চিন্তনঃ অসমক অগ্রণী ৰাজ্য কৰাৰ সপোনঃ নতুন চৰকাৰৰ কৰণীয় কি? :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ অসমক অগ্রণী ৰাজ্য কৰাৰ সপোনঃ নতুন চৰকাৰৰ কৰণীয় কি? :: শ্যামকানু মহন্ত

চিন্তনঃ অসমক অগ্রণী ৰাজ্য কৰাৰ সপোনঃ নতুন চৰকাৰৰ কৰণীয় কি? :: শ্যামকানু মহন্ত

Share This
অসমক অগ্রণী ৰাজ্য কৰাৰ সপোনঃ নতুন চৰকাৰৰ কৰণীয় কি?
শ্যামকানু মহন্ত
অসম বিধান সভাৰ নিৰ্বাচন-২০২১ সুকলমে হৈ যোৱাৰ পাছত প্ৰতীক্ষাৰ অন্ত পেলাই নতুন চৰকাৰ আৰু মন্ত্রীমণ্ডলে ইতিমধ্যে শাসনভাৰ গ্রহণ কৰিলে৷ প্রথমতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি মন্ত্রীমণ্ডলৰ সকলো সদস্যকে শুভ কামনা জনাইছো৷ 
এই সময়ত ক’ভিডৰ ত্রাসত অসমৰ লগতে সমগ্র দেশ জর্জৰিত৷ ক’ভিডৰ বাবে হোৱা সান্ধ্য আইন, লকডাউন ইত্যাদিৰ বাবে ব্যৱসায়িক বা অন্যান্য কামত যি বাধা আহিছে তাৰ পৰা ৰাজ্যখনৰ জিএছটি সংগ্রহ কমি যাব৷ চৰকাৰৰ আয়ৰ পৰিমাণ কমিব৷ হয়তো ক’ভিডৰ দ্বিতীয় ঢৌৱে বিধ্বস্ত কৰাৰ পাছত ইয়াৰ তৃতীয় ঢ়ৌও আহিব৷ ক’ভিডৰ বাবে অহা বছৰটো সাংঘাতিক ধৰণেৰে প্রত্যাহ্বানপূর্ণ হ’ব৷ ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত বহু কৰিবলগীয়া থাকিব, জৰুৰীকালীন সেৱাৰ ক্ষেত্রত বহু আন্তঃগাঁথনিৰ দৰকাৰ আৰু এইটো চৰকাৰৰ মূল উদ্দেশ্য হোৱাটো দৰকাৰ৷ আমি ভাবো যে, ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে ৰাজ্যখনৰ বিত্তীয় অৱস্থা উন্নত কৰাটো অতিকে প্রত্যাহ্বানমূলক হ’ব৷

হিমন্ত বিশ্ব শর্মাই নির্বাচনী প্রচাৰৰ সময়ত মাইক্র’ ফাইনেন্সৰ ঋণ ৰেহাই আৰু অৰুণোদয় আঁচনিৰ ৰাশি বৃদ্ধি কৰাৰ প্রতিশ্রুতিতো ৰাজকোষৰ বহুখিনি অর্থ ব্যয় হ’ব৷ লগতে অৰুণোদয় আঁচনিৰ ৮৫০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি নাইবা মাইক্র’ ফাইনেন্সৰ ঋণ ৰেহাই এটা ৰাজনৈতিক মাষ্টাৰষ্ট্রোক যি মিত্রজোঁটক নির্বাচনত বহু সহায় কৰিলে৷ এতিয়া এই প্রতিশ্রুতিখিনি বাজেটত আনিব লাগিব৷ হিমন্ত বিশ্ব শর্মাই কৈছে যে ৰাজকোষত ৭ হাজাৰ কোটি টকা মজুত আছে আৰু তেখেতে নিশ্চিতি প্রদান কৰিছে যে ৰাজ্যখনৰ বিত্তীয় অৱস্থা অনাগত সময়ত সুস্থিৰ কৰিব পৰা যাব৷ ৰাজ্যখনৰ এই সংকটপূর্ণ মুহূর্তত হিমন্ত বিশ্ব শর্মা নতুন মুখ্যমন্ত্রী হিচাপে নির্বাচিত হোৱাৰ আটাইতকৈ সুবিধাজনক কথাটো হ’ল বিত্ত আৰু স্বাস্থ্য দুয়োটা বিভাগতে তেখেতৰ সম্পূর্ণ দক্ষতা আৰু অভিজ্ঞতা আছে৷ এই সংকটৰ সময়ত শর্মাই ৰাজ্যখনক সুচাৰুৰূপে আগুৱাই লৈ যাব বুলি আমি আশাবাদী৷

