হোমেন বৰগোহাঞি ছাৰৰ সান্নিধ্যত
মণিকংকনা দাস
অৱশেষত সকলোকে শোকস্তব্ধ কৰি শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰ গ'লগৈ। বিগত পষেকৰ কোনোবা এদিনত হঠাত, ছাৰ ক’ভিডত আক্ৰান্ত হোৱা খবৰটো পাইছিলো যদিও ছাৰলৈ ফোন কৰা নাছিলোঁ। তেখেতৰ অনেক গুণমুগ্ধ-শুভাকাংক্ষী, গতিকে ফোনটোও অনৰ্গল বাজি থাকিবই। এটা ফোন কমকৈ যোৱা মানেও তেখেতে যেন কিছু সকাহ পাব, তেনে এটা ভাৱ লৈয়েই ফোন নকৰিলোঁ। খবৰবোৰ যিহেতু পাইয়ে আছোঁ গতিকে ছাৰ আৰোগ্য হ’লেই কথা পাতিম বুলি মনতে ভাৱি থ’লো।
কিন্তু আমাক আচৰিত কৰি, জি এম চিৰ বিচনাৰ পৰাই এদিন নিজে ফোন কৰিলে ছাৰে। কলটো মিছ হ’ল। মেছেজ দি থ’লে- Monikankana, my prayers are with you. ৰোগশয্যাৰ পৰাও ছাৰৰ মনত আছে যে মই মাতৃত্বকালীন ছুটীত আছোঁ, যিকোনো সময়তে সন্তান প্ৰসৱ হোৱাৰ সম্ভাৱনা। ছাৰৰ মিছকল দেখা মাত্ৰকে ওলোটাই ফোন কৰিলোঁ, সেই একেই ধমকি-ধেমালি মিশ্ৰিত মাতষাৰ।
‘... তোমাৰ অজুহাতবোৰ থোৱা, তুমি আৰু মোৰ খবৰ ল’বানে’- ছাৰৰ আব্দাৰ। ছাৰে মোৰ স্বাস্থ্যৰ সকলো খবৰ ল’লে। সন্তান জন্ম হোৱাৰ লগে লগেই বিতোপন(গৃহস্থ)ৰ হতুৱাই খবৰটো দিবও কৈ থ’লে।ছাৰক কথাৰ মাজতে ক’লো, আমি ডাক্তৰৰ পৰামৰ্শমৰ্মে ১মে’ শণিবাৰৰ দিনটোতে ছিজাৰিয়ান কৰাৰ কথা ভাৱিছোঁ। বহুতে শণিবাৰ বুলি মিহিকৈ আপত্তি কৰিছে। ছাৰৰ স্পষ্ট কথা, ‘আজিৰ সময়তো এইবোৰ কিয় ভাৱিছা, আমাৰ মানুহবোৰে যে শণিবাৰ-মঙলবাৰ বুলি কিছুমান এলান্ধুকলীয়া ধাৰণা কিয় লৈ থাকে! তুমি এফালে চিকিৎসা বিজ্ঞানৰ কাষ চাপিবা, আনপিনে এনে চিন্তা কৰিবা, সেইটো হ’ব নোৱাৰে।’ সন্তান জন্ম হোৱাৰ দিনা ছাৰক খবৰটো দিয়া হ’ল, পিছে মাতৃত্বৰ নতুন দায়িত্বত পৰি তেখেতৰ সৈতে কথা পাতিবই পাহৰিছিলোঁ আমি। পৰহি অৰ্থাৎ যোৱা ১০মে’ৰ সন্ধিয়া ছাৰলৈ ফোন কৰিলোঁ, মাতটো খুবেই দুৰ্বল। ক’লে-মোৰ খবৰ নুসুধিবা, তোমাৰ খবৰ কোৱা। ১০মিনিটমান কথা পাতিলোঁ। কথা পাতোতে এবাৰো ভৱা নাছিলোঁ যে সেয়াই ছাৰৰ সৈতে অন্তিম কথা পতা হ’ব।
‘নিয়মীয়া বাৰ্তা’ৰ উপ-সম্পাদক হিচাপে যোৱা প্ৰায় ৪-৫বছৰৰ পৰা ছাৰৰ সৈতে কাম কৰাৰ সুযোগ পালোঁ। মাত্ৰ কেইটামান বাক্যত এই বিশাল ব্যক্তিত্বৰ কথা কৈ শেষ কৰিব নোৱাৰি। ছাৰৰ দৰে মানুহক ইমান ওচৰৰ পৰা পোৱাটো আমাৰ বাবে এটা সপোন। ছাৰৰ সান্নিধ্য পাহৰিব নোৱাৰিম কাহানিও। ছাৰৰ নিৰ্দেশত কেবাটাও নতুন পৃষ্ঠাৰ কাম কৰাৰ দায়িত্ব লাভ কৰিলোঁ, বিভিন্ন অভিজ্ঞতা গোটালো। ছাৰলৈ অনেকজনে পঠিওৱা কিতাপ আমাৰ হাতত তুলি দিয়ে পঢ়িবলৈ। তাৰ মাজৰ কিছুমান লেখকে ছাৰক ছ’চিয়েল মিডিয়াত সমালোচনাৰ নামত তুচ্ছ-তাচ্ছিল্য কৰাও আমি দেখোঁ। তাৰ পাছতো ছাৰে তেওঁলোকৰ কিতাপবোৰ আমাক পঢ়িবলৈ দিয়া কাৰ্য দেখি আচৰিত হওঁ। সেয়াই চাগে তেখেতৰ প্ৰজ্ঞা। কামৰ ক্ষেত্ৰত কেতিয়াবা ভুল কৰি গৈ ছাৰৰ সন্মুখত নিজেই থিয় দি স্বীকাৰ কৰিছোঁ।
ছাৰে কৈছিল- হস্তীৰো পিছলে পাৱ..., আগলৈ যাতে এনে ভুল নহয় সেয়া মন কৰিবা। তৰুণক উৎসাহিত কৰা ছাৰৰ সেই স্বভাৱটোৰ বাবেই পষেকীয়াকৈ ‘ডায়েৰী’ নামৰ স্তম্ভ এটা লিখিবলৈও সুযোগ পালো। মাজে মাজে বিৰতি লৈ হ’লেও যোৱা প্ৰায় ৩বছৰ ধৰি ‘ডায়েৰী’ লিখি আছোঁ। ‘ডায়েৰী’য়ে নিজকে প্ৰতিষ্ঠা কৰাৰ আন এটা সুযোগ দিলে আমাক। কবি প্ৰণৱ বৰ্মনে লিখিছিল- ‘হোমেন বৰগোহাঞিয়ে সকলোকে লিখোৱাইছে। মামণি ৰয়ছম গোস্বামীও ওলাইছে তেওঁৰ প্ৰেৰণাত আৰু বহুতো জাবৰ লেখকো ওলাইছে।’ লেখকৰ শাৰীলৈ উঠিব নোৱাৰিলো কোনোদিন। যদি উঠিব পাৰিলোওহেঁতেন, কবি প্ৰণৱ বৰ্মনৰ ভাষাৰে বৰগোহাঞি সৃষ্ট জাবৰ লেখকেই হ’লোহেঁতেন। সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰাটো আমাৰ ব্যৰ্থতা। ছাৰে মাথোঁ দি গৈছিল অফুৰন্তৰ উৎসাহ আৰু প্ৰেৰণা।
লেখিকা নিয়মীয়া বাৰ্তা কাকতত উপ-সম্পাদক ৰূপে কৰ্মৰত।
No comments:
Post a Comment