গ্ৰন্থ আলোচনাঃ ‘দ্য ৰে’ড ৰিভাৰ এণ্ড দ্য ব্লু হিল’: ঐতিহ্যময় অসম, সমকালৰ অসম সন্দর্ভত হেম বৰুৱাৰ পর্যবেক্ষণ :: কুমাৰ নৱজ্যোতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনাঃ ‘দ্য ৰে’ড ৰিভাৰ এণ্ড দ্য ব্লু হিল’: ঐতিহ্যময় অসম, সমকালৰ অসম সন্দর্ভত হেম বৰুৱাৰ পর্যবেক্ষণ :: কুমাৰ নৱজ্যোতি

গ্ৰন্থ আলোচনাঃ ‘দ্য ৰে’ড ৰিভাৰ এণ্ড দ্য ব্লু হিল’: ঐতিহ্যময় অসম, সমকালৰ অসম সন্দর্ভত হেম বৰুৱাৰ পর্যবেক্ষণ :: কুমাৰ নৱজ্যোতি

Share This

‘দ্য ৰে’ড ৰিভাৰ এণ্ড দ্য ব্লু হিল’: ঐতিহ্যময় অসম, সমকালৰ অসম সন্দর্ভত হেম বৰুৱাৰ পর্যবেক্ষণ, HEM BARUA, xukhdukh, অসমীয়াৰ সুখ দুখ
‘দ্য ৰে’ড ৰিভাৰ এণ্ড দ্য ব্লু হিল’: ঐতিহ্যময় অসম, সমকালৰ অসম সন্দর্ভত হেম বৰুৱাৰ পর্যবেক্ষণ

কুমাৰ নৱজ্যোতি

১৯৫৪ চনত প্রথম প্রকাশিত প্রথিতযশা সাহিত্যিক, সুবক্তা, তার্কিক তথা সফল সাংসদ আৰু জননেতা হেম বৰুৱাৰ ‘The Red River & The Blue Hill’ গ্রন্থখন সমকালৰ অসম অর্থাৎ আমি ‘বৰ অসম’ বুলি কোৱা তাহানিৰ অসম আৰু বর্তমানৰ উত্তৰ-পূর্বাঞ্চল সন্দর্ভত কোনো বহিৰাগতই সঠিকভাৱে জনাৰ বাবে এখন তথ্যপূর্ণ গ্রন্থ। অঞ্চলটোৰ জাতি-জনগোষ্ঠী আৰু এইসমূহে পালন কৰা ৰীতি-নীতি তথা ধর্ম-পৰম্পৰা আৰু অঞ্চলটোৰ সাহিত্য-সংগীত- লোককলা, গ্রাম্য আৰু নাগৰিক জীৱন তথা স্থাপত্য-ভাস্কর্যৰ বিষয়ে অৱগত হোৱাৰ প্রয়োজনত আজিৰ তাৰিখতো গ্রন্থখন গুৰুত্বপূর্ণ বুলিয়েই বিবেচিত হৈ আছে। লেখকে মাতৃৰ নামত উছর্গা কৰা এই গ্রন্থখন ১৯৫৬ চনত লয়ার্ছ বুক ষ্টলৰ দ্বাৰা দ্বিতীয়বাৰৰ বাবে প্রকাশ হৈছিল। গ্রন্থখনৰ শেহতীয়া সংস্কৰণটো বনলতাই ২০১০ চনৰ ডিচেম্বৰত প্রকাশ কৰি উলিয়াইছে।

‘দ্য ৰে’ড ৰিভাৰ এণ্ড দ্য ব্লু হিল’: ঐতিহ্যময় অসম, সমকালৰ অসম সন্দর্ভত হেম বৰুৱাৰ পর্যবেক্ষণ, HEM BARUA, xukhdukh, অসমীয়াৰ সুখ দুখ

