পোষ্টক’ভিড উপলব্ধিঃ জীৱন অমূল্য মাথোঁ এবাৰেই পোৱা যায়
লোকনাথ গোস্বামী
এইবাৰ ক’ভিডৰ দ্বিতীয়টো ঢৌয়ে আমাকো আক্ৰমণ কৰিলে৷ আমি সপত্নীক হস্পিতালত ভৰ্ত্তি হ’ব লগীয়া হ’ল৷ দুয়ো প্ৰায় এসপ্তাহ দিন গুৱাহাটীৰ চৰকাৰী হস্পিতাল (এম এম চি এইচ)ত চিকিৎসাধীন হৈ থাকি যেনিবা নতুন জীৱন এটা লৈ ঘূৰি আহিলো৷ জীৱনত প্ৰথমবাৰ এনে এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অৱশেষত জয়ী হৈ আহিলো৷
ক’ভিডৰ প্ৰথমটো ঢৌৱে আমাক স্পৰ্শ কৰিব পৰা নাছিল৷ সেয়ে এইবাৰো মনটো যথেষ্ট ডাঠ হৈ আছিল৷ ল’বলগীয়া সাৱধানতাখিনি ঠিকেই লৈ আছিলো৷ তৎস্বত্বেও আমাৰ দুয়োকে এনেদৰে এই মহামাৰী ক’ভিডে আহি ধাৰাশায়ী কৰাৰ কথাটোৱে বহু কথাই ভৱাই তুলিলে৷ আমি জনাত ক’ভিডৰ পৰা হাত সৰাৰ একমাত্ৰ উপায় হ’ল সকলো সময়তে সাৱধানতা অৱলম্বন কৰা৷ এই সাৱধানতা অৱলম্বন কৰাৰ ক্ষেত্ৰত অলপমান হীন-ডেড়ি হ’লেই মহামাৰী ক’ভিডৰ বীজাণুয়ে দেহত প্ৰৱেশ কৰিবলৈ সুযোগ পায়৷ এই মহামাৰী বীজাণু বৰ সুযোগ সন্ধানী৷ অলপমান সুৰুঙা পালেই মানুহক আক্ৰমণ কৰে৷ তাতে মানুহজন যদি শাৰীৰিক, মানসিকভাৱে দুৰ্বল হয় তেতিয়াতো কথাই নাই৷
ক’ভিড আক্ৰান্ত হোৱাৰ সময়ত পতি-পত্নী দুয়ো অকলে আমি ঘৰত আছিলো৷ ল’ৰা-বোৱাৰী, ছোৱালী বাহিৰত আছিল৷ বজাৰ-সমাৰ আমি নিজেই কৰিছিলো৷ আচলতে ল’ৰা-ছোৱালী ঘৰত থাকিলেও বজাৰ -সমাৰ নিজেই কৰি ভাল পাইছিলো৷ এই কামটো আমাৰ বাবে চখো আছিল৷ বজাৰ-সমাৰলৈ গ’লে মানুহ-দুনুহ লগ পোৱা যায়৷ এই বজাৰ-সমাৰলৈ নিতৌ অহা-যোৱা কৰি থাকোতেই কৰবাত হয়তো সাবধানতা অৱলম্বনত ত্ৰুটি-বিচ্যুতি ৰৈ গৈছিল৷ প্ৰথমে মোৰ জ্বৰ জ্বৰ ভাৱ অনুভৱ হৈছিল৷ লগে লগে জ্বৰটো উপশম ঘটাবলৈ পেৰাচিটামল টেবলেট খালো৷ ভাইৰেল জ্বৰ বুলিয়েইি ধৰি লৈছিলো৷ ভুলতো ক’ভিডৰ কথা মনলৈ নাহিল৷ কিন্তু দুদিনৰ পিছতেই পত্নীৰ গাতো জ্বৰ৷ প্ৰথমে মুম্বাইত থকা জীয়ৰী নুপূৰক ফোনতে কথাটো ক’লো৷ নুপূৰে আমাৰ ঘৰৰ ওচৰৰে তাইৰ বান্ধবী শতাব্দীক কথাটো জনালে৷ কাৰণ শতাব্দীৰ দেউতাকৰো তেনে ধৰণৰ জ্বৰ হোৱা বুলি শুনিছিল৷ শতাব্দীয়ে নুপূৰক তৎক্ষণাত আমাৰ দুয়োৰে ক’ভিড টেষ্ট কৰোৱাৰ কথা কলে৷ তেওঁৰ দেউতাকৰো বোলে ক’ভিড টেষ্ট কৰোৱাত