মহীৰূহঃ অখিল বিষয়ত নতুন মুখ্যমন্ত্ৰী আৰু পুলিচ ৰেইডৰ 'ব্যৱহাৰ' :: ড° হীৰেন গোহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহঃ অখিল বিষয়ত নতুন মুখ্যমন্ত্ৰী আৰু পুলিচ ৰেইডৰ 'ব্যৱহাৰ' :: ড° হীৰেন গোহাঁই

মহীৰূহঃ অখিল বিষয়ত নতুন মুখ্যমন্ত্ৰী আৰু পুলিচ ৰেইডৰ 'ব্যৱহাৰ' :: ড° হীৰেন গোহাঁই

Share This
অখিল বিষয়ত নতুন মুখ্যমন্ত্ৰী আৰু পুলিচ ৰেইডৰ 'ব্যৱহাৰ' ড° হীৰেন গােহাঁই DR HIREN GOHAIN, xukhdukh
অখিল বিষয়ত নতুন মুখ্যমন্ত্ৰী আৰু পুলিচ ৰেইডৰ 'ব্যৱহাৰ'
ড° হীৰেন গোহাঁই
(১)
কি যুক্তিত মুখ্যমন্ত্ৰীয়ে অখিলক নিষিদ্ধ কৰিব?
নতুন মুখ্যমন্ত্ৰীয়ে এইবাৰৰ প্ৰথম বিধান সভাৰ অধিবেশন বিৰোধীৰ সমালোচনাৰ উত্তৰ দিবলৈ গৈ দুটা কথা ক'লে। প্ৰথমতে, বিধায়ক অখিল গগৈক ক’ভিড সংক্রমণ পৰা বচাবলৈ আহল-বহল বাছত অনা হৈছিল, তাৰ পিচত অখিলৰ সন্মান হানি কৰা বুলি মিছাতে হৈ-চৈ হোৱাত তেওঁক বেলেগ বাহনত পঠাব লগা হ'ল হেনো। এইটো অদ্ভুত যুক্তি।
অখিল বিষয়ত নতুন মুখ্যমন্ত্ৰী আৰু পুলিচ ৰেইডৰ 'ব্যৱহাৰ' ড° হীৰেন গােহাঁই DR HIREN GOHAIN, xukhdukh
বাছত কোভিড সংক্রমণৰ আশংকা নাই বুলি কোনো বিশেষজ্ঞই কোৱা নাই। ধৰা যাক এনে চমৎকাৰ কৌশলেৰে অখিল কভিডমুক্ত কৰি বিধানসভালৈ অনা হ'ল। কিন্তু তাৰ পিচত তেওঁ কেনেকৈ সদনত কভিড বিয়পোৱা সন্দেহৰ পাত্ৰ হ'ব পাৰে। তাৰ পিছত নিজৰ বক্তব্য নিজেই নাকচ কৰি ক'লে যে তেওঁ মানসিক অসুখত ভূগিছে। তেওঁ বোলে সকলাে বিধায়ক বিধায়কৰ কাষলৈ গৈ সম্ভাষণ জনোৱাটো সেই অসুখৰে লক্ষণ। চিকিৎসা চলি আছে যদিও ভাল হ'লে তেওঁ বিধানসভালৈ আহিব নোৱাৰে, জেললৈহে যাব লাগিব!

আচলতে এইটোৱেই নতুন মুখ্যমন্ত্ৰীৰ অন্তৰৰ কথা। তেওঁ থাকিলে বিৰোধীৰ বল বাঢ়িব, শাসকপক্ষও মানসিক অসুখত ভুগিব পাৰে। তেন্তে তেওঁক নির্বাচনত উঠাৰ পৰা বিৰত ৰাখিবলৈ নির্বাচন আয়োগক আবেদন কৰা নাছিল কিয়? মন কৰিব, নির্বাচনৰ সময়ত এইজন নেতায়েই কৈ ফুৰিছিল যে অখিল দল তেওঁলোকৰ কৌশলৰ ফলতে গঠিত হৈছিল।

