প্ৰত্যাহ্বানৰ ধুমুহাৰ সমুখত আজি সাংবাদিক আৰু সাংবাদিকতা
ধ্ৰুৱজ্যোতি ধনন্তৰি
"If journalism is good, it is controversial, by its nature."
- Julian Assange
ৱিকিলিক্স (Wikileaks) ২০০৬বৰ্ষতে প্ৰতিষ্ঠা কৰি বিশ্বত খলকনিৰ সৃষ্টি কৰা জুলিয়ান আচাঞ্জ নামৰ অষ্ট্ৰেলিয়ান সম্পাদকজনে কোৱা কথাষাৰ মন কৰিবলগীয়া। আমেৰিকান আৰ্মীৰ ইণ্টেলিজেন্স এনালিষ্টৰ জৰিয়তে ফাদিল হোৱা তথ্য প্ৰকাশ কৰি 'আমেৰিকাৰ স্বৰূপ' উদঙাই দিয়া এই গৰাকী 'সংবাদ-কৰ্মী'ৰ এই উক্তিতে লুকাই আছে সাংবাদিকে প্ৰতিদিনে গ্ৰহণ কৰিব লগীয়া প্ৰত্যাহ্বানৰো পটভূমি। ভাৰতত এতিয়া প্ৰতিষ্ঠানিক সংবাদ সেৱাৰ বিপৰীতে গঢ় লোৱা চ'চিয়েল মেডিয়া তথা ইণ্টাৰনেট নিৰ্ভৰ নব্য-গণ-মাধ্যমক ইতিমধ্যেই দেশৰ ৰাইজে 'গণতন্ত্ৰৰ পঞ্চম স্তম্ভ' আখ্যা দিবলৈ আৰম্ভ কৰিছে। গতিকে এই ক্ষণ, পদ্ধতিগত ভাৱেই হওক বা গুৰুত্ব সা-সলনিৰ বাবেই হওক, সংবাদ মাধ্যমো এক সংজ্ঞাগত পৰিবৰ্তন (Paradigm Shift)ৰ ফালেই আগবঢ়া বুলি কব পাৰি। সেই দৃষ্টিকোনেৰেই আমি নিজে সংবাদ কৰ্মী হিচাবে কিছু "মনৰ কথা" তিতা বাস্তৱ, স্পষ্ট ৰূপত তুলি ধৰিব খুজিছো।
আমাৰ দেশত অন্ততঃ, মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতাক শক্তিশালী কৰিব নোৱৰা পৰ্যন্ত আমি সাংবাদিকসকলে ৰাজনৈতিক নেতা আৰু একাংশ অতি ধনী ব্যৱসায়ীৰ কথা মতে উঠা-বহা কৰিবলৈ বাধ্য। কাৰণ বৰ্তমান অসমত যিমানকেইটা নিউজ চেনেল আৰু নিউজ পৰ্টেল তথা বাতৰি কাকত আছে সেইবোৰৰ অধিকাংশই প্ৰত্যক্ষভাৱে ৰাজনৈতিক নেতাৰ দ্বাৰা নিয়ন্ত্ৰিত। বাকী দুই-চাৰিজন ব্যৱসায়ীয়ে যিকেইখন কাকত বা যিকেইটা চেনেল-পৰ্টেল চলাই আছে সেইসকলেও ৰাজনৈতিক নেতাৰ পৰোক্ষ সহায় অবিহনে সেয়া অধিক সময় চলাই থকাতো সম্ভৱ নহয়। আনহাতে কম টকা থকা ব্যৱসায়ী দুই-চাৰিজনে যিকেইটা পৰ্টেল খুলিছে সেইসকলেও ৰাজনৈতিক নেতাক তৈলমৰ্দন কৰি নহ'লে কোনো দুৰ্নীতিপৰায়ণ আমোলা-বিষয়া বা অবৈধ ব্যৱসায় চলোৱা লোকৰ সৈতে হলি-গলি বৰ্তাই ৰাখিহে কোনমতে নিজেও চলিছে আৰু পৰ্টেলটোও চলাইছে। কাৰণটো বিশেষকৈ অৰ্থনৈতিক বাধ্যবাধকতা (Economic Compulsion) আৰু এই পৰ্টেল সমূহ গঢ়াৰ 'আচল অথবা গোপন উদ্দেশ্য' বুলি কলেও হয়তো বঢ়াই কোৱা নহব।
