মহামাৰীত "জীৱনৰ নতুন উপলদ্ধি" আৰু অন্যান্য
শোণিত কুমাৰ গোস্বামী
(১) মহামাৰী আৰু জন্ম-মৃত্যু-বিবাহঃ
এই দুঃসময় মানে কৰ'না কালত এটা কথা ভালকৈয়ে উপলব্ধি হৈছে যে জীৱন উদযাপনৰ বাবে সমাজৰ পৰিস্থিতি ভাল হৈ থকাটো প্ৰয়োজনীয়। জীৱনৰ গতিশীলতা মানৱ সমাজৰ বাবে এটা ক্ৰীড়া। নিতৌ কৰ্মব্যস্ততা নাথাকিলে মানুহে নিজক সামাজিক প্ৰাণী হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰে। মানুহৰ কৰ্মজীৱন থাকিব লাগিব। কিন্তু এই মহামাৰীয়ে লৈ অনা পৰিস্থিতিবোৰে মানৱ জীৱন স্থৱিৰ কৰি তুলিছে। কোনবোৰ দিশত কেনেদৰে আগবাঢ়ি যাব পৰা হ’ব সেইবিষয়ত মানুহৰ মনত দ্বিধাবোধৰ সৃষ্টি হৈছে কিয়নো মানুহৰ মনত সংশয়বোধৰ সৃষ্টি হৈছে। এতিয়া মানুহে জীৱন উপভোগ কৰিব পৰা নাই। সেই অনুপাতে মানুহৰ জীৱনৰ মূল্য যেন ক্ৰমাত নাইকীয়া হৈছে।
সমাজৰ সুস্থ পৰিস্থিতি অনুসৰি মানৱে সমাজত জন্ম-মৃত্যু-বিবাহ উদযাপন কৰে। এতিয়াৰ পৰিস্থিতিত সেয়া সম্ভৱ হোৱা নাই। আমি দুখৰ মাজেৰে মৃত্যুও উদযাপন কৰোঁ। অপৰিপক্ক মৃত্যুৰ কথা কোৱা নাই। যিবোৰ মৃত্যু পৰিপক্ক, এটা নিৰ্ধাৰিত বয়সৰ পাছত হয় তেনে মৃত্যু আমি চৰ্চাৰ মাজেৰে উদযাপন কৰোঁ। সৌ সিদিনালৈ আমি মৃত্যু উদযাপন কৰিছিলোঁ। ডঃ ভূপেন হাজৰিকাৰ মৃত্যু ইমান আড়ম্বৰতাৰে উদযাপন কৰিছিলোঁ সেয়া নিশ্চয়কৈ সকলোৰে মনত আছে। তেনেকৈ অন্য মহান ব্যক্তিৰ বেলিকাও আমি মৃত্যু উদযাপন কৰিছোঁ। কিন্তু এতিয়া পৰিস্থিতি সম্পূৰ্ণ ওলোটা। অলপতে মৃত্যু হোৱা (অৱশ্যে এতিয়া মৃত্যু তেনেই সুলভ) বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেৱৰ মৃত্যুৰ কথাটো আলোচনা কৰিব পাৰোঁ। তেওঁৰ মৃত্যু যদিহে কৰ'নাৰ এই সময়ত মৃত্যু নহৈ, স্বাভাৱিক সময়ত হ'লহেঁতেন তেতিয়া আমি সেই মৃত্যু কিদৰে উদযাপন কৰিলোঁহেঁতেন! নিশ্চিতভাৱে তাৰ আয়োজন অনন্য হ’লহেঁতেন। আমি দুখ কৰিলোঁহেঁতেন, চৰ্চা কৰিলোঁহেঁতেন, আলোচনা কৰিলোঁহেঁতেন, কিন্তু তেনেকুৱা একো নহ'ল। কিয়নো মৃত্যু উদযাপনৰ বাবেও আমাক সময়ৰ স্বাভাৱিক লাগে।
একেই কথা মানুহৰ বিয়াবোৰৰ প্ৰসংগতো খাটে আৰু শিশুৰ জন্মৰ ক্ষেত্ৰতো!!! সময় দুঃসময় বাবে আমাৰ জীৱনবোৰ অনুষ্টুপীয়া হৈ পৰিছে। এয়াও যেন মহামাৰীয়ে দিয়া জীৱনৰ অন্য এক উপলদ্ধি।
(২) ডিজিটেল অসমীয়াঃ