পজিটিভ ধৰা পৰিছে৷ লগতে তেওঁ ক’ভিড টেষ্ট কৰা স্বাস্থ্যকৰ্ম্মীৰ যোগাযোগৰ ফোন নম্বৰো দিলে নুপূৰক৷ নুপূৰে ততাতৈয়াকৈ উজনি অসমৰ ফালে ফুৰিবলৈ যোৱা ককায়েক-বৌৱেক অৰ্থাৎ ইমন-অনুভূতিহঁতক খবৰবিলাক দিলে৷ ইমনহঁতে ত’ৰে পৰাই স্বাস্থ্যৰ্ম্মীৰে যোগাযোগ কৰি আমাৰ দুয়োৰে ক’ভিড টেষ্ট কৰোৱালে৷ টেষ্টত দুয়োৰে পজিটিভ ওলাল৷ লগে লগে ল’ৰা-বোৱাৰী ঘৰলৈ ঘূৰি আহিল৷ আহিয়েই আমাৰ তত্বাবধানত লাগি গ’ল৷ আমাৰ ঘৰখনত এটা ডাঙৰ সুবিধা আগৰ পৰাই আছিল যে তলে-ওপৰে দুই-তিনিটা সৰু পৰিয়াল আছুতীয়াকৈ থাকিব পাৰে৷ সেইমতে আমি সপত্নীক তলতে আছুতীয়াকৈ থাকিলো৷ ল’ৰা-বোৱাৰী নাতিনীজনীসহ বেলেগে ওপৰত থাকিল৷
ল’ৰা-বোৱাৰী আহি দেখিলে যে আমাৰ দুয়োৰে কাহ হৈছে৷ লগে লগে বোৱাৰী অনুভূতিয়ে তেওঁৰ দুই-এজন চিনাকি আৰু ঘৰুৱা ডাক্টৰৰ সৈতে আলোচনা কৰি আমাৰ দুয়োৰে চিটিস্কেন কৰালে৷ চিটিস্কেনত ভাইৰাল নিউমোনিয়া ধৰা পৰিল দুয়োৰে৷ শ্ৰীমতীৰ মোতকৈ জটিলতা কিছু বেচি আছিল৷ সেয়ে পুনৰ চিনাকি ডাক্টৰৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে যিমান সোনকালে পাৰি শ্ৰীমতীক হস্পিতালত ভৰ্ত্তি কৰোৱাৰ পৰামৰ্শ দিলে৷ কিন্তু ক’ত ভৰ্ত্তি কৰাব? চৰকাৰী হস্পিতালত নে বেচৰকাৰী হস্পিতালত ? তেতিয়া শুনি আছিলো যে চৰকাৰী হস্পিতালত চিট্ পাবলৈ নাই৷ কেনেবাকৈ পালেও অক্সিজেনৰ নাটনি৷ চিকিৎসাৰ ক্ষেত্ৰতো বোলে গাফিলতি আছে৷ অইন হাতে বেচৰকাৰী হস্পিতাল অত্যন্ত ব্যয়বহুল৷ হাতত তিনি-চাৰি লাখ টকা থাকিলেহে যাব পাৰি৷ পিচত বহুতৰ ক্ষেত্ৰত সেয়া প্ৰমাণিত হোৱাও দেখিলো৷ শেষত জি এম চি এইচ তে যি কোনো প্ৰকাৰে ভৰ্ত্তি কৰোৱাৰ বিবেচনা কৰি কৰ্তৃপক্ষৰ সৈতে অনুভুতিয়ে যোগাযোগ কৰিল৷ কৰ্তৃপক্ষই চিটৰ নাটনিৰ কথাটোকে দোহাৰিলে প্ৰথমতে৷৷ বোৱাৰী অনুভূতিয়ে ঘৰুৱা তথা জি এম চি এইচ ৰ একাধিক স্বাস্থ্যবিষয়াৰ সৈতে শ্ৰীমতীৰ জটিলতাৰ কথাটো আলোচনা কৰি মুঠতে চিট্ এটা তাত যোগাৰ কৰিবলৈ সক্ষম হ’ল৷ ল’ৰা ইমনে নিজেই গাড়ীত তুলি নি মাকক জি এম চি এইচ ত ভৰ্ত্তি কৰালেগৈ৷ তেওঁক হস্পিতালত ভৰ্ত্তী কৰাই আমি আটায়ে স্বস্তিৰ নিশ্চাস পেলালো৷
