চিন্তনঃ অসমীয়া সমাজৰ বৌদ্ধিক ভেকুৱামৰ অন্তৰালত :: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ অসমীয়া সমাজৰ বৌদ্ধিক ভেকুৱামৰ অন্তৰালত :: সঞ্জীত কুমাৰ বৰদলৈ

চিন্তনঃ অসমীয়া সমাজৰ বৌদ্ধিক ভেকুৱামৰ অন্তৰালত :: সঞ্জীত কুমাৰ বৰদলৈ

Share This

 

অসমীয়া সমাজৰ বৌদ্ধিক ভেকুৱামৰ অন্তৰালত
সঞ্জীত কুমাৰ বৰদলৈ
“People are usually afraid of change because they fear the unknown. But the single greatest constant of history is that everything changes.“-.-Yuval Noah Harari

অসমৰ বৌদ্ধিক সমাজখন ক্ৰমাৎ নিশকতীয়া হৈ আহিছে৷ একপ্ৰকাৰ বৌদ্ধিক ভেকুৱাম অৱস্থা এটা চৌপাশে পৰিলক্ষিত হৈছে৷ দুৰ্ভাগ্যজনক এই অৱস্থাটোক লৈ আমি চিন্তিত৷ স্বাভাৱিকতে সৰ্বসাধাৰণ ৰাইজো প্ৰায় দিশহাৰা৷ এই লৈ দুই-একে বিচাৰ বিশ্লেষণ নকৰা নহয়, কিন্তু তেনেই তাকৰ৷ অসমৰ বৌদ্ধিক সমাজখন কিয় বহুধা-বিভক্ত হৈ নিশকতীয়া হৈছে সেই সম্পৰ্কত মুক্ত আৰু নিৰ্মোহ আলোচনাৰ অৱকাশ আছিল৷ কিন্তু কোনেও গুৰুত্ববুজি এই কামটো কৰিবলৈ আগবাঢ়ি অহা দেখা নাই৷ সন্দেহ নাই, সাম্প্ৰতিক বৌদ্ধিক ভেকুৱাম অৱস্থাটোৱে দৰাচলতে আমাৰ বহুধাবিভক্ত, স্পৰ্শকাতৰ, জটিল আৰু তীব্ৰ প্ৰত্যাহ্বানমূলক সময়-সমাজখনৰ কথাকে প্ৰতিফলিত কৰে৷ সম্প্ৰতি অসমৰ বৌদ্ধিক সমাজ আৰু সৰ্বসাধাৰণৰ মাজত দুৰত্ব বাঢ়ি গৈছে৷ যোগসূত্ৰ যেন ক’ৰবাত হেৰাই গৈছে৷
আৰ্নল্ড টয়নবীয়ে এঠাইত কৈছিল-“It is a social ill health when a society is divided into an intelligentsia and masses and when each of these two sections of the society feels that the other section is alien.“ বৌদ্ধিক সমাজ আৰু সৰ্বসাধাৰণৰ মাজৰ এনে ক্ৰমবৰ্ধমান দুৰত্ব চিন্তনীয় আৰু ক্ষতিকাৰক৷