বহুতৰ মনত শংকা আছিল যে নতুন মুখ্যমন্ত্রীৰ শাসনত সর্বানন্দ সোণোৱালৰ ঘনিষ্ঠসকলৰ কি হ’ব? কিন্তু শাসনভাৰ লৈয়েই তেখেতে মন্ত্রীমণ্ডলৰ যিখন তালিকা প্রস্তুত কৰিলে তাত ৩জন সর্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ বিশেষকৈ বিমল বৰা, চন্দ্রমোহন পাটোৱাৰী বা পৰিমল শুক্লবৈদ্যক স্থান দিয়াৰ কথাই তেখেতৰ সকলোকে লগত লৈ যোৱাৰ মানসিকতাকেই সূচাইছে৷ এইটো অতি সুলক্ষণ৷ পাঁচ বছৰ এই ধৰণে সকলোকে লগত লৈ চৰকাৰখন আগবাঢ়িব বুলি আমি আশা কৰিব পাৰোঁ৷

এইখিনিতে তেখেতে বহু বছৰ ধৰি কৈ অহা, নিজে লিখা কিতাপকেইখনত লিখা অসমক দেশৰ পাঁচখন সর্বশ্রেষ্ঠ ৰাজ্যৰ তালিকালৈ লৈ যোৱাৰ তেখেতৰ সপোনৰ কথা নির্বাচনৰ পৰৱর্তী প্রথমখন সংবাদ মেলতো উল্লেখ কৰিছে৷

প্রথমখন সংবাদ মেলতে তেখেতে দুটামান অতি গুৰুত্বপূর্ণ কথা ক’লে৷ মুখ্যমন্ত্রীগৰাকীয়ে যি কৈছে সেয়া যথাসাধ্যে কৰিবলৈ চেষ্টা কৰিব আৰু সংবাদ মাধ্যমৰ প্রশ্ণৰ উত্তৰ দিব বুলি আমাৰ বিশ্বাস৷ মুখ্যমন্ত্রী হিচাপে কি কি কথাত প্রাধান্য দিব, সেয়া তেখেতে স্পষ্ট কৰি দিছে৷ ক’ভিড মেনেজমেণ্ট তেখেতৰ প্রথম লক্ষ্য৷ যিটো হাৰত ৰাজ্যখন ক’ভিডৰ গ্রাসত পৰিছে, চাৰিওপিনে মৃত্যুৰ কিৰীলি হৈছে চৰকাৰখনৰ প্রথম কাম হ’ব কঠোৰ সিদ্ধান্ত কিছু লৈ ক’ভিড নিয়ন্ত্রণ প্রথম উদ্দেশ্য হ’ব লাগে৷

লগতে ৬ জনজাতিৰ জনগোষ্ঠীকৰণৰ কথাও বুদ্ধিমত্তাৰে সমিলমিলেৰে সমাধান কৰিব লাগিব বুলি তেখেতে উল্লেখ কৰিছে৷ অসমৰ ভূমিপুত্রসকলৰ ন্যায্য এই দাবী বহুদিন ধৰি পৰি আছে৷ এই সমস্যাটোৰ অতি সোনকালে সমাধান কৰাটো দৰকাৰী৷

তাৰ লগতে এন আৰ চি সন্দর্ভতো তেখেতে নিজস্ব স্থিতি প্রকাশ কৰিছে৷ এই সম্পর্কে আমাৰো বহু ক’বলগীয়া আছে৷ আমি সকলোৱে এন আৰ চিখনত ব্যাপক খেলিমেলি প্রত্যক্ষ কৰিছিলো৷ আমি কাকতত বহুবাৰ লিখিছিলো যে বহু বেমেজালিৰে ভৰা এই এন আৰ চিখন শুদ্ধ কৰাটো অতি প্রয়োজন৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৈছে যে সীমান্ত অঞ্চলত প্রায় ২০ শতাংশ আৰু বাকী অঞ্চলত ১০ শতাংশ পুনৰীক্ষণ কৰাৰ কথা কৈছে৷ পুনৰীক্ষণৰ সময়ত বেমেজালিমুক্ত পালে এইখন এন আৰ চিকে গ্রহণ কৰা হ’ব আৰু যদি বেমেজালি দৃষ্টিগোচৰ হয় নতুনকৈ এন আৰ চিৰ কথা কোৱা হ’ব৷ শুদ্ধ এন আৰ চি আমাৰ সকলোৰে কাম্য, প্রাপ্য৷ এইক্ষেত্রত চৰকাৰখনে দৃঢ় পদক্ষেপ লোৱাটো দৰকাৰী৷

