ৰূপালী পৰ্দাঃ 'মিনাৰী': গল্ডেন গ্লোৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি :: ড° অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ 'মিনাৰী': গল্ডেন গ্লোৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি  :: ড° অজয় লাল দত্ত

ৰূপালী পৰ্দাঃ 'মিনাৰী': গল্ডেন গ্লোৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি :: ড° অজয় লাল দত্ত

Share This
RECENT,AJOY LAL DUTTA,RUPALI-PARDA,অজয় লাল দত্ত,ৰূপালী পৰ্দা, MINARI MOVIE,  মিনাৰী গল্ডেন গ্লোৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি
'মিনাৰী': গল্ডেন গ্লোৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি 
ড° অজয় লাল দত্ত
আমি সকলোৱেই ভাল পাওঁ জীৱনৰ ঢৌ-খেল, উত্থান-পতনৰ গতিশীলতা। কিন্তু সময়ৰ সৈতে পৃথিৱীৰ প্ৰত্যাহ্বানবোৰৰ মুখামুখি হবলৈকে আমি এতিয়া গৃহবন্দী। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুৰুঙাক এতিয়া আমি লব লাগিব জীৱনে দিয়া অনুপম উপহাৰ বুলিয়েই। এই সময়তে, পৰিয়ালৰ সৈতে একেলগে চাবলৈ পালো, আমেৰিকাৰ বুকুত আশীৰ দশকত এটি কোৰিয়ান পৰিয়ালৰ জীৱন সংগ্ৰামৰ সাৰ্বজনীন আবেদনপূৰ্ণ চিনেমা এখন। নাম ‘মিনাৰী’, যিখন আমেৰিকান-কোৰিয়ান চিনেমাই ২০২০ চনৰ জানুৱাৰী মাহত চানডেন ফ্লিম ফেষ্টিভেলত প্ৰীমিয়াৰ হৈ U.S. Dramatic Grand Jury পুৰস্কাৰ আৰু U.S. Dramatic Audience এৱাৰ্ড লাভ কৰি নিজৰ যাত্ৰাৰম্ভ কৰিছিল। 
RECENT,AJOY LAL DUTTA,RUPALI-PARDA,অজয় লাল দত্ত,ৰূপালী পৰ্দা, MINARI MOVIE,  মিনাৰী গল্ডেন গ্লোৱৰ বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি
এই চিনেমাখনেই অস্কাৰৰ বাবে ৯৩তম অকাডেমী বঁটাৰ শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, অৰিজিনেল স্কৰ, অৰিজিনেল স্ক্ৰীণপ্লে, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সহ-অভিনেত্ৰী শিতানত নমিনেচন পাবলৈ সক্ষম হৈছিল। এই চিনেমাখনেই গল্ডেন গ্লৱ এৱাৰ্ডত বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবিৰ সন্মানো লাভ কৰিছিল। চিনেমাখনৰ এটি ট্ৰেইলাৰ তলৰ ভিডিঅ'ত চাব পাৰিব-
চিনেমাখনৰ চিত্ৰনাট্যৰ লেখক তথা পৰিচালক লি আইজাক চুঙে ৱিলিয়া কেথাৰৰ ‘My Antonia’ নামৰ কিতাপখনৰ ভিত্তিত চিনেমাখন নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছিল, কিন্তু লেখিকাৰ পৰা অনুমতি নোপোৱাত, কোৰিয়ান পৰিয়াল হিচাবে আমেৰিকালৈ প্ৰব্ৰজন কৰা নিজা পৰিয়ালৰ শৈশৱৰ কৃষি-ভিত্তিক জীৱনৰ অভিজ্ঞতাৰে এই কাহিনীটো লিখি উলিয়াই। ৱিলিয়া কেথাৰ লিখিছিল-"That her life really began when she stopped admiring and started remembering" আৰু এই উক্তিৰ পৰাই চুঙে লৈছিল অৰ্ধ-আত্মজীৱনীমূলক ৰূপত কাহিনীটো লিখি উলিওৱাৰ প্ৰেৰণা। কাহিনীটো প্ৰথমে ইংৰাজীত লিখা হৈছিল যদিও কোৰিয়ান সংলাপ সমূহক অনুবাদ কৰি কোৰিয়ানতে ৰাখে, যাৰ দ্বাৰা দক্ষিণ কোৰিয়াৰ পৰা জীয়েকৰ ঘৰলৈ 'কোৰিয়ান আচাৰ-শাকপাতৰ টোপোলা লৈ' নাতি-পুতিৰ মৰমতে বিদেশলৈ ঢাপলি মেলা কোৰিয়ান আইতা গৰাকীৰ ছবি নিখুঁতৰূপত উজ্বলাই তুলিবলৈ পৰিচালক সক্ষম হয়।