ভালদৰে গমি চালে দেখা যায় স্বাধীনতাৰ বহু আগৰে পৰা যুগ যুগ ধৰি আমি প্ৰায় একেবোৰ সমস্যাৰ মাজতে লেটিপেটি হৈ আহিছোঁ৷ এইদৰে একেবোৰ সমস্যাক লৈয়ে আমি ব্যস্ত হৈ থাকিলে আমাৰ সমুখলৈ অহা নতুন নতুন সমস্যাবোৰৰ কথা ভাবিবলৈ আমি কিদৰে অৱকাশ পাম? প্ৰৱজন, জনজাতীয় সমস্যা, বানপানী-গৰাখহনীয়া, ভাষাৰ সংকট আদি আজিৰ সমস্যা নহয়৷ বহু বাদ-প্ৰতিবাদ হ’ল, আন্দোলন-বিদ্ৰোহ হ’ল কিন্তু এই সমস্যাবোৰৰ পৰা আমি পৰিত্ৰাণ নাপালোঁ৷ একোটা জাতিয়ে একেবোৰ সমস্যাৰ মাজতে যুগ যুগ ধৰি যুজ-বাগৰ কৰি থাকিলে যি হয় সম্প্ৰতি হয়তো সেইয়াই হৈছে৷ শতিকাজোৰা হেংঅভাৰত আমি ক্ষোভিত, ক্লান্ত, হতাশগ্ৰস্ত, দিশহাৰা আৰু কিছুপৰিমাণে হলেও যেন দ্বিধাগ্ৰস্ত(confused)৷ আচলতে আমি অৱসাদগ্ৰস্ত হৈ (boring)পৰিছোঁ৷ সমুখৰ বাট স্পষ্ট নহয়৷ আমি সপোন দেখিবলৈ পাহৰি গৈছোঁ৷ আশাৰ চাকি সুদূৰ পৰাহত৷ এনে জটিল আৰু নৈৰাজ্যবাদী পৰিমণ্ডলত আমাক এচাম চিন্তা নায়ক লাগে৷ যি সকলৰ নতুন চিন্তা চেতনাই আমাৰ ভাগি পৰা মনবোৰক নতুনকৈ জীপাল কৰিব পাৰে,নতুন পথৰ সন্ধান দিব পাৰে৷

এনে নতুন চিন্তা চেতনাৰ লোক সংখ্যাত কম হ’লেও আমাৰ মাজত আছে৷ কিন্তু বিভিন্ন কাৰনত সেই নতুন চিন্তা চেতনা এক জীৱন্ত শক্তি(living force)ৰ দৰে গতিশীল হৈ আমাৰ মন চেতনাক জোকাৰি দিব পৰা নাই৷ ইয়াৰ অন্যতম প্ৰধান কাৰন হৈছে-নিজকে জাতিৰ ঠিকাদাৰ, ত্ৰানকৰ্তা বুলি ভবা এচামৰ একপক্ষীয় বৌদ্ধিক সন্ত্ৰাস৷ তেনে বহুযুুুুগীয়া সীমাহীন ব্যৰ্থতা, বিশ্বাসঘাটকতা তথা নিস্ফল ধ্যান-ধাৰণা বা অৰ্থহীন মডেল কিছুমানক লৈয়ে যুগ যুগ ধৰি কৰ্তৃত্বশীল মানসিকতাৰে জাতিক নেতৃত্ব দিয়া এচামে নতুন চিন্তা চেতনাৰ গৰাকী সকলক বাট এৰি দিবলৈ প্ৰস্তুত নহয়৷ অৰ্থাৎ এই চামে নিজেও সলনি নহয় আৰু আনকো সলনি হ’বলৈ সুযোগ সুবিধা নিদিয়ে৷ এই চামৰ মাজত বহু নেতা, সাংবাদিক আৰু তথাকথিত বুদ্ধিজীৱীও আছে ৷আমি ভাবোঁ নতুন চিন্তা, গতিশীল উদ্যমেৰে জাতিটোক সঠিক দিশত আগবঢ়াই নিয়াৰ বাটত এই চাম স্বাৰ্থপৰ, সুবিধাবাদী লোকেই গতিৰোধকৰ দৰে কাম কৰি আহিছে৷

