বুদ্ধিজীৱিৰ আচল সংজ্ঞা বনাম অসমত বৌদ্ধিক নির্লিপ্ততা
ড° নগেন শইকীয়া
সাম্প্রতিক কালৰ অসমৰ এগৰাকী উচ্চস্তৰৰ সৃষ্টিশীল আৰু চিন্তাশীল লেখক তথা বুদ্ধিজীৱী হােমেন বৰগােহাঞিয়ে অলপতে এখন সভাত বহুবছৰ ধৰি অসমত বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে বুলি মন্তব্য কৰাৰ কথা সংবাদ-পত্ৰত পঢ়িবলৈ পালোঁ। প্ৰসংগক্রমে তেখেতে ছুইজাৰলেণ্ড আৰু ইটালীৰ কথা উত্থাপন কৰি বৈষয়িক উন্নতি আৰু সৃষ্টিশীল তথা বৌদ্ধিক উন্নয়নৰ তুলনামূলক প্ৰসংগ দাঙি ধৰিছে। অসমত যে সঁচাকৈ আনৰাে চকুত লগাকৈ আৰু চকুত পৰাকৈ বহুদিন ধৰি উচ্চস্তৰীয় সৃষ্টিশীল আৰু চিন্তাশীল কামৰ প্রকাশ ঘটা নাই সেই বিষয়ে বােধকৰোঁ অল্প-বিস্তৰ মতামত অনেকৰে আছে বা থাকিব।
ইয়াৰ কাৰণ কেইবাটাও আছে বুলি অনুভৱ কৰোঁ। প্ৰথম আৰু প্রধান কথা হ’ল আমাৰ ৰাজ্যখনত বিভিন্ন বিষয়ৰ কৃতী সমালােচক নাই। তাৰাে কাৰণ হ'ব পাৰে তুলনামূলক বিচাৰ কৰিব পৰা, সংশ্লিষ্ট বিষয়ৰ গভীৰ অধ্যয়ন আৰু নিজা দৃষ্টিভংগী থকা সহানুভূতিশীল সমালােচকৰ অভাৱ। দ্বিতীয়তে, অনেক পঢ়ুৱৈ আছে যিসকলে গুৰুত্ব-সহকাৰে জ্ঞান আৰু আনন্দ লাভৰ বাবে অধ্যয়ন কৰে, কিন্তু নিলিখে। আমাৰ মাজত এনে মানুহাে আছে যিসকলে হয়তাে আনৰ ক্ৰটী উলিয়াই ভালপায়, কিন্তু সন্তুলিত সমালােচনা কৰিবলৈ সক্ষম নহয়। এক কথাত ক'বলৈ গ'লে সমালােচকো প্রজ্ঞাৱান হ'ব লাগিব। সেয়ে নহ'লে সমালােচনা কৰা বিষয়ৰ প্রকৃত মূল্য বিচাৰ কৰা সম্ভৱ হৈনুঠিব নাইবা সমালােচনা হয় প্রয়ােজনাধিক কঠিন হ’ব নাইবা প্রয়ােজনাধিক কোমল হ’ব। কোনাে সন্দেহ নাই এজন সমালােচকৰ ব্যক্তিনিষ্ঠতা থাকিব পাৰে, কিন্তু অহমিকা থকাটো উচিত বুলি ভাবিব নােৱাৰি। সমালােচনাই কোনাে বিষয়ৰ প্রকৃত চৰিত্ৰ বা মূল্য দাঙি ধৰিব পাৰিলেহে সেই সমালােচনা পঢ়াসকল উপকৃত হয়। অসমত বহুসময়ত গ্রন্থ-সমালােচনা গ্রন্থ-পৰিচিতিলৈ ৰূপান্তৰিত হােৱা দেখা যায়। তেনেদৰে আর্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক বিষয়ৰ ক্ষেত্ৰতাে এনেবােৰ দোষ-গুণ প্রকাশিত হৈ আহিছে। ফলত বহুসময়ত মৌলিক চিন্তাশীল নতুন লেখক এজনেও হয়তাে বাঞ্ছিত ন্যায় লাভ নকৰি হতােদ্যম হৈ পৰিব পাৰে।