অখিলে শপত গ্ৰহণ কৰিবলৈ অহাৰ আগতে এই প্রশ্ন তোলা নাছিল কিয়? আৰু শপত গ্ৰহণ কৰাৰ পিচত। কি যুক্তিত তেওঁক নিষিদ্ধ কৰিব? বৈধভাৱে নির্বাচিত হোৱাৰ পিচত সদনত অখিলৰ প্ৰৱেশ নিষিদ্ধ কৰিলে বিধায়ক হিচাপে তেওঁৰ অধিকাৰ আৰু বৈধ নাগৰিক হিচাপে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ অধিকাৰ লোপ কৰা হ'ব। আমি অখিলৰ সকলো মত গ্ৰহণ নকৰো। কিন্তু বস্তুনিষ্ঠ দৃষ্টিৰে চালে আমাৰ ধাৰণা আটায়ে ন্যায় আৰু সংবিধানসন্মত বুলি বুজিব।

(২)
আইনৰ শাসন আৰু পুলিচ
মুখ্যমন্ত্ৰীয়ে বিধানসভাত অখিল গগৈৰ মানসিক অসুখৰ চিকিৎসা চলি থকা বুলি যুক্তি দি তেওঁক বিধানসভালৈ আহিবলৈ দিব নোৱাৰি বুলি মন্তব্য কৰিছিল। লগে লগে প্রতিবাদ হ'ল যে এই সম্পর্কে সিদ্ধান্ত তেওঁ ল'ব নোৱাৰে। অখিল গগৈক মানসিকভাবে অসুস্থ বুলি অপবাদ দিয়া বাবে তেওঁৰ সমর্থকসকল অতি ক্ষুব্ধ হ'ল। শিৱসাগৰত সম্ভৱতঃ এনে মন্তব্যৰ বিৰুদ্ধে জনৰোষৰ বিস্ফোৰণ হ'ব পাৰে বুলি ধাৰণা কৰি একাংশ পদস্থ আৰক্ষী বিষয়াই দোভাগ ৰাতি দুর্ধর্ষ ডকাইতৰ ঘৰত ‘ৰেইড' কৰাৰ দৰে বিভিন্ন দলসংগঠনৰ যুৱ নেতাসকলক আটক কৰি থানালৈ অনাৰ ব্যৱস্থা কৰিলে।

এই কাও কেৱল আতিশয্যই নহয়, আগন্তুক কালত আৰক্ষীৰ ভূমিকা। সম্পর্কে গভীৰ উদ্বেগ সৃষ্টি কৰিব পৰা ঘটনা। শাসনভাৰ হাতত লৈয়েই নতুন মুখ্যমন্ত্ৰীয়ে আৰক্ষী বিভাগত ব্যাপক সালসলনি ঘটাইছিল৷ তাৰ অন্তৰালত যদি আৰক্ষীক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ উদ্দেশ্য আছিল, সি এক অতি অশুভ ভৱিষ্যতৰ ইংগিত দিয়ে। এনেদৰে ব্যৱহৃত হােৱাৰ ফলত বর্তমান দিল্লী আৰক্ষী দেশে-বিদেশে দুর্নামৰ ভাগী হৈছে।

আলফাৰ লগত আলোচনাৰ উদ্যোগ লৈ শান্তিৰ পৰিবেশ ৰচনা কৰা বুলি প্রশংসা অর্জন কৰা মুখ্যমন্ত্ৰীৰ পৰা ৰাইজে শান্তি ব্যাহত কৰা এনে স্বেচ্ছাচাৰ নিশ্চয় আশা নকৰে। অখিল গগৈৰ সমর্থকসকলকো সোঁৱৰাই দিব খোজো যে তেওঁলোকৰ প্রধান উদ্দেশ্য গগৈৰ বিধায়ক হিচাপে অধিকাৰ সাব্যস্ত আৰু সুৰক্ষিত কৰা।
লেখকৰ মতামত কেইটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে। তেখেতৰ লেখাৰ ইউনিকোড সংৰক্ষণৰ অংশ হিচাবে সুখ-দুখত পুনৰ প্ৰকাশ কৰা হৈছে। গোহাঁইদেৱৰ পূৰ্বে প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ

No comments:

Post a Comment