চিন্তনঃ বিচ্ছিন্নতাবাদৰ ৰোমাণ্টিচিজম, ৰিতুলৰ মুক্তি, আলফাৰে আলোচনাৰ প্ৰসংগ আৰু পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ বিচ্ছিন্নতাবাদৰ ৰোমাণ্টিচিজম, ৰিতুলৰ মুক্তি, আলফাৰে আলোচনাৰ প্ৰসংগ আৰু পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া :: শ্যামকানু মহন্ত

চিন্তনঃ বিচ্ছিন্নতাবাদৰ ৰোমাণ্টিচিজম, ৰিতুলৰ মুক্তি, আলফাৰে আলোচনাৰ প্ৰসংগ আৰু পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া :: শ্যামকানু মহন্ত

Share This
বিচ্ছিন্নতাবাদৰ ৰোমাণ্টিচিজম, ৰিতুলৰ মুক্তি, আলফাৰে আলোচনাৰ প্ৰসংগ আৰু পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া
শ্যামকানু মহন্ত
(১)
শেহতীয়াকৈ আলফা(স্বাধীন)ৰ দ্বাৰা ৰিতুল শইকীয়াক মুক্তি দিয়াটো অতিশয় গুৰুত্বপূৰ্ণ আৰু আলফা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত এক ভাল পদক্ষেপ বুলি ভাবো। শাসনভাৰ লৈয়ে ৰিতুল শইকীয়াৰ মুক্তি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মাষ্টাৰ ষ্ট্ৰোক বুলিও ক'ব পৰা যায়। তেওঁ পণবন্দী কৰি থােৱা ৰিতুল শইকীয়াৰ গৃহলৈ গৈ পৰিয়ালৰ লগত কথা পাতি পৰৱৰ্তী পৰ্যায়ত আলফাক প্ৰথমতে আহ্বান জনালে। আৰু লগতে আলফাৰ অইল ইণ্ডিয়া, অ' এন জি চিক লৈ যিখিনি প্রশ্ন আছিল, সেই প্রশ্নসমূহৰ সঠিক উত্তৰ দি ডঃ হিমন্ত বিশ্ব শৰ্মাই এই মুক্তিৰ বাবে এটা উপযুক্ত পৰিৱেশ সৃষ্টি কৰাৰ লগতে ভৱিষ্যতৰ শান্তি আলোচনাৰ বাবে এক উপযুক্ত আৰম্ভণি কৰিলে বুলি ক'ব পাৰি।
বিচ্ছিন্নতাবাদৰ ৰোমাণ্টিচিজম, ৰিতুলৰ মুক্তি, আলফাৰে আলোচনাৰ প্ৰসংগ আৰু পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া শ্যামকানু মহন্ত
তাৰ লগতে এইটোও সঁচা যে আলফাৰ পৰিস্থিতি বহু সলনি হ'ল। আলফাত এতিয়া অতি মুষ্টিমেয় কেডাৰহে আছে। আৰু এই কভিডকালীন পৰিস্থিতিত বাকী সংগঠনৰ দৰে আলফাৰাে বহু অসুবিধা হৈছে। পুলিচ আৰু সামৰিক বাহিনীৰ অধিক সক্রিয়তাৰ বাবে আলফা তথা আলফাৰ সংগী সংগঠন এন এছ চি এন(খাপলাং)ৰ টকা আহৰণ প্রক্রিয়াত বহুখিনি ব্যাঘাত জন্মিছে। সেইবাবে কিছুসংখ্যক অসমীয়া চাকৰিয়ালক অপহৰণ কৰি পণবন্দীৰ দৰে কাম আলফাই কৰিবলৈ লৈছে। নিৰীহ অসমীয়া ল'ৰা অপহৰণ কৰি কিদৰে আলফাই অসম উদ্ধাৰ কৰিব? সকলােৰে মনলৈ এই প্রশ্নটো আহিছে আৰু ক্ৰমান্বয়ে আলফাৰ সংগ্ৰামৰ ফোপােলা স্বৰূপটো অধিক প্ৰকট হৈ উঠিছে। আদর্শগত দৈন্য সম্মুখলৈ আহিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাক আলোচনাৰ পথলৈ আহ্বানক পৰেশ বৰুৱায়ো এক ইতিবাচক সঁহাৰি দিয়া যেন অনুমান হৈছে। এতিয়া আলফাৰ হাতত কোনো বিশেষ বিকল্প নাই। সশস্ত্র আন্দোলনৰ বিফলতাৰ কথা বৃহত্তৰ অসমীয়া ৰাইজে বুজিবলৈ আৰম্ভ কৰিছে। আলফা অসমত শক্তিশালী হৈছিল কেৱল অসমীয়া ৰাইজৰ সহযোগতহে। বর্তমান আলফাই অপহৰণ, নিৰীহ হত্যা আৰু অসমপ্ৰেমৰ নামত কিছুসংখ্যক বিবৃতি দিয়াৰ বাদে একো বিশেষ কৰিব পৰা নাই। আৰু এই কথা ৰাইজৰ অজ্ঞাত হৈ ৰোৱা নাই। ৰাষ্ট্রযন্ত্রক আঘাত হানিব পৰাকৈ বহুদিন ধৰি আলফাই একো কাৰ্যই কৰিব পৰা নাই আৰু চীনৰ দৰে বিদেশী সহযোগীৰ আগতো হয়তো আলফাৰ গুৰুত্ব কমিছে। সাতে-সোতৰই মিলি বর্তমান পৰেশ বৰুৱাৰ হাতত আলোচনাই এতিয়া শ্রেষ্ঠ বিকল্প। এইক্ষেত্ৰত ভাৰত চৰকাৰৰ পদক্ষেপ লক্ষণীয় হ'ব। আলোচনাপন্থী আলফাৰ লগত বহুবছৰ ধৰি আলোচনা হৈ আছে, কিন্তু কোনাে সমাধান সূত্র ওলােৱা নাই। ভাৰত চৰকাৰে হয়তাে দুয়ােটা পক্ষকে একেলগে আলোচনাৰ মেজলৈ আনিব বিচাৰে। অৰবিন্দ ৰাজখােৱা আৰু পৰেশ বৰুৱাৰ ফৈদ একেলগ হৈ আলােচনাৰ মাধ্যমত বহিলেহে আলফা সমস্যাৰ স্থায়ী সমাধান ওলাব। 