বৌদ্ধিক ক্ষমতা ব্যক্তিভেদে পৃথক পৃথক স্তৰ বা পৃথক পৃথক চৰিত্ৰৰ হ'ব পাৰে। সেয়ে হলেও এনে ক্ষমতাই মূল্য নেহেৰুৱায় যদি লেখকজনৰ কোনাে বিষয় বিশ্লেষণ আৰু বিচাৰ কৰাৰ মৌলিক দৃষ্টিভংগী থাকে বা থাকিব পাৰে। ইংৰাজীৰ 'ইন্টেলেক্ট’ শব্দটো ক্ষেত্রভেদে প্রজ্ঞা, ধীশক্তি, মৌলিক বােধশক্তি আদি অর্থত ব্যৱহৃত হৈ আহিছে। যিগৰাকীয়ে এনে শক্তিৰে যিকোনাে বিষয় ৰচনা কৰে, বিচাৰ কৰে, সমালােচনা কৰে, তেনে ব্যক্তিক আমি সাধাৰণতে বুদ্ধিজীৱী বুলি কওঁ। বুদ্ধিজীৱী’ শব্দটো ব্যৱহাৰ কৰোঁতে সেইবাবে হ'বলগীয়া হয় খুব সতর্ক যাতে অপাত্ৰৰ ক্ষেত্ৰত এই শব্দটো ব্যৱহৃত নহয়। এজন বুদ্ধিজীৱী যি বিষয়ৰ লগতে জড়িত হৈ থাকে সেইবিষয়-সম্পর্কে নিজৰ দৃষ্টিভংগী হ'ব লাগিব স্পষ্ট, পৰিষ্কাৰ আৰু তীক্ষ্ন। তেওঁ যি বিষয় সম্পর্কে ক'ব খােজে সেই বিষয়ৰ গভীৰ অন্তঃস্থলীলৈকে তেওঁৰ প্রজ্ঞা আৰু প্রতিভাৰে দেখা পাব পাৰিব লাগিব। কাকো সন্তুষ্ট কৰিবলৈ বা অসন্তুষ্ট কৰিবলৈ নহয়, তেওঁ নিজৰ প্রজ্ঞাৰে কৰা গভীৰ বােধ বা অনুভৱ প্ৰকাশ নির্ভীকভাৱে কৰাটোহে তেওঁৰ ধৰ্ম হােৱা উচিৎ।
আমি ব্যৱহাৰ কৰি থকা 'বুদ্ধিজীৱী’ শব্দটো ইংৰাজীৰ পৰা ভাৰতীয় বা অসমীয়া কৰি লােৱা শব্দ। জ্ঞানৰ গভীৰতা, দৃষ্টিভংগীৰ মৌলিকতাৰে প্রজ্ঞাৱান ব্যক্তিৰ লেখা আৰু কথাৰ যােগেদিয়েই তেওঁৰ এই বৌদ্ধিক ক্ষমতা প্রকাশিত হয়। ভাৰতবৰ্ষত কোনাে বিষয়ৰ প্রকৃত সত্য জ্ঞানচক্ষুৰে দেখাসকলক ঋষি বুলি কৈছিল। ঋষিসকলেহে সত্য প্রকাশ কৰিবৰ বাবে স্তোত্র ৰচনা কৰাৰ ক্ষমতাও লাভ কৰিছিল। অন্তদৃষ্টিৰে দেখা এনে সত্য অপৰিৱর্তিত সত্যস্বৰূপে গৃহীত হৈছিল। অৱশ্যে এই ঋষিসকলে অসীম, অনন্ত বিশ্বব্রহ্মাণ্ডৰ আৰু বিশ্বত থকা জৈৱ বা অজৈৱ সকলাে প্রাণী আৰু পদাৰ্থৰ সৃষ্টিৰ ঘাই শক্তিৰ অন্বেষণ কৰিছিল। তেওঁবিলাক যি সত্যত উপনীত হৈছিল সেই সত্য যে অপৰিৱৰ্তিত সত্য তাৰ সংকেত এতিয়া জ্ঞানান্বেষণৰ যােগেদি পদার্থ বিজ্ঞানীসকলাে তেওঁলােকৰ গৱেষণাৰ দ্বাৰা প্রাপ্ত ফলেৰে ওচৰ চাপিছে। ইয়াৰ উপৰি সকলাে দেশতে এনে জ্ঞানান্বেষীসকলে অন্যান্য বিষয়সমূহৰাে শেষ পৰিচয় লাভ কৰিবৰ বাবে কৰা যত্ন আৰু সাধনাৰ ফল তেওঁবিলাকৰ কামৰ মাজত থৈ গৈছে।
