"হোমেন বৰগোহাঞি ছাৰ" : সেই সান্নিধ্য, সেই স্মৃতি
ড° প্ৰাণজিৎ বৰা
১৯৯৯ চনৰ আৰম্ভণি। মই তেতিয়া কটনৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ। কলেজৰ ফাৰ্ষ্ট মেছ অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ স্নাতকোত্তৰ ছাত্ৰাৱাসৰ আবাসী। সেই সময়তে বৰগোহাঞি ছাৰে বিশেষ সূত্ৰে হোষ্টললৈ খবৰ পঠিয়ালে, মই জৰুৰীভাৱে তেওঁক লগ ধৰিবগৈ লাগে। গ'লো। মোক অবাক কৰি তেওঁ ক'লে, এই শতিকাটো যে শেষ হ'ব, তোমাৰ খবৰ আছেনে নাই? বিভিন্ন দিশৰ পৰা এই শতিকাটোৱেই মানুহৰ সভ্যতা-সংস্কৃতিৰ আটাইতকৈ মহত্ত্বপূৰ্ণ শতিকা। যিসকল ব্যক্তিয়ে তেওঁলোকৰ ইতিবাচক বা নেতিবাচক কৰ্মৰাজিৰ জৰিয়তে এই শতিকাটো নিৰ্মাণ কৰিলে, আমি তেওঁলোকৰ এটি খতিয়ান লব লাগিব। এখন কিতাপৰ পৰিকল্পনা কৰা। ... ... ছাৰে মোক "টাইম" আলোচনীৰ কেইবাটাও সংখ্যাৰ কিছু ফটোকপি দিলে আৰু সম্ভাব্য এখন তালিকা কেনে ধৰণৰ হ'ব তাৰো ধাৰণা দিলে। সেই সময়ত মোৰ বয়সনো কিমান? তেইশ বছৰো সম্পূৰ্ণ হোৱা নাই। যি নহওক, তালিকা এখন কৰি ছাৰক দেখুৱালো। ছাৰে কিছু যোগ-বিয়োগ কৰি লেখক নিৰ্বাচন কৰিবলৈ ক'লে। সকলো লেখক হ'ব লাগিব মোৰ প্ৰায় সমসাময়িক নতুন লেখক। ... সেইমতেই আগবাঢ়িলো। সেই সময়ৰ কটনৰ অধ্যয়নপুষ্ট বুলি পৰিচিত মেধাৱী ভালেমান ল'ৰা-ছোৱালীক আমি লেখকৰূপে বাচি ল'লো। চুলতান আলি আহমেদ, জয়দীপ বৰুৱা, অৰিন্দম শৰ্মা, মৌচুমী কন্দলী, সুৰেশ ৰঞ্জন গদুকা, নিবেদিতা ফুকন, কুশল দত্ত, দিব্যজ্যোতি বৰা, দৰ্শনা ডেকা ... ... (ছাৰে কিতাপখনৰ 'মুখবন্ধ'ত আশা কৰা মতেই এওঁলোকৰ প্ৰায় সকলোৱেই আজিৰ তাৰিখত লেখক হিচাপে বা নিজ নিজ ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত!) ... অৱশেষত সেইবছৰৰে ডিচেম্বৰ মাহত কিতাপখন ওলালগৈ, "বিংশ শতাব্দীৰ সন্ধানত"। ... ... এতিয়া ভাবি অবাক হওঁ, কি বিশ্বাসত ছাৰে তেইশ বছৰীয়া অনভিজ্ঞ ল'ৰা এটাক সেই এক গুৰুদায়িত্ব অৰ্পণ কৰাৰ দুঃসাহস কৰিছিল! ময়েইবা কেনেকৈ সেই কাম হাতত লোৱাৰ স্পৰ্ধা কৰিছিলোঁ! মই পাঁচ পৃষ্ঠাৰ দীঘলীয়া এখন পাতনিও লেখিছিলো কিতাপখনৰ কাৰণে আৰু ছাৰে সেই পাতনিৰ এটাও শব্দ নকটাকৈ তাক প্ৰকাশ কৰিছিল।
