বিশ্লেষণঃ ক'ৰোনা মহামাৰীত বিধ্বস্ত ভাৰতীয় অৰ্থনীতিঃ উদ্ধাৰ সম্ভৱনে? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ ক'ৰোনা মহামাৰীত বিধ্বস্ত ভাৰতীয় অৰ্থনীতিঃ উদ্ধাৰ সম্ভৱনে?  :: অনন্ত কলিতা

বিশ্লেষণঃ ক'ৰোনা মহামাৰীত বিধ্বস্ত ভাৰতীয় অৰ্থনীতিঃ উদ্ধাৰ সম্ভৱনে? :: অনন্ত কলিতা

Share This
ANANTA-KALITA,ARTICLE,ANALYSIS,অনন্ত কলিতা,প্ৰৱন্ধ,বিশ্লেষণ,অৰ্থনৈতিক বিপৰ্য্যয়ৰ পৰা ভাৰতে উদ্ধাৰ পাবনে?

 ক'ৰোনা মহামাৰীত বিধ্বস্ত ভাৰতীয় অৰ্থনীতিঃ উদ্ধাৰ সম্ভৱনে?

অনন্ত কলিতা
’ভিডৰ প্ৰথম তৰংগক যদিও ভাৰত চৰকাৰে নিয়ন্ত্ৰনত আনিব পাৰিছিল দ্বিতীয় তৰংগই ছুনামী ৰূপ লৈ সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ দৈনিক প্ৰায় চাৰি লাখ লোক সংক্ৰমিত হৈছে আৰু এতিয়ালৈকে প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছে৷ ক’ভিডে ভাৰতৰ জনসাধাৰণৰ মাজত প্ৰাণনাশৰ সন্ত্ৰাস সৃষ্টি কৰিছে৷ ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যই ক’ভিডক প্ৰতিৰোধ কৰিবলৈ লকডাউন-কাৰফিউ আদি বলৱৎ কৰা আৰম্ভ কৰিছে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ ভাৰতৰ অৰ্থনীতি যোৱা চাৰি বছৰৰ পৰা অৰ্থাৎ ক’ভিডৰ প্ৰথম তৰংগৰ আগৰে পৰা মন্দা অৱস্থাতে নিমজ্জিত হৈ আছিল৷ ক’ভিডৰ প্ৰথম তৰংগই এই মন্দাক্ৰান্ত অৰ্থনীতিক বিধবস্ত কৰি দিছিল৷ আমেৰিকাকে ধৰি বিশ্বৰ অনেকখন উন্নত দেশ ভাৰততকৈ অধিক হাৰত কৰ’ণাত আক্ৰান্ত হৈছিল কিন্তু অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত অধিক হাৰত ক্ষতিগ্ৰস্ত হৈছিল৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত [এপ্ৰিল-মে’-জুন] ভাৰতৰ অৰ্থনীতিৰ জি-ডি-পিৰ বিকাশ ২৩.৯ শতাংশ অধঃপতন ঘটি অৰ্থনৈতিক অধঃপতনৰ অভিলেখ সৃষ্টি কৰিছিল৷ 
ANANTA-KALITA,ARTICLE,ANALYSIS,অনন্ত কলিতা,প্ৰৱন্ধ,বিশ্লেষণ,অৰ্থনৈতিক বিপৰ্য্যয়ৰ পৰা ভাৰতে উদ্ধাৰ পাবনে?
সামগ্ৰিকভাৱে ২০২০-২১ বিত্তীয় বৰ্ষত জি-ডি-পিৰ ৮ শতাংশ অধঃপতন ঘটিছিল৷ চেণ্টাৰ ফ’ৰ মণিট’ৰিং ইণ্ডিয়ান ইক’ন’মিৰ হিচাপ মতে ক’ভিডৰ প্ৰথম তৰংগত ভাৰতৰ ১২.