চিন্তনঃ সামাজিক গণ-মাধ্যম হওক শালীন আৰু শুভংকৰ :: কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ সামাজিক গণ-মাধ্যম হওক শালীন আৰু শুভংকৰ :: কুমাৰ নৱজ্যোতি

চিন্তনঃ সামাজিক গণ-মাধ্যম হওক শালীন আৰু শুভংকৰ :: কুমাৰ নৱজ্যোতি

Share This
সামাজিক গণ-মাধ্যম হওক শালীন আৰু শুভংকৰ কুমাৰ নৱজ্যোতি, xukhdukh.com
সামাজিক গণ-মাধ্যম হওক শালীন আৰু শুভংকৰ
কুমাৰ নৱজ্যোতি
প্ৰযুক্তিময় যুগত এতিয়া চ'ছিয়েল মেডিয়া এটা এৰাব নোৱাৰা শক্তিশালী গণ-মাধ্যম। আনকি ইয়াক প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ পাছতে গণতন্ত্ৰৰ পঞ্চম স্তম্ভ বুলি আখ্যা দিয়া আৰম্ভ হৈছে। এই ক্ৰমাত শক্তিমন্ত হৈ উঠা গণ-মাধ্যম হৈ উঠিছে সমাজ এখনৰ চিন্তা, কৰ্ম, চেতনা আদিক প্ৰতিফলন কৰা এক মাধ্যমো। গণতন্ত্ৰত ইয়াক যেনেকৈ প্ৰফেচনেল ৰূপত জনমত গঢ়াৰ কাৰণে ব্যৱহৃত হৈছে, তাৰ বিপৰীতে ডিজিটেল ফুট-প্ৰিণ্টৰ জৰিয়তে ব্যৱসায়িক কামতো ইয়াৰ সৰ্বাধিক ব্যৱহাৰ হৈছে। আনকি মানুহ পচন্দ-অপচন্দ, গ্ৰহণ কৰা স্থিতি আদিক মনিটৰ কৰিবলৈ ব্যৱহাৰ হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰো। 
সামাজিক গণ-মাধ্যম হওক শালীন আৰু শুভংকৰ কুমাৰ নৱজ্যোতি, xukhdukh.com
সম্প্ৰতি অসমৰ ফেচবুকৰ মজিয়াখন ৰাজনীতি আৰু কবিতা বিষয়ক বিতৰ্কই সময়ে সময়ে উত্তাল কৰি থকা দেখা গৈছে৷ নিৰ্দিষ্ট ৰাজনৈতিক দলৰ প্ৰতি সমৰ্থন থকা একাংশ লোকে কোনো গঠনমূলক আলোচনা, সমালোচনা আন কাৰোৰে পৰা শুনিবলৈ নাৰাজ হোৱা তথা তেওঁলোকৰ গোড়ামিৰ প্ৰসংগইও মাজে-মাজে ফে চবুকৰ মজিয়াখন উত্তাল কৰি আছে৷ আনকি শেহতীয়াকৈ ফেচবুকত কটু ভাষাৰে তথা অনুচিত ৰূপত মন্তব্য কৰাক লৈ পুলিচৰ হাতত যুৱ-প্ৰজন্মৰ প্ৰতিভূ গ্ৰেপ্তাৰ হব লগা ঘটনাও আমি প্ৰত্যক্ষ কৰিব লগা হৈছে। গতিকে আধুনিক গণ-মাধ্যমক সাৱধানে, ইতিবাচক ৰূপত ব্যৱহাৰ কৰাৰ কথা পুনৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। 

কবিতা চৰ্চাৰ প্ৰসংগত, সততে ফেচবুকৰ ‘ৱাল’ত একাংশই ‘কবিতা’ আপলোড কৰি থকাক লৈও আন একাংশই আপত্তি দৰ্শোৱা দেখা গৈছে৷ বেছিসংখ্যক লোকে কবিতা লিখাৰ নামত প্ৰয়োজনীয় অধ্যয়ন, অনুশীলন নকৰাৰ যিদৰে অভিযোগ উঠিছে; একেদৰে ফেচবুকৰ কবিতাৰ বেছিখিনিয়েই কবিতাৰ নামত অপযশ অনাৰ অভিযোগো আন একাংশই আনিছে৷ ফেচবুকত এই প্ৰসংগতে আলোচিত হৈছে ‘কবিতা-অকবিতা’ৰ প্ৰসংগও৷ 