কুন্তলাক জি এম চি এইচ ত কোনোমতে চিট্ এটা যোগাৰ কৰি ভৰ্ত্তি কৰি অহাৰ পিছত মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল৷ লগে লগে অনুভূতিহঁতে মোকো হস্পিতালত ভৰ্ত্তি কৰোৱাৰ কথা গুণা-গঁথা কৰিলে৷ আকৌ সেই একেবোৰ চিন্তা, ক’লৈ নিব, ক’ত চিট্ পাব? ল’ৰা-বোৱাৰীহঁতৰ চিন্তাক্লিষ্ট মুখ বিলাক দেখি বৰ বেয়া লাগিল৷ আমাৰ কথা ভাৱি ভাৱি কণমানি নাতিনীজনীৰ কথা ভাৱিবলৈকো সিহঁতৰ আহৰি নোহোৱা হ’ল৷ এই বিলাক দেখি শুনি তেওঁলোকে নজনাকৈয়ে মোৰ এজন অতি বিশ্বস্ত ভাতৃপ্ৰতিম বন্ধু তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অখিল ৰঞ্জন দত্তক আমাৰ ঘৰুৱা সমস্যা বিলাকৰ কথা ক’লো৷ আমি সপত্নীক ক’ভিডত আক্ৰান্ত হোৱা আৰু ইতিমধ্যেই পত্নীক জি এম চি এইচ ত ভৰ্ত্তি কৰোৱা বুলি শুনি তেওঁ স্তম্ভিত হ’ল৷ তেওঁ মোক কোনো ধৰণৰ চিন্তা কৰিব নেলাগে বুলি কৈ বোৱাৰী অনুভূতিৰ সৈতে কথা পাতিলে৷ ড° দত্তই বিভিন্ন উৎসৰ পৰা খা-খবৰ লৈ মোৰ কাৰণে ক’ৰবাত চিট এটা যেনেকৈয়ে নহওক যোগাৰ কৰিব বুলি অনুভূতিহঁতক আস্বস্ত কৰিলে৷ তাৰ পিছত তেওঁ অনুসন্ধানত নামি পৰিল৷
সিদিনা ৰাতিয়েই অনুভূতিক ফোনতে জনালে যে এম এম চি এইচ ৰ ডাঃ গৌতম শৰ্ম্মাৰ সৈতে যোগাযোগ কৰি চিট্ এটা ঠিক কৰিছে৷ পিছদিনা যিমান পাৰি সোনকালে দাদাক ভৰ্ত্তি কৰাব লাগিব৷ চিট্ এটা এম এম চি এইচ ত যোগাৰ হোৱা বুলি ড° দত্তই জনোৱাৰ লগে লগে ল’ৰা-বোৱাৰীৰ মুখলৈ পানী আহিল৷ পিছদিনা ল’ৰা ইমনে মাকৰ দৰেই মোকো নি এম এম চি এইচ ত ভৰ্ত্তি কৰালে গৈ৷ তাৰ আগেয়ে অনুভূতিয়ে হস্পিতালত প্ৰয়োজনীয় বুলি ভৱা প্ৰায়খিনি সামগ্ৰী বেগত ভৰাই গাড়ীত তুলি দিলে৷ জীৱনত পোনপ্ৰথমবাৰৰ বাবে চৰকাৰী হস্পিতালৰ এটা বৃহৎ ৱাৰ্ডৰ প্ৰায় দুকুৰি ক’ভিড আক্ৰান্ত ৰোগীৰ মাজত নিজকে আৱিস্কাৰ কৰিলো৷ বিচনা লোৱাৰ পিছত লাহে লাহে হস্পিতালৰ ডাক্টৰ, নাৰ্চৰ লগতে অন্যান্য স্বাস্থকৰ্ম্মী আহি খা-খবৰ লোৱা আৰম্ভ কৰিলে৷ মনটো যথেষ্ট ফৰকাল লাগিল৷ মনোবল বহু ঘূৰাই পালো৷
মই এম এম চি এইচ ত ভৰ্ত্তি হোৱাৰ পিছদিনাই জি এম চি এইচ ৰ পৰা পত্নী কুন্তলাই মোৰ লগতে ল’ৰা-বোৱাৰীহঁতকো কান্দি কান্দি অতি হতাশ মনেৰে ক’লে যে তেওঁ তাত যদি আৰু এদিনো থাকিব লগীয়া হয়, তেন্তে তেওঁ আৰু বাচি নোথাকে৷ ভৰ্ত্তি হোৱাৰ দিন ধৰি কোনো ডাক্টৰ, নাৰ্চ অথবা স্বাস্থ্যকৰ্ম্মী তেওঁৰ ওচৰলৈ অহা নাই৷ কোনো ধৰণৰ চিকিৎসা পোৱা নাই৷ ৱাৰ্ডৰ পৰিৱেশ একেবাৰে কদৰ্য৷ এনে পৰিৱেশত খাবও নোৱাৰি, শুবও নোৱাৰি৷ অইন হাতে তেওঁ থকা ৱাৰ্ডটো আছিল কোনো এটা বিল্ডিঙৰ পঞ্চম মহলাত, য’ত ঘৰৰ কোনো মানুহে গৈ খবৰ কৰাৰো উপায় নাছিল৷ কুন্তলাৰ দুৰাৱস্থৰ কথা শুনি আমি আকৌ দুঃচিন্তাত পৰিলো৷ মই এম এম চি এইচ ৰ ৱাৰ্ডৰ পৰাই অনুভুতিহঁতক জি এম চি এইচ ৰ লগতে এম এম চি এইচ ৰ কৰ্তৃপক্ষৰ সৈতে সৈতে গুৰুত্বসহকাৰে বিষয়টো আলচ কৰিবলৈ পৰামৰ্শ দিলো৷ যিহেতু মই নিজে একো এটা কৰিব পৰা অৱস্থাত নাছিলো৷ ক’ভিদ আক্ৰান্ত দেহ-মনেৰে ৱাৰ্ডত চট্-ফটাই আছিলো৷ বোৱাৰী অনুভূতি অত্যন্ত সাহসী, দৃঢ়মনা আৰু সহজে হাৰ নমনা বিধৰ ছোৱালী৷ মাকক জি এম চি এইচ ৰ পৰা এম এম চি এইচ লৈ আনিবৰ বাবে সৰ্বতোপ্ৰকাৰ প্ৰচেষ্টা চলালে৷ তেওঁ নিজৰ বাইদেউয়েক ডাঃ ল’নী বৰুৱাৰ পৰা আৰম্ভ কৰি জি এম চি এইচ আৰু এম এম চি এইচকে ধৰি দুয়োখন হস্পিতালৰ কৰ্তৃপক্ষৰ কেইবাগৰাকীও ডাক্টৰ,আত্মীয় প্ৰশাসনীয় বিষয়াৰ সৈতে যোগাযোগ কৰি, সেই সকলক মান্তি কৰাই ,অৱশেষত বিভাগীয় বিধি-বিধানেৰেই কুন্তলাক এম এম চি এইচ লৈ স্থানান্তৰিত কৰাত সফল হ’ল৷ আমাৰ মুখলৈ আকৌ পানী আহিল৷
কুন্তলা এম এম চি এইচ আহি পোৱাৰ লগে লগেই নিয়মিত চিকিৎসা আৰম্ভ হ’ল৷ দৈনিক দুটাকৈ ইনজেক্চন পৰিল গাত৷ লগতে অন্যান্য ভিটামিন আদি টেবলেট৷ পুৱা- গধুলি ডাক্টৰ, নাৰ্চ, স্বস্থ্যকৰ্ম্মী আহি ৱাৰ্ডৰ সকলো ৰোগীৰে খা-খবৰ লয়৷ এম এম চি এইচ ৰ খাদ্য যোগানো যথেষ্ট উন্নত৷ আমিও ইজনে সিজনক প্ৰয়োজন অনুযায়ী লগ পাব পৰা হ’লো৷ কুন্তলাৰ মনটো যথেষ্ট ফৰকাল দেখিলো৷ শাৰীৰিক, মানসিক বল ঘূৰাই পোৱাযেন লাগিল৷ ইয়াৰ পিছত মোৰ বিশেষ জটিলতা নথকা হেতুকে নিগেটিভ ৰিজাল্ট অহাত পাচ দিনৰ দিনা হস্পিতালাৰ কৰ্তৃপক্ষই দিচাৰ্জ দিলে৷ মোক ইমনে গৈ গাড়ীৰে লৈ আহিলগৈ৷ কুন্তলাৰ কিছু জটিলতা থকাৰ কাৰণে কেইদিনমান বেচিকৈ ৰাখি পিচত নিগেটিভ ৰিজাল্ট অহাত তেওঁকো দিচাৰ্জ দিলে৷ আমি দুয়ো ঘৰলৈ ঘূৰি আহি ল’ৰা-বোৱাৰীৰ তত্বাৱধানত বৰ্তমান ঘৰতে আছোঁ৷ আমি ভালে- কুশলে ঘূৰি অহাৰ পিছত পৰিয়াল, লগতে আত্মীয় স্বজনে গভীৰ স্বস্তিৰ নিশ্বাস পেলালে৷ অৱশ্যে আমি দুয়ো হস্পিতালত থাকি ঘৰলৈ সুস্থ হৈ ঘূৰি নহালৈকে অসুস্থতাৰ কথাটো বিশেষ প্ৰয়োজন নহলে অইন কাকো জনোৱা নাছিলো, আনকি প্ৰচাৰ মাধ্যমকো৷