আমাৰ সমাজখন বহু বিভাজিত হৈ দুৰ্বল হৈ পৰাৰ অন্যতম এক প্ৰধান কাৰক হৈছে-সংকীৰ্ণ গোষ্ঠীবাদ৷ হাতৰ পাঁচোটা আঙুলিতকৈ যে মুঠিটো বেছি শক্তিশালী সেই সৰল কথাটোকে আমি বুজিও নুবুজাৰ ভাও ধৰিছোঁ৷ আজিৰ এই একৈশ শতিকাত জাত-পাতৰ নামত বিভাজিত হোৱাৰ পৰিবৰ্তে আমি সকলোৱে সমস্বৰে সম বিকাশ, সমমৰ্যাদাৰ হকে মাত নামটো কিয়? এইদৰে ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতৰ হৈ ক’ত কোনটো জাতি বা জনজাতি কিমান আগবাঢ়িছে? এচাম নেতা গঢ়ি উঠিছে,তেওঁলোক বিশাল সাসম্পত্তিৰ গৰাকী হৈছে৷ জাতি বা জনজাতিৰ সাধাৰণ মানুহৰ বাস্তৱতঃ চকুত পৰা উন্নতি হৈছে নে? অসমৰ সৰু বৰ সকলো জাতি-উপজাতি, জনজাতিয়ে কয়-আমি শোষিত, বঞ্চিত এতিয়া কথা হৈছে -শোষিত, বঞ্চিত নোহোৱাকৈ অসমত কোনটো জাতি, সম্প্ৰদায় আছে? নিজৰ অনগ্ৰসৰতাৰ বাবে আমি সদায় আনক দোষাৰোপ কৰোঁ৷ নিজৰ অধিকাৰ সুৰক্ষাৰ নামত আনৰ অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ আমাৰ নাই৷ ইজনে সিজনক পৰ বুলি ভাবি শত্ৰুতা কৰোঁ৷ দৰাচলতে কোনে-কাক-কিদৰে শোষণ কৰি আহিছে তাৰ প্ৰকৃত খবৰ আমি ৰাখিছোনে? এইয়া এটা মাথোঁ উদাহৰণহে৷

এনেবোৰ কথা চিধাচিধিকৈ যুক্তি তথ্য উদাহৰণৰ স’তে ক’ব পৰা সৎসাহসী লোক আমাৰ মাজত একেবাৰে নগন্য৷ অথচ নিজকে ভব্যগব্য বুদ্ধিজীৱীৰ ভাও দিয়া লোক আমাৰ মাজত বহুত আছে৷ বেজবৰুৱাৰ পৰা জ্যোতি-বিষ্ণুৱে দেখুৱাই দিয়া সুস্থ সবল বৃহত্তৰ অসমীয়া জাতীয়তাবাদৰ নামত এচামে যুগ যুগ ধৰি ফোঁপোলা জাতীয়তাবাদৰ নাটক কৰিয়েই নিজৰ কেৰিয়াৰৰ গ্ৰাফডাল উৰ্দ্ধমুখী কৰিলে৷ সুদীৰ্ঘ ব্যৰ্থতাৰ ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ নকৰি এতিয়াও সস্তীয়া, আবেগসৰ্বস্ব জাতীয়তাবাদৰ তপত ভাপত চাউল সিজাই খোৱাৰ প্ৰৱণতা এচামৰ মাজত আছে৷ এনে তথাকথিত জাতীয়তাবাদীৰ পৰা গামোচা পিন্ধাৰ হেপাঁহত সকলো দেখি শুনিও আমাৰ এচাম সচেতন লোক নিমাত! আমাৰ বৌদ্ধিক সমাজৰ বেছি ভাগেই কেবল চৰকাৰক লৈয়ে ব্যস্ত থাকে৷ কিন্তু সমাজৰ কেৰোণবোৰ ফহিয়াই জনগণক সচেতন কৰাৰ ক্ষেত্ৰত ৰহস্যজনক কৃপনালি কৰে৷ জটিল আৰু স্পৰ্শকাতৰ প্ৰসংগবোৰৰ পৰা নিৰাপদ স্থানত অৱস্থান লোৱা বহুজন নাৰ্ছিচাছ কমপ্লেক্সৰ বশবৰ্ত্তী হোৱা দেখা যায়৷ সঁচা কথা কোৱাৰ সৎসাহস বেছি ভাগৰেই নাই৷ বৌদ্ধিক পোচাক জোৰত বোকাপানী বা কাৰোবাৰ তামোলৰ(সমালোচনাৰ) পিক লাগিব বুলি বহুতে ভৰি মাটিত থবলৈ যেন টান পায়!!

