চিন্তনঃ অসমীয়াক আৰু এজন পৰাগ দাস সঁচাকৈয়ে লাগেনে? :: টুনুজ্যোতি গগৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ অসমীয়াক আৰু এজন পৰাগ দাস সঁচাকৈয়ে লাগেনে? :: টুনুজ্যোতি গগৈ

চিন্তনঃ অসমীয়াক আৰু এজন পৰাগ দাস সঁচাকৈয়ে লাগেনে? :: টুনুজ্যোতি গগৈ

Share This
অসমীয়াক আৰু এজন পৰাগ দাস সঁচাকৈয়ে লাগেনে?  টুনুজ্যোতি গগৈ, PARAG KUMAR DAS
অসমীয়াক আৰু এজন পৰাগ দাস সঁচাকৈয়ে লাগেনে? 
টুনুজ্যোতি গগৈ
শিৰোনামতেই যেতিয়া প্ৰশ্নবোধক থাকে, তেতিয়াই প্ৰয়োজন হয় উত্তৰ সন্ধান কৰাৰ। আমি সকলোৱেই দেখিছো, বিগত দশকবোৰৰ সংগ্ৰাম আৰু সংঘাতৰ সাক্ষী হোৱা এই অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব বিলােপনৰ সেউজ সংকেত চৌদিশে ক্ৰমাত ফুটি উঠিছে। সমাজ জীৱনৰ এই জটিল সন্ধিক্ষণত অসমৰ বৌদ্ধিক সমাজৰ অংশীদাৰ সকল যেনেদৰে সৰৱ হৈ উঠিব লাগিছিল, অসমপ্রেমী দল-সংগঠনবােৰে যেনেদৰে মাৰ বান্ধি প্রতিবাদ সাব্যস্ত কৰিব লাগিছিল; তেনেদৰে সৰৱ হােৱা বা প্রতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত নহ'ল। এই জাতিমাটি-ভেটি বিনষ্ট হােৱাৰ উপক্রম ঘটাব মুহূর্ততে বৌদ্ধিক সমাজ আৰু জাতীয় দল-সংগঠনবােৰৰ ৰহস্যজনক মৌনতা আৰু দ্বিধাগ্ৰস্ততাই আকৌ মনত পেলাই দিয়ে পৰাগ কুমাৰ দাসলৈ অসমক তীব্র আবেগেৰে ভালপােৱা দুর্দান্ত সাহসী আৰু আপােচহীন লেখক-সাংবাদিকজনৰ জীৱনাদর্শ আৰু কৰ্মৰাজিলৈ। 
অসমীয়াক আৰু এজন পৰাগ দাস সঁচাকৈয়ে লাগেনে?  টুনুজ্যোতি গগৈ, PARAG KUMAR DAS
চিন্তা কৰো, পৰাগ কুমাৰ দাসে অকালতে মৃত্যু সাবটি নােলােৱা হ'লে অথবা তেওঁ আজিৰ তাৰিখতাে জীয়াই থকা হ'লে অসমৰ সমাজ জীৱনৰ এই জটিল সন্ধিক্ষণত তেওঁৰ ভূমিকা কি হ'লহেতেন? অথবা, আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নত তেওঁ জাতীয় মুক্তি সংগ্রামখন কেনেদৰে আগুৱাই নিলেহেতেন? এই প্রশ্নবােৰৰ সদুত্তৰ পাবলৈ হ'লে তেওঁৰ তেনেই চমু জীৱন কালত অসমৰ সমাজ জীৱনলৈ আগবঢ়াই যােৱা অৱদান সন্দৰ্ভত নির্মোহ বিচাৰ-বিশ্লেষণ হ'বই লাগিব। পৰাগ কুমাৰ দাসৰ জীৱনাদৰ্শৰ সবাতােকৈ অনুকৰণীয় আৰু ইতিবাচক দিশটো আছিল নিভাঁজ অসম প্রেম আৰু আপােচহীন প্রতিবাদী সত্তা। শেহতীয়াভাৱে অসমৰ একাংশ তৰুণ যুৱক-যুৱতী বৃহৎ পুঁজিপতি অথবা প্রতিষ্ঠানিক ধর্মীয় শক্তিৰ দ্বাৰা নিয়ন্ত্রিত সৰ্বভাৰতীয় ৰাজনৈতিক দলবােৰৰ প্রৰোচনা-প্রলােভনত ৰাষ্ট্ৰীয়তাবাদৰ সোঁতত শিপা বিচ্ছিন্ন হৈ উটি-ভাহি যাবলৈ ধৰাৰ পৰিৱেশৰ এই সময়ত তেওঁৰ অসমপ্ৰেমৰ প্ৰাসংগিকতাৰ আলোচনাৰ কৰা গুৰুত্ব বহুগুণে বৃদ্ধি পোৱা নাইনে?