২ কোটি শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মসংস্থান হেৰুৱাইছিল৷ দেশৰ মুঠ শ্ৰমিক-কৰ্মচাৰী ৪০৪ নিযুতৰ পৰা ২৮২ নিযুতলৈ নামি আহিছিল৷ কৰ’ণাৰ প্ৰথম তৰংগৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পাছত অৰ্থনীতিৰ ক্ৰিয়াকৰ্ম অলপ স্বাভাৱিক হোৱাতো কৰ্মসংস্থাপন হেৰুৱা সমস্তখিনি শ্ৰমিক কৰ্মচাৰীক পুনৰাই কামত ঘূৰাই আনিব পৰা নাছিল৷ অধিকাংশ শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মহীন হৈ আছিল৷ ভাৰত চৰকাৰেও অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে বাস্তৱ কাৰ্য্যসূচী হাতত লোৱা নাছিল৷ ৰাজভঁৰালৰ ধন খৰচ নকৰাকৈ ৰিজাৰ্ভ বেংক আৰু আন আন বাণিজ্যিক বেংকবোৰক বিভিন্ন ঋণৰ আঁচনিৰে অৰ্থনৈতিক ব্যৱস্থাত ধনৰ উপলব্ধ কৰাৰ আঁচনিৰে ২১ লাখ কোটি টকীয়া উদ্দীপক পেকেজ ঘোষণা কৰিছিল৷ এই ব্যৱস্থাই অৰ্থনৈতিক ব্যৱস্থাত যোগানৰ দিশতহে বিকাশ হোৱাত সহায় কৰে, কিন্তু উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদা বৃদ্ধিত অকণো সহায় নকৰে৷ ৰাজভঁৰালৰ ধন খৰচ কৰি বিভিন্ন কাৰ্য্যসূচীৰে কৰ্মসংস্থাপন সৃষ্টি আৰু জনসাধাৰণৰ আয় কৰাৰ বিভিন্ন সুযোগ সৃষ্টি সামগ্ৰিকভাৱে জনসাধাৰণৰ হাতত পইচা যোৱাৰ কাৰ্মসূচী গ্ৰহণ কৰিলে বা তেওঁলোকৰ ক্ৰয় ক্ষমতা বৃদ্ধি হ’লে বজাৰ চাহিদাৰ বৃদ্ধি ঘটিলেহেঁতেন৷ ফলস্বৰূপে উদ্যোগীয় পণ্যই, সেৱা খণ্ডই, কৃষিপণ্যই উপযুক্ত বজাৰ পাই পুনৰুজ্জীৱিত হৈ উঠিলেহেঁতেন আৰু নতুন নতুন কৰ্মসংস্থানৰ সৃষ্টি হ’লহেঁতেন৷ এই প্ৰক্ৰিয়াক বিখ্যাত ব্ৰিটিশ্ব অৰ্থনীতিবিদ জে. এম. কেইন্সৰ গুণীতক তত্ত্ব বুলি কয় (ট্ট Keynesian multiplier is a theory that states the economy will flourish the more the Government spends)৷ মোডী চৰকাৰে দেখাত ২১ লাখ কোটি টকাৰ উদ্দীপক পেকেজ ঘোষণা কৰিলে, কিন্তু পেকেজটোৰ পৰা জনসাধাৰণে লাভালাভ পালে খুব বেছি দুই লাখ কোটি টকাহে এই পেকেজৰ অৱশ্যম্ভাৱী ফল ভাৰতৰ অৰ্থনীতিৰ পৰা মন্দা অৱস্থা আঁতৰ নহৈ অৰ্থনীতিৰ মন্দা অৱস্থা গভীৰহে হ’ল৷ ভাৰতৰ অৰ্থনীতি বৃহত্তম সমস্যা হিচাপে দেখা দিলে যে উদ্যোগ, সেৱা, কৃষি আদি সকলো খণ্ডৰে বজাৰ চাহিদা নূ্যনতম হৈয়ে থাকিল, যি কাৰণে জনসাধাৰণৰ বাবে কৰ্মসংস্থাপন সৃষ্টি নহ’ল, তেওঁলোকৰ আয় কৰাৰ সুযোগৰ সৃষ্টি নহ’ল আৰু তেওঁলোক দুৰ্ভিক্ষ অৱস্থাৰ গ্ৰাসত থাকিল৷ অৰ্থনীতি পুনৰুজ্জীৱিত কৰিবলৈ বিভিন্ন বিখ্যাত অৰ্থনীতিবিদে দিয়া পৰামৰ্শক মোডী চৰকাৰে কোনো গুৰুত্বই নিদিলে৷ 