মূল সাতোটা অধ্যায়ৰ লগতে গ্রন্থখনৰ ‘পৰিশিষ্ট’ অংশও সামৰি লৈছে৷ বিংশ শতাব্দীৰ প্রখ্যাত কবি উইলিয়াম বাটলাৰ য়েটছৰ কবিতাৰ শাৰী “What are all those fish that lie gasping on the strand?” গ্ৰন্থখনৰ আৰম্ভণিতে উদ্ধৃত হৈছে৷ গ্রন্থকাৰ প্রকৃতি আৰু কবিতা নিবিড়ভাৱে ভালপোৱা মানুহ। নিজেও হাড়ে-হিমজুৱে কবি। সেয়ে হয়তো তেওঁ প্রতিটো অধ্যায়ৰ আৰম্ভণিতে বিশ্বখ্যাত কবিৰ একোটাকৈ সুন্দৰ, নির্বাচিত কবিতাৰ শাৰীৰ উল্লেখ কৰি পাঠকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছে। 


পাতনি অংশত লেখকে গ্রন্থখনৰ ৰচনাৰ প্রসংগত তেওঁৰ ভাবনা আৰু ইয়াৰ নামকৰণৰ আঁৰৰ কথা বর্ণনা কৰিছে৷ লেখকৰ মতে, অসম সম্পর্কে জানিবলৈ ইচ্ছুক বাহিৰৰ সাধাৰণ লোকৰ বাবে তেওঁৰ সমকালত বাঞ্ছিত ধৰণৰ তথ্যসমৃদ্ধ গ্ৰন্থৰ অভাৱ থকাৰ সূত্ৰেই এই গ্ৰন্থখন ৰচনাৰ কথা তেওঁৰ মনলৈ আহিছিল৷ লেখকে উনুকিওৱা এই অভাৱটো আজিৰ তাৰিখতো বৰ কমিছে বুলিব নোৱাৰি। লেখকে মন্তব্য কৰিছে যে কিছুমান বৃহৎ আকাৰৰ গ্রন্থ থকা সত্বেও সেইবোৰ ইমান পাণ্ডিত্যৰে ভৰা যে সৰ্বসাধাৰণ লোকৰ সেইবোৰ পঢ়ি, বুজি লৈ জ্ঞান অৰ্জনৰ বাবে আহৰি অথবা হেঁপাহ এটাও নাই। তদুপৰি, লেখকৰ উপলব্ধি মতে অসম সম্পৰ্কে তেতিয়া সুলভ আনবোৰ সৰু কলেৱৰৰ গ্ৰন্থও ইমানেই সৰু কলেৱৰৰ আৰু ‘মচলা’পূৰ্ণ আছিল যে সেইসমূহক গ্রন্থ বুলি কোৱাতকৈ ‘প্রচাৰ-পুস্তিকা’ বুলিলেহে শুৱাব। সেয়েহে, লেখকে পাণ্ডিত্যপূৰ্ণ নোহোৱা সহজ-সৰল ভাষাৰে সৰ্বসাধাৰণৰ বাবে অসম আৰু ইয়াৰ বিভিন্ন প্ৰসংগৰ বিষয়ে বাহিৰৰ লোকক জনাবলৈ গ্রন্থখন লিখাৰ কথা ব্যক্ত কৰিছে। লগতে, আজিৰ বহু লেখকৰ লেখাত পাবলৈ নোহোৱা বিনয় প্রকাশ কৰি কৈছে যে গ্ৰন্থখনত পাণ্ডিত্যৰ সঁচো নাই। ‘বিভিন্ন উদ্যানৰ পৰা চেৰী আৰু ক্ৰিচেনথেমাম বুটলি আনি ফুলদানিত সজোৱাৰ কামটো’হে তেওঁ কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসকলৰ বিৰূদ্ধে যুঁজিবলৈ অহা এজন সেনা বিষয়াই সমকালৰ অসম বুলিলেই ‘ৰে’ড ৰিভাৰ এণ্ড ব্লু হিলচ্’ বুলি হোৱা তেওঁৰ অনুভৱ লেখকৰ আগত ব্যক্ত কৰাৰ কথা সুঁৱৰি অসম সম্পৰ্কীয় এই আকৰ্ষণীয় ব্যাখ্যাটোকে লেখকে গ্ৰন্থখনৰ শীৰ্ষক হিচাপে ব্যৱহাৰৰ কথাও পাতনিত ব্যক্ত কৰিছে। 