আধুনিক সামাজিক গণ-মাধ্যম হিচাবে বিভিন্ন বিষয় ফেচবুকত আলোচনা হ’বই পাৰে, একেদৰে আনক পোনপটীয়া অসুবিধা নিদিয়াকৈ এই মজিয়াত কোনো এজনে যিকোনো কথাই বিনিময় কৰাৰ স্বাধীনতাকো বহুজনেই নিশ্চয় সমৰ্থন কৰিব৷ কিন্তু, এনে বাদানুবাদৰ প্ৰসংগত বহুজনে আশ্ৰয় লোৱা ব্যক্তিগত অশালীন আক্ৰমণক নিসন্দেহে কোনো যথাৰ্থ চিন্তাশীল লোকে সমৰ্থন নকৰে৷ বিশ্বৰ আন অংশৰ কথা নক’লোঁৱেইবা, অসমৰ প্ৰেক্ষাপটত অন্তত: আমি ফেচবুকৰ মজিয়াখন এনে ব্যক্তিগত অশালীন আক্ৰমণৰ পৰা মুক্ত হৈ থকাটো আশা কৰিম৷ কোনো ৰাজনীতিকক কৰা অযথা ব্যক্তিগত আক্ৰমণ,কোনোজনৰ মৃত্যুত আসুৰিক তৃপ্তিৰ প্ৰকাশ আদিৰ দৰে কথাবোৰো কোনো শালীন মনোভাৱৰ লোকে ফেচবুকৰ মজিয়াত নকৰে বুলিয়েই সচেতন মহলে ভাবে৷ এইবোৰ মাথোঁ দুই-এটা উদাহৰণহে! 

আচলতে, ফেচবুকৰ ষ্টেটাচৰ দ্বাৰাও সংশ্লিষ্ট একাউণ্ট হ’ল্ডাৰৰ ব্যক্তিত্বৰ ছবি এখনেই ফুটি উঠে৷ ফেচবুকৰ মজিয়াত কিবা বিনিময় কৰাৰ পূবেৰ্ এই কথাটো সংশ্লিষ্টসকলে মন কৰা ভাল৷ উন্নত দেশসমূহত চৰকাৰী অথবা ব্যক্তিগত খণ্ডৰ ক’ম্পেনী বিশেষত কোনো লোকক নিয়োগৰ ক্ষেত্ৰত তেওঁৰ ফেচবুকৰ ষ্টেটাচসমূহো যে পৰীক্ষা কৰি তেওঁৰ ব্যক্তিত্ব অনুধাৱন কৰাৰ প্ৰয়াস কৰা হয়, সেই সন্দৰ্ভত আমাৰ বেছিভাগেই অৱগত নহয়৷