সেই কিতাপখনৰ প্ৰথমটো প্ৰবন্ধ লেখিছিল এতিয়াৰ মোৰ সহকৰ্মী প্ৰাধ্যাপক জয়দীপ বৰুৱাই। জয়দীপ আৰু মই এনে আৰু এক স্পৰ্ধা কৰিছিলো যে এতিয়া পাছলৈ ঘূৰি চালে নিজেই তবধ মানো। বৰগোহাঞি ছাৰ তেতিয়া "অসমবাণী" এৰি কোনো কাকত-আলোচনীৰ সৈতে জড়িত নোহোৱাকৈ এনেয়ে আছে। ছাৰে তেনেকৈ থকাটো আমাৰ সমূলি ভাল লগা নাই। সেই সময়ত অখিলে (অখিল গগৈ) উলিয়াই থকা "ছাত্ৰবাৰ্তা" (য'ত আমিও নিবিড়ভাৱে জড়িত হৈ আছিলো) নামৰ আলোচনীখনো হ'বলা অনিয়মীয়া হৈছে। আমি জয়দীপৰ হোষ্টেলৰ ৰুমত বহি এদিন এৰাতি পৰিকল্পনা কৰি চিন্তা কৰিলো যে এখন অতি ব্যতিক্ৰমী ক্ষুদ্ৰ আলোচনী আমি উলিয়াম যাৰ সম্পাদকৰূপে থাকিব বৰগোহাঞি ছাৰ। নাম এটাও সম্ভৱ ঠিক হৈছিল, জয়দীপে দিছিল, "তৰংগ"। কথামতে কাম, মই ছাৰলৈ ফোন কৰিলো, আমাৰ পৰিকল্পনাৰ কথা ক'লো। এতিয়াও ভাবি আচৰিত হওঁ যে ছাৰে আমাক নিৰাশ কৰা নাছিল। শিশুসুলভ সৰলতাৰে তেওঁ আমাক হ'ব বুলিয়েই কৈছিল। কিন্তু আমাক আশ্বস্ত কৰি তাৰ কেইটামান দিনৰ পাছতে তেখেতে আন এখন কাকতত সম্পাদকৰূপে যোগ দিছিল। খুব সম্ভৱ "আমাৰ অসম"ত।
প্ৰজ্ঞাৰ অম্লান জ্যোতিৰ লগতে অনবৰতে তেখেতৰ মুখত ঢৌ খেলি থকা শিশুসুলভ সৰলতা এটাই মোক বাৰে বাৰে তেখেতৰ কাষলৈ টানি নিছিল। বিয়াৰ আগতেই মই এওঁক লৈ এদিন ছাৰৰ হেঙেৰাবাৰীৰ হাউচিং কলোনীৰ ঘৰ ওলাইছিলোগৈ। সেই স্নিগ্ধ আবেলিটো সদায় মনত ৰৈ যাব। এই যেন আমি ছাৰৰ অত্যন্ত পৰিপাটী কিতাপেৰে ঠাহ খাই থকা ঘৰৰ ছোফাত বহি আছো। এই যেন ছাৰে কথা কৈ কৈ নিজেই আমাৰ বাবে চাহ কৰিবলৈ উঠি গৈছে। এই যেন সৰু ট্ৰেখনত চাহ দুকাপ আৰু প্লেটত কেইবাবিধো মিঠাই সজাই আনি তেওঁ আকৌ বহিছেহি আৰু আমাক কৈছে, খোৱা। ... সেই আবেলি ছাৰৰ ঘৰৰ পৰা উলটিবৰ পৰত ছাৰে নিজৰ সদ্যপ্ৰকাশিত কিতাপ এখনত নিজহাতে এওঁৰ নামটো লেখি সেইখন এওঁক উপহাৰ দিছিল। ... ... আমাৰ বিয়াৰ ঠিক পাছতে মই বৰপেটাৰ কলেজত কাম কৰি থকাৰ সময়ত ছাৰে বৰপেটালৈ যাওতে আমাক আশীষ দিবলৈ বুলিয়েই আমাৰ ভাড়াঘৰলৈও গৈছিল। তেওঁ বৰপেটালৈ আহিছিল গ্ৰন্থমেলা উদ্বোধন কৰিবলৈ, কিন্তু তাৰ মাজতে মই যেতিয়া ক'লো যে মোৰ সম্পাদনাত ওলাবলগীয়া "কথামালিতা" নামেৰে এখনি কাব্যআলোচনী আপুনি উন্মোচন কৰিব লাগিব, তেওঁ সুৰুঙা উলিয়াই সেই কামো কৰি গৈছিল। পিছদিনা আমাৰ ঘৰত পুৱাৰ জলপান খাই হাঁহি হাঁহি এওঁক জোকাইছিল, তুমি যে ৰান্ধিব পাৰা, মই এই প্ৰমাণ পালোঁ। পাছত "সাতসৰী"ৰ সম্পাদকৰ কোঠাত এদিন এওঁক মোৰ সমুখতে উপদেশ দিছিল, ইয়াক চিগাৰেট খাবলৈ নিদিবা, তাৰ সলনি সদায় দুপেগকৈ মদ খাবলৈ দিবা।