কবি ৱাল্টাৰ ডে’ লা মাৰেৰ “য়ে’, ইন মাই মাইণ্ড দীজ মাউন্টেইনছ ৰাইজ" শাৰীটোৰ উল্লেখৰ পাছতে “হোৱাট ইজ আচাম?”, “এণ্ড হোৱেৰ ইজ আচাম?”- দেখাত সাধাৰণ যেন লগা প্রশ্ন দুটাৰে আৰম্ভ হৈছে গ্ৰন্থখনৰ ‘ইন্ট্ৰডাক্টৰী’ শীৰ্ষক প্রথম অধ্যায়টো। মূলত: সমকালৰ অসমৰ ভৌগোলিক বিৱৰেণেৰে এই অধ্যায়টো সংপৃক্ত ৷ দ্বিতীয় অধ্যায় ‘হিষ্টৰী’ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ অনুবাদ “দি হিউমেন চাইল্ড এৰাইভচ্, এগেইন এণ্ড এগেইন উইথ ইটাৰনেল এচ্যুৰেন্স” শাৰীটোৰে আৰম্ভ হৈছে৷  অধ্যায়টোত ড০ সুনীতি কুমাৰ চেটাৰ্জী, ড০ বাণীকান্ত কাকতি প্ৰমুখ্যে বিভিন্ন পণ্ডিতৰ লেখাৰ উদ্ধৃতিৰে অসমৰ প্ৰাচীন বুৰঞ্জী, কোচ ৰাজ্যৰ বুৰঞ্জী, আহোমৰ শাসন তথা আহোম ৰাজত্বৰ পতন আদিৰ লগতে আহোমৰ প্ৰশাসন পদ্ধতিৰো আভাস দিয়া হৈছে।


গ্ৰন্থখনৰ তৃতীয়টো অধ্যায় “ৰেচেছ, ৰিলিজিয়ন আৰু পীপল” আৰম্ভ হৈছে লিঅ'পাৰ্ডিৰ কবিতাৰ “ইন দিছ ইম্মেনচিটি মাই থটছ চিংকছ ড্ৰউণ্ড...." শাৰীটোৰে। তদানীন্তন অসমৰ জাতি-ধৰ্ম আৰু মানুহবোৰৰ বিষয়ে সাৱলীলভাৱে লিখা অধ্যায়টোত ‘বৰ অসম'ৰ বিভিন্ন জনগোষ্ঠীয় জীৱনৰ কথা কওঁতে নানা জাতি-বৰ্ণৰ লগতে বিভিন্ন ধৰ্মীয় বিশ্বাস, লোককৃষ্টিৰ বিষয়েও কোৱা হৈছে৷ অষ্ট্ৰ'-এছীয়, দ্ৰাবিড়ীয়, তিব্বত-বৰ্মী, মংগোলীয়, আৰ্য আদি অসমত প্রৱেশ কৰি নিগাজীকৈ বাস কৰিবলৈ লোৱা বিভিন্ন নৃগোষ্ঠীৰ প্রবজনৰ ইতিহাস সংপৃক্ত ৰূপত অথচ তথ্যনিষ্ঠভাৱে অধ্যায়টোত প্রকাশ কৰা হৈছে । বড়ো, ডিমাচা, কছাৰী, ৰাভা, মেছ, মিৰি, মিচিমি, লালুঙ, আহোম, কোচ, চুতীয়া, মৰাণ, গাৰো, নগা, কুকি, চিংফৌ, খামটি, মনপা, শ্বেৰডুকপান, টাংচা, গালং, টাগিন, নক্তে, ৱাংচু, কন্যাক, আবৰ, লুচাই, খাছীয়া, কোল, মুণ্ডা --আদি সমকালৰ অসমৰ জনগোষ্ঠীসমূহৰ কথা লেখকে অধ্যায়টোত উল্লেখ কৰাৰ প্রয়াস কৰিছে৷ তান্ত্রিকতাবাদ, যোনীপূজা আদিৰ লগতে প্রাচীন কালৰে পৰা গ্রন্থখন ৰচনাৰ সময়লৈকে অসমত প্ৰচলিত শাক্ত, শৈৱ, বৌদ্ধ তথা বৈষ্ণৱ (নৱ-বৈষ্ণৱ ধৰ্মকো সামৰি) আদি বিভিন্ন ধৰ্মীয় পন্থাৰ যুক্তিনিষ্ঠ বৰ্ণনা লেখকে সুন্দৰকৈ দিছে৷ প্ৰসংগত: বৌদ্ধ ধৰ্মৰ প্রভাৱত অসমত প্ৰচলন হোৱা ‘ৰাতিখোৱা সম্প্ৰদায়'ৰ কথাও তেওঁ উল্লেখ কৰিছে।