মই ভাবো আলফাৰ দুয়ােটা ফৈদ আলোচনাত বহি ভাৰত চৰকাৰৰ পৰা যিমান সম্ভৱ ৰাজ্যখনৰ বাবে আদায় কৰিবলৈ চেষ্টা কৰিব লাগে। পৰেশ বৰুৱা আলোচনাৰ মেজলৈ আহক আৰু আলফাৰ দুয়োটা ফৈদে ৰাজ্যখনৰ প্রধান সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত কিছুসংখ্যক প্ৰস্তাৱ দিয়ক। বান আৰু খহনীয়া সমস্যা সমাধানৰ এটা স্থায়ী প্রকল্পৰ বাবে যদি কেন্দ্রীয় চৰকাৰক সৈমান কৰাব পৰা যায়, তেতিয়া আলফাৰ সমগ্র আন্দোলনটোৰ এটা ইতিবাচক ফল দেখা যাব। এতিয়া গেছ ক্ৰেকাৰৰ নিচিনা জোৰকৈ অসমত উদ্যোগ, বাণিজ্যত বিনিয়োগ কৰিব পৰা নাযাব। কিছুমান মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত যদি আলফাই কাম কৰিব পাৰে, বিশেষকৈ অসমৰ খিলঞ্জীয়াৰ বাবে ভূমি আৰু ৰাজনৈতিক সুৰক্ষাৰ দিশত কেন্দ্ৰক হেঁচা প্রয়োগ কৰি আলফাই যদি কিছু আদায় কৰিব পাৰে, সেয়া এটা খুব ভাল কাম হ'ব। এতিয়া বাস্তবৰ সম্মুখীন হ'ব লাগিব। ভাৰত ৰাষ্ট্ৰৰ সৈতে যুঁজি একো লাভ নাই। 

