বৰগোহাঞিৰ বিদায়, কোভিড-১৯ৰ লাৰ্নিং কাৰ্ভ বনাম 'ব্লেক ফাংগাছ'ৰ বাস্তৱতা
ডাঃ মৃগাংক শেখৰ চলিহা
(১)
কভিড ১৯ ৰোগত আক্ৰান্ত হৈ আপাতদৃষ্টিত আৰোগ্য হৈ ঘৰলৈ ঘূৰি অহা অসমৰ সাহিত্য জগতৰ বটবৃক্ষসদৃশ ব্যক্তি হোমেন বৰগোহাঞিদেবৰ বিয়োগে অসমৰ সকলোকে ব্যথিত কৰি তুলিছে। এই ক্ষতি অপূৰণীয় । তেখেতৰ সাহিত্যকৃৰ্তী , অসমীয়া সাহিত্য আৰু সমাজ জীবনলৈ অৱদান, উদীয়মান সাহিত্যিক সকলক সমাদৰ , অনুপ্ৰেৰণা আৰু উপদেশেৰে আগবাঢ়িবলৈ বাট দেখুওৱা দৃষ্টান্ত আৰু মানুহক চিন্তা কৰিবলৈ উদ্দীপনা দিয়া চৰিত্ৰ- এই কথাবোৰৰ বাবেই তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব।
দ্বিতীয় এজন হোমেন বৰগোহাঞি বৰ সহজে যে নোলায় সেইটো খাটাং। কিন্তু আজি তেখেতৰ মৃত্যুৰেও তেখেতে আমাক কিছুমান চিন্তা উদ্ৰেক কৰি থৈ গৈছে। সেইখিনি সাহিত্যৰ বা সমাজজীবনৰ বা দৰ্শনৰ চিন্তা নহয়। এজন চিকিৎসক হিচাপে এই নতুন বেমাৰটোকলৈ আমাৰ মনলৈ অহা কভিডোত্তৰ সময়ৰ ৰোগীৰ চিকিৎসাৰ চিন্তা । তেখেতৰ কি কি আনুষংগিক চিকিৎসা-সমস্যা ( comorbidity ) আছিল, কি কি দৰব কভিডোত্তৰ কালত খাই আছিল, মৃত্যুৰ সময়ত প্ৰকৃততে কি হৈছিল সেইখিনি নজনাকৈ এই ক্ষেত্ৰত সম্পূৰ্ণ বিশ্লেষণ কৰিব নোৱাৰি। কিন্তু মই যিমান দূৰ জানো তেখেতে এক স্বাস্থ্যসন্মত জীৱন- শৈলী উদযাপন কৰিছিল। আন দহজনৰ দৰে তেখেতক ক'ভিড নিউমনিয়াই শাৰীৰিকভাবে পৰাভূত কৰিব পৰা নাছিল; যিটো সাধাৰণতে সচৰাচৰ কভিড-মৃত্যবোৰত হয়। তেখেতৰ মৃত্যুৰ বৰ্ণনাই এক তাৎক্ষণিক মৃত্যুৰহে ইংগিত দিয়ে। এনেকুৱা তাৎক্ষণিক মৃত্যু দুটা কাৰণতে হব পাৰে। ট্ৰ'মা( trauma) অৰ্থাৎ আঘাতজনিত মৃত্যু বা ভেস্কুলাৰ ( vascular) অৰ্থাৎ ৰক্তপ্ৰৱাহ বা ৰক্তপ্ৰৱাহী নলীজনিত মৃত্যু। বিচনাৰ পৰা পৰি হাত ভৰিৰ হাঁড় ভাঙিব পাৰে বা মুৰতো দুখ পাব পাৰে। কিন্তু ইমান তাৎক্ষণিক মৃত্যু হব নোৱাৰে । ষ্ট্ৰ'ক অৰ্থাৎ চেৰিব্ৰ'ভেস্কুলাৰ এক্সিডেণ্ট হ'লেও ইমান তাৎক্ষণিক বা instantaneous মৃত্যু সাধাৰণতে নহয়। বাকী থাকিল হাৰ্ট এটেক (Myocardial infarction) আৰু তাৰ জটিলতাত হোৱা এৰিথ্মিক মৃত্যু বা ছাডেন কাৰ্ডিয়াক ডেথ্ ( হৃদজনিত আকস্মিক অপমৃত্যু) । এতিয়া চাব লাগিব সেইটো সম্ভাব্য কাৰণ হব পাৰে নেকি।
|