দেখা যায় যে, মাৰ্ক্সবাদৰ প্ৰবক্তা সকলৰ এচামে নিজকে বিৰল প্ৰজাতিৰ বুলি ভাবে৷ দক্ষ চিকিৎসকৰ দৰে তেওঁলোকৰ এচামে সমাজৰ বিভিন্ন প্ৰসংগত অষ্ট্ৰোপচাৰ কৰিব পাৰে কিন্ত ৰোগী বাচিব নে নাই সেই নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে৷ ৰোগ চিনাক্ত কৰাত তেওঁলোক কিমান সফল তাতো সন্দেহ থাকে৷ মাজে সময়ে পক্ষপাতিত্বমূলক স্থিতি লোৱা দেখা যায়৷ ৰোগ নিৰাময় হোৱাৰ উপায়বোৰ বহু সময়ত অস্পষ্ট আৰু ধূসৰ৷ আটাইতকৈ ডাঙৰ কথাটো হৈছে -বেছি ভাগ মাৰ্ক্সবাদীয়ে মাত্ৰাধিক উগ্ৰ -গোড়া (Extremely Conservative) তথা কোনো ক্ষেত্ৰতে মুঠেই শিথিল(flexible) নহয়৷

বেজবৰুৱাই সেই তাহানিতে নব্য শিক্ষিত সকলক সকীয়াই কৈছিল-“এনেই মই শিক্ষিত হৈছোঁ, এল এ, বি এ পাচ কৰি দেশৰ ধৰণী হৈছোঁ বুলি গপ মাৰি ফুৰি, একতা সভাত দীঘল দীঘল ইংৰাজী ফ্ৰেজ ,ইডিয়ম লগাই বক্তৃতা কৰি ফুৰিলে কি হ’ব? Less talk and more work!! শিকা বোপাহঁত আৰু তাৰ উপৰি "practical" হোৱা৷" বৰ্তমানৰ সময়টো দেশে বিদেশে উচ্চ শিক্ষা গ্ৰহণ কৰা, উত্তৰ আধুনিক চিন্তা ধাৰাৰে প্ৰভাবিত এচামে যিদৰে আমাৰ মনত আশাৰ সঞ্চাৰ কৰিব লৈ সক্ষম হৈছে -ঠিক সেইদৰে এচামৰ চিন্তা ধাৰাত স্পষ্টতা নাই৷ উচ্চ শিক্ষানুষ্ঠানত পঢ়ি থকা তেনে এচাম শিক্ষাৰ্থীৰ কথা ভাবি কেতিয়াবা আচৰিত হও৷ তেওঁলোকৰ মেধা, প্ৰতিভা আৰু স্বদেশপ্ৰেম সন্দেহাতীত৷ অসমীয়া সমাজৰ বিভিন্ন কেৰোণ,বৌদ্ধিক ভণ্ডামিৰ কথা তেওঁলোকে বিভিন্ন মাধ্যমৰ যোগেদি প্ৰচাৰ কৰিছে৷ তাত আপত্তিকৰ বৰ বিশেষ একো নাই বৰঞ্চ তেনে নিৰ্মোহ বিচাৰ বিশ্লেষণৰ দ্বাৰাহে নতুন দিনৰ বাট মুকলি হ’ব৷ কিন্তু তেওঁলোকৰ বেছিভাগৰে কোনো কমিটমেণ্ট নাই৷ তেওঁলোকৰ মটিভ সহজে বুজা টান, গতি প্ৰকৃতি ৰহস্যজনক৷ অসমৰ জনজীৱনৰ কিছুমান স্পৰ্শকাতৰ আৰু বিতৰ্কিত কথা(যিবোৰৰ দ্বাৰা সহজতে সাহসী আৰু বিৰল-ব্যতিক্ৰম বুলি জনাজাত হ’ব পাৰি) বাঙালী আৰু ইংৰাজী ভাষালৈ লিখি, অনুবাদ কৰি বিভিন্ন মাধ্যম যোগে প্ৰচাৰ কৰা তেনে বহুজনে নিজকে উচ্চমানৰ, বিৰল প্ৰজাতিৰ প্ৰাণী বুলি জাহিৰ কৰাৰ প্ৰৱণতা এচামৰ মাজত দেখা গৈছে৷ সেইচামে কাগজে কলমে যিমান কৰে অৰঙে দৰঙে ঘুৰি বাস্তৱত সিমান নকৰে৷ এওলোকৰ বেছি ভাগেই কোনো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ৰ আসন অলংকৃত হয়তো কৰিছে বা কৰিব পাৰিব৷ কিন্তু সেইসকলৰ মাজত অলপতে অশোকা বিশ্ববিদ্যালয়ৰ পৰা পদত্যাগ কৰা প্ৰতাপ ভানু মেহতাৰ দ্বৰে সাহসী আৰু স্পষ্টবাদী কিমানজন ওলাব তাত সন্দেহ আছে৷ একাংশ নতুুন চামৰ কিছু সীমাবদ্ধতা থাকিলেও এই কথা ক’বই লাগিব তেওঁলোকৰ সমুুখত যথেষ্ট কঠোৰ প্ৰত্যাহবান, কোমল কান্ধত গধুৰ বোজা-দায়িত্ব ৷এই নতুন চামেই আমাৰ আশা ভৰষা৷ তেওঁলোকেই বৃহত্তৰ সমাজখনক আগুৱাই নিব লাগিব৷ অগ্ৰজ সকলে তেওঁলোকক উপযুক্ত সাসুবিধা প্ৰদান কৰিব লাগিব৷ সমুখত কঠোৰ প্ৰত্যাহ্বান৷ নিজক নিজে শক্তিশালী কৰি আমি আগবাঢ়িব লাগিব৷ শতিকা পুৰণা হেংঅভাৰ, চকুৰ আগৰ ৰুঢ় বাস্তৱ আৰু ভৱিষ্যতৰ হাতবাউল-এই তিনিওটাৰ মাজত সুষম ভাৰসাম্য ৰক্ষা কৰি আমি আগবাঢ়িব লাগিব৷