 

গ্রন্থখনে সামৰি লোৱা অসমৰ নাগৰিক আৰু গ্রাম্য জীৱন সম্পৰ্কীয় চতুৰ্থটো অধ্যায় ‘আৰবান এণ্ড ৰুৰেল লাইফ’ ষ্টীফেন স্পেণ্ডাৰৰ চিত্তাকৰ্ষক কবিতাৰ “দ্য চিল্টেড ফ্ল’ অৱ ইয়েৰছ অন ইয়েৰছ/ ইজ মার্কড বাই ডাউন্ছ/এজ ফেইন্ট এজ ক্ৰেক্ছ অন মাডফ্লেট্ছ অৱ দিছ্পেয়াৰ”---শাৰীটোৰে আৰম্ভ হৈছে৷ ১৯৫১ চনৰ সমকালৰ অসমৰ লোকপিয়লৰ তথ্য “৭৪ শতাংশ মানুহ কৃষিজীৱি আৰু ১৪ শতাংশ কৃষিভিন্ন বৃত্তিত জড়িত” বক্তব্যৰে সূচনা হোৱা এই অধ্যায়টোৰে তেতিয়াৰ অসমৰ কৃষিমুখিতা প্ৰতিপন্ন হৈছে৷ সেই সময়ত দেশৰ মুঠ চাহৰ উৎপাদনৰ ৪৯ শতাংশ অসমে উৎপাদন কৰাৰ লগতে ‘সোণালী আঁহ’ মৰাপাটৰ উৎপাদনেৰেও অসম অৰ্থনৈতিকভাৱে সেই সময়ত সবল থকাৰ কথা ইয়াত উল্লেখ কৰা হৈছে৷ চিংফৌসকলে ‘ফিনাক’ বুলি কোৱা অসমৰ চাহৰ ইতিহাস, চাহ জনগোষ্ঠীৰ প্রব্ৰজনৰ আভাসো অধ্যায়টোৱে সামৰি লৈছে৷ অসমৰ খাৰুৱা তেলৰ ইতিহাস, ডিগবৈ শোধনাগাৰৰ গাঁথাও ইয়াত সন্নিবিষ্ট হৈছে৷ তদুপৰি কয়লা, চেনি, কপাহ, পাট-মুগা শিল্পৰ বিষয়েও লেখকে অধ্যায়টোত সামৰিছে। ‘তাঁতৰ পাতত সপোন ৰচা’ অসমৰ মহিলাৰ কথা কওঁতে মহিলাইও যে অসমৰ অর্থনীতি সমৃদ্ধ কৰিছিল, সেই কথা ক'বলৈ লেখকে পাহৰা নাই। বাঁহ-বেতৰ শিল্পকে ধৰি বিভিন্ন কুটীৰ শিল্পৰ নিয়মীয়া, বৃত্তিমূলক চৰ্চা থকা সমকালৰ অসমত কুটীৰ শিল্পকেন্দ্ৰিক অর্থনৈতিক সভ্যতাই ঠন ধৰাৰ কথাও লেখকে ক’ব খোজাটো অনুমান হয়। ঔদ্যোগীকৰণে চুই যোৱা নাগৰিক জীৱন আৰু কুটীৰ শিল্পকেন্দ্ৰিক গ্ৰাম্য জীৱনৰ পাৰ্থক্যটো ইয়াতেই স্পষ্ট হয়৷ ইয়াৰ লগতে লেখকে উনুকিয়াইছে অসমৰ জনজীৱনৰ ব'হাগ, কাতি আৰু মাঘ বিহুৰ কথা; বিহুনাম, বিহুনাচ আৰু বনগীতৰ কথা, ঢোল-পেঁপা-চিফুঙ-গগণাৰ কথা, খেৰাই-নংক্ৰেম নাচৰ কথা আৰু লগতে বৰগীত, সূত্ৰধাৰী নৃত্য তথা ভাওনাৰ কথাও।


