সাম্প্ৰতিক প্ৰসংগঃ হোমেন বৰগোহাঞি চাৰ আৰু নতুন মুখমন্ত্ৰী :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগঃ হোমেন বৰগোহাঞি চাৰ আৰু নতুন মুখমন্ত্ৰী :: সঞ্জীত কুমাৰ বৰদলৈ

সাম্প্ৰতিক প্ৰসংগঃ হোমেন বৰগোহাঞি চাৰ আৰু নতুন মুখমন্ত্ৰী :: সঞ্জীত কুমাৰ বৰদলৈ

Share This
হোমেন বৰগোহাঞি চাৰ আৰু নতুন মুখমন্ত্ৰী
সঞ্জীত কুমাৰ বৰদলৈ
হোমেন বৰগোহাঞিৰ মৃত্যুৱে আন বহুজনৰ দৰে মোৰো মন আৰু চেতনাক ইমান গভীৰ ভাবে জোকাৰি পেলালে যে এই মুহূৰ্ততো তাৰ পৰা মুক্ত হ’ব পৰা নাই৷ একপ্ৰকাৰ নিঠৰুৱা আৰু বিৰাট শূন্যতা অনুভৱ কৰিছোঁ৷ তেওঁৰ মহাপ্ৰস্থানে যি বজ্ৰাঘাত দিলে সি প্ৰশমিত হ’বলৈ হয়তো আৰু কিছুদিন সময় লাগিব৷ আমাৰ কিছু আগৰ আৰু পাচৰ প্ৰজন্মৰ এনে লোক হয়তো নোলাব যাৰ চেতনাত বৰগোহাঞি চাৰৰ অসাধাৰণ সৃষ্টিৰাশি, তেওঁৰ চিন্তা আৰু আকাশসম বিশাল ব্যক্তিত্বই প্ৰভাবিত নকৰাকৈ আছে৷ 
সুদীৰ্ঘ সাতটা দশকজুৰি বৰগোহাঞি চাৰে অসমৰ বৌদ্ধিক জগতত বীৰৰ দৰে দপদপাই আছিল৷ সমাজ,সাহিত্য আৰু ৰাজনীতি ক্ষেত্ৰৰ কোনো লোকেই বৰগোহাঞিৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাছিল৷ হোমেন বৰগোহাঞি দেবৰ এনে ঈৰ্ষণীয় আৰু প্ৰভাৱশালী ব্যক্তিত্বৰ আঁৰৰ কাৰকবোৰ কি আছিল সি নিঃসন্দেহে গৱেষণাৰ বিষয় হ’ব পাৰে৷ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বিশ্বাস আৰু আস্থা অৰ্জন কৰিবলৈ তেওঁ সক্ষম হৈছিল৷ সমাজৰ পিচ পৰা সাধাৰণ গাঁৱলীয়া হোজাজনৰপৰা পাহাৰ-ভৈয়ামৰ জনজাতি সকল, চৰচাপৰিত বাস কৰা বংগমুলীয় মুছলমান সকলকে ধৰি ৰাজ্য খনৰ সকলোৱে বৰগোহাঞিৰ সমুখত নিৰাপদ অনুভৱ কৰিছিল, সকাহ অনুভৱ কৰিছিল৷ বদৰুদ্দিন আজমলৰ 'অসমীয়া উদ্যমী হিচাবে' নস্যাত কৰিবলৈ কৰা চেষ্টাৰ বিৰুদ্ধেও তেওঁ লিখিছিল, নদী-বান্ধৰ বিপক্ষেও লিখিছিল আৰু অখিল গগৈৰ নেতৃত্বত স্থাপিত অৰ্কিড পাৰ্কৰ সেই প্ৰচেষ্টাক বহুমূলীয়া বুলি স্বীকৃতি দিবলৈকো পাহৰা নাছিল। বহু ন-লেখকক প্ৰেৰণা দি লিখিবলৈ বাধ্য কৰোৱা বৰগোহাঞিৰ কৃৰ্তিত্বও শলাগনীয়।