আমি ঘূৰি অহাৰ পিছতো কেইবাদিনলৈকো সেই দুৰ্দিন-দুঃসময়ৰ দুঃস্বপ্ন বিলাকে ৰাতি ৰাতি যেন আমাক খেদি ফুৰিছিল৷ উহ! কি ভয়াল, জয়াল সেই পৰিৱেশ৷ চাৰিওফালে মৃত্যুৰ কিৰিলি৷ মুমুৰ্ষু ৰোগীৰ মৰণ-কাতৰ চিৎকাৰ৷ বাৰাণ্ডাত শুৱাই থোৱা শাৰী শাৰী মৃতদেহৰ মৰ্মন্তুদ দৃশ্য৷ হতভগীয়া আপোন কতজনৰ হিয়াভগা কান্দোন ! ডাক্টৰ, নাৰ্চকে ধৰি স্বস্থ্যকৰ্ম্মীৰ দিনে-নিশাই লৰা-ধপৰা৷ মুঠতে নিজ চকুৰে নেদেখিলে তাক সহজে অনুমান কৰাটো টান৷
আমি এম এম চি এইচ ৰ পৰা ঘূৰি অহাৰ দুদিনমানৰ পিছত দেখিলো, নতুন মুখ্যমন্ত্ৰী তথা পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই জি এম চি এইচ ত নিশা তিনি বজাত আকস্মিকভাৱে প্ৰৱেশ কৰি জি এম চি এইচ ৰ ভিতৰুৱা পৰিস্থিতিৰ বুজ লৈছে৷ তাৰ পিছতেই মন্ত্ৰী গৰাকীয়ে জি এম চি এইচ ত তাৎক্ষণিকভৱে বলবৎ হোৱাকৈ কেতবোৰ কঠোৰ নীতি- নিৰ্দেশনা জাৰি কৰিছে৷ ৱাৰ্ড বিলাকত চি চি কেমেৰা সংযোগ কৰাৰ কথা কৈছে৷ চিকিৎসা বিষয়া সকল ৰাতি হস্পিতালত থকিব লাগিব৷ নিশা নিশা চিকিৎসা বিষয়া সকললৈ মুখ্যমন্ত্ৰীয়ে নিজে ভিডিঅ’ কল কৰিব৷ এশৰ ওপৰ অতিৰিক্ত চিকিৎসক নিয়োগ কৰাৰ ব্যৱস্থা কৰিব৷ মুখ্যমন্ত্ৰী গৰাকীয়ে হথাতে গ্ৰহণ কৰা এনে তাৎক্ষণিক পদক্ষেপ নিশ্চয় আদৰণীয়৷ তেখেতৰ এনে তৎপৰতাই বিপদগ্ৰস্ত মানুহৰ মুখলৈ পানী আনিব৷ কিন্তু তাৰ লগে লগে আমাৰ মনত কেতবোৰ প্ৰশ্নৰো উদ্ৰেক ঘটিছে৷ আমি একান্ত ব্যক্তিগত অভিজ্ঞতাৰ লগতে অইন বহু উৎসৰ পৰা শুনি আহিছিলো যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি ধৰা পৰিছে৷ চিকিৎসা নেপায় হতাশগ্ৰস্ত ৰোগীয়ে তিনিমহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে৷ হস্পিতালত থকা ৰোগীয়ে নিজেই ৱাৰ্ডৰ অবৰ্ণনীয় পৰিৱেশক লৈ প্ৰচাৰ কৰা ভিডিঅ’ চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ আমাৰ অতিকে পৰিচিত এগৰাকী ডেকা সাংবাদিকে বিনা সিকিৎসাই আওমৰণে মৰিব