ফেচবুকৰ এই নিচাই সম্প্ৰতি অসমৰ সমাজ-জীৱনো এনেদৰে গ্ৰাস কৰিছে যে তাক কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি৷ আমাৰ দায়িত্ব হ’ল এই নিচাক যোগাত্মক ৰূপত ব্যৱহাৰ কৰা৷ ফেচবুকত সম্প্ৰতি বিভিন্ন ‘ষ্টেটাচ’, ‘কমেণ্ট’ৰ লগত সংশ্লিষ্টজনৰ অনুভৱটো যেনে ‘হেপ্পী’, ‘চেড’- - - আদি উল্লেখ কৰাৰো ব্যৱস্থা আছে৷ আনকি, শেহতীয়াকৈ নতুন নতুন আৰু বিভিন্ন ধৰণৰ সুবিধা একাউণ্ট হ’ল্ডাৰসকলৰ বাবে ফেচবুক কৰ্তৃপক্ষই মুকলি কৰাৰ প্ৰয়াস কৰিছে৷ সংশ্লিষ্টসকলৰ কথাবোৰ সাধাৰণভাৱে হ’লেও অৱগত বুলিয়েই আমি প্ৰাসংগিক কথাবোৰ তথা প্ৰায়োগিক কথাবোৰ উনুকিয়াইছোঁহে মাথোন৷ কিন্তু, আকৌ কৈছোঁ---আমি স্বাধীনতাৰ এই বিশাল মজিয়াখনক যোগাত্মক ৰূপত ব্যৱহাৰ কৰিলে ভাল৷ নিজৰো, আনৰো, সমাজ তথা মানৱতাৰো৷ ফেচবুকত সম্পাদক নাই ঠিকেই, কিন্তু আমি জানো আমাৰ চিন্তাৰ মানক সামান্য উন্নত কৰাৰ প্ৰয়াস কৰিব নোৱাৰোঁ?এটা কথা ঠিক যে দুই-এটা বিক্ষিপ্ত ঘটনাই হয়তো ফেচবুকৰ গোটেই মজিয়াখনক প্ৰতিনিধিত্ব নকৰে৷ কিন্তু, অশালীনতা--অযথা ব্যক্তিগত আক্ৰমণ আদিক জানো আমি আঁতৰাব নোৱাৰোঁ!! প্ৰয়োজনত নিজকে সংযত কৰি এনে অযথা কথাবোৰত আমি জানো মন্তব্য নিদিয়াকৈ থাকিব নোৱাৰোঁ! অপ্ৰয়োজনত আমি আনসকলক আমাৰ ‘ষ্টেটাচ’ৰ সৈতে ‘টেগ’ নকৰাকৈ আমি জানো থাকিব নোৱাৰোঁ!! যিকোনো অশুভ ফল প্ৰদায়ক মন্তব্যক উৎসাহিত নকৰাকৈ আমি থাকিব নোৱাৰোঁ জানো?

আমি সংশ্লিষ্ট ব্যৱহাৰকাৰীসকলে যদি আনক অসুবিধাত নেপেলোৱাকৈ ফেচবুকৰ মজিয়াখনৰ সুন্দৰ ৰাজহুৱা ব্যৱহাৰ কৰোঁ, নিজৰ স্বাধীনতাৰ সৎ প্ৰয়োগ কৰাৰ লগতে আনৰ যথাৰ্থ স্বাধীনতাকো যদি আমি যথাৰ্থ সন্মান জনাওঁ। তেনেহ’লে ফেচবুকৰ মজিয়াখনে হয়তো আমাক বহু কিবাকিবি যোগাত্মক ফলাফল দিব পাৰে৷ এনে যোগাত্মক চিন্তা-চচাৰ্ৰে পৰিচালিত হ’লে ফেচবুকৰ মাধ্যমতো আমি ব্যক্তিগত জীৱনলৈকে নহয়, ৰাজহুৱা তথা জাতীয় জীৱনলৈকো বহু সুফল কঢ়িয়াব পাৰিম বুলি আশা কৰিব পাৰি৷ ৰাস্তাই-ঘাটেই হওক অথবা বিয়া-সবাহ, বাৰ্থডে, উপনয়ন, ৰাজহুৱা সভা-সমিতি, বিহু-পূজা  য’তেই নহওক কিয় কোমল বয়সৰ ল’ৰা-ছোৱালীয়েই হওক, কলেজীয়া যুৱক-যুৱতীয়েই হওক, আদহীয়া বা বয়স্ক পুৰুষ-মহিলাই হওক কাৰোবাক নহয় কাৰোবাক ম’বাইল ফ’নত আঙুলিৰে টিপি টিপি ফেচবুকত মগ্ন থকা দেখিবলৈ পোৱাটো এই অসমতো আজিৰ তাৰিখত তেনেই সুলভ৷ দিল্লী পুলিচৰ ‘ট্ৰেফিক জাম’ৰ তথ্যই হওক বা কোনো প্ৰভাৱশালী ৰাজনীতিকৰ কোনো বিশেষ বিষয় সন্দৰ্ভত মন্তব্যই হওক সহজেই পাব পৰা যায় ফেচবুকত থকা সংশ্লিষ্ট পক্ষৰ একাউণ্টত৷ ‘টুইটাৰ’ আদিৰ একাউণ্ট সংশ্লিষ্ট ব্যক্তিবিশেষে ব্যৱহাৰ কৰিলেও কাৰ্যত: ফেচবুক সবৰ্সাধাৰণৰ হৈ থকাৰ বিপৰীতে ‘টুইটাৰ’ আদি চ’ছিয়েল চাইট সাধাৰণতে সবৰ্সাধাৰণে ব্যৱহাৰ কৰা দেখা নাযায়৷ ফেচবুকত যিদৰে ‘অনামী : নাম নজনা উদ্ভিদ’ৰ দৰে গুৰুত্বপূণ ৰ্ ‘গ্ৰুপ’ আছে, একেদৰে আছে ‘ৰামধেনু’ৰ দৰে মুক্ত চিন্তাৰ অনলাইন আলোচনীৰ গ্ৰুপো৷ যিদৰে বন্ধুত্ব আছে, একেদৰে আছে ভাতৃত্ববোধ, মানৱতাবোধ, প্ৰেমৰ নিদৰ্শনো এই ফেচবুকৰ বুকুতে৷ জাতীয় জীৱনৰ স্বাৰ্থত ঐক্যবোধৰ প্ৰতিফলনো ফেচবুকৰ বুকত নঘটা নহয়৷ একেদৰে, এচামে সামাজিক সম্প্ৰীতি বিনষ্টৰ প্ৰয়াসো ফেচবুকৰ মাধ্যমত নকৰা নহয়৷ আগতেই কোৱাৰ দৰে আমি সাৱধান হ’ব লাগিব আৰু প্ৰয়োজনত এনে বিভেদকামী প্ৰয়াসৰ বিৰূদ্ধে আইনৰো কাষ চপাটো সচেতন লোক মাত্ৰৰে কাম বুলিব পাৰি৷