তেখেতে বানপানী সমস্যাৰ কথাও কৈছে৷ বানপানী সমস্যাৰ সমাধানৰ ক্ষেত্রত যোৱা পাঁচ বছৰত বিশেষ কাম নহ’ল৷ আমি এখন দীর্ঘম্যাদী আঁচনিৰে এই সমস্যাৰ স্থায়ী সমাধান সূত্র বিচাৰোঁ৷ দীর্ঘম্যাদী সমাধান সূত্র মানে কেৱল মথাউৰি নির্মাণেই নহয়৷ জলচ্ছেদ উন্নয়ন, খহনীয়া ৰোধৰ বিজ্ঞানসন্মত প্রচেষ্টা, নদী সংযোগকৰণ বা ষ্ট’ৰেজ বান্ধ কৰি বানপানীৰ সময়ত নিয়ন্ত্রণৰ ব্যৱস্থা, নৈপাৰ উন্নয়ন, বানপানীৰ লগত সহাৱস্থান ইত্যাদি বিভিন্ন বিষয় লৈ এটা বিস্তৃত প্রকল্প লোৱাটো অতি দৰকাৰ৷ বান সমস্যাই অসমৰ অর্থনীতিত মাৰাত্মক আঘাত হানি আহিছে৷ বছৰি প্রায় ১০ হাজাৰ কোটি টকা বানপানীৰ বাবে অসমে লোকচান ভৰে৷ অসমক শ্রেষ্ঠ ৰাজ্যৰ তালিকালৈ নিবলৈ লোৱা প্রচেষ্টাত বানপানী সমস্যাৰ সমাধান মোৰ দৃষ্টিত আটাইতকৈ জৰুৰী৷

‘কা’বিৰোধী আন্দোলন বা অসমৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্রত বিজেপিৰ ভূমিকাৰ প্রতি খিলঞ্জীয়া অসমীয়া ৰাইজৰ বহু ক্ষোভ আছে৷ এইক্ষেত্রত নতুন চৰকাৰে কিছু পদক্ষেপ লোৱাটো প্রয়োজনীয়৷ অসম চুক্তিৰ ৬নং দফা কমিটীৰ ৰিপ’ট বহু দিন ধৰি দিছপুৰত পৰি ৰ’ল৷ ৬নং দফা ৰূপায়ণ সন্দর্ভত সমিতিয়ে দিয়া ৰিপ’টত হয়তো সাংবিধানিক কিছু বাধ্য–বাধকতা আছে৷ নতুন চৰকাৰক আমি আহ্বান জনাম যে আলোচনাৰ মাধ্যমেৰে সংবিধানৰ আওতাত যি পাৰি ৬নং দফা কার্যকৰী কৰক৷ চৰকাৰৰ এয়া প্রতিশ্রুতি আছিল আৰু এইক্ষেত্রত কাম হোৱাটো আমাৰ কাম্য৷ যিটো হাৰত অসমত প্রব্রজন হ’ল জাতিটোৰ সুৰক্ষাৰ ক্ষেত্রত কিছু যুগান্তকাৰী পদক্ষেপৰ দৰকাৰ৷ সমষ্টি পুনৰ নির্ধাৰণ কৰাৰ সময় সমাগত৷

