প্ৰৱন্ধঃ অসমৰ ত্রাণকর্তা ভীমবৰ দেউৰী :: মাধৱজ্যোতি দেউৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ অসমৰ ত্রাণকর্তা ভীমবৰ দেউৰী :: মাধৱজ্যোতি দেউৰী

প্ৰৱন্ধঃ অসমৰ ত্রাণকর্তা ভীমবৰ দেউৰী :: মাধৱজ্যোতি দেউৰী

Share This
অসমৰ ত্রাণকর্তা ভীমবৰ দেউৰী
মাধৱজ্য়োতি দেউৰী
“অৱস্থাৰ দাস নহৈ সংগ্রাম কৰিব পাৰিলেহে মানুহ প্রকৃত অর্থত মানুহ হ'ব পাৰে।”
—মেক্সিম গৰ্কী। 
“ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়তে যেতিয়া হিন্দুস্থান-পাকিস্থানৰ প্রশ্ন উত্থাপিত হ'ল, তেতিয়া জিন্না চাহাবে অসমখন পূর্ব পাকিস্থানৰ মানচিত্ৰৰ লগত সাঙুৰি দিছিল। অসমৰ প্ৰধান মন্ত্ৰীয়েও (গোপীনাথ বৰদলৈ, তেতিয়া মুখ্যমন্ত্ৰীক প্রধানমন্ত্রী বোলা হৈছিল) একো মাতিব পৰা নাছিল। তেওঁৰৰ উৱাদিহ হেৰাই গৈছিল। ঠিক সেই মুহূর্ততে ভীমবৰ দেউৰী নামৰ অসম মাতৃৰ এজন সুযোগ্য সন্তানে দিল্লীৰ ইম্পেৰিয়েল হোটেলত’ জিন্নাক লগ ধৰি বহু কথা কটাকটিৰ পাছত অসমক পূৱ পাকিস্থানৰ গ্ৰাসৰ পৰা মুক্ত কৰে।” এম. চালেহউদ্দিন চৌধুৰীৰ ৰচনা“জিন্নাৰ পৰা জিয়াউৰলৈ অসমৰ প্ৰতি শেন চকু”, “অগ্রদূত'(১৯ জানুৱাৰী, ১৯৮১)ৰ পৰা উদ্ধৃত উপৰোক্ত কথাখিনিৰ পৰা  ভীমবৰ দেউৰীয়েই যে অগ্রণী ভূমিকা লৈ অসমক পূর্ব পাকিস্থানৰ লগত চামিলকৰণৰ পৰা ৰক্ষা কৰিছিল (একক প্রচেষ্টাৰে বুলি ক'লেও নিশ্চয় বঢ়াই কোৱা নহব)
সেইকথা জনাসকলে ভালদৰে জানে, তথ্য সংৰক্ষণ কৰি ৰাখোতাসকলেও ভালদৰেই তথ্য ৰাখিছে। কিন্তু বিৱৰ্তিত সময়ৰ ধামখুমিয়াত প্রকৃত সত্য তল পৰিল। ১৯০৩ চনত জন্ম লাভ কৰি দেশৰ স্বাধীনতাৰ সোৱাদ ভালদৰে ল'বলৈ নোপোৱাকৈয়ে মাত্র ৪৩ বছৰ বয়সতে মৃত্যুবৰণ কৰা ভীমবৰ দেউৰীয়ে যে অসমৰ কৃষিজীৱী দুখীয়া জনগণ তথা অসমৰ সমগ্ৰ জনজাতীয় লোকৰ উন্নতিকল্পে আজীৱন দেহে-কেহে চেষ্টা কৰিছিল,ভীমবৰৰ মৃত্যুৰ পিছতত তাৰ "উপযুক্ত স্বীকৃতি" দিবলৈ আজি যেন কোনোৱেই নাই। 

দেশৰ জনগণৰ স’তে জীৱনৰ অন্তিম দিনালৈকে কামকৰা অসমৰ এই সুযোগ্য সন্তানটি কেৱল চিকিৎসাৰ বাবে সুদূৰ মাদ্রাজলৈ গৈ মাদ্ৰাজৰ মাটিতে নশ্বৰ দেহা এৰি থৈ যায়। অসমক অসম কৰি ৰাখি থৈ যোৱা গোপীনাথ বৰদলৈ মন্ত্রীসভাৰ সতীর্থজনৰ মৃতদেহটো অন্ততঃ অসমৰ মাটিলৈ আনিবলৈ সেই সময়ত কোনো নোলাল। মৃত্যুৰ পাছত তেওঁৰ মৃতদেহটোকো অৱহেলা কৰি এৰি থৈ অহাৰ দৰে তেওঁৰ কৃতকৰ্মৰ সুফলৰ স্বীকৃতিখিনিও পাহৰণিৰ গহ্বৰলৈ ঠেলি দিয়া হ'ল নেকি? 

ভীমবৰে যে কেৱল অসমৰ জনজাতি তথা পিছপৰা দুখীয়া জনসাধাৰণৰ উন্নতিৰ হকে কাম কৰিছিল, তেনে নহয়।  ৰা অঞ্চল হিচাপে খ্যাত ব্ৰহ্মপুত্ৰ নদীৰ দাঁতি-কাষৰীয়া পানী-দিহিং মৌজাৰ অন্তৰ্গত বৰগাঁৱত ১৯০৩ চনৰ ১৬ মে'ত জন্মগ্ৰহণ কৰি দেউৰী সম্প্ৰদায়ৰ প্ৰথম গ্ৰেজুৱেট, প্ৰথম অধিবক্তা, প্ৰথম মন্ত্ৰী হিচাবে খ্যাতি লাভ কৰা  ভীমবৰ দেউৰীয়ে নিজৰ বুদ্ধি আৰু  মেধা শক্তিক খটুৱাই সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰে উন্নতিত আত্মনিয়োগ কৰিছিল। 
আক্ষেপ কৰা বুলি কোনোৱে ক'লেও ক'বই লাগিব, কটন কলেজত পঢ়িবলৈ গৈ পিছপৰা দেউৰী জনগোষ্ঠীৰ লোক হোৱাৰ বাবে তেতিয়া তেখেতে যিদৰে ছেকেণ্ড মেছতহে থাকিব লগা হৈছিল (উচ্চ জাতিৰ বৰ্ণ হিন্দুৰ ছাত্ৰৰ লগত থকাৰ সুবিধা নাপাইছিল)। একেদৰে আজিও অসমৰ জনমানসত তেখেত অৱহেলিত হৈ থাকিব লগা হৈছে। গোপীনাথ বৰদলৈক লৈ আজি গুণানুকীর্তন, স্মৃতিচাৰণ কৰাৰ সীমাহীন কাৰ্যসূচী। বছৰজুৰি জন্মশতবার্ষিকী পালন কৰা হৈছে চৰকাৰী, বে-চৰকাৰী উভয়ৰ উদ্যোগত। কোনােৱে এখন ষ্টেডিয়াম সজাত অগ্রণী ভূমিকা ল'লে, বাতৰি কাকত উলিয়ালে তেওঁৰ স্মৃতিত গুৱাহাটীৰ মাজ মজিয়াত বহুলাখ টকা খৰচ কৰি স্মৃতিসৌধ স্থাপন কৰা হ'ল, প্রতিবছৰে ব্যয় বহুলভাৱে স্মৃতি অনুষ্ঠান পতা হৈছে, বিভিন্ন ঠাইত তেওঁলোকৰ নামত বাট পথ নামকৰণ কৰা হৈছে, অনুষ্ঠান প্রতিষ্ঠান সজা হৈছে। কিন্তু ভীমবৰৰ নামত কি কৰা হৈছে?

গোপীনাথ বৰদলৈ প্ৰমুখ্যে কোনাে স্বনামধন্য ব্যক্তিসকলৰ নামত তেনে কার্য কৰা ভুল হৈছে বা কৰিব নালাগে বুলি নিশ্চয় ক’ব নোখোজোঁ। কিন্তু যিজনে পূর্ব পাকিস্থানৰ লগত অসম চামিল হোৱাৰ পৰা ৰক্ষা কৰিছিল, 'অসম কাহানিও পৰাধীন নাছিল এতিয়াও হব নােৱাৰে' বুলি অসমক এখন সার্বভৌম দেশ হিচাপে গঠন কৰিব খুজিছিল, যিয়ে পৰাধীন অৱস্থাতে বৃটিছ গৱৰ্ণমেণ্টৰ পৰা অসমৰ বাবে প্রথম সর্বাধিক চাৰি কোটি টকা আনিবলৈ সমৰ্থ হৈছিল, সেইহেন মহান লোকজনক আজি কেইজনমান জনজাতীয় লোকে আৰু দেউৰী সম্প্রদায়ৰ ছাত্ৰ সন্থা প্রমুখ্যে আন সংগঠন কেইটাইহে কেৱল তেখেতৰ মৃত্যু দিৱস ৩০ নৱেম্বৰত “স্মৃতি দিৱস” হিচাপে পালন কৰি আহিছে। 

কোনো এজন ব্যক্তিক লৈ স্মৃতি দিৱস পাতিলেই যে ব্যক্তিজনৰ প্রতি প্রকৃতাৰ্থত সম্যকভাৱে শ্রদ্ধা জনোৱা হয় সেই কথা তর্কাতীতভাৱে শুদ্ধ নহ'লেও ভীমবৰ দেউৰীৰ প্ৰতি পৰিলক্ষিত হোৱা অৱহেলা আৰু অশ্রদ্ধা মন কৰিবলগীয়া। সর্বোপৰি তেতিয়াৰ পূব পাকিস্থানৰ (বর্তমান বাংলাদেশ) লগত অসমক চামিল কৰাৰ ক্ষেত্ৰত ভীমবৰ দেউৰীৰ পৰিৱর্তে কেৱল গোপীনাথ বৰদলৈয়েহে বহু যুঁজ দি অসম বর্তমান বাংলা দেশৰ অন্তর্ভুক্ত হোৱাৰ পৰা ৰক্ষা কৰিলে বুলি ভুলকৈ বহুল প্ৰচাৰ চলি থকা অৱস্থাত বিজ্ঞসকলেও সন্মতিসূচক নীৰৱতা অৱলম্বন কৰা কাৰ্য এক প্ৰকাৰে ৰহস্যজনক। 

প্রশ্ন হয়, কটন কলেজৰ ছেকেণ্ড মেছত থাকিবলগা হোৱা অখ্যাত ট্রাইবেল এটাক পূর্ব পাকিস্থান হোৱাৰ পৰা অসমক ৰক্ষা কৰাৰ দৰে মহান কাৰ্যৰ কৃতিত্ব দি কি লাভ ভাবি, নে গোপীনাথ বৰদলৈৰ গুণানুকীৰ্তনত পঞ্চমুখ হৈ পৰা জনস্রোতৰ বিপৰীতে মাত মাতি উফৰি পৰাৰ ভয়ত এই নীৰৱতা? অন্ততঃ উত্তৰ পুৰুষৰ বাবে প্রকৃত সত্য তথ্য দাঙি ধৰাটোও বিজ্ঞসকলৰ এক পবিত্র কর্তব্য নহ'বনে? লিখাখিনিৰ যোগেদি গোপীনাথ বৰদলৈক হেয় কৰি ভীমবৰ দেউৰীক ওপৰলৈ তোলাৰ কুচিন্তা আমাৰ সমূলি নাই। অসমৰ প্ৰথমজনা মুখ্যমন্ত্ৰী হিচাপে অসমৰ এজন অন্যতম স্বাধীনতা সেনানী হিচাপে গোপীনাথ বৰদলৈৰ যি মহান ত্যাগ আৰু স্বাধীন ভাৰতৰ অসমৰ ভেঁটি গঢ়োঁতা হিচাপে তেখেতৰ যি বৰঙণি, সেয়া নিশ্চয় অনস্বীকার্য। সেইবুলি তেখেতৰ আমোলতে হ’ল বুলিয়েই সঁচাই মিছাই আনৰ কৃতিত্বখিনি মচি পেলাই সকলো কৃতিত্ব তেখেতৰ ওপৰতে জাপি দিয়া কার্য যুক্তিসংগনে? ৰাইজেই বিচাৰ কৰক!

আমি পোৱা তথ্যমতে বৃটিছৰ আমোলত ১৯৪৬ চনৰ ১৬ মে'ত যেতিয়া কেবিনেট মন্ত্রী মিছনে ঘোষণা কৰা সমষ্টি বিতৰণ কাৰ্যত কৃতকার্য নহ'ল, তেতিয়া ভাৰতক দুভাগ কৰিবলৈ বাধ্য হ'ল। সেই মতে ‘ভাৰত’, ‘পাকিস্থান’ দুখন ডমিনিয়ন গঠন কৰিবলৈ লৈ বৃটিছ চৰকাৰে ভাৰত আৰু পাকিস্থানক কোনবোৰ দেশ বা অঞ্চল কাক দিয়া হব ভাগ কৰি দিয়া হ'ব তাৰ ঘোষণা কৰে। এই ভাগ বিতৰণত পুৰ্ৱ-বংগৰ সতে অসমকো চামিল কৰি পূর্ব পাকিস্থানৰ অন্তর্ভুক্ত কৰিবলৈ মুছলীম নেতা কাইদে আজম মঃ জিন্না আলিয়ে দাবী কৰে আৰু সেইমতে ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত মঃ জিন্না আলিয়ে দাখিল কৰা পূর্ব পাকিস্থানৰ মানচিত্ৰত অসমক সাঙুৰি দিয়ে। জিন্না আলিৰ এই কার্যত ভাৰতীয় জাতীয় কংগ্ৰেছেও মুছলীম লীগৰ লগত ৰাজনৈতিক মতানৈক্য এৰাই চলিবৰ বাবে সন্মতি প্রদান কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে সন্মতি দিয়াৰ পিছত অসমৰ প্রধান মন্ত্রী, অসম প্রাদেশিক কংগ্ৰেছৰ সভাপতি বিষ্ণুৰাম মেধি প্ৰমুখ্যে প্রাদেশিক কংগ্ৰেছৰ কোনো নেতাই মাত মাতিব নোৱাৰা হ'ল মুছলীম লীগৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে। অন্যহাতে অসম প্রাদেশিক কংগ্ৰেছৰ কোনো সদস্য পদ ভাৰতীয় জাতীয় কংগ্ৰেছত নাছিল। তদুপৰিমূল বাধা হ'ল, কংগ্ৰেছৰ “ৰীড" যাৰ ফলত প্রাদেশিক কংগ্ৰেছে জাতীয় কংগ্ৰেছৰ পৰা মতামত আনিবও নোৱাৰিলে।

অসম আৰু অসমীয়া জাতিৰ সকলো নিঃশেষ হ'ব লগা হোৱা প্রাদেশিক কংগ্ৰেছৰ এই অসহায় অৱস্থাত মৰণ পণ চেষ্টাৰে ভীমবৰ দেউৰীয়ে বিলম্ব নকৰি দিল্লীলৈ ৰাওনা হল। গৈ দিল্লীৰ “ইম্পেৰিল হোটেলত” অসমক সুকীয়া ৰাজ্য হিচাপে ৰখাৰ প্রসঙ্গত জিন্না আলিৰ লগত আলোচনাত বহিল। আলোচনাত ভীমবৰ দেউৰীয়ে যুক্তি দর্শালে যে “অসমদেশ বৃটিছ অহাৰ আগতে ভাৰতৰ ভিতৰুৱা নাছিল আৰু আগৰে পৰা স্বাধীন দেশ আছিল। এতিয়া পূর্ববঙ্গৰ জমিদাৰী প্ৰথাৰ দ্বাৰা নিষ্পেষিত কৃষকসকলক মাটি দিয়াৰ অজুহাততে অসম পাকিস্থান হ'ব নােৱাৰে। মোগলে ১৭ বাৰ আক্ৰমণ কৰিও অসম দেশ জয় কৰিব নোৱাৰিলে।এতিয়া আপুনি কলমৰ অসম কেনেকৈ ল'ব? অসমখন কোনো হিন্দু বা মুছলমানৰ নহয়, ই ট্রাইবেল সকলৰহে। গতিকে ই পূৱ- পাকিস্থানৰ অন্তর্ভুক্ত হ'ব নোৱাৰে।” (অগ্রদূত, ৬মে ১৯৮৪ত প্ৰকাশিত ডম্বৰুধৰ দেউৰীৰ 'মন্ত্রী ভীমবৰ দেউৰীয়ে কিদৰে পাকিস্থানৰ পৰা অসমক বচালে ৰচনাৰ পৰা উদ্ধৃত)। এই আলোচনাৰ অন্ততে মঃ জিন্না আলিয়ে অসমক পূর্ব-পাকিস্থানৰ সৈ চামিল কৰা নহয় বুলি ভীমবৰ দেউৰীক কথা দিলে।

