'যাকেৰি নাহিকে উপাম'ৰ স্ৰষ্টা ড° লক্ষ্মীনন্দন বৰালৈ শ্ৰদ্ধাঞ্জলি
শৈলেন বৰুৱা
(১)
সকলোকে শোক-সাগৰত ডুবাই 'যাকেৰি নাহিকে উপাম'ৰ স্ৰষ্টা ড° লক্ষ্মীনন্দন বৰাই জীৱন নাট সামৰিলে। তেখেতৰ সান্নিধ্যই কৃতাৰ্থ কৰা এগৰাকী গুণমুগ্ধ হিচাবে কিছু সোঁৱৰণেৰে সাহিত্যিক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাচিব খুজিছো। কেৱল সাহিত্যিক হিচাবে জনা ড° বৰা ছাৰ যে একালত এগৰাকী কৃষি বিজ্ঞানৰ ছাত্ৰ আছিল বুলি বহুতেই নাজানে। ১৯৩২চনত জন্ম লাভ কৰা নগঞা ছাত্ৰজনেই ডক্টৰেট লাভ কৰিছিল বতৰ বিজ্ঞান বিষয়তহে। তেখেতে অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডকো এটা সময়ত নেতৃত্ব দিছিল। অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকন কৰা পদ্মশ্ৰী, সাহিত্য অকাডেমী, সৰস্বতী সন্মান লাভ কৰা ড° লক্ষ্মীনন্দন বৰা ছাৰৰ লগত থকা আত্মীয়তা আৰু স্মৃতি গোট খোৱালে এখন কিতাপেই হব। সদ্যহতে কিতাপৰ কথা ভবা নাই। গুটিদিয়েক স্মৃতিকে এই ক্ষণত ৰোমন্থন কৰিব বিচাৰিছো।
১৯৯২ চনৰ অক্টোবৰ মাহৰ কোনোবা এটা দিনত "ৰূপকাৰ" আলোচনীৰ সম্পাদক পবিত্ৰ কুমাৰ ডেকাৰ বাসগৃহত ( সেইটো আমাৰ চিত্ৰ সাংবাদিক সন্থাৰো কাৰ্যালয়) এটা কেছেট উন্মোচনী অনুষ্ঠানলৈ আহিছিল সাহিত্যিক লক্ষ্মীনন্দন বৰা। তাতে প্ৰথমবাৰৰ বাবে চিনাকী হৈছিলো বৰা ছাৰৰ লগত। সেই চিনাকীতে কৈছিলো আপোনাৰ "সখা দামোদৰ"ৰ দৰে গল্প মই খুব কমেই পঢ়িছো। লগতে সুধিছিলো তেখেতৰ সম্পাদিত "ৰংপুৰ"কাকতত লিখা মেলা কৰিব পাৰিম নেকি?
কিছু কথা পতাৰ পিছত তেখেতে মোক "ৰংপুৰ"ৰ কাৰ্যালয়লৈ মাতি পঠাইছিল। গৈছিলো আৰু মোৰ আদ্যোপান্ত খবৰ লৈছিল।
সেয়াই আৰম্ভণি। তাৰ পিছত প্ৰায় ১৯৯৮ চনলৈকে বৰা ছাৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছিল। তেতিয়া মই দিলীপ কুমাৰ মহন্ত সম্পাদিত "সপ্তাহ দৰ্পণ" আৰু সুনীল নাথ সম্পাদিত "সাপ্তাহিক দেওবাৰ" কাকতত চিত্ৰ সংবাদদাতাৰূপে লিখা-মেলা কৰিছিলো। বৰা ছাৰক লগ পোৱাৰ পিছত মই লিখা কাকত এখন বাঢ়িল--ৰংপুৰ।
যিহেতু সেই সময়ত কলেজত পঢ়ি আছিলো… সেয়ে বৰা ছাৰে মোৰ শিক্ষা জীৱনৰ ওপৰতো নজৰ ৰাখিছিল আৰু একাধিক পত্ৰৰে দেউতাৰ লগত যোগাযোগ ৰাখিছিল। গুৱাহাটীত থকা অৱস্থাত আমি মাজে মাজে লগালগি হৈ থাকো, বিশেষকৈ লেখা দিবৰ বাবে তেতিয়াৰ ৰিহাবাৰীৰ "আজিৰ বাতৰি"ৰ কাৰ্যালয় সংলগ্ন ৰংপুৰৰ কাৰ্যালয়লৈ যাও আৰু তাতেই ছাৰৰ লগত আড্ডা মাৰি কিছুপৰ কটাও। মই গুৱাহাটীত নথকা সময়ত ছাৰৰ লগত চিঠিৰে যোগাযোগ ৰাখো। তেনে বহু চিঠি মোৰ লগত এতিয়াও আছে। উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পিছত