সেইদৰে, ৰাষ্ট্রযন্ত্ৰৰ শােষণ-লুণ্ঠন-বঞ্চনাৰ বিৰুদ্ধে সততে সােচ্চাৰ হৈ উঠা তেওঁৰ দৰে এক আপােচহীন প্রতিবাদী সত্তাৰ অভাৱ আজি পৰিবৰ্তনকামী সর্বসাধাৰণ বাৰুকৈয়ে অনুভৱ কৰিছে। বর্তমান ৰাজ্যখনৰ কেইবাটাও দল-সংগঠনে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ভাৰতীয় সংবিধানৰ ৩৭১(ক) অনুচ্ছেদৰ অধীনত অসমক বিশেষ ৰাজ্যৰ মর্যাদা দিবলৈ দাবী উত্থাপন কৰিছে। অসমে বিশেষ ৰাজ্যৰ মর্যাদা পােৱাৰ লগে লগে অসমবাসীয়ে নিজৰ প্রাকৃতিক সম্পদৰ ওপৰত পূর্ণ অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। লক্ষণীয় যে অসমৰ এক স্বতন্ত্র আৰু আত্মনিৰ্ভৰশীল অর্থনীতি থাকিলে অসম সার্বিক দিশেৰে আগুৱাই যাব বুলি উপলব্ধি কৰি পৰাগ কুমাৰ দাসে সৌ তাহানিতেই এনেধৰণৰ দাবী সজোৰে উত্থাপন কৰিছিল। 

পৰাগ দাসে অসমৰ জাতীয় মুক্তি সংগ্রামখনৰ সৈতে জড়িত হ'ব বিচৰাৰ সময়তে সমান্তৰাল ভাৱে অসমত আলফা'ৰ জন্ম হৈছিল। অলেখ ঘাত-প্রতিঘাতৰ মাজতাে আপােন অস্তিত্ব বর্তাই বখা আলফাৰ সংগ্ৰামনে অদূৰ ভৱিষ্যতে কোন দিশে গতি কৰিব, সেয়া সুকীয়া আলােচনাৰ প্ৰসংগ; কিন্তু এয়া সঁচা যে কেন্দ্র মাত্রাধিক শােষণ-বঞ্চনা-উন্নাসিকতাৰ ফলতে আলফাৰ দৰে এক সশস্ত্র সংগঠনৰ জন্ম হৈছিল। এনে এক সংগঠনৰ জৰিয়তে দাসে জাতীয় মুক্তিৰ সপােন দেখাটো 'সেই সময়ত' হয়তো একো অস্বাভাৱিক নাছিল। পৰাগ কুমাৰ দাসে ১৯৮৯ৰ ২১ মে'ত বুধবাৰ' কাকতৰ উদ্যোগত ‘আলফাৰ মেজমেল" আয়ােজন কৰি সংগঠনটোৰ লক্ষ্য-উদ্দেশ্য, কর্মপদ্ধতি আদি সন্দৰ্ভত তেওঁৰ মনত উদয় হােৱা প্ৰশ্নবােৰ মুকলিকৈ উত্থাপন কৰিছিল আৰু সেই প্রশ্নসমূহৰ যথােচিত উত্তৰ পােৱাৰ পিচত তেওঁ সংগঠনটোৰ প্ৰতি সমর্থন আগবঢ়াইছিল বুলি পঢ়িবলৈ পাইছিলো। কিন্তু বহুতেই পৰাগ দাস আৰু আলফাক সমার্থক বুলি ভাবিলেও আলফাৰ মতাদৰ্শৰ সৈতে দাসৰ মৌলিক মতাদৰ্শৰ প্ৰভেদ আছিল।

