মেট্ৰিক পৰীক্ষাৰ বিকল্প পদ্ধতিৰ প্ৰসংগ আৰু শিক্ষাৰ্থীৰ মানসিক চাপ
(অসমৰ শিক্ষামন্ত্ৰীলৈ এখন মুকলি চিঠি)
ৰাহুল গৌতম শৰ্মা
শিক্ষামন্ত্ৰী মহোদয়, মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ হাহাকাৰ চলি আছে৷ বহু বিশিষ্ট লোকে এই বিষয়ে আলোচনা কৰিছে৷ ছাত্ৰ সন্থাও এতিয়া আলোচনাৰ মজিয়ালৈ আহিছে৷ আমি এগৰাকী সাধাৰণ শিক্ষাৰ্থী৷ শিক্ষকতা, শৈক্ষিক প্ৰশাসন আদিৰ কোনো অভিজ্ঞতা নাই৷ বিপৰীতে আমাৰ মনত এতিয়াও মাত্ৰ কেইবছৰমান আগেয়ে অৱতীৰ্ণ হোৱা মেট্ৰিক পৰীক্ষাৰ স্মৃতি সজীৱ হৈ আছে৷ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত মেট্ৰিকতকৈ জটিলতা কম, শিক্ষাৰ্থীসকলৰ বয়সো বেছি, আৰু বিভাগীয়ভাৱে ষ্ট্ৰীমলাইনড্ ইতিমধ্যেই হৈ যোৱালৈ চাই চিন্তা-চৰ্চা কৰিবলৈ অপেক্ষাকৃতভাৱে সহজ৷ সেয়েহে, কেৱল মেট্ৰিক পৰীক্ষাক লৈয়েই কেইটামান কথা আপোনাৰ কাণ চোৱাব বিচাৰিছোঁ৷
ক] পৰীক্ষা পতাৰ মুখ্য কাৰণ কি? এজন শিক্ষাৰ্থীৰ শৈক্ষিক পাৰদৰ্শিতাৰ এটা থূলমূল আভাস পাবৰ বাবেই পৰীক্ষা পতা হয়৷ কিন্তু হাইস্কুলীয়া পৰ্যায়ত, কোনো এটা বিষয়ত আন এটা বিষয়তকৈ অধিক নম্বৰ পোৱাৰ অৰ্থ এইটো নহয় যে শিক্ষাৰ্থীগৰাকীৰ বেছি নম্বৰ পোৱা বিষয়টোত বেছি দক্ষতা আৰু কম নম্বৰ পোৱা বিষয়টোত কম দক্ষতা আছে৷ আমি নিজেই মেট্ৰিকত সাধাৰণ গণিতত এশ নম্বৰ পাইছিলোঁ গণিতৰ তলা-নলা বুজি নোপোৱাকৈয়েই৷ বৰং আমাৰ ঐচ্ছিক বিষয় ইতিহাসত, য’ত টানি-টুনিহে লেটাৰ নম্বৰ গোটাব পৰা গৈছিল, সেই ইতিহাসেই পাছলৈ আমাৰ স্নাতক মহলাৰ বিভাগ হ’লগৈ৷ ইতিহাস পঢ়িম বুলিয়েই আমাৰ সৰুকালিৰে পৰা সপোন আছিল, সেয়ে এনে ধাৰণাও অমূলক যে আন বিভাগত ছীট নেপাইহে আমি তাতে জোবোৰা মাৰিলোঁ৷ কিন্তু আমাৰ মেট্ৰিকৰ মাৰ্কশ্বীটখনৰ সৰলৰৈখিক বিশ্লেষণে এই সত্যৰ প্ৰতি ন্যায্যতা প্ৰদৰ্শন নকৰে৷
খ] আজিৰ পৰিস্থিতিত আমি মেট্ৰিকত তিনিটা বিষয় লৈ বহিবলগীয়া হ’লে, আমি আমাৰ ঐচ্ছিক বিষয় ইতিহাস, সমাজ বিজ্ঞান আৰু ইংৰাজী [কাৰণ, উচ্চ শিক্ষাৰ বাবে ইয়াৰ বাস্তৱিক অপৰিহাৰ্যতা প্ৰশ্নাতীত] বিষয়কেই নিৰ্বাচন কৰিলোঁহেঁতেন৷ মই যদি মেট্ৰিকত পোৱা হিচাপতেই নম্বৰ পালোঁহেঁতেন, তেনেহ’লে এই তিনিটা বিষয় মিলাই মোৰ মাৰ্কশ্বীটত মুঠ নম্বৰ আহিলহেঁতেন ২৬৫ নম্বৰ– আনহাতে মই বেছি নম্বৰ পোৱা, কিন্তু চকু পাৰি দেখিব নোৱৰা, আৰু জীৱনত কেতিয়াও কোনোদিনেই উচ্চ শিক্ষাৰ বিষয় হিচাপে নিৰ্বাচন নকৰোঁ বুলি দৃঢ় সিদ্ধান্ত লোৱা বিজ্ঞান, সাধাৰণ গণিত আৰু অসমীয়াৰ পৰীক্ষা দিলে, সেই হিচাপত মই পালোঁহেঁতেন ২৯০ নম্বৰ৷ শতাংশ হিচাপত ক’বলৈ গ’লে ইয়াৰ অৰ্থ প্ৰথম ক্ষেত্ৰত ৮৮.