চিন্তনঃ পথাৰ, বজাৰ আৰু গামোচাঃ থলুৱাৰ হাতলৈ আহিবনে নিয়ন্ত্ৰণ? :: অজন্ত কুমাৰ বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ পথাৰ, বজাৰ আৰু গামোচাঃ থলুৱাৰ হাতলৈ আহিবনে নিয়ন্ত্ৰণ? :: অজন্ত কুমাৰ বৰা

চিন্তনঃ পথাৰ, বজাৰ আৰু গামোচাঃ থলুৱাৰ হাতলৈ আহিবনে নিয়ন্ত্ৰণ? :: অজন্ত কুমাৰ বৰা

Share This
ARTICLE,ANALYSIS,AJANTA,অজন্ত-কুমাৰ-বৰা,প্ৰৱন্ধ,বিশ্লেষণ, পথাৰ, বজাৰ আৰু গামোচাঃ থলুৱাৰ হাতলৈ আহিবনে নিয়ন্ত্ৰণ? xukhdukh অসমীয়া সুখ দুখ
পথাৰ, বজাৰ আৰু গামোচাঃ থলুৱাৰ হাতলৈ আহিবনে নিয়ন্ত্ৰণ?
অজন্ত কুমাৰ বৰা
একালত অসমীয়াক উদ্দেশ্যি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈ গৈছিল, "যি জাতিয়ে বজাৰ আৰু পথাৰ ধৰি ৰাখিব নোৱাৰে সেই জাতি কেতিয়াও টিকি থাকিব নোৱাৰে ।" অম্বিকাগিৰিৰ এই উক্তি আজিৰ তাৰিখত অতি প্ৰাসংগিক হৈ পৰিছে । জাতি এটাৰ সামগ্ৰিক উন্নয়ন হ'বলৈ হ'লে বজাৰ আৰু পথাৰৰ স্বত্ব জাতিটোৰ হাততে থাকিব লাগিব। অসমত মাটি-ভেটি-জাতিৰ শ্লোগানৰ চৰকাৰৰ ছয় বছৰ গৰকিলে, কিন্তু প্ৰশ্ন হয়, সঁচাকৈ অসমীয়া জাতিটোৰ হাতত এতিয়া বজাৰ আৰু পথাৰৰ স্বত্ব আছেনে ? আমি যিমানেই বজাৰ আৰু পথাৰ আমাৰ হাততে আছো বুলি নিচিঞৰো কিয়, প্ৰকৃত সত্যটো হৈছে লাহে লাহে খিলঞ্জীয়া অসমীয়াৰ হাতৰ পৰা বজাৰ আৰু পথাৰৰ স্বত্ব ওলাই গৈছে ।
ARTICLE,ANALYSIS,AJANTA,অজন্ত-কুমাৰ-বৰা,প্ৰৱন্ধ,বিশ্লেষণ, পথাৰ, বজাৰ আৰু গামোচাঃ থলুৱাৰ হাতলৈ আহিবনে নিয়ন্ত্ৰণ? xukhdukh অসমীয়া সুখ দুখ
বাৰমাহত তেৰটা উৎসৱ উদযাপন কৰা অসমীয়াৰ দৰে উৎসৱমুখী জাতি এটাই বজাৰ আৰু পথাৰৰ স্বত্ব নিজৰ হাতত কি দৰে ৰাখিব সেয়া অতিশয় চিন্তনীয় কথা। যি জাতিয়ে দাড়ি কাটিবলৈ, নিজৰ কাপোৰ সাজ ধুবলৈ, জোতাযোৰ চিলাবলৈ, ঘৰৰ সন্মুখৰ পথাৰৰ পৰা ডাঙৰিভাৰ আনিবলৈ, পাকঘৰৰ পাচলি কেইটাৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল সেই জাতিৰ মানুহে বজাৰ আমাৰ পথাৰ আমাৰ বুলি শ্লোগান দিয়া কাৰ্য আত্ম প্ৰতাৰণাৰ নামান্তৰ মাথোঁ । তদুপৰি অষ্টম শ্ৰেণী উত্তীৰ্ণ নিৰ্বাচনী প্ৰাৰ্থীৰ পিচে পিচে দিনভৰ বাদুলী ওলমা দিয়াসকলৰ মুখত এনে শ্লোগানে শোভাও নাপায় । পথাৰ আৰু বজাৰ আমাৰ হাতৰ মুঠিলৈ আনিব নোৱাৰিলে আমি জীয়াই থাকিব পাৰিম নে ? এই মুহূৰ্তত এইবোৰ একোটা একোটা ডাঙৰ প্ৰশ্ন।