আলফাই স্বাধীন সার্বভৌম অসমৰ দাবীত সংগ্রাম কৰি অহাৰ বিপৰীতে দাসে ভাৰতৰ ভিতৰত থাকিয়েই স্বনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিছিল। থলুৱা সম্পদ ওপৰত পূর্ণ অধিকাৰ লাভ কৰিলেই ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত চামিল হােৱা অসমে আত্মনিয়ন্ত্ৰণৰ সুযােগ পাব বুলি তেওঁ বিশ্বাস কৰিছিল। সেইবাবেই তেওঁ মৃত্যুৰ আগমুহতলৈকে আলফাৰ 'সশস্ত্র সংগ্রাম”খনক হয় দিহা-পৰামৰ্শৰে, নহয় গঠনমূলক সমালােচনাৰে শুদ্ধ পথলৈ আনিবলৈ চেষ্টা কৰিছিল বুলিলেহে বোধহয় কথাবোৰৰ বাস্তৱিক মূল্যায়ন কৰা হব। 

বর্তমান বিভিন্ন কাৰণত ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰা অসম সম্পূর্ণভাবে বিচ্ছিন্ন হােৱাটো অকল্পনীয় আৰু অসম্ভৱ কথা হৈ পৰিছে। সেই বুলিয়েই অসমৰ জাতীয় মুক্তি সংগ্রামখনৰ প্ৰাসংগিকতা হেৰাই গৈছে বুলি ক'ব পাৰিনে নোৱাৰি, ৰাইজেই বিচাৰ কৰিব। বৰং সাম্রাজ্যবাদী বিশ্বায়না গ্রাসৰ পৰাই হওক বা অতি ৰাষ্ট্ৰীয়তাবাদী আভ্যন্তৰীণ ঔপনিৱেশিক হাতােৰাৰ পৰাই হওক অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক ৰক্ষা কৰাৰ স্বাৰ্থত এই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ প্ৰচেষ্টাবোৰৰ প্ৰাসংগিকতা ক্ৰমাত বৃদ্ধিহে পাইছে যেন অনুভৱ হয়। 

কেইদশকমানৰ অসমৰ ইতিহাসত দেখিবলৈ পাও যে, বিগত ১৯৯১ চনত আলফাৰ বিৰুদ্ধে চলােৱা প্ৰথমটো সামৰিক অভিযান অন্তত অসমত সাধাৰণ বিধানসভা নির্বাচন অনুষ্ঠিত হৈছিল। নির্বাচন অৱতীৰ্ণ হােৱা অসম গণ পৰিষদ, নতুন অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, অসম সংযুক্ত জন কংগ্রেছ আদি দলবােৰে প্ৰকাশ কৰা নির্বাচনী ইস্তাহাৰবােৰত সংবিধান সংশােধৰ জৰিয়তে ভাৰতক এখন প্রকৃত যুক্তৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰি ৰাজ্যৰ হাতত অধিক ক্ষমতা দিয়াৰ প্রসংগ উল্লেখ আছিল। কিন্তু, সেই নির্বাচনত স্থিতাৱস্থাৰ সমর্থক কংগ্ৰেছ দলে জয় লাভ কৰাত পৰৱৰ্তী সময়ত আঞ্চলিক দলবােৰে এই আত্ম বা স্ব-নিয়ন্ত্ৰণৰ প্ৰসংগটোত ৰহস্যজনকভাৱে মৌনতা অৱলম্বা কৰিলেও পৰাগ কুমাৰ দাস মুখৰ হৈ থাকিল। 