পঞ্চম অধ্যায়টোৰ শীৰ্ষক ‘লেংগুৱেজ’। আৰম্ভ হৈছে ভ্লাডিমিৰ মায়াক'ভস্কিৰ কবিতাৰ শাৰীৰে। “পাইল্‌ আপ চাউণ্ড অন চাউণ্ড/মাৰ্চ অন উইথ হুইচল এণ্ড চং..." শাৰীটোৰে আৰম্ভ হোৱা অসমৰ ভাষা বিষয়ক অধ্যায়টোত গ্রন্থকাৰে জৱাহৰলাল নেহৰুৰ ‘ডিচকভাৰী অৱ ইণ্ডিয়া’ৰ বক্তব্যও সমাহিত কৰিছে। নেহৰুৱে তেওঁৰ গ্রস্থখনত ভাৰতৰ ভাষাসমূহক মুলত; দুটা বিশাল ভাগত ভগাইছে৷ তেওঁৰ মতে, এবিধ হ'ল সংস্কৃত উদ্ভুত আধুনিক ভাৰতীয় ভাষাসমূহ---যি সমূহ ভাৰতীয় আৰ্যভাষা বুলি পৰিচিত অৰ্থাৎ হিন্দী, উৰ্দু, বাংলা, মাৰাঠী, গুজৰাটী, উৰিয়া, অসমীয়া, পাঞ্জাৱী, সিন্ধি, কাশ্মিৰী আদি। আনবিধ হ’ল -তামিল, তেলেণ্ড, কন্নড়, মালয়ালম আদি দ্ৰাবিড়ীয় ভাষাসমূহ। নেহৰুৰ বক্তব্যক একপ্ৰকাৰ সমৰ্থন কৰি গ্ৰন্থকাৰ অসমত অসমীয়া ভাষা বিভিন্ন জনগোষ্ঠীয় উপাদানেৰে সমৃদ্ধ হোৱাৰ প্ৰসংগলৈ আগবাঢ়িছে । মাগধী প্ৰাকৃত আৰু অপভ্ৰংশৰ লগত আহোমসকল আৰু অন্যান্যৰ ভাষিক উপাদানেৰে অসমীয়া ভাষা সৃষ্ট বুলি ড০ সুনীতি কুমাৰ চেটাৰ্জীৰ মন্তব্যৰ লগতে প্ৰসংগত আন পণ্ডিতৰো উদ্ধৃতিৰে গ্ৰন্থকাৰে তেওঁৰ অসমীয়া ভাষা সম্পৰ্কীয় বক্তব্য সমৃদ্ধ কৰিছে। ইয়াৰ লগতে অসমৰ ভাষা বুলি কওঁতে তেওঁ তিব্বত-বৰ্মী ভাষা পৰিয়ালৰ অন্তৰ্গত অঁকা, মিৰি, আবৰ, ডফলা, মিচিমি, বড়ো, মেচ, ৰাভা, গাৰো, কছাৰী, টিপৰা, আও, আংগামী, চেমা, টাংখুল, মেইটেই, চিংফৌ আদি জনগোষ্ঠীয় ভাষা বা উপভাষাৰ কথা ক'বলৈও পাহৰা নাই। 


গ্রন্থখনৰ ষষ্ঠ অধ্যায়ৰ বিষয় হৈছে সাহিত্য৷ ‘লিটাৰেচাৰ’ শীৰ্ষক এই অধ্যায়টো আৰম্ভ হৈছে ডব্লিউ, এইচ. অডেনৰ কবিতাৰ শাৰী “অ’ হোৱাট ইজ দেট হুইচ চ’ থ্ৰীলচ্‌ দি ইয়াৰ/ ডাউন ইন দ্য ভেলী ড্ৰামিং, ড্ৰামিং..”ৰে। অধ্যায়টোক গ্রন্থকাৰে ‘অ'ল্ড এচামীজ লিটাৰেচাৰ : পপুলাৰ চংচ্‌ এণ্ড বেলাড্‌চ’ আৰু ‘মডাৰ্ণ এচামীজ লিটাৰেচাৰ’ -এই দুটা মূল ভাগ কৰি প্রাচীন আৰু আধুনিক অসমীয়া সাহিত্যৰ আলোচনা কৰিছে। খ্ৰীষ্টিয় অষ্টম শতিকাৰ ডাকৰ বচনৰ পৰা অসমীয়া সাহিত্যৰ সূচনা হোৱা বুলি কৈ গ্রন্থকাৰে সাহিত্যৰ এই ধাৰা বৌদ্ধ দোহা, বিহুনাম, বনগীত, বাৰমাহী গীত, পাগলা-পাৰ্বতীৰ গীত, শিপিনী কীৰ্তন, হৰ-গৌৰীৰ গীত, ৰাম- ওজাপালিৰ গীত, সুকনান্নী-দুৰ্গাবৰীৰ গীত, মনসা গীত আদিৰ মাজেৰে বিকাশ হোৱাৰ কথা কৈছে৷ ত্রয়োদশ শতিকাৰ পৰা হেম সৰস্বতীৰ দিনৰ পৰা আৰম্ভ হোৱা তথা পাছলৈ শংকৰদেৱ-মাধৱদেৱৰ দিনত অধিক সমৃদ্ধ হোৱা তথা পৰৱৰ্তী কালত বিকাশ আৰু বিস্তাৰ লাভ কৰা বৈষ্ণৱ সাহিত্যৰ কথাও গ্রন্থকাৰে সুন্দৰভাৱে আলোচনা কৰিছে। ১৮২৬ চনত বৃটিছৰ আগমনৰ পাছৰ সূচনা হোৱা অসমীয়া সাহিত্যৰ আধুনিকতা তথা উইলিয়াম ৰবিনচন, মাইলচ ব্ৰনচন আদি ব্ৰিটিছ পণ্ডিতে ৰচনা কৰা অসমীয়া ভাষাৰ ব্যাকৰণ, ‘অৰুণোদয়’ৰ অৱদান, হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’, যাদুৰাম ডেকাবৰুৱাৰ অভিধান, নিধি লিবাই ফাৰৱেলৰ সৃষ্টিৰাজি, ভোলানাথ দাস আৰু ৰমাকান্ত চৌধাৰীৰ অমিতাক্ষৰ ছন্দৰ কবিতা, ‘জোনাকী’ আৰু ইয়াৰ পৰৱৰ্তী কালৰ সাহিত্যকো সামৰি বিংশ শতিকাৰ তৃতীয় দশকৰ ‘আৱাহন’ৰ সাহিত্যলৈকে অধ্যায়টোৰ আধুনিক অসমীয়া সাহিত্য বিষয়ক আলোচনাত সামৰা হৈছে ।


