খবৰঃ দিনটোৰ দহটা ভাল খবৰৰ 'সঁফুৰা' - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

খবৰঃ দিনটোৰ দহটা ভাল খবৰৰ 'সঁফুৰা'

খবৰঃ দিনটোৰ দহটা ভাল খবৰৰ 'সঁফুৰা'

Share This
দিনটোৰ দহটা ভাল খবৰৰ 'সঁফুৰা'
১. কোভিড-১৯ৰ ভেকচিন লোৱাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰে। এই নিৰ্দেশনা অনুসৰি এতিয়াৰ পৰা ১৮-৪৪ বছৰ পৰ্যন্ত লোক সকলে আগতীয়া অনলাইন পঞ্জীকৰণ নকৰাকৈয়ো স্বাস্থ্য কেন্দ্ৰত ভেকচিন লব পাৰিব। ক’ইউন, আৰোগ্য হেতু, উমংগ আদি এপৰ জৰিয়তে বাধ্যতামূলক পঞ্জীকৰণৰ বাহিৰেও পোনে পোনে স্বাস্থ্য কেন্দ্ৰত পঞ্জীকৰণৰ জৰিয়তেও ভেকচিন লোৱাৰ ব্যৱস্থা আৰম্ভ হোৱাত দেশৰ বিশেষকৈ অশিক্ষিত, অৰ্থনৈতিক ভাৱে দুৰ্বল শ্ৰেণীৰ লোক সকলৰ বাবে সহায়ক হব। বাধ্যতামূলক অনলাইন পঞ্জীকৰণৰ ফলত ভেকচিন বহু পৰিমানে নষ্ট হোৱাৰ তথ্যলৈ দৃষ্টি দিয়েই এই নতুন নিয়ম কৰা হৈছে।

২. অসমৰ ৰাজ্য চৰকাৰে কালি নতুনকৈ আৰু ৫০হাজাৰ কোভিড-১৯ৰ ভেকচিন আবণ্টন পোৱা বুলি নতুন স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

৩. কালি গুৱাহাটী মেডিকেল কলেজত নতুনকৈ ২৮খন আই.চি.ইউ বিচনাৰ সুবিধা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। অহা ১৫জুনৰ ভিতৰত আৰু অতিৰিক্ত দুশ খন আই.চি.ইউ বিচনা GMCH ত সংযোজন কৰা হব বুলিও সুখবৰ কৰিলে ঘোষণা।

৪. মহাৰাষ্ট্ৰৰ নন্দেডৰ শ্ৰীহুজৰ চাহিব গুৰুদ্বাৰাৰ বিগত ৫০বছৰৰ পৰা সঞ্চিত ৫০ কেজি মন্দিৰৰ দান ৰূপে পোৱা সোণ বিক্ৰী কৰি কৰোনাক্ৰান্ত আৰু অন্যান্য ৰোগীৰ সেৱাৰ বাবে এখন মেডিকেল কলেজ ও হাস্পতাল স্থাপন কৰাৰ সিদ্ধান্ত লোৱাৰ সুখবৰো প্ৰকাশ পাইছে। ধৰ্ম যে মানুহৰ বাবেহে তাকেই এই উদাহৰণে প্ৰতীয়মান কৰিছে।

৫. ব্ৰাজিলত এক ৰাজহুৱা অনুষ্ঠানত কভিড সম্পৰ্কীয় সুৰক্ষা বিধি উলংঘন কৰাৰ বাবে স্বাস্থ্য বিভাগে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছেনাৰোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে জৰিমনা বিহাৰ খবৰো প্ৰকাশ পাইছে। ভাৰত তথা অসমত ভিআইপি সকলে সঘনাই কোভিড বিধি উলংঘন কৰি চ’চিয়েল মেডিয়াত ফটো আপলোড কৰাৰ মাজতে ব্ৰাজিলৰ এই অনুপম উদাহৰণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

৬. ঘৰতে সোমাই থাকি আমনি পোৱাৰ মাজে অনাগত বিষ্ণু ৰাভা দিৱসৰ উপলক্ষত কলাগুৰুৰ সৃষ্টিৰ চৰ্চাক আগুৱাই নিয়াৰ মানসেৰে বিহু সুৰক্ষা সমিতি, অসমে এখনি বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ অনলাইন প্ৰতিযোগিতা আয়োজন কৰিছে। সবিশেষ জানিবৰ বাবে 94350-39135, 60027-85923 আৰু 96787-80025 হোৱাটচএপ নম্বৰত যোগাযোগ কৰিবলৈকো আহ্বান জনাইছ।

৭. বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন পালেই অহা জুন মাহৰ পৰা ভাৰতত ক’ভাক্সিন ভেকচিন প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ভাৰত বায়েটেকে। এই অনুমোদন লাভৰ পাছতে পৰীক্ষামূলক ভাৱে শিশুক ভেকচিন দিয়া হব।

৮. মহামাৰীৰ প্ৰতিকূল পৰিৱেশৰ মাজতো শিশু-কিশোৰ সকলৰ মন উজ্বীৱিত কৰি ৰাখিবলৈ লখিমপুৰ জিলাৰ অগ্ৰণী সামাজিক অনুষ্ঠান শুভাকাংখীয়ে সদৌ অসম ভিত্তিক এখন অনলাইন ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সবিশেষ জানিবৰ বাবে 86288-91582, 97077-02241 আৰু 86389-25376 হোৱাটচএপ নম্বৰত অতি সোনকালে যোগাযোগ কৰিবলৈ আয়োজকে আহ্বান জনাইছে। যোগদানৰ শেষ তাৰিখ-১২ জুন, ফলাফল ঘোষিত হব-২০ জুন তাৰিখে।

৯. এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ লাভৰ বাবে অনলাইন আবেদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। যোগ্যতাৰ নথিসহ ২১ জুনৰ ভিতৰত www.yas.nic.in ৰ জৰিয়তে এই আবেদন কৰি খেলৰত্ন, অৰ্জুন, দ্ৰোণাচাৰ্য পুৰস্কাৰকে ধৰি ক্ৰীড়া জগতৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ সমূহ পাব পাৰিব।

১০. ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডে দেশৰ বিভিন্ন ৰাজ্য তথা চহৰলৈ ২০০টা পৰ্টেবল অক্সিজেন কনচেণ্টট্ৰেটৰ মেচিন বিলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সুখবৰো প্ৰকাশ পাইছে।

No comments:

Post a Comment