জাৰ্নেলৰ প্ৰাসংগিক প্ৰৱন্ধ |
হোমেন বৰগোহাঞিদেবৰ পৰিশীলিত জীবন নিৰ্বাহ প্ৰণালীৰ ধাৰণাৰ পৰা সাধাৰণ অবস্থাত তেওঁক কোনোপধ্যে সেই ৰোগে পাব যেন নেলাগ। Under the normal circumstances he should never be a candidate for sudden cardiac death । কিন্তু এইখিনিতে এটা কথা আহি পৰে। তেখেত আছিল এজন সদ্যকভিদমুক্ত ব্যক্তি। অলপতে JACC অৰ্থাৎ Journal of American College of Cardiologyত এখন চাঞ্চল্যকৰ গবেষণা পত্ৰ প্ৰকাশ পাইছে য'ত এই সন্দৰ্ভত কিছুমান তথ্য আছে। গবেষণা পত্ৰখনৰ মূল গবেষক বা লিখক হ'ল মেৰিনা কেমেৰা নামৰ এগৰাকী গবেষক। এই নতুন বৈজ্ঞানিক তথ্যই দেখুৱাইছে যে কভিড ৰোগীৰ অনুচক্ৰিকাকণাবোৰ ( platelet) কভিড আক্ৰান্ত হোৱাৰ পিছত অলপ দিনলৈ প্ৰয়োজনাধিকভাবে সক্ৰিয় হৈ থাকে। যদিও বৰ্তমানৰ কভিড চিকিৎসাৰ প্ৰটকলত ক্ষুদ্ৰ আণবিক ভাৰৰ হেপাৰিন ব্যৱহাৰ কৰা হয়, ৰক্তক্ষৰণৰ সম্ভাব্য সমস্যালৈ চাই তাক বেছিদিনলৈ দি থাকিব নোৱাৰি । সেইবাবে অলপ দিনলৈ ৰক্তপ্ৰৱাহী নদীবোৰৰ মাজত তেজ গোট মাৰিবপৰা ( থ্ৰম্বছিছ্) সমস্যা এটাৰ সম্ভাৱনা থাকি যায় । অধ্যয়নটোৰ সিদ্ধান্তত কভিডৰ পিছত এণ্টিপ্লেটেলেট অৰ্থাৎ অনুচক্ৰিকাকণাবোৰক অক্ষম কৰিব পৰা এছপিৰিন বা ক্লপিড্ৰগেল জাতীয় দৰব সেৱন কৰাৰ লগতে তেজ গোট মৰা বন্ধ কৰা দৰব ( OAC বা NOAC ) সেৱন কৰাৰ বৈজ্ঞানিক ভিত্তি আছে বুলি কোৱা হৈছে। এই বিষয়ে অবশ্যে আৰু কিছুমান গবেষকেও গবেষণা চলাই আছে।বৰ্তমানৰ কভিড চিকিৎসাৰ আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশাৱলীসমূহত আগৰেপৰা হৃদৰোগ বা অন্য ৰোগৰ বাবে এইবোৰ দৰৱ লৈ থকা মানুহৰ বাহিৰে আন কভিড আক্ৰান্ত ৰোগীৰ বাবে এই সন্দৰ্ভত নতুন নিৰ্দেশাৱলী অহা নাই। কিন্তু হোমেন বৰগোহাঞিদেবৰ মৃত্যুয়ে এই ক্ষেত্ৰত নতুন চিন্তাৰ সমল আনিছে।
জীৱনৰ বিষয়ে লিখা মানুহজনে বেমাৰ আৰু স্বাস্থ্যৰ বিষয়েও পঢ়িছিল আৰু লিখিছিল। বোধকৰো সমকালীন অসমীয়া সাহিত্যত চিকিৎসা আৰু স্বাস্থ্যৰ বিষয়ে তেখেতৰদৰে কোনো চিকিৎসকেও লিখিব পৰা নাই। কি অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী ! আজি সম্প্ৰচাৰিত আলফাপ্ৰধানজনৰ কথাখিনিৰপৰা এইটো প্ৰতীয়মান হৈছে যে আসন্ন চিকিৎসা সংকটৰ কথা বৰগোহাঞিদেৱে নিজেও জানিছিল। তেখেত কভিডোত্তৰ চিকিৎসা-জটিলতা সমূহৰ বিষয়েও অৱগত আছিল। তেখেতে হেনো কৈছিল আৰু তিনি সপ্তাহ পাৰ হ'লেহে তেখেত কভিডাৰোগ্য হব বুলি নিশ্চিত হব। হয়তো তেখেতৰ স্বভাৱজাত জ্ঞান-পিপাসাৰে তেখেতে কভিড সম্পৰ্কেও যথেষ্ট অধ্যয়ন কৰিছিল।