এই কথাও এক তিতা বাস্তৱ যে, আজি অসম তথা ভাৰতৰ অধিকাংশ নিউজ চেনেল, পৰ্টেল আৰু পেপাৰে মফচলীয় সাংবাদিকসকলক মাননিৰ নামত ফুটাকড়ি এটাও নিদিয়ে, দিয়াতো বহুতৰ পক্ষে সম্ভৱো নহয়। যিকেইটাই দিয়ে সেয়াও ইমান কম যে তাৰে পৰিয়াল চলা বাদেই, এসপ্তাহ বাইক চলাবলৈকো তেল কিনিব নোৱাৰি। গতিকে মফচলীয় সাংবাদিকসকলে নিউজৰ নামত যাৰে-তাৰে ওচৰত হাত পাতিবলৈ বাধ্য হৈ পৰে। আৰু এবাৰ হাত পতাৰ পিছত মূৰ দাঙি থিয় হৈ থকাতো কোনোপধ্যেই সম্ভৱ হৈ নাথাকে।
এইখিনিতে আহে, আদৰ্শ আৰু জীৱন সংগ্ৰামৰ মুকলি সংঘাতো! কথা হ'ল হাত পাতি নুফুৰিলে সাংবাদিকজনে সাংবাদিকতা বাদ দিবলৈ বাধ্য আৰু হাত পাতি ফুৰিলে মানুহে কৈ থকা সৎ সাংবাদিকতাৰ ধৰ্ম বিসৰ্জন দিবলৈ বাধ্য। অভিনয় কৰিবলৈ বা মুখা পিন্ধিবলৈ শিকি শিকি দক্ষ হোৱাসকলে দুয়োটাৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখি ধুনীয়াকৈ নিজকে ভব্য-গব্য সাংবাদিকত পৰিণত কৰিব পাৰে যদিও সকলোৰে পক্ষে সকলো সময়তে ভাৰসাম্য বৰ্তাই ৰখাতো সম্ভৱ নহয়। কাজেই কেতিয়াবা যদি কোনো সাংবাদিকক আজমলে তোৰ চৈধ্যগোষ্ঠীক কিনি ৰাখিম বুলি প্ৰেছমিটতে মাইক দলিয়াই দিয়ে আৰু বাকী সতীৰ্থ সাংবাদিসকল নীৰৱে ৰৈ থাকে কেতিয়াবা কোনো সাংবাদিকে অসন্মানীয় মন্ত্ৰীৰ দম খায়ো সেই মন্ত্ৰীক সন্মানীয় মন্ত্ৰী বুলি ক'বলৈ বাধ্য হৈ পৰে। এই হৈছে তিতা বাস্তৱক উদঙোৱা কিছুমান ঘটনাক্ৰম।
যদিও, আমেৰিকান শিক্ষাবিদ আন্না কেচপেৰিয়ানে কৈ গৈছে-"The point of journalism is to hold people in positions of power accountable. কিন্তু, বাস্তৱিকতে অসমতে আমি কি দেখিছো? কেতিয়াবা সকলোৰে মুখে মুখে উচ্চাৰিত বিশেষ টিভি চেনেলটোৰ ষ্টুডিঅ'ত মুখ্য সম্পাদকে মালিক মন্ত্ৰীক সমুখত বহুৱাই লৈ 'মানে মই মানে মই সুধিব খুজিছো' বুলি কৈ মালিকে যি কয় তাকেই হয় হুজুৰ বুলি শুনি থাকিবলৈ বাধ্যহে হয়'। আৰু সমাজেও এই 'আচল প্ৰশ্ন তোলাৰ কৰ্তব্য'ক প্ৰকৃতপক্ষে পালন কৰিব নোৱাৰা সাংবাদিকক চুট-টাই পিন্ধি অসহায় হোৱা প্ৰত্যক্ষ কৰি দিশহাৰা হব লগা নহয়নে? মিচা কলেনো কি হব, সাংবাদিকতাৰ এই পাতাললোকত টপ লেভেলৰ বৰগোহাঞি, হুছেইন, গোস্বামী, ভূঞাৰ পৰা আৰম্ভ কৰি শইকীয়া, বৰুৱাৰ পৰা একেবাৰে নজৰুল-তুলসীলৈকে সকলোৰে আজি অসহায় অৱস্থা। সেই ক্ষণত ধন-বল বাহুবল কেকোঁৰা চেপাঁত কোঙা হোৱা সাংবাদিকক নৈতিকতাৰ তুলাচনীত তুলিব বিচৰাটো আচলতে যে সকলো জানিও ৰঙ চাবলৈ বিচৰাৰ মানসিকতাৰ বাহিৰে কিন্তু আন একো নহয়।
এনে পৰিস্থিতিত, কলম-কেমেৰাৰে শক্তিমন্ত বুলি ভবা সাংবাদিকেই গণতন্ত্ৰৰ 'অদৃশ্য শক্তিবোৰৰ' ওচৰত হেয় হৈ যেন কব লগীয়া হয়, হয় আমি অসহায় সাংবাদিক! আমি ৰাজনৈতিক নেতাৰ আওপকীয়া দালালি কৰিবলৈ বাধ্য। কাৰণ ৰাজনৈতিক নেতাসকল, নেতাসকলৰ বহতীয়াসকল আমি কাম কৰা আৰু আপোনালোকে চাই থকা চেনেল-পৰ্টেলৰ মালিক। মালিকৰ বিৰোধিতা কৰি চাকৰিৰ পৰা খেদা খালে আমাৰ দৰে অসহায় সাংবাদিকক, তেওঁলোকৰ পৰিয়ালক 'সদা-সমালোচক' ৰাইজে কিন্তু চাবলৈ নাহে, বিপদৰ পৰা উদ্ধাৰ কৰাতো দূৰৰে কথা। গতিকে সাংবাদিকলেও ৰাইজতকৈও ৰাজনৈতিক নেতাৰ ওচৰত অধিক দায়ৱদ্ধ হ'বলৈ বাধ্য হৈ পৰা দেখা যায়। এয়াই অসম তথা ভাৰত তথা তৃতীয় বিশ্বৰ দেশসমূহৰ বৰ্তমানৰ সাংবাদিকতাৰ ক্ষেত্ৰখনৰ অপ্ৰিয় সত্য!
ফঁৰাচী উপন্যাসিক Marguerite Duras যে আকৌ কৈছে- "Journalism without a moral position is impossible. Every journalist is a moralist. It's absolutely unavoidable." কিন্তু অসম বা ভাৰতৰ এই আলোচিত পটভূমিত কোনোবাই বিচৰা সংবাদ কঢ়িওৱা কৰ্মীতহে ক্ৰমাত পৰিণত হবলৈ বাধ্য হোৱা সাংবাদিক সমাজে এই মাৰ্গাৰিটা ডুৰাচে দিয়া সংজ্ঞাৰ 'সাংবাদিকতা' যে অক্ষুন্ন ৰাখিব নোৱাৰিব, সেই কথাও স্পষ্ট ৰূপত ধৰা পৰিছে। পৰিবৰ্তিত এই প্ৰত্যাহ্বান আৰু তাৰ দ্বাৰা ক্ৰমাত দুৰ্বল হব ধৰা গণতান্ত্ৰিক ব্যৱস্থাক ৰক্ষা কৰাৰ বাবে যে সমাজ আৰু সচেতন নাগৰিক তথা সামাজিক সংস্থা সমূহে নতুনকৈ চিন্তা-কৰাৰ প্ৰয়োজনীয়তা ক্ৰমাত বৃদ্ধি পাইছে, সেই কথাও কিন্তু নিশ্চিত।
লেখক SKY NEWS ASSAM ৰ কাৰ্যবাহী সম্পাদক। তেখেতৰ আনবোৰ প্ৰকাশিত লেখা পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰকঃ
No comments:
Post a Comment