তথ্য প্ৰস্তুতকাৰী সংস্থাবোৰে কৈছিল যে ক’ভিডৰ প্ৰথম তৰংগত ১২২ নিযুত লোকে কৰ্মসংস্থান হেৰুৱাইছিল, কিন্তু এই সংস্থাবোৰেই [বিশেষকৈ চি-এম-আই-ইয়ে] কৈছে যে ইয়াৰ ভিতৰত যোৱা ৩১ ডিচেম্বৰলৈ [২০২০] মাত্ৰ ১৫ নিযুত কাম হেৰুৱা শ্ৰমিক-কৰ্মচাৰীয়েহে পুনৰাই কামত ঘূৰি আহিব পাৰিছে৷ চি-এম-আই-ইয়ে কৈছিল যে মুঠ ৪০৪ নিযুত কৰ্মচাৰীৰৰ ভিতৰত ১৩ শতাংশ বিভিন্ন পেছাৰ স্নাতক আৰু স্নাতকোত্তৰ৷ এওঁলোকৰ ভিতৰত ক’ভিডৰ প্ৰথম তৰংগত ৬৫ শতাংশই কাম হেৰুৱাইছিল৷ চি-এম-আই-ইয়ে অতি সম্প্ৰতি তথ্য প্ৰকাশ কৰি কৈছে যে শ্ৰমিক-কৰ্মচাৰীৰ কামত অংশগ্ৰহণ যোৱা এপ্ৰিলত ৪০ শতাংশলৈ হ্ৰাস পাইছে৷ এই অধঃপতন যোৱা বছৰত লকডাউন বলৱৎ কৰা দিনৰ পৰা নূ্যনতম৷

