অখিল গগৈৰ মুক্তি, সমালোচনা আৰু ভৱিষ্যত
অজন্ত কুমাৰ বৰা
(১)
আশা কৰা ধৰণেই কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিৰ্বাচনত জিকিল আৰু আশা কৰা ধৰণেই তেওঁ মুকলি আকাশৰ তললৈ আহিল। বহুতেই অখিলৰ এই মুক্তিক গণতন্ত্ৰৰ বিজয় বুলি অভিহিত কৰিছে। এবছৰতকৈয়ো অধিক কাল বন্ধ কোঠাত আবদ্ধ হৈ থকা অখিলৰ মুক্তিয়ে জাতীয় সংগ্ৰামখনক পুনৰ সমুজ্জ্বল কৰি তুলিব বুলি বহুতেই আশা কৰিছে । উল্লেখ্য যে বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ অহংকাৰ ধূলিসাৎ কৰি ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা কৃষক নেতাগৰাকী বিজয়ী হোৱাৰ লগে লগে ৰচনা হৈছিল এক নতুন ইতিহাস। আৰু এই ইতিহাস ৰচনা কৰিছিল জাতীয়তাবাদৰ চিন্তা চৰ্চাৰে অভিজ্ঞ শিৱসাগৰবাসীয়ে। হাই প্ৰফাইল সমষ্টি হিচাপে চিহ্নিত হোৱা শিৱসাগৰ সমষ্টিত এইবাৰ অসমবাসীৰ দৃষ্টি নিবন্ধ আছিল। সমষ্টিটোত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় নেত্ৰী স্মৃতি ইৰাণী, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী নেতাই বিজেপি প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ সমান্তৰালভাবে কংগ্ৰেছৰ ৰাহুল গান্ধীকে ধৰি বহুকেইজনে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলাইছিল । কিন্তু শিৱসাগৰবাসীয়ে কাৰো প্ৰলোভনৰ কাৰচাজিত বন্দী নহৈ অখিল গগৈক জিকাবৰ বাবে পণ লয়। অৱশেষত অখিল গগৈয়ে ৫৭,১৭৩ টা ভোট লাভ কৰি নিৰ্বাচিত হয় । বিজেপি প্ৰাৰ্থী সুৰভী ৰাজ কুঁৱৰীয়ে লাভ লাভ কৰে ৪৫,৩৯৪ টা ভোট ।
(২)
আজি অখিল গগৈ মুকলি আকাশৰ তলত । আইনৰ নিজৰ বাট এটা আছে। আইনে নিজৰ বাট নিজেই লয়। এই বাট স্বচ্ছ আৰু নিকা বুলিয়েই আজিও সাধাৰণ মানুহৰ মনত ধাৰণা অদ্যপি বৰ্তি আছে ।
অখিল গগৈয়ে মুক্তি লাভ কৰিছে যদিও আমাৰ মনত সন্দেহ হৈছে যে বিধায়কৰূপে আগৰ দৰে অখিল গগৈয়ে অসমৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজপথত প্ৰতিবাদ কৰিব পাৰিবনে । কৃষক নেতা গৰাকীক ৰাজনৈতিকভাৱে বন্দী কৰা হ'ল নেকি ? কাৰণ তেওঁ এতিয়া ভাৰতীয় সংবিধানৰ আধাৰত অনুষ্ঠিত নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী ।বোধহয় কৰো বুলি ভাবিলেও তেওঁ বহু কাম কৰিব নোৱাৰিব । তথাপি আমি আশাকৰোঁ , আশা কৰিমেই যে অসমীয়া জাতীয় জীৱনৰ বহু প্ৰশ্ন বিধায়ক অখিল গগৈয়ে বিধান সভাত তুলি ধৰিব । এই কথা নক'লেও হ'ব যে দীৰ্ঘ দিনৰ পিছত অখিল গগৈয়ে মুক্তি লাভ কৰাৰ লগে লগে ন্যায় ব্যৱস্থাৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা বৃদ্ধি হৈছে ৷ এই দীঘলীয়া যুঁজখনত অখিল গগৈৰ অধিবক্তাসকলেও অখিল গগৈৰ মুক্তিক এক প্ৰত্যাহ্বান হিচাপেই গ্ৰহণ কৰিছিল । বৰ নিষ্ঠাৰে তেওঁলোকে এই যুঁজখন চলাই নিছিল । কিন্তু ইয়াৰ মাজতো আমাৰ মনত প্ৰশ্ন উদয় হয় যে এনে ধৰণৰ আইনী যুঁজ এখন সাধাৰণ মানুহ এজনে চলাই নিব পাৰিবনে? নিজকে দোষ মুক্ত কৰিবলৈ এজন সাধাৰণ মানুহে আইনী খৰচ বহন কৰিব পাৰিবনে?
