সম্পাদকলৈ চিঠিঃ আদিবাসী-চাহ জনগোষ্ঠীক তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে কিয়? :: ড° কমল কুমাৰ তাঁতী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠিঃ আদিবাসী-চাহ জনগোষ্ঠীক তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে কিয়? :: ড° কমল কুমাৰ তাঁতী

সম্পাদকলৈ চিঠিঃ আদিবাসী-চাহ জনগোষ্ঠীক তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে কিয়? :: ড° কমল কুমাৰ তাঁতী

Share This
আদিবাসী-চাহ জনগোষ্ঠীক তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে কিয়?
আদিবাসী-চাহ জনগোষ্ঠীক তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে কিয়?
অসমত অতীজৰেপৰা বসবাস কৰি অহা এক কোটিৰো অধিক আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলে ৰাজনৈতিক, বৌদ্ধিক, অৰ্থনৈতিক আৰু সামাজিকভাৱে নিজকে শক্তিশালী কৰি গঢ়ি তুলিব লাগিব । তাৰ বাহিৰে গত্যন্তৰ নাই । অন্যথা যিকোনো 'সমাজৰ বাবে অদৰকাৰী মানুহে' জনগোষ্ঠীটোক তুচ্ছ-তাচ্ছিল্য কৰি থকাৰ সুবিধাটো পাই থাকিব ।
আদিবাসী-চাহ জনগোষ্ঠীক তাচ্ছিল্য কৰিবলৈ সুবিধা পাইছে কিয়?
কেৱল চৰকাৰী-বেচৰকাৰী সীমিত পৰিমাণৰ সা-সুবিধাবোৰৰ পিছত দৌৰি থকাতকৈ জনগোষ্ঠীটোক ‘ভিতৰৰপৰা শক্তিশালী’ কৰিব পাৰিলেহে জনগোষ্ঠীটোৰ উন্নতি আৰু বিকাশ হ'ব । আৰু তাৰবাবে ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব - হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োধৰণৰ প্ৰচেষ্টা লাগিব ।

জনগোষ্ঠীটোৰ প্ৰতিজন লোকে মনত ৰাখিব লাগিব যে নিজৰ ভিতৰৰ জুইকুৰা ধানখেৰৰ জুই হ'বলৈ দিব নালাগিব, বৰঞ্চ নিজৰ গোপন অভ্যন্তৰত নিৰন্তৰে সেই জুইকুৰা জ্বলাই ৰাখিব পাৰিব লাগিব।

মই ভাবোঁ, আহি থকা নতুন দিনবোৰৰ কাৰণে আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকলে নিজকে প্ৰস্তুত কৰিবৰ হ'ল। অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ লোকসকল ঐক্যবদ্ধ হওক। নিজৰ মাজৰ অপ্ৰয়োজনীয় কথা-প্ৰসংগ, বাদ-বিবাদবোৰ বাদ দি, আদিবাসী-চাহ জনগোষ্ঠী এটা ঐক্যবদ্ধ শক্তিত পৰিণত হওক ।

ড° কমল কুমাৰ তাঁতী
সঞ্চালক, চেন্টাৰ ফ’ৰ এনভাইৰণমেন্ট
এণ্ড ক্লাইমেট একছন ফাউণ্ডেছন, গুৱাহাটী
দূৰভাষ: ৮২৫৭০৬৭২৯৭

No comments:

Post a Comment