দেশৰ অৰ্থনীতিৰ এই জৰাজীৰ্ণ অৱস্থা আৰু দেশৰ এক বুজনসংখ্যক লোকৰ দুৰ্ভিক্ষৰ পটভূমিতে ক’ভিডৰ দ্বিতীয় তৰংগ আহি গ’ল৷ মোডী চৰকাৰে দেশৰ অৰ্থনীতিৰ এই জৰাজীৰ্ণ অৱস্থাক আঁৰল কৰি ৰাখি আন্তৰ্জাতিক ক্ষেত্ৰত গৌৰৱ কৰি থাকিল ক’ভিডৰ প্ৰথম তৰংগক পৃথিৱীৰ ভিতৰতে সাফল্যমণ্ডিতভাৱে নিমন্ত্ৰণত অনা বুলি আৰু যিটো কৰিব পৰা নাই আমেৰিকাৰ দৰে উন্নত দেশে৷ ভাৰতৰ বিভিন্ন বিজ্ঞানী-স্বাস্থ্য বিজ্ঞানীসকলে ভাৰত চৰকাক কৰ’ণাৰ দ্বিতীয় তৰংগ আহিব বুলি সতৰ্কবাণী দি কাৰ্য্যকাৰীভাৱে ইয়াক প্ৰতিৰোধ কৰাৰ বাবে যথোপযুক্ত আন্তঃগাঁথনি তৈয়াৰ কৰাৰ তথা সাৱধানতা অৱলম্বন কৰাৰ কথা কৈছিল৷ মোডী চৰকাৰে এই বিশেষজ্ঞসকলৰ কথাত সামান্যতমো গুৰুত্ব আৰোপ নকৰি স্বাস্থ্য খণ্ডৰ উন্নতি সাধন নকৰিলে, নতুন কোনো আন্তঃগাঁথনিৰ সৃষ্টি নকৰিলে৷ কেন্দ্ৰীয় চৰকাৰৰ এই অপৰাধমূলক অৱহেলাৰ বাবে তথা দায়িত্বজ্ঞানহীনতাৰ বাবে কৰ’ণাৰ দ্বিতীয় তৰংগত সংক্ৰমিত লোকসকলক চিকিৎসাৰ বাবে হাস্পতালৰ বিছনা নাই, আই-চি-ইউৰ বেড নাই, ভেণ্টিলেট’ৰ নাই, আনকি ৰোগীসকলক জীয়াই ৰাখিবলৈ অক্সিজেনো নাই, বহু কৰ’ণা ৰোগী অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে৷ পৰিতাপৰ কথা যে মোডী চৰকাৰে বিমুদ্ৰাকৰণৰ আঁচনিৰ দ্বাৰা ভাৰতৰ জনসাধাৰণক বেংকত দিনজোৰা শাৰী পাতিবলৈ বাধ্য কৰাৰ দিনৰে পৰা জনসাধাৰণক বাধ্য কৰিছে বিভিন্ন চৰকাৰী কৰ্মকাণ্ডত শাৰী পাতিবলৈ বৰ্তমান দিনজোৰা শাৰী পাতিবলৈ বাধ্য কৰিছে শ্মশানত মৃতদেহ অন্তে্যষ্টিক্ৰিয়াৰ বাবে৷ চিকিৎসাৰ অভাৱত ইমান সংখ্যক লোকৰ মৃত্যু হৈছে যে সৎকাৰ কৰিবলৈ শ্মশানত ঠাই নাই৷ সন্ন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ৰাজ্যত, হাজাৰে হাজাৰে মৃতদেহ গংগাত উটুৱাই দিছে, অনেক মৃতদেহ গংগাৰ বালিত পুতি থৈছে৷

যোৱা সময়ছোৱাত যিখিনি লোকে কৰ্মসংস্থান ল’বলৈ সক্ষম হৈছিল, ক’ভিডৰ দ্বিতীয় তৰংগৰ আৰম্ভণিতে তেওঁলোকে আকৌ কৰ্মসংস্থাপন হেৰুৱাবলগা হৈছে৷ চি-এম-আই-ইৱে তথ্য প্ৰকাশ কৰিছে যে যোৱা ৩০ এপ্ৰিললৈ ৭৪ লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছে৷ ৩১ মে’লৈ নি(য় দুই কোটিতকৈ অধিক লোকে কৰ্মসংস্থান হেৰুৱাইছে৷ ইতিমধ্যে জৰাজীৰ্ণ হৈ থকা দেশৰ অৰ্থনীতিক ক’ভিডৰ দ্বিতীয় তৰংগই মাৰাত্মকভাৱে বিধবস্ত কৰিব৷ কৰ্মসংস্থান হেৰুৱা প্ৰক্ৰিয়া আৰম্ভ হৈছেহে, দীঘলীয়া সময়ৰ লকডাউন-কাৰফিউ আদিৰ বাবে অৰ্থনৈতিক ক্ৰিয়াকৰ্ম সম্পূৰ্ণ বন্ধ হৈ আৰু বহু কোটি লোকে কৰ্মসংস্থান হেৰুৱাব৷ শেহতীয়া তথ্যমতে চহৰবোৰৰ নিবনুৱাৰ হাৰ বৰ্তমান ১০.৫৪ শতাংশ হৈছে, এই হাৰ প্ৰতিদিনে বৃদ্ধি হৈ থাকিব৷