অসমক দেশৰ সর্বশ্রেষ্ঠ ৫খন ৰাজ্যৰ অন্তর্ভুক্ত কৰিবলৈ হ’লে মোৰ দৃষ্টিত কৃষিৰ উৎপাদন দুগুণ কৰাটো অতি প্রয়োজনীয়৷ ৰাজ্যখনৰ প্রায় ৭০ শতাংশ মানুহ কৃষিখণ্ডৰ সৈতে জডিত৷ এই খণ্ড উন্নয়নৰ বাবে বৃহৎ প্রচেষ্টাৰ প্রয়োজন৷ খেতিৰ সমগ্র ব্যৱস্থাটোৰ আমূল পৰিৱর্তনৰ বাবে কিছুসংখ্যক বহুমুখী প্রকল্প হ’ব লাগিব, উৎপাদন তথা গুণগত মান বঢ়াব লাগিব৷ অসমত জলসিঞ্চন সদায়েই এটি অৱহেলিত বিভাগ৷ এইবাৰ জলসিঞ্চনক গুৰুত্ব দিব লাগে৷ কৃষিৰ বজাৰ সৃষ্টি কৰিব লাগে আৰু যথেষ্টসংখ্যক শীতলীকৰণ ভঁৰাল, শীতলীকৰণ নেটৱর্কৰ প্রয়োজন আছে৷ এইক্ষেত্রত চৰকাৰখনে এটা সামগ্রিক প্রকল্প ল’ব লাগিব৷ কৃষিত উৎপাদন দুগুণ কৰাৰ ব্যৱস্থা৷ উৎপাদন বৃদ্ধি হ’লে জনমূৰি আয় নিজে নিজেই বৃদ্ধি পাব৷ এইক্ষেত্রত বজাৰ, আন্তঃগাঁথনি এইবোৰত বহু গুৰুত্ব দিব লাগিব৷

ঔদ্যোগিক ক্ষেত্রখনত বিনিয়োগ অহাৰ যথেষ্ট সম্ভাৱনা আছে৷ ঔদ্যোগিক মাটি, ইণ্ডাষ্ট্রিয়েল পার্ক নির্মাণ কৰি নিৰৱচ্ছিন্নভাৱে বিদ্যুৎ উৎপাদন কৰিব পাৰিলে উদ্যোগ আহিব৷ যোৱাটো কার্যকালত বিদ্যুৎ খণ্ডত বিশেষ কাম নহ’ল৷ অসমত নতুন বিদ্যুৎ প্রকল্প লাগে আৰু নিৰৱচ্ছিন্ন বিদ্যুৎ এখন ৰাজ্যৰ উন্নয়নৰ বাবে অতি প্রয়োজন৷

মোলৈ প্রায় শত–সহস্র অসমীয়া যুৱক–যুৱতীয়ে মেছেজ দিয়ে মোৰ শ্যামকানু মহন্ত ফেচবুক পেজত, দাদা নতুন ব্যৱসায় এটা কৰিব বিচাৰিছেছা, কেনেকে আগবাঢ়োঁ৷ যিমান পাৰোঁ উত্তৰ দিওঁ কিন্তু সকলোকে দিয়াটো সম্ভৱ নহয়৷ চৰকাৰে নতুন উদ্যোগীৰ বাবে সমগ্র অসমত পৰামর্শ কেন্দ্র খুলিব লাগে৷ ষ্টার্ট আপৰ বাবে যোৱা পাঁচবছৰত কিছু কাম আৰম্ভ হৈছে৷ নতুন চামক প্রফেছনেল মেণ্টৰিং লাগে, চৰকাৰে আগভাগ লওক থলুৱা উদ্যোগীয়ে অসমৰ অর্থনৈতিক মানচিত্র সলনি কৰিব পাৰিব৷

