হাতী মানুহৰ সংঘাত-সংকট
এক বিতর্কিত অধ্যায়ৰ বিশ্লেষণাত্মক অধ্যয়ন
মানস প্ৰতিম দত্ত
বেছি দূৰলৈ নগৈ যদি সাম্প্রতিক সময়ত প্রকৃতিপ্রেমীসকলক ব্যথিত কৰাৰ কাৰণসমূ্ৰ কথা মনলৈ আনো তেন্তে আমাৰ মনলৈ প্রথমেই আহে বন্যপ্রাণীৰ প্রতি মানুহৰ জিঘাংসামূলক আচৰণৰ কথা । বন বিভাগৰ নির্লিপ্ততা আৰু জনসাধাৰণৰ মাজত সজাগতৰ অভাৱৰ ফলতেই আৰম্ভ হৈছে এনে “তথাকথিত বন্যপ্রাণীৰ সন্ত্রাস(?) বিৰোধী জন-উদ্যোগ” ।
সাম্প্রতিক সময়ত সততে বাতৰি কাকতৰ শিৰোনাম দখল কৰা এটি অন্যতম বিষয় হ’ল হাতী-মানুহৰ সংঘাত।এই সংঘাত(?) বৰ পুৰণি নহয় যদিও ই বর্তমানে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু মানৱ সভ্যতাৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে বুলিলেও সম্ভৱত: ভুল কোৱা নহ’ব।আপাত দৃষ্টিত হাতীয়ে মানুহৰ আৱাসস্থললৈ আহি মানুহৰ সম্পদ নষ্ট কৰিছে বুলি ভবা যায় যদিও ইয়াক নিৰপেক্ষ দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিলে ইয়াৰ ওলোটা ফল এটাহে আমাৰ দৃষ্টিত ধৰা দিয়েহি।
আমি প্রকৃততে বিশ্লেষণ অবিহনেই এক সন্তুলিত সমাধান সূত্র উলিয়াবলৈ চেষ্টা কৰোঁ যিয়ে আমাৰ মগজুক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে।হাতী মানুহৰ সংঘাত-সংকটৰ আলোচনালৈ যোৱাৰ পূর্বেই আমি এনে আলোচনাসমূহত ‘সংঘাত’ শব্দটো ব্যৱহাৰ কৰাটো কিমান গ্রহণযোগ্য তাক বিশ্লেষণ কৰা উচিত।সংঘাত শব্দৰ ব্যৱহাৰ শক্তি, বল, ধৈর্য্য, সহনশীলতা আদিৰে সম-পর্যায়ৰ প্রতিদ্বন্দীৰ ক্ষেত্রতহে প্রযোজ্য।এতিয়া আমি মানুহ আৰু প্রকৃতিৰ (হাতী যিহেতু প্রকৃতিৰে এক অংশ)প্রতিদ্বন্দী গুণৰ পর্যালোচনা কৰোঁ তেন্তে দেখদেখকৈ মানুহে প্রকৃতিৰ সৈতে হাজাৰ চেষ্টা কৰিও যে সমকক্ষ হ’ব নোৱাৰে সেয়া অতি সহজে প্রমাণিত হৈ যাব। উদাহৰণস্বৰূপে প্রকৃতিয়ে মানুহৰ প্রকৃতিবিৰুদ্ধ ক্রিয়া-কলাপ অতি সহজে বিনা প্রতিবাদেই সহ্য কৰি যায়। এই সহনশীল গুণৰ সুযোগ লৈ যেতিয়াই মানুহে প্রকৃতিক উপর্যপৰি আঘাত কৰে তেতিয়াই প্রকৃতিৰ সহ্যৰ সীমা পাৰ হৈ অসহিষ্ণু হৈ পৰে।