এতিয়া ডাঙৰ প্ৰশ্ন হ’ল মোডী চৰকাৰে অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰি জনগণক দুখ-যন্ত্ৰণাৰ পৰা সকাহ দিব পাৰিবনে? কৰ’ণাৰ পটভূমিত মানুহ নিঃস্ব হৈ যোৱাত তীব্ৰ গতিত দেশৰ ঘৰুৱা বজাৰৰ চাহিদা হ্ৰাস পোৱাৰ পৰিস্থিতিত দেশৰ বিধবস্ত অৰ্থনীতি ‘ভি’ চেপত (V) বিকশিত হোৱাৰ কোনো সম্ভাৱনাই বা সম্ভাৱনা প্ৰতিফলিত হোৱা নাই৷ যি সময়ত ক’ভিডৰ প্ৰথম তৰংগত সংঘটন হোৱা অৰ্থনীতিৰ ক্ষতিকেই স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পৰা নাই, এতিয়া অধিক অনিষ্টকাৰী ক’ভিডক প্ৰতিৰোধ কৰিবলৈ লোৱা ব্যৱস্থাই এই বিধবস্ত অৰ্থনীতিক চূৰমাৰ কৰি দিব৷ আৰ-বি-আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে সম্প্ৰতি দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিত হোৱাক লৈ অনি(য়তা প্ৰকাশ কৰি কৈছে যে অৰ্থনীতিয়ে কেতিয়া স্বাভাৱিক অৱস্থা পাব কোৱা নাযায়৷ ৰিজাৰ্ভ বেংকেও অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ প্ৰকৃত কাৰ্য্যসূচীৰ বিপৰীতে সুলভ সুদত শিল্পখণ্ডত বিনিয়োগ কৰাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে৷ কিন্তু আজি দেশৰ অৰ্থনীতিৰ মুখ্য সমস্যা হ’ল উৎপাদিত সামগ্ৰীৰ বজাৰ চাহিদা নাই৷ এই ক্ষেত্ৰত মুম্বাইৰ আৰ্থিক পৰিসেৱা সংস্থা মতিলাল অছোৱাল ফিনান্সিয়েল ছাৰ্ভিচৰ অৰ্থনৈতিক উপদেষ্টা নিখিল গুপ্তই কৈছে যে কৰ’ণাৰ বিপৰ্য্যয়ত দেশৰ অৰ্থনীতি চৰম সংকটত৷ ইয়াৰ মূল কাৰণ হ’ল, এই সময়ত লোকসকলৰ অধিকাংশই কৰ্মহীন হৈছে, এওঁলোকৰ আয় নাই৷ মানুহৰ ক্ৰয় ক্ষমতা নাই, গতিকে বজাৰত কোনো উৎপাদিত সামগ্ৰীৰে চাহিদা নাই আৰু নাগৰিকৰ সঞ্চয়ৰ হাৰো হ্ৰাস পাইছে৷ তেওঁ কৈছে যে প্ৰথম কৰ’ণা বিপৰ্য্যয়ৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত মানুহৰ সঞ্চয়ৰ হাৰ আছিল জি-ডি-পিৰ ২৮.ৰ শতাংশ৷ অক্টোবৰ-ডিচেম্বৰৰ ত্ৰৈমাসিকত হ্ৰাস হৈছিল ২২.ৰ শতাংশলৈ৷ গুপ্তই কয় যে বিশ্বৰ আন দেশৰ চৰকাৰবোৰে নাগৰিকৰ আয় বৃদ্ধি হোৱাৰ অৰ্থাৎ মানুহৰ হাতত পইচা যোৱাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছিল কাৰণে সেই দেশবোৰত বজাৰ চাহিদা অব্যাহত আছিল আৰু সঞ্চয়ৰ হাৰ ঠিকেই আছিল৷ ফলস্বৰূপে উদ্যোগ, সেৱা খণ্ডই তেওঁলোকৰ উৎপাদন অটুত ৰাখিব পাৰিছিল আৰু শ্ৰমিক-কৰ্মচাৰীসকলক ছাটাই নকৰাকৈ কৰ্মত ৰাখিব পাৰিছিল৷ এই প্ৰক্ৰিয়াৰে সেই দেশবোৰত চৰকাৰী উদ্যোগত তথা পৰিচালনাত বজাৰ চাহিদা বৃদ্ধিৰ দ্বাৰা অৰ্থনীতিৰ পুনৰুজ্জীৱিত কৰিছিল৷

আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এক অধ্যয়নৰ সমীক্ষাত কৈছে যে ২৩ কোটি মানুহ নতুনকৈ দৰিদ্ৰ হৈছে৷ তেওঁলোকৰ আয়ৰ পৰিমাণ দিনে ৩৫০ টকাতকৈও কম হৈছে৷ আন এটা সমীক্ষাত পিউ ৰিচাৰ্ছে জনাইছে যে ভাৰতৰ ২৩ কোটি মানুহ নতুনকৈ দৰিদ্ৰ হৈছে, তেওঁলোকৰ আয় বৰ্তমান দিনে ১৫০ টকাতকৈও কম৷ আনফালে দেশত মানুহৰ মাজত আয়ৰ অসমতা মাৰাত্মকভাৱে বৃদ্ধি হৈছে৷ অ’ক্সফাম নামৰ সংগঠনটোৱে জনাইছে যে ভাৰতৰ এক শতাংশ মানুহৰ আয় দেশৰ ৭০ শতাংশ লোকৰ অৰ্থাৎ দেশৰ ৯৫ কোটি লোকৰ আয়ৰ চাৰিগুণ৷ ক’ভিডৰ প্ৰথম তৰংগৰ পাছত সৰু ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগী, পথ ব্যৱসায়ী আদিৰ ব্যৱসায় মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হৈছে, কিন্তু পুঁজিপতিসকলে তেওঁলোকৰ ব্যৱসায় বিশেষ ক্ষতি নোহোৱাকৈ ৰাখিব পাৰিছে৷ ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ভি. চুব্বাৰাওৱে কৈছে, ‘‘Inequalities have intensified because the formal sector has nearly normalised while the informal sector remain distressed.’’ অসংগঠিত খণ্ড সংকটত মানে দেশৰ মুঠ ৪০৪ নিযুত শ্ৰমিক-কৰ্মচাৰীৰ ৯০ শতাংশ অসংগঠিত খণ্ডৰ গতিকে দেশৰ অসংগঠিত খণ্ডৰ ৩৬৩.৬ নিযুত অসংগঠিত খণ্ডৰ শ্ৰমিক-কৰ্মচাৰীও মহা সংকটত৷ যোৱা ১৯ মে’ত দ্য ইক’নমিক টাইমছত প্ৰকাশ কৰিছে যে লকডাউনৰ সময়ত দৰ্মহা নাপাই যোৱা বছৰৰ পৰা বৰ্তমানলৈ ৩৫ নিযুত শ্ৰমিক-কৰ্মচাৰীয়ে জীৱন নিৰ্বাহৰ বাবে তেওঁলোকৰ ভৱিষ্যৎ নিধিৰ (Provident Fund) পৰা ৰ.২৫ লাখ কোটি টকা উঠাই লৈছিল৷ এই তথ্যই প্ৰতিফলিত কৰে যে দেশৰ ৮০ শতাংশ শ্ৰমিক-কৰ্মচাৰীয়ে কৰ্মসংস্থান হেৰুৱাইছিল অথবা মাহেকীয়া মজুৰি পোৱা নাছিল৷ 