লকডাউন, কৰ'নাই মানুহক ডিজিটেল যুগলৈ লৈ গৈছে। এয়া ভাল হৈছে নে বেয়া হৈছে সেয়া বিচাৰ কৰাৰ ক্ষমতা মোৰ নাই কিন্তু সময় সলনি হৈছে। মোৰ দেউতাই পূৰ্বতে বিভিন্ন সাহিত্য-সামাজিক সংস্থাৰ সৈতে জড়িত হৈ থাকিছিল, ব্যস্ত আছিল। সেই সময়ত তেওঁ বা তেওঁৰ সতীৰ্থই কোনো দিৱস, কোনো লোকৰ মৃত্যুত, উৎসৱ আদিত বাতৰি কাকতলৈ প্ৰেছ বিজ্ঞপ্তি, শোক বাৰ্তা আদি প্ৰেৰণ কৰিছিল। কিন্তু কোভিড সৃষ্ট পৰিস্থিতি বিগত বৰ্ষৰ পৰা সকলো সলনি কৰিছে। পূৰ্বৰ সেই সকলো কাম-গতিবিধি এতিয়া ডিজিটেল হৈ ৱাটছএপ গোটৰ বাৰ্তালৈ পৰিৱৰ্তিত হৈছে। সেইদিনা সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুৰ খবৰ শুনি তেওঁ চটফটাই আছিল(লগতে তেওঁ বয়োজ্যেষ্ঠ বন্ধুবোৰ) কিয়নো মৃত্যুৰ খবৰ ল'বলৈ তেওঁলোক যাব নোৱাৰে। লকডাউন, বেমাৰৰ ভয়। শেষত উপায়বিহীন হৈ তেওঁলোকে এটা শোকবাৰ্তা নিজৰ ৱাটচএপ গোটত লিখিয়ে সন্তুষ্ট হৈ থাকিবলগীয়া হৈছে।
৮০-৯০ৰ দশকত জন্ম হোৱাবোৰে এইদৰে পৰিস্থিতিৰ মাধ্যমত সলনি হোৱা সময়ৰ উমান পাই গৈ আছে। অতি কম সময়তে ইমানবোৰ পৰিৱৰ্তন ঘটিছে। সপ্তাহটো ৰৈ থাকি দূৰদৰ্শনত চিত্ৰহাৰ, চুপাৰহিট-মোকাবলা চোৱা সেই কৈশোৰে এতিয়া প্ৰাইম ভিডিঅ', নেটফ্লিক্সত নিজৰ মৰ্জিমতে কনটেন্ট উপভোগ কৰিছে। ৰেডিঅ', অডিঅ' কেছেট, ভিচিআৰ, চিডি, ফ্ল'পী, মাৰিও গেম, প্লে ষ্টেচন, পেন ড্ৰাইভ, টেলিফোন, ব্লেক এণ্ড হোৱাইট ফোন, স্মাৰ্ট ফোন, ডিজিটেল কিতাপ, ডিভিডি প্লেয়াৰ, ইন্টাৰনেটৰ উভৈনদী অনলাইন চিনেমা চোৱা আদিবোৰ সময়ৰ লগে লগে নতুন হৈ অতীত হৈছে, আকৌ নতুন আহিছে। গতিশীল কথাবোৰ। মহামাৰীৰ পাছত আমাৰ জীৱনবোৰ আকৌ বেলেগ হৈ পৰিব। এইবোৰত আমাৰ কোনো নিয়ন্ত্ৰন নাই।
(৩) লকডাউনৰ কাহিনী
বৰপেটাৰ নিবাসী ৰাজীৱে গুৱাহাটীৰ এটা মফচলীয় প্ৰেছত কাম কৰি সংসাৰ চলাই আছিল। যোৱা বৰ্ষৰ লকডাউনে কঁকাল ভাঙি দিয়া প্ৰেছটো কিবাকৈ অলপ গতি লাভ কৰিছিল। কিন্তু পুনৰবাৰ মহামাৰীৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পৰিপ্ৰেক্ষিটত ৰাজীৱৰ মন বিষাদৰে ভৰি পৰিছে। ৰাজ্য চৰকাৰে ১৫ দিনৰ বাবে কাৰ্যালয় বন্ধৰ নিৰ্দেশ দিয়াৰ ফলত প্ৰেছ পুনৰ বন্ধ হৈ পৰিছে। কাৰ্যালয় বন্ধ বাবে ৰাজীৱে গুৱাহাটীৰ ভাৰাঘৰত থকাতকৈ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছে। ঘৰলৈ যোৱাৰ আগমুহূৰ্তত ৰাজীৱে মাথো কৈ গ'ল, এইমাহৰ লকডাউনৰ পাছত অহা মাহত মালিকে দৰমহাটো দিব নে নাই নাজানো! ঘৰতো খোৱা মানুহ একাধিক! বুজি নাপাওঁ কি কৰোঁ!!!