বিশেষকৈ আলফাই ৰাইজৰ সমর্থনো হেৰুৱালে। আশীৰ দশক পৰা অসমৰ ৰাইজে বহু দেখিলে। অসম আন্দোলন হ’ল। ৮৫৫জন শ্বহীদ হ'ল। কিন্তু এতিয়ালৈকে ফলাফল একো নােলাল। অসম চুক্তিৰ ফলস্বৰূপে এটা ৩ মিলিয়ন টনৰ ৰিফাইনেৰী হ'ল। যিটোৰ ক্ষমতা অলপতে কোনো আন্দোলন নকৰাকৈ চৰকাৰী ব্যৱস্থাৰ জৰিয়তে ৯ মিলিয়ন টনলৈ বৃদ্ধি কৰা হ'ল।৩ মিলিয়ন টনৰ যিটো ৰিফাইনেৰী আছি, সেইটো এটা পুতলা ৰিফাইনৰী, যিটো গেছক্ৰেকাৰ প্রকল্প হৈছিল সেইটো একেবাৰেই বাণিজ্যিকভাৱে উপযোগী নহয়। আন্দোলনৰ ফলত যিমান পালে, ক্ষতি তাতকৈ বহু বেছি হ'ল। অসমীয়া যুৱকৰ জীৱন, সম্পত্তি, অসমৰ অৰ্থনীতিৰ বহু লোকচান হ'ল। 

আলফা আন্দোলনৰ পৃষ্ঠভূমিৰ পৰিস্থিতি আছিল সুকীয়া। অসমৰ প্রতি সেইসময়ত কেন্দ্ৰৰ মাহীআইৰ দৃষ্টিবুলি এক ধাৰণা, ক্ষোভ ৰাইজৰ মাজত আছিল। স্বাধীনতাৰ পাছৰ চাৰিটা দশকত আন্দোলন নোহোৱাকৈ অসমে একো পাবলৈ সক্ষম হােৱা নাছিল। কিন্তু পাছলৈ কথাবোৰ পৰিৱৰ্তন হ'ল। প্রতিৰক্ষা আৰু আন কাৰণত কেন্দ্ৰই অসম তথা উত্তৰ-পূবৰ গুৰুত্ব বুজিবলৈ আৰম্ভ কৰিলে।

১৯৯৭ চনত কেন্দ্রৰ দেৱেগৌড়া চৰকাৰে উত্তৰ-পূবৰ এটা বিশেষ পেকেজ আৰম্ভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত অটল বিহাৰী বাজপেয়ীয়ে উত্তৰ-পূবক যথেষ্ট গুৰুত্ব দিলে। পাছৰ দুটা কার্যকালত মনমোহন সিং প্রধানমন্ত্ৰী হৈ থাকোতেওঁ উত্তৰ-পূবে গুৰুত্ব পালে।

নৰেন্দ্র মোদী চৰকাৰৰ শাসনকালত উত্তৰ-পূবৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পালে। এতিয়া মাহীআইৰ দৃষ্টি থকা বুলি একেবাৰেই ক'ব নোৱাৰি। অসমৰ ৰাইজেও বুজি পোৱা হ'ল যে উত্তৰ-পূবক কেন্দ্রীয় চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। আন্তঃগাঁথনি, দলং, 'ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদীয়ে গামােচা পৰিধান কৰাকে ধৰি এইধৰণৰ কথাবোৰৰ দ্বাৰা কেন্দ্ৰ আৰু অসমৰ মাজত মানসিক সংযোগ বহুগুণে বৃদ্ধি পালে। বিচ্ছিন্নতাবাদী চিন্তাধাৰাও বহুগুণে হ্রাস পালে। এটা সময় আছিল যেতিয়া অসমত কেন্দ্র শোষণৰ বিৰুদ্ধে একধৰণৰ বিচ্ছিন্নতাবাদী চিন্তাধাৰাই বিৰাজ কৰিছিল। ইয়াক বিচ্ছিন্নতাবাদৰ ৰোমান্টিসিজম বুলি মই ক'ব খােজো। আশী, নব্বৈৰ দশকত অসমৰ কেইজনমান বৰেণ্য বুদ্ধিজীৱী-সাংবাদিকে এইক্ষেত্ৰত বৃহৎ ভূমিকা লৈছিল। আৰু আলফাৰ সশস্ত্র আন্দোলনৰ প্রতি নতুন চামক অধিক আকৃষ্ট কৰিছিল। এই ৰোমাণ্টিচিজমৰ ঢৌত হাজাৰ হাজাৰ লৰাই আলফাত যোগদান কৰিলে। বহু ঘুণীয়া হ'ল। বহু মাতৃৰ বুকু শুদা হ'ল। এটা কথা নিশ্চিত যে কেৱল অসমখন ভাল কৰাৰ স্বাৰ্থতে বহু ল'ৰা-ছেৱালী আলফলৈ গৈছিল। বহুতে বুজি পোৱা নাছিল যে স্বাধীন সার্বভৌম ৰাষ্ট্র এখন হ'ব পৰাৰ জোখাৰে অসমত একো সমল নাই। এইকথাখিনি তেওঁলোকক তেতিয়া কোৱা নহ'ল। বহু বিজ্ঞই জানিও এই কথাবোৰ নক'লে। বিচ্ছিন্নতাবাদী ৰােমাণ্টিচিজমৰ ফলাফল শূন্য। এই স্বাধীনচিতীয়া ডেকাসকল বহু সপোন লৈ গৈছিল। সমাজৰ দিগদর্শনকাৰীসকলে স্বাধীনতাৰ প্ৰভাৱ অমূলকতাৰ কথা প্রকাশ কৰিব নোৱাৰিলে। কিছু জনকল্যাণমূলক কামেৰে প্ৰথমতে জনপ্রিয় হোৱা আলফা পাছলৈ নিজৰ কৰ্মৰে ৰাইজৰ আস্থা হেৰুৱালে। আলফাত থকা বহু ল'ৰা-ছোৱালীয়ে কথাবোৰ বুজি উভতি আহিল। সামৰিক বাহিনীৰো বহু অবর্ণনীয় সন্ত্রাস হ'ল। 