এইখিনি কথা এই কাৰণেই লিখিব লগা হল যে মই ভাবো হোমেন বৰগোহাঞিদেৱৰ দৰে উৎপাদক, সৃষ্টিশীল অনুপ্ৰেৰণাদায়ক ব্যক্তিসকলৰ মৃত্যুক বয়সৰ জোখেৰে চাই সাধাৰণ বাৰ্ধক্যজনিত মৃত্যু বুলি ভাবিব নেলাগে। তেখেতৰ দৰে ব্যক্তি এশ বছৰ বা তাতকৈ অধিক কাল জীয়াই থকাটো আমি বিচাৰিছিলো। অসমৰ মংগলৰ বাবে। অসমৰ ৰাইজে তেখেতক ইমান সোনকালে হেৰুৱাবলগা হব বুলি ভবা নাছিল। কোনেও শাৰীৰিক আৰু মানসিক দুয়ো ফালৰে পৰা তেখেত এতিয়াও তৰুণ হৈ আছিল। তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনালো।
(২)
আমি এতিয়াও কভিড-১৯ ৰ বিষয়ে লাৰ্ণিং কাৰ্ভতে আছোঁ । তাৰ অৰ্থ হৈছে যে, কভিড-১৯ সম্পৰ্কে মানৱ জ্ঞানৰ গ্ৰাফডালে শিখৰ পাবলৈ এতিয়াও বহুত বাকী আছে। বৈজ্ঞানিক নিৰ্দেশাৱলীৰ সঘন সালসলনিয়ে তাকেই বুজাইছে। We are still in the learning curve. আজিৰ দিনতো এই নতুন বেমাৰবিধৰ বিষয়ে মানৱ-জ্ঞানৰ সীমাবদ্ধতা আছে। আমি এতিয়াও জানিবলৈ বা শিকিবলৈ বহুত বাকী আছে। কভিড সম্পৰ্কে এটা কথাই বৰ্তমান নিশ্চিত হৈছে যে আজিৰ তাৰিখত প্ৰকৃতাৰ্থত কোনো কভিড এক্সপাৰ্ট নাই। কালি যিটো চিকিৎসা পদ্ধতিক ইয়াৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় বুলি ভবা হৈছিল আজি সি আঁতৰি গৈছে। WHOৰ নিৰ্দেশাৱলীত আৰম্ভণিতে কভিডত ষ্টেৰইডৰ কোনো প্ৰয়োজন নাই বুলি কোৱা হৈছিল । পিছত দেখা গল যে কিছুমান ক্ষেত্ৰত ষ্টেৰইডেই জীবন-দায়িনী। এটা সময়ত হাইড্ৰক্সিক্লৰ'কুইনক লৈ আমি অতুৎসাহী আছিলোঁ। পিছত সেই উৎসাহ কমিল। অন্যান্য কিছুমান চিকিৎসা পদ্ধতি যেনে প্লাজমা থেৰাপীক লৈও খুব হৈ চৈ হৈছিল । কিন্তু পিছত বৰ ফলদায়ক বুলি প্ৰতিপন্ন নহ'ল। গতিকে এনেদৰে কভিডৰ চিকিৎসাও এক বিবৰ্তনৰ মাজেৰে আগবাঢ়িব যেতিয়ালৈকে সৰ্বোত্তম পন্থাটো আমি বিচাৰি উলিয়াব নোৱাৰো। নতুনকৈ কিবা এটা চিকিৎসা পদ্ধতি ওলালেই তাক লৈ প্ৰথমতেই অতুৎসাহিত হৈ অতিৰঞ্জিত কৰাৰ দৰ্কাৰ নাই। ইংৰাজীত overhype শব্দটো এইক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
