দাক্ষিণাত্যৰ অক্সিজেনঃ বৃক্ষমানৱ মাৰিমুথু য়ুগানাথন
মানস প্ৰতিম দত্ত
তামিলনাডুৰ কইম্বাটোৰৰ এজন বাছ কণ্ডাক্টৰ মাৰিমুথু য়ুগানাথন। ঠাঞ্জাভুৰ জিলাৰ মায়াভুৰৰ এক দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা মাৰিমুথুৱে মাত্ৰ ডেৰ বছৰ বয়সতে পিতৃক হেৰুৱায়। পিতৃক হেৰুৱাৰ পাছৰে পৰা পৰিয়ালটোলৈ নামি আহে তীব্ৰ আৰ্থিক সংকট। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈকে মাকে কামৰ সন্ধাবত নীলগিৰিলৈ যায়। নীলগিৰিৰ এখন চাহ বাগিছাত মাকে শ্ৰমিক হিচাপে কাম আৰম্ভ কৰে। অৱশ্যে য়ুগানাথনৰ পঢ়া-শুনাত যাতে কোনো ধৰণৰ অসুবিধা নাহে তাৰ বাবে য়ুগানাথনক বায়েকৰ ঘৰত থাকি যায়। শৈশৱৰ সোণালী দিনবোৰত বন্ধ পালেই য়ুগানাথন ঢাপলি মেলে মাকৰ কাষলৈ।
মাতৃৰ অপত্য স্নেহৰ পৰা বঞ্চিত হৈ থাকিবই পাৰে বা কোন? য়ুগানাথনো তাৰ ব্যতিক্ৰম নহয়। মাকৰ পৰা আঁতৰি থাকিব নোৱাৰিলে য়ুগানাথন। তেওঁ একাদশ শ্ৰেণীত নামভৰ্তি কৰিলৈ নীলগিৰিত উপস্থোত হ'লগৈ। নীলগিৰিৰ কোটাগিৰি নামৰ ঠাইৰ এখন চৰকাৰী বিদ্যালয়ত তেওঁ নাম লগালে আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাতনি মেলিলে।
কোটাগিৰিৰ অনুপমা প্ৰাকৃতিক সৌন্দৰ্যই পূৰ্বতকৈ অধিক সন্মোহিত কৰিলে য়ুগানাথনক। সেই সময়ছোৱাতে তেওঁ তামিলনাডুৰ সেউজ কৰ্মী জয়চন্দ্ৰন আৰু তেওঁৰ সহযোগীসকলৰ সান্নিধ্য লাভ কৰিলে। জয়চন্দ্ৰনৰ সান্নিধ্য আৰু জীৱন দৰ্শনে তেখেতক প্ৰকৃতিৰ সৈতে একাত্ম হৈ কাম কৰিবলৈ অনুপ্ৰাণিত কৰিলে।
নীলগিৰিত অধ্যনয়ৰত সময়ছোৱাত তেওঁ দেখা পালে যে নীলগিৰি জীৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে কিছুমান কাঠ মাফিয়া। ইয়াক প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণ নকৰিলে নীলগিৰিয়ে হেৰুৱাই পেলাব অপৰূপ নান্দনিকতা। তাৰ বাবে জনজাগৰণ আৰু জনসচেতনতা নিতান্তই প্ৰয়োজন। তাৰ উদ্দেশ্যেৰে য়ুগানাথনে আৰম্ভ কৰিলে সজাগতা অভিযা। এই অভিযানৰ বাবে দেৱাল অংকন আৰু দেৱাল লিখনৰ দৰে কাৰ্যসূচী হাতত লৈছিল। লগতে স্থানীয় বনবিষয়া আৰু আৰক্ষীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি কাঠ মাফিয়াক বাধা দিয়াৰ অশেষ চেষ্টা কৰিলে। সেই সময়ত কাঠ মাফিয়াৰ বাবে শত্ৰুস্বৰূপ হৈ পৰিছিল য়ুগানাথন। অষ্টম মাবৰ পৰাই পৰিৱেশ সংৰক্ষণমূলক কাম-কাজত একাগ্ৰতাৰে অংশ লৈ অহা য়ুগানাথনে দ্বাদশ শ্ৰেণীৰ পাছতে পঢ়া সামৰে।
১৯৯৯ চনত তেওঁ তামিলনাডু ৰাজ্যিক পৰিৱহন নিগমত যোগদান কৰে। কিন্তুপৰিৱেশৰ সৈতে অধিকতৰ সময় একাত্ম হৈ থকাৰ ফলত তেওঁ বহুসময়ত কৰ্তব্যত সময়মতে উপস্থিত থাকিব পৰা নাছিল। যাৰ বাবে তেওঁ বহুতো স্থানলৈ বদলি হ'বলগীয়া হৈছিল। অৱশ্যে এই সম্পৰ্কে তেওঁ কয় যে- ' গছপুলি ৰোপনৰ বাবে মই বিভিন্ন স্থানলৈ যাবলগীয়া হোৱাত মই কৰ্তব্যত অনুপস্থিত থাকিবলগীয়া হৈছিল। কোনো ব্যক্তিগত কাৰণত নহয়।'
চাকৰিত যোগদানৰ পাছৰে পৰা প্ৰত্যেক সোমবাৰে পৰিবহণ নিগমৰ পৰা এদিনৰ জিৰণি বা বন্ধ লাভ কৰিছিল। সেই দিনটোতে তেওঁ ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়লৈ যায় আৰু তাত গছপুলি ৰোপন কৰে। বৰ্তমানলৈকে তেওঁ ৰাজ্যখনৰ তিনিহাজাৰৰো অধিক বিদ্যালয়ত তিনিলাখৰো অধিক গছপুলি ৰোপন কৰিছে।
পৰিৱেশ সংৰক্ষণ আৰু সজাগতাৰ বাবে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ২০০৮ বৰ্ষত সেই সময়ৰ ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনচাৰীৰ হাতৰ পৰা 'আৰ্থ মেটাৰচ্ ইক' ৱাৰিয়ৰ' বঁটা আৰু ২০১১ বৰ্ষত চি এন এন - আই বি এন-এ তেখেতক "ৰিয়েল হিৰ'" হিচাপে সন্মান লাভ কৰাৰ পাছত অৱশ্যে পৰিবহন নিগমৰ কাৰ্য্যালয়ৰ পৰা তেখেতে বহুখিনি সহায় লাভ কৰি আহিছে।
বিশ্ব পৰিৱেশ দিৱসৰ সময়ত য়ুগানাথনে কিছু পৰিকল্পিতভাৱে কাম কৰি আহিছে। পৰিৱেশ দিৱসৰ দিনা তেওঁ শিক্ষাৰ্থীসকলক পৰিৱেশ সংৰক্ষণৰ বাবে সংকল্প লোৱাৰ লগতে একোটা গছপুলি নিজাববীয়াকৈ ৰোপন কৰি তাক চোৱা-চিতা কৰাৰ বাবে আহ্বান জনায়। তেওঁ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় পাঁচ সহস্ৰাধিক বিদ্যালয়ত সংৰক্ষণ সংকল্প গ্ৰহণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে । ইয়াৰ উপৰিও বিদ্যালয়সমূহত তেওঁ সজাগতা সভা আয়োজনৰ জৰিয়তে গছপুলিৰ গুৰুত্ব আৰু বিদ্যালয়ত কোনো কাৰণতে যে পৰিৱেশ প্ৰদূষক সামগ্ৰী ব্যৱহাৰৱকৰা অনুচিত সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়ায়।
য়ুগানাথনে কেৱল গছপুলি ৰোপনকে দায়িত্ব বুলি নাভাবে। গছপুলি ৰোপনৰ উপৰিও তেখেতে সেই গছপুলি সমূহ চোৱা-চিতা কৰে, সুৰক্ষিত কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। গছৰ বিষয়ক তেখেতৰ অভিজ্ঞতা সম্পৰ্কে তেখেতে কয় - ' মই পঢ়া শুনাত চোকা নহ'ব পাৰোঁ,কিন্তু উদ্ভিদৰ অধ্যয়নৰ ক্ষেত্ৰত মই কোনোগুণে কম মেধাৰ নহয়। প্ৰত্যেকজন নাগৰিকৰে এই ক্ষেত্ৰত মেধা আৰু অভিজ্ঞতা থকা উচিত।'
গছপুলি ৰোপনৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ তেওঁ গছপুলিসমূহৰ নামৰ সৈতে ৰোপকৰ নাম সংযোগ কৰি দিয়ে। তাৰ বাবে তেওঁ উদ্ভিদ নামকৰণৰ আন্ত:ৰাষ্টীয় নীতি অনুসৰণ নকৰে। উদাহৰণস্বৰূপে, ৰংমন নামৰ ডেকাজনে যদি এজোপা আজাৰ গছৰ পুলি ৰোপন কৰে তেন্তে তেওঁ গছজোপাৰ নামৰ সৈতে ৰংমনৰ নাম সংযোগ কৰি গছজোপাৰ নাম দিয়ে ৰংমন আজাৰ। এনে কৰাৰ ফলত ৰোপকজনৰ গছপুলিটোৰ প্ৰতি শ্ৰদ্ধা আৰু দায়বদ্ধতা বাঢ়ে বুলি তেওঁ বিশ্বাস কৰে।
যিটো সময়ত অক্সিজেনৰ প্ৰয়োজনীয়তাৰ কথা আমি বাৰুকৈয়ে বুজি উঠিছো সেইটো সময়ত মাৰিমুথু য়ুগানাথনৰ দৰে পৰিৱেশকৰ্মী সকলৰ দীৰ্ঘম্যাদী চিন্তাই আমাক তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাৱান কৰি তোলে। তেওঁৰ দৰেই আমিও গছপুলি ৰোপন আৰু প্ৰদূষক সামগ্ৰীৰ ব্যৱহাৰ পৰিত্যাগ কৰি পৰিৱেশ সংৰক্ষণৰ বাবে সেৱা আগবঢ়বলৈ আগবাঢ়ি অহা উচিত।
লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
প্ৰেৰণাময় ব্যতিক্ৰম শিতানৰ লেখাবোৰৰ একত্ৰ লিংকঃ
No comments:
Post a Comment