(৩)
একাংশ মানে বিশেষকৈ শাসকীয় নেতা, সাংবাদিক, ট্ৰল আদিয়ে অভিযোগ কৰি কৈছে যে অখিল গগৈ ভণ্ড আৰু ভণ্ড হোৱাৰ বাবেই বেমাৰ হোৱাৰ ভাও ধৰি জেলৰ পৰিৱৰ্তে চিকিৎসালয়ৰ কেবিনত আছিলগৈ । একাংশৰ মতে অখিল গগৈ নৈতিকভাবে দুৰ্বল । অখিল গগৈৰ কোনো ৰোগত আক্ৰান্ত হোৱাই নাছিল । এইসকল লোকে অখিলক প্ৰশ্ন কৰিছে যে আপুনি চিকিৎসালয়ৰ কেবিনত কিয় আছিল? সামাজিক মাধ্যমতো এই সন্দৰ্ভত তীব্ৰ বাদ- বিবাদ চলিছে । আমাৰ বোধেৰে এই ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰাসকলে মহামান্য আদালতকহে অপমান কৰিছে । অখিলৰ নৈতিকতাৰ ওপৰত প্ৰশ্ন তুলিবলৈ তেওলোকৰ নৈতিক অধিকাৰ আছেনে ইয়ো এক প্ৰশ্ন ? আচলতে এই প্ৰশ্নবোৰৰ উত্তৰ স্বাস্থ্য বিভাগে দিয়াহে উচিত । আমি ভাবো এই সকলো তথ্য স্বাস্থ্য বিভাগৰ হাততে আছে । যদি নাই তেন্তে স্বাস্থ্য বিভাগ বা বিভাগীয় মন্ত্ৰীক প্ৰশ্ন কৰাহে উচিত হ'ব । তদুপৰি ইমানদিনে অখিল গগৈক বিনা দোষত জেলত বন্দী কৰি ৰখাৰ বাবে সেইসকল লোকে কাক জবাবদিহি কৰিব !
আজি গুৱাহাটী মেডিকেল কলেজৰ কৰ্তৃপক্ষই এই বিষয়ত মতামত ব্যক্ত কৰি সংবাদ মাধ্যমক জনাইছে যে, অখিল গগৈয়ে নিজৰ ৰিক্সত মেডিকেল কলেজৰ পৰা ডিচাৰ্জ লৈ গৈছে। এই বিষয়ত বিভাগীয় প্ৰ-পত্ৰ পূৰণ কৰি গৈছে বিধায়কজনে।
(৪)
এসময়ত অখিল গগৈক ' নি:স্ব জনৰ কণ্ঠ' বুলি অভিহিত কৰিছিল । কিন্তু সময় অতিক্ৰম কৰাৰ লগে লগে পৰিৱেশ পৰিস্থিতিও সলনি হৈছিল । মাজে মাজে অখিল গগৈ বিতৰ্কৰ মাজতো সোমাই পৰিছিল। বহুজনে অখিলৰ সংগ এৰিছিল । কিন্তু পুনৰ সকলো লগ হৈছে আৰু এক নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ পণ লৈছে । এতিয়া অখিল গগৈয়ে শিৱসাগৰবাসীৰ বাবে কাম কৰাৰ সময় । সমান্তৰালভাবে ৰাইজৰ দলৰ সাংগঠনিক ভেটি টনকিয়াল কৰিবৰ বাবেও যথেষ্ট কাম কৰিব লাগিব । সুবিধাবাদী সকলক চিনাক্ত কৰিব পাৰিব লাগিব। প্ৰচাৰকামিতাৰ বিপৰীতে নীৰৱে ৰাইজৰ দলক ২০২৬ ৰ বাবে শক্তিশালী কৰিব লাগিব । এক শক্তিশালী গ্ৰাম্য অৰ্থনীতি গঢ়ি তুলিবৰ বাবে কাম কৰিব লাগিব । আমি আশা কৰিম অখিল গগৈ সংযমীও হ'ব। অযথা চিঞৰ বাখৰৰ পৰা মুক্ত হৈ এক বিকল্প আঞ্চলিকতাবাদ, বিকল্প জাতীয়তাবাদ তথা বৈকল্পিক ৰাজনীতিৰ এক আকৰ্ষণীয় মডেল গঢ় দিব । অখিল গগৈয়ে এই কাম কৰিব পাৰিব লাগিব , পাৰিবই লাগিব, এয়া হৈছে সাধাৰণ অসমীয়াৰ মনৰ কথা।
লেখক যোৰহাট নিবাসী এগৰাকী সাংবাদিক, কবি-সাহিত্যিক। তেখেতৰ ফোন ৯৭০৬৭৩৯৯৩০, তেখেতৰ অসমীয়া সুখ-দুখৰ পাতত প্ৰকাশিত লেখাবোৰ পঢ়িবলৈ একত্ৰ লিংকঃ
No comments:
Post a Comment