৩৪ শতাংশ আৰু দ্বিতীয় ক্ষেত্ৰত ৯৬.৬৭ শতাংশ নম্বৰ৷ এই ফলাফলে মোৰ ৰুচি আৰু দক্ষতাৰ প্ৰতিটো ন্যায় প্ৰদৰ্শন নকৰেই, বৰং চিৰদিনৰ বাবে মোৰ কেৰিয়াৰৰ ওপৰত হতাশাজনক প্ৰভাৱ পেলালেহেঁতেন৷ আমি যেতিয়া শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কথা কওঁ, এই কথাটো পাহৰি যোৱাতো হঠকাৰী নহ’বনে?
মেট্ৰিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ মানসিক স্তৰ আৰু এই পৰীক্ষাত বিভিন্ন বিষয়ত বেছি নম্বৰ পাব পৰাৰ সুচলতাৰ বাবেই সেয়েহে তিনিটা বিষয়ত পৰীক্ষা দিয়া কথাটোৱে আমাক শংকিত কৰি তুলিছে৷
গ] চৰকাৰে কৈছে, যে শিক্ষাৰ্থীৰ চাপ কমাবৰ বাবে ছখনৰ ঠাইত তিনিখন কাকতৰ পৰীক্ষা দিব লাগে৷ কিন্তু এই বিষয় তিনিটাৰ উচিত নিৰ্বাচন কৰাৰ কোনো বাস্তৱিক ভিত্তি বা সূত্ৰ আমাৰ চকুত পৰা নাই৷ মেট্ৰিক পৰ্যায়ৰ শিক্ষা যিকোনো এজন নাগৰিকৰ জীৱনৰ ভেটি৷ কেৱল ৰুচিৰ ওপৰত ভিত্তি কৰি বিষয় নিৰ্বাচন কৰাটো যেনেকৈ উচিত নহ’ব, তেনেদৰে শৈক্ষিক কতৃৰ্ত্বই বিষয় নিৰ্ধাৰণ কৰি দিয়াটোও ফলপ্ৰসূ হৈ নুঠিব৷ কি ভিত্তিত এজন ভৱিষ্যতৰ নাগৰিক, যি কাইলৈ ইংৰাজী সাহিত্যৰ অধ্যাপকো হ’ব পাৰে, তেখেতে সাধাৰণ গণিতৰ সূত্ৰবোৰ নজনাটো যুক্তিসংগত হ’ব? এগৰাকী ভৱিষ্যতৰ বিজ্ঞানীয়ে গণতান্ত্ৰিক এখন দেশৰ নাগৰিক হিচাপে সমাজ বিজ্ঞানৰ সাধাৰণ তত্ত্ববোৰ নজনাটো কিদৰে ব্যাখ্যা কৰিব পৰা যায়? এতেকে, এনে সময়ত তিনিটা বিষয়ৰ পৰীক্ষা দি পাছ কৰাব লাগে কাৰণেই মেট্ৰিক পৰীক্ষা পাছ কৰাই দিয়াৰ অৰ্থ ভৱিষ্যতৰ এখন পংগু সমাজৰ প্ৰস্তাৱনা৷ পাঁচটা মূল বিষয়, আৰু শিক্ষাৰ্থীসকলে যোৱা দুবছৰে স্বনিৰ্বাচনত অহোপুৰুষাৰ্থ কৰি থকা এটা ঐচ্ছিক বিষয়ৰ কোনো এটাকেই বা কিয় বাদ দিয়া হ’ব, সেই প্ৰশ্নৰ কোনো বাস্তৱিক বিজ্ঞানসন্মত উত্তৰ থকাটো সম্ভৱ নহয়৷
ঘ] কিন্তু কৰ’না মহামাৰী, অনলাইন শিক্ষাৰ জোৰা-টাপলি মৰা অৱস্থা, মেট্ৰিক হয় নে নহয় তাকে লৈ দীৰ্ঘদিনৰ অনিশ্চয়তাৰ পুঞ্জীভূত মানসিক চাপ আৰু বৰ্তমান সময়ত মেট্ৰিকৰ দৰে পৰীক্ষা এটা আয়োজন কৰাত স্বাস্থ্যজনিত, প্ৰশাসনীয় আৰু পৰ্যাপ্ত মানৱ শ্ৰমৰ সীমাবদ্ধতাৰ সমস্যালৈ চাই, আগৰ দৰে ছটা বিষয়ৰ পূৰ্ণাংগ পৰীক্ষা অনুষ্ঠিত কৰাৰ অৱস্থাত আমি নাই৷ কঃ পন্থা?
