰে প্ৰকাশ হোৱাৰ পাছত এটা কপি ছাৰৰ হাতত তুলি দিছিলোঁ। তেওঁ বৰ আগ্ৰহেৰে কিতাপখন হাতত তুলি লৈছিল।

২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত নিয়মীয়া বাৰ্তাত মই লিখা এটা প্ৰবন্ধ পঢ়ি ছাৰে হঠাতে এদিন মোক ফোন কৰিছিল। ছাৰে প্ৰবন্ধটোৰ প্ৰশংসা কৰি সেই বিষয়বস্তুৰ ওপৰত আলোচনা কৰিবলৈ তেওঁৰ নিউজ লাইভৰ অনুস্থান কথা বাৰ্তালৈ মোক নিমন্ত্ৰণ কৰিছিল। এয়া আছিল মোক বাবে এক অভাবনীয় উপহাৰ। মই তাৰ আগতে কেতিয়াও টেলিভিছনৰ অনুস্থানত অংশগ্ৰহণ কৰি পোৱা নাছিলোঁ কাৰণে মই কিছু নাৰ্ভাছ হৈছিলোঁ। কিন্তু ছাৰে মোক উত্সাহিত কৰিলে আৰু মই নিউজ লাইভৰ ষ্টুডিঅ’ত ‘কথা বাৰ্তা’ অনুস্থানত ছাৰৰ লগত কথা পতাৰ সুযোগ পালোঁ। ছাৰৰ লগত কথা পাতোতে সময় কেনেকৈ পাৰ হৈ হ’ল মই তলকিবই নোৱাৰিলোঁ। মই কিছু নাৰ্ভাছ হোৱা দেখি ছাৰে অনুস্থানৰ শেষত ক’লে, তোমাৰ ভালেই হৈছে। মই তোমাক দহ নম্বৰৰ ভিতৰত আঠ নম্বৰ দিছোঁ।

ছাৰৰ পৰা দহৰ ভিতৰত দহ নম্বৰ পাব নোৱাৰিলেও হোমেন বৰগোহাঞি ছাৰ আছিল মোৰ লেখক জীৱনৰ আদি গুৰু, মোৰ পৰামৰ্শদাতা আৰু শুভচিন্তক। যোৱা ১২ মে’ৰ ৰাতিপুৱাই ছাৰৰ আকস্মিক বিয়োগৰ খবৰ পাই মৰ্মাহত হৈ পৰিলোঁ। চাকৰিৰ তাগিদাত বৰ্তমান যোৰহাটত থকাৰ বাবে ছাৰৰ পাৰ্থিৱ শৰীৰ শেষবাৰলৈ দৰ্শন কৰাৰ পৰাও মই বঞ্চিত হ’লোঁ। ছাৰে ক’ভিডক জয় কৰি উভতি অহাৰ পাছত ভাবিছিলোঁ, ছাৰে আৰু কিছু বছৰ ভালে কুশলে থাকিব। পিছে নিয়তিয়ে হঠাতে তেওঁক আমাৰ মাজৰ পৰা লৈ গ’ল। পাৰ্থিৱ শৰীৰ আঁতৰি গ’লেও মোৰ দৰে শত সহস্ৰ নতুন লেখকক হাতত ধৰি আগুৱাই নিয়া হোমেন বৰগোহাঞি ছাৰ তেওঁৰ অসংখ্য গুণমুগ্ধৰ মাজত সদায় জীয়াই থাকিব।
লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে।
 লেখকৰ আনবোৰ লেখা পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ

No comments:

Post a Comment