চি-এম-আই-ইয়ে কৈছে যে ভাৰতবৰ্ষত মেনুফেক্‌চাৰিং খণ্ডৰ কৰ্মসংস্থান পঞ্চাশ শতাংশ হ্ৰাস হৈছে৷ পিউ ৰিচাৰ্ছেও কৈছে দেশৰ বৃহৎ অংশৰ মানুহৰ আয় হ্ৰাস পাইছে, বিপৰীতে অতি ক্ষুদ্ৰ অংশৰ আয় বিপুল হাৰত বাঢ়ি আছে৷ দেশৰ অৰ্থনীতিৰ উদ্বেগজনক কথা যে পিউ ৰিচাৰ্ছৰ তথ্য মতে দেশৰ ৩২ নিযুত মধ্যবিত্ত লোক যোৱা এবছৰৰ ভিতৰতে দৰিদ্ৰ পৰ্য্যায়লৈ নামি গৈছে৷ বিশ্বৰ আন দেশবোৰত দুখীয়া লোক মধ্যবিত্ত পৰ্য্যায়লৈ উন্নীত হৈছে, বিপৰীতে ভাৰতত তললৈ নামি আছে৷ দেশৰ অৰ্থনীতিক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰে জনসাধাৰণৰ হাতত ধন যোৱাৰ কোনো কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনা নাই৷ ক’ভিডৰ প্ৰথম তৰংগৰ অৰ্থনীতিৰ সংকটক মোকাবিলা কৰিবলৈ মোডী চৰকাৰৰ ২১ লাখ কোটি টকাৰ উদ্দীপক পেকেজৰ ধনৰবোৰ কোনো চৰকাৰী ধনৰ প্ৰত্যক্ষ কাৰ্য্যসূচী নাছিল৷ নাগৰিকৰ প্ৰত্যক্ষভাৱে কৰ্মসংস্থান দিয়া বা তেওঁলোকৰ হাতত পইচা যোৱা কাৰ্য্যসূচী নাছিল কাৰণে উক্ত পেকেজৰ দ্বাৰা অৰ্থনীতি পুনৰুজ্জীৱিত নহ’ল৷ অৰ্থাৎ সেই কাৰ্য্যসূচীবোৰ যোগান বিকাশৰ কাৰ্য্যসূচীহে আছিল, কিন্তু চাহিদা বৃদ্ধিৰ কাৰ্য্যসূচী নাছিল৷ কিন্তু যোগানৰ বিপৰীতে চাহিদা নাথাকিলে যোগানো বৃদ্ধি নহয়৷ 

বৰ্তমানলৈ দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ নিমাতে আছে৷ কিন্তু জনসাধাৰণে কাম বিচাৰে নিজৰ জীৱন নিৰ্বাহৰ বাবে তথা খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰাৰ ক্ষমতা অৰ্জনৰ বাবে৷ যি কাৰণে কোনো উপায় নাপায় বহু নাগৰিকে কৰ্মসংস্থান নিশ্চয়তা আঁচনিৰ কাম বিচাৰিছে আৰু গাঁৱলীয়া কৰ্মসংস্থান নিশ্চয়তা আঁচনিৰ (MGNREGA) কাম বিচৰা লোক ১০২ শতাংশ বৃদ্ধি পাইছে যোৱা এপ্ৰিলত৷ দেশৰ অৰ্থনীতিৰ এই পটভূমিত অনেক বিখ্যাত অৰ্থনীতিবিদে কৈছে, দেশত ১৯৪৩ চনৰ বংগদেশৰ দুৰ্ভিক্ষতকৈও মাৰাত্মক দুৰ্ভিক্ষৰ গ্ৰাসত পৰিব দেশৰ সমগ্ৰ জনসাধাৰণ৷
বিশিষ্ট অৰ্থনীতিবিদ তথা ভাৰতীয় ষ্টেট বেংকৰ শীৰ্ষ বিষয়া ৰূপে অৱসৰপ্ৰাপ্ত লেখকৰ লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ পূৰ্বে প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ

No comments:

Post a Comment