কৰ্মই ধৰ্ম , কৰ্ম বিনে গতি নাই । কৰ্মই ধৰ্ম বুলি জনাৰ পিছতো আমি কৰ্মৰ প্ৰতি উদাসীন। নৱ প্ৰজন্মৰ প্ৰায় সংখ্যকেই কৰ্ম বুলি ক'লে সাতজাঁপ মাৰে। সহজ ধন ঘটাৰ প্ৰৱণতাৰ বাবেই আমাৰ সমাজৰ একাংশই কৰ্ম কৰিবলৈ ইচ্ছুক নহয়। চৰকাৰৰ হিতাধিকাৰী সৃষ্টিৰ আঁচনিবোৰ, ফ্ৰী চাউল, ফ্ৰী মাহেকীয়া পইচা আদিৰ জালত পৰিও অসমীয়া সমাজৰ মাজত যে কৰ্ম-বিমুখতা বহু পৰিমানে বৃদ্ধি পাইছে সেয়া আমি স্বীকাৰ কৰি লব লাগিব। আনকি চাকৰিয়াল পৰিয়ালবোৰে এতিয়া খেতি মাটিত খেতি কৰিবলৈ দিবলৈকো অসমৰ গাঁৱে-চহৰে আধিয়াৰ বিচাৰি নোপোৱাৰ অৱস্থা। ফ্ৰী-চাউল পালে কোনে খেতি কৰিবলৈ আহিব, এই প্ৰশ্নহে অসমৰ গ্ৰামাঞ্চলত জনপ্ৰিয় হবলৈ ধৰাটো অতিশয় উদ্বেগজনক আৰু ইয়াৰ যে এক দীৰ্ঘদিনীয়া প্ৰভাৱ জাতীয় জীৱনত পৰিব, সেই কথাৰ প্ৰতিও সমাজে চকু-কান দিয়াৰ সময় আহিল। 

হিতাধিকাৰীৰ সুখৰ পৰিৱেশ, তথা এনে স্বভাৱৰ বাবেই অৰ্থনৈতিকভাবে আমি পিচ পৰি যোৱাৰ উপৰি আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোও ক্ৰমশ: বেয়াৰ ফাললৈ ঢাল লৈছে। অৱশ্যে একাংশ যুৱক যুৱতীয়ে কৰ্ম নকৰা নহয়। কিন্তু , ভবাধৰণেৰে ফলাফল লাভ কৰা নাই। বৰ্তমান সময়ত অসমৰ গাঁৱে-ভূঞে , চুবুৰিয়ে-চুবুৰিয়ে আচাৰ, পাপৰ, ধূপ কাঠি , বিস্কুট , মা-মচলা আদিৰ দৰে বহু সৰু সৰু উদ্যোগ একাংশ যুৱক যুৱতীয়ে গঢ়ি তুলিছে। উচ্চ শিক্ষাৰে শিক্ষিত যুৱক-যুৱতী বা আত্ম সহায়ক গোটৰ প্ৰচেষ্টাতে এনে উদ্যোগবোৰ প্ৰতিষ্ঠা হৈছে। কিন্তু ভবাৰ ধৰণেৰে এনে বহু উদ্যোগ সফল হোৱা নাই। ইয়াৰ অন্যতম এটা কাৰণ বজাৰৰ অভাৱ। এনে সৰু সৰু উদ্যোগবোৰত উৎপাদিত সামগ্ৰীসমূহ ইচ্ছা কৰিলে অনা-অসমীয়া ব্যৱসায়ীসকলে একে ৰাতিতে চলাই দিব পাৰে। অৰ্থাৎ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে উপযুক্ত বজাৰ এখন দিব পাৰে । কাৰণ সমগ্ৰ পাইকাৰী বজাৰখন বা পাইকাৰী প্ৰক্ৰিয়াটো তেওঁলোকৰ দখলত, তেওঁ লোকৰ ইচাৰাত চলি থাকে। কিন্তু অনা-অসমীয়া ব্যৱসায়ী সকলে ইচ্ছা কৰিয়েই এই কামটো নকৰে । ফলত সৰু সৰু উদ্যোগমুখী যুৱক-যুৱতী সকলে দোকানে-দোকানে, হাটে -বজাৰে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব লগা হয়। অসমীয়াত এষাৰ কথা আছে উপযাচি দিলে সোণৰো মূল্য নাই। সেয়ে গুণগত মান উন্নত হ'লেও উপযাচি দিয়াৰ বাবে স্থানীয়ভাবে উৎপাদিত এনে সামগ্ৰীয়ে বজাৰ দখল কৰিব নোৱাৰে। আমাৰ পথাৰ আমাৰ বজাৰত বিশ্বাসী তথাকথিত ব্যক্তিসকলেও আমাৰে ভাই-ভনীসকলে উৎপাদিত কৰা সামগ্ৰীসমূহ কিনিবলৈ লাজ কৰি বা ৫০ পইছা লাভ হ'বৰ বাবেই অনাৰ অসমীয়া ব্যৱসায়িক প্ৰতিষ্ঠানলৈ দৌৰ লয় । অথচ তেওঁলোকেই চিঞৰি থাকে তোমালোকে সততাৰে ব্যৱসায় আৰম্ভ কৰা আমি আছোঁ তোমালোকৰ সৈতে । আমি এনে ক্ষুদ্ৰ উদ্যোগী যুৱক-যুৱতীসকলক সহায় কৰাটো জাতীয় দায়িত্ব বুলি ধৰি ল'লেহে পথাৰ বজাৰ আমাৰ হাতত থাকিব ।