ঠিকেই, এইখিনি সময়ত ৰাজীৱক কি বুলি সান্তনা দিব, জীৱিকাৰ কি সন্ধান দিব সেয়া আপোনালোকৰ কোনেও ভাৱি উলিয়াব নোৱাৰে। চৰকাৰক গালি পাৰিব নে মহামাৰীক! দুয়োটাৰ ক্ষেত্ৰতে আপোনাৰ সীমাৱদ্ধতা আছে। লকডাউন, মহামাৰীৰ এই সময়ত সমস্যা মাথো এই ৰাজীৱহতৰ দৰে মধ্যম বৰ্গৰ মানুহখিনিৰ, খাটি খোৱা মানুহ খিনিৰ। অতি দৰিদ্ৰ বুলি ভিক্ষাও খুজিব নোৱাৰে বা ধনী (চাকৰিয়াল)-ব্যৱসায়ীওনহয়েই! জীৱন যুঁজত সংগ্ৰাম কৰি থকা এই মানুহ খিনিৰ বাবে কৰ'না কাল দুৰ্বিসহ হৈ পৰিছে!!
(৪) অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান খোলা দি দিয়া লকডাউনহে সৰ্বোত্তমঃ
এই যে ১১ বা ১২ টা বজাত সকলো সামৰিব লাগিব, এই কথাটো স্কুলীয়া দিনত শণিবাৰৰ দিনটোত বিদ্যালয় আধাতে সমাপ্ত (হাফ হোৱা) হোৱাৰ যি উত্তেজনা তাৰ সৈতে একে। কেইঘন্টামানৰ বাবে স্কুল যাবলৈ পোৱাৰ সেই উত্তেজনাই শৰীৰত যি ৰক্ত সঞ্চালন ঘটাইছিল সেয়া এতিয়া অসমৰ বজাৰ-দোকানবোৰত দেখা যায়। সকলোৰে উন্নয়নৰ বাবে লোৱা চৰকাৰৰ সিদ্ধান্ত হিতে বিপৰীত হৈছে।
ইয়াৰ সলনি অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানকেইখন সম্পূৰ্ণ সময় খোলা দি আৰু সামগ্ৰীৰ যোগান ব্যৱস্থাত নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখি দিয়া লকডাউন বেছি ফলপ্ৰসু হোৱাৰ সম্ভাৱনা আছে বুলিহে ভৱাৰ থল আছে। অন্য ৰাজ্যৰ উদাহৰণ দিয়াৰ প্ৰয়োজনীয়তা নাই কিন্তু এই কথাটো চৰকাৰে নিজেই বিবেচনা কৰিলে সকলোৰে বাবে ভাল। অসংগঠিক খণ্ডত কাম কৰি থকা শ্ৰেণীটোৰ বাবে চিন্তা কৰাৰ সময় এই কৰ'না কালে চৰকাৰবোৰক দিছে। গতিকে সেই বিষয়টোত মন-কাণ দিয়াটোও সময়ৰ আহ্বান।
(৫) কৰ'নাই মানুহৰ দৰ্প চূৰ্ণ কৰিছে
মই অমূহ সংস্থাৰ সভাপতি, মই তমূক সংন্থাৰ উপ-সভাপতি, আমি অমূক স্মাৰক সভা অনুষ্ঠিত কৰিম, আমি তমূকৰ নামত এটা বঁটা দিয়াৰ ব্যৱস্থা কৰিছোঁ, আমি এই দিৱস পালন কৰিছোঁ আৰু সেই সমিতিৰ দায়িত্বত মই আছোঁ, এইবাৰ অমূক অনুষ্ঠান তমূকে বৰ সুন্দৰকৈ পৰিচালনা কৰিছে। আমি অমূকৰ নামত এইবছৰৰ পৰা সমাজ কল্যাণ আঁচনি ৰূপায়ন কৰিম।
কৰ'নাই সকলোবোৰ শেষ কৰিলে। অনলাইনত সেইবোৰৰ মজা নাই। ঘৰৰ ভিতৰত সোমাই থাকি ৱাটচএপ গোটত সেইবোৰ এনজয় কৰিব নোৱাৰি। এই সময়ে সকলোৰে দৰ্প চূৰ্ণ কৰিছে। ডাঙৰ ঘৰবোৰ, ডাঙৰ গাড়ীবোৰ এতিয়া একো ভাল নলগা হৈ পৰিছে।
লেখক পৰামৰ্শদাতা ভাষা সম্পাদক, “নিউ ইণ্ডিয়া সমাচাৰ”, নতুন দিল্লীত কৰ্মৰত। তেখেতৰ প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
No comments:
Post a Comment