"সাতসৰী"ৰ সম্পাদক হৈয়েই ছাৰে মোক ফোন কৰিছিল, "বহুত ভাৱনা-চিন্তা কৰিবৰ পাছত নতুন আলোচনীখনত ধাৰাবাহিক উপন্যাস এখন লিখিবলৈ ক'বলৈ বুলি এই মুহূৰ্তত পাঁচোটা নাম মোৰ মনলৈ আহিছে। তাৰে প্ৰথমটো নাম তোমাৰ। তুমি আজিয়েই মোক ক'ব নালাগে।তোমাক মই ২৪ ঘণ্টা সময় দিলো। কাইলৈ ইমান সময়ত মোক ফোন কৰিবা।" মই হতভম্ব। তেতিয়ালৈ মই কেইটামান গল্প লেখিছো সঁচা, তাকো চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ আৰু লক্ষ্মীনন্দন বৰা ছাৰৰ একান্ত প্ৰেৰণাত, কিন্তু উপন্যাস? সাংঘাতিক ভয় এটাই মোক আগুৰি ধৰিলে। কওঁ কি ছাৰক! এওঁ মোক ক'লে, তোমাৰ-মোৰ শৈশৱ-কৈশোৰৰ সেই যৌথপৰিয়ালকেন্দ্ৰিক বিলুপ্তপ্ৰায় গাঁওৰ কথাৰেই দেখোন উপন্যাস এখন হৈ যায়, তুমি ছাৰক না ক'ব নোৱাৰা। সেয়াই আছিল আৰম্ভণি। "সাতসৰী"ৰ প্ৰথম সংখ্যাৰ পৰাই আৰম্ভ হ'ল মোৰ উপন্যাস, "কথামানৱীৰ ৰূপকথা"। সেই সময়ত সিফালে মোৰ পি এইচ ডি-ৰো কাম, আনফালে মাহত দুবাৰকৈ উপন্যাসৰ খণ্ড জমা দিব লাগে। পি এইচ ডি যি হয় হওক বুলি দুবছৰ তেনেকৈ উপন্যাসতে গ'ল। যি নহওক, মোৰ নিজৰ ওপৰত যিমান বিশ্বাস আছিল, ছাৰৰ মোৰ ওপৰত বিশ্বাস আছিল তাতকৈ বহুত বেছি। কথামানৱীৰ যিখন ছবি আলোচনীখনত (পাছত কিতাপতো) ব্যৱহৃত হৈছিল, ছাৰৰ খুব পছন্দৰ ছবি আছিল সেইখন। আঁকিছিল চিত্ৰশিল্পী মনজিৎ ৰাজখোৱাই। ছাৰে এবাৰ উপন্যাসৰ কোনোবা এটা খণ্ড পঢ়ি উঠি ফোনত কৈছিল, ইমান কোমল চিত্ৰধৰ্মী ভাষাৰ গদ্য মই আগতে ক'তো পঢ়া নাই।
"সাতসৰী"ৰ কোনোবা এটা সংখ্যাত ছাৰে তিনিজন গুৰুত্বপূৰ্ণ অসমীয়া কবি বুলি এটা কাভাৰেজ কৰি মোৰ কবিতাৰো এক বিশদ আলোচনা প্ৰকাশ কৰিছিল। সেয়াও মোৰ বাবে আছিল বিস্ময় আৰু পৰম প্ৰাপ্তি। আজি পৰ্যন্ত দহখনকৈ কবিতা পুথি প্ৰকাশ হৈ ওলোৱাৰ পাছতো কোনোবাই তেনেকৈ মোৰ কবিতাৰ আলোচনা নিজ বিবেচনামৰ্মে কৰা নাই আৰু নকৰিবও চাগৈ। ছাৰ আছিল অতি উদাৰ মনৰ অধিকাৰী বিৰল ব্যক্তিত্বৰ এজন মানুহ। তেখেতৰ "আধুনিক যুগৰ জন্মকাহিনী" কে ধৰি বিভিন্ন ৰচনাত যি আবেগেৰে তেখেতে আধুনিক যুগৰ নিৰ্মাণকাহিনী চয়ন কৰিছে, বিশেষকৈ ইউৰোপীয় প্ৰেক্ষাপটটো, সেই উদাৰনৈতিক মানৱতাবাদী ভাৱাদৰ্শই তেওঁক যে অহৰহ প্ৰেৰণা যাচি গৈছিল, তাত কোনো সন্দেহ নাই। তেওঁৰ "আত্মানুসন্ধান", "পাঠকৰ টোকাবহী", "সুখ-দুখ", "স্বৰ্গ আৰু নৰক" আদি গদ্য-সংকলনসমূহত সকলোতে তেওঁ আত্ম-অনুসন্ধানৰ বাট কাটিছে মাথোন গ্যেটেৰ পৰা হাইনৰিখ হাইনেলৈ, ছাৰ্ট্ৰেৰ পৰা ৰাছেললৈ, এডগাৰলী মাষ্টাৰছৰ পৰা বৰিছ পাস্তেৰনাকলৈ, এই মানৱতাবাদী লেখক-মনীষীসকলৰ পোহৰত।