চৰকাৰখনে আৰু দক্ষতা বৃদ্ধিৰ ক্ষেত্রত গুৰুত্ব দিয়াটো আমি বিচাৰিছেছা৷ অসমীয়াৰ কর্মদক্ষতাৰ অভাৱ আছে৷ প্রশিক্ষণ বা উপযুক্ত মার্গ দর্শনৰ অভাৱত বহু পিছ পৰি ৰৈছে৷ চৰকাৰখনে অঞ্চলে অঞ্চলে দক্ষতা বৃদ্ধিৰ এক বৃহৎ প্রগ্রাম লওক, লগত কর্পৰেটসকলৰ সহায় হ’লে ভাল, পিছত নিয়োগৰ সুবিধা হ’ব৷ পর্যটনৰ ক্ষেত্রত অসমত আমূল পৰিৱর্তনৰ দৰকাৰ৷ অসমত পর্যটনৰ বহু সমল থকাৰ পাছতো পর্যটকৰ সংখ্যা কম৷ অৱশ্যে সঠিক ‘মার্কেটিং কেম্পেইন’ৰ বাবে যোৱা পাঁচটা বছৰত পর্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ Awesome Assam, কেম্পেইনত যথেষ্ট পর্যটক আকর্ষিত হৈছে কিন্তু বিশেষকৈ আমাৰ আন্তঃগাঁথনিৰ সমস্যা৷ প্রাথমিক সমস্যাৰ ভিতৰত আমাৰ বাটত সুলভ জিৰণি ঠাই, ৰিজ’ট, পর্যটনৰ সমলসমূহত আন্তঃগাঁথনি এই সকলোখিনিৰ উন্নতি কৰিব পাৰিলে অসমত ব্যাপক হাৰত পর্যটক বৃদ্ধি পাব আৰু অসমে বহু পৰিমাণে ৰাজহ লাভ কৰিব৷ তথ্য–প্রযুক্তিৰ ক্ষেত্রখনতো অসমে বহুখিনি পৰিৱর্তন অনাৰ প্রয়োজন৷ বাংলাদেশৰ ক’বজাৰত আন্তঃৰাষ্ট্রীয় গেইটৱেৰ পৰা অসম লাভৱান হ’ব৷ তথ্য–প্রযুক্তিৰ উন্নয়ন কৰিলে অসমত বহুক্ষেত্রত বিশ্বৰ পর্যটকৰ সুবিধা হ’ব৷ এইক্ষেত্রত যাৱতীয় আন্তঃগাঁথনিৰ প্রয়োজন আছে৷ দক্ষিণ–পূব এছিয়াৰ বজাৰখন মুকলি হ’লে বাণিজ্যৰ বাবে অসম এখন সুচল ঠাই হ’ব৷ অহা ১০ বছৰত এইক্ষেত্রত যাৱতীয় আন্তঃগাঁথনি আৰু পলিচীৰ ক্ষেত্রত বহুখিনি কাম কৰা দৰকাৰ৷ ব্যৱসায়–বাণিজ্যৰ বাবে এটি উপযুক্ত পৰিৱেশ গঢ়ি তোলা অতি প্রয়োজনীয়৷

যোৱা কিছুদিন ধৰি অসমত বহু ঘটনা ঘটিছে৷ ৰহাত কণমানিজনীক জনৈক বৰঠাকুৰ পৰিয়ালে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে, ঠিক তেনেকৈ চাউলধোৱা ঘাটৰ এজনী ফুলকুমলীয়া ছোৱালীক কেইবাটাও পিশাচে ধর্ষণ কৰি হত্যা কৰাৰ ঘটনা ঘটিছে৷ এইধৰণৰ ঘটনাবোৰে অসমৰ ৰাইজক আঘাত দিছে৷ দেখা যায় এনেধৰণৰ ঘটনাত ন্যায় পাবলৈ বহু সময় লাগে৷ অভি–নীলৰ হত্যাৰ সময়ত আমি দেখিছিলোঁ মানুহবোৰে তীব্র প্রতিবাদ কৰিছে৷ এতিয়াও অভি–নীলৰ হত্যাই ন্যায় নাপালে৷ দুর্ভগীয়া পিতৃ–মাতৃয়ে এতিয়াও ন্যায় বিচাৰি আদালতৰ কাষ চাপিয়েই আছে৷ তাৰিখৰ ওপৰত তাৰিখ আহি আছে৷ নতুন চৰকাৰখনলৈ আহ্বান যে এনেধৰণৰ ঘটনা কেনেকৈ ফাষ্টড্রেক আদালতত সমাধান কৰিব পাৰি তাৰ কাৰণে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰিব লাগে৷ এজন শক্তিশালী বিশেষ গোচৰীয়া লাগে আৰু চৰকাৰে প্রয়োজন হ’লে নিয়মৰ সালসলনি কৰি ভাল উকীল ৰাখিব লাগে, ক্ষিপ্র সিদ্ধান্তৰ ব্যৱস্থা কৰিব লাগে৷ তদুপৰি সমগ্র ৰাজ্যখনতে ব্যাপক সজাগতা কেম্পেইনৰ প্রয়োজন৷ ডাইনী হত্যাই হওক বা বিভিন্ন অন্ধবিশ্বাস, শিশু সুৰক্ষা এইক্ষেত্রত গুৰুত্ব দিয়া উচিত৷ অপৰাধ প্রৱণতাৰ হাৰ অধিক হোৱা অঞ্চলসমূহত এই দিশত বিশেষ ব্যৱস্থা ল’ব লাগে৷ চৰ অঞ্চলত প্রসূতি–শিশুৰ মৃত্যুৰ হাৰ অধিক৷ এনেধৰণৰ অঞ্চলসমূহত বিশেষ সজাগতাৰ প্রয়োজন৷ চৰ অঞ্চলত শিক্ষাৰ হাৰ বৃদ্ধি, জনসংখ্যাৰ বিস্ফোৰণ ৰোধ কৰাটো অতিকৈ দৰকাৰী৷ এইক্ষেত্রত চৰকাৰে নিজে যাৱতীয় ব্যৱস্থা লোৱাৰ উপৰি এন জি অ’ কিছুমানক বিশেষ দায়িত্ব দিব লাগে৷ এইখিনি সূচাংকৰ বাবে অসম উন্নয়নৰ দিশত সদায় পিছ পৰি ৰয়৷