‘বাৰ্নিং’ চিনেমাৰ জৰিয়তে জনপ্ৰিয় হোৱা কোৰিয়ান চিনেমাৰ হিৰো ষ্টীভ য়ুনে পৰিয়ালৰ মুৰব্বী হিচাবে অভিনয় কৰা চিনেমাখনত আমেৰিকান সপোনৰ পমখেদি পত্নীৰ (হান-য়ে-ৰি)ক লৈ প্ৰৱ্জন কৰা কোৰিয়ান পৰিয়ালটিৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ বাবে গ্ৰহণ কৰা শেষ প্ৰচেষ্টাৰ চেলেঞ্জক তুলি ধৰা হৈছে। সৰু কৰ্পৰেট ফাৰ্মৰ চাকৰিৰে যে কনমানি ল’ৰা-ছোৱালীহালৰ জীৱন সলাব নোৱাৰি সেই কথা য়ুনে উপলদ্ধি কৰি চহৰৰ পৰা নিলগৰ নিৰ্জন ঠাইত কৃষি কৰ্মৰ কথা ভাৱে। এই সংগ্ৰামত হৃদয়ত ফুটা থকা ল’ৰাকনৰ স্বাস্থ্য, শিশু হালৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ অভিযোগেৰে অভিমানী পত্নীৰ সৈতে এক মনস্তাত্বিক যুঁজ-বাগৰত পৃথিৱীৰ যি কোনো প্ৰান্তৰ দৰ্শকেই নিজকে বিচাৰি পাবলৈ সক্ষম হব। কোৰিয়ান আইতাৰ সতে আমেৰিকান নাতিৰ সাংস্কৃতিক বিভিন্নতা, মৰম আৰু সৰলতাত বুৰ যোৱা আইতা-নাতিৰ বান্ধোনক সজীৱ কৰি তোলা নৈৰ পাৰৰ ‘মিনাৰী’ পাত-শাকৰ জৰিয়তে চিৰসেউজ কৰি তোলাৰ প্ৰয়াস দেখিবলৈ পোৱা গ’ল চিনেমাখনত। কেৰিয়াৰত কিবা এটা কৰাৰ হাবিয়াসে যেন আমাক পৰিয়ালৰ পৰাও আঁতৰাই নিব খোজে, অথচ সেই পৰিয়ালক বচোৱাৰ বাবেই এই সংগ্ৰাম। পৰিয়ালৰ মাজতে থাকিও যেন আমি সেই 'উন্নতৰ কৰা হাবিয়াস'তে বন্দী হৈ পৰো কব নোৱোৰাকৈ... এই সৰল অনুভৱবোৰলৈ উভতি চাবলৈ, নিজকে চিকুটি চাবলৈ আপোনাকো বাধ্য কৰিব এই চিনেমাখনে। 

অন্ধবিশ্বাস, সমাজ আৰু ধৰ্মৰ অৱলম্বনৰ হাতবাউলিৰ মাজত এটি সৰল পৰিয়ালে কেনেকৈ হাৰি হাৰিও জিকিব খোজে, জিকি জিকিও হাৰিব খোজাৰ খলা-বমাময় জীৱন উজ্বলি উঠিছে চিনেমাখনত। উন্নত চিনেমাটোগ্ৰাফি, স্ক্ৰীণপ্লেৰ সৈতে আৱহ সংগীতে সৃষ্টি কৰা ৰূপালী পৰ্দাৰ এটি মায়াসনা চিনেমাখনে বহন কৰা সাৰ্বজনীন আবেদনৰ বাবেই সমালোচকৰ তুলাচনীতো উন্নত ৰেটিং পাবলৈ সক্ষম হৈছে চিনেমাখনে। 'আমেৰিকান সপোন'ৰ পম খেদা এই যাত্ৰাত শিশু শিল্পী কেইগৰাকীৰ অভিনয়ো অতিশয় ভাল হৈছে। আঠ বছৰীয়া পুত্ৰৰ ভূমিকাত অভিনয় কৰা এলেন কিমে তলৰ ভিডিঅ'টোত চিনেমাখনে গল্ডেন গ্লোব পোৱাৰ পাছত জনপ্ৰিয় শ্ব 'JIMMY KIMMEL LIVE' ত অংশ লোৱা দেখা গৈছে-

'মিনাৰী'ৰ বিষয়ে চিনেমা ৰিভিউ পৰ্টেল ৰ’টেন টমেটোজত ৯৮শতাংশই ধনাত্মক ৰিভিউৰ সৈতে কৈছে-"Led by arresting performances from Steven Yeun and Yeri Han, Minari offers an intimate and heart-wrenching portrait of family and assimilation in 1980s America. বিবিচিৰ নিকোলাচ বাৰ্বাৰে ৫/৫ ৰেটিং দি লিখিছে-"Sensitively written and acted, beautifully shot, and with a charming, sparingly used score, Minari is so engaging that it's easy to forget how radical it is”. বিগত বৰ্ষত কেৱল সীমিত দৰ্শকৰ বাবে প্ৰদৰ্শন কৰা চিনেমাখন বিশ্বজোৰা প্ৰদৰ্শনৰ বাবে ১২ ফ্ৰেব্ৰুৱাৰী’২১তহে মুকলি কৰি দিয়া হৈছে। 

শেহতীয়াকৈ OTT প্লেটফৰ্ম Amazon Prime টো ‘মিনাৰী’ চিনেমাখন উপলদ্ধ হৈছে। তাৰ বাহিৰেও বিনামূলীয়া ষ্ট্ৰীমিং প্লেটফৰ্ম কিছুমানতো ‘মিনাৰী’ ইংৰাজী চাব-টাইটেলৰ সৈতে চাব পৰা হৈছে। তাৰে দুটিমান চমু লিংক তলত উল্লেখ কৰা হৈছে।
কোৰিয়ান  চিনেমাৰ বেৱচাইটঃ https://bit.ly/34v6bDT
ইণ্টাৰনেটত এই লিংকতো এড-চাৰ্পোটেড ফৰ্মেটত চিনেমাখন পোৱা গৈছে-
https://bit.ly/3fwq1F2

No comments:

Post a Comment