তেওঁ কলমক সাৰথি কৰিয়েই কংগ্ৰেছ দলৰ সীমাহীন দুর্নীতি-ভ্রষ্টাচাৰ উদঙাই দিয়াৰ সমান্তৰালভাৱে জাতীয় মুক্তিৰ বা আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ সপক্ষে সংগ্রাম চলাই যোৱা দেখিবলৈ পাইছিলো। তেওঁৰ লগতে দুগৰাকীমান বিশিষ্ট সাংবাদিকৰ সক্রিয় সহযােগত পৰৱর্তী নির্বাচনত আঞ্চলিক দল অসম গণ পৰিষদে জয়লাভ কৰিলে। তেওঁ সম্ভৱতঃ অগপই এক প্রগতিশীল আদৰ্শৰ ভেটিত আত্মনিয়ন্ত্ৰণৰ দাবী তুলি আলফাৰ সমান্তৰালভাৱে জাতীয় মুক্তি সংগ্রামখনক এক নির্ণায়ক পর্যায়লৈ আগুৱাই নিব বুলি ভাবিছিল বা আশা কৰিছিল। কিন্তু, দুর্ভাগ্যজনকভাৱে অগপ দলে ক্ষমতাভাৰ লােৱাৰ মুহুর্ততেই স্থিতাৱস্থাৰ উগ্র সমর্থকে শােষণ-লুটৰ পথ ভৱিষ্যতলৈ নিষ্কণ্টক কৰি ৰাখিবৰ বাবে দাসক ৰাজপথতে পুত্ৰৰ সমুখতে গুলীয়াই নিৰ্মম ভাৱে হত্যা কৰিলে, আৰু দ্বিতীয়বাৰৰ ক্ষমতাত অধিষ্ঠিত হােৱা অগপই জাতীয় মুক্তি সংগ্রামখনক আগুৱাই নি 'অসম অসমীয়াৰ অধিকাৰ বৃদ্ধিৰ সাংবিধানিক প্ৰচেষ্টা'ৰ পৰিবৰ্তে কেন্দ্ৰৰ শ্ৰুতলিপি অনুসৰি গুপ্তহত্যাৰ পাতনি মেলি 'জাতীয় সংগ্ৰাম'ৰ শিপা-গছ মষিমূৰ কৰিবলৈহে উদ্যোগ ল'লে। 

চাবলৈ গ'লে, পৰাগ কুমাৰ দাসৰ অকাল মৃত্যু অসমৰ জাতীয় মুক্তি সংগ্রামখনৰ বাবে এক অপূৰণীয় ক্ষতি আছিল। আজিৰ তাৰিখত তেওঁ জীয়াই থকা হলে জাতীয় মুক্তি সংগ্রামখন হয়তাে এক নির্ণায়ক পৰ্যায়ত উপনীত হ’লহেঁতেন অথবা কংগ্ৰেছ-অগপ তথা ৰাষ্ট্ৰীয় দলৰ দপদপনিৰ বিকল্প হিচাপে, হয়তো এক নতুন ৰাজনৈতিক দল গঠনৰ বাবেও উদ্যোগ ল'লেহেঁতেন। তেওঁ বিজেপিৰ দৰে সৰ্বভাৰতীয় সাম্প্রদায়িক ৰাজনৈতিক দলক সমর্থন কৰাৰ বা প্রশ্রয় দিয়াৰ প্রশ্নই নুঠিলহেঁতেন। কিন্তু এনে ‘হেঁতেন'বােৰ একোটা আপেক্ষিক ধাৰণাহে বাবে বর্তমান তেওঁৰ অনুপস্থিতিত তেওঁৰ আদর্শ সাৰােগত কৰি প্রায় স্থবিৰ হৈ পৰিব খােজা জাতীয় মুক্তি সংগ্রামখনক এক নিৰ্দিষ্ট লক্ষ্যৰ পথেৰে আগুৱাই নিয়াটো অসমপ্রেমীসকলৰ কৰ্তব্য  নিশ্চয়কৈ হােৱা উচিত। 