ৰাজ্যখনৰ ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতাসকলৰো নিজৰ বজাৰ বা পথাৰখনৰ প্ৰতি মোহ ক'ম যেন লাগে । এটা উদাহৰণ দাঙি ধৰিছো । অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক এগৰাকীক অলপতে অনুৰোধ কৰিছিলো ' দাদা, আপোনালোকৰ দলে ইমানবোৰ সভা-সমিতি অনুষ্ঠিত কৰি থাকে, এনে সভাবোৰত প্ৰয়োজন হোৱা বা সভাত উপস্থিত বিশিষ্ট ব্যক্তিক আদৰিবলৈ গামোচা নিশ্চয় প্ৰয়োজন হয় । সভাবোৰলৈ অসমীয়া শিপিনীয়ে বোৱা গামোচাও ল'বচোন । আপোনালোকেই যদি গামোচা নিকিনে কোনে কিনিব ? আপোনালোকেই যদি গাঁৱৰ শিপিনী গৰাকী সন্মান বা মৰ্যাদা নিদিয়ে কোনে দিব ?

তেখেতে উত্তৰ দিছিল এই বুলি 'গামোচাৰ কথাটো চিন্তা কৰা নহয়েই, সভাৰ আৰম্ভ হোৱাৰ আগে আগে মঞ্চত থকা কোনোবা এজনক কৈ দিও, সেইজনেই বিচাৰি খোচাৰি আনেগৈ ক'ৰবাৰ পৰা। সেইজনে বহি:ৰাজ্যৰ নিচেই কম দামৰ গামোচাখনেই কিনি আনেগৈ ! মই বোলো হয় তোন - সেইখন গামোচা ডিঙিত লৈয়েই শিৰ ফুলাই ফুলাই জাতিৰ স্বাভিমানৰ কথা কয় আপোনালোকে । থলুৱা উদ্যোগক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে । দাদাই মোৰ কথা নুশুনা যেন কৰিলে । বিজেপি আৰু কংগ্ৰেছৰ দুগৰাকীমান প্ৰভাৱশালী বিষয়ববীয়াকো ক'লো -

তেওঁলোকৰো উত্তৰ -অসমীয়া শিপিনীয়ে বোৱা গামোচা সভাবোৰত দিয়া নহয়েই ! ৬০/৭০ টকীয়া গামোচাৰে কাম চলাই দিয়ে। বাকী জাতীয় অনুষ্ঠানসমূহো একেই । সভাবোৰত প্ৰয়োজন হোৱা গামোচা কেইখন সদসয সকলক ঘৰৰ পৰাই লৈ আহিবলৈ কয় আয়োজকসকলে । ঘৰৰ পৰা লৈ অহা গামোচাখন ডিঙিত আঁৰিয়েই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সকলেও ভাষণ দিয়ে । কোনেও কেতিয়াও থলুৱা শিপিনীয়ে বোৱা গামোচাখন বা আৰনাই বা মিচিং এৰকক ব্যৱহাৰ কৰিব লাগে বুলি নকয় । এয়াই আমাৰ জাতীয় প্ৰেম , জাতীয় অভিমান । এয়া দুটামান‌ উদাহৰণহে ।