ঙ] বহু লোকে কৈছে, যে পৰীক্ষাটো অৱজেক্টিভ, অৰ্থাৎ চাৰিটা বিকল্পৰ এটাত চিন দিয়া কৌন বনেগা কৰ’ৰপতি শৈলীত পাতিব লাগে৷ এনে পৰীক্ষা পৃথিৱীৰ বহু ঠাইত চলে, বহু ঠাইত তাৰ সুফলো পোৱা গৈছে৷ কিন্তু চাৰে তিনি বছৰত স্কুলত নাম লগোৱাৰ পৰা মেট্ৰিক পৰীক্ষাৰ কেইদিনমানৰ আগলৈকে বিষয়নিষ্ঠ, ছাবজেক্টিভ উত্তৰ লিখি ঘেগেলা হোৱা আমাৰ ছেবাৰ শিক্ষাৰ্থীসকলৰ সমগ্ৰ শৈক্ষিক জীৱনৰ সামূহিক প্ৰস্তুতিকেই নস্যাৎ কৰি দিয়াৰ কোনো অৰ্থ থাকিব নোৱাৰে৷ ই নিশ্চয়কৈ এটা দীৰ্ঘসূত্ৰী সমাধান হ’ব পাৰে, কিন্তু সেয়া কৰাৰ এয়া সময় নহয়৷
চ] সেয়েহে, এই সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটোৱেই হৈছে অভিজ্ঞ শিক্ষাবিদ, মনোবিজ্ঞানী আৰু শিক্ষকৰ দ্বাৰা প্ৰতিটো বিষয়ৰ সবাতোকৈ প্ৰাসংগিক আৰু সুদূৰপ্ৰসাৰী প্ৰভাৱ থকা অংশবোৰ চিনাক্ত কৰি উলিওৱা৷ অসমীয়া আৰু ইংৰাজীৰ ক্ষেত্ৰত বাক্য ৰচনা, ব্যাকৰণৰ প্ৰাথমিক নিয়ম, আবেদন-প্ৰতিবেদনৰ ৰচনা, অনুবাদৰ ন্যূনতম ধাৰণা আদিয়েই এজন সাধাৰণ মানুহৰ জীৱনত সবাতোকৈ প্ৰয়োজনীয় বিষয় হ’ব পাৰে৷ অনিচ্ছাসত্বেও আমি মানি ল’ব লাগিব যে কোনো পদ্যাংশৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বা কোনো পাঠত অন্তৰ্ভুক্ত কোনো তথ্যৰ মুখস্থ কৰি উত্তৰ দিয়াতকৈ এই কথাখিনিৰ গুৰুত্ব বাস্তৱিক দৃষ্টিভংগীৰ পৰা অধিক৷ এতেকে, অসমীয়া আৰু ইংৰাজীৰ ব্যাকৰণ আৰু সৃজনীশীলতা অংশ দুটাক লৈ ভাষাবিষয়ক এখন প্ৰশ্নকাকত নিশ্চয়কৈ প্ৰস্তুত কৰিব পৰা যায়৷ এনে এখন কাকতে শিক্ষাৰ্থীক নম্বৰ পোৱাৰ অধিক সুবিধা দিব, লগতে দুয়োটা ভাষাতেই সৃষ্টিশীলতা আৰু কল্পনাশক্তিৰো প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰিব৷
ছ] সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞানৰ ক্ষেত্ৰত, বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসাৰে পাঠ্যক্ৰম সংকোচন কৰিব লাগিব৷ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিজ্ঞান শাখাৰ বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমৰ লগত সামঞ্জস্য ৰাখি