খবৰঃ দিনটোৰ 'ভাল খবৰ'ৰ সঁফুৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

খবৰঃ  দিনটোৰ 'ভাল খবৰ'ৰ সঁফুৰা

খবৰঃ দিনটোৰ 'ভাল খবৰ'ৰ সঁফুৰা

Share This
ভাল খবৰ,goodnews, অসমীয়াৰ সুখ-দুখ xukhdukh.com

 দিনটোৰ 'ভাল খবৰ'ৰ সঁফুৰা

১. ভাৰতীয় তেল নিগমে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ ৭৮খন আই.চি.ইউ বিছনা আগবঢ়াইছে। ইণ্ডিয়ান অইল কৰ্পৰেছনৰ উত্তৰপূৱৰ কাৰ্যবাহী সঞ্চালকে মুখ্যমন্ত্ৰীক সাক্ষাত কৰি এই বিষয়ে অৱগত কৰিছে।

ভাল খবৰ,goodnews, অসমীয়াৰ সুখ-দুখ xukhdukh.com

২. সৰুক্ষেত্ৰীৰ চটলা আঞ্চলিক হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক নৌশাদ আলীয়ে গণিতৰ মৌলিক সংখ্যা নিৰ্ণায়ক সূত্ৰৰ বিষয়ক এখনি গ্ৰন্থ লিখি উলিয়াইছে। ‘মৌলিক সংখ্যা নিৰ্ণায়ক সূত্ৰ আৰু পাচিগণিত জ্যামিতিৰ তত্ত্ব’ নামৰ গ্ৰন্থখনি উন্মোচনী সভাযোগে ৰাইজলৈ মুকলি দিয়া হৈছে।


৩. কেনিয়াৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি লাভ কৰা প্ৰথম মহিলা হোৱাৰ ইতিহাস সৃষ্টি কৰিছে মাৰ্থা কুমে। আফ্ৰিকীয় দেশত এয়া এক অনুপম উদাহৰণ বুলিও প্ৰকাশ পাইছে।


৪. মানাহ অভয়াৰণ্যত দল হৰিণ, বেংগল ফ্ল’ৰিকান, পক্ষীসহ বিভিন্ন জীৱকূলৰ প্ৰভূত সংখ্যা বৃদ্ধিৰ সুখবৰ শেহতীয়া গণনাত পোহৰলৈ আহিছে। এবছৰতে ঢেঁকীয়াপতীয়া বাঘ ৩০টাৰ পৰা ৪৬টালৈ বৃদ্ধি হোৱাৰো সুখবৰ।


৫. অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী নায়িকা তথা অসমীয়া চিনেমাৰ বৰ্ষীয়ান অভিনেত্ৰ্ৰী অনুপমা ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বুজ ললেগৈ নতুন সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই। লগতে তেখেতক এক লাখ টকাৰ এককালীন সাহাৰ্যও ৰাজ্য চৰকাৰে প্ৰদান কৰে।


৬. ফ্লাই বিগ নামৰ কোম্পানীটোৱে শ্বিলং, গুৱাহাটীৰ সৈতে পাচিঘাটক বিমানেৰে সংযোগ কৰিব। উড়ান ৪.০ আঁচনিৰ অধীনত অৰুণাচলৰ তথা উত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰক আগুৱাই নিয়াৰ বাবে প্ৰায় ৪০টা গতিপথৰ ভিতৰত অসমৰ ডিব্ৰুগড়, ৰূপসী, পাচিঘাট, শ্বিলং, আগৰতলা, লেংপুই, তেজু আৰু গুৱাহাটী বিমানবন্দৰে স্থান পাইছে।


৭. এইবাৰ ভাৰত পালেহি ক’ভিড এণ্টিবডি ককটেইল Casirivimab Imdevimab Injection. আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক চিকিতসাৰ সময়ত ব্যৱহাৰ কৰা এই দৰৱৰ এটি ড’জৰ দাম ৬০হাজাৰ টকা। ইয়াৰ সহায়ত কোভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে কম সময়তে আৰোগ্য লাভ কৰাৰ লগতে ৰোগাক্ৰান্তৰ মৃত্যুৰ সম্ভাৱনাও বহু পৰিমানে হ্ৰাস কৰে বুলিও তথ্য প্ৰকাশ পাইছে।


৮. অসমত নতুন শিক্ষা নীতি প্ৰৱৰ্তন হোৱাৰ লগে লগেই শিক্ষা ক্ষেত্ৰ আইনৰ অধীনত অসমৰ প্ৰায় ৩০হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বদলি হোৱাৰ সুবিধা লাভ কৰিব বুলি সদৰী কৰিছে অসমৰ নতুন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।


৯. ভাৰতত তৃতীয়টো ভেকচিন হিচাবে ৰাছিয়ান ভেকচিন স্পুটনিক-৫ ৰ উতপাদন আৰম্ভ কৰিছে পানাচিয়া বায়টেকে। DCGI য়ে এই ভেকচিন ইমাৰ্জেঞ্চিত ব্যৱহাৰৰ কাৰণে ইতিমধ্যেই অনুমোদন প্ৰদান কৰিছে। ৰাছিয়ান কোম্পানীৰ সৈতে যুটীয়া অংশীদাৰিত্বৰে প্ৰতিবছৰে ভাৰতত ১০কোটি ড’জ স্পুটনিক-৫ ভেকচিন উতপাদন কৰাৰ লক্ষ্যৰে পানাচিয়া বায়টেকে উতপাদন আৰম্ভ কৰিছে।

 

 ১০. প্ৰায় চল্লিশ দিনৰ পাছত ভাৰতত ২ লাখৰ তললৈ নামিছে দৈনিক ক’ৰনা সংক্ৰমণৰ সংখ্যা। দিনক দিনে সক্ৰিয় ৰোগীৰ সংখ্যা কমি অহাৰ বিপৰীতে দৈনিক সুস্থ হৈ উঠাৰ সংখ্যা বৃদ্ধি পোৱাৰো সুখবৰ। লগতে দেশত ভেকচিনেচন প্ৰক্ৰিয়াত ৰাইজে সক্ৰিয়ভাৱে অংশ লৈ কৰোনা বিৰোধী যুঁজত অৱতীৰ্ণ হৈছে।

প্ৰকাশিত কেৱল 'ভাল খবৰ'বোৰ পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকঃ

https://www.xukhdukh.com/search/label/goodnews

No comments:

Post a Comment