তাৰ লগতে অসমখন শিক্ষাৰ এক কেন্দ্র হ’ব পাৰে৷ অসমৰ ভৌগোলিক পৰিৱেশ ভাল৷ বর্তমান সংযোগ ব্যৱস্থাও বহু উন্নত৷ অসম বায়’টেকন’লজী, বিজ্ঞান অধ্যয়ন ইত্যাদিৰ কেন্দ্র হ’ব পাৰে৷ যোৱা কেইটামান বছৰত এখন ইলেক্ট্র’নিক চিটী, বায়’ পার্ক ইত্যাদি কিছু ভাল প্রকল্প কৰা হৈছে৷ আন্তঃগাঁথনিৰ সদ্ব্যৱহাৰ কৰিব পাৰিলে মোৰ ধাৰণা শিক্ষা, বায়’টেকন’লজী সকলো ক্ষেত্রতে অসম বহু দূৰ আগবাঢ়ি যাব৷ মোৰ দৃষ্টিত ভাৰতৰ ৫খন উন্নত ৰাজ্যৰ অন্তর্ভুক্ত হ’ব পৰাকৈ অসমৰ যথেষ্ট সমল আছে৷

আৰু এতিয়া নেতৃত্বত থকা ব্যক্তিজন, মুখ্যমন্ত্রীগৰাকী এই দিশত কাম কৰিবলৈ আগ্রহী৷ অনাগত দিনত বহু কাম হ’ব বুলি মই আশাবাদী৷ এইক্ষেত্রত অসমৰ ৰাইজে বৃহৎ ভূমিকা পালন কৰিব লাগিব৷ অসমৰ ৰাইজে উন্নয়নৰ কথাত গুৰুত্ব আৰোপ কৰিবই লাগিব৷ ব্যৱসায়–বাণিজ্যৰ বাবে পৰিৱেশ লাগে৷ সুস্থিৰ পৰিৱেশ নাথাকিলে উন্নয়ন নহয় এই কথাটো আমি সকলোৱে বুজিব লাগিব৷ বন্ধ, চান্দা, অপহৰণৰ সংস্কৃতি থকালৈকে উন্নয়ন কিয় নহ’ল বুলি প্রশ্ণ কৰাৰ আমাৰ অধিকাৰ নাই৷ এইবোৰ সংস্কৃতিয়ে আমাক একো নিদিলে৷ এইখিনি সম্পূর্ণৰূপে নস্যাৎ কৰিব লাগিব আৰু উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ উপযুক্ত পৰিৱেশ সৃষ্টি হ’লে অসমৰ বহু উন্নয়ন হ’ব বুলি মই বিশ্বাসী৷ নতুন উদ্যোগীসকলক কাজেই সন্মান দিব জানিব লাগিব আৰু উদ্যোমী সংস্কৃতি সৃষ্টি হ’লেহে অসমখন আগবাঢ়ি যাব৷ আগন্তুক দুই এটা বছৰ আমাৰ বাবে আৰু চৰকাৰখনৰ বাবে প্রত্যাহ্বানপূর্ণ৷ কিন্তু তাৰ পাছত উন্নয়নৰ জখলাৰে আমি দোপতদোপে আগুৱাই যাম৷

মোৰ বিশ্বাস মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম দেশৰ সর্বশ্রেষ্ঠ ৫খন ৰাজ্যৰ অন্তর্ভুক্ত হ’বলৈ আগুৱাই যাব৷ নতুন চৰকাৰখনলৈ শুভেচ্ছা যাচিলোঁ৷
লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে আৰু লেখকৰ অনুমতি মৰ্মে পুনৰ প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment