প্ৰৱন্ধঃ জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামত খিলঞ্জীয়া লোকসকল :: ড° কমল কুমাৰ তাঁতী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামত খিলঞ্জীয়া লোকসকল :: ড° কমল কুমাৰ তাঁতী

প্ৰৱন্ধঃ জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামত খিলঞ্জীয়া লোকসকল :: ড° কমল কুমাৰ তাঁতী

Share This
জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামত খিলঞ্জীয়া লোকসকল
ড° কমল কুমাৰ তাঁতী
KAMAL KUMAR TANTI,কমল-কুমাৰ-তাঁতী,প্ৰৱন্ধ,ARTICLE,The role of indigenous peoples in combating climate change, জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামত
‘স্প্ৰিঙাৰ নেচাৰ’ প্ৰকাশনগোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ‘পালগ্ৰেভ কমিউনিকেছনছ’ নামৰ গৱেষণা-পত্ৰিকাখনত ২০১৭ চনৰ ২২ আগষ্টত প্ৰকাশিত ‘The role of indigenous peoples in combating climate change’-শীৰ্ষক এক গৱেষণামূলক নিবন্ধত লণ্ডন বিশ্ববিদ্যালয়ৰ ভুগোল বিভাগৰ অধ্যাপিকা লিণ্ডা এচাৰ্টে মত প্ৰকাশ কৰিছে যে, একবিংশ শতিকাৰ আৰম্ভণিৰ সময়চোৱালৈকে বিশ্বৰ আদিম নিবাসী খিলঞ্জীয়া লোকসকলক (Indigenous peoples) পৰিৱেশ সংৰক্ষণৰ প্ৰতিনিধি হিচাপে গণ্য কৰা নহৈছিল; বৰং জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবোৰৰ চিকাৰ হিচাপেহে তেওঁলোকক দেখুওৱা হৈছিল । প্ৰকৃতপক্ষে ২০০৮ চনমানৰপৰাহে আন্তৰ্জাতিক পৰিৱেশ সন্মিলনসমূহত সক্ৰিয় অংশগ্ৰহণৰ মাধ্যমেৰে আৰু তাৰ লগে লগে স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ফলপ্ৰসুভাৱে অংশগ্ৰহণ কৰা আৰু তাৰ মাজেৰে ৰাজনৈতিক ভূমিকা গ্ৰহণৰ জৰিয়তে পৃথিৱীৰ খিলঞ্জীয়া জনগণৰ প্ৰতিনিধিসকলে জলবায়ু পৰিৱৰ্তনৰ মোকবিলা কৰাৰ বাবে অৱদান দিয়াৰ ক্ষেত্ৰত গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
KAMAL KUMAR TANTI,কমল-কুমাৰ-তাঁতী,প্ৰৱন্ধ,ARTICLE,The role of indigenous peoples in combating climate change, জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামত
বিভিন্ন ক্ষেত্ৰভিত্তিক উদাহৰণৰ জৰিয়তে লিণ্ডা এচাৰ্টে এই নিবন্ধটোত যুক্তি দৰ্শাইছে যে, জলবায়ু পৰিৱৰ্তনৰ সাম্প্ৰতিক বিশ্বজোৰা সংগ্ৰামখনত খিলঞ্জীয়া লোকসকলে, বিশেষকৈ বনাঞ্চলবাসীসকলে, দ্বৈত ভূমিকা পালন কৰিব লাগিব বা কৰি আহিছে । প্ৰথমতে, বনাঞ্চল-অধ্যুষিত অঞ্চলবোৰত বসবাস কৰা ‘উপনিৱেশিত’ বনাঞ্চলবাসীয়ে বহু শতাব্দী ধৰি তেওঁলোকে যিসমূহ বনভুমিত বসবাস কৰি আহিছে, সেই বনভূমিসমূহৰ ঔপনিৱেশিক দখল আৰু ধ্বংসযজ্ঞৰ বিৰুদ্ধে প্ৰতিৰোধ-সংগ্ৰাম অব্যাহত ৰাখিছে। দ্বিতীয়তে, ১৯৯০ৰ দশকৰপৰা জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামখনত যোগ দিয়াৰ উদ্দেশ্যেৰে কেইবাটাও খিলঞ্জীয়া, বনাঞ্চল-নিবাসী সম্প্ৰদায় বনাঞ্চলসমূহ ৰক্ষা কৰাৰ ক্ষেত্ৰত থকা তেওঁলোকৰ দ্বায়িত্ত্ব সম্পৰ্কে বাৰুকৈয়ে সচেতন হৈ উঠে । স্থানীয় আৰু বিশ্ব পৰ্যায়ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাৰ ক্ষমতা থকাৰ সম্ভাৱনীয়তাক খিলঞ্জীয়া লোকসকলে স্বীকাৰ কৰি লয়, কিয়নো ইয়াৰ জৰিয়তে আমাৰ গ্ৰহটো বচোৱাৰ ক্ষেত্ৰত এক গুৰুত্ত্বপূৰ্ণ ভূমিকা ল’ব পৰা যাব। যোৱা প্ৰায় দহটা বছৰত আন্ত:চৰকাৰী জলবায়ু পৰিৱৰ্তনৰ আলোচনাসমূহত নিজ নিজ জনগোষ্ঠীৰ অন্তৰ্ভূক্তিৰ বাবে আৰু ৰাষ্ট্ৰসংঘৰ মজিয়াত সিদ্ধান্ত গ্রহণ কৰিবলৈ প্ৰয়োজনীয় ক্ষমতা অর্জন কৰাৰ কাৰণে খিলঞ্জীয়া লোকসকলৰ প্ৰতিনিধিসকলে যৌথভাৱে নিজৰ নিজৰ পক্ষ যথাসাধ্য সবল কৰাত ব্যস্ত হৈ আহিছে।

পৰিৱেশ-প্ৰকৃতি আৰু ইয়াৰ বিভিন্ন সম্পদসমূহৰ সৈতে থকা নিৰ্ভৰতা আৰু ঘনিষ্ঠ সম্পৰ্কবোৰৰ কাৰণে বিশ্বব্যাপী সিচঁৰতি হৈ থকা ৩৫০ মিলিয়নতকৈও অধিক খিলঞ্জীয়া লোকসকল জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ পৰিণতি আৰু প্ৰভাৱসমূহৰ সৈতে বিশ্বৰ আন লোকসকলতকৈ আগতেই মুখামুখি হৈ আহিছে । অধিক বিপদগ্ৰস্ত পৰিৱেশ আৰু বিপদসংকুল স্থানবোৰত বসবাস কৰা এই লোকসকলৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱবিলাক সাধাৰণতেই প্ৰাথমিক আৰু গুৰুতৰ । ৰাজনৈতিক আৰু অর্থনৈতিক প্রান্তীয়কৰণ, ভূমি আৰু সম্পদৰ পৰিমাণ হ্রাস, মানৱাধিকাৰ লঙ্ঘন, বৈষম্য আৰু নিবনুৱা সমস্যা আদিকে ধৰি খিলঞ্জীয়া লোকসকলে ইতিমধ্যেই সম্মুখীন হৈ অহা সমস্যাবোৰক জলবায়ু পৰিৱৰ্তনে দিনে দিনে আৰু বঢ়াইহে তুলিছে ।

খিলঞ্জীয়া লোকসকল আৰু জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামখনত তেওঁলোকে ল’বপৰা ভূমিকা সম্পৰ্কে জলবায়ু পৰিৱৰ্তনৰ ৰাজহুৱা আৰু বিশ্বজোৰা আলোচনাসভাবোৰত পূৰ্বতে কোনো ধৰণৰ আলোচনা-বিলোচনা নহৈছিল । ২০০৭-০৮ চনমানৰপৰা পূৰ্বৰ এই পৰিস্থিতিৰ সালসলনি হোৱা দেখা গ’ল । উল্লেখযোগ্য যে, ২০০০ চনৰ ২৮ জুলাই তাৰিখে বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ আৰু সমস্যাসমূহক লৈ পদ্ধতিগতভাৱে কাম কৰিবলৈ ৰাষ্ট্ৰসংঘই এটি কেন্দ্রীয় সমন্বয়কাৰী সংস্থা গঠন কৰে, যাৰ নাম দিয়া হয় – ‘United Nations Permanent Forum on Indigenous Issues’ । সমগ্ৰ বিশ্বৰ খিলঞ্জীয়া লোকসকলে আৰু তাৰ লগে লগে তেওঁলোকৰ পৰম্পৰাগত জ্ঞানভাণ্ডাৰে কিদৰে জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামখনত এক মূখ্য ভূমিকা ল’ব পাৰে, সেই সম্পৰ্কে এই সংস্থাটোৱে আৰম্ভণিৰেপৰাই মাত মাতিবলৈ আৰম্ভ কৰে ।