হোমেন বৰগোহাঞিয়ে কাকো অবিচাৰ নকৰে, কোনো শক্তিয়ে কাৰোবাক অন্যায়,অৱজ্ঞা কৰিলে তেওঁ মনে মনে নাথাকে, এই বিশ্বাস আৰু আস্থা তেওঁ আয়ত্ত কৰিবলৈ সক্ষম হৈছিল৷ দেশৰ কুটিল ৰাজনীতিয়ে বা আন কোনো কাৰকে যেতিয়া অনিশ্চয়তা আৰু সংকট কঢ়িয়াই আনে তেতিয়া আমি দেশৰ চিন্তা নায়ক সকল আৰু উচ্চতম ন্যায়ালয়লৈ ডিঙি মেলি চাই থাকো বা চাব লগা হয়৷ ঠিক সেইদৰে ৰাজ্যখনৰ জটিল আৰু সংকটৰ সময়ত আমি আঙুলিৰ মুৰত গণিব পৰা যি কেইগৰাকী মুষ্টিমেয় লোকৰ মুখলৈ প্ৰত্যয় আৰু আশাৰে বাট চাই ৰওঁ তাৰে এগৰাকী আছিল হোমেন বৰগোহাঞি৷ মানুহৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু কৰুণা,যুক্তি আৰু বিজ্ঞান মনস্ক উদাৰ দৃষ্টি ভংগী আৰু জীৱন-জগতৰ প্ৰতি থকা প্ৰচণ্ড ভালপোৱা, আশাবাদে তেওঁক প্ৰজ্ঞাবান কৰি তুলিছিল৷ হাজাৰ ধুমুহা, সীমাহীন জাগতিক প্ৰলোভনে তলাব নোৱৰাকৈ তেওঁ স্থিতপ্ৰজ্ঞ হ’ব পাৰিছিল৷ বৰগোহাঞিৰ জীৱনত গান্ধী, বুদ্ধ আৰু ৰাছেলৰ প্ৰভাৱ আছিল অপৰিসীম৷ গান্ধীয়ে দিছিল ত্যাগ আৰু মানুহৰ প্ৰতি গভীৰ মমতা,বুদ্ধই দিছিল সাধনা আৰু আধ্যাত্মিক প্ৰশান্তি আৰু ৰাছেলে দিছিল যুক্তি,বিজ্ঞান মনস্কতা আৰু উদাৰ বিশ্ববীক্ষা৷

এতিয়া নতুন মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগলৈ অহা যাওক৷ হোমেন বৰগোহাঞিৰ মৃত্যুত নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে৷তেওঁ কৈছিল-“মই কক্ষচ্যুত হ’লে কক্ষলৈ উভতাই অনা অভিভাৱক হেৰুৱালোঁ৷" মই ভাবোঁ সদ্যপ্ৰয়াত হোমেন বৰগোহাঞিৰ মৃত্যুত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে যি কেইটা মূল্যবান কথা কৈছে তাৰ ভিতৰত এই কথাষাৰৰ তাৎপৰ্য অধিক৷ মোৰ বিশ্বাস মুখ্যমন্ত্ৰী গৰাকীৰ এই কথাষাৰত কোনো কৃত্ৰিমতা নাই৷ কাৰন বৰগোহাঞি ছাৰৰ স’তে হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিল৷ হোমেন বৰগোহাঞিৰ চিন্তা তৰংগ সময়ৰ আগত গতি কৰিছিল৷তেওঁ এগৰাকী ভৱিষ্যদ্ৰষ্টা আছিল৷ তেওঁৰ বহু ভৱিষ্যদ্বানী আমাৰ জাতীয় জীৱনত সত্য প্ৰমাণিত হৈছিল৷ ৰাজনৈতিক ক্ষেত্ৰখনত হিমন্ত বিশ্ব শৰ্মা যে অনাগত দিনত দীঘলীয়া ৰেচৰ ঘোঁৰা হিচাপে পৰিগণিত হ’ব তাৰ উমান বৰগোহাঞিয়ে তেওঁৰ বিচক্ষণ দৃষ্টিৰে ধৰিব পাৰিছিল৷ ড° শৰ্মাৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ কথা কৈছিল যদিও হিমন্ত বিশ্ব শৰ্মা যে নিজেই নিজৰ শত্ৰু সেই কথাও বৰগোহাঞিয়ে স্পষ্টকৈ কৈছিল৷ ড° শৰ্মাই manipulative politics কৰে বুলি তেওঁ সাৱধানো কৰি দিছিল৷ 