গ্ৰীচ দেশৰ ছক্ৰেটিছৰ কথা আমি অনেকেই কম-বেছি পৰিমাণে জানাে। | তেওঁ সত্যত উপনীত হ'বৰ বাবে বা কোনাে বিষয়ৰ যথার্থতা জানিবৰ বাবে যুক্তি আৰু তথ্যৰ পথ নির্মাণ কৰিছিল আৰু যিকোনাে বিষয়কে কেতিয়াও এনেভাৱে পৰীক্ষা নকৰাকৈ গ্রহণ নকৰিছিল। সেইফালৰ পৰা পশ্চিমত বােধকৰোঁ ছক্ৰেটিছক আমি প্রথমগৰাকী বুদ্ধিজীৱী বুলি ক'ব পাৰোঁ। তেওঁ যিকোনাে বিষয়ত গ্ৰীচৰ ডেকাসকলক নির্লিপ্ত হােৱাত বাধা দি প্ৰশ্নৰ ওপৰত প্রশ্ন কৰিবলৈ শিক্ষা দিছিল। স্বাভাৱিকতে সেই সময়ৰ শাসকসকলে আৰু তেওঁৰ সমর্থকসকলে এনেধৰণেৰে ডেকাসকলক যিকোনাে বিষয়ত আদেশ বা উপদেশ গ্রহণ কৰাৰ আগতে প্রশ্ন কৰিবলৈ শিকোৱাটো দেশৰ কাৰণে ক্ষতিকাৰক বুলি ভাবিছিল। তেওঁক হেমলক বিষ পান কৰিবলৈ দি হত্যা কৰিছিল। তথাপি তেওঁ নিজে লাভ কৰা সত্যৰ পৰা একচুলিও আঁতৰি অহা নাছিল। কোপাৰনিকাচৰ ক্ষেত্ৰতাে গিৰ্জাৰ নির্দেশ আছিল অত্যন্ত কঠোৰ। কিন্তু সেই গিৰ্জা সময়ৰ বুকুত ধূলিসাৎ হ’ল, কোপাৰনিকাচ অমৰ হৈ ৰ'ল।
জিজ্ঞাসা বা অন্বেষণ হ’ল যিকোনাে বিষয়ৰ প্রকৃত পৰিচয় লাভ কৰাৰ একমাত্র পথ। এই পথ বহু সময়ত কষ্টসাধ্য হ'ব পাৰে, আনকি শেষ উত্তৰ পাবলৈ গৈ প্রাণে হেৰুৱাবলগীয়া হ'ব পাৰে। সেইবাবে আধুনিক বিশ্বতাে বর্তমান সময়ত আনুষ্ঠানিক শিক্ষা-দীক্ষা লাভ কৰা অনেক লােকে এই পথ গ্রহণ কৰিবলৈ ৰাজি নহয়, সত্যৰ অন্বেষণ দূৰতে থাকক। আধুনিক কালত আমি প্রকৃত বিজ্ঞানী আৰু দার্শনিকসকলৰ মাজত সত্যৰ অন্বেষকসকলক পাওঁ। আনকি সমাজ-বিজ্ঞানীসকলৰ মাজতাে সত্যৰ অন্বেষণ কৰা লােক আছে। হয়তাে অনেকেই আনে স্থাপন কৰি যােৱা পথেৰেই যাত্রা কৰিছে, অনেকে কৰা নাই। প্রকৃত বুদ্ধিজীৱীসকলে তেওঁলােকৰ বৌদ্ধিক প্রতিভা আৰু বিচাৰ ক্ষমতাৰে যি সত্যত উপনীত হয় সেই সত্যৰ দ্বাৰা তেওঁবিলাকে নিজৰ জীৱনযাত্রাও পৰিচালনা কৰে। জ্ঞান আৰু বিচাৰলব্ধ সত্য তেওঁলােকৰ বাবে কেৱল পুথিগত সত্য হৈ নাথাকে। প্রকৃত কবি আৰু শিল্পীসকলৰ ক্ষেত্ৰতাে জ্ঞানলব্ধ সত্য নিজৰ হৃদয়ৰ বােধলৈ ৰূপান্তৰিত হয়। অসমৰ আধুনিক কালৰ শিল্পী, কবি, গীতিকাৰ আৰু নিজৰ দার্শনিক বােধৰ গৰাকী জ্যোতিপ্ৰসাদৰ মাজত তেনে এক বৌদ্ধিক প্রজ্ঞা সামাজিক সৌন্দর্য সাধনালৈ ৰূপান্তৰ কৰাৰ প্রয়াস স্পষ্টভাৱেই ফুটি উঠিছে। এই সত্যত উপনীত হ’বলৈ যাওঁতে আৰু সেই সত্যক নিজৰ জীৱন পথৰাে চালক হিচাপে গ্রহণ কৰোঁতে অনেক বৈষয়িক সংঘাতৰ মুখামুখি হােৱা সত্ত্বেও তেওঁ সেই উপলব্ধ সত্য ত্যাগ কৰা নাছিল। সেইবাবে তেওঁ নির্লিপ্ত হৈ থাকিব পৰা নাছিল।