মই অসমীয়া নে ভূগোলত মেজৰ লম? --সেই গুণাগঁঠা চলি থকাৰ সময়তো ছাৰে মোক ভূগোলত মেজৰ লবলৈ জোৰ দিয়াৰ লগতে দেউতাকো পত্ৰযোগে জনাইছিল- শৈলেনে ভুগোলত মেজৰ লোৱাটোৱেই উচিৎ হ'ব। ছাৰৰ লগত ছাঁটোৰ দৰে নাছিলো যদিও সঘনে লগ পাইছিলো আৰু ছাৰৰ লগত কেবাখন ঠাইলৈও গৈছিল। তাৰ ভিতৰত নগাঁৱত যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ কন্যাৰ বিবাহলৈ গৈ যজ্ঞেশ্বৰ শৰ্মাদেৱৰ ঘৰত সোমাই আহিছিলো।
ছাৰৰ লগত এবাৰ মজাৰ ঘটনা এটা ঘটিছিল। কহিনুৰ থিয়েটাৰৰ মালিক ৰতন লহকৰে এবাৰ ছাৰক থিয়েটাৰৰ আখৰা চাবলৈ মাতিছিল। ছাৰে মোকো লগত নিয়াৰ কথা কলে… যাতে ভ্ৰাম্যমাণৰ ওপৰত এটা ভাল কালচাৰেল ৰিপ'ৰ্টিং হয়। যথা সময়ত দুয়ো আদাবাৰী বাছ আস্থানত লগ হলো আৰু বৰপেটা অভিমুখী বাছত উঠিলো। ছাৰক অফিচৰ গাড়ীয়ে ঘৰৰ পৰা তুলি আদাবাৰীত থৈ আহিছিল। আমি উঠা বাছখন শৰাইঘাট দলং পোৱাৰ সময়তে কণ্ডাক্টৰে ভাড়া বিচাৰিলে। ছাৰে খপজপাই পেণ্ট আৰু চোলাৰ জেপ খুচৰিলে যদিও মনিবেগটো নাপালে। ইফালে ভাড়া দিবই লাগে। ছাৰ বিবুধিত পৰিল। মই মাত লগালো-ছাৰ আমাৰ দুয়োজনৰে ভাড়া ময়েই দি দিও। মোৰ হাতত পইচা আছে। ছাৰ গৰগৰাই উঠিল--হেই কি কথা কোৱা তুমি!! মই এতিয়া ষ্টুডেণ্টৰ পইচা লৈ গাড়ীভাৰা দিম!! গাড়ীৰ পৰা নামি দিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। তেন্তে কৰা যায় কি!! ছাৰে অৱশেষত মোৰ প্ৰস্তাৱত সন্মতি জনালে আৰু পুনৰ গুৱাহাটীলৈ অহাৰ পিছতে মোৰ টকা কেইটা উভটাই দিম বুলি কলে। সমগ্ৰ যাত্ৰাটোত ছাৰে অন্ততঃ দহবাৰমান মোৰ পইচা কেইটা ঘূৰাই দিম বুলি প্ৰতিশ্ৰতি দিলে। ছাৰে বৰ আফছোচেৰে সেই যাত্ৰা কৰিছিল, কাৰণ ছাৰৰ হাতত ফুটাকড়িও এটা নাছিল। পাঠশালাত ছাৰে ৰতন লহকৰৰ পৰা ঘূৰি আহিব পৰাকৈ কিছু টকা ধাৰে ললে আৰু মোৰ প্ৰাপ্যও পিছত ঘূৰাই দিলে।
ফাট বিহুত ঢকুৱাখনাত... |
তেনে এজন মানুহ আছিল লক্ষ্মীনন্দন বৰা ছাৰ।
(২)
শংকৰদেৱৰ জীৱন ভিত্তিক উপন্যাস "যাকেৰি নাহিকে উপাম"খন ছাৰে ভবাতকৈ অধিক প্ৰচাৰ আৰু প্ৰচলন হল। ছাৰ উৎসাহিত হল আৰু পৰৱৰ্তী পৰ্যায়ত মাধৱদেৱৰ জীৱন ভিত্তিক এখন উপন্যাস লিখাৰ কথা ভাবিলে। সেইমতে ছাৰে গণেশগুৰিৰ ঘৰত নানান কিতাপ আৰু চৰিত পুথিৰ মাজত নিজকে নিমগ্ন কৰিলে। উপন্যাসখনৰ কেবাটাও অধ্যায় লিখাৰ পিছতো ছাৰে উপন্যাসখনৰ কি নাম দিব তাক নিশ্চিত কৰিব পৰা নাছিল। বিভিন্নজনৰ লগত এই সম্পৰ্কে আলোচনা কৰিছিল। এবাৰ মোকো সুধিছিল। মই কলো "বাৰেক কৰোহো প্ৰণাম" দিয়ক ছাৰ। ছাৰে তভক মাৰি ৰৈ কলে-এৰা, নামটো বেয়া নহয়। চাওচোন। অৱশেষত ছাৰে