বৰগোহাঞি ছাৰৰ সম্পাদনাত মোৰ প্ৰথম লেখা ওলাইছিল "কিশোৰ" নামৰ আলোচনীখনৰ পাতত। "এইবাৰ দেখোন শৰৎ আগতীয়াকৈ আহিল" শীৰ্ষক এটা পদ্য আছিল সেইটো। "অসমবাণী"ৰ পাতত বাণীকান্ত কাকতি সম্পৰ্কীয় লেখা এটাৰে আৰম্ভ হৈ মোৰ কিমান যে লেখা প্ৰকাশ কৰিছিল ছাৰে! কেতিয়াবা এটা সংখ্যাতে মোৰ তিনিটা পৰ্যন্ত লেখা ওলাইছিল, এটা নিজৰ নামত, আন দুটা ছদ্মনামত। "তোমাৰ কাৰণে যাওঁ ফুল তুলিবলে', তুমি আছা ফুলৰে সাজত" নামৰ নৱকান্ত বৰুৱাক লৈ লেখা সৰু লেখাটোৰ পৰা ষ্টিফেন ক্ৰেইন, ডাইলান টমাছ, চাৰ্লচ ব'দলেয়াৰ আদি অলেখ লেখা। ছাৰে মোক লুই আণ্টাৰমেয়াৰৰ "মেকাৰ্ছ অৱ দ্য মৰ্ডান ৱৰ্ল্ড" নামৰ নিজৰ সংগ্ৰহৰ এখন কিতাপ দিছিল সেই সময়তে। সেই কিতাপখনৰ আধাৰতো ভালেকেইটা লেখাই লেখিছিলো। গুৰুত্বপূৰ্ণ কথাটো হ'ল, "অসমবাণী" ৰ পাততে মোৰ সাংবাদিক জীৱন এটাৰো সূচনা হৈছিল মোৰ অলক্ষিতেই, ছাৰৰ একান্ত তাগিদা আৰু আগ্ৰহতে। মই জীৱনত এই পৰ্যন্ত লেখা একমাত্ৰ পেৰডি কবিতাটোও "অসমবাণী"ৰ পাততে প্ৰকাশিত হৈছিল। ছাৰে কাকতখনৰ "নতুন পুৰুষ" শিতানটিৰ কোনোবা এটা সংখ্যাৰ সম্পাদনাৰ দায়িত্ব পৰ্যন্ত মোৰ ওপৰত অৰ্পণ কৰিছিল।
একেই বিশ্বাস আৰু প্ৰশ্ৰয় তেওঁ মোক দিছিল "আমাৰ অসম"ৰ পাততো। এসময়ত "আমাৰ অসম"ৰ সম্পাদকীয় পৃষ্ঠাটোত (যিটো পৃষ্ঠাক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়) বহুদিন কেৱল সম্পাদকীয়টো আৰু গোটেই পৃষ্ঠাজুৰি মোৰ সম্পূৰ্ণ এটা লেখা। সেই লেখাবোৰ আছিল বাখ, বিথোভেন, শ্বুমেন, শ্বুবাৰ্ট, মোজাৰ্ট আদি প্ৰখ্যাত ইউৰোপীয় সংগীতজ্ঞসকলৰ জীৱন আৰু সাধনাৰ কাহিনী।
আৰু বহু কথাই এই সময়ত মনটোক জুমুৰি দি ধৰিছেহি। মই যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষকৰূপে কৰ্মৰত, তেতিয়া অসমীয়া সাহিত্যৰ আধুনিক যুগৰ কথা ক'বৰ পৰত সদায়েই আমাৰ সাহিত্যত অৱস্থিতিবাদ, অস্তিত্ববাদ, মনঃসমীক্ষণ, পলিফনিক চৰিত্ৰ আদি আধুনিক ধাৰাবোৰৰ কথা কওঁতে ছাৰৰ গল্প-উপন্যাস-কবিতাৰ কথা অৱধাৰিতভাৱেই মুখৰ পৰা ওলাই আহিছিল। এমিল জোলা-ব'দলেয়াৰ-ডষ্টয়েভস্কি-ছাৰ্ত্ৰে-মোৰাভিয়া-বৰ্ঝেছ-টমাছ মান আদি আটাইৰে সৰৱ উপস্থিতি আছিল তেওঁৰ ৰচনাত, কিন্তু তেওঁ লেখিছিল আমাৰ মাটি আৰু মানুহৰ জীৱনগাঁথা। তেওঁ অলীক স্বৰ্গ এখনৰ ধাৰণাত বিশ্বাসী নাছিল কাহানিও, ষ্টইকসকলৰ জীৱনাদৰ্শও আনহাতে তেওঁৰ পছন্দৰ নাছিল। তেওঁ বিচাৰিছিল শেষ মুহূৰ্তলৈকে সক্ৰিয়তাৰে সমৃদ্ধ এক জীৱন। আচৰিতধৰণে সেই জীৱনেই তেওঁ শেষ মুহূৰ্তলৈকে লাভ কৰি গৈছে। শেষ মুহূৰ্তলৈকে তেওঁ আছিল কৰ্মৰত এজন সাংবাদিক-সম্পাদক।
বৰগোহাঞি ছাৰৰ বহু মতৰ সৈতে মোৰ মতপাৰ্থক্য থাকিলেও মই ক'বই লাগিব যে সকলো ধৰণৰ প্ৰতিবন্ধকতাৰ মাজতো নিজৰ বিশ্বাস আৰু আদৰ্শত অটল হৈ থকা (সেই "নীলাচল", "নাগৰিক"ৰ দিনবোৰ!) এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া তেওঁ। মোৰ জীৱনৰ প্ৰথমখন প্ৰকাশিত কিতাপ "বিখ্যাত লোকৰ অখ্যাত কাহিনী" মই উছৰ্গা কৰিছিলো তেওঁৰ আৰু নিৰুপমা বৰগোহাঞি দুয়োৰে নামত। নক'লেও হয় যে আমাৰ প্ৰজন্মটোৱে তেওঁৰ পৰাই প্ৰথমে শিকিছিলো কিতাপ কি আৰু লেখক কোন! এই ঋণ পৰিশোধ কৰা যাব জানো!
এই লেখাটো শেষ কৰো কৰো বুলিও শেষ কৰিবই পৰা নাই। কটনত মই যিটো আবাসত স্নাতকৰ ছাত্ৰৰূপে আছিলো, সেইটো আবাসতে (ছেকেণ্ড মেছ) বৰগোহাঞি ছাৰো আছিল। ছাৰে যিটো কোঠাত "আবেলিৰ আলিবাটৰ গান" লেখিছিল, সেইটো তেতিয়াও তেওঁৰ কোঠা বুলিয়েই আমাৰ মাজত পৰিচিত আছিল আৰু তাতেই আমাৰ নৈশ আড্ডাবোৰৰ বেছিভাগ জমি উঠিছিল। হোমেন বৰগোহাঞি আমাৰ বাবে সেই সময়ত এনে এক অৱশ্যেছন আছিল যে ঘণ্টাৰ পাছত ঘণ্টা আমাৰ আড্ডাৰ বিষয়বস্তু আছিল তেওঁৰ "ভয়", এপিটাফ" জাতীয় গল্পবোৰ আৰু "সাপ", "অফেলিয়া" বা "স্মৃতি"ৰ দৰে কবিতাবোৰ। এই অৱশ্যেছনে এসময়ত এনে পৰ্যায় পাইছিলগৈ যে এসময়ত তেওঁ "ভিনটেজ" নামেৰে যিখন ছেকেণ্ডহেণ্ড কিতাপৰ দোকান পাণবজাৰত দিছিল, তেওঁৰ স্মৃতি বিজড়িত সেইখন দোকানতো বিনা প্ৰয়োজনত আমি প্ৰায়ে উপস্থিত হৈছিলোগৈ। সেইখন দোকানতে মই কিনিছিলো তেওঁৰ সৰু কলেৱৰৰ এখন দুস্প্ৰাপ্য কিতাপ, "কলগাৰ্ল আৰু অন্যান্য ৰচনা"।
লেখক বৰ্তমান Professor and Director in Humanities at Krishna Kanta Handiqui State Open University, Guwahati, ৰূপে কৰ্মৰত।
No comments:
Post a Comment