কৌশলী আৰু বাস্তৱিক দিশৰ পৰা অপৰিহাৰ্য অংশেৰে এখন প্ৰশ্নকাকত প্ৰস্তুত কৰি ল’ব লাগিব৷ এইক্ষেত্ৰত আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা ক’ব খোজোঁ যে গণিতৰ ক্ষেত্ৰত উপপাদ্য প্ৰমাণ কৰাৰ অভ্যাস কৰিলে ভৱিষ্যতে সেই সূত্ৰৰ অংক কৰাত সহায়ক হয়৷ এতেকে কোনো এটা উপপাদ্য প্ৰমাণ কৰিবলৈ যদি প্ৰশ্নকাকতত দিয়া হয়, সেইজাতীয় অন্য অংক কাকতৰ পৰা বাদ দি ঠাই মুকলি কৰিব পৰা যায়৷ ছেবাৰ কাকতত ইতিমধ্যেই থকা বহুবিকল্পী প্ৰশ্নৰ আওতাত ৰসায়ন বিজ্ঞানৰ সমীকৰণ সমতুল কৰা বা স্থানাংক জ্যামিতিৰ ধাৰণা পাব পৰাকৈ প্ৰশ্ন কাটিব পৰাৰ সুযোগ আছে, উপায় আছে৷
জ] সমাজ বিজ্ঞানৰ ক্ষেত্ৰত কি কৰা যায়? বাকী চাৰিটা বিষয়ত পঞ্চাছ নম্বৰৰ [পঞ্চাছ যোগ পঞ্চাছ এশ] পৰীক্ষা দিয়াৰ পিছত সমাজ বিজ্ঞানৰ কাকতখন একাশৰীয়া হৈ থাকি যায়৷ কিন্তু এই কথা পাহৰি যোৱা উচিত নহয় যে সমাজ বিজ্ঞান চাৰিটা পূৰ্ণাংগ বিষয়ৰো সমষ্টি৷ এই কাকতখনত চাৰিটা অংশৰে মুখ্য বিষয়বিলাক নিৰ্বাচন কৰি পঞ্চাছ নম্বৰৰ ভিতৰত সীমিত কৰাটো কষ্টকৰ যদিও অসম্ভৱ নহয়৷ উদাহৰণস্বৰূপে, অৰ্থনীতিৰ মুদ্ৰাবিষয়ক সূত্ৰসমূহ, ৰাজনীতি বিজ্ঞানৰ তত্ত্বৰ প্ৰণেতাসমূহৰ নাম ইত্যাদি, ভূগোলৰ সাগৰ-মহাসাগৰ বা বিশেষ বৈশিষ্টসম্পূৰ্ণ ভৌগোলিক স্থান, আৰু ইতিহাসৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ চন-তাৰিখ আদি নিশ্চিতভাৱে বহুবিকল্পী প্ৰশ্নৰ আওতালৈ আনিব পৰা যায়৷ দীঘলীয়া উত্তৰৰ ক্ষেত্ৰত, ইতিহাসৰ তথ্যাভিত্তিক দীঘল প্ৰশ্নসমূহ কিছুদূৰলৈ আওকাণ কৰিব পৰা যায়৷ কাৰণ, ইতিহাসৰ ছাত্ৰ হিচাপে আমি দেখিছোঁ যে পাছলৈ চন-তাৰিখসমূহ ইতিহাসৰ আলোচনাত কেন্দ্ৰীয় বিষয় হৈ নাথাকে৷ তাৰ পৰিৱৰ্তে নাগৰিকৰ দায়িত্ব, সংবিধানৰ প্ৰাথমিক ধাৰণা আদি ভাৰতীয় নাগৰিক হিচাপে বাস্তৱিক জীৱনৰ অপৰিহাৰ্য বিষয়সমূহক অধিক গুৰুত্ব দিব পৰা যায়৷ শিক্ষাৰ্থীৰ চাপ হ্ৰাস কৰিবলৈ ভূগোলৰ বিভিন্ন অঞ্চলসমূহৰ বিষয়ে সূত্ৰ মুখস্থ কৰিবলৈ নিদি মানচিত্ৰত সিবোৰৰ উপস্থাপনৰ ব্যৱস্থা কৰিলে শিক্ষাৰ্থীৰ বোধশক্তিৰ বাস্তৱ প্ৰমাণ পোৱা যাব৷