লগীয়া হ’ল বুলি তেওঁৰ পৰিয়ালে মৃত্যুৰ পিছতেই কান্দি-কাটি আমাক জনালে৷ মুঠতে কৰবাত সাংঘাতিক বিসংগতি ঘটিছে৷ ইয়াৰ বাবে আমি প্ৰতক্ষ্যভাৱে কাকো জগৰীয়া কৰিব নোৱাৰো৷ হস্পিতালৰ ডাক্টৰ, নাৰ্চকে ধৰি স্বাস্থ্যকৰ্ম্মী সকলৰ অপৰিসীম ত্যাগ,ধৰ্য আৰু তৎপৰতা আমি নিজ চকুৰে প্ৰত্যক্ষ কৰিছো৷ এই সকল সাহসী যোদ্ধা আমাৰ বাবে সদায়েই সাহস আৰু প্ৰেৰণাৰ উৎস৷ তৎস্বত্বেও আমি আশা কৰো হস্পিতালখনত সংঘটিত গোটেই বিসংগতি বিলাকৰ ওপৰত এক উচিত বিচাৰ হওক চৰকাৰ তথা মুখ্যমন্ত্ৰী গৰাকীয়ে নিজেই তাৰ দায়িত্ব গ্ৰহণ কৰক৷ যাতে কোনো মানুহেই,সাধাৰণেই হওক বা অসাধাৰণেই হওক, কাৰোবাৰ অৱহেলা, কাৰোবাৰ গাফিলতি, কাৰোবাৰ অমানবীয়তাৰ চীকাৰ হ’ব নেলাগে৷ জীৱনটো বৰ অমূল্য, তাকো এবাৰলৈহে মাথোঁ পোৱা যায়৷
ক’ভিডত আক্ৰান্ত হৈ, হস্পিতালত সপত্নীক চিকিৎসাধীন হৈ থাকি, নিৰাপদে ঘৰলৈ ঘূৰি অহাৰ পিছত মনলৈ কেতবোৰ প্ৰশ্ন আহিছে৷ ক’ভিডৰ প্ৰথমটো ঢৌৱে কোবাই যোৱাৰ পিছত ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাটোত ধৰা পৰা নাটনি অথবা দুৰ্বলতা বিলাক তৎপৰতাৰে দূৰীকৰণৰ কাৰ্যকৰি পদক্ষেপ যদি চৰকাৰে বা স্বস্থ্যবিভাগে হাতত ল’লে হেতেন, তেতিয়া হয়তো পৰিস্থিতিৰ ইমান অবনতি নঘটিল হেতেন৷ তাৰোপৰি কোনো স্বাস্থ্য বিশেষজ্ঞ বা বিশ্ব স্বাস্থ্যসন্থাৰ নিৰ্দিষ্ট নীতি-নিৰ্দ্দেশনা নোপোৱাকৈয়ে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ক’ভিডৰ অস্তিত্ব ৰাজহুৱাকৈ নুই কৰা কথাটো সঠিক নাছিল বুলি আমি ভৱো৷ এই কথাটোৱে ৰাজ্যখনৰ বহু ক্ষতি কৰিলে বুলি ভৱাৰ থল আছে৷ ক’ভিডৰ সংক্ৰমণ চলি থকাৰ মাজতে ৰাজ্য চৰকাৰ তথা স্বয়ং স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এনে শিঠিলতা প্ৰদৰ্শন কৰাৰ লগে লগে বিহুকে ধৰি অন্যান্য ধৰ্ম্মীয় তথা সামাজিক, সাংস্কৃতিক অনুষ্ঠান আদিৰ কোব চৰিল৷ নিৰ্বাচনী বিশাল জনসভা বিলাকৰ কথা নকলোৱেই বা৷ যিটো কাৰণে এইবাৰ এই ক’ভিড মাহামাৰীৰ গাঁৱে-ভুঁই, বাগিচাকে ধৰি সৰ্বত্ৰ সংক্ৰমণ ঘটিল বুলি ভৱাৰ থল আছে৷ প্ৰস্তাবিত,নবনিৰ্মিত, অৰ্ধনিৰ্মিত অথবা পুৰণি হস্পিতাল বিলাকৰ আন্তঃগাথনিৰ উন্নীতকৰণৰ বিপৰীতে চৰকাৰে নামঘৰ, মন্দিৰ, সত্ৰ আদিৰ উন্নয়নত অযথা গুৰুত্ব দিলে৷ গ্ৰাম্যাঞ্চলকে ধৰি চাহ বাগিচাবিলাকৰ স্বাস্থ্যকেন্দ্ৰ বিলাকৰ অৱস্থা তেনেই জৰাজীৰ্ণ৷ সেয়ে এই বিলাক অঞ্চলৰ ক’ভিড ৰোগী সকলে আহি নগৰৰ সীমিত সংখ্যক হস্পিতালাত আহি ভিৰ কৰিচেহি৷ তাতো চৰকাৰী হস্পিতালত সময়ত চিট নেপাই, উপযুক্ত চিকিৎসা নেপাই, অক্সিজেন নেপাই, বিপদাপন্ন হৈয়েই হওক বা বাধ্যত পৰিয়েই হওক, ব্যক্তিগত হস্পিতাললৈ দৌৰি বহুতেই মুৰকত সৰ্বশ্ৰান্ত হোৱা স্বচক্ষে দেখিছো৷ স্কুটী, বুলেট, স্মাৰ্টফোন, সোণ- ৰূপৰ বিপৰিতে এতিয়া দেখোন সকলো স্তৰৰ মানুহে বিচাৰিছে কেৱল জীৱনটো লৈ কোনোমতে জীয়াই থকাৰ ন্যুনতম সুবিধাকণ- অক্সিজেন, ভেন্টিলটৰ, আই চি ইউ৷ অতি সাধাৰণ মানুহেও এতিয়া জীৱন-যুঁজত নামি বুজি উঠিছে, ধৰ্মত কৈ বিজ্ঞানৰ হে আজিৰ আধুনিক সমাজত অতীব প্ৰয়োজন৷ তৎস্বত্বেও চৰকাৰে এই সত্য অনুধাৱন কৰিব নোৱাৰৱটো অতিশয় পৰিতাপৰ কথা৷ দেশৰ স্বয়ং প্ৰধানমন্ত্ৰী গৰাকীয়েই বাটি-কাঁহী বজাই, মমবাটি জ্বলাই কৰ’ণা ৰোধিবলৈ আহ্বান জনোৱাৰ অদ্ভূত কাৰবাৰ বোৰৰ কথা নিশ্চয় কোনেও পাহৰা নাই৷
এতিয়া আমাৰ দেশখনৰ শোচনীয় পৰিস্থিতিক লৈ পৃথিৱীৰ সৰ্বত্ৰ চৰ্চা হোৱা দেখিছো৷ সৰ্ববৃহত গণতান্ত্ৰিক দেশখনৰ গৃহমন্ত্ৰী গৰাকীয়ে দেশৰ এনে ভয়াবহ পৰিস্থিতিৰ বুকুত কোনো প্ৰট’কল নৰখাকৈ কুম্ভমেলাত হেজাৰ-বিজাৰ মানুহৰ মাজত অৰ্ধউলংগ হৈ স্নান কৰা দৃশ্যও বৰ দৃষ্টিকটু আছিল৷ গঙ্গানদীত ভাঁহি অহা বহু সংখ্যক মৃতদেহৰ কৰুণ দৃশ্যই দেশখনৰ ভয়াবহ ভৱিষ্যতৰে অশনি সংকেট দিছে৷বিজ্ঞানক ভেঙুচালি কৰি ধৰ্মৰ নামত অধৰ্মৰ বেহা কৰা এই সকল দেশৰ নেতাই কৰ’ণা মহামৰীৰ সৈতে সঠিক ভাৱে কেতিয়াকৈ যুঁজিব পাৰিব মনত সন্দেহ জাগে৷
দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে প্ৰায়েই অহংকাৰ কৰে যে ভাৰতে আজি বিশ্বক বাট দেখুৱাব পৰা হ’ল৷ চুবুৰীয়া ৰাষ্ট্ৰ চীনক সকলো সময়তে শত্ৰুদেশ বোলোতেই গ’ল৷ কিন্তু এতিয়া বিপদৰ সময়ত সেই শত্ৰুদেশৰ পৰাই সাহায্য পাইছে ৩,৬০০ অক্সিজেন কনচেনট্ৰেটৰ, সৰ্ববৃহত অক্সিজেন ভাণ্ডাৰ, সৰ্ব্বোচ্চ সাহায্য৷ অথচ আমি জনাত সেই চীন দেশতেই এই কৰ’ণা মহামাৰীৰ উদ্ভৱ হৈছল আৰু দেশখনে সময়োচিত