গ্ৰন্থখনৰ সপ্তম অৰ্থাৎ অন্তিমটো অধ্যায় ‘এচেছমেন্ট এণ্ড এন্টিচিপেচনচ্’ আৰম্ভ হৈছে টি, এছ. এলিয়টৰ কবিতাৰ শাৰী  “দিচ্ ইজ দ্য লেণ্ড। উই হ্যাভ আৱাৰ ইন্‌হেৰিটেন্স্’’ৰে আৰম্ভ হোৱা অধ্যায়টোৱে পূৰ্বৱৰ্তী অধ্যায়সমূহত থকা মূলত: ইতিহাসকেন্দ্ৰিক বৰ্ণনাৰ সম্পূৰ্ণতাৰ স্বাৰ্থত সমকালৰ অসমৰ শেহতীয়া ঘটনাবহুল বছৰসমূহৰ বৰ্ণনা আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰেক্ষাপটৰ সম্ভাৱনাৰ এক মৃল্যায়ন সামৰি লৈছে। গান্ধীজীৰ নেতৃত্বত অসমৰো স্বাধীনতা আন্দোলনত অংশ গ্রহণ, অসমত গোপীনাথ বৰদলৈৰ প্রধান মন্ত্ৰিত্বত চৰকাৰ গঠন তথা গ্ৰুপিং আচনিৰ বিৰোধিতা আৰু সফলতাৰ প্রসংগ অধ্যায়টোত উল্লেখ কৰা হৈছে। তদুপৰি, সমকালৰ অসমৰ ভূমি সমস্যাৰ ঐতিহাসিক বিৱৰণ; ‘সাৰ্বভৌম নাগালেণ্ড'কৈ ধৰি বিভিন্ন জনজাতি সম্পৰ্কীয় সমস্যা; সাক্ষৰতা আৰু শিক্ষাৰ সমস্যা তথা গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ কথা; বিমানঘাটি, ৰে'লসেৱা, বাছসেৱাৰ সমস্যাৰ লগতে ৰাস্তাঘাটৰ ব্যৱস্থা থাকিলেও সেয়া পৰ্যপ্ত নোহোৱাত নগৰাঞ্চলৰ লগতে বিশেষকৈ গ্ৰামাঞ্চলত, দুৰ্গম অঞ্চলত, পাহাৰীয়া অঞ্চলত যোগাযোগ-যাতায়তৰ সমস্যাৰ লগতে বিশেষকৈ চীন, ব্ৰহ্মদেশ আৰু পাকিস্তানৰ অংশবিশেষ(বৰ্তমানৰ বাংলাদেশ)ৰে আবৃত অসমৰ নিৰাপত্তাৰ প্ৰসংগ অধ্যায়টোত উপস্থাপন কৰা হৈছে। 


গ্রন্থখনৰ ‘পৰিশিষ্ট'ই সামৰি লৈছে চাৰিটা সৰু সৰু উপভাগ৷ প্ৰথম পৰিশিষ্টৰ প্ৰসংগ “দ্য বিহু ড্যান্সেছ্ এণ্ড দে'য়াৰ ছিগনিফিকেন্স’। বিহু নাচ আৰু ইয়াৰ তাৎপৰ্য বিষয়ক এই অধ্যায়টোত কৃষিভিত্তিক সভ্যতাৰ ভেঁটিত গঢ় লোৱা যৌন আবেদনময় নাচ-গানৰ সমাহাৰ বিহুত বিভিন্ন সংস্কৃতিৰ সমাহাৰ ঘটাৰ কথা, অনুৰূপ উছৱ বিশ্বৰ আন প্ৰান্ততো থকাৰ কথা গ্রন্থকাৰে যুক্তিনিষ্ঠ আৰু আকৰ্ষক ৰূপত প্রকাশ কৰিবলৈ সক্ষম হৈছে৷ দ্বিতীয় পৰিশিষ্ট “নৰ্থ ইষ্টাৰ্ন হিল ট্ৰাইবছ : দ্য আবৰ্ছ্‌ এণ্ড দ্য মিছিমিজ্‌"ত আবৰ আৰু মিচিমি, উত্তৰ-পূৰ্বাঞ্চল অৰ্থাৎ তেতিয়াৰ ‘বৰ অসম'ৰ দুয়োটা জনজাতিৰ সমাজ, সংস্কৃতি, বৰ্ণময় জীৱন সম্পৰ্কে আলোকপাত কৰা হৈছে। তৃতীয় পৰিশিষ্টই ‘দ্য থিয়েটাৰ ইন আচাম’ শীৰ্ষকৰ পৰিশিষ্টই শংকৰদেৱ সৃষ্ট ‘ভাওনা’ৰে আৰম্ভ হৈ পাশ্চাত্য শৈলীমুখী হোৱা আধুনিক নাটকৰ ইংগিতেৰে অসমৰ নাট্য পৰিক্ৰমাৰ প্ৰসংগ সামৰি লৈছে। চতুৰ্থ অৰ্থাৎ অন্তিমটো পৰিশিষ্ট মণিপুৰ সম্পৰ্কীয়৷ ‘মণিপুৰ ; লেণ্ড অৱ ড্যান্স এণ্ড মিউজিক’ শীৰ্ষক পৰিশিষ্টটোত মণিপুৰৰ মাটিকালি, ভৌগোলিক বৰ্ণনা, মণিপুৰীসকলৰ ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি; মণিপুৰবাসীয়ে ব্যৱহাৰ কৰা মেইটেই, নগা, কুকি ভাষা; মণিপুৰী তাঁতশিল্প আদিৰ লগতে লোকনাচ ‘লাই হাৰাওবা’, বৈষ্ণৱ ধৰ্ম প্রভাৱিত ‘ৰাসলীলা নৃত্য’ আদিৰ বৰ্ণনাৰ লগতে ইম্ফল নদীৰ পাৰৰ সভ্যতাৰ ইতিহাস বিজড়িত ঘটনাৰ আভাস দিবলৈ গ্রন্থকাৰে পাহৰা নাই। 