ঝ] বাকী থাকিল, ঐচ্ছিক বিষয়ৰ প্ৰসংগটো৷ চি বি এছ ই-ৰ লেখীয়াকৈ আমাৰ ইয়াতো ঐচ্ছিক বিষয়টো পাঠ্যক্ৰমৰ পৰা বাদ দিব লাগে বুলি বহুদিনৰ পৰা কৈ থকা হৈছে৷ কিন্তু সেইটোও আকস্মিক আকাশবাণীৰ পৰা উদ্ভূত সিদ্ধান্ত হ’ব নোৱাৰে৷ বহু শিক্ষাৰ্থীয়ে বহু ধন ভাঙি উচ্চ গণিতৰ টিউচন লৈ আছে৷ বহুতৰে ঘৰত কম্পিউটাৰ নাছিল, কিন্তু ঐচ্ছিক বিষয় হিচাপে কম্পিউটাৰ লোৱাৰ পিছত মাক-দেউতাকক খাটনি ধৰি ধৰি কম্পিউটাৰ কিনোৱাইছে৷ এতিয়া ঘপহকৰে ঐচ্ছিক বিষয়টো বাদ দিয়া যায় কেনেকৈ? আন এটা অসুবিধা এই যে বহু ঐচ্ছিক বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা হৈ গৈছে৷ ইয়াতে আমোদজনক বিষয়টো হ’ল, যে য’ত নেকি কম্পিউটাৰৰ শিক্ষাৰ্থী এগৰাকীয়ে বিছ নম্বৰৰ ব্যৱহাৰিক পৰীক্ষা দি থৈছে, সত্ৰীয়া নৃত্যৰ শিক্ষাৰ্থীগৰাকীয়ে কিন্তু সত্তৰ নম্বৰৰ পৰীক্ষাত ইতিমধ্যেই অৱতীৰ্ণ হৈছে৷ ইফালে, উচ্চ গণিতৰ দৰে জটিল মূৰৰ চুলি ছিগা বিষয়ত এক নম্বৰৰো ব্যৱহাৰিক পৰীক্ষাৰ ব্যৱস্থা নাই৷ এই পাৰস্পৰিক অসামঞ্জস্যতাক এটা সমতুল পৰ্যায়লৈ অনাটো ছেবা কতৃৰ্পক্ষৰ দায়িত্ব৷ ঐচ্ছিক বিষয়তো নিশ্চয়কৈ পঞ্চাছ নম্বৰৰেই পৰীক্ষা হ’ব লাগে৷ উদাহৰণস্বৰূপে, ইয়াৰে যিবোৰ বিষয়ৰ ব্যৱহাৰিক পৰীক্ষা হৈ গৈছে, সেই বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰৰ অসামঞ্জস্যতা পাৰচেণ্টাইল উপায়েৰে সমতুল কৰি ল’ব পৰা যায়৷ উচ্চ গণিতৰ দৰে বিষয়ৰ শিক্ষাৰ্থীসকলকো ভৱিষ্যৎ হতাশা, খেদ আৰু বৰ্তমান চাপৰ পৰা পৰিত্ৰাণ দিবলৈ সেই পাৰচেণ্টাইল ব্যৱস্থাৰে পোৱা শতকৰা মূল্যৰ [নম্বৰৰ নহয়] আধাৰত প্ৰকল্প প্ৰস্তুত কৰিবলৈ দিব পৰা যায়৷
ঞ] বহু লোকে কৈছে, ছটা বিষয় পঢ়াৰ চাপ হ্ৰাস কৰিবলৈ শিক্ষাৰ্থীক তিনিটা বিষয় পঢ়াৰ ব্যৱস্থা কৰি দিব লাগে৷ কিন্তু ব্যক্তিগতভাৱে বহু অভিভাৱক আৰু শিক্ষাৰ্থীৰে আলোচনা কৰি আমি এই সিদ্ধান্তত উপনীত হৈছোঁ, যে ছটা বিষয় পঢ়াৰ যি চাপ আৰু কষ্ট, সি জীৱনটো প্ৰভাৱিত কৰিব পৰাকৈ তিনিটা বিষয় নিৰ্বাচন কৰাৰ চাপ আৰু কষ্টতকৈ বহু শতাংশই সহজ আৰু সৰল৷ আমাৰ শিক্ষাৰ্থীসকল অধ্যয়ন, পৰিশ্ৰম আৰু পৰীক্ষাৰ চাপৰ সৈতে অভ্যস্ত, কিন্তু জীৱনৰ গতিপথ নিৰ্ণয়কাৰী সিদ্ধান্ত ল’ব পৰাকৈ সাজু নহয়৷