অসম ট্রাইবেল লীগৰ প্ৰতিষ্ঠাপক সম্পাদক ভীমবৰ দেউৰীয়ে অসমৰ ট্রাইবেল সকলৰ তথা সহজ সৰল অসমীয়াৰ কথা ভাবি দূৰদর্শিতাৰ পৰিচয় দি ১৯৪১ চনৰ পিয়লত “ট্রাইবেল বেল্ট এণ্ড ব্লক’ গঠন কৰি ৰখা দূৰদৰ্শী কাৰ্যই জিন্না আলিৰ স’তে হোৱা দিল্লীৰ আলোচনাত বিশেষ সহায়ক সবল যুক্তি হল।

সবাতােকৈ মন কৰিবলগা কথা হ'ল,ভীমবৰে অসমক ভাৰতৰ পৰা পৃথক কৰি ভৱিষ্যতে সার্বভৌম দেশলৈ পৰিণত কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। কংগ্ৰেছে এই প্রস্তাৱত বাধা দিয়াত অসমে এখন সুকীয়া ৰাষ্ট্ৰৰ (ষ্টেট) স্বীকৃতি পাব লাগে বুলি তেখেতে ‘ষ্টেটমেন্ট' দিছিল। কিন্তু কংগ্ৰেছে ভীমবৰৰ এই দূৰদৰ্শিতাৰ বুজ সম্যকভাৱে তেতিয়া পাব পৰা নাছিল। যাৰ ফলত পূর্ব-পাকিস্থানৰ লগত অসমক চামিলকৰণৰ পৰা এৰুৱাই আনিলেও ভাৰতৰ অন্তর্ভুক্তিৰ পৰা আঁতৰাব নোৱাৰিলে। 

প্ৰৱন্ধ সংকলনখন
অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰোতা এই যুগনায়কজনা আজি অসমীয়াৰ মানসপটৰপৰা পাহৰণিৰ গৰ্ভত লীন হৈ যোৱাৰ উপক্ৰম হৈছে। যিজনৰ নশ্বৰ দেহা সুদূৰ মাদ্ৰাজৰ মাটিত লীন হৈ থাকিল। অসমক ৰক্ষা কৰি অসমৰ মাটিত তেখেতৰ শৰীৰটো ৰাখিবৰ বাবে অকণমান মাটিৰ জোগাৰ নহ'ল। এতিয়াও বাৰু কোনোৱে ভীমবৰৰ চিতাভষ্মৰ অকণমান মাটি মাদ্ৰাজৰ পৰা আনি অসমত পেলোৱাৰ কথা ভাবিবনে? যিজনক স্বয়ং গোপীনাথ বৰদলৈয়ে 'জননেতা’ আখ্যা দি ভীমবৰৰ অকাল বিয়োগত মন্তব্য কৰি কৈছিল, “ভীমবৰ দেউৰী আচলতে সমগ্ৰ অসমৰে এজন জননেতা আছিল।  তেখেতৰ নেতৃত্বত এধানো অন্ধৰ ভাব নাছিল। আচলতে ভীমবৰ এজন সুস্থ আৰু স্বাধীন অসম গঢ়াতা আছিল। অসমীয়া ভাষা কৃষ্টি, শিল্প আদি ৰক্ষা সম্বন্ধে আমাৰ কৰিবলগীয়া কামৰ বিষয়ে ভীমবৰৰ লগত মোৰ অনেক আলোচনা হৈছিল”।
(লেখাটি লেখকৰ 'হোমেন বৰগোহাঞি হাজাৰবাৰ জিন্দাবাদ' নামৰ প্ৰৱন্ধ সংকলনটো প্ৰকাশ পাইছে। লেখক শিৱসাগৰ জিলাৰ নিবাসী তথা শিক্ষক ৰূপে কৰ্মৰত। লেখকৰ অনুমতি মৰ্মে জননেতা ভীমবৰ দেউৰী জন্মদিনত পুনৰ প্ৰকাশ কৰা হৈছে)

No comments:

Post a Comment