এতিয়া পৰিস্থিতি সলনি হৈছে। মই 'আমাৰ অসমত বা সামাজিক মাধ্যমত বহুদিন ধৰি আন্দোলন, সন্ত্রাসবাদৰ দৰে চিন্তাবোৰৰ বিৰোধিতা কৰি আহিছোঁ। মই ভাৰতৰ বিভিন্ন প্ৰান্তত চাকৰি কৰিছো, উন্নত অঞ্চলৰ উন্নয়ন প্রত্যক্ষ তথা অধ্যয়ন কৰিছো। উন্নয়নৰ বাবে একধৰণৰ পৰিৱেশৰ প্রয়ােজন। অসমৰ সমলখিনি সদ্ব্যৱহাৰ বাৰ পৰিৱেশ সৃষ্টি নহ'লে অসমৰ উন্নয়ন কেতিয়াও নহ'ব। মই এই কথাখিনি কোৱাৰ বাবে ফেচবুকত বহু ব্যক্তিয়ে মোক ট্রল কৰে যে, আমি স্থিতাবস্থা সমর্থন কৰোঁ। আমি ৰাষ্ট্রযন্ত্রৰ বহতীয়া বা ৰাষ্ট্ৰই যি কয় তাকেই মানি লওঁ। মোৰ দৃষ্টিত ভাৰত ৰাষ্ট্ৰই অসমক বহুখিনি দিছে। যি সময়ত মহাৰাষ্ট্র, কর্ণাটকৰ দৰে ৰাজ্যই প্রতিবাদ কৰিছে যে তেওঁলোকৰ পৰা কৰ সংগ্ৰহ কৰি উত্তৰ-পূবৰ দৰে অঞ্চলত কিয় দিয়া হয়। উত্তৰ-পূবে যোৱা বিছ বছৰে কেন্দ্ৰৰ পৰা যথেষ্ট পৰিমাণে সহায়-সহযোগিতা লাভ কৰিছে। কেন্দ্ৰৰ অসম তথা উত্তৰ-পূবৰ প্রতি সদ্ভাৱ নিজ চকুৰে প্রত্যক্ষ কৰিছো। টকা-পইচা আহিছে, বিভিন্ন অনুষ্ঠান হৈছে। কিন্তু আমাৰ নিজৰ ভুলৰ বাবে, জনপ্রতিনিধিৰ যোগ্যতাৰ অভাৱৰ বাবে, কিছু ৰাজনীতিবিদ-আমােলাৰ দুৰ্নীতিৰ বাবে আশা কৰা ধৰণে উন্নয়ন কৰিব পৰা নাই। আমাৰ দক্ষতাৰ অভাৱৰ বাবে বহু কাম হোৱা নাই। মোৰ দৃষ্টিত কেন্দ্রক দোষ দিয়াৰ পৰিৱর্তে আমি নিজকে প্রশ্ন কৰা উচিত। এতিয়া ফ’ৰলেন ৰাস্তা হৈছে, গাঁৱৰ ৰাস্তা, স্বাস্থ্য, শিক্ষা আদিৰ বহুখিনি আন্তঃগাঁথনি হৈছে, ৰেল, উৰাজাহাজৰ সংযোগ ব্যৱস্থাৰ বহু উন্নতি হৈছে। ইয়াৰ বাবে কোনো আন্দোলন কৰিব লগা হোৱা নাই।