অনেকেই নাম নুশুনা অথবা চিনি নােপােৱা অথচ উপলব্ধ সত্যক জীৱনৰ পৰিচালকস্বৰূপে গণ্য কৰা এজন মানুহ আছিল স্বর্গীয় শিৱ খাটনিয়াৰ। ভাৰতীয় দর্শন, পশ্চিমীয়া দর্শন, ভাৰতীয় ধ্রুপদী সাহিত্য আৰু পশ্চিমৰ সর্বাধুনিক সাহিত্যলৈকে নীৰৱে অধ্যয়ন কৰা এইগৰাকী লােকে নিজৰ জ্ঞানলব্ধ সত্যৰ লগত আপােচ নকৰাকৈ আৰু কাৰাে লগত সেই বিষয়ে কথা কটাকটি নকৰাকৈ জীৱন-যাপন কৰিছিল। তেওঁ ৰচনা কৰা মাত্র সাতটা প্রবন্ধত তাৰ ৰেঙনি বিৰিঙি আছে। তেওঁৰ এই প্রবন্ধ পঢ়ি আৰু তেওঁক জানি মই তেওঁক সাম্প্রতিক কালৰ অসমৰ এগৰাকী শীর্ষস্থানীয় বুদ্ধিজীৱী বুলি জ্ঞান কৰিছিলোঁ আৰু আজিও কৰোঁ। মুখৰ কথা, নিজৰ কাম আৰু জীৱন-যাপনৰ প্রণালী এই তিনিওটাৰ মাজত যদি সংগতি নাথাকে আমি এজন ব্যক্তিক আপােচবিহীন জ্ঞানলব্ধ সত্যৰ দ্বাৰা পৰিচালিত বুদ্ধিজীৱী বুলি কেনেকৈ গ্রহণ কৰিম?
সমাজ জীৱনত বা সমাজত প্ৰভাৱ পেলাব পৰা ব্যক্তিজীৱনৰ ক্ষতিকাৰক ঘটনাবােৰ দৈনিক দেখি-শুনিও নির্লিপ্ত হৈ থকাটো প্রকৃত বুদ্ধিজীৱীৰ চৰিত্ৰ হ'ব নােৱাৰে। বােধকৰোঁ সমকালীন অসমত বৌদ্ধিক নির্লিপ্ততা গঢ় লৈ উঠিছে ব্যক্তিগত স্বার্থপৰতাই মানুহক পৰিচালনা কৰাৰ নিমিত্তে। এনেধৰণৰ নির্লিপ্ততা একপ্রকাৰ জীৱ-মৃত্যুৰ তুল্য। হােমেন বৰগােহাঞি ডাঙৰীয়াই আমাৰ সৃষ্টিশীল আৰু চিন্তাশীল কর্মৰ মাজত সৰহ ক্ষেত্রতে দেখা পােৱা চিৰাচৰিত ৰূপটোৱে ধৰি ৰখা মৌলিক নতুনত্বহীনতাৰ বাবে এই বৌদ্ধিক নির্লিপ্তিৰ প্ৰসংগ উত্থাপন কৰা বুলি মােৰ ভাব হৈছে। মােৰ ভাব সত্য নহ'বও পাৰে। কিন্তু তথাপি মই তেখেতৰ এই গুৰুত্বপূর্ণ মন্তব্যটোৰ আঁত ধৰিয়েই ক'ব খুজিছোঁ যে যথার্থতে বিশাল পৰিধিত মানুহক ভাল পাব পাৰিলে বােধকৰোঁ নতুন পথৰ সন্ধান কৰিবলৈ মানুহে প্ৰেৰণা লাভ কৰিব পাৰে। ইতিমধ্যে যদি সৰু হলেও তেনে কাম হৈছে তাক দাঙি ধৰাটো আৰু যদি নাই হােৱা তেনে কাম আৰম্ভ কৰিবলৈ আমাৰ চিন্তাশীল নতুন প্রজন্মক প্ৰেৰণা দান কৰাটো চিন্তাশীলসকলৰ ডাঙৰ দায়িত্ব।
Thanks for The Great Content Sir, I will also share with my friends
ReplyDeleteMp Govt Jobs