তাৰ ফলশ্ৰুতিতে সমগ্ৰ বিশ্বতে চলি থকা জলবায়ু পৰিৱৰ্তনৰ সংগ্ৰামখনত ক্ৰমান্বয়ে খিলঞ্জীয়া লোকসকলে উচিত গুৰুত্ত্ব পাবলৈ ধৰে । তেনে পৰিৱৰ্তিত পৰিস্থিতিত খিলঞ্জীয়া লোকসকলে জলবায়ু পৰিৱৰ্তনৰ সংগ্ৰামখনত ল’বপৰা ভূমিকা সম্পৰ্কে বোধকৰোঁ প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে ২০০৮ চনত – সেই বছৰৰ ২১ এপ্ৰিলৰপৰা ২ মে’লৈকে নিঊইয়ৰ্ক মহানগৰীত অনুষ্ঠিত হোৱা ‘United Nations Permanent Forum on Indigenous Issues’-ৰ সপ্তমখন অধিৱেশনৰ মূল থীম হিচাপে হৈ উঠে – “জলবায়ু পৰিৱর্তন, জৈৱ-সাংস্কৃতিক বৈচিত্র্য আৰু জীৱিকা: খিলঞ্জীয়া লোকসকলৰ নেতৃত্ত্বমূলক ভূমিকা আৰু নতুন প্ৰত্যাহ্বানসমূহ”। লাহে লাহে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ খিলঞ্জীয়া লোকসকলে জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামখনত আৰু অধিক সক্ৰিয়ভাৱে যোগদান কৰিবলৈ আৰম্ভ কৰে ।

সমগ্ৰ বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা প্ৰত্যাহ্বানসমূহক লৈ খিলঞ্জীয়া লোকসকলৰ হাতত থকা এটা প্ৰধান অস্ত্ৰ বা সমাধান হৈছে - তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সযতনে সাঁচি ৰখা পৰম্পৰাগত আৰু মৌলিক-গভীৰ জ্ঞানভাণ্ডাৰ । খিলঞ্জীয়া লোকসকলে নিজে বসবাস কৰা অঞ্চলসমূহ সম্পৰ্কে আহৰণ কৰা সুগভীৰ জ্ঞানসম্ভাৰৰ জৰিয়তেই নিজৰ জীৱনযাত্ৰা পৰিচালনা কৰি অহাৰ লগতে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ জীৱন-জীৱিকাও সুচাৰুৰূপে চলাই আহিছে।

বিশেষজ্ঞসকলৰ মতে, অনেক সময়ত পৰম্পৰাগত পদ্ধতিৰে আহৰণ কৰা জ্ঞানসম্ভাৰ আধুনিক বিজ্ঞানতকৈও বহু বেছি সুক্ষ্মতৰ আৰু গভীৰতম হয় – য’ত লুকাই থাকে মানুহে সন্মুখীন হোৱা বহু সমস্যাৰ আকাংক্ষিত সমাধান । তদুপৰি, পৰিৱেশগত পৰিৱর্তনশীলতা আৰু প্রৱণতাসমূহক কিদৰে মোকাবিলা কৰিব পাৰি আৰু সেইবোৰৰ সৈতে মানুহে নিজকে কিদৰে খাপ খুৱাই ল’ব পাৰে, সেই সম্পৰ্কীয় জ্ঞানসমূহো লুকাই আছে খিলঞ্জীয়া লোকসকলে বছৰৰ পিছত বছৰ ধৰি আহৰণ কৰা জ্ঞানভাণ্ডাৰৰ মাজত।

জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এনে পৰম্পৰাগত জ্ঞানভাণ্ডাৰৰ তিনিটা মূল দিশ হৈছে – (ক) পৰিৱর্তিত জলবায়ু সুক্ষ্মভাৱে আৰু অবিৰতভাৱে পর্যবেক্ষণ কৰা; (খ) পৰিৱর্তিত জলবায়ুৰ প্ৰভাৱসমূহৰ সৈতে নিজকে খাপ খুৱাই লোৱা আৰু ইয়াৰ জৰিয়তে (গ) বিশ্বজোৰা প্ৰশমন আৰু উপশমৰ প্ৰচেষ্টাসমূহলৈ অৱদান আগবঢ়োৱা । খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ পৰম্পৰাগত জ্ঞানভাণ্ডাৰৰ জৰিয়তে ‘জলবায়ু পৰিৱর্তনৰ নীতি’ আৰু ‘জলবায়ু পদক্ষেপ’-সম্পৰ্কীয় ‘বহনক্ষম উন্নয়ন’ৰ ১৩ নম্বৰ লক্ষ্য (Take urgent action to combat climate change and its impacts) পূৰণ কৰাৰ বাবে গুৰুত্ত্বপূৰ্ণ অৱদান আগবঢ়াবলৈ সক্ষম হ’ব বা হৈছে ।

২০১৯ চনৰ ২২ এপ্ৰিলৰপৰা ৩ মে’লৈকে ৰাষ্ট্ৰসংঘৰ মূল কাৰ্যালয়ত অনুষ্ঠিত হোৱা ‘United Nations Permanent Forum on Indigenous Issues’-ৰ অষ্টাদশ অধিৱেশনত UNDP-ৰ Indigenous Peoples’ Fellowship Initiative-ৰ এগৰাকী গ্ল’ৱেল ফেলো হিচাপে স্বীকৃত হৈ বিশ্বজোৰা খ্যাতি অৰ্জন কৰা নগা জৈৱ-বৈচিত্ৰ-সংৰক্ষণবিদ আৰু জলবায়ু পৰিৱৰ্তন-কৰ্মী থিংৰেইফি লুংঘাৰুৱে তেওঁৰ ভাষণত কোৱা দুষাৰী গুৰুত্ত্বপূৰ্ণ কথা এই প্ৰসংগতে উল্লেখ কৰিব বিচাৰিছোঁ – “মই ভাবোঁ যে, সমগ্ৰ বিশ্বৰ বাবে উচৰ্গা কৰিবলৈ পৰম্পৰাগত জ্ঞানৰ বহুখিনি সম্ভাৰ আছে, কিয়নো আমি ইতিমধ্যেই দেখিছোঁ - কেনেদৰে জ্ঞানৰ অন্যান্য ৰূপবিলাকে আজি বিশ্বব্যাপী সংকটৰ সৃষ্টি কৰিছে । পৰম্পৰাগত জ্ঞান-ভাণ্ডাৰৰ মাজতে নিহিত হৈ আছে অনেক সমাধান। ”

একেখন অধিৱেশনতে আন এগৰাকী গ্ল’ৱেল ফেলো, চীনৰ মিনজু বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ অধ্যাপক ড০ বো লিউৱে তেওঁৰ ভাষণ প্ৰসংগত কৈছিল যে – “খিলঞ্জীয়া লোকসকলৰ জীৱন-যাপনৰ প্ৰণালী আৰু জ্ঞানসম্ভাৰে, আৰু বিশেষকৈ খিলঞ্জীয়া মহিলাসকলে অভিভাৱক হিচাপে, জ্ঞানৰ প্ৰেৰক হিচাপে, শিক্ষিকা হিচাপে যিখিনি কাম কৰি আহিছে, সেইখিনিয়েই আমাৰ বিশ্বখনক সংৰক্ষণ কৰি, বিশ্বখনৰ এক বিকল্প দৰ্শন আৰু দৃষ্টিভংগীক সক্ষম কৰি তুলিছে । ”

জলবায়ু পৰিৱৰ্তনৰ ফলস্বৰূপে ভয়াবহ হৈ উঠিব খোজা অনাগত সময়বিলাকত পৃথিৱীৰ খিলঞ্জীয়া লোকসকলে তেওঁলোকৰ পৰম্পৰাগত জ্ঞানসম্ভাৰৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিশ্বজোৰা সংগ্ৰামখনত উল্লেখযোগ্য আৰু অভূতপূৰ্ব অৱদান যে আগবঢ়াই যাব, সেয়া নিশ্চিত আৰু আন আন অজস্ৰ লোকৰ দৰে আমিও তাকেই মনে-প্ৰাণে কামনা কৰিব লাগিব ।
(লেখক ‘চেন্টাৰ ফ’ৰ এনভাইৰণমেণ্ট এণ্ড ক্লাইমেট একছন’ৰ অবৈতনিক সঞ্চালক; ফোন: ৮২৫৭০৬৭২৯৭) 
লেখকৰ আন আন প্ৰকাশিত লেখা পঢ়িবলৈ তলৰ একত্ৰ লিংকত ক্লিক কৰকঃ

No comments:

Post a Comment