মূলত: সমকালৰ অসম সম্পৰ্কে ইচ্ছুক বহিৰাগতক সঠিকভাৱে জনাবলৈ মজলীয়া কলেৱৰৰ তথ্যপূৰ্ণ গ্ৰন্থ এখনৰ প্ৰয়োজনৰ তাগিদাতে প্ৰথিতযশা অসমীয়া হেম বৰুৱাই আলোচ্য গ্রন্থখন ৰচনা কৰিছিল। কিন্তু গ্ৰন্থখন প্ৰথম প্রকাশ হৈ ওলোৱাৰ আজি ষাঠিটা বছৰ পাৰ হৈ যোৱাৰ পাছতো কাৰ্যত: গ্ৰন্থখন খুবেই প্ৰাসংগিক হৈ আছে। আমাৰ বিশ্বাস অনাগত দিনবোৰতো এই প্ৰাসংগিকতা অক্ষুণ্ন থাকিব৷ যোৱা সময়খিনিত অসম সম্পৰ্কে কম পৰিমাণে হ’লেও অসম সম্পৰ্কে গ্রন্থ হয়তো প্ৰকাশ হৈছে, কিন্তু এইখন গ্রন্থৰ দৰে সকলো বিষয় হয়তোবা সুন্দৰকৈ সামৰিব পৰা নাই৷ সমকালৰ তথ্যৰে ৰচনা কৰিলেও, আজিৰ তাৰিখত কিছু তথ্য ইতিহাস হ’লেও অনিসন্ধিৎসু পাঠক, ভ্ৰমণকাৰী, গৱেষকৰ বাবে এইয়া পৰম সম্পদ৷ গ্রন্থখন অসম সম্পৰ্কত হেম বৰুৱা ডাঙৰীয়াৰ নিসন্দেহে তথ্যপূৰ্ণ দলিল। কাব্যিকতাৰ লগতে সুখপাঠ্য আৰু লালিত্যপূৰ্ণ ভাষাই এক নতুন মাত্রা প্ৰদান কৰা গ্রন্থখন প্ৰখ্যাত শব্দশিল্পীগৰাকীক বোধগম্য হ’বৰ বাবে অনুৰাগী, তথ্যসন্ধানী, অসমপ্ৰেমী যিকোনো ব্যক্তিৰ বাবেই এক বৌদ্ধিক সাঁকো বুলিও আমি বিবেচনা কৰোঁ। কিতাপখন অনলাইন কিনিবলৈ এই সূত্ৰত ক্লিক কৰিব পাৰিবঃ 

The Red River & The Blue Hill Author:Hem Barua Language:English Publisher:Banalata (scientiabooks.in)

লেখকৰ সুখ-দুখৰ পাতত প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ

https://www.xukhdukh.com/search/label/Kumar_Navajyoti

No comments:

Post a Comment