শত-সহস্র কাম কৰিবলৈ এতিয়াও বাকী আছে। বান সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত এতিয়ালৈকে কাম নোহোৱাটো সঁচা। জলপথৰ ক্ষেত্ৰত, কৃষি, উদ্যোগ, বাণিজ্য আদিৰ ক্ষেত্ৰত বহুখিনি কৰিবলগীয়া আছে। এইক্ষেত কেন্দ্রীয় চৰকাৰৰ পৰা আহৰণ কৰাৰ ক্ষমতা, আমাৰ থাকিব লাগিব। আমি বুদ্ধিমত্তাৰে কাম কৰিব লাগিব। আৱেগত কাম কৰিলে সমাধান শূন্য হোৱাটো আমি বহুদিন ধৰি দেখি আহিছে। কা-বিৰোধী আন্দোলনৰ ফলাফল আমাৰ চকুৰ সন্মুখত। এতিয়া বিশেষকৈ অসমীয়া খিলঞ্জীয়া ৰাইজ,অসমীয়া ভাষী ৰাইজে কথাটো বুজা উচিত। আমি সংখ্যালঘুলৈ পৰিণত হ'বলৈ গৈ আছো। এনে প্রেক্ষাপটত বুদ্ধিমত্তাৰে কাম কৰি যিমানখিনি পাৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা আদায় কৰি ৰাজনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰিব লাগে। ৰাজ্যখনৰ উন্নতিৰ ক্ষেত্ৰত জোৰ দিব লাগে। নিয়ােগৰ সুবিধা সৃষ্টি কৰিব লাগে। বহু ব্যক্তিয়ে আৱেগ ঢালি, আন্দোলন কৰিবলৈ উচটনি দি ৰাজ্যখনৰ প্রতি অন্যায় কৰি আহিছে। ৰাজ্যখনৰ লোকচান বহু হ'ল। এতিয়া সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত, অসমীয়া ৰাইজৰ ভৱিষ্যতৰ স্বাৰ্থত আমাক আন্দোলনমুক্ত অসম এখন লাগে। সন্ত্রাসমুক্ত এখন অসম লাগে। উদ্যোগ, ব্যৱসায়, বাণিজ্য পৰিৱেশ লাগে। অসমত সুস্থিৰ পৰিৱেশ সৃষ্টি হ'লেহে বিনিয়ােগ আহিব। বিনিয়োগৰ দ্বাৰাহে প্রকল্প হ'ব, নিয়ােগ হ'ব, অসমৰ উন্নয়ন হব। ল'ৰা-ছােৱালীৰ দক্ষতা বৃদ্ধি কৰিব পাৰিলে, খেতি-বাতি, পর্যটনৰ সম্ভাৱনা সৃষ্টি হলেহে অসমৰ উন্নয়ন হব। আমাক কৰ্মৰ আন্দোলন লাগে। আমাক এতিয়া উন্নতি আন্দোলন লাগে। সন্ত্রাস, বন্ধ, অপহৰণৰ আন্দোলন নালাগে। আলফাই কথাবোৰ বুজক। হত্যা-হিংসাৰ পথ বাদ দি আলােচনাৰ মাজলৈ আহি অসমৰ মৌলিক সমস্যাসমূহৰ সমাধানৰ চেষ্টা কৰক। এই সময়ৰ আহ্বান।
(২)
"আমাৰ অসম" কাকতত প্ৰকাশ পোৱা এক কলমৰ "বিচ্ছিন্নতাবাদৰ ৰোমাণ্টিচিজিম, ৰিতুল শইকীয়াৰ মুক্তি, আলফা চৰকাৰৰ আলোচনা" এই সম্পৰ্কীয় প্ৰবন্ধটি যথেষ্ঠ চৰ্চিত হৈছে। অসংখ্য লোকে ভাল পোৱা বুলি জনাইছে। বহুলোকে কৈছে, বৌদ্ধিক মহলত আলফা বা তেনে ধৰণৰ বিষয় লৈ বেছিভাগেই স্পষ্ট স্থিতি গ্ৰহণ নকৰে। বহু গণ্য-মান্য ব্যক্তিয়ে মোক শক্তিশালী স্থিতিৰ বাবে প্ৰশংসাসূচক বাৰ্তা দিছে।

