জৈৱ-বৈচিত্ৰ দিৱসত প্ৰকৃতিবিদ সুন্দৰলাল বহুগুণাৰ সশ্ৰদ্ধ স্মৰণ
মানস প্ৰতিম দত্ত
সমগ্ৰ অৰণ্যই তোমাক মাতিছে , সমগ্ৰ চৰায়ে আজি কান্দিছে, তুমি এবাৰ উঠা সুন্দৰলাল.... আজি এই আন্তঃৰাষ্ট্ৰীয় জৈৱ-বৈচিত্ৰ দিৱত যেন প্ৰকৃতি প্ৰেমী সকলে যেন এই আহ্বানেই কৰিছে!! কাৰণ, ভাৰতবৰ্ষৰ বিখ্যাত পৰিৱেশ কৰ্মী সুন্দৰলাল বহুগুণাই ২১ মে ২০২১ তাৰিখে কালি, শেষ নিশ্বাস ত্যাগ কৰিলে।
১৯২৭ চনৰ ৯ জানুৱাৰী তাৰিখে উত্তৰাখণ্ডৰ মৰোডাত জন্ম লাভ কৰিছিল প্ৰকৃতিপ্ৰেমী সুন্দৰলাল বহুগুণাই। তেখেতৰ কৰ্মৰাজিক আৰু প্ৰকৃতি ৰক্ষাৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু শোক প্ৰকাশ কৰিছো। চিপকো আন্দোলন আৰু তেহৰী বান্ধ বিৰোধী আন্দোলনৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আন্দোলনক এক নতুন গতি দিয়া পৰিৱেশ কৰ্মী জনৰ মৃত্যু সমগ্ৰ বিশ্বৰ বাবে অপূৰণীয় ক্ষতি।
বিমলা বহুগুণাৰ সৈতে সুন্দৰলাল বহুগুণাই এটা চৰ্তত বিবাহপাশত আৱদ্ধ হৈছিল। সেই চৰ্ত আছিল যে তেওঁ গাঁৱতে বাস কৰিব আৰু তাত এখন আশ্ৰম খুলিব। মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত সুন্দৰলাল বহুগুণাই খোজ কাঢ়ি, পদযাত্ৰা কৰি ভাল পাইছিল।
১৯৮৬ চনত জমনলাল বাজাজ বঁটা, ১৯৮৭ চনত ৰাইট লাইভলিহোড বঁটা, ১৯৮৯ চনত আই আই টি ৰোৰকিৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী আৰু ২০০৯ চনত পদ্মবিভূষণ সন্মানেৰে সন্মানিত হৈছিল পৰিৱেশকৰ্মী জন। ১৯৮১ চনত পদ্মশ্ৰী সন্মানো ভাৰত চৰকাৰে প্ৰদান কৰিছিল যদিও তেওঁ সেই সন্মান প্ৰত্যাখান কৰিছিল।
প্ৰকৃতি প্ৰেমৰ কথা ক'লেই আমাৰ মনলৈ প্ৰথমে আহে চিপকো আন্দোলনৰ কথা। চিপকো শব্দৰ অৰ্থ হ'ল সাৱটি ধৰা। সত্তৰ দশকত আৰম্ভ হোৱা এই আন্দোলন কেৱল এক আন্দোলন নহয়, ই ভাৰতবৰ্ষৰ প্ৰতিজন মানুহক শিকাই যোৱা প্ৰকৃতি প্ৰেমৰ আদিপাঠ। সেই সময়ৰ অবিভক্ত উত্তৰ প্ৰদেশৰ তথা বৰ্তমানৰ উত্তৰাঞ্চলৰ এখন ৰেণী গাঁৱৰ গাঁওবাসীয়ে ওচৰৰ অৰণ্যৰ পৰা খৰি, ফলমূল আদি দৈনন্দিজ জীৱনত ব্যৱহাৰ কৰিছিল। এবাৰ এজন ঠিকাদাৰে সেই অৰণ্যৰ পৰা গছ কাটিবলৈ আহোতে গাঁৱৰ মহিলা মণ্ডলে গৌৰা দেৱীৰ নেতৃত্বত গছবোৰ সাৱটি ধৰি থাকিল আৰু গছবোৰ কটাত বাধা দিলে। ফলত ঠিকাদাৰ উভতি যাবলৈ বাধ্য হ'ল। চিপকো আন্দোলনৰ দৰেই অন্য এক আন্দোলন হৈছিল ১৮শতিকাত, ৰাজস্থানৰ প্ৰসন্ন খামকাৰ গাঁৱত। ৰজাই এটা দুৰ্গ সাজিবলৈ কাঠৰ প্ৰয়োজন হোৱাত বিষ্ণৈ সম্প্ৰদায় বাস কৰা গাঁওখনৰ কাষৰ অৰণ্যৰ পৰা গছ কাটিবলৈ নিৰ্দেশ দিছিল। কিন্তু গাঁৱৰ মানুহে অমৃতা দেৱীৰ নেতৃত্বত গছবোৰ বচাবলৈ গছবোৰ সাৱটি ধৰি আছিল। ফলত গছ কাটিবলৈ অহা সৈন্য সামান্তই সেই ঠাইৰ পৰা উভতি যাবলগীয়া হৈছিল। এই কাৰ্যত ৰজাৰ খং উঠিল আৰু যেনেকৈ নহ'লেও গছ কাটি কাঠ আনিবলৈ নিৰ্দেশ দিয়ে। উপায়হীন সৈন্য বাহিনীয়ে গাঁওবাসীক আক্ৰমণ কৰে আৰু প্ৰায় ৩৬৩ গৰাকী বিষ্ণৈ সম্প্ৰদায়ৰ আবাসীয়ে খেজৰী গছ ৰক্ষা কৰি প্ৰাণ দিবলগীয়া হৈছিল।
১৯৭৩ চনত সুন্দৰলাল বহুগুণাৰ নেতৃত্বত চিপকো আন্দোলনে নতুন ৰূপ লাভ কৰে। হিমালয়ত অবাধ বনধ্বংসৰ প্ৰতিবাদত সুন্দৰলাল বহুগুনাই পদযাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাই সমগ্ৰ দেশতে পৰিৱেশ সুৰক্ষাৰ এক নৱজাগৰণ আনে। সেই যাত্ৰাত লোক কবি ঘনশ্যাম মইলানিৰ বিখ্যাত 'বননিক ৰক্ষা কৰা, নতুনকৈ গছ ৰোৱা, নতুন বননি সৃষ্টি কৰা' গীতটো গোৱা হৈছিল।
ইয়াে উপৰিও তেখেতে তেহৰী বান্ধৰ বিপক্ষে এক প্ৰবল গণ আন্দোলন গঢ়ি তুলিছিল। তেওঁ স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ৰ সত্যাগ্ৰহী সকলৰ এজন অন্যতম নেতা।
আজি গোটেই বিশ্বজুৰি আধুনিক যুগ সভ্যতাৰ সৈতে উদ্যোগীকৰণ আৰু তাৰ সমুখত জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক কিদৰে এক বহনক্ষম স্তৰলৈ নিব পাৰি, তাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰ সংঘৰ নিৰ্দেশত পালন কৰা হৈছে। এই দিনটোতে এইগৰাকী ভাৰতৰ বিখ্যাত প্ৰকৃতিপ্ৰেমীৰ চিন্তা আৰু কৰ্মক স্মৰণ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সুন্দৰ পৃথিৱী বচাই ৰাখিবলৈ আমিও সংকল্পবদ্ধ হও আহক।
লেখকৰ আন আন প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ
No comments:
Post a Comment