কিন্তু সেই কর্তব্য সম্পাদন কৰিবলৈ যাওঁতে বা পৰাগ কুমাৰ দাসৰ আদৰ্শৰ কথা কওঁতে এয়া মনত ৰাখিব লাগিব যে তেওঁ জাতীয়তাবাদী দৃষ্টিভংগীৰেহে সমাজ জীৱনৰ জ্বলন্ত আৰু জটিল সমস্যাসমূহ দূৰীকৰণৰ চেষ্টা চলাইছিল। কিন্তু বর্তমান জাতীয়তাবাদী দৃষ্টিভংগীৰে অসমৰ জাতিগত সমস্যাসমূহ দূৰ কৰাটো বা জাতীয় মুক্তি সংগ্রামখন আগুৱাই নিয়াটো সম্ভৱপৰ নহয় বাবে, তেওঁৰ আদৰ্শৰ প্রতি শ্রদ্ধা অটুট ৰাখিয়েই, আমি হয়তো মার্ক্সীয় দৃষ্টিভংগীৰেহে এই সমস্যাসমূহ সমাধান কৰিবলৈ বা জাতীয় মুক্তি সংগ্রামখন আগবঢ়াই নিবলৈ এক বৈকল্পিক চিন্তা-প্ৰৱাহৰ চেষ্টা চলাব লাগিব। নিজকে প্রগতিশীল জাতীয়তাবাদী বুলি কৈ যােৱা পৰাগ কুমাৰ দাসেও পৈণত বয়সত মার্ক্সীয় দৃষ্টিভংগীয়েই গ্ৰহণ কৰিলেহেঁতেন। কাৰণ, তেওঁ জীৱনৰ শেষৰ ফালে জাতীয়তাবাদী শিবিৰৰ দুর্বলতাবােৰ অতিক্রম কৰি এক গণতান্ত্রিক ভাবধাৰাক আদৰি লৈছিল আৰু উপলব্ধি কৰিছিল যে অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ দ্বাৰা জাতীয় মুক্তি সম্ভৱ নহয়, কৃষক-শ্রমিক সম্মিলিত আধাৰতহে হয়তো এই কাংখিত আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰ নিশ্চিত কৰাটো সম্ভৱ হব!!

লক্ষণীয় যে ভিন্ন জনগােষ্ঠীৰে ভৰপূৰ অসমত দুটিমান বিশেষ জনগােষ্ঠীয়ে স্বায়ত্ত শাসন আৰু পৃথক ৰাজ্যৰ দাবীত দীর্ঘদিনাৰ পৰা ৰক্তক্ষয়ী সংগ্রাম চলাই আহিছিল। প্রশ্ন হয়, অসমীয়া জাতিৰ সমূহীয়া মুক্তি সংগ্রামখনক এই বিশেষ জনগােষ্ঠীসমূহৰ স্ব-নিয়ন্ত্রণ সংগ্রামবােৰে ক্ষতি কৰিলে নেকি? বা এক নতুন গােষ্ঠীদ্বন্দৰ উদ্ভৱ হৈ সমূহীয়া মুক্তি সংগ্রামখন মষিমূৰ কৰি পেলোৱাত এইবোৰ প্ৰচেষ্টা সহায়কহে হ'ল নেকি? এই প্রশ্নবােৰৰ উত্তৰত ক'ব লাগিব যে বর্তমান বিশ্বায়নৰ যুগত কোনাে জাতিসত্তাৰ বাবেই আছুতীয়া মুক্তি সম্ভৱপৰ হৈ থকা নাই বা বাস্তৱিক হৈ থকা নাই। জাতি-গােষ্ঠী বিশেষে গাইগুটীয়া মুক্তি স্বপ্ন দেখিলেও সেই স্বপ্ন শীঘ্ৰেই সাম্প্রদায়িকতাৰ ঘৃণণীয় চক্ৰান্তৰ বলি হৈ পৰিব পাৰে। সংগ্রামী নেতৃত্বই সর্বক্ষণ মনত ৰখা উচিত যে প্রতিক্রিয়াশীল শাসন-পােষণ ব্যৱস্থা চিৰকালেই সকলাে জাতিসত্তাৰ নিজা-একক স্বাধীন বিকাশ আৰু স্বাধীন অস্তিত্বৰ বাবে প্রতিবন্ধকস্বৰূপহে। তেনে শাসন-পােষণ ব্যৱস্থাৰ ওৰ পৰিলেহে সংগ্রামী জাতিসত্তাবােৰৰ মৌলিক স্বার্থৰক্ষা সম্ভৱ হ'ব। 

সেইদিশৰ পৰা বিবেচনা কৰিবলৈ হ'লে, এই জাতিসত্তাৰ আন্দোলনবােৰ আচলতে মূলতঃ হ'ব লাগিব প্রতিষ্ঠানবিৰােধী শক্তিহে, অন্য জাতিসত্তা-বিৰােধী নহয়। জাতীয় মুক্তিৰ বাবে চলা একোটা সংগ্রামক আপাত দৃষ্টিত প্রগতিশীল যেনেই লাগে; কিন্তু ই কিমানদূৰ প্রগতিশীল, সেয়া নিৰ্ভৰ কৰে অন্যান্য জাতীয় মুক্তি সংগ্রামবােৰৰ লগত থকা বিভিন্ন সম্পর্কৰ চৰিত্রৰ ওপৰত। ৰাজনৈতিক দৃষ্টিৰে অনুধাৱন কৰিবলৈ গ'লে, অন্যান্য জাতিসত্তাৰ ন্যাৰ্য্য সংগ্ৰামৰ পৰা বিচ্ছিন্ন বা অন্যান্য জাতিসত্তাৰ সংগ্ৰামৰ বিৰােধী শিবিৰত অৱস্থান লােৱা জাতীয়তাবাদী সংগ্রাম দৰাচলতে জনবিমুখ-জনবিচ্ছিন্ন-জনবিৰােধীহে। সেইবাবেই তেনেকুৱা সংগ্রাম শেষ বিচাৰত প্রতিক্রিয়াশীলৰ হাথিয়াৰ হৈ পৰে। মাও-চে-তুঙে কৈছিল—'শেষ বিচাৰত জাতীয় সংগ্রাম মূলতঃ শ্রেণী সংগ্রাম।' এই আপাহতে আমি বুজিব লাগিব যে জাতীয় মুক্তিৰ প্ৰসংগটোৰ অর্থ কেৱল মধ্যবিত্ত শ্রেণৰি ৰাজনৈতিক অভিলাষ পূৰণ বা শিক্ষিত নিবনুৱাৰ বাবে চাকৰি-ঠিকাদাৰী নহয়, ইয়াৰ অৰ্থ শােষণ-উৎপীড়ন-বঞ্চনাৰ কালৰ পৰা সর্বাধিক জনসংখ্যাৰ, বিশেষত খাটিখােৱা শ্রমিক-কৃষকৰ 'সৰ্বাঙ্গীন' মুক্তিহে। আমি অনুভৱ কৰো যে, অসমৰ এই জাতীয় মুক্তি সংগ্রামখনক 'নতুন লক্ষ্য উদ্দেশ্যৰে সম-সাময়িক দৃষ্টিকোণেৰে বিশ্লেষণ কৰি' বাস্তৱিক ভাৱে অসমৰ তৰুণ প্রজন্মটোৱে কান্ধ পাতি আগুৱাই নিলেহে পৰাগ কুমাৰ দাসৰ প্রতি প্রকৃত শ্রদ্ধা নিবেদন কৰা হব। বিগত সময়চোৱাত তেখেতক ন্যায় দান কৰিব নোৱাৰা অসমীয়া জাতি হিচাবে এই কথাবোৰ অনুধাৱন কৰাটো নিশ্চয়কৈ সময়ৰেই আহ্বান, সেই কথাও কিন্তু নিশ্চিত। তেখেতেলৈ মৃত্যু তিথিত এই লেখাৰেই জনালো, আন্তৰিক শ্ৰদ্ধাঞ্জলি।

No comments:

Post a Comment