বিকল্প আৰু ঘৰুৱা চিকিৎসা পদ্ধতিয়েও কিবা এটা সমাধান সূত্ৰ উলিৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কঠালগুটী , কৰ'নিলৰ বাটেৰে। এনেকুৱা নতুন নতুন নাম ওলাই থাকিব। ওলালেই অতুৎসাহী হৈ তাৰ সপক্ষে ঘৰৰ মুধচত উঠি চিঞৰাৰ প্ৰয়োজন নাই। এই ইতিবাচক মানবীয় বৈজ্ঞানিক প্ৰচেষ্টাবোৰৰ সফলতাক লৈ যেনেকৈ নামটো শুনা মাত্ৰকে উত্ৰাৱল হ'বলগীয়া নাই তেনেকৈ সিবিলাকৰ ব্যৰ্থতাটো নিৰুৎসাহিত হব লগা কথা নাই। এই অতুৎসাহী ইতিবাচকতাৰ বিপৰীতটোও ভাল নহয়। মানে কিবা নেতিবাচক খবৰ আহিলেই তিলটোকে তাল কৰি বাতৰি পৰিবেশন কৰিব নালাগে। প্ৰতিক্ৰিয়াবোৰ বৈজ্ঞানিক ভিত্তিত হব লাগে।
কিছুমান পাৰ্শ্বক্ৰিয়া আৰু জটিলতাৰ খবৰ পালে আশংকা প্ৰকাশ কৰিব লাগে সচাঁ। কিন্তু নতুন জিভালুটি খোৱা বা অলপ দৃষ্টি আকৰ্ষিত কৰিব পৰা বেমাৰ বা জটিলতা এটাৰ নাম এটা পালেই সেই বিষয়ে প্ৰকৃত তথ্য আহৰণ নকৰি knee jerk প্ৰতিক্ৰিয়াও প্ৰদৰ্শণ কৰিব নেলাগে। এই ধৰক বৰ্তমানৰ বহুচৰ্চিত ব্লেক-ফাংগাছ নামৰ শব্দটো । প্ৰয়োজনাধিক গুৰুত্ব দিয়া হৈছে। কোনো নতুন আশংকাৰ ভিত্তি কিমান সেইটো চিকিৎসা বিজ্ঞানীয়ে ক'ব। ক'ৰবাত কিবা এটা শুনিলেই বা পঢ়িলেই "কৰ'না ভাইৰাছ আজিকালি বতাহত উৰি ফুৰে, "অসম পাইছেহি মাৰাত্মক ব্লেক ফাংগাছ" - এনেকুৱা চাঞ্চল্যকৰ শব্দগুচ্ছৰে তাক অত্যাধিকভাবে অলংকৃত কৰিব নেলাগে।
এই কথাবোৰৰ প্ৰকৃত বৈজ্ঞানিক ওজন আৰু আয়তন নজনাকৈ অতিৰঞ্জিত কৰিলে মানুহৰ মাজলৈ সঠিক বাৰ্তাটো নাযায় । এই "অসম পালেহি ব্লেক ফাংগাছ" কথাটো তাহানিৰ "যোৰহাট পাইছেহি বাংলাদেশৰ ৰাজাকাৰ দল" বা "গুৱাহাটীত সোমাইছেহি হিজবুল মুজাহিদীন" জাতীয় আতংকৰ কথা নহয়। এইটো কোনো চিকিৎসা বিজ্ঞানৰ নতুন কথা নহয়। আগৰেপৰা অলপ প্ৰতিৰোধী ক্ষমতা কম থকা মানুহৰ কভিড ৰোগ হ'লে আৰু সেই ৰোগৰ চিকিৎসাত ষ্টেৰইডজাতীয় ঔষধ বেছিকৈ দিবলগীয়া হলে তেওঁৰ দেহত মিউকৰমাইক'ছিছ নামৰ ভেকুৰৰ সংক্ৰমণ হব পাৰে। কিন্তু কৰনাৰ সামগ্ৰিক বৃহৎ সমস্যাটোৰ তুলনাত এই ব্লেকফাংগাছক লৈ প্ৰয়োজনাধিক হৈ চৈ বা এটা হাইপ ( hype) সৃষ্টি কৰাটো অবাঞ্ছনীয় ।