অসমৰ চুকে কোণে চলি থকা বিভিন্ন সংগঠন বা অনুষ্ঠানৰ সভাবোৰত ভাষণ দি থকা কোনো ব্যক্তিয়ে অসমীয়া শিপিনীয়ে বোৱা গামোচাখন কান্ধতটো নলয়েই অসমীয়া শিপিনীসকলৰ সমস্যা সম্পৰ্কতো এটা শব্দও উচ্চাৰণ নকৰে । এয়াই আমাৰ গামোচা প্ৰীতি , শিপিনী প্ৰীতি । আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ি গ'লেহে আমাৰ বজাৰ, আমাৰ পথাৰৰ শ্লোগান কাৰ্যকৰী হ'ব । নহ'লে এই শ্লোগান কেৱল শ্লোগান হ'য়েই ৰ'ব।

কেৱল কা কাৰ্যকৰী নহ'লেহে অসম বাচিব, কা কাৰ্যকৰী হ'লে অসম ৰসাতলে যাব অথবা অসম চুক্তি আখৰে আখৰে পালন কৰিলেহ অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব থাকিব এইধৰণৰ ধাৰণাকে বুকুত সাবটি থকা উচিত নহয়। সময় থাকোতেই যদি আমি এক সু পৰিকল্পিত কৰ্ম সংস্কৃতি গঢ়ি তুলিব নোৱাৰো, তেন্তে আমি বজাৰ পথাৰ, গামোচা একোৱেই নিজৰ হাতত ৰাখিব নোৱাৰো ।

শেহতীয়া সংযোজনঃ এই বৰ্ষৰ চলিত অসম বিধান সভাৰ বাজেট অধিৱেশনত এইবাৰ শাসকীয় দলৰ বিধায়ক-মন্ত্ৰী সকলে বেলেগ বেলেগ দিনা বেলেগ বেলেগ ৰঙৰ তথা বেলেগ বেলেগ স্থানীয়-থলুৱা, জাতি-জনগোষ্ঠীয় অংগবস্ত্ৰ পৰিধান কৰি এক নতুন ধাৰাৰ উদাহৰণ দাঙি ধৰা দেখিবলৈ পালো। এনেদৰে যদি থলুৱা অংগবস্ত্ৰক জনপ্ৰিয় কৰিবলৈ নেতাসকল আগবাঢ়ি আহে, তাক আমি এক আদৰণীয় পদক্ষেপ বুলিয়েই কব লাগিব। এই বাজেট অধিৱেশনতে অসমৰ নতুন চৰকাৰে অসমৰ কেৱল থলুৱা শিপিনীৰ গামোচা তথা তেনে হস্ত-তাঁতৰ অংগবস্ত্ৰৰ ব্যৱহাৰ সকলো চৰকাৰী কাৰ্যসূচীত কৰিবলৈ নিৰ্দেশ দিয়াৰ কথা সংবাদ মাধ্যমত দেখিবলৈ পাইছো। আমি এই পদক্ষেপকো আদৰণি জনাইছো। কিন্তু বাস্তৱিক অৰ্থত এনে পদক্ষেপে কিমান ফলপ্ৰসূ হয়, তাৰ ওপৰত সচেতন ৰাইজক সৰ্বদা চকু ৰাখিবলৈ আহ্বান জনাইছো। অসমৰ স্ব-নিৰ্ভৰশীল অৰ্থনীতি গঢ়াৰ বাবে এনে পদক্ষেপ হাজাৰটা হওক আৰু অধিক কাৰ্যকৰী ৰূপত যাতে অসমৰ মাটি, মাটিৰ খেতি বা ফচল আৰু ফচলৰ বজাৰ যাতে প্ৰকৃতাৰ্থত অসমীয়াৰ নিয়ন্ত্ৰণত থাকে, তাৰ বাবে চৰকাৰী-বেচৰকাৰী প্ৰচেষ্টাৰ জোৱাৰ উঠক। তাৰেই কামনা কৰিলো।
লেখকৰ প্ৰকাশিত আনবোৰ লেখা পঢ়িবলৈ ক্লিক কৰক একত্ৰ লিংকঃ

No comments:

Post a Comment