উপন্যাসখনৰ নাম দিলে "সেহি গুণনিধি"। সেইখন উপন্যাসতে মাধৱদেৱ ঘাগৰি মাজিৰ ঘৰলৈ যোৱাৰ কথা লিপিবদ্ধ আছে। পিছে যাব কেনেকৈ? সেই কালত নদীয়েই মূল যাতায়াত। পিছে ছাৰে ক'তো পোৱা নাই উজীৰৰ টোলৰ পৰা ঘাগৰি মাজিৰ ঘৰৰ মাজত নদীপথৰ যোগাযোগ! ছাৰে কথাটো মোক কোৱাত সেই নদীপথৰ লিংকটো মই লগাই দিলো। ছাৰ এনেকৈ অমুক নদী গৈ অমুকত অমুক নদীৰ লগত লগ লাগিছে… সেই ফালেৰে মাধৱদেৱে ভটিয়াই অমুক নৈৰে উজাই অমুকত উপস্থিত হৈছিল চাগৈ। ছাৰে সেই তথ্যৰ ভিত্তিতে নিৰহ নিপানীকৈ বৰ্ণনা কৰি লিখিলে। সেয়ে "সেহি গুণনিধি"ত সোৱণশিৰি… চাৰিকড়ীয়া, বাঘচুক আদিৰ নৈ আৰু ঠাইৰ নাম সন্নিৱিষ্ট আছে।
কিতাপখনৰ যিটো ক'পী ছাৰে মোৰ হাতত দিছিল… তাত লিখিছিল-উপন্যাসখনৰ প্ৰথম ১০০ পৃষ্ঠাত তোমাৰ পৰা যিমান সহায় পালো… তাৰে কৃতজ্ঞতা স্বৰূপে তোমাক গ্ৰন্থখনি উপহাৰ দিলো।
ছাৰে পঢ়ি থকা বা লিখি থকাৰ সময়ত কোনো অতিথি গলে কেতিয়াও লিখাৰ অচিলাৰে "সময় নাই" জাতীয় কথা নকৈছিল বা তেনে ভাব দেখুৱাই অতিথিক বঞ্চিত নকৰিছিল। আলহী গলে ছাৰে কলম সামৰে আৰু একপ্ৰকাৰ আড্ডাত নিমৰ্জিত হয়। তেতিয়া তেখেতৰ হাতত অপৰ্যাপ্ত সময় যেন আছে, তেনেদৰেই বিভিন্ন বিষয়ত কথা বতৰা পাতে আৰু আলহীক উঠি যাবলৈ নিদি ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে।
এদিন ছাৰৰ ঘৰলৈ যাওতে মোৰ পিছতে ছাৰৰ ঘৰ ওলালগৈ সেই সময়ৰ কটনৰ মেধাৱী ছাত্ৰ সোণমণি বৰা (IAS বৰা এতিয়া ছত্তিশগড়ত কৰ্মৰত) ছাৰে আমাৰ দুয়োকে কলে-বলা, আজি তোমালোক দুয়োৰে লগত ফটো উঠোগৈ। কথামতেই কাম। গণেশগুৰিৰ এটা ষ্টুডিঅ'ত আমি ফটো উঠিলো আৰু সেই ফটো আজিও মোৰ এলবামত আছে।
ছাৰে আমাৰ দৰে সৰু বৰ সকলোৰে লগত সৌহাৰ্দ্য বৰ্তাই ৰাখিছিল আৰু নিজ নিজ কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ কি কি কৰিব লাগিব সেইসম্পৰ্কে দিহা দিছিল।
ছাৰলৈ বিদায় বেলাত আন্তৰিক শ্ৰদ্ধা জনালো। তেখেতৰ সৃষ্টি কৰ্মৰ যুগজয়ীতাৰ বাবেই ছাৰ যে অসমীয়া ভাষা সাহিত্য তথা জাতীয় জীৱনৰ ইতিহাসক এক উজ্জ্বল ভোটাতৰা হৈ চিৰদিনেই উজ্বলি থাকিব, সেই কথাও কিন্তু নিশ্চিত।
ছাৰলৈ বিদায় বেলাত আন্তৰিক শ্ৰদ্ধা জনালো। তেখেতৰ সৃষ্টি কৰ্মৰ যুগজয়ীতাৰ বাবেই ছাৰ যে অসমীয়া ভাষা সাহিত্য তথা জাতীয় জীৱনৰ ইতিহাসক এক উজ্জ্বল ভোটাতৰা হৈ চিৰদিনেই উজ্বলি থাকিব, সেই কথাও কিন্তু নিশ্চিত।
লেখক অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, তেখেতৰ প্ৰকাশিত আনবোৰ লেখা অসমীয়াৰ সুখ-দুখৰ পাতত পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
No comments:
Post a Comment