পদক্ষেপেৰে সেই ভয়াবহ পৰিস্থিতি সময়ত চম্ভালিও লৈছিল৷ তেতিয়া চীনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে দেশৰ জনগণক বাতি-কাঁহী বজাবলৈ কোৱা নাছিল৷ সেই কাৰণেই আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি ডোণাল্ড ট্ৰাম্পে চীনক আক্ৰমণ কৰি লম্ফ-জম্ফ কৰোতে,বিশ্ব স্বাস্থ্যসন্থাৰ সঞ্চালকে কৈছিল--এতিয়া চীনক গালি পৰাৰ সময় নহয়, ক’ভিডৰ পৰা কেনেকৈ দেশখন বচাব পাৰি, সেই শিক্ষা চীনৰ পৰা লোৱাৰহে সময়৷
পূৰ্বৰ বাৰত কৈ এইবাৰ আমাৰ ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণ ব্যাপক হৈছে, গ্ৰাম্যাঞ্চলৰ পৰা চাহবাগিচালৈকে৷ ব্যাপক ৰাইজেই আজি দুৰ্ভোগ ভূগিব লগীয়া হৈছে৷ কিমান মানুহে অকালতে তেওঁলোকৰ অমূল্য জীৱন হেৰুৱাব লগীয়া হৈছে তাৰেইবা হিচাব কোনে ৰাখিছে !
ৰাজ্যৰ অৰ্থনৈতিক ভেটি তেনেই থৰক-বৰক কৰি পেলালে৷ গতিকে ৰাইজে এতিয়া নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ সৰ্বতোপ্ৰকাৰ নিৰাপত্তা কেনেকৈ নিশ্চিত কৰিব পাৰি সেয়া নিজেই ঠিৰাং কৰিব পাৰিব লাগিব৷ মতলবী ৰাজনৈতিক নেতাৰ সস্তীয়া কথা-বতৰা, নাচোন-বাগোনত ভোল গৈ , কেৱল সিহঁতৰ দয়া-অনুকম্পালৈ মুখ মেলি চাই থাকিলে, ঘূৰি ঘূৰি ৰাইজেই দুৰ্ভোগ ভূগিব লাগিব৷ বানপানী, গড়া খহনীয়া, উচ্ছেদ, আৰু অন্যা্ন্য বেমাৰ- আজাৰৰ এশ-এবুৰি সমস্যাৰ সন্মূখীন হ’বলৈ আছেই৷ এতিয়া মানুহে বুজিব লাগিব যে এটকীয়া চাউলতকৈ অকণমান অক্সিজেনৰ বেচি প্ৰয়োজন মানুহৰ৷
ক্ষমতালোভী, স্বাৰ্থপৰ ৰাজনীতিকৰ চলাহি কথাত ভোল নগৈ, ধৰ্মৰ বিপৰীতে বিজ্ঞান আৰু বাস্তবক সাৰথি কৰি এতিয়াৰ পৰা মানুহে যথাৰ্থ আধুনিক জীৱন যাপন কৰা কথাটোৰ ওপৰত যথোচিত গুৰুত্ব আৰোপ কৰিব লাগিব,তাকো যথেষ্ট মানসিক দৃঢ়তাৰে৷ মহামাৰী কৰ’ণাৰ পৰা উচিত শিক্ষা ল’ব নোৱাৰিলে আমি কাহানিও কোনো সমস্যাৰ পৰা নিজকে উদ্ধাৰ কৰিব নোৱাৰিম৷ মুঠতে ৰাইজৰ সুনিশ্চত ভৱিষ্যত, জীৱনৰ নিৰাপত্তা ৰাইজৰ হাতৰ মুঠিত৷
বিশিষ্ট শিল্পী গোস্বামীদেৱৰ লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। লেখকৰ অনুমতিক্ৰমে পুনৰ অসমীয়াৰ সুখ-দুখতো প্ৰকাশ কৰা হৈছে।
No comments:
Post a Comment