ভেকুৰ এটা সন্ত্ৰাসবাদীৰ দল নহয় যে মনে মনে লুকাই লুকাই অসমত আত্মগোপন কৰি আছেহি। তেনেকুৱা কথা নহয়। কিন্তু " অসম আহি পালেহি ব্লেক ফাংগাছ" বুলি ক'লে সি তেনেকুৱা এটা অনাহুত ভীতিগ্ৰস্ততাৰ কাৰক হৈ পৰিব পাৰে। তেনেকুৱা সংবাদ-নীতি পৰিহাৰ কৰিব পাৰিলে ভাল। কাৰণ ব্লেক ফাংগাছ নামটোৱেই এজন সাধাৰণ মানুহৰ বাবে ভয় লগা। তাৰ লগতে 'অসম পালেহি' এই দুই শব্দ যোগ হ'লে কথাটো আৰু ভয়াবহ হয়।
মই আগতেও কৈছো যে কভিডক লৈ মানুহে ভয় খাব লাগে। সাবধান হব লাগে। কিন্তু সেই ভয় সংক্ৰমণবিধৰ বৈজ্ঞানিক চৰিত্ৰগত বা ল'জিকেল ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত হব লাগিব। ই উৰাবাতৰি আৰু অৰ্দ্ধসত্যৰ ওপৰত প্ৰতিষ্ঠিত হব নালাগিব। আমাৰ মানুহ স্বভাৱতে হুজুগপ্ৰিয় বা উত্তেজনাপ্ৰিয়। ৰাস্তাত জে চি বিৰে মাটি খন্দা চাবলৈও এশজন মানুহ গোট খায় । গতিকে ' ব্লেক ফাংগাছ ' - এনেকুৱা এটা চাঞ্চল্যকৰ শব্দ পালে আৰু লাগিছে কি ?
কভিড আৰু বিজ্ঞানী মানুহৰ ৰণখন চলি থাকিব যেতিয়ালৈকে কভিড নামৰ প্ৰশ্নটোৰ আমি সঠিক উত্তৰ নেপাওঁ । ই এখন বিশ্বজোৰা যুদ্ধ। এই যুদ্ধখন চিকিৎসক, বৈজ্ঞানিক, জনসাধাৰণ সকলোৱে মিলি যুজিব লাগিব - শুদ্ধ বৈজ্ঞানিক, সামাজিক আৰু ৰাজনৈতিক নীতিৰে। ড'নাল্ড ট্ৰাম্পৰ দিনত ভয়াবহ ৰূপ লোৱা কভিডক আমেৰিকাৰ চিকিৎসক আৰু বিজ্ঞানীয়ে বিডেনৰ দিনত ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আনিছে। গতিকে ৰণনীতি শুদ্ধ হব লাগিব। নতুন কথা কিছুমান আহি থাকিব যেতিয়ালৈকে সুৰংগৰ শেষত বেলিৰ পোহৰ নোলায়। সেই সুৰংগৰ মাজত থকা সময়ছোৱাত টৰ্চৰ পোহৰকে বেলিৰ পোহৰ বুলি আহ্লাদিত হ'ব নেলাগে । ক'ৰবাত জেঠি এটা দেখিলেই সাপ বুলি হুলস্থুলো কৰিব নেলাগে। জিভা ঘোৰ খাই যোৱা হাইদ্ৰস্কিক্লৰ'কুইন বুলি শব্দ এটা শুনিলেই উত্তেজিত হবৰ একো কথা নাই। চিকিৎসা বিজ্ঞানত তাতকৈও জটিল শব্দ বহুত আছে।
চিকিৎসা বিজ্ঞানে পথৰ সন্ধান কৰি আছে। We are still in the learning curve. But we shall overcome someday... এই আশাৰেই আজিলৈ সামৰিছো।
লেখক অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ হৃদৰোগ বিভাগৰ বিশেষজ্ঞ তথা সহযোগী অধ্যাপক। লেখকৰ সুখ-দুখত প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ
No comments:
Post a Comment