ফেচবুকৰ মাধ্যমত ৰাজহুৱা জীৱনতো বিভিন্ন শুভ কাম সম্পন্ন হোৱাটো আজিৰ তাৰিখত সকলোৰে অৱগত৷ কেৱল সেয়েই নহয়, অসমৰ প্ৰেক্ষাপটতে যদি আমি চাওঁ দেখিম যে অসমীয়া জাতীয় জীৱনৰ বাবে বহু শুভংকৰ পদক্ষেপো বিভিন্নজনে ফেচবুকৰ মাধ্যমত গ্ৰহণ কৰি আহিছে৷ উদাহৰণস্বৰূপে, অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নকল্পে কেইজনমান শুভানুধ্যায়ীৰ প্ৰয়াসত ফেচবুকত আৰম্ভ হোৱা ‘অসমীয়াত কথা-বতৰা’ শীৰ্ষক গোটটো তথা প্ৰাসংগিক ‘সাহিত্য ডট. অৰ্গ’ গোটটোৰ উল্লেখ নকৰি নোৱাৰিলোঁ৷ প্ৰাসংগিক যে অসমীয়াত কথা-বতৰা’ নামৰ গোটটোত প্ৰকাশিত লেখাসমূহৰ নিবাৰ্চিত কিছুমান ‘সাহিত্য ডট. অৰ্গ’ ৱেবচাইটোত প্ৰকাশ কৰা হয়৷ প্ৰাৰম্ভিকভাৱে স্বতন্ত্ৰভাৱে আৰম্ভ হোৱা ৱেবচাইটটোক পাছলৈ ‘ভাষা সাহিত্য সন্মিলনী, অসম’ নামৰ সংস্থাটোৰ মাহেকীয়া মুখপত্ৰ ৰূপে প্ৰকাশ কৰা হয়৷ আমাৰ প্ৰায়ভাগ পাঠকৰে অৱগত যে ‘সাহিত্য ডট. অৰ্গ’ হ’ল ইউনিকড মানক পদ্ধতিৰে অসমীয়া ভাষাত লিখা-মেলা কৰাৰ এক সমাদৃত বৌদ্ধিক আন্দোলন৷ এই প্ৰসংগতে ‘অৰ্ধ আকাশ’ৰ দৰে ফেচবুকৰ মজিয়াৰ সাহিত্যমূলক তথা জনদৰদী অনুষ্ঠানৰ কথাও উল্লেখ কৰিব পাৰি৷ অসমীয়াৰ সুখ-দুখ xukhdukh.com য়ে ব্ৰেকিং নিউজৰ সলনি কেৱল ভাল খবৰ, ভাল প্ৰৱন্ধ আদিৰে ইউনিকোড মাধ্যমত অসমীয়া ভাল সমল বৃদ্ধি কৰি আছে প্ৰায় বিগত ৯ বছৰ ধৰি। বিজ্ঞজনৰ ভাল প্ৰৱন্ধবোৰ ইমেজৰ সলনি ইউনিকোডলৈ ৰূপান্তৰ কৰি সংৰক্ষণ কৰাৰ লগতে ই-পুথিভঁৰালৰো ব্যৱস্থা কৰিছে। কেৱল 'ভাল খবৰ, ভাল সমল'কে সাৰোগত কৰিয়েই ৬৭ লাখৰো অধিক ক্লিক লাভ কৰাটোও অসমীয়া ৱেবচাইটৰ বাবে কিমান ইতিবাচক খবৰ ভাবকচোন!! এইবোৰো সামাজিক গণ-মাধ্য়মৰে একোটা ভাল কামেই নহয়নে?