'হিমন্ত বিশ্ব শৰ্মাক অসমৰ একমাত্ৰ থিংকিং পলিটিচিয়ান' বুলি প্ৰশংসা কৰা বাবে হোমেন বৰগোহাঞিক সেই সময়ত বহুজনে কটু সমালোচনা কৰা দেখা গৈছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বহুতৰে যথেষ্ট বিৰাগ-বিৰোধ আছে৷ একাংশৰ তেওঁৰ বিৰুদ্ধে থকা এক প্ৰকাৰ অস্পৃশ্য মনোভাৱ ৰ মইও উমান পাইছিলো৷ ড°শৰ্মাৰ এখন গ্ৰন্থৰ মই এটি সমালোচনাত্মক লেখা লিখিছিলো৷ সেইটো লিখাৰ বাবে বহুতে মোক বেয়া পাইছিল৷ তেনে সমালোচক সকলক মই শুধিছিলো-ঠিক আছে হিমন্ত বিশ্ব শৰ্মা বেয়া৷ ভাল কোন জন? এই প্ৰশ্নৰ উত্তৰ মোক কোনেও দিব পৰা নাছিল৷ সি যি হওক ড°হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে নিন্দা আৰু কটু সমালোচনা কৰা বহুজনে এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পাচত শৰ্মাদেবক শুভেচ্ছা, অভিনন্দন জনাবলৈ হাত উজান দিয়া দেখা গৈছে৷ এইয়া মোৰ বাবে বেচ আমোদজনক! এই খিনিতে স্পষ্ট কৰি দিওঁ,আমি সকলো ক্ষেত্ৰতে একপক্ষীয় আৰু অৰ্থহীন সমালোচনাৰ পক্ষপাতী যিদৰে নহও ঠিক সেইদৰে আমি কোনো ৰাজনৈতিক ব্যক্তিৰ অন্ধ অনুগত্যও নহয়৷ হিমন্ত বিশ্ব শৰ্মাৰ বহু কথাত আমাৰ দ্বিমত আছে, তেওঁৰ বহু আচৰণ আমাৰ দৃষ্টিত অশোভনীয়৷

বহু যুগৰ অন্তত অসমৰ সমাজ আৰু ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক আশাবাদৰ ৰেঙণি দেখিবলৈ পাইছোঁ৷ ড°হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল আৰু দক্ষ,অভিজ্ঞ নেতৃত্বত ৰাজ্যখন সকলো দিশতে আগবাঢ়ি যাব বুলি আশা কৰা হৈছে৷ বেছিভাগ নেতাই আমাক আশাহত কৰিছে যদিও আমি আশাবাদী প্ৰাণী৷ নতুন মুখ্যমন্ত্ৰীৰ প্ৰতি আশা-প্ৰত্যাশা বেছি কিন্ত তেওঁৰ সমুখত যথেষ্ট প্ৰত্যাহ্বানো আছে৷ সেই প্ৰসংগ সুুুকীয়া৷ সদ্যহতে আমি ইয়াকে আশা কৰিম মুখ্যমন্ত্ৰী শৰ্মাদেবে যাতে তেওঁ কোৱাৰ দৰেই হোমেন বৰগোহাঞিৰ চিন্তা আৰু আদৰ্শক অনুসৰণ কৰিবলৈ যত্নৰ ত্ৰুটি নকৰে৷ গঠনমূলক সমালোচনাক গুৰুত্ব প্ৰদান কৰিব পৰাকৈ তেওঁ সহিষ্ণু হ’ব পাৰিব লাগিব৷ মানবীয়তা আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধক তেওঁ অগ্ৰাধিকাৰ দিব লাগিব৷ সকলো জতি-জনজাতি, ধৰ্মাৱলম্বী লোকক সমানে বিচাৰ কৰি তেওঁ ৰাজধৰ্ম পালন কৰিব পাৰিব লাগিব৷ বহুত্ববাদী, ধৰ্মনিৰপেক্ষ বৃহত্তৰ অসমীয়া সমাজখনক তেওঁ আগুৱাই নিব পাৰিব লাগিব৷সকলো শ্ৰেণীৰ লোকক মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ এক আন্দোলন ড°শৰ্মাৰ নেতৃত্বত গঢ়ি উঠিব লাগিব৷ তেতিয়াহে হোমেন বৰগোহাঞিৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধা নিবেদন কৰা হ’ব৷আমাৰ

আমি আশা কৰিম যে, ড°হিমন্ত বিশ্ব শৰ্মাই বৰগোহাঞি চাৰৰ আদৰ্শক বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিলে তেওঁ এগৰাকী ৰাজনীতিকৰ পৰা এগৰাকী ৰাজনীতিজ্ঞ তথা যুগ নায়ক (Statesman) হবলৈ চেষ্টা কৰিব।  কথাবোৰ সময়ে আৰু ইতিহাসে নিশ্চয়কৈ বিচাৰ কৰিব। সেই আশা কৰিয়ে ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ নতুন চৰকাৰলৈ আমাৰ শুভেচ্ছা আৰু অভিনন্দন জনালোঁ আৰু আমাৰ চিন্তা নায়ক সদ্যপ্ৰয়াত হোমেন বৰগোহাঞিলৈ জনালো অলেখ শ্ৰদ্ধা। 
লেখাটি অসম আদিত্য কাকততো প্ৰকাশ পাইছে। লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবৰ বাবে তলৰ একত্ৰ লিংকত ক্লিক কৰকঃ

No comments:

Post a Comment