পৰেশ বৰুৱা ডাঙৰীয়াইও ফোন কৰিছিল। তেখেতৰ মতে সমালোচনা কৰাটো বেয়া নহয় কিন্তু "বিচ্ছিন্নতাবাদৰ ৰোমাণ্টিচিজিম" শব্দটো, কথাখিনি ভুল হৈছে। তেখেতৰ মতে আলফাই সঁচা অৰ্থত অসমখন উদ্ধাৰৰ বাবে গৈছে। বহু ত্যাগ কৰিছে, ইমান দিন ধৰি কৰা এই সংগ্ৰাম সহজ নহয়। তেখেতে অসমৰ অসমৰ স্বাধীন ঐতিহাসিক পটভূমিত বহু কথা ক'লে। মই কবলগীয়াখিনি কলো, ইমান বছৰ অবিৰত লাগি থকা তেওলোকৰ সংগ্ৰামক উলাই কৰিব নোৱাৰি। মই তেখেতক আলোচনালৈ আহিবলৈ অনুৰোধ জনালো কাৰন সমাধানৰ কোনো পথ ইমান দিনে দৃষ্টিগোচৰ হোৱা নাই। আমি সকলোৱে এই সংগ্ৰামৰ এক সমাধান বিচাৰো। পৰেশ বৰুৱাৰো বয়স হৈ আহিছে, তেখেত আহক, আলোচনাত বহক। মৰ্য্যদা সহকাৰে তেখেতক চৰকাৰে আলোচনাত নিমন্ত্ৰণ কৰাটো আমি বিচাৰো।

তেখেতৰ মতে আলোচনাৰ নামত আলোচনা কৰি লাভ নাই, ৰাজখোৱা গোটৰ লগত কোনো সমাধান সূত্ৰ ইমান দিনে নোলাল। মই তেখেতক ক'লো আলফাই ৰাইজৰ ৰাজনৈতিক সুৰক্ষা, ভূমি সুৰক্ষাৰ, বানপানীৰ ক্ষেত্ৰত যদি চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে এক সুস্থিৰ আৰু স্থায়ী সমাধান সূত্ৰ আনিব পাৰে ৰাইজে আদৰি লব।

পৰেশ বৰুৱাই কলে যে তেখেতে পেকেজ নহয়, কেৱল সাৰ্বভৌমত্বৰ প্ৰসংগৰ সৈতেহে আলোচনাত বহিবলৈ আগ্ৰহী। মই কলো যে সাৰ্বভৌমত্বৰ ধাৰণাটো viable নহয়, ভাৰত চৰকাৰে নেমানে। তেখেতৰ মতে আমাক বুজাওক চৰকাৰে, কিয় হব নোৱাৰে। পৰেশ বৰুৱাই কথাৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰশংসা কৰে আৰু আশা কৰে এই প্ৰসংগত তেখেতে আগভাগ লব।

আকৌ ক'ম আমাক এটা সমাধান সূত্ৰ লাগে। বহু আন্দোলন হ'ল, ধ্বংস হল, বহু নিৰীহ মৰিল। আমাক সমাধান লাগে। চৰকাৰ আৰু আলফা দুয়োপক্ষই এৰা ধৰা কৰি আলোচনাত বহক আৰু ভৱিষ্যতৰ প্ৰজন্মৰ বাবে এক শান্তিপুৰ্ণ অসম এখনৰ ভেটি ৰাখক।
লেখকৰ ই-মেইল : skmahanta@gmail.com , লেখাটি পূৰ্ব প্ৰকাশৰ পাছত প্ৰতিক্ৰিয়াৰ অংশ সংযোজনেৰে লেখকৰ অনুমতিক্ৰমে পুনৰ প্ৰকাশ কৰা হৈছে। অসমীয়াৰ সুখ-দুখ xukhdukh.com ত পূৰ্বে প্ৰকাশিত লেখকৰ আন সকলো লেখা পঢ়িবৰ বাবে তলৰ লিংকত ক্লিক কৰিব পাৰিবঃ

No comments:

Post a Comment