এনেদৰে কৰিলে হয়তো চৰকাৰে বিচৰা ধৰণে পৰীক্ষাৰ মুঠ দিন হ্ৰাস পোৱাৰ লগতে শিক্ষাৰ্থীসকলে চাপৰ পৰাও মুক্তি পাব– বহুদূৰলৈ শৈক্ষিক পাঠ্যক্ৰমৰ মান্যতা আৰু উপযোগিতাও অক্ষুণ্ণ হৈ থাকিব৷ কিন্তু ইয়াতেই সমস্যাৰ শেষ নহয়৷ প্ৰথমতেই সমস্যা আহিব প্ৰশ্নকাকত কটাৰ ক্ষেত্ৰত৷ বেয়া খবৰটো হ’ল, সাধাৰণতে প্ৰশ্নকাকত কটাৰ বিষয়টোৱে প্ৰায় দুই-তিনিমাহ সময় দাবী কৰে৷ কিন্তু ভাল খবৰটো হ’ল, প্ৰশ্নকাকতসমূহ ইতিমধ্যেই কাটি থোৱা হৈছে আৰু কিছু বিশ্লেষণ-পৰ্যবেক্ষণ কৰি সিবোৰ চিজিল কৰিবলৈহে বাকী আছে৷ নিঃসন্দেহে ছেবা আৰু অসমৰ শিক্ষক সমাজ সেই কাম জাতীয় দায়িত্ব হিচাপে কান্ধ পাতি ল’বলৈ ইচ্চুক আৰু সক্ষম৷ উত্তৰবহী মূল্যায়নৰ ক্ষেত্ৰতো কিছু অৱধাৰিত সমস্যাই দেখা দিব৷ সেইটো এটা বেয়া খবৰ৷ কিন্তু ভাল খবৰটো হ’ল, যে ভাষাবিষয়ক উত্তৰৰ বেলিকা প্ৰসংগ সংগতি দৰ্শোৱা উত্তৰৰ দৰে ব্যক্তিসাপেক্ষ মতামত থাকিব নোৱাৰে নম্বৰ দিয়াৰ ক্ষেত্ৰত৷ এতেকে নম্বৰবোৰ দুজন পৰীক্ষক থকাৰ পিছতো আকাশ-পাতাল হৈ নাযাব৷ দ্বিতীয়তে উত্তৰবহী পৰীক্ষা কৰাৰ ক্ষেত্ৰত পৰীক্ষকক আগতকৈ কম সময়ৰো প্ৰয়োজন হ’ব৷ একোজন পৰীক্ষকে কম কষ্টত অধিক বহী পৰীক্ষণ কৰিব পাৰিব৷ ছেবা আৰু চৰকাৰলৈ আমাৰ অনুৰোধ থাকিব– তেওঁলোকে যাতে একোখন বহী পৰীক্ষণৰ ইতিমধ্যে নিৰ্ধাৰিত নিৰিখৰ ক্ষেত্ৰত কোনো অন্য সিদ্ধান্ত গ্ৰহণ নকৰে৷ দুটা বিষয়ৰ এখন কাকত নিৰীক্ষণ হ’লে পুনঃনিৰীক্ষকৰ দায়িত্ব নিঃসন্দেহে বাঢ়িব৷ এইক্ষেত্ৰত চৰকাৰে তেওঁলোকৰ মাননিৰ ক্ষেত্ৰত নিঃসন্দেহে এটা সংবেদনশীল সিদ্ধান্ত গ্ৰহণ কৰিব৷ অন্যথা উচ্চতৰ মাধ্যমিকত যেনেকৈ জুল’জী আৰু ব’টানীৰ দুখন বহী পৃথকে পৃথকে পৰীক্ষিত হৈ আহে, তেনে ব্যৱস্থা কৰিলে, কলিতেই এই সমস্যা বহুলাংশে প্ৰশমিত কৰিব পৰা যাব৷
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। লেখকৰ অনুমতিক্ৰমে ইউনিকোডত পুনৰ প্ৰকাশ কৰা হৈছে।
No comments:
Post a Comment