কম্পিউটাৰত যি দৰে ৰিফ্ৰেছ বুটাম এটা থাকে যাৰ দ্বাৰা কম্পিউটাৰৰ বিভিন্ন প্ৰণালী নতুনকৈ সজীৱ কৰা হয়৷ঠিক একেদৰে আমাৰ মানসিকতা, চিন্তাৰ জগতটো একধৰণৰ ৰিফ্ৰেছমেন্টৰ প্ৰয়োজন আহি পৰিছে৷ নতুন চিন্তা,নতুন উদ্যমৰ দ্বাৰাহে সেইয়া সম্ভৱ৷ আমি আমাৰ সমস্যা সমূহক নতুন দৃষ্টিকোণেৰে পৰিবৰ্তিত সময়ৰ স’তে ৰজিতা খুৱাই সমাধানৰ চেষ্টা কৰিব লাগিব৷

শেষত ,পুনৰ আৰ্নল্ড টয়নবীৰ এষাৰ কথা উল্লেখ কৰি এই ৰচনা খন সামৰিব খুজিছোঁ৷ মই ভাবো কেইবা দশকৰ আগতে কোৱা টয়নবীৰ এই কথাষাৰৰ মাজতে বৰ্তমান অসমৰ বৌদ্ধিক ভেকুৱাম অৱস্থাৰ আৰৰ বহু কথা অনুধাৱন কৰিব পাৰি৷ টয়নবীয়ে কৈছিল-
'In the present-day western world there is an unhealthy tendency for the intellectuals to form closed circles of professional specialist who live and work exclusively for each other. These intellectuals despise the general public for being non-professional and ignorant, the public ignores the intellectuals, because it find them unintelligible and unpractical. This mutual alienation is bad for both parties and bad for society."

টয়নবীয়ে বিশেষ ভাবে পাশ্চাত্যৰ বৌদ্ধিক সমাজৰ সেইসময়ৰ গতিবিধিৰ আলমত সেই কথা কৈছিল যদিও টয়নবীৰ উক্ত চিন্তা উদ্ৰেককাৰী কথা ষাৰৰ প্ৰতিফলন এতিয়া আমাৰ দৰে জকাইচুকীয়া সমাজখনটো দেখিবলৈ পোৱা নাই নে?
লেখাটি পূৰ্বতে আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment