তাজাখবৰঃ মুম্বাইয়ে আমদানি কৰিব ১কোটি স্পুটনিক-৫ ভেকচিনঃ অসমে গ্ৰহণ কৰিবনে 'মুম্বাইৰ মডেল'? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

তাজাখবৰঃ মুম্বাইয়ে আমদানি কৰিব ১কোটি স্পুটনিক-৫ ভেকচিনঃ অসমে গ্ৰহণ কৰিবনে 'মুম্বাইৰ মডেল'?

তাজাখবৰঃ মুম্বাইয়ে আমদানি কৰিব ১কোটি স্পুটনিক-৫ ভেকচিনঃ অসমে গ্ৰহণ কৰিবনে 'মুম্বাইৰ মডেল'?

Share This
SPUTIK MUMBAI, মুম্বাইয়ে আমদানি কৰিব ১কোটি স্পুটনিক-৫ ভেকচিনঃ অসমে গ্ৰহণ কৰিবনে 'মুম্বাইৰ মডেল'?
মুম্বাইয়ে আমদানি কৰিব ১কোটি স্পুটনিক-৫ ভেকচিনঃ 
অসমে গ্ৰহণ কৰিবনে 'মুম্বাইৰ মডেল'?
দেশৰ অৰ্থনৈতিক ৰাজধানী চহৰ মুম্বাইক কোভিডৰ তৃতীয় লহৰৰ পৰা বচাবলৈ মুম্বাই মিনিচিপাল কৰ্পৰচেনে পোন-পটীয়াকৈ স্পুটনিক নামৰ ৰাছিয়ান ভেকচিন বিধ ১ কোটি ডজ আমদানি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। 
SPUTIK MUMBAI, মুম্বাইয়ে আমদানি কৰিব ১কোটি স্পুটনিক-৫ ভেকচিনঃ অসমে গ্ৰহণ কৰিবনে 'মুম্বাইৰ মডেল'?

মিউনিচিপাল কমিচনাৰ ইকবাল সিং চহলে ব্লুমবাৰ্গক দিয়া সাক্ষাতকাৰত এই চাপ্লাইৰ বাবে তিনিটাকৈ পক্ষৰ পৰা আন্তঃৰাষ্ট্ৰীয় নিবিদা লাভ কৰা বুলি প্ৰকাশ কৰিছে। এই ১ কোটি ভেকচিনৰ বাবে ৭০০ কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। লগতে ৬০দিনৰ ভিতৰতে ভেকচিন দিয়াৰ কাম সম্পন্ন কৰিবলৈ আৰু ৰোগীৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনিৰ বাবে আন ১০০ কোটি টকাও খৰছ কৰা হব বুলি প্ৰকাশ পাইছে। অনুমান কৰা মতে ১কোটি ভেকচিন চহৰখনত কেৱল ১৮ৰ পৰা ৪৫ বছৰীয়াৰ বাবে প্ৰয়োজন হব আৰু অন্য ৫০ লাখ ভেকচিনৰ প্ৰয়োজন হব বয়োজ্যেষ্ঠ সকলৰ বাবে। এনে পোনপটীয়া ভেকচিন আমদানিৰ বাবে পদক্ষেপ লোৱা মুম্বাই চহৰেই দেশৰ প্ৰথমখন মহানগৰ বুলিও প্ৰকাশ পাইছে। অধিক জানিবলৈ https://bit.ly/33UnrC7 ক্লিক কৰিব পাৰিব। এই স্পুটনিক ভেকচিন তুলনামূলক সমীক্ষা DNA কাকতে এই লিংকত https://bit.ly/3w9YL4S ত প্ৰকাশ কৰিছে আৰু এক সক্ষম ভেকচিন বুলিও মান্যতা পাইছে।

এই তথ্যবোৰৰ বিপৰীতে টাইমচ অৱ ইণ্ডিয়াৰ https://bit.ly/2T2sqPb লিংকত প্ৰকাশ পোৱা বাতৰি মতে সমগ্ৰ দেশৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ শাসিত অঞ্চলবোৰকৈল ১মে' ৰ পৰা ১৫জুন পৰ্যন্ত মাত্ৰ কেৱল ৫.৮৬ কোটিহে ভেকচিন বিনামূলীয়া ভেকচিনৰ ৰূপত চাপ্লাই কৰিব পাৰিব বুলি কেন্দ্ৰীয় চৰকাৰৰ সংস্থাই প্ৰকাশ কৰিছে। গতিকে প্ৰতিখন ৰাজ্যই পাব লগা অংশৰ কথা চিন্তা কৰিব লগা হৈছে। দ্বিতীয় লহৰৰ মাজত বিপৰ্যস্ত হোৱা অসমীয়া ৰাইজেও এই তথ্যবোৰ দেখি চিন্তিত হৈছে।

আনফালে NEGVAC -- the National Expert Group on Vaccine Administration for COVID-19 নামৰ NITI Aayog ৰ তত্বাৱধানৰ সংস্থাটোৱে https://bit.ly/3yyhBom ত প্ৰকাশ পোৱা বাতৰি মতে কোভিড আক্ৰান্ত হ'লে তিনি মাহৰ বিৰতিৰ পাছতহে ভেকচিন লবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে। লগতে গাখীৰ খোৱাই থকা মাতৃৱেও ভেকটিন লব পাৰিব বুলিও প্ৰকাশ কৰিছে। প্ৰথম ডজ লোৱাৰ পাছত কোভিড আক্ৰান্ত হোৱা সকলে আৰোগ্য লাভৰ তিনি মাহৰ পাছতহে পুনৰ ভেকচিন লোৱাৰ কথা কোৱা হৈছে।

কোৰোনাৰ তৃতীয় লহৰৰ বাবে লব লগা সাৱধানতাৰ বাবে জানিবলৈ https://bit.ly/3407uup ক্লিক কৰিব পাৰিব। এই লহৰে শিশু আৰু কম-বয়সীয়াকো আক্ৰমণ কৰাৰ সম্ভাৱনা প্ৰকাশ পোৱালৈ চাই অসমতো তৃতীয় লহৰৰ বাবে সাম্ভাব্য পৰিস্থিতিৰ বাবে ভেকচিন দিয়াৰ ব্যাপকতা বৃদ্ধিৰ প্ৰয়োজন হৈ পৰিছে। কালি অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে টুইট যোগে প্ৰায় ৮৬হাজাৰ ভেকচিন পোৱাৰ কথা ঘোষণা কৰাৰ বিপৰীতে অসমৰ নতুন স্বাস্থ্য মন্ত্ৰীয়ে কেৱল ৫০ হাজাৰ ভেকচিন পোৱাৰ খবৰ টুইটাৰতে সদৰী কৰিছে। এই অৱস্থাত COWIN ৱেবচাইটত খাপ পিটি পিটিও অসমৰ ৰাইজে ভেকচিন পাব পৰা নাই। অসমত এতিয়ালৈ ESSENTIAL SERVICE ত কৰ্মৰত বেংক, তৈল উদ্যোগ, খাদ্য বস্তু ব্যৱসায়ী, বিদ্যুত বিভাগ, ফাৰ্মাচী আদিৰ অধিকাংশ কৰ্মচাৰীয়েই ভেকচিন পাবলৈ সক্ষম নোহোৱা কথাটোৱেও অনাগত দিনক লৈ শংকা বৃদ্ধি কৰিছে। আনকি গেছৰ চিলিণ্ডাৰ বিতৰক সন্থাই 'No ভেকচিন, No চিলিণ্ডাৰ' শ্লোগান দিয়াৰ কথাও বাতৰি কাকততে প্ৰকাশ পাইছে।

এনে পৰিস্থিতিত সচেতন ৰাইজে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য-মন্ত্ৰীক সময় থাকোতেই মুম্বাইৰ দৰে বিদেশৰ পৰা পোনে পোনে পৰ্যাপ্ত ভেকচিন অনাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। অসমৰ ৰাজকোষৰ অৱস্থালৈ চাই প্ৰয়োজনবোধে দৰিদ্ৰ সীমাৰেখাৰ উৰ্ধৰ বা ইনকাম টেক্স দিয়া সকলৰ পৰা আগতীয়া বুকিংৰ ধন গ্ৰহণ কৰি হ'লেও শিশু-ডেকা-বয়োজ্যেষ্ঠ সকলোকে সামৰি সমগ্ৰ ৰাইজকে কোভিড ভেকচিন প্ৰদানৰ নিশ্চিতি দিয়াতো সময়োচিত হব বুলিও টুইটাৰ তথা আন চ'চিয়েল মেডিয়াত আলোচিত হৈছে। অসমৰ নতুন চৰকাৰে এই ক্ষেত্ৰত সময়োচিত পদক্ষেপ লৈ ইতিবাচক দৃষ্টান্ত সৃষ্টি কৰিব বুলি অসমৰ ৰাইজ আশাবাদী হৈ ৰৈছে। 

No comments:

Post a Comment