ফেচবুকৰ মাধ্যমত ব্যক্তিগত জীৱনৰ সুখানুভূতিৰ পৰা ৰাজহুৱা তথা জাতীয়, ভাষিক, সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পযাৰ্য়ৰ ক্ষেত্ৰখনলৈকে আমি বহু ভাল কাম কৰিব পাৰোঁ৷ আৰ্তজনক সহায় কৰা, সুস্থ চিন্তাৰ লিখা-মেলাত উদ্গণি যোগোৱা ধৰণৰ বহু গ্ৰুপ ইতিমধ্যে ফেচবুকৰ জগতখনত আৰম্ভ হৈছে৷ আমি মাথোঁ ইয়াৰ সুবিধাসমূহ চিনি পাব লাগিব আৰু এই সুযোগ সমূহৰ সৎ ব্যৱহাৰ কৰিব জানিব লাগিব৷ বহুজনেতো বহু সময়, আনকি মাজনিশাও ব্যস্ত থাকে ফেচবুকৰ ভাচুৰ্ৱেল জগতখনত! যদিওবা আগতে কোৱাৰ দৰে এই ‘ভাৰ্চুৱেল’ জগতখনক অধিক গুৰুত্ব দি চৌপাশৰ পৃথিৱীখনক পাহৰি পেলোৱাটো ভাল কথা নহয়, তথাপি ফেচবুকৰ সচেতন তথা যোগাত্মক ব্যৱহাৰক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ৷ ফেচবুকৰ মাধ্যমত সন্ত্ৰাসবাদ, গোষ্ঠী-সংঘৰ্ষ, মৌলবাদ আদি বিয়পোৱাৰ প্ৰয়াস এচামে কৰে বা কৰিব পাৰে যদিও এনে কথাবোৰক আমি প্ৰশ্ৰয় নিদি এনে অশুভ কথা-কাণ্ডবোৰৰ বিৰুদ্ধে শালীনভাৱে ফেচবুকৰ বুকুতে আমি জানো এক প্ৰতিবাদ গঢ়ি তুলিব নোৱাৰোঁ! আমি জানো সংঘবদ্ধ হ’ব নোৱাৰোঁ!! নিশ্চয় পাৰোঁ৷ এনে শুভংকৰ উদাহৰণো দুৰ্লভ নহয়৷

নিজৰ মতে, নিজা ধৰণেৰে কাৰো অসুবিধা নোহোৱাকৈ, আনৰ স্বাধীনতাক আঁজুৰি ননাকৈ ফেচবুকৰ বুকুত সুখ বিচৰাতনো অসুবিধা ক’ত? বিভিন্ন কাৰণত ফেচবুকৰ সাহিত্যচৰ্চাৰ মানক লৈ বিভিন্ন আলোচক-সমালোচকক একে আষাৰে সন্তুষ্ট বুলিব নোৱাৰি৷ কিন্তু, তাৰ মাজতো দুই-এটা ‘গ্ৰুপ’ৰ প্ৰয়াস বা দুই-এজনৰ ব্যক্তিগত সাহিত্যমূলক আপলোডৰ মানক হয়তোবা একেবাৰে নুই কৰিব পৰা নাযায়৷ একে সময়তে, কোনো সম্পাদক নোহোৱাৰ সুযোগ লৈ একাংশই ব্যক্তিগত ‘আপলোড’ বা ‘ষ্টেটাচ’ত সাহিত্যৰ নামত যি মন যায় তাকেই ফেচবুকৰ মজিয়াত এৰি দিয়াও আমি প্ৰত্যক্ষ কৰিছোঁ৷ তেনে কথাবোৰত আমনি পালে বা অযথা তেনে ‘আপলোড’কাৰীয়ে কাৰোবাক ‘টেগ’ কৰিলে সংশ্লিষ্টজনক ‘আনফ্ৰেণ্ড’ বা ‘ব্লক’ কৰাৰ বাদে আন উপায় নাই যেনেই ধাৰণা হয়৷ কাৰণ, ফেচবুকৰ স্বাধীনতাৰ প্ৰসংগটো বাদেই ভাৰতীয় সংবিধানৰ বাক্-স্বাধীনতাৰ প্ৰেক্ষাপটতো আনক পোনপটীয়াকৈ অসুবিধাত নেপেলোৱা বক্তব্যৰ অধিকাৰ আমি খৰ্ব কৰিব নোৱাৰোঁ৷ আন এচামে আকৌ ক’ব খোজে---কোনোবাই যদি তেওঁলোকৰ নিজৰ ধৰণেৰে ফেচবুকত ‘সাহিত্য চৰ্চা’ কৰিয়েই সুখী হয় (লাগিলে সেইয়া মানসম্পন্ন ‘সাহিত্য’ নহওকেই!) ; তাত আমাৰ আপত্তি কৰিবলগীয়া কি আছে? এইসকলে নিম্নমান(!)ৰ হ’লেও ‘সাহিত্যচৰ্চা’হে কৰিছে; বন্দুকেৰে নিৰীহক গুলিয়াই সন্ত্ৰাসবাদী হ’বলৈতো যোৱা নাই!মুঠতে, বিভিন্নজনৰ বিভিন্ন মন্তব্য৷ ইয়াৰ মাজতো পিছে ফেচবুকৰ যোগাত্মক দিশ সন্দৰ্ভত সকলো প্ৰায় একমত৷

ফেচবুকক যদি আমি সঁচাকৈয়ে যোগাত্মক ৰূপত, কেৱল যোগাত্মক ৰূপত ব্যৱহাৰ কৰাৰ কথা ভাবোঁ ; নিঃসন্দেহে সেইয়া আমাৰ সমাজ-জীৱনৰ বাবে এক সঠিক পদক্ষেপ হ’ব৷ স্বাভাৱিকতেই তেনে এক দিশেৰেই আমি, ফেচবুকৰ পৃথিৱীখনৰ বাসিন্দাসকল একগোট হৈ অগ্ৰসৰ হ’ব নোৱাৰোনে! ফেচবুকৰ মজিয়াতে সপোনৰ সমাজ এখনৰ কথা আমি বাৰু ভাবিব নোৱাৰোনে? আহক, আমি সকলোৱে মিলিজুলি ফেচবুকৰ মাধ্যমতে আশাৰ এখন সমাজ, হেঁপাহৰ এখন সমাজ, বিশ্বাসৰ এখন সমাজ গঠনৰ প্ৰয়াসত ব্ৰতী হওঁ!!
লেখাটি অসম আদিত্য কাকততো প্ৰকাশ পাইছে। লেখকৰ আনবোৰ প্ৰকাশিত লেখা অসমীয়াৰ সুখ-দুখত পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ

No comments:

Post a Comment