এই অসহিষ্ণুতাই মানুহৰ জীৱনলৈ ভয়াবহ ভাবুকি কঢ়িয়াই আনে। যথা - য’তেই নির্বনীকৰণ হৈছে তাতেই বানৰ প্রকোপ বৃদ্ধি হৈছে।মানুহৰ মাটি ভেটি উচন হৈছে। য’তেই প্রদূষণৰ পৰিমাণ বৃদ্ধি হৈছে, তাতেই ভয়াবহ ৰোগৰ পৰিমাণ বৃদ্ধি হৈছে ।
আচলতে মানুহ ইমানেই ধৈর্য্যহীন আৰু নিশকতীয়া যে মানুহে য’তেই প্রকৃতিৰ সৈতে সংঘাতত লিপ্ত হৈছে তেতিয়াই মানুহৰ জীৱনলৈ দুর্যোগ নামি আহে । আৱহমান কালৰ পৰাই প্রায় ব্যৱহৃত সংঘাত শব্দটো সেয়েহে মানুহ আৰু প্রকৃতিৰ সৈতে খাপ নাখায় বা নাখাব ।
সভ্যতাৰ প্রথমাৱস্থাৰ পৰা মানু্হৰ জীৱন ধাৰণ কৌশল প্রণালী ক্রম:বিকাশ ঘটি বর্তমানৰ অৱস্থা প্রাপ্ত হৈছেহি।অঘৰী জীৱন-যাপন শৈলী ত্যাগ কৰি ঘৰ সাজি থাকিবলৈ আৰম্ভ কৰাৰ প্রাৰম্ভিক অৱস্থাতেই মানুহে বনাঞ্চল ধ্বংস কার্যৰ আৰম্ভ কৰিছিল বুলি ক’ব পাৰি। যাৰ ফলত হাতীৰ ( যি মানুহতকৈ আগৰে পৰা আবাসভূমিৰ আবাসী আছিল।) আবাসভূমিৰ প্রতি ভাবুকি আহিল আৰু হাতীয়ে অনিচ্ছা স্বত্বেও মানুহৰ পৰা পৰিত্রাণ পাবলৈ নিজা বাসভূমি এৰি অন্য বনাবৃত অৰণ্যঞ্চললৈ গতি কৰিলে।কিন্তু মানুহৰ অত্যাচাৰ ইমানৰ পাছতো হ্রাস নহ’ল। হাতীৰ আবাসস্থল সমূহ মানুহৰ কবলত পৰিবলৈ আৰম্ভ কৰিলে আৰু হাতীৰ আবাসভূমিৰ পৰিসৰ কমি আহিবলৈ ধৰিলে। এনেদৰে বনাঞ্চল হ্রাস হোৱাৰ ফলত হাতীৰ মাজতো খাদ্য সংকটে দেখা দিলে। ফলত হাতীয়ে খাদ্যৰ সন্ধানত মানুহৰ জনবসতিপ্রধান অঞ্চললৈ আগমন কৰিবলৈ আৰম্ভ কৰিলে, যি অংশসমূহ পূর্বে হাতীৰ আবাসভূমি আছিল। হাতীয়ে জনসমাগমৰ মাজলৈ অহাৰ ফলত এক হস্তী বিৰোধী মনোভাৱৰ সৃষ্টি হ’ল যি হাতী দেখা মাত্রকে জোকাবলৈ আৰম্ভ কৰে। পোৱালি হাতীসমূহক আক্রমণ কৰিবলৈ আৰম্ভ কৰে। ফলত পোৱালিবোৰক বচাবলৈ মাতৃ হাতীসমূ্হে সন্তানৰ জীৱন ৰক্ষা কৰিবলৈ হিংসাত্মক হ’বলৈ বাধ্যহৈ পৰে। তদুপৰি ভূতৰ ওপৰত দানৱ সদৃশ চোৰাং চিকাৰীসকলৰ কথা নক’লোৱেই বা !
ভাৰতবর্ষৰ মুঠ ১৫ খন ৰাজ্যত হাতী পোৱা যায়। তাৰে ভিতৰত অসম অন্যতম। কিন্তু সংকটৰ কবলত পৰি অসমত হাতীৰ ভৱিষ্যতৰ প্রতি সাংঘাটিক ভাবুকি আহি পৰিছে ।
হাতী আৰু মানুহৰ এনে সংঘাত দূৰ কৰাতো অসম্ভৱ নেকি সেই সম্পর্কে অলপতে ভাৰত চৰকাৰৰ “এলিফেন্ট টাস্ক ফর্চ”ৰ সদস্য তথা অগ্রণী পৰিৱেশ সংগঠন নেচার্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ সৈতে এই লেখকৰ এক আছুতীয়া আলোচনা হৈছিল। তেখেতে ইয়াৰ সমাধান সূত্রৰ বিষয়ে কৈছিল “সমস্যা এটা সৃষ্টি হ’লে তাক ঘপহকে সমাধান কৰিব নোৱাৰে। এই হাতী-মানুহৰ সংকট ব্রিটিছৰ দিনতেই আৰম্ভ হৈছিল। ব্রিটিছে যেতিয়া চাহ বাগান বনাবলৈ আৰম্ভ কৰিছিল তেতিয়াই হাতীৰ বাবে বিপর্য় নামি আহিছিল। কিয়নো হাতীৰ বাসস্থানৰ জংঘল সমূহ কাটি তেওঁলোকে চাহ বাগান প্রতিষ্ঠা কৰিছিল। তাৰ পাছতো বাকী থকা জংঘলসমূহতেই হাতীয়ে সহৱস্থান কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু তাৰ পাছতো আমি খেতি মাটিৰ বাবে জংঘল কাটিলোঁ, বাসস্থানৰ বাবে জংঘল কাটিলোঁ। আমি মানুহবোৰে এই কথা পাহৰিয়ে গ’লোঁ যে যিবোৰ গাওঁ আজি আমি আমাৰ গাওঁ বুলি কৈ আছে, আমাৰ গাঁৱলৈ আহি হাতীয়ে আক্রমণ কৰিছে বুলি কৈ আছোঁ সেইবোৰ আমাৰ গাওঁ নহয় , হাতীৰ গাওঁহে আছিল ।এতিয়া কথাটো হ’ল- ঘটনাটোতো যিহেতু হৈ গ’ল, সেয়ে ইয়াৰ সমাধানৰ বাবে আমি কিবা এটা কৰিব লাগিব । আমি মানুহৰ প্রতিও সহানুভূতিশী হ’ব লাগিব, হাতীৰ প্রতিও। কিন্তু এইখিনিতে আমি সকলোৱে উপলব্ধি কৰা উচিত যে এই সমস্যাটো হাতীয়ে উদ্ভৱ কৰা নাই , মানুহেহে কৰিছো । সেয়ে আমি ইয়াৰ ফল ভোগ কৰি আছোঁ । হাতীয়ে কোনো দিনে মানুহক আক্রমণ কৰা নাই। আমি টিভিত দেখা পাওঁ যে পোৱালি হাতী এটাৰ গাত জুই লগাই মানুহে পৈশাচিক আনন্দ উপভোগ কৰিলেহে সেই পোৱালিটোৰ মাকে খেদি আহে। হাতীয়েটো ইচ্ছা কৰিলে সমস্ত ঘৰ দুৱাৰ ভাঙি টহিলং কৰি দিব পাৰে । হাতীয়ে কিন্তু তেনে একো কাম কৰা নাই । সেয়েহে একপক্ষীয়ভাৱে আমি হাতীক জগৰীয়া কৰিব নোৱাৰো এতিয়া ইয়াৰ সমাধান সূত্রটো হ’ল- হাতী প্রকল্পৰ নামত ভাৰত চৰকৰে বহুত টকা ব্যয় কৰিছে । হাতীবোৰকটো টকা নালাগে ।
হাতীবোৰক ইখন গাঁৱৰ পৰা খেদিলে আনখন গাঁৱলৈ গৈছে । ঘৰ-বাৰী নষ্ট কৰিছে। সিহঁতে ক’লৈ যাব বুজি পোৱা নাই । চৰকাৰে ৰাইজক ক’ব লাগ যে হাতীক ধান খাবলৈ দিব লাগে । যিসকল কৃষকে ধানখেতি কৰিছে তেওঁলোকক দুগুণ ধানৰ বাবে পইচা দি দিব লাগে। তেতিয়া কাৰো আপত্তি নাথাকিব। আমাৰ ভাৰতবর্ষতটো ধানৰ অভাৱ ঘটা নাই। আৰু এই ক্ষতিপূৰণটো পোনপোটীয়াকৈ কৃষকৰ একাউন্টত ভৰাই দিব লাগে। ই কাৰোৱেই জৰিয়তে আহিব নালাগে । উদাহৰণস্বৰূপে আমৰ ফৰলেন পথ সমূহৰ কাম কৰোঁতে বহুতৰে ঘৰ-দুৱাৰ, দোকান আদি ভাঙিছে যদিও চৰকাৰে বুজন পৰিমাণে ক্ষতিপূৰণ দিয়াৰ বাবে কোনেও আপত্তি কৰা নাই । ঠিক একেদৰে হাতীৰ ক্ষেত্রতো নিশ্চততভাৱে কৰিব পাৰে। এনেকৈ দহবছৰমান হ’লেই ভার্জিন জংঘলসমূহ পুনৰ ঠন ধৰি উঠিব আৰু লাহে লাহে হাতী-মানুহৰ সংকটতোও দূৰ হ’ব ।
ইয়াৰ উপৰিও হাতী সুৰক্ষাৰ বাবে হাতীৰ বাসস্থান সংৰক্ষণ আৰু হাতীৰ বাসোপযোগী তথা অনুকূল হাতী অৰণ্য গঢ়ি তোলাৰ উদ্যোগ ল'ব লাগিব। ব্যাঘ্ৰ প্ৰকল্পৰ দৰে হাতীকেন্দ্ৰিক প্ৰকল্প আৰম্ভ কৰিবই লাগিব। হাতীৰ বাসভূমিৰ চৌপাশৰ পৰিৱেশ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি প্ৰয়োজনীয় ইতিবাচক উদ্যোগ ল'ব লাগিব। পক্ষী অভয়াৰণ্যৰ দৰে হাতীৰ অভয়াৰণ্যৰ কথাও চিন্তা কৰিব পাৰি। চৰকাৰে যদিহে এই সমস্যাটো হৃদয়ংগম কৰে আৰু বন বিভাগে সূচাৰুৰূপে নিজৰ দায়িত্ব সমূহ সমাপন কৰে তেন্তে এই সংকট সহজে নিৰাময় হ’ব।
শেহতীয়াকৈ নগাঁৱত হোৱা এটা ঘটনাত প্ৰায় ২০টাকৈ হাতী মৃত্যমুখত পৰাটো এটা আচৰিত হব লগা ঘটনা। ঘটনাটোক মেডিয়াই যদিও ব্ৰজপাতৰ ঘটনা বুলি ৰঙ সানি প্ৰচাৰ কৰিছে, কিন্তু মানুহে সেয়া মানি লবলৈ টান পাইছে। বন মন্ত্ৰী ডাঙৰীয়াই তালৈ গৈ তদন্তৰ কথাও কৈছে, নিৰ্দেশো দিছে। কিন্তু সেই চৰকাৰী তদন্তই যে সঁচাকৈ হাতীজাকৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আনিব তাকে লৈ সচেতন ৰাইজ কিন্তু সন্দেহৰ আৱৰ্ততেই আছে। স্বাধীন সাংবাদিক, থলুৱা সংগঠন আদিয়ে নিজাকৈ অনুসন্ধান কৰাৰ প্ৰয়োজনীয়তাৰ কথা বিভিন্ন মহলত আলোচিত হৈছে। বহুতেই আকৌ, হাতী অহা যোৱা কৰা স্বাভাৱিক বনৰ পথ ভেটি কোনোবা উদ্যোগে শ শয়ে ভূমি আগুৰি লোৱালৈ আঙুলিয়াই দেখুৱাই, এয়া এক পৰিকল্পিত ঘটনাহে নেকি বুলি প্ৰশ্ন কৰিছে। উদ্যোগীকৰণ আৰু বন্য প্ৰাণীৰ সংঘাতৰ এয়াও এক নতুন ঘটনাহে নেকি তাকে লৈ চিন্তিত হব লগা হৈছে। সকলোৱেই আশা কৰিছে যে, প্ৰকৃতিৰ সৈতে সহ-অৱস্থানৰ জড়িয়তেহে উদ্যোগীকৰণ কৰা হওক, হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত সহানুভূতিশীল ভাৱে সহজ ক্ষতিপূৰণ লাভৰ ব্যৱস্থা হওক আৰু হস্তী প্ৰকল্প সমূহক বিজ্ঞানসন্মত ভাৱে মেনেজমেণ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক। নতুন চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে দি উচিত নীতি অনাগত সময়ত গ্ৰহণ কৰিব বুলি অসমৰ ৰাইজে আশা কৰি আছে, সেই কথাও কিন্তু নিশ্চিত।
লেখক অসম বিজ্ঞান লেখক সংস্থাৰ সাধাৰণ সম্পাদক তথা নিয়মীয়া নিবন্ধকাৰ ও উদ্ভিদবিদ্যাৰ শিক্ষকতাত সেৱাৰত। তেখেতৰ আন আন লেখা পঢ়িবলৈ ক্লিক কৰক তলৰ সূত্ৰঃ
https://www.xukhdukh.com/search/label/MANAS%20PRATIM%20DUTTA
আইনৰ কিতাপ কিনিবৰ বাবে ক্লিক কৰক এই সূত্ৰঃ
আইনৰ কিতাপ কিনিবৰ বাবে ক্